Thursday 1 August 2024

ফাৰমানা (শেষ খণ্ড)

অৱশেষত সেই হেঁপাহৰ দিনটো পালেহি। আজি লিছা আৰু ডেনিয়েলৰ বিয়া। ইতিমধ্যে সমগ্ৰ উত্তৰ আয়াৰলেণ্ডতে বৰদিনৰ উৎসৱমুখৰ পৰিৱেশ আহি পৰিছে। ঠায়ে ঠায়ে বৰদিনৰ বিশেষ বজাৰবোৰ আৰম্ভ হৈছে। ফাৰমানাৰ বাট-পথবোৰো বৰদিনৰ ৰংবিৰঙী লাইটৰ পোহৰেৰে উজ্বলি উঠিছে। এনিছকিলেন টাউনত আৰ্ণ নৈৰ পাৰতে এজোপা প্ৰকাণ্ড খ্ৰিষ্টমাছ ট্ৰী প্ৰতিষ্ঠা কৰা হৈছে। তাৰ কাষতে থিয় দিছে বিৰাটাকায় ছাণ্টাৰ মূৰ্তিয়ে। ব্ৰেক্সিটৰ অনিশ্চয়তা ক্ষন্তেকৰ বাবে হ’লেও যেন তল পৰিছে। যোৱা মাহত ব্ৰিটেইনৰ নিৰ্বাচন হৈ গৈছে। প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে বিচৰাৰ দৰেই পুনৰ এবাৰ তেওঁৰ নেতৃত্ব আৰু কনজাৰভেটভ পাৰ্টিৰ ব্ৰেক্সিটৰ লক্ষ্যৰ প্ৰতি ৰাইজৰ সমৰ্থন প্ৰতিফলিত হ’ল। তাৰ লগে লগে সিদ্ধান্ত হ’ল ২০২০ চনৰ ৩১ জানুৱাৰীত ব্ৰিটেইনে ইউৰোপীয়ান ইউনিয়ন ত্যাগ কৰিব। বহু প্ৰশ্ন আৰু ক্ষোভ লৈও ব্ৰিটেইনৰ ৰাইজে সেই সময়সীমা মানি ল’বলৈ বাধ্য হৈছে। অন্তত: কি হ’ব-নহ’ব কৰি কটোৱা সেই চিৰন্তন অনিশ্চয়তাৰ সময়ছোৱা পাৰ হ’ল! গতিকে সকলো একাষৰীয়া কৰি থৈ মানুহবোৰ যেন এতিয়া বৰদিনৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। বিয়াখনৰ বাবেও যেন ভাল সময় আহি পৰিল।

বিয়াৰ মূল পৰ্বৰ সময় আবেলি দুইবজা। সেয়ে তুলিকাই পুৱাতে চুলিখিনি সজাবলৈ হেয়াৰ ষ্টাইলিষ্টৰ ওচৰ পালেগৈ। চেলুনৰ সন্মুখতে তাইৰ বাবে ফিয়না ৰৈ আছিল। তুলিকাক দেখি তাই দৌৰি অহাদি আহি মাত লগালে,

‘হাই তুলিকা, খৱৰ এটা আছে!’ তাইৰ দুচকুত উত্তেজনাৰ চিকমিকনি। মুখখন যেন অন্য দিনাতকৈও প্ৰাণোচ্ছল।

ফিয়না যোৱা সপ্তাহত চ’নৰ সৈতে ৰ’থলিন দ্বীপলৈ গৈছিল। তাৰেই কথা কিজানি, তুলিকাই ভাৱিলে।

‘কোৱাচোন কি খৱৰ!’

ফিয়নাই উত্তৰত একো নকৈ হাঁহি ভৰা মুখেৰে নিজৰ বাওঁহাতখন আগবঢ়াই দিলে। তাইৰ অনামিকা আঙুলিত এটা আঙঠি। ফিয়নাৰ দৰেই অপৰাম্পগত আঙঠিটোও। ডিম্বাকাৰ সেউজীয়া বাখৰটোৰ ভিতৰত কিছুমান ডাঠ সেউজীয়া আকঁ-বাক। বাখৰটোৰ দুফালে দুখিলা কণমানি সোণালী পাত। প্ৰকৃতিৰ যেন এক অংশ হৈ পৰাৰ প্ৰচেষ্টা!

‘আহ! অভিনন্দন ফিয়না!’ তুলিকাই উলাহেৰে সাৱটি ধৰিলে তাইক। ‘ভালকৈ কোৱা ক’ত কেতিয়া কেনেকৈ?’

