Saturday, 20 September 2025

বিজ্ঞানৰ দৃষ্টিত লোকবিশ্বাস

'সৌৱা গংগাচিলনীয়ে মাতিছে, এইবাৰ বানপানী হ'বই হ'ব'- শৈশৱতে বাৰিষাৰ আকাশেদি টি-টিয়াই উৰি যোৱা গঙাচিলনী এহাললৈ আঙুলীয়াই সমনীয়াই কৈছিল।  

'আজি কাউৰীয়ে বৰকৈ ৰমলিয়াইছে দেই- আলহী আহিব কিজানি!'- পেহীয়ে খদমদমকৈ পাকঘৰত যা-যোগাৰত লাগিছিল। 

'ক'লা মেকুৰীয়ে বাট কাটিলে, আজি ক'লৈকো নাযাওঁ আৰু।' -দেউতা আধা বাটৰ পৰাই ঘৰলৈ উভতিছিল। 

স্মৃতিয়ে ঢুকি পোৱা প্ৰথম দিনটোৰ পৰাই এনেকৈ আমি সকলোৱে পৰিয়াল আৰু সমাজৰ পৰা লোকবিশ্বাসৰ শিক্ষা লৈ আহিছোঁ। যুগ যুগ ধৰি প্ৰচলিত হৈ অহা এই লোকবিশ্বাসবোৰ আমাৰ বাবে জীৱনটো আৰু এই পৃথিৱীখন বুজি পোৱাৰ এক আধাৰ হৈ আহিছে। সময়ৰ পৰিক্ৰমাত তাৰে কিছুমান হয়তো দৃঢ় হৈছে, কিছুমান পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিন্তু কেতিয়াবা সুধি চাইছেনে, এই লোকবিশ্বাসবোৰৰ আঁৰত বৈজ্ঞানিক যুক্তিযুক্ততা কিমান? বা কেনেকৈনো এই বিশ্বাসবোৰ গঢ় লৈ উঠিব পাৰে? আহকচোন, এনে কিছু লোকবিশ্বাসৰ আঁত বিচাৰি যাওঁ আৰু বিজ্ঞানে কি কয় জানো-

১) কাউৰীয়ে ৰমলিয়ালে আলহী আহে

এয়া হয়তো অসমত বহুলভাৱে প্ৰচলিত লোকবিশ্বাসবোৰৰ এটা। প্ৰকৃততে কাউৰীৰ সৈতে জড়িত এনে বহু লোকবিশ্বাস কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে প্ৰচলিত হৈ আহিছে। ভাৰতীয় লোকগাথাত কাউৰীক পূৰ্বপুৰুষৰ দূত বুলি গণ্য কৰা হয়। জাপানৰ শ্বিন্টো পৌৰাণিক কাহিনীতো কাউৰীক এক ঐশ্বৰিক দূত হিচাপে উল্লেখ কৰিছে। সেয়ে হয়তো ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ালে পূৰ্বপুৰুষৰ আত্মাই ভ্ৰমণ কৰিছে বা কোনোবা আহি আছে বুলি বহুতে ধাৰণা কৰে।


উৎস: ৱিকিকমন্স

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে কাউৰী অতি বুদ্ধিমান আৰু সামাজিক চৰাই। কাউৰীয়ে ৰমলিউৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সাধাৰণতে ই মানুহ বা অন্য জন্তু দেখিলে আগন্তুক বিপদৰ বিষয়ে অন্য কাউৰীক সতৰ্ক কৰি দিবলৈ (alarm call), নিজৰ ঠাই বা ভুখণ্ড প্ৰতিপন্ন কৰিবলৈ (Territorial call), ইটোৱে সিটোৰ সৈতে যোগাযোগ কৰিবলৈ (communication call) ৰমলিয়ায়। ভালকৈ মন কৰিলে এই বিভিন্ন মাতবোৰৰ পাৰ্থক্য আপুনিও শুনা পাব। গতিকে, যেতিয়াই আপোনাৰ ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ায়, প্ৰায়ে তাৰ আঁৰত এই কাৰণবোৰ লুকাই থাকে। কেতিয়াবা হয়তো পথচাৰীক দেখি মাত দিয়াৰ পিছত কাকতালীয় ভাৱে সেই পথচাৰী আপোনাৰ আলহী হৈছেহি। কিন্তু বিজ্ঞানৰ দৃষ্টিত এই দুয়োটা ঘটনা কাকতালীয়হে, কাউৰীয়ে ৰমলিউৱাৰ লগত আলহী অহাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। 

২) এযোৰা শালিকা দেখিলে দিনটো শুভ হয়

উৎস: ৱিকিকমন্স
শৈশৱতে স্কুললৈ যোৱাৰ পৰত প্ৰায়ে ঘৰৰ চৌহদত বা আলিবাটত দুচকুৱে যুৰীয়া শালিকাৰ সন্ধান কৰিছিল। কেনেবাকৈ কেৱল এটা শালিকা দেখা পালে তৎক্ষণাৎ ওচৰে-পাজৰে দ্বিতীয়টো শালিকা বিচাৰিছিলোঁ। কাৰণ এটাই, এযোৰা শালিকা একেলগে দেখা মানেই দিনটো ভালেৰে যাব। পিছত গম পালোঁ,  কেৱল অসমতে নহয়, ভাৰত আৰু শ্ৰীলংকাৰ বহু ঠাইত এই লোকবিশ্বাস বহুলভাৱে প্ৰচলিত।  

