Tuesday 9 July 2024

ফাৰমানা: খণ্ড ২৯

চিৰাচৰিতভাৱেই আজিও ন বজাৰ আগতেই তুলিকা অফিচ পালেহি। মূল দুৱাৰখন খুলি তাই বেগটো নিজৰ ডেস্কত থ’লে। তাৰপিছত খিৰিকীৰ ব্লাইণ্ডছবোৰ তুলি ফুলৰ টাববোৰত পানী দিলে। এনেতে পলে কোঠাটো মচি নি ‘ফাৰমানা হেৰল্ড’খন দি গ’লহি। ইচ্ছা নগ’লেও তুলিকাই মূখ্য বাতৰিকেইটা পঢ়িলে। বহু প্ৰতীক্ষা আৰু সংগ্ৰামৰ অন্তত ব্ৰিটেইন চৰকাৰ আৰু ইউৰোপীয়ান ইউনিয়ন ব্ৰেক্সিটৰ এক নতুন প্ৰত্যাহাৰ চুক্তিত একমত হৈছে। তাৰ লগতে আলোচনা হৈছে উত্তৰ আৰু ৰিপাব্লিক আয়াৰলেণ্ডৰ বাবে এক নতুন নীতিৰ বিষয়ে। এই সকলোখিনি কাৰ্যকৰী তোলাৰ বাবে ব্ৰেক্সিটৰ সময়সীমা এই বছৰৰ ৩০ অক্টোবৰৰ পৰা ২০২০ চনৰ ৩১ জানুৱাৰীলৈ পিছুৱাই দিয়া হৈছে। ব্ৰেক্সিট কাৰ্যকৰী কৰিবলৈ প্ৰায় অধৈৰ্য হৈ পৰা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে অনিচ্ছাস্বত্বেও এই সময়সীমা মানি ল’বলৈ বাধ্য হৈছে। প্ৰথম পৃষ্ঠা লুটিয়াই তাই কাকতখনৰ বাকীবোৰ পৃষ্ঠাতো ওপৰে ওপৰে চকু ফুৰালে। নিজৰ অজানিতেই ক’ৰবাত সংবাদদাতা হিচাপে ৰায়ানৰ নামটো দেখা পাই বুলিয়ে কিজানি! নাই- ক’তোৱে নাই! হয়তো ৰায়ান অন্য কামত ব্যস্ত। হয়তো সেই ঘটনাৰ পিছত ৰায়ান ফাৰমানা হেৰল্ডৰ সাংবাদিক হৈ ৰোৱা নাই।

মাৰ্ক আহিলে কফি কৰিব বুলি ভাৱি তাই এইবাৰ পোনেই কামত ধৰিলে। এইমাহৰ ভিতৰতে তুলিকাই পৰামৰ্শদাতা হিচাপে দায়িত্ব লোৱা আঠগৰাকী খেতিয়কৰ বাবে মেনেজপ্লেন প্লেন সাজু কৰি উলিয়াব লাগে। চৰকাৰৰ পৰিৱেশ সাপেক্ষ কৃষি আঁচনিৰ বাবে সেয়া জমা দিয়াটো বাধ্যতামূলক। ইতিমধ্যে তুলিকাই সকলোৰে খেতি-পথাৰত জৰীপ কৰি চৰাই-চিৰিকটি আৰু উদ্ভিদৰ বৈচিত্ৰতাৰ তথ্য সাজু কৰিছে। প্ৰত্যেকগৰাকী খেতিয়কৰ সৈতে চৰকাৰী আঁচনিৰ অধীনত বন্য জীৱ-জন্তুক সহায় কৰিবৰ বাবে কি কি কৰিব পাৰিব সেইখিনিও আলোচনা কৰিলে। এতিয়া সেই সকলো তথ্যৰ ভিত্তিত তাই অহা পাঁচবছৰৰ পৰিচালনাৰ বাবে পৰিকল্পনা ঠিক কৰি দিব লাগে। প্ৰতিজন খেতিয়কে প্ৰতিবছৰে কি কি কৰিব, কোনটো উপায়ৰ বাবে চৰকাৰে কেনেকৈ আৰু কিমান পুঁজি আগবঢ়াব- আহ, মাৰ্কে ঠিকেই কৈছিল! এইখিনি সামৰিবলৈ তাইৰ যথেষ্ট সময় আৰু কষ্টৰ দৰকাৰ হ’ব। কফি একাপৰ বৰ প্ৰয়োজন অনুভৱ কৰিলে তাই। সেয়ে এইবাৰ আৰু কাৰোলৈ বাট চাই নাথাকি পাকঘৰলৈ গৈ কেৱল নিজৰ বাবে ফ্ৰেন্স প্ৰেছটোত কফি কৰি আনিলেগৈ। উভতি আহি দেখে, লিছা বহিছেহি নিজৰ ডেস্কত।

‘হাই তুলিকা! হুৱাটছ দ্য ক্ৰেইক?’ স্বভাৱসুলভ হাঁহিটোৰে লিছাই মাত লগালে।

‘ভাল ভাল। তোমাৰ? ভাল যে তুমি আহিলা। আজি অফিচ একেবাৰে নিমাও মাও!’ তুলিকাই তাইলৈকো কফি একাপ বাকিলে।

‘অঁ, ডেৰেনে ইয়াৰে মহাবিদ্যালয় এখনত পৰিৱেশ বিজ্ঞানৰ পাঠ্যক্ৰম এটা শিকাবলৈ গাত লৈছে। ফিয়না হয়তো প্লেটিগ’লৈ গ’ল খেতিয়কক লগ কৰিবলৈ। মাৰ্ক আজি ছুটিত- মিনলাই ফাৰমানাৰ হৈ বাস্কেটবল খেলিছে হেনো। আজি বেলফাষ্টত বাস্কেটবল মেটচ্‌। মাৰ্ক আৰু আন্যা তাতে আছেগৈ কিজানি!’

লিছাই যে সকলোৰে কেনেকৈ ইমান খৱৰ ৰাখে তুলিকাই নাজানে। সেইবাবেই কিজানি তাই সকলোৰে ইমান প্ৰিয়। কফিৰ লগত মাৰ্কে আনি থোৱা মচমচীয়া ৰাইচ কেক টুকুৰাত কামোৰ মাৰি লিছাই আকৌ ক’লে,

‘ময়ো পিছে তোমাক লগ পাম বুলিহে আহিলোঁ। বেছি পৰ নাথাকোঁ। বেন বাৰ্টনৰ গৰুবোৰ নাৱেৰে লখ আৰ্ণ পাৰ কৰি নি আমাৰ ৰিজাৰ্ভৰ দ্বীপত চৰিবলৈ দিব লাগে। তুমি চোৱা-চিতা কৰা পথাৰবোৰৰ দৰেই আমাৰ ৰিজাৰ্ভতো ওখ বনবোৰে গোটেইখন ছাটি নধৰাকৈ ৰাখিবলৈ গৰু চৰোৱাৰ দৰকাৰ-জানাই নহয়। সেয়ে পিটাৰ আৰু মই বেনৰ লগত যাম –এই এঘণ্টা পিছতে ইনিছকিলিন ঘাটত দুয়োকে লগ কৰাৰ কথা। তোমাক এইখন দিবলৈহে অফিচত সোমালোঁ।’

লিছাই আগবঢ়াই দিয়া ফুলাম খামটো হাতত লৈ তুলিকাই খুলি চালে। লিছা আৰু ডেনিয়েলৰ দৰেই অমায়িক সিহঁতৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ! পোনেই সিহঁতৰ এখন যুগ্ম ফটো। শ্লাইগ’ৰ সুউচ্চ শিলাময় গৰা আৰু তাত ঠেকা খাই ছিটিকি পৰা সাগৰৰ ঢৌৰ সন্মুখত সিহঁতৰ হাঁহিভৰা চকু-মুখ। তাৰ তলতে সোণালী আখৰেৰে লিখা আছে- ডিচেম্বৰৰ ২১ তাৰিখে বিয়া, সিহঁতৰে ঘৰৰ চৌহদ ‘দ্য বায়াৰ’ত!

তুলিকাই উৎসাহেৰে কৈ পেলালে, ‘কিমান হেঁপাহৰ বিয়া এইখন, নহয় লিছা?’

লিছাই মিঠাকৈ হাঁহিলে। তাৰপিছত ক’লে, ‘আমি আজি বহুবছৰেই একেলগে আছোঁ- হেঁপাহৰ ঘৰ এখনো কৰি লৈছোঁ। বিয়াখন আমাৰ কাৰণে এটা উদযাপন মাত্ৰ! ডেনিয়েলৰ প্ৰটেষ্টাণ্ট আৰু মোৰ কেথ’লিক পৰিয়াল এক হোৱাৰ উদযাপন! দুয়োটা পৰিয়ালে মিলি বিয়াৰ ৰন্ধা-বঢ়া- সজোৱাৰ সকলো দায়িত্ব লৈছে বুজিছা।’

‘সেয়াইতো ডাঙৰ কথা!’ তুলিকাই আবেগেৰে ক’লে। তাই জানে, এই পশ্চিমীয়া দেশত বিয়াৰ অৰ্থ পূবতকৈ বহুত ভিন্ন। কিন্তু পৃথিৱীৰ যি প্ৰান্ততে নহওক একেইতো মানুহৰ সুখ-দুখ আৰু ভালপোৱা! একেই মানুহৰ সম্পৰ্কৰ ৰূপ আৰু গতি।

‘তুমি অকলে আহিবা নে প্লাছ ৱান আনিবা আগেয়ে জনাবা দেই- আয়োজনৰ কাৰণে আলহীৰ হিচাপ ভালকৈ লাগিব যে।’

লিছাৰ ইংগিত বুজিও নুবুজাৰ দৰে তুলিকাই ক’লে, ‘মই অকলেই বিয়ালৈ যাম- কোনো প্লাছ ৱান নাই!’

‘কিয়….’ সুধিব খুজিও যেন লিছা ৰৈ গ’ল।

তাইৰ অসহজ ৰূপটো দেখি তুলিকাই নিজেই উপযাচি ক’লে, ‘লণ্ডনৰ পৰা উভতি অহাৰে পৰা মই ৰায়ানক লগ কৰা নাই। কৰিব খোজা নাই। তুমি জানাই, লণ্ডনত কেনে এক জটিল সময় পাৰ কৰি আহিলোঁ। এটা সম্পৰ্ক শেষ কৰিয়ে অন্য এটালৈ দেও দিবলৈ মোৰ ইচ্ছা বা সাৰ্মথ্য এটাও নাই, লিছা।’

লিছাই একো নকৈ মাথোঁ মূৰ দুপিয়ালে। আজি প্ৰায় দুসপ্তাহ হৈ গ’ল তুলিকা লণ্ডনৰ পৰা উভতি অহা। পিছৰ ছুটিৰ দিনকেইটা এপাৰ্টমেণ্টতে সোমাই থাকিল- একোকে কৰাৰ, ক’লৈকো যোৱাৰ ইচ্ছা নহ’ল। খৱৰ ল’বলৈ আহি লিছা আৰু ফিয়নাইহে সিদিনা কৈছিল, তাই যোৱাৰ দুদিন পিছতে ৰায়ানে ফাৰমানা আহি পাই বলিয়াৰ দৰে তাইক বিচাৰি ফুৰিছিল। মাৰ্কক লগ কৰিছিলগৈ হেনো। কৈছিল, তুলিকাই ভুল বুজিছে- সি আই আৰ এ-ৰ সদস্য নহয়! সকলোৱে ঘুনুক ঘানাককৈ কথাবোৰ শুনিছিল। মাথোঁ শুনিব খোজা নাছিল তুলিকাই।

লিছা লখ আৰ্ণলৈ ৰাওনা হোৱাৰ পিছত তুলিকাই মনৰ পৰা সেই কথাবোৰ আঁতৰাই কামত মনোযোগ দিয়াৰ চেষ্টা কৰিলে। পৰিকল্পনাবোৰৰ কামখিনি দিনটোলৈ সামৰি তাই ফাৰমানাৰ খেতিয়কৰ বাবে মাহেকীয়া পত্ৰিকাখন সাজু কৰাত লাগিল। পত্ৰিকাত মাহটোৰ ভালেমান খৱৰ- খেতিয়কৰ পথাৰতে মুঠ সাতযোৰা কাৰলিউ চৰায়ে বাহ সাজি পোৱালী ডাঙৰ কৰিলে। নেচাৰৰ কৰ্মীয়ে সিহঁতৰ ঠেঙত আঙঠি পিন্ধাই উৰিব পৰা হোৱালৈকে প্ৰতিদিনে পৰ্য্যবেক্ষণ কৰিছে। তাৰোপৰি এইবাৰ চৰাইৰ বছৰেকীয়া জৰীপত ধৰা পৰিছে, যোৱা পাঁচটা বছৰৰ তুলনাত ফাৰমানাত জলচৰ চৰাইৰ সংখ্যা বাঢ়িছে। পৰিৱেশ সাপেক্ষ আঁচনিৰ অধীনত খেতি-পথাৰৰ এনে সফলতাৰ বাবে তাই সকলো খেতিয়কক উদেশ্যি এটা শুভেচ্ছা বাৰ্তাও সাজু কৰিলে।

এনেতে ফোনত মিহি সুৰটো বাজি উঠিল। লগতে স্ক্ৰীণত ভাঁহি উঠিল মেগানৰ কৈশোৰ কোমল মুখ।

‘হেল্ল’, মেগান! হুৱাটছ্‌ দ্য ক্ৰেইক?’

‘হাই তুলিকা! তোমাক এটা ভাল খৱৰ দিবলৈ ফোন কৰিলোঁ!’ মেগানৰ উচ্ছল মাতটোৱে তুলিকাকো উত্তেজিত কৰি পেলালে।

‘মই যুৱ খেতিয়কৰ স্ক’লাৰশ্বিপ পাইছোঁ! অহামাহৰ পৰাই অ’মাৰ কৃষি মহাবিদ্যালয়ত আমাৰ ট্ৰেইনিং আৰম্ভ হ’ব।’

আহ- এই খৱৰটোৰ কাৰণেই তুলিকাই যে ইমানদিনে বাট চাই আছিল! সুখী হৈ পৰিল তাই। মনত পৰিল হস্পিতেলৰ পৰা গৈ দুয়ো মিলি আবেদনখন পূৰোৱা সেই সন্ধিয়াটোৰ কথা!