চেলুনৰ উজ্বল লাইট আৰু বিশাল আইনাৰ সন্মুখত দুয়ো ওচৰা-ওচৰিকৈ দুখ্ন চকীত বহিল। সিহঁতৰ চুলিৰ কেনে ৰূপ দিলে ভাল হ’ব তাকে লৈ বিতং আলোচনাৰ শেষত দুগৰাকী ষ্টাইলিষ্ট কামত ব্যস্ত হৈ পৰিল। এইবাৰ ফিয়নাই কৈ গ’ল, যোৱা সপ্তাহত তাই আৰু চ’ন উত্তৰ মহাসাগৰৰ মাজৰ ৰ’থলীন দ্বীপত আছিলগৈ। শেষৰ দিনা সিহঁতে সাগৰৰ পাৰে পাৰে হেঁপাহ পলুৱাই চাইকেল চলালে। বহুপৰ চাইকেল চলাই দুয়ো শেষত শিলৰ এক থিয় গঁৰাৰ পাৰত জিৰাবলৈ বহিল। তাৰে পৰাই সাগৰীয় চৰাইৰ খেলা চালে, ঘনে ঘনে সলনি হোৱা আকাশৰ ৰং চালে। এটা সময়ত চ’নে লগত লৈ অনা গীটাৰখন উলিয়ালে। ফিয়নাৰ মুখামুখিকৈ বহি লৈ ক’লে, নতুনকৈ এটা গান লিখিছে; তাকে ফিয়নাক গাই শুনাব খোজে। ফিয়নাই ঘাঁহনিত পেট পেলাই পৰি ৰোৱাৰ পৰা উঠি বহিল। চ’নে একান্ত মনেৰে গীটাৰত সুৰ জুৰিলে। চ’নৰ অন্য গানবোৰতকৈ যেন এইটো বহুত বেলেগ, শুনি শুনি তেনে ভাৱ এটাই ফিয়নাৰ মনত দোলা দি গ’ল। চ’নে প্ৰায়ে গীতৰ কথাতকৈ সুৰ আৰু বাদ্যত গুৰুত্ব দিয়ে। আচলতে চ’নে গোৱা প্ৰায়বোৰ গানেই সিহঁতৰ বেণ্ডৰে প’লে লিখা গানহে। কিন্তু এই গানটোৰ প্ৰতিটো শব্দ আৰু সেই শব্দই কঢ়িওৱা অনুভৱৰ মাজত সি ইমানেই আত্মমগ্ন হৈ পৰিল যে ফিয়নাৰ বিস্ময়ৰ সীমা নাথাকিল। গান নহয় যেন চ’নৰ বুকু ভেদি ওলোৱা এক আত্মকথা। চ’নে তাইলৈ চাই গানৰ মাজেৰেই ক’লে, ফিয়নাক লগ পোৱাৰ আগলৈকে সংগীতেই চ’নৰ জীৱন আছিল আৰু সংগী আছিল গীটাৰখন। ফিয়নাক লগ পোৱাৰে পৰা সেই গানৰ সুৰ আৰু ৰাগীয়ে চ’নৰ সন্মুখত এক নতুন ৰূপত ধৰা দিছেহি। অতদিনে গাই অহা ৰোমাণ্টিক গানবোৰৰ প্ৰতিটো শব্দ আৰু ছন্দ যেন এতিয়াহে জীপাল হৈ উঠিছে। ফিয়না নোহোৱা জীৱন এটা তেওঁ কল্পনাও কৰিব নোৱাৰা হৈ পৰিছে। এই সংগ আৰু সহমৰ্মিতা সদায়ে বিচাৰে তেওঁ। গানৰ শেষত গীটাৰখন একাষে থৈ চ’নে ক’লে, তেওঁ এই যাত্ৰা চিৰন্তন কৰিব খোজে। আজীৱন দুয়ো দুয়োৰে লগ দিয়াটো বিচাৰে। ফিয়নায়ো সেয়াই বিচাৰেনে?

কৈ কৈ যেন আকৌ এবাৰ ফিয়নাৰ দুচকু সজল হৈ উঠিল। ‘মোৰ এনে লাগি গ’ল যেন পৃথিৱীৰ সকলো সুখ আহি মোৰ চোতালতে ভিৰ কৰিছেহি! জীৱনত কেতিয়াও কাৰো স’তে এনেকৈ সুখী হ’ব পাৰিম বুলি ভৱা নাছিলোঁ জানা। আচলতে ৰোমাণ্টিক সম্পৰ্কতে মোৰ বিশ্বাস হেৰাই গৈছিল হয়তো!’

তুলিকা যেন কিছু আচৰিত হ’ল। ভাৱ হ’ল, সদায়ে দেখি অহা ফিয়নাৰ এই প্ৰাণোচ্ছল ৰূপৰ আঁৰতো যেন বহু নেদেখা-নজনা যন্ত্ৰণাৰ আঁচোৰ লুকাই আছে। হয়তো চ’নে সেই সকলোবোৰ ঠিকেই চিনিছে, বুজিছে আৰু হেঁপাহেৰে আঁকোৱালি লৈছে। ইজনে সিজনক প্ৰকৃত ৰূপত দেখা আৰু বুজাৰ পৰাইতো আৰম্ভ হয় ভালপোৱা!

তুলিকাই যেন পাৰিলে আকৌ এবাৰ ফিয়নাক গৈ সাৱটি ধৰিবগৈ! কিন্তু তাই ইতিমধ্যে ষ্টাইলিষ্ট চেলিনাৰ কবলত। তেওঁ বাওঁফালৰ চুলিখিনি পোনাই থকাত মূৰটো সোঁফালে একতীয়াকৈ ৰাখিয়ে তুলিকাই ক’লে, ‘আহ, ফিয়না। মই যে বহুত সুখী তোমালোকৰ বাবে! বিয়া কেতিয়াকৈ?’

‘নাই আমি বিয়া নাপাতো।’ ফিয়নাৰ সহজ উত্তৰ!