শালিকা সামাজিক চৰাই। ইহঁতে প্ৰায়ে যোৰা পাতি বা গোট বান্ধি চৰে। তাতে শালিকা মানুহৰ আশে পাশেই থাকে। গতিকে আমি প্ৰায়ে ইহঁতক যুৰীয়াকৈ দেখাৰ সম্ভাৱনাই বেছি। বন্যজীৱ বিজ্ঞানে দেখুৱাইছেো যে ইহঁতে প্ৰায়ে জীৱনলৈ যোৰা পাতে- অৰ্থাৎ মতা আৰু মাইকী শালিকাবোৰ একপত্নিক (Monogamous)। হয়তো আমাৰ পূৰ্বপুৰুষে প্ৰকৃতিৰ দৈনন্দিন পৰ্য্যবেক্ষণৰ পৰা  এইবিষয়ে জানিছিল আৰু সেয়ে হয়তো এযোৰা শালিকা শুভ লক্ষণ বুলি বিশ্বাস উপজিছিল। বিজ্ঞানৰ দৃষ্টিত এযোৰা শালিকা দেখা পোৱাটো চৰাইৰ প্ৰাকৃতিক আচৰণৰ প্ৰতিফলন, কোনো আলৌকিক চিন নহয়। যদিও ই ভাগ্য বা ভৱিষ্যতৰ পৰিঘটনাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, সাংস্কৃতিক ভাৱে ইয়াৰ অৰ্থ ইতিবাচক আৰু বহু লোকগাথাত এনে যোৰা সমন্বয়, প্ৰেম আৰু সম্পূৰ্ণতাৰ সূচক।

৩) ক'লা মেকুৰীয়ে বাট কটিলে যাত্ৰা ভংগ হয়

উৎস: ৱিকিকমন্স
ক'লা মেকুৰীক লৈ বহুতো লোকবিশ্বাস অসমকে ধৰি বিশ্বৰ প্ৰায়বোৰ অঞ্চলত প্ৰচলিত হৈ আহিছে। মধ্যযুগীয় ইউৰোপত ক’লা মেকুৰীক ডাইনী আৰু দুষ্ট আত্মাৰ প্ৰতীক বুলি ভৱা হৈছিল। সময়ৰ লগে লগে ক'লা মেকুৰীয়ে দুৰ্ভাগ্য মাতে বুলি বিশ্বাস গঢ় লৈ উঠিল। কিন্তু অন্য কিছুমান সংস্কৃতিত ক’লা মেকুৰীৰ স্থান তাৰ বিপৰীত। উদাহৰণস্বৰূপে, জাপানী লোকগাথাত ক’লা মেকুৰীয়ে বিশেষকৈ মহিলাৰ বাবে সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰে। তেনেকৈ, স্কটিছ পৰম্পৰাত কাৰোবাৰ ঘৰলৈ ক’লা মেকুৰী এটা অহা মানে সমৃদ্ধিৰ চিন বুলি ধৰা হয়। 

বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মেকুৰীৰ ক’লা ৰংটো জিনগত উৎপৰিৱৰ্ত্তন (genetic mutation) ৰ ফলত ইউমেলানিন নামৰ ৰঞ্জক উৎপন্ন কৰাৰ বাবে হয়। এই ৰঞ্জকে মেকুৰীৰ গাৰ নোম ক'লা কৰে। ক'লা মেকুৰীৰ আচৰণ অন্য যিকোনো ৰঙৰ সাধাৰণ মেকুৰীৰ দৰেই। ইহঁতৰ মাজত ৰহস্যময় একো নাই। 

মেকুৰী এটাই বিভিন্ন কাৰণত বাট পাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে চিকাৰ বা সংগীৰ সন্ধানত বা ইয়াৰ থকা ঠাইলৈ যাবলৈ বা বিপদ আৰু অন্য জন্তুৰ পৰা পলাবলৈ।প্ৰকৃততে মানুহে বন্ধা আলিবাট মেকুৰীৰ যাত্ৰাত এক বাধাহে। গতিকে ক’লা বা যিকোনো ৰঙৰ মেকুৰী এটাই আপোনাৰ আগেদি বাট পাৰ হ'লে আপোনাৰ জীৱনত ভাল বা বেয়া কিবা এটা ঘটাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায়। আনকি এঢাপ আগবাঢ়ি ক'ব পাৰি যে, মানুহে বাট কাটিলে ক'লা মেকুৰীৰ বাবেহে অমংগল হ'ব পাৰে। কাৰণ ক'লা হোৱাৰ বাবে চকুত নপৰিলে গাড়ী-মটৰৰ চেপাত সিহতঁৰহে অপমৃত্যুৰ আশংকা বেছি!