‘অভিনন্দন মেগান! ইমান ভাল খৱৰ এটা দিলা!’

‘ধন্যবাদ! দেউতাই কৈছে, এইবাৰ ট্ৰেইনিং লৈ আহি খেতিৰ সকলো কাম ময়ে চাব পাৰিম। দেউতাই হেনো খেতি-বাতিৰ পৰা অৱসৰ ল’ব।’

‘কেনে আছে জন?’ তুলিকাৰ মনত ভাঁহি উঠিল, খঙত ৰঙা পৰা মুখেৰে জন মেকভিটিৰ চেহেৰাটো।

‘আগতকৈ ভাল, বহুত শান্ত! অ’ৰলাই কোৱা থেৰাপিষ্ট গৰাকীৰ ওচৰলৈ এতিয়া নিয়মীয়াকৈ যাবলৈ আৰম্ভ কৰিছে। সেইবোৰ মোক বিশেষ একো নকয় কিন্তু দেউতাৰ খং আগতকৈ যে কমিছে, সেয়া মই নিজেই মন কৰিছোঁ।’ মেগানে একেই উৎসাহেৰে ক’লে।

সন্তুষ্টিৰে ভৰি পৰিল তুলিকাৰ মন। তাই অ’ৰলাক দি অহা থেৰাপিষ্ট মিচেলৰ বিজনেছ কাৰ্ডখন তেওঁ জনক ঠিকেই দিলেগৈ তেনে। মেগানৰ লগত কথা সামৰি তুলিকাই সেই বাতৰিটোও পত্ৰিকাখনত যোগ দিলে। তাইৰ আশা, মেগানৰ দৰেই ফাৰমানাৰ অন্য বহুতো কিশোৰ-কিশোৰী আগবাঢ়ি আহিব। বৈজ্ঞানিক প্ৰশিক্ষণ লৈ ফাৰমানাৰ কৃষি আৰু প্ৰকৃতিৰ হকে নতুন প্ৰজন্মটোৱে কাম কৰি যাব।

অফিচৰ কাম সামৰি তাই গাড়ী লৈ এনিছকিলেন টাউনলৈ বুলি ওলাল। সেই বাটৰ দুয়োকাষে অ’ক গছৰ শাৰীবোৰত সোণালী শৰতৰ বতৰা। অৱশ্যে এতিয়াও বনৰীয়া ফুলৰ ৰং মৰহা নাই। ঘাঁহনিৰ মাজে মাজে মূৰ দাঙি ৰৈ আছে ফায়াৰ ৱিডৰ বেঙুনীয়া আৰু গোলাপী ফুলবোৰ। দিনবোৰো লাহে লাহে চুটি হৈ আহিছে। ফাৰমানাৰ বতৰ আগতকৈও ঘনাই সলনি হ’বলৈ লৈছে। একেদিনাই ৰ’দ-বৰষুণ-বতাহে জোকাৰি যোৱা সময় এয়া। তথাপি প্ৰতিটো ঋতুতে ফাৰমানাখন যে ইমান অপৰূপা- ইমান মনোমোহা! মিচেলৰ কথা সুঁৱৰিলে তুলিকাই, এই অপূব মুহূৰ্তটোৱে তাইৰ বৰ্তমান, এই বৰ্তমানেই তাইৰ জীৱন। বাটৰ দুয়োকাষৰ শোভাখিনি তাই হেঁপাহেৰে হৃদয়লৈ টানি নিলে।



