'সৌৱা গংগাচিলনীয়ে মাতিছে, এইবাৰ বানপানী হ'বই হ'ব'- শৈশৱতে বাৰিষাৰ আকাশেদি টি-টিয়াই উৰি যোৱা গঙাচিলনী এহাললৈ আঙুলীয়াই সমনীয়াই কৈছিল।
'আজি কাউৰীয়ে বৰকৈ ৰমলিয়াইছে দেই- আলহী আহিব কিজানি!'- পেহীয়ে খদমদমকৈ পাকঘৰত যা-যোগাৰত লাগিছিল।
'ক'লা মেকুৰীয়ে বাট কাটিলে, আজি ক'লৈকো নাযাওঁ আৰু।' -দেউতা আধা বাটৰ পৰাই ঘৰলৈ উভতিছিল।
স্মৃতিয়ে ঢুকি পোৱা প্ৰথম দিনটোৰ পৰাই এনেকৈ আমি সকলোৱে পৰিয়াল আৰু সমাজৰ পৰা লোকবিশ্বাসৰ শিক্ষা লৈ আহিছোঁ। যুগ যুগ ধৰি প্ৰচলিত হৈ অহা এই লোকবিশ্বাসবোৰ আমাৰ বাবে জীৱনটো আৰু এই পৃথিৱীখন বুজি পোৱাৰ এক আধাৰ হৈ আহিছে। সময়ৰ পৰিক্ৰমাত তাৰে কিছুমান হয়তো দৃঢ় হৈছে, কিছুমান পাহৰণিৰ গৰ্ভত হেৰাই গৈছে। কিন্তু কেতিয়াবা সুধি চাইছেনে, এই লোকবিশ্বাসবোৰৰ আঁৰত বৈজ্ঞানিক যুক্তিযুক্ততা কিমান? বা কেনেকৈনো এই বিশ্বাসবোৰ গঢ় লৈ উঠিব পাৰে? আহকচোন, এনে কিছু লোকবিশ্বাসৰ আঁত বিচাৰি যাওঁ আৰু বিজ্ঞানে কি কয় জানো-
১) কাউৰীয়ে ৰমলিয়ালে আলহী আহে
এয়া হয়তো অসমত বহুলভাৱে প্ৰচলিত লোকবিশ্বাসবোৰৰ এটা। প্ৰকৃততে কাউৰীৰ সৈতে জড়িত এনে বহু লোকবিশ্বাস কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে প্ৰচলিত হৈ আহিছে। ভাৰতীয় লোকগাথাত কাউৰীক পূৰ্বপুৰুষৰ দূত বুলি গণ্য কৰা হয়। জাপানৰ শ্বিন্টো পৌৰাণিক কাহিনীতো কাউৰীক এক ঐশ্বৰিক দূত হিচাপে উল্লেখ কৰিছে। সেয়ে হয়তো ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ালে পূৰ্বপুৰুষৰ আত্মাই ভ্ৰমণ কৰিছে বা কোনোবা আহি আছে বুলি বহুতে ধাৰণা কৰে।
বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে কাউৰী অতি বুদ্ধিমান আৰু সামাজিক চৰাই। কাউৰীয়ে ৰমলিউৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে। সাধাৰণতে ই মানুহ বা অন্য জন্তু দেখিলে আগন্তুক বিপদৰ বিষয়ে অন্য কাউৰীক সতৰ্ক কৰি দিবলৈ (alarm call), নিজৰ ঠাই বা ভুখণ্ড প্ৰতিপন্ন কৰিবলৈ (Territorial call), ইটোৱে সিটোৰ সৈতে যোগাযোগ কৰিবলৈ (communication call) ৰমলিয়ায়। ভালকৈ মন কৰিলে এই বিভিন্ন মাতবোৰৰ পাৰ্থক্য আপুনিও শুনা পাব। গতিকে, যেতিয়াই আপোনাৰ ঘৰৰ ওচৰত কাