Monday 20 March 2023

অসমৰ মাছৰোকা চৰাইবোৰ

অসমৰ খাল, বিল বা নৈৰ আশে পাশে গছৰ ডালত বা জেওৰা খুঁটিত বহি পানীলৈ একান্তমনে চাই জোপ লৈ থকা মাছৰোকা চৰাইটোলৈ কেতিয়াবা মন কৰিছেনে?  চিকাৰ চকুত পৰিলে ই পানীৰ ঠিক ওপৰতে উৰি থাকি  লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহূৰ্ততে ৰকেটৰ দৰে ছোঁ মাৰি পানীলৈ  নামি যায়। মাছৰোকাৰ এই বিশেষ উৰণ (hovering) অসমৰ বহু জলাশয়ত চিনাকি দৃশ্য। কিন্তু আপুনি জানেনে, ভাৰতত থকা ১৩ বিধ মাছৰোকাৰ ভিতৰত দহটা প্ৰজাতি আমাৰ অসমতে দেখা পোৱা যায়? আহকচোন, এই ৰং বিৰঙী চৰাইবিধৰ বৈচিত্ৰ্যময় জগতখনত এভুমুকি মাৰি চাওঁ। 

মাছৰোকা চৰাই কেনেকৈ চিনিব? আটাইতকৈ সহজ উপায় হৈছে, চৰাইটোৰ ৰঙকে ধৰি অন্য শাৰীৰিক বৈশিষ্ট্যবোৰ মন কৰা।প্ৰায়বোৰ মাছৰোকাৰ দেহত উজ্জ্বল সেউজীয়া, নীলা আৰু কমলা ৰঙৰ সমাহাৰ দেখা পাব। মাছৰোকা চৰাইৰ মূৰটো ডাঙৰ।নেজ প্ৰায়ে চুটি।ঠোঁটটো ডেগাৰৰ দৰে দীঘল আৰু জোঙা। ইয়াৰ ঠোঁটটো চিকাৰৰ বাবে বিশেষভাৱে নিৰ্মিত। ঠোঁটটোৰ আকাৰ বায়ুগতিবিদ্যাৰ ফালৰ পৰা এনে এৰ'ডাইনেমিক যে ই জোপ লৈ থকা ঠাইৰ পৰা চিকাৰৰ ফালে তীব্ৰ গতিৰে যাব পাৰে। ডুব দিয়াৰ সময়তো এই আকাৰে পানীৰ ছিটিকনি কমোৱাত সহায় কৰে। এইবাবেই মাছৰোকাৰ ঠোঁটৰ আৰ্হি জাপানৰ বুলেট ট্ৰেইনতো অনুকৰণ কৰিছে। 

বগা-কণীয়া মাছৰোকা (Credit-Nejib Ahmed)

চিকাৰ কৰিবৰ বাবে মাছৰোকাৰ দুচকুৰ বিশেষভাৱে অভিযোজন হৈছে। ইহঁতৰ দৃষ্টিত দূৰবীক্ষণ ক্ষমতা আছে। ইয়াৰ উপৰিও চকুত নিচিটেটিং মেমব্ৰেন (nictitating membrane) নামৰ এবিধ পতা থাকে যি পানীৰ তলত আমি পিন্ধা চছমাৰ দৰে কাম কৰি দুচকুক সুৰক্ষা দিয়ে। 

মেৰু অঞ্চল আৰু কিছুমান শুকান মৰুভূমিৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ ঠাইতে মাছৰোকা চৰাই আছে। সমগ্ৰ বিশ্বত মুঠ ৯৩ টা ৰং-বিৰঙী মাছোৰোকাৰ প্ৰজাতি পোৱা যায়৷ অসমত পোৱা প্ৰজাতি কেইটাৰ আকাৰ, দেহৰ বৰণ আৰু সিহঁতৰ বাসস্থান লক্ষ্য কৰিলে সহজে চিনিব পাৰি। সাধাৰণতে নৈ, বিল-পুখুৰীৰ পাৰৰ কোনো গছৰ ডালত দেখা পোৱা সৰু নীল-সেউজীয়া মাছোৰোকাবিধৰ নাম নীলা মাছৰোকা (Common Kingfisher)। সততে দেখিবলৈ পোৱা অন্য এবিধ ডাঙৰ আকাৰৰ মাছৰোকা হ'ল বগা-বুকুৱা মাছৰোকা (White-throated Kingfisher)। নামটোৰ দৰেই ইহঁতৰ মূগা দেহত বুকুৰ বগা দাগটো জিলিকি থাকে।বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) আকৌ তাতোকৈ ডাঙৰ।  ইয়াৰ উজ্জ্বল ৰঙা ঠোঁট আৰু মূগাবৰণীয়া মূৰটো সহজে চকুত পৰে। এই চৰাইটো সাধাৰণতে নদী বা ডাঙৰ পুখুৰীৰ পাৰত দেখা পোৱা  যায়।  

বগা-বুকুৱা মাছৰোকা (Credit- Ali Arsh)

নীল-সেউজীয়া ৰঙৰ সলনি কেৱল ক'লা আৰু বগা ৰঙ থকা মাছৰোকাবিধ হ'ল পখৰা মাছৰোকা (Pied Kingfisher)। ইয়াৰ মূৰত অকণমানকৈ মুকুট বা চূড়া এটি থাকে। ইয়াৰ দৰে দেখিবলৈ সাইলাখ একে অন্য এবিধ মাছৰোকা হ'ল ক্ৰেষ্টেড মাছৰোকা (Crested Kingfisher)। এইবিধ চৰাই পখৰা মাছৰোকাতকৈ আকাৰত কিছু ডাঙৰ। এই দুয়োবিধ মাছৰোকাই সাধাৰণতে খৰস্ৰোতা জুৰি বা নৈৰ পাৰত বাস কৰে।  অসমত দেখা পোৱা অন্য প্ৰজাতিবোৰ হ'ল ব্লাইথ মাছৰোকা (Blyth's Kingfisher), বগা-কণীয়া মাছৰোকা (Blue-eared Kingfisher), বাওনা মাছৰোকা (Black-backed Dwarf Kingfisher),  ক'লা-টুপীৰ মাছৰোকা (Black-capped Kingfisher) আৰু ৰঙচুৱা মাছৰোকা (Ruddy Kingfisher)। ইহঁতৰ প্ৰায়বোৰকে মূলত: ডাঙৰ গছ থকা হাবিতলীয়া জান-জুৰিৰ কাষত বা অৰণ্যত দেখিবলৈ পোৱা যায়। 

মাছৰোকাই পিছে মাছৰ বাহিৰেও বিভিন্ন ধৰণৰ খাদ্য খায়। জলাশয়ৰ কাষত পোৱা জিঞাঁ, পোক-পৰুৱা, গুবৰুৱা, কেঁকোৰা, বেং, মকৰা আদি ইহঁতৰ প্ৰিয় খাদ্য। মাছৰোকা প্ৰায়ে অকলশৰে থাকে। ইহঁতে নিজৰ থকা ঠাইখন অন্য চৰাইৰ পৰা জোৰদাৰ ৰক্ষা কৰি চলে।বসন্তৰ এনে দিনবোৰত পিছে মাছৰোকাই সংগীৰ সন্ধান কৰে। মতা মাছৰোকাই প্ৰায়ে ঠোঁটত মাছ লৈ মাইকী চৰাইজনীৰ কাষ চাপে। যোৰ পাতিলে দুয়ো মিলি জলাশয়ৰ কাষৰ বালিয়া মাটিত বা গছৰ খোৰোঙত বাহ পাতে। মাইকী মাছৰোকাই বাহত ৩-৬ টা শুভ্ৰ কণী পাৰে আৰু দুয়ো পাল পাতি কণীবোৰ  উমনী দিয়ে। পোৱালীবোৰ তিনি-চাৰি মাহ ধৰি খুৱাই দুয়ো মিলি ডাঙৰ কৰে। 

পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত পখৰা মাছৰোকাই  আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও ওচৰ সম্পৰ্কীয় চৰায়ে পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা পৰিঘটনাটোক সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ গৱেষণাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ চৰাইৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ।

মাছৰোকাৰ এই বৈচিত্ৰ্যময় জীৱনৰ বিভিন্ন দিশকলৈ বৈজ্ঞানিক গৱেষণা চলি আছে আৰু নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অসমৰ থলুৱা মাছৰোকা চৰাইবোৰ পৰ্য্যবেক্ষণ কৰি আমি প্ৰকৃতিৰ এই বিনন্দীয়া জগতখন সুবাস ল'ব পাৰোঁ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এখোঁজ আগবঢ়াব পাৰোঁ।

পখৰা মাছৰোকা (Credit- Saumitra Newalkar)



No comments:

Post a Comment