দহমিনিটমানৰ পিছতে ফাৰমানাৰ কাউণ্টিৰ ৰাজহুৱা গ্ৰন্থাগাৰত তুলিকাৰ মিনি কুপাৰখন ৰ’লহি। গ্ৰন্থাগাৰলৈ সোমায়ে তাইৰ প্ৰিয় দৃশ্য এটা চকুত পৰিল। মূল কোঠাৰ প্ৰকাণ্ড দেৱালখনতে ইমূৰ-সিমূৰ জুৰি এক ডিজিটেল পৰ্দা। তাত আইৰিছ সাগৰৰ নীলিম পানী আৰু পানীৰ তলৰ জগতখনৰ এক জীৱন্ত ৰূপ। পানীত ইফাল-সিফাল কৰিছে সৰু-বৰ মাছৰ জাকে। কত কি ৰং আৰু আকৃতি সিহঁতৰ! তাৰ উপৰি কাছ, ডলফিন, অক্টোপাছ, জেলীফিছ, ষ্টাৰফিছ, ৰে’ আদি অলেখ অসংখ্য সাগৰীয় জীৱ। সৰু ল’ৰা-ছোৱালীবোৰে পানীত চৰি ফুৰা ইটো সিটো প্ৰাণীৰ গাত হাত দিয়াৰ চেষ্টা কৰিছে। য’তেই হাত পৰিছে, তাতেই সেই প্ৰাণীবিধৰ নাম আৰু অন্যান্য তথ্য স্ক্ৰীণত জিলিকি উঠিছে। মানুহক সাগৰ তলিৰ এই অপূৰ্ব পৃথিৱীখনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ কি যে এক অভিনৱ উপায়! কিছু পৰ থৰ লাগি সেই খেলাকে চাই থাকি এটা সময়ত তুলিকাই ভিতৰলৈ খোজ দিলে। কম্পিউটাৰৰ সৈতে শাৰী শাৰী টেবুল-চকী থকা অংশটো পাৰ হৈ তাই পোনেই ‘বিজ্ঞান’ বিভাগটোলৈ গ’ল। তাৰ শাৰী শাৰী কিতাপৰ খাপবোৰৰ পৰা পৰিৱেশ বিজ্ঞান অংশটো বিচাৰি উলিয়ালে। কি বিচাৰিছে ঠিক নভৱাকৈয়ে তাই এফালৰ পৰা কিতাপবোৰত চকু ফুৰাই গ’ল।

যোৱা সপ্তাহত তাই মিচেলৰ ওচৰলৈ গৈছিল। মিচেলে সচৰাচৰ সোধাৰ দৰেই ভাল-বেয়াৰ খৱৰ লৈ কৈছিল, ‘তুমি নিজৰ কাৰণে কি কৰিব খোজা, তুলিকা?’

‘মোৰ কাৰণে?’ তুলিকা যেন থতমত খাই গৈছিল।

‘অঁ, এই ধৰা যেনেকৈ তুমি আকৌ দৌৰিবলৈ ল’লা, ফিটনেছৰ প্ৰতি আগৰ আগ্ৰহ ঘুৰাই আনিলা- তেনেকৈ কেৰিয়াৰৰ ক্ষেত্ৰত তোমাৰ তেনে কিবা বিশেষ আগ্ৰহ আছেনে? নে এতিয়াৰ চাকৰিকে গোটেই জীৱন কৰিবলৈ ভাল পাবা?’

তুলিকাই যেন ভাৱিব লগাত পৰিল। আগতে হয়তো বিশেষ চিন্তা নকৰাকৈয়ে সমাজ আৰু পৰিয়ালৰ আশা অনুসৰি পঢ়া-শুনা শেষ কৰিলে। ইয়ালৈ আহিহে প্ৰকৃতি সংৰক্ষণত এনেদৰে আগ্ৰহী হৈ পৰিল। কিন্তু এইখিনি সময়তো কেতিয়াও ভৱাই নাই তাই নিজে কিবা এটা বিচাৰিও ল’ব পাৰে বুলি।

‘এতিয়াৰ চাকৰিয়ে যিমান শিকাইছে, যিমানখিনি জীৱনবোধ আনি দিছে- সেয়া অন্য একোৱে আজিলৈকে মোক দিয়া নাই। গতিকে এই চাকৰিত মই সুখী। কিন্তু আজীৱন কৰিব পাৰিম নে নোৱাৰিম, সেয়া যে মোৰ নিয়ন্ত্ৰণত নাই! নেচাৰৰ পুনৰ্সংগঠনে আমাক সকলোকে উপলব্ধি কৰাই দিলে কথাবোৰ কিমান সোনকালে সলনি হৈ যাব পাৰে।’