৪) আপোনাৰ দেহত পখিলা পৰিলে শুভ

পখিলা বা প্ৰজাপতিক লৈ অসমত বহুধৰণৰ লোকবিশ্বাস আছে। ইয়াৰ বেছিভাগেই ইতিবাচক। বিশেষকৈ কাৰোবাৰ দেহত পখিলা পৰিলে শুভ বুলি প্ৰায়ে শুনোঁ। ক'ৰৱাত আকস্মিকভাৱে পখিলা এটা আহি আপোনাৰ হাত, মুখ বা কান্ধত ৰং-বিৰঙী পখিলা এটা আহি পৰিলে এনেয়ে ভাল লাগিব, নহয়নে? গতিকে সেই ভাল লগা মুহূৰ্তটোৱেই শুভ। কাৰণ বিজ্ঞানৰ দৃষ্টিত এয়া এক প্ৰাকৃতিক পৰিঘটনা, কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

বৈজ্ঞানিক তথ্য অনুসৰি পখিলাক বিভিন্ন প্ৰাকৃতিক কাৰকে আকৰ্ষণ কৰিব পাৰে। আপোনাৰ দেহত পৰিবলৈ আকৰ্ষিত কৰা এনে কিছুমান কাৰক হ'ল, আপোনাৰ কাপোৰৰ উজ্জ্বল ৰং, শৰীৰৰ উষ্ণতা, আপুনি লৈ যোৱা কোনো সুগন্ধিময় ক্ৰীম বা পাৰফিউম, আনকি আপোনাৰ ঘামত থকা নিমখ আৰু খনিজ পদাৰ্থ৷ এই কাৰকসমূহ পখিলা এটিৰ জীৱনৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব পাৰে। গতিকে আপোনাৰ দেহত পখিলা এটা আহি পৰাটো পৰিৱেশৰ কাৰকৰ ফলত হোৱা এক যাদৃচ্ছিক, স্বাভাৱিক পৰিঘটনা — কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।

উৎস: https://depositphotos.com

৫) ফেঁচাৰ নিউ নিউ মাত মৃত্যুৰ ভৱিষ্যতবাণী

ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিয়ৰি উঠে। ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্চিত ভূমিকা লাভ কৰি আহিছে৷ 

অসমত বিছ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে Forest-Eagle Owl৷ বহুতে ভাবে, ইয়াৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ ঘৰৰ ছালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ফেঁচাই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে৷ লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ইয়াৰ সৈতে মানুহৰ ভাগ্য বা অকাল মৃত্যুৰ কোনো সম্পৰ্ক নাই।

প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল ৷ ফলত ইয়ে এক অমংগলৰ প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘুৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস সকলো মিলি যেন ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ সেয়ে এনে ঠাইৰ পৰা ভাঁহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷ 

লোকবিশ্বাসৰ আধাৰ হৈছে চাৰিওকাষৰ পৰিঘটনাৰ পৰ্যবেক্ষণ আৰু সেইবোৰ ব্যাখ্যা কৰাৰ বাবে মানুহৰ চিৰন্তন প্ৰচেষ্টা। অতীজৰে পৰা মানুহে প্ৰকৃতিৰ বিভিন্ন ঘটনা বা পৰিৱৰ্তন লক্ষ্য কৰিছে আৰু তাৰ কাৰণ বা মানুহৰ জীৱনত তাৰ পৰা পৰিব পৰা প্ৰভাৱ বিচাৰ কৰি চাইছে। গতিকে কাকতালীয়ভাৱে ঘটা দুটা ঘটনাৰ এনে সংযোগ উলিয়াই মানুহে নিজৰ জীৱন সুৰক্ষিত কৰাৰ চেষ্টা কৰে- অপায়-অমংগলৰ পৰা হাত সাৰি থকাৰ চেষ্টা কৰে।

মনোবিজ্ঞানৰ মতে লোকবিশ্বাসৰ অন্য এক কাৰণ হ'ল, নিশ্চিতকৰণ পক্ষপাতিত্ব (Confirmation bias)। নিশ্চিতকৰণ পক্ষপাতিত্ব সৃষ্টি হয় যেতিয়া মানুহে নিজৰ ইতিমধ্যে থকা এটা বিশ্বাসক নিশ্চিত কৰা পৰিঘটনাবোৰ লক্ষ্য কৰে আৰু মনত ৰাখে, কিন্তু সেই বিশ্বাসৰ সৈতে সামঞ্জস্য নথকা যিকোনো কথা আওকাণ কৰে। উদাহৰণস্বৰূপে, ক’লা মেকুৰী এটাই আপোনাৰ বাট কটাৰ পিছত যদি কিবা বেয়া হয় তেন্তে সেইটো আপোনাৰ মনত থাকে। কিন্তু যদি একো নহয় (বা ভাল কিবা এটা হয়), তেন্তে সেইটো পাহৰি যায় — কাৰণ সেইটোৱে ইতিমধ্যে থকা আপোনাৰ বিশ্বাসটোক সমৰ্থন নকৰে। তেনেদৰে কাউৰীয়ে ৰমলিয়ালে, সেইদিনাই আলহী আহিল- আপোনাৰ বিশ্বাসটো দৃঢ় হৈ পৰিল। কিন্তু যদি কাউৰীয়ে ৰমলিয়ালে কিন্তু কোনো নাহিল- গতিকে আপুনিও হয়তো সেই কথা পাহৰি পেলালে। শৈশৱৰে পৰা লৈ অহা এনে যিকোনো লোকবিশ্বাসৰ আঁত বিচাৰি চাবচোন- ইয়াৰ সাংস্কৃতিক আৰু বৈজ্ঞানিক সূত্ৰই নিজকে আৰু এই পৃথিৱীকো নতুনকৈ চিনাৰ বাট মুকলি কৰিব পাৰে।