‘মানে?’ এইবাৰ তুলিকাৰ লগতে দুয়োৰে ষ্টাইলিষ্ট ল’ৰা আৰু চেলিনাই আশ্চৰ্য্যৰে ফিয়নালৈ চালে।

‘মানে আৰু কি! আমি নাভাৱোঁ যে আজীৱন বান্ধোন এটা কেৱল বিয়াৰ মাজেৰেহে হয়। এই যে সিদিনা দুয়ো দুয়োকে প্ৰতিশ্ৰুতি দিলোঁ সুখে-দুখে দুয়ো দুয়োৰে লগ দিম বুলি সেয়াই আমাৰ কাৰণে যথেষ্ট! আমি আইনী মতে কমন ল’ পাৰ্টনাৰ হ’ম। তাৰ বাহিৰে আকৌ বিয়া এখনৰ প্ৰয়োজন বুলি ভৱা নাই। পাৰ্টি এটা অৱশ্যে হ’ব।’

পাৰ্টিৰ নাম শুনিহে যেন ল’ৰা আৰু চেলিনাই একেলগে স্বস্তিৰ নিশ্বাস পেলালে! বিয়া নাপাতিলেও আইনীসন্মত ভাৱে কমন ল’ পাৰ্টনাৰ হিচাপে যুগ্ম জীৱন আৰম্ভ কৰিব পাৰি- এয়া তুলিকাৰ বাবে নতুন কথা। সম্পৰ্কৰ নতুন ৰূপৰেখা। কিন্তু তাই জানে, সহযাত্ৰাৰ স্বৰূপ আৰু গতি প্ৰত্যেকৰ বাবে ভিন্ন। সেয়া কেনে হোৱা উচিত তাৰো বিচাৰ কেৱল যাত্ৰিকে নিজেই কৰিব পাৰে- অন্য কোনোৱে নহয়।

এঘণ্টামানৰ ভিতৰতে ফিয়নাৰ কেঁকুৰা চুলিটাৰি পিছলৈ টানি নি এটা মনোমোহা খোপা হ’ল। তুলিকাৰ ফিৰফিৰিয়া চুলিখিনি মুঠি মুঠিকৈ পিছলৈ নি সোঁৰ পৰা বাওঁফাললৈ পথালিকৈ এডাল বেণী হ’ল। বেণীৰ প্ৰতিটো পাকৰ পৰা ওপৰৰ চুলিৰ মুঠিবোৰ দীঘলে দীঘলে তললৈ পৰি ৰ’ল। যেন পথালি বেণীডালে জলপ্ৰপাতৰ ঢলক বাধা দিয়াৰ ব্যৰ্থ চেষ্টা এটাহে কৰিলে।

‘এইটো ষ্টাইলক বৈ পৰা জলপ্ৰপাতৰ বেণী বুলি কয়!’ চেলিনাই ক’লে।

ল’ৰা আৰু চেলিনা দুয়োকে ধন্যবাদ দি তুলিকাহঁত ঘৰমুৱা হ’ল। ঘৰ পায়ে তুলিকাই বিয়াৰ বাবে সাজু হ’বলৈ আৰম্ভ কৰিলে। আগতেই ঠিক কৰি থোৱা সাজজোৰ উলিয়াই পিন্ধিলে। মেৰুণ ৰঙৰ এটা ভৰি চুই থকা দীঘলীয়া এ-লাইন গাউন। সন্মুখৰ ফালে কঁকালৰ ওপৰৰ অংশত একেই ৰঙৰ লেইচৰ ফুল। কঁকালৰ অংশটো কেইবাটাও কোঁচেৰে টান মাৰি একেবাৰে খাপ খাই ধৰাকৈ চিলোৱা। কঁকালৰ তলৰ অংশত সোঁকাষে কোঁচবোৰ মুকলি হৈ এটা বৈ পৰা গাউন। শীতকালি যেতিয়া এইটোৱে উম দিব। তথাপি তাই মুগা ৰঙী ব্লেজাৰ এটাও গাত ল’লে। সাজজোৰৰ লগতে মিলাই এডাল মেৰুণ বাখৰ কটোৱা সোণালী ডিঙিৰ মণি, মেৰুণ ৰঙী হুপছ্‌ কাণফুলি আৰু বাওঁহাতত সোণালী ব্ৰেচলেট এডালো পিন্ধিলে। বহুদিনৰ মূৰত নিজকে এনেকৈ সজাই যেন তাইৰ মনটোও ৰঙীন হৈ পৰিল!

প্ৰসাধনত ব্যস্ত থাকোঁতেই ফোনৰ শব্দ শুনি তাই চালে। ৰায়ান!

‘হাই তুলিকা, পালোঁহি দেই! তুমি সাজুনে মই যাওঁ তোমাৰ কাষলৈ?’