‘তেনে?’ মিচেলে যেন তুলিকাৰ উপলব্ধিখিনিক এটা গতি দিবলৈ চেষ্টা কৰিলে।

‘মই অসমত পৰিৱেশ বিজ্ঞানত মাষ্টাৰ্চ কৰিছিলোঁ। তাৰে প্ৰকল্প আছিল, অসমৰ হাতী আৰু মানুহৰ সংঘাত। অসমত হাতীৰ বাসস্থান কিয় আৰু কেনেকৈ সলনি হৈছে সেয়া বুজিবলৈ কিতাপ আৰু গৱেষণা পত্ৰ খুঁচৰিছিলোঁ। স্থানীয় লোকে বনৰীয়া হাতীৰ জাকৰ সৈতে কেনেকৈ সহাৱস্থান কৰিছে জানিবলৈ বহুতো খেতিয়কৰ সাক্ষাৎকাৰ লৈছিলোঁগৈ। তেনেকৈ সঘনাই সংঘাত হোৱা ঠাইবোৰতো ক্ষেত্ৰ অধ্যয়ন কৰিছিলোঁগৈ। এই যে নিজৰ কৌতুহল উপজা বা আগ্ৰহ থকা বিষয় এটাৰ বৈজ্ঞানিক গৱেষণা কৰা গোটেই প্ৰক্ৰিয়াটো- তাৰ এটা অংশ হৈ মোৰ ভাল লাগিছিল। অহৰহ তেনে চিন্তাবোৰে মন আন্দোলিত কৰি ৰাখিছিল। তেতিয়াই ভাৱিছিলোঁ এই পৃথিৱীৰ মাটিকালিৰ তুলনাত সংৰক্ষিত বনাঞ্চল তেনেই নগণ্য। অথচ প্ৰকৃতি সংৰক্ষণৰ কথা ক’লে আমি কেৱল সেই প্ৰাকৃতিক অঞ্চলবোৰৰ কথা ভাৱোঁ। প্ৰকৃতি কেৱল সংৰক্ষিত বনাঞ্চলত নহয় সকলোতে সংৰক্ষণ কৰাৰ দৰকাৰ। মানুহৰ সৈতে প্ৰকৃতিৰ সম্পৰ্ক ওত:প্ৰোত। গতিকে এই সম্পৰ্কটো বুজাৰ আৰু আগতকৈও শক্তিশালী কৰাৰ দৰকাৰ। যোৱা এটা বছৰে ফাৰমানাৰ খেতিয়কৰ লগত কাম কৰি মোৰ এই বিশ্বাসটো আগতকৈও দৃঢ় হৈছে। কেতিয়াবা হেঁপাহ হয়, এনে বিষয় এটাৰ ওপৰত গৱেষণা কৰিবলৈ, বিশ্ববিদ্যালয়ৰ সেই সাধনাৰ দিনবোৰ ঘুৰাই পাবলৈ।’

‘এতিয়াওতো পাৰা? এতিয়াও তেনে কিবা এটা কৰাত তোমাক কোনে বাধা দিছে?’

তুলিকাই ভৱিলে, সঁচাইতো। কোনে বাধা দিছে তাইক?

‘কিন্তু কেনেকৈ ক’ত আৰম্ভ কৰিম?’ মনৰ প্ৰশ্নটো মুখ ফুটাই সুধিলে তাই।

‘সেয়াও তুমিয়ে জানিবা, নহয় জানো? মিচেলে হাঁহি মাৰি কৈছিল।

মিচেলৰ সেই হাঁহিৰ অৰ্থ তুলিকাই ঠিকেই বুজিছিল। তেওঁ প্ৰায়ে কয়, মানুহৰ সকলো প্ৰশ্নৰ সমিধান নিজৰ মাজতে লুকাই থাকে। হৃদয়ৰ নিভৃত কোণত সাৰে থাকে সকলো সমস্যাৰে মোকামিলা কৰিব পৰা অন্তৰ্শক্তি। মাথোঁ সেয়া বিচাৰিবলৈ জানিব লাগে। সেই বাটেৰে আগবাঢ়িবলৈ কিছুমান সঁজুলি লাগে- য’ত মিচেলে সহায় কৰিব পাৰে। আজি ছমাহে মিচেলৰ লগত সময় কটাই তুলিকাই সেয়া বুজা হৈছে। সেইবাবেই আজি তাই অফিচৰ পৰা বাহিৰে বাহিৰে ফাৰমানাৰ গ্ৰন্থাগাৰ ওলাইছেহি।

নামবোৰ চায়ে আগ্ৰহ ওপজা কেইবাখনো কিতাপ তুলিকাই খাপৰ পৰা উলিয়াই আনিলে। একোণত দেখা পালে, পাতল সেউজীয়া চোফাৰ সন্মুখত কাঠৰ কফিটেবুল এখন। সেইখিনিত মানুহ তেনেকৈ নাই। তাতে কিতাপকেইখন থৈ তুলিকাই এখন এখনকৈ পাত লুটিয়াই গ’ল। যিমানেই পঢ়িলে সিমানেই যেন মনলৈ এক নতুন উদ্যম আহি পৰিল! মিচেলৰ লগত পাতোঁতে ক’ত কেনেকৈ তেনে গৱেষণা কৰিব তাৰ চিন্তাই তাইক উজুটি খোৱাইছিল। এইবাৰ পিছে তাৰ সলনি ভাৱ হ’ল, কি হ’ব তাইৰ গৱেষণাৰ বিষয়? কোন ঠাইত কেনে তথ্য গোটালে তাইৰ গৱেষণাৰ প্ৰশ্নৰ উত্তৰ পাব? কিমান সময় সেই কিতাপবোৰৰ মাজতে ডুব গৈ আছিল ক’ব নোৱাৰে- এনেতে কাৰোৱাৰ মাতত তুলিকা উচপ খাই উঠিল।

‘তুলিকা!?’