প্ৰকৃতিৰ সৈতে জড়িত এনে কোনো লোকবিশ্বাস আপুনিও লৈ আহিছে নেকি? তলত মন্তব্য দি জনাব পাৰে। তেনে যিকোনো লোকবিশ্বাসৰ বৈজ্ঞানিক সূত্ৰ বিচৰাৰ চেষ্টা কৰি চাম!

Sunday, 7 September 2025

ঠিকনা

শ্বেফিল্ড, ইংলেণ্ড; ২০১৪

প্ৰথমবাৰৰ বাবে আপোন ঠাই আৰু জীৱন এৰি আহি সাত সাগৰ তেৰ নদীৰ সিপাৰে থিতাপি লৈছোঁ। ইংলেণ্ডৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ত ডক্টৰেট গৱেষণা আৰম্ভ হৈছে। বিদেশৰ মাটিত এক নতুন জীৱন আৰম্ভ কৰাৰ উত্তেজনা, অচিনাকি পৰিৱেশ-অচিনাকি মানুহৰ মাজত নিজকে হেৰুওৱাৰ আশংকা সকলো মিলি এক আবেগ-উদ্বাউল সময়। প্ৰথম মাহটো বেড এণ্ড ব্ৰেকফাষ্ট ঘৰ এটাতে কটাই নিগাজীকৈ থাকিবলৈ ভাড়াঘৰ বিচৰাৰ সিদ্ধান্ত লৈছোঁ।

বেড এণ্ড ব্ৰেকফাষ্টৰ গৃহিণী গ্ৰেচ দেখাতেই সাদৰী মহিলা। প্ৰতিনিশা খোৱাৰ মেজত বিধে বিধে খাদ্য যতনাই দিছে। আগ্ৰহেৰে মোৰ সৈতে কথা-বতৰা হৈছে। এনে এটা দিনতে নিশাৰ সাজ খোৱাৰ পৰত গ্ৰেচে ঘপকৈ ক'লে, 'তুমি ইমান সুন্দৰ ইংৰাজী কোৱা! প্ৰথমতে মই আচৰিতেই হৈ গৈছিলোঁ।'

প্লেটৰ পৰা চালাড অলপ মুখলৈ নিবলৈ লৈও মোৰ হাতৰ চামুচখন থমকি ৰ'ল, 'কিয়?'

'নহয় মানে ভাৰতৰ মানুহে এনে সলসলীয়াকৈ ইংৰাজী ক'ব পাৰে বুলি জনা নাছিলোঁ। তাতে প্ৰথমে তুমি ভিয়েটনামৰ পৰা অহা বুলিহে ভাবিছিলোঁ।' গ্ৰেচে অলপ সংকোচেৰে ক'লে। যেন মোৰ অনুভৱক আহত কৰাৰ সংশয়!

মোৰ মাতটো অলপ কুমলিল। মোৰ মংগোলীয় চেহেৰা দেখি তেনে ধাৰণা হোৱাটোৱে স্বাভাৱিক। হাঁহি মাৰি গ্ৰেচক বুজালোঁ, 'মই উত্তৰ-পূব ভাৰতৰ- অসমৰ। উত্তৰ-পূবৰ বহুতো লোক দেখাত মংগোলীয় ঠাচৰ। ইংলেণ্ডত ভাৰতীয় বুলি ক'লে সকলোৱে হয়তো অন্য ঠাইৰ ভাৰতীয়ৰ কথাই সচৰাচৰ ভাবে। কিন্তু ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ চেহেৰা-ভাষা-সংস্কৃতি-খাদ্যাভাস সকলো ভিন্ন।'

গ্ৰেচৰ মুখখন কিছু পোহৰ হ'ল। সৰু ফুলকটা বাটি এটাত মোলৈ পুডিং অলপ আগবঢ়াই দি ক'লে,

'মই আকৌ ভাৰতৰ চৰকাৰী ভাষা হিন্দী বুলিয়ে ভাবি আছিলোঁ।'

'আচলতে ভাৰতৰ সংবিধানত ২২ টা আঞ্চলিক ভাষাৰ স্বীকৃতি দিছে। চৰকাৰী ভাষা হিচাপে ইংৰাজী আৰু হিন্দী সমানেই প্ৰচলিত।'