‘নাই, তুমি তাতে ৰোৱা। মোৰ হৈছেই।’

বাওঁহাতেৰে সোণালী পাৰ্ছটো লৈ সোঁহাতেৰে গাউনটো ওপৰলৈ অলপ কোঁচাই তুলিকা নামি আহিল।

‘ইমান ধুনীয়া দেখাইছে তোমাক!’ তাইলৈ ৰায়ানে একেথৰে চাই থকা দেখি তুলিকাৰ গাল-মুখ ৰঙা পৰি গ’ল।

‘তোমাকো!’ ৰায়ানৰ দেহত গাঢ় নীলা চ্যুট এযোৰ। তাতে পাতল নীলা চাৰ্ট আৰু মেৰুণ ৰঙৰ পল্‌কা ডট থকা টাই এডাল। আজি চুলিখিনিও পনিটেইল কৰি নাৰাখি ৰায়ানে পিছফালে খোপাৰ দৰে বান্ধিছে।

‘টাইডাল তোমাৰ সৈতে মিলালোঁ, দেখিছা!’ ৰায়ানে তুলিকালৈ বুলি গাড়ীৰ দুৱাৰ খুলি দি হাঁহি হাঁহি ক’লে।

‘অঁ, সেইকাৰণেহে সিদিনা সুধিছিলা মইনো কি ৰঙৰ ড্ৰেছ পিন্ধিম বুলি!’

তুলিকাৰ হাঁহি উঠি গ’ল। ৰায়ান তাইতকৈ কিছু চৌখিনেই কিজানি! কেৱল ট্ৰেণ্ডি ফেশ্ব’ন বা ব্ৰেণ্ডৰ বস্তু পিন্ধিবলৈ বিচাৰি নুফুৰিলেও সি উপলক্ষ্য অনুসৰি পৰিপাটীকৈ সাজ-পাৰ কৰে আৰু নিজৰো যত্ন লয়। এতিয়া আকৌ ৰায়ানৰ নতুনকৈ চখ হৈছে তুলিকাৰ সৈতে কিবা নহয় কিবা এটা মিলাই পিন্ধি ভাল পায়। যেন এখোজ দুখোজকৈ তাইৰ সৈতে জীৱনৰ তাল আৰু লয় মিলাবলৈ অহৰহ প্ৰচেষ্টা। সেয়া দেখি ভিতৰি খুউব আমোদ পায় তাই।

‘কি ভাৱিছা ইমানকৈ?’ ৰায়ানে গাড়ী চলাই থকাৰ পৰাই তাইলৈ চাই মাত দিলে।

‘নাই!’ ৰায়ানে তাইৰ মুখৰ ভাষা পঢ়ি পেলাব বুলিয়ে যেন তাই সচেতন হ’ল। আচৰিত ধৰণৰ এক অন্তৰ্বোধ আছে ৰায়ানৰ- সেইবাবেইতো তাই নোকোৱা আৰু ক’ব নজনা বহু কথাই সি বুজি পোৱা হৈছে। তাৰ পৰা একোৱে লুকুৱাব নোৱাৰা হৈ গৈছে। ‘তোমাক কুইন ইউনিভাৰ্ছিটিৰ কথাটো কোৱাই হোৱা নাই!’ প্ৰসংগ সলাবলৈকে তাই ক’লে।

‘কি কথা?’

‘তাৰ অধ্যাপক এজনলৈ ইমেইল কৰিছিলোঁ তেওঁৰ গৱেষণা সম্পৰ্কে মোৰ আগ্ৰহ থকা বুলি জনাই। তেওঁৰ সৈতে কাম কৰাৰ কিবা সুযোগ পাম নেকি সেয়াও সুধিছিলোঁ!’

‘অৱশেষত লিখিলা যে! আজি কতদিন ইমেইল পঠাম পঠাম বুলি পাঙিহে আছিলা। উত্তৰ আহিল নেকি?’

‘কালি আহিল!’

‘কি! কি ক’লে তেওঁ?’ ৰায়ানে যেন উত্তেজনাখিনি ঢাকি ৰাখিব নোৱাৰিলে!

‘হেই ৰ’ৱা, একো হোৱা নাই। কৈছে, তেওঁ মোৰ আগ্ৰহ আৰু অভিজ্ঞতাৰ বিষয়ে ভালকৈ জানিব বিচাৰে। কেতিয়াবা বেলফাষ্টলৈ গ’লে ইউনিভাৰ্ছিটিতে লগ ধৰিবলৈ কৈছে।’ তুলিকাই যিমান পাৰি কথাটো লঘু কৰাৰ চেষ্টা কৰিলে। তাই ফাৰমানাৰ এই চাকৰি আৰু জীৱনৰ বিকল্প ভৱা নাই,বেলফাষ্টৰ বিশ্ববিদ্যালয়ত গৱেষিকা হোৱাৰ সপোন দেখা নাই- এতিয়াও!

তাই একো নোকোৱাকৈয়ে যেন ৰায়ানে সেয়া বুজিলে। ক’লে, ‘চিন্তা নকৰিবা। তুমি বেলফাষ্টলৈ গ’লে ময়ো তাতে চাকৰি বিচাৰি ল’ম!’

তুলিকাই হাঁহি পেলালে। ইতিমধ্যে সিহঁতৰ গাড়ীখন লিছা আৰু ডেনিয়েলৰ ঘৰৰ সন্মুখ পালেগৈ। বিয়াৰ উখল-মাখল দূৰৈৰ পৰাই সিহঁতৰ চকুত পৰিল।

‘এয়া তোমাৰ প্ৰথম পশ্চিমীয়া বিয়া, নহয়?’ ৰায়ানে সুধিলে।

বাটৰ দুকাষৰ ফাৰমানাৰ শাৰী শাৰী পথাৰবোৰৰ পৰা চকু আঁতৰাই আনি তুলিকাই ক’লে, ‘অঁ! প্ৰথম আইৰিছ বিয়াও!’