মূৰ তুলি চাই দেখে তাইৰ নিচেই কাষতে সেয়া থিয় দি আছে ৰায়ান। সেই একেই নীলিম দুচকু, ফিৰ্‌ফিৰিয়া মুগা চুলিৰ পনিটেইল। তাৰ লগে লগে তাইড় হৃদয়ত সেই একেই উখল মাখল! কিয়? কিয়?

‘তুলিকা, তুমি ইয়াত?’

‘হাই ৰায়ান! কিতাপ দুখনমান বিচাৰি আহিছিলোঁ। তুমি?’ তুলিকাই সহজ হ’বৰ আপ্ৰাণ চেষ্টা কৰি ক’লে।

ৰায়ানে সেই সকলো কৃত্ৰিমতা আওকাণ কৰি তাইৰ কাষতে বহি পৰিল। তাৰপিছত লাহেকৈ তাইৰ সোঁহাতখনত ধৰি ক’লে,

‘কিমান ব্যাকুল হৈ তোমাক বিচাৰি ফুৰিছোঁ তুমি নুবুজিবা তুলিকা! মোৰ সৈতে এবাৰ কথাও পাতিব নোখোজা তুমি?’

তুলিকাই তলমূৰ কৰিলে। চকুলো ভৰি আহিব খুজিলে তাইৰ। ৰায়ানো আবেগিক হৈ পৰিল।

‘তোমাক লগ কৰাৰ মানসিক প্ৰস্তুতি নাছিল, ৰায়ান!’ তাই ক’লে।

‘তোমাৰ লগত বহুত কথা আছে! আজি তুমি শুনিবই লাগিব। প্লিজ না নকৰিবা।’

তুলিকাই অলপ বিব্ৰত হৈ ইফালে-সিফালে চালে। তাৰপিছত ক’লে, ‘ঠিক আছে দিয়া। কিন্তু বাহিৰলৈ যাওঁ নেকি?’

ৰায়ানে মূৰ দুপিয়ালে। তুলিকাই উলিয়াই অনা কিতাপ কেইখনৰ পৰা এখন বাচি লৈ মেচিনতে চেক আউট কৰিলেগৈ। তাৰপিছত দুয়ো ওলাই আহিল আৰ্ণ নৈৰ পাৰলৈ। আৰ্ণ নৈত তেতিয়া এজাক গাল চৰাইৰ জলকেলি চলিছে। পানীৰ ওপৰেৰে উৰি উৰি ভুটুংকৈ সিহঁতে চোঁ মাৰি মাছ ধৰি নিছে। দূৰৈত নৈৰ বুকুত দুখন কমলা ৰঙী কায়াক। আজিৰ আৰ্ণ নৈ যেন খুবেই শান্ত। সেই পৰিৱেশটোৱে তুলিকাকো যথেষ্ট শান্ত কৰিলে। পাৰৰ ঘাঁহনিতে দুয়ো বহি পৰিল।

‘কোৱা কি ক’ব খুজিছা?

‘মই আই আৰ এ-ৰ সদস্য নহয়- সন্ত্ৰাসবাদীতো নহয়েই!’ ৰায়ানে কোনো অৱতাৰণা নোহোৱাকৈ ক’লে।

‘লিছাই কৈছে মোক!’ তুলিকাই এইখিনি কথা ইতিমধ্যে গম পাইছে। কিন্তু জনা নাই তেনে কেনেকৈ ফাৰমানা আৰু অ’মাৰ বিস্ফোৰণৰ লগত ৰায়ান জড়িত হৈ পৰিল। ৰায়ানে তাইৰ মনৰ ভাৱ বুজিয়ে কিজানি ক’লে,

‘বিস্ফোৰণৰ লগত মোৰ নাম জড়িত হৈ পৰাৰ কাহিনী দীঘলীয়া। লগতে গোপনীয়ও। সেইবাবেই সিদিনা ফোনত ক’ব পৰা নাছিলোঁ। ভাৱিছিলোঁ পুলিচৰ কব্জাৰ পৰা মুকলি হৈ আহিয়ে তোমাক সকলো খুলি ক’ম। কিন্তু তাৰ আগতেই তুমি…………’

ৰায়ানৰ মাতটো ভাঙিব খুজিলে। তুলিকা যেন জ্বলি থকা মম এডালৰ দৰে গলিবলৈ ধৰিলে। আজি ইমান দিনৰ মূৰত লগ পাইছে। অতদিনে কোনো কথাই মুকলিকৈ আলোচনা কৰাৰ সলনি তাই আঁতৰি ফুৰিলে। আৰু আজিও যেন ভাল-বেয়া একো খৱৰ নলৈ পোনেই তাক জেৰা কৰিবলৈ আৰম্ভ কৰিছে!