গ্ৰেচে দুচকু বহল কৰি শুনিলে, ভাৰতৰ ঐতিহ্য-ভাষা-সংস্কৃতিৰ বিষয়ে বহু কথা সুধিলে। অসম আৰু ভাৰতৰ বিষয়ে মই আগ্ৰহেৰে যিমান পাৰোঁ বুজালোঁ। সেইনিশা কথা সামৰি বিছনালৈ যাওঁ মানে বহু পৰ হ'ল।

সেই যে আৰম্ভ হ'ল, তাৰ পিছত ইংলেণ্ডত থকা চাৰিটা বছৰত বহুবাৰ একেবোৰ প্ৰশ্নৰ মুখামুখি হ'লোঁ। বহুতক বহুবাৰ বুজাব লগা হ'ল- মই ক'ৰ, কিয় দেখিবলৈ অন্য ভাৰতীয়ৰ দৰে নহয়। পিছলৈ পোনেই গুগল মেপলৈ গৈ উত্তৰ-পূব দেখুৱাবলৈ ল'লোঁ। মানুহে সোধাৰ আগতেই ভাৰতত ইংৰাজ উপনিৱেশীকৰণৰ ইতিহাস আৰু তাৰ প্ৰভাৱৰ কথা ক'বলৈ ল'লোঁ। ভাৰতৰ অন্য অংশৰ তুলনাত যে উত্তৰ-পূবে কিমান দিনলৈ ইংৰাজক ভেদি ৰাখিছিল, আহোম ৰাজবংশই কেনেকৈ বৰ অসম গঢ়িছিল তাৰ গৌৰৱময় বৰ্ণনা দিবলৈ ল'লোঁ। মানুহৰ আশ্চৰ্য্য-বিভ্ৰান্তি ভৰা মুখবোৰে যেন মোক আমোদ দিবলৈ ল'লে। নিজকে প্ৰতিশ্ৰুতি দিলোঁ, মই ক'ৰ আৰু কিয় দেখাত এনে চেহেৰাৰ সেয়া যদি ক'বই লাগে তেনে মই বিচৰাৰ দৰেই ক'ম। 

পিছে সেই আমোদ বিৰক্তি আৰু তিক্ততালৈ ৰূপান্তৰ হ'বলৈ বেছি দিন নালাগিল!

জেদাহ, চৌদি আৰব; ২০১৬

ইংলেণ্ডৰ মানচেষ্টাৰৰ পৰা বাংগালোৰলৈ চৌদিয়া এয়াৰৱেইজৰ বিমান। চৌদি আৰৱৰ জেদ্দাহ বিমান বন্দৰত আঠঘণ্টা লে' অভাৰ। দীঘলীয়া বিমান যাত্ৰাৰ বিৰতিত বিমানবন্দৰত হাত-ভৰিবোৰ পোনাইছোঁ। একেসময়তে চকুত পৰিছে, মোৰ চাৰিওকাষে প্ৰায়ভাগ মহিলাই মূৰৰ পৰা ভৰিলৈকে ক’লা বোৰ্খাৰে আবৃত। চৌদি আৰৱ ৰক্ষণশীল বুলি জানোঁ- গতিকে মোৰ দেহৰ জিনছ আৰু টিচাৰ্টক লৈও কিছু সন্দিহান হৈ পৰিছোঁ!

ডিউটি ফ্ৰী অংশটোতে দোকানৰ বয়-বস্তুবোৰত চকু ফুৰাই খোজ দিবলৈ আৰম্ভ কৰিলোঁ। আকৌ কেতিয়াবা চৌদি আৰৱলৈ অহাৰ সম্ভাৱনা কম। এই সুযোগতে চৌদি আৰৱৰ স্মৃতিচিহ্ন বুলি কিবা এটা কিনাৰ হেঁপাহ হ'ল।

এখন দোকানৰ হৰেক ৰকমৰ বস্তুবোৰ চাই থাকোঁতে দোকানীজন আগবাঢ়ি আহিল। গাঢ় নীলা চ্যুট পৰিহিত এজন ওখ-পাখ যুৱক।

'হাউ কেন আই হেল্প ইউ? আপোনাক কিবা সহায়ৰ দৰকাৰ?' তেওঁ সুধিলে।

'নাই, মই বস্তুবোৰ চকুহে ফুৰাইছোঁ! ফ্লাইটলৈ বহুত সময় আছে।' মই ক'লোঁ।

'অঁ, একো নাই। ক'লৈ যাব আপুনি?

'ভাৰতলৈ।' মোৰ নিৰ্বিকাৰ উত্তৰ।

'ফুৰিবলৈ?' এইবাৰ যেন মানুহজন আগ্ৰহী হৈ উঠিল। 'মই ভাৰতৰ আচলতে!'

'অঁ হয় নেকি? ময়ো ভাৰতৰে- অসমৰ।'

দোকানীজনৰ চকু বহল হৈ পৰিল, 'আপুনি ভাৰতৰ??'

তেওঁৰ আশ্চৰ্য্যচকিত দুচকুৱে আকৌ এবাৰ মোক সোঁৱৰাই দিলে, মোৰ মংগোলীয় চেহেৰাই এওঁকো বিভ্ৰান্তিত পেলাইছে। উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীয় বৈচত্ৰ্যতা যেন ভাৰতৰ অন্য ঠাইৰ মানুহৰ সাধাৰণ জ্ঞানৰ পৰিধিত নপৰেই!