ষ্টিয়েৰিঙৰ পৰা বাওঁহাতখন আঁতৰাই আনি তুলিকাৰ দুহাতত থৈ ৰায়ানে ক’লে, ‘ভাল পাবা তুমি! আমাৰ বিয়াবোৰত খুউব স্ফূৰ্তি হয়!’



লিছা আৰু ডেনিয়েলে বিচৰাৰ দৰেই সিহঁতৰ ঘৰৰ চৌহদতে বিয়াৰ আয়োজন চলিছে। আইৰিছ শীতে সেই আয়োজনৰ উৎসাহ-উদ্দীপনা সেমেকাব পৰা নাই। কিমান অপেক্ষা আৰু আলোচনাৰ শেষত যে গীৰ্জাৰ সলনি এনেকৈ নিজৰ ঘৰতে বিয়াখনৰ আয়োজন হ’লগৈ! সিহঁতৰ কেথ’লিক আৰু প্ৰটেষ্টাণ্ট পৰিয়ালে নিজৰ ধৰ্মীয় গণ্ডী পাৰ হৈ কেৱল লিছা আৰু ডেনিয়েলৰ বাবে এটা দিন একেলগে উদযাপন কৰিবলৈ মান্তি হ’ল! এনেকৈয়েতো ভলপোৱাই সহমৰ্মিতাৰ বাট কাটে, বিভেদৰ দেৱালবোৰ লাহে লাহে খহাই আনে- তুলিকাই ভাৱিলে।

লিছাৰ মামাকৰ ল’ৰা কেনে সিহঁতক আলহ-উলহকৈ আদৰি নিলে। কেনক তুলিকাই বেলিশ্বেন’নৰ ৰ’ৰি গেলাহাৰ উৎসৱতে লগ পোৱা। সেইনিশা সুৰা আৰু গানৰ ৰাগীত মতলীয়া হৈ ঘৰমুৱা হ’ব নোখোজা কেনৰ আজি ভিন্ন ৰূপ। কোট-টাই আৰু জেল সনা পৰিপাটী চুলিৰে কেনক আজি খুউব স্মাৰ্ট দেখাইছে।

‘হুৱাটছ্‌ দ্য ক্ৰেইক তুলিকা? লিছা আৰু ডেনিয়েল সাজু হৈ আছে। বিয়াৰ আনুষ্ঠানিক পৰ্ব এই অলপ পিছতে আৰম্ভ হ’ব। তোমালোক ড’মটোতে বহিব পাৰা। ৰিচেপশ্যন ‘বায়াৰ’ত হ’ব, জানাই নহয়!’ সিহঁতক আগবঢ়াই নি থাকোঁতে কেনে কৈ গ’ল।

কেনে কোৱা ড’ম বা গম্বুজ আৰু বায়াৰ দুয়োটাই ওচৰা-ওচৰিকৈ চৌহদতে আছে। লিছা-ডেনিয়েলৰ ঘৰুৱা পাব ‘দ্য বায়াৰ’ত সিহঁতৰ প্ৰায়ে আড্ডা বহে। গতিকে বায়াৰ তুলিকাৰ বাবে এক আপোন ঠাইৰ দৰে হৈ পৰিছে। কিন্তু তাই আজিহে গম্বুজৰ ভিতৰ সোমালে। ভিতৰ সোমায়ে তুলিকাৰ এক মায়াপুৰীত ভৰি দিয়া যেন ভাৱ হ’ল! বাহিৰৰ পৰা সৰু যেন দেখালেও যথেষ্ট আহল-বহল এই অৰ্ধগোলাকাৰ ঘৰটো। ডেনিয়েলে হেনো বহু মাহ খাঁটি এই ঘৰটো সাজি উলিয়াইছিল। স্বচ্ছ টাৰ্পেৰে আৱৰা গম্বুজটোৰ ত্ৰিভুজাকাৰ কাঠৰ ফ্ৰেমত বগা আৰু সেউজীয়া ফুলৰ সজ্জা। কোঠা এটাই। তাৰ মূল দুৱাৰৰ বিপৰীত মূৰত একেই সজ্জাৰে এটা খিলানৰ সৈতে অকণমান ওখকৈ মঞ্চৰ দৰে ঠাই। তাৰ সন্মুখত শাৰী শাৰী শুভ্ৰ কাঠৰ চকী। চকীবোৰৰ সোঁমাজেৰে মূল দুৱাৰৰ পৰা মঞ্চলৈ এটি বাট।

কেনে দেখুৱাই দিয়াৰ দৰে তুলিকা আৰু ৰায়ান সিহঁতৰ বাবে নিৰ্দিষ্টকৈ থোৱা চকীত বহিলগৈ। ক্ষন্তেক পিছতে তাই মাৰ্কক সেইফাললৈকে আগবাঢ়ি অহা দেখা পালে।

‘হাই তুলিকা! হাই ৰায়ান! হুৱাটছ্‌ দ্য ক্ৰেইক?’ মাৰ্কে পৰিচিত হাঁহিটোৰে মাত লগালে। মাৰ্কৰ দেহতো মুগাৰঙী চ্যুট। কেঁকুৰা চুলিখিনিক বাধ্য কৰোৱাৰ এক ষ্পষ্ট প্ৰচেষ্টাও! মাৰ্কৰ পিছে পিছে এগৰাকী কৃষ্ণাংগ মহিলা। ক’লা লকবোৰ ওপৰলৈ নি পকাই পকাই ঘুৰণীয়াকৈ বান্ধি ৰখা চুলিটাৰী আৰু পাতল নীলা চিফন গাউনটোৰে তেওঁক অপূৰ্ব সুন্দৰী দেখাইছে। তুলিকাৰ দৃষ্টি অনুসৰণ কৰিয়ে হ’বলা মাৰ্কে চিনাকি কৰি দিলে,