‘বেয়া নাপাবা ৰায়ান! যোৱা কেইটামান সপ্তাহ মোৰো বৰ বেয়াকৈ গ’ল। সেইকাৰণেই অলপ দিন নিজাকৈ দৰকাৰ হৈছিল।’

‘মই জানো! লিছাই মোক সকলো কৈছে!’ ৰায়ানে ক’লে, ‘কিন্তু তোমাক যে কথখিনি মুকলিকৈ নোকোৱালৈকে মই শান্তিৰে থাকিব নোৱাৰোঁ। সেইবাবেই এনেদৰে ব্যাকুল হৈ তোমাক বিচাৰি আছিলোঁ।’

মান-অভিমানৰ ভেঁটা ভঙাৰ লগে লগেই যেন সিহঁতৰ কথাৰ শেষ নোহোৱা হ’ল। ৰায়ানে ক’লে, ডেৰীৰ ৰায়তত সহকৰ্মী চেৰাৰ মৃত্যু হোৱাৰ পিছৰে পৰা সি আই আৰ এ-ৰ কাৰ্যকলাপৰ অনুসন্ধানত লাগি পৰিল। ৰাজনৈতিক সংবাদদাতা হিচাপে ফাৰমানা হেৰল্ডৰ পৰাই সেই প্ৰকল্পটো পালে। কিন্তু একে কাৰণতেই ৰায়ানে সকলো তথ্য পৰম সাৱধানে আৰু সংগোপনে সংগ্ৰহ কৰিব লগাত পৰিল। আই আৰ এ-ৰ কেইবাখনো গোপনীয় সভাত আনকি ছদ্মবেশেৰে যোগ দিলে। সেইবাবেই বোমা বিস্ফোৰণৰ সময়ত স্বয়ং পুলিচেও জনা নাছিল ৰায়ান প্ৰকৃততে সাংবাদিকহে বুলি। সেয়ে দুয়ো ঠাইতে সেই সময়ত উপস্থিতিৰ সম্ভেদ পাই আটক কৰি নিছিল। পিছত ফাৰমানা হেৰল্ড কাকতে যুক্তি-প্ৰমাণ দিয়াতহে মুকলি কৰি দিলে।

‘কিন্তু ৰাজনৈতিক সাংবাদিকতা মোৰ দ্বাৰা নহয় আৰু তুলিকা! ইমান ক্ষোভ-হতাশা আৰু হিংসা মোৰ নিজৰ বাবেই বোজা হৈ পৰে প্ৰায়ে। বিস্ফোৰণৰ ঘটনাটোৱেই দেখুৱালে সেই পৃথিৱীখনে মোৰ ব্যক্তিগত সুখ-শান্তি পলকতে আঁজুৰি লৈ যাব পাৰে। কিছুদিন যুৱপ্ৰজন্মৰ ভাল বাতৰি লিখিম বুলি ভাৱিছোঁ। সেইকাৰণেই আজি গ্ৰন্থাগাৰলৈ আহিছিলোঁ!’

তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে। কত যে কি দুৰ্ভাৱনা আহি পৰিছিল তাইৰ মনলৈ! কিছু অপৰাধবোধো কৰিলে, বিপদৰ সময়ত ৰায়ানৰ কাষত থাকিব নোৱাৰাৰ বাবে।

‘সন্ত্ৰাসবাদ আৰু স্বাধীনতা যুঁজৰ সৈতে মোৰ নিজৰো ওচৰ সম্পৰ্ক আছে, ৰায়ান। এদিন তোমাক তাৰো কাহিনী ক’ম। সেইবাবেই মই ইমান বিহ্বল হৈ পৰিছিলোঁ। তোমাৰ কোনো কথাই সুস্থিৰে শুনিব নোৱাৰা হৈ পৰিছিলোঁ।’

ৰায়ানে তাইলৈ চালে। সেই চকুযুৰিত যেন বহুতো নোকোৱা কথাই থুপ পাতিছেহি। লগতে ভাৱ হ’ল যেন এই প্ৰথমবাৰৰ বাবে সিহঁতৰ মাজত থিয় দি ৰোৱা অদৃশ্য দেৱালখন খহি পৰিছে। তুলিকাৰ দুভৰিৰ পৰা যেন শিকলি লগাই বান্ধি থোৱা শিলচটা এৰা খাই গৈছে। ৰায়ানে সদায় বিচাৰি অহাৰ দৰে আজি তুলিকাই তেওঁৰ প্ৰতি এখোজ আগবঢ়াই দিছে! প্ৰথমবাৰৰ বাবে!

‘কোৱা তুলিকা- আজি সকলো শুনিম।’ তুলিকাৰ হাতত হাত থৈ ৰায়ানে ক’লে।


No comments:

Post a Comment