কিন্তু যুৱকজন তাৰ পৰাও আৰু এঢাপ আগুৱাই গ'ল। 'আপুনি সঁচাই ভাৰতৰ? আপুনি নিশ্চিতনে?'

কি কয় এওঁ! ভাৰতীয় বুলি মই নিজে নিশ্চিত হয়নে নহয়! মোৰ ভৰিৰ পৰা মুখলৈ তেজ এসোঁতা উজাই অহা যেন ভাৱ হ'ল।

'হয়, মই নিশ্চিত।'

'নহয় মানে, আপোনাৰ মা-দেউতাও ভাৰতীয় নে?'

বুজিলোঁ, তেওঁ অজ্ঞানতাৰ গহ্বৰত মোৰ মংগোলীয় ঠাচৰ সূত্ৰ উদ্ধাৰৰ চেষ্টা কৰিছে। মনৰ তিক্ততাখিনি সামৰি ৰাখিবলৈ কষ্ট হ'ল!

'আপুনি আগতে কেতিয়াও ভাৰতৰ উত্তৰ-পূবৰ মানুহ লগ পোৱা নাই নেকি?'

মোৰ মাতটো হয়তো কঠোৰ হৈ ওলাল। নিমিষতে সংকুচিত হৈ পৰি তেওঁ ক'লে,
'অহ বেয়া নাপাব দেই! আপোনাক থাইলেণ্ডৰ বুলিহে ভাৱিছিলোঁ।'

সেই মুহূৰ্তত সিদ্ধান্ত ল'লোঁ, বিদেশী মানুহক মোৰ শিপাৰ কথা ক'ম; আমাৰ ইতিহাস, কলা-সংস্কৃতিৰ বৈচিত্ৰ্যতাৰ কথা বুজাম। কিন্তু অন্য ভাৰতীয়ক মই বুজাবলৈ নাযাওঁ। নিজৰ দেশৰ বিষয়ে জনাৰ কৰ্তব্য তেওঁলোকৰ নিজৰ। সেই অজ্ঞানতা আৰু ধৃষ্টতা আঁতৰোৱাৰ দায়িত্ব মোৰ নহয়।


এনিছকিলেন, আয়াৰলেণ্ড; ২০১৯

উত্তৰ আয়াৰলেণ্ডৰ এনিছকিলেন নামৰ সৰু চহৰখনত চাকৰিৰ প্ৰথম সপ্তাহ। অজান্তি মুলুকত এটা নতুন জীৱন আৰম্ভ কৰিছোঁ। সেইদিনা পুৱা সকলোতকৈ আগেয়ে মই প্ৰথম অফিচ সোমালোঁ।

আইৰিছ শীতৰ দিন। বেলি মূৰ দাঙিবলৈ তেতিয়াও বাকী। মোৰ ডেস্কত কম্পিউটাৰ অন কৰি কাম আৰম্ভ কৰিবলৈ লওঁতেই দুৱাৰত টোকৰ পৰিল। 

'গুড মৰ্ণিং, হুৱাটছ দ্য ক্ৰেক?' (আইৰিছ ঠাঁচত কি খৱৰ?)
'গুড মৰ্ণিং, মোৰ ভালেই। আপোনাৰ কেনে?' 
'মোৰ নাম এলেন। অফিচ ঘৰটো চাফা কৰিবলৈ আহিছোঁ। সোমাব পাৰোঁনে?'
'হয়, আহক।' হাঁহি মাৰি ক'লোঁ।

চুটি চাপৰ এজন মানুহ। তপা মূৰ, শীৰ্ণ দেহেৰে এলেনৰ চকুৱে-মুখে সময়ৰ আচোঁৰ। তেওঁ অফিচৰ এমূৰৰ পৰা ভেকুৱাম চলাবলৈ আৰম্ভ কৰিলে। মই ইমেইলত চকু ফুৰালোঁ। 

ভেকুৱামিং সামৰি এইবাৰ এলেনে দীঘল ব্ৰাছডালেৰে মজিয়াখন মচিবলৈ লাগিল। মোৰ ডেস্ক পাই মানে মই উঠি আহি একাষে থিয় দিলোঁহি।

'চীনত কি হৈ আছে বাৰু এতিয়া?' মোলৈ চাই এলেনে অজলা হাঁহি এটাৰে ঘপকৈ সুধিলে।

অলপ থতমত খালোঁ। কিন্তু পলকতে বুজিলোঁ, তেওঁ মই চীনৰ পৰা অহা বুলি ভাৱিছে! মনত পৰিল, ইংলেণ্ড এৰি ইয়ালৈ আহিবলৈ ওলোৱাৰ পৰত বন্ধু লুকে কৈছিল, 'সেইখন যে ইমান ভিতৰুৱা ঠাই- তাত মানুহে কিজানি কোনো ভাৰতীয়ক দেখিয়ে পোৱা নাই।'

'অঁ হে হে, মই চীনৰ নহয়, ভাৰতৰহে!'

এইবাৰ তেওঁ থতমত খালে। আকৌ এবাৰ মোক যেন ভালকৈ চালে। তাৰপিছত সুধিলে,

'তুমি সকলো কাৰীয়ে ৰান্ধিব জানা তেন্তে?'

মোৰ মুখ মেল খাই গ'ল। ক'বৰ মন গ'ল, কাৰী কেৱল এবিধ খাদ্য নাহয়। যিকোনো শাক-পাচলিৰে কাৰী ৰান্ধিব পাৰি। অসমত পিছে আমি বহু সময়ত ভাজিহে খাওঁ। 

'নাই, কিছুমানহে পাৰোঁ।' সকলো মনতে সামৰি থৈ মোৰ সংক্ষিপ্ত উত্তৰ।

কেইবামাহৰ পিছত সেই অফিচৰ সহকৰ্মী সকলক এই ঘটনাটোৰ কথা ক'লোঁ। শুনি তেওঁলোক সচকিত হ'ল, লজ্জিত হ'ল। তেওঁলোকৰ দোষী মুখবোৰ চাই আশ্বাস দিবলৈ বাধ্য হ'লোঁ, 'একো নাই, মোৰ চেহেৰা দেখি প্ৰায়ে মানুহে ভুল ধাৰণা কৰে। এলেনে নাজানে বাবেহে তেনেকৈ কৈছিল!'

এডমণ্টন, কানাডা; ২০২৩

ব'নি ডুন ছুইমিং পুলত সাঁতুৰি আহি চ'নাৰ দুৱাৰখন খুলিলোঁ। এইখিনি মহিলাৰ বাবে আছুতীয়াকৈ থোৱা অংশ। গতিকে গা-পা ধুই আহি পোনেই চ'নাৰ ভিতৰৰ উম লৈ আৰাম লাগে। বিশেষকৈ বৰফৰ দলিচা পৰা জাৰৰ দিনত। পিছে আজি  দুৱাৰখন খুলি থমকি ৰ'লোঁ। 

কণমানি চ'নাটোৰ ভিতৰত গেলেৰীৰ দৰে ইখনৰ ওপৰত সিখনকৈ তিনিখন কাঠৰ বেঞ্চ। তাৰে মাজৰ খনত এগৰাকী মহিলা। শুভ্ৰ টাৱেলখন দীঘলীয়াকৈ পাৰি তেওঁ নগ্ন দেহেৰে ওপৰমুৱাকৈ পৰি আছে। দুৱাৰখন খোলা দেখি তেওঁ মূৰ বেঁকা কৰি চালে কিন্তু বিশেষ লৰচৰ কৰাৰ লক্ষণ নেদেখিলোঁ। উপায় নাপাই মই একেবাৰে তলৰ বেঞ্চখনতে বহি পৰিলোঁ। 

অহ্‌, চ'নাৰ ভিতৰখন অন্য দিনৰ দৰে উমাল হৈ থকা নাইচোন। উঠি গৈ দুৱাৰৰ বাহিৰফালে থকা সেউজীয়া চুইচটো ৰ্টিপি দিলোঁগৈ। ঘুৰণীয়া লাইটো এইবাৰ জিলিকি উঠিল। 

'চুইচটো মইহে বন্ধ কৰিছিলোঁ। বৰ গৰম হৈ পৰিছিল!' মানুহগৰাকীয়ে শুই থকাৰ পৰাই মাত দিলে।

'অঁ হয় নেকি! বেয়া নাপাব। মই এইমাত্ৰ সাতুৰি আহিছো- সেয়ে গাটো অলপ গৰম কৰি ল'ব বিচাৰিছোঁ।' মানুহগৰাকীলৈ পোনপটীয়াকৈ নাচাবলৈ চেষ্টা কৰি ক'লোঁ।

'একো নাই। মই উঠিমেই আৰু।' কৈয়ে তেওঁ উঠি বহিল। টাৱেলেৰে ভৰি দুখন মোহাৰি মোহাৰি ক'লে, 'তোমাৰ কথাৰ ঠাঁচটো বৰ ধুনীয়া। কোন ঠাইৰ বাৰু? হুৱেৰ ইজ দ্যেট বিউটিফুল একচেণ্ট ফ্ৰম?'

মোৰ মনটো অলপ ৰেঙালে, কাৰণ অভিজ্ঞতাই ইতিমধ্যে শিকাইছে ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি কেনেদৰে আগবাঢ়িব। কিন্তু ইতিমধ্যে পলম হৈ গৈছে।

'বহু ঠাইৰ পৰা!' মোৰ সংক্ষিপ্ত উত্তৰ।

'হয় নেকি? অলপ আইৰিছ শুনিছোঁ- বাকী কোন ঠাইৰ পৰা?' তেওঁ সহজে এৰি দিয়া বিধৰ নহয়।

আজি প্ৰথমবাৰ আয়াৰলেণ্ডৰ নাম শুনি কিছু আচৰিত, কিছু পুলকিত হ'লোঁ। তেওঁলৈ চাব খুজিও মুখ ঘুৰাই দিবলৈ বাধ্য হ'লোঁ। তেওঁ ভৰি দুখন এইবাৰ মোৰ দিশে!

'ঠিকেই অনুমান কৰিছে। অলপ আয়াৰলেণ্ডৰ সুৰ আছে কিজানি, বাকী ভাৰতৰ বিভিন্ন ঠাই, অলপ হয়তো ইংলেণ্ডৰ পৰাও আহিছে।'


মানুহগৰাকী এইবাৰ আৰু আগ্ৰহী হ'ল। কৈ গ'ল তেওঁৰ পৰিয়ালৰ কিছু লোক ইংলেণ্ডৰ।তেওঁলোকেও বহু ঠাই ফুৰিছে। মই হয়ভৰ দি গ'লোঁ। তেতিয়ালৈ এই বিষয়ত বিশদ আলোচনা কৰাৰ আগ্ৰহ নোহোৱা হৈছে- তাতে এই মুহূৰ্তত মই 
যে কেৱল দুচকু মুদি চ'নাৰ উম অলপ ল'ব খুজিছোঁ!

এটা সময়ত তেওঁ টাৱেলখন গাত মেৰিয়াই লৈ চ'নাৰ দুৱাৰখন মেলিলে। বাহিৰলৈ খোজ দিয়াৰ আগতে হাঁহি এটাৰে মোলৈ চাই ক'লে, 'গুড নাইট এণ্ড ৱেলকাম ট্যু কানাডা!'

মই যেন বাকৰুদ্ধ হৈ পৰিলোঁ। কোৱা নহ'ল, মই কানাডাৰ নিবাসী হোৱাৰ আধা দশক হৈ গ'ল। কোৱা নহ'ল, তেওঁৰ দৰেই ময়ো ইয়াৰ এগৰাকী নাগৰিক। পাৰ্থক্য মাথোঁ এটাই, মই এগৰাকী অসমীয়া কানাডিয়ান।

উত্তৰ লখিমপুৰ, অসম; ২০২৪

বহুদিনৰ মূৰত অসমলৈ আহিছোঁ। সকলোবোৰ যে ইমান সলনি হৈ গৈছে! লখিমপুৰ চহৰখন আগতকৈও ব্যতিব্যস্ত হৈ পৰিছে- বাটৰ দুয়োকাষে বহু নতুন ঘৰ-দালান উঠিছে। কিন্তু সেই বিশৃংখল হৈ-চৈৰ মাজতো মোৰ দেহ-মন যেন নিজাৰ পৰি গৈছে। এইখন মোৰ নিজা ঠাই; য'ত মই কাকো বুজাব নালাগে মই ক'ৰ পৰা আহিছোঁ; ভাৰতৰ কোনটো চুকত আমাৰ অসমখন। বুজাব নালাগে আমাৰ ভাষা-সংস্কৃতি-ইতিহাসৰ কথা। এই ঠাইৰ আকাশে-বতাহে-মাটিয়ে মোৰ নিজা পৰিচয়, মোৰ আজন্ম শিপা! 

মাৰ সৈতে গাড়ীখন মেকানিকৰ ওচৰলৈ আনিছোঁ। দুদিনমানৰ পৰা মাই চলাওঁতে অলপ অসুবিধা পাইছে হেনো। মেকানিকৰ কৰ্মশালালৈ সোমোৱাৰ লগে লগে কেইবাযোৰ চকুৱে আমাক তীক্ষ্ণভাৱে অনুসৰণ কৰিছে। ভিতৰি মোৰ হাঁহি উঠি গৈছে। আজি প্ৰায় দুটা দশক ধৰি এই চহৰত মাই গাড়ী চলাই আহিলেও যেন মানুহৰ চকুবোৰ এতিয়াও সহজ হোৱা নাই। যেন 
মহিলা এগৰাকীয়ে নিজৰ গাড়ীৰ মেৰামতি নিজে কৰাটোও এক পৰিচিত দৃশ্য নহয়! মাৰ মুখ নিৰ্বিকাৰ। এনে প্ৰতিক্ৰিয়াৰ সৈতে মা হয়তো তেনেই পৰিচিত।  

কৰ্মশালাৰ একাষে থকা মেজৰ পৰা এগৰাকী লোক উঠি আহিল। হয়তো কৰ্মশালাৰ মেনেজাৰ। আমাক দুয়োকে বহিবলৈ দুখন চকী উলিয়াই দিলে। 

'বহকচোন। গাড়ীৰ কিবা দিগদাৰ দিছে?'

কৈয়ে তেওঁ মুখ ঘুৰাই আমাক দুয়োকে যেন আকৌ এবাৰ চাই ল'লে। তেওঁৰ মুখৰ ৰং সলনি হ'ল। আমি কিবা ক'বলৈ লোৱাৰ আগতেই তেওঁ খপজপকৈ কৈ উঠিল,

'আপল'গ ক্যা অৰুণাচল সে হ্যে?'

মোৰ 'অসমীয়া' মিনি কুপাৰৰ সৈতে কানাডাৰ এডমণ্টনত