‘তুলিকা, এয়া ব্ৰিজেট। ব্ৰিজেট, এওঁলোক মোৰ সহকৰ্মী- নেচাৰৰে তুলিকা আৰু ফাৰমানা হেৰ’ল্ড কাকাতৰ সাংবাদিক ৰায়ান।’

আহ, তেনে ফিয়নাই কোৱা ব্ৰিজেট এয়াই- তুলিকাৰ মনত পৰিল। তেওঁলোকে হেনো শ্লাইগ’ৰ কোনোবা এটা পাবত লগ পাইছিল। প্ৰিমিয়াৰ লীগ ফুটবল চাবলৈ বুলি গৈ ওচৰা-ওচৰিকৈ বহিছিল দুয়ো। তেতিয়াৰ পৰাই তেওঁলোকৰ সৌহাৰ্দ্য।

‘আজি মিনলা নাই কাৰণেহে! নহ’লে যে লিছাৰ বিয়ালৈ আহিবলৈ তাইৰ বৰ হেঁপাহ আছিল।’ চকীখনত বহিয়ে মাৰ্কে ক’লে।

‘ক’ত আছে মিনলা?’ তুলিকা সুধিলে।

‘দুসপ্তাহ আগেয়েই আন্যাৰ লগত জাৰ্মানীলৈ গ’ল। এইবাৰ ককাক-আইতাকৰ লগত বৰদিন কটাব।’ মাৰ্কে মুখ খুলি নক’লেও তুলিকাই বুজি পালে, তেওঁ মিনলাৰ অনুপস্থিতি অনুভৱ কৰিছে। কিন্তু সেই অনুভৱ দেও দি মাৰ্কৰ চকুৱে-মুখে ফুটি উঠা সুখানুভূতিখিনি তাই ঠিকেই দেখিলে। তুলিকাৰ ভাল লাগি গ’ল। তাই যে অন্তৰ্কৰণেৰে বিচাৰে মাৰ্ক সুখী হোৱাটো।

ফিয়না আৰু চ’নো আহি সিহঁতৰ শাৰীটোতে বহিলহি। তাই দেখা পালে পিছৰ শাৰীত বহিছেহি পত্নীৰে সৈতে টম আৰু টমৰ কাষতে সৌৱা ডেৰেন। সকলো আজি সুসজ্জিত! আনকি ডেৰেনেও জধলা চুৱেটচাৰ্ট আৰু চিন’ পেণ্টটো এৰি চ্যুট এযোৰ পিন্ধি আহিছে। সকলোৱে ইজনে সিজনক হাত জোকাৰি সম্ভাষণ জনালে। ডেৰেনক দেখি তুলিকাই ভাৱিলে, পিছত সুবিধা পালে সুধিব নেকি লুকৰ সৈতে সম্পৰ্কৰ কথা? নাই থাকক! ডেৰেনে নিজে সিহঁতক ক’ব পৰাকৈ সহজ নোহোৱালৈকে তাই নোসোধে। ফিয়নাৰ পৰাই তাই জানে, এই ৰক্ষণশীল সমাজৰ বহু বাধাৰ শিকলিয়ে ডেৰেনক সংকোচিত কৰি ৰাখিছে। নিজৰ মতেই ডেৰেন আৰু লুক সুখী হওক- সেইটোহে গুৰুত্বপূৰ্ণ!

এনেতে টিলিঙাৰ শব্দত গম্বুজৰ ভিতৰৰ গুণগুণনি বন্ধ হ’ল। সকলোৱে শব্দৰ উৎসলৈ ঘুৰি চালে। দুৱাৰমুখত গোলাপী সাজেৰে এজনী কণমানি। ভায়’লিনৰ সুৰৰ লগে লগে খৰাহীৰ পৰা ফুল ছটিয়াই ছটিয়াই তাই সন্মুখৰ মঞ্চলৈ আগবাঢ়ি গ’ল।

‘বঢ়িয়া মেইভ!’ ফিয়নাই সুহুৰিয়াই দিলে। তাৰপিছত সিহঁত সকলোলৈ চাই তাই ক’লে, ‘এইজনী ডেনিয়েলৰ ভাগিন!’

তাৰপিছতে সোমাই আহিল ডেনিয়েল। সদায়ে দেখি অহা ডেনিয়েলৰ কি এক ভিন্ন ৰূপ! ওপৰত বগা চাৰ্টৰ সৈতে এটা ক’লা কোট। তলত প্লেইড স্কাৰ্টৰ দৰে গাঢ় সেউজীয়াত হালধীয়া আঁচ পৰা এটা কিল্ট। ভৰিত ক’লা জোতাৰে সৈতে আঠুঁলৈকে পৰা ক’লা মোজা। ডিঙিত ক’লা ব’ টাই।

‘সেয়া পৰম্পৰাগত কেল্টিক দৰাৰ সাজ!’ ৰায়ানে তাইক ফুচফুচাই ক’লে।

‘ইমান ধুনীয়া লাগিছে নহয়!’ তুলিকাই যেন কোনোমতেহে উত্তেজনাখিনি সামৰি থ’লে।

ডেনিয়েলৰ প্ৰায় লগে লগেই খোজ দি সোমাই আহিল মাক আৰু দেউতাক। মঞ্চলৈকে ডেনিয়েলক আগবঢ়াই দি তেওঁলোক দুয়ো সোঁফালৰ চকীৰ প্ৰথম শাৰীত বহিলগৈ। এইবাৰ চকীৰ পৰা লাহেকৈ মাৰ্ক উঠিল। তুলিকাই আচৰিত হৈ মাৰ্কলৈ চোৱা দেখি তেওঁ ক’লে,

‘লিছা আৰু ডেনিয়েলৰ ইচ্ছা- পাদুৰীৰ সলনি ময়ে এই বিয়া সম্পন্ন কৰিব লাগে!’ তেওঁ চিৰাচৰিত গহীন খোজেৰে আগবাঢ়ি গৈ মঞ্চত ভৰি দিলেগৈ।

তুলিকা যেন কিছু আবেগিক হৈ পৰিল। পৰম্পৰা আৰু আধুনিকতাৰ এয়া কি যে এক অপূৰ্ব সমাহাৰ। এনেকৈয়েতো সমাজখন আগুৱায়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰম্পৰাও সলনি হয়। কিন্তু সলনি নহয় শিপাডাল আৰু মানুহৰ মাজৰ এই বান্ধোন আৰু আন্তৰিকতাখিনি!

এইবাৰ ভায়’লিনৰ সুৰ খৰ হ’ল। সকলোৰে চকু নিবদ্ধ হ’লগৈ গম্বুজৰ দুৱাৰমুখত।

‘কইনা আহিব- কইনা আহিব এতিয়া!’ পিছৰ শাৰীৰ পৰা কণমানি এটিয়ে চিঞৰি উঠিল।

সেই কইনা, সকলোৰে আপোন লিছা আহি থিয় দিলেহি। তাইৰ দেহত এটা চুঁচৰি থকা শুভ্ৰ গাউন। সমগ্ৰ গাউনটোতে আইৰিছ লেচ- দ’কৈ কটা ডিঙি আৰু কান্ধৰ তলৰ পৰা আৰম্ভ হোৱা শ্লিভেৰে ধুনীয়াকৈ খাপ খাই পৰা গাউনটো। তাই কঁকালৰ তললৈকে বৈ পৰা চুলিকোঁচা শাৰী শাৰী ক্ষীণ বেণীৰে উঠাই মূৰৰ সোঁফালে এটা প্ৰকাণ্ড খোপা বান্ধিছে। খোপাত সৰু সৰু কেইপাহমান বনৰীয়া ফুলৰ সজ্জা। সকলো মিলি অপূৰ্ব দেখাইছে লিছাক। তাই দুফালে দুয়োহাতেৰে মাক আৰু দেউতাকৰ দুবাহুত ধৰি লহে লাহে আগুৱাই আহিল। দেউতাকৰ আনখন হাতত এটা ফুলাম খৰাহীত অ’লিভ। লিছাৰ কিচ্‌কিচিয়া ক’লা মৰমলগা মেকুৰী । অ’লিভৰ ডিঙিতো এডাল বনৰীয়া ফুলৰ মালা!

সকলো মঞ্চত লগ হোৱাৰ পিছত মাৰ্কৰ লগে লগে লিছা আৰু ডেনিয়লে বিয়াৰ শপতবোৰ কৈ গ’ল। তাৰপিছতে মাৰ্কে ক’লে, ‘তোমোলোক দুয়োকে বিবাহিত বুলি ঘোষণা কৰিছোঁ!’

বাচ্‌ সিমানেই! আধাঘণ্টা নহওঁতেই বিয়াৰ মূল পৰ্ব শেষ! সুহুৰি আৰু হাত-চাপৰিৰ মাজেৰে লিছা আৰু ডেনিয়েলে বিয়াৰ তিনিখলপীয়া কেকটো কাটিবলৈ আগবাঢ়িল। তাৰমাজতে তুলিকাই ৰায়ানক নকৈ নোৱাৰিলে,

‘অসমত ইমান কম সময়তে বিয়া এখন হৈ যোৱাটো নাভুত-নাশ্ৰুত কথা জানা!’

‘কিয়, কিমান সময় লাগে অসমৰ বিয়াত?’

‘কমেও দুদিন। প্ৰথম দিনা জোৰোণ হয়- পিছদিনা মূল পৰ্ব!’

‘হয় নেকি! অসমৰ বিয়ানো কেনেকৈ হয় এদিন তুমি মোক ভালকৈ ক’ব লাগিব! আইৰিছ বিয়াৰ মূল পৰ্ব চমূ- তাৰ পিছৰ পাৰ্টিহে শেষ নোহোৱা ধৰণৰ!’ ৰায়ানে হোহোৱাই হাঁহি ক’লে।

সঁচাকৈ বায়াৰত বিয়াৰ খোৱা-বোৱাৰ লগে লগেই নাচ-গান আৰম্ভ হ’ল। চ’নৰ লগতে বেণ্ডৰ সকলোৱে একাষে বাদ্য-যন্ত্ৰ সকলো সাজু কৰি থৈছিলেই। সেই বাজনাৰ তালে তালে লিছা আৰু ডেনিয়েলে দৰা-কইনাৰ প্ৰথম নাচোন আৰম্ভ কৰিলে। প্লেটত আলুৰ চুপ, ষ্টেক আৰু আইৰিছ চ’ডা ব্ৰেড লৈ তুলিকা আৰু ৰায়ানে নাচ চাই চাই খাবলৈ বহিল। কিন্তু বহুতেই খাবলৈ এৰি লিছা আৰু ডেনিয়েলৰ লগতে নাচোনত যোগ দিলেগৈ। লিছাই এইবাৰ দেউতাকৰ সৈতে নাচিবলৈ ল’লে। দুয়োৰে তালত তাল মিলাই কৰা নাচ আৰু মুখৰ হাঁহি দেখি তুলিকাৰ নিজৰ দেউতাকলৈ মনত পৰিল। কালি বহুদিনৰ মূৰত তাই দেউতাকৰ মেচেজ পাইছিল। দেউতাকে খৱৰ সুধিছিল। লগতে এখন ফটো- পিছচোতাললৈ যোৱা দুৱাখনৰ। সেই ক’লা দুৱাৰখনত নতুনকৈ আকাশ নীলা ৰং দিছে। দেউতাকে লিখিছিল, ‘মাৰে কৈছিল, তই হেনো বাৰে বাৰে এই দুৱাৰখনৰ সপোন দেখি থাক! চা- এতিয়াৰ পৰা আন্ধাৰতো দুৱাৰখন জিলিকি থাকিব।’

তুলিকাৰ দুচকুৰ কোণত দুটোপাল চকুপানীয়ে ভৰ কৰিলে। তাই জানে, লিছাৰ দেউতাকৰ দৰে তাইৰ নিজৰ দেউতাকে হয়তো কেতিয়াও তাইৰ প্ৰতি মৰম আৰু কৰুণা দেখুৱাব নোৱাৰে। লিছাৰ দৰে নিজৰ দেউতাকৰ সৈতে হয়তো কেতিয়াও তাইৰ এক আন্তৰিক বান্ধোন গঢ় নল’ব! হয়তো তুলিকাৰ দেউতাকে আজীৱন মনৰ দানৱবোৰৰ সৈতে যুঁজি থাকিব। তথাপিও এনেকুৱা একোটা মেচেজেৰে, সৰু সৰু কথা আৰু কামেৰে দেউতাকে যেন সেই চিৰন্তন বান্ধোন এৰি নিদিয়াৰ প্ৰতিশ্ৰুতি দিছে। তাই সেইখিনিকে হেঁপাহেৰে হৃদয়ত সামৰি থ’ব।

বায়াৰত সিহঁতে খোৱা সামৰে মানে নাচোন টুংগত উঠিছে। তালৰ লগে লগে ভৰি মাৰি সকলোৱে একেলগে ঘুৰি ঘুৰি নাচিব ধৰিছে। সেই গান শেষ হোৱাৰ পিছতে তুলিকাক ভীষণ আচৰিত কৰি হঠাতে এটা চিনাকি সুৰ বাজি উঠিল! পলকতে ‘লাহে লাহে লাহে বান্ধৈ ঐ’ বুলি আৰম্ভ হ’ল জুবিন গাৰ্গৰ হুঁচৰি! তুলিকাৰ হতভম্ভ ৰূপ দেখি ৰায়ানে হাঁহি হাঁহি দুয়ো হাত ওপৰলৈ দাঙি ক’লে,

‘মই একো কৰা নাই দেই- এয়া চ’ন আৰু ফিয়’নাৰ প্লেন! বিহু নাচিব লাগিব বুলি লিছাই মোক মাত্ৰ সাৱধানবাণী এটাহে শুনাই থৈছিল ।’

ইতিমধ্যে চ’ন আৰু ফিয়নাই যোৱাবাৰ বিহুতে তুলিকাই দিয়া জাপি দুটা পিন্ধি লৈছে। সিহঁতৰ বিহুনাচৰ ঢং দেখি তুলিকাৰ হাঁহিটো ঔফুলীয়া হৈ পৰিল। ৰায়ানে হাতত ধৰি তাইক উঠাই নিলে নাচিবলৈ বুলি। কঁকাল ভাঙি ভাঙি সেই আইৰিছ বিয়াতে তাই প্ৰাণ ভৰি এপাক বিহু নাচিলে। ৰায়ানকো যি পাৰে শিকালে। যিমানেই নাচিলে সিমানেই ফাৰমানাৰ এই আপোনত্বই যেন মন ভৰাই আনিলে তাইৰ। ভাৱ হ’ল যেন, অতদিনে মুকলিকৈ উশাহ এটা ল’বলৈ বাধা দি থকা বুকুত হেঁচা মাৰি থোঁৱা গধুৰ শিলচটা আঁতৰি গৈছে৷ যেন হৃদয়ৰ ভিতৰে-বাহিৰে উজ্বল ৰ’দ এজাকে সকলো পোহৰাই পেলাইছে। 

এতিয়া যে তাই জী উঠাৰ সময়- জীৱনক দুয়ো হাতেৰে আকোঁৱালি লোৱাৰ সময়!


No comments:

Post a Comment