Wednesday 29 December 2021

প’লেণ্ডৰ ডায়েৰী (৮): বৰদিনৰ অঘটন

বৰদিনৰ আয়োজনত ব্যস্ত হৈ থকা সন্ধিয়াটোতে এটা ফোন কলে  আমাৰ মুখৰ হাঁহি মুহুৰ্ত্ততে নোহোৱা কৰি দিলে৷ দুদিনমান আগতে বাবচ্চাৰ আলপৈচান ধৰিবলৈ অহা চুবুৰীয়া জিজিশ্বাৱাৰ ফোন৷ কিছু অপৰাধবোধ, কিছু আশংকাৰে তেওঁ জনালে, তেওঁৰ ডাঙৰ ল’ৰাৰ ক’ভিড পজিটিভ! 

লগে লগে অজান আশংকাত কিংকৰ্তব্যবিমুঢ় হৈ পৰিলো আমি৷ সিদিনা পুৱাৰে পৰা অসুস্থ হৈ পৰা বাবচ্চাৰ অৱস্থাটো যেন আকৌ এবাৰ ফঁহিয়াই চাবলৈ বাধ্য হ’লো! 

পিছদিনা পুৱাতে খদমদমকৈ ৰেপিড টেষ্টৰ কিট আনি বাবচ্চাৰ টেষ্ট কৰিলোঁ আৰু আমাৰ আশংকা সঁচা কৰি কেইমিনিটমানৰ ভিতৰতে ধৰা পৰিল, বাবচ্চা ক’ভিড পজিটিভ!

মুহুৰ্ত্ততে য়ানেকৰ মুখখন ক’লা পৰি গ’ল৷ মূক হৈ দুয়ো বহি ৰ’লো কিছুপৰ৷ শতায়ুৰ কাষ চপা এগাৰকী বৃদ্ধাৰ বাবে ক’ভিডে ক্ষন্তেকতে কেনে ৰূপ ল’ব পাৰে তাৰ যেন অনুমান কৰিবলৈকো ভয় হ’ল৷ তিনিবাৰকৈ ভেকচিন লৈয়ো বাবচ্চাৰ শৰীৰে প্ৰতিৰোধ কৰিব নোৱাৰিলে সেই সংক্ৰমণ! আমাৰ খেলিমেলি লাগি গ’ল, ক’ভিডৰ গম্ভীৰ ৰূপৰ সকলো লক্ষণচোন ইতিমধ্যেই বাবচ্চাৰ দৈনন্দিন জীৱনৰ অংশ৷ তেনে কোনটো অধিক গম্ভীৰ? কেনে চিকিৎসাই উপশম দিব এই অৱস্থাৰ পৰা?

সিদিনাই বাবচ্চাৰ ঘৰখন যেন ৰূপান্তৰ হৈ পৰিল এক যুদ্ধক্ষেত্ৰলৈ৷ য়ানেক আৰু মোৰ টেষ্টৰ ফলাফল নিগেটিভ ওলোৱাত লগে লগেই আমাৰ মাজত সিদ্ধান্ত হৈ গ’ল৷ বাবচ্চাৰ আলপৈচান ধৰা কেয়াৰগিভাৰ দুগৰাকী আৰু অন্য যিকোনো আলহীৰ অহা-যোৱা বন্ধ কৰি য়ানেকে সমগ্ৰ ঘৰৰ আৰু বাবচ্চাৰ দায়িত্ব চমজি ল’লে৷ আৰু মই উপায়হীন হৈ ওলাই আহিলো সেইখন ঘৰৰ পৰা এয়াৰ বিএনবিৰ এটা অস্থায়ী এপাৰ্টমেন্টলৈ৷ বাবচ্চাৰ যত্ন ল’বলৈ য়ানেক ঘৰতে বন্দী হৈ পৰাৰ সময়ত প্ৰয়োজনীয় ৰেচন আৰু ঔষধ পাতি যোগাৰ দিবলৈকে এতিয়া যে মই বাহিৰতে ৰৈ সুস্থ হৈ থকাৰ একান্ত প্ৰয়োজন! 

দিনটোৰ ভিতৰতে সলনি হৈ গ’ল গোটেই ঘৰখনৰ আৱহাৱা৷ ইমানেই খৰতকীয়াকৈ সকলোবোৰ ঘটি গ’ল যে আমি উশাহ সলাবলৈকে পাহৰি পেলালো যেন৷লগে লগেই মাস্ক, ফেইচ শ্বিল্ড, ছেনিটাইজাৰ, অক্সিমিটাৰ সকলোৰে যোগাৰ কৰিলো৷ বাবচ্চাৰ স্বাস্থ্যৰ খৰকৈ অৱনতি ঘটিবলৈ ল’লে৷ সেই খদমদমৰ মাজত তেওঁ বুজিবই নোৱাৰিলে কিনো হৈছে, মইনো কিয় ঘৰ এৰি ওলাই আহিলো৷ মাথোঁ মই গুচি যোৱা বুলি গম পাই নীৰৱে চকুলো টুকিলে৷ 

য়ানেকে মোক সুধিলে, 

’কেনেকৈ কোৱাৰেনটিনৰ কাৰিকৰী দিশবোৰ বাবচ্চাক বুজোৱা যায়? কেনেকৈ কোৱা যায় স্বাভাৱিক জীৱনৰ নিয়ম নাখাটে ক’ভিডৰ ক্ষেত্ৰত?’

একো উত্তৰ দিব নোৱাৰিলো৷ এইবোৰ উত্তৰবিহীন প্ৰশ্ন লৈয়েতো পাৰ হৈছে মহামাৰীয়ে পিষ্ট কৰা দিনবোৰ৷ এতিয়া যে কেৱল নিৰন্তন সংগ্ৰাম এই কঠিন সময়ছোৱা কোনো বিপদ-বিঘিনি নোহোৱাকৈ পাৰ হৈ যোৱাৰ৷ এতিয়াযে নিজৰ আৰু আপোনজনৰ স্বাস্থ্য আৰু সুৰক্ষাৰ খাতিৰতে আঁতৰি যাব লগীয়া হৈছে৷ অস্বাভাৱিক সময়ৰ অস্বাভাৱিক প্ৰতিক্ৰিয়াত স্বাভাৱিক আবেগে যেন ঠাই নোপোৱা হৈছে৷ এইবোৰ বাবচ্চাক কোৱা নাযায়, বুজোৱা নাযায়!

সেই অঘটনৰ দিনটো!


পূৰ্বৰ খণ্ডসমূহ:


No comments:

Post a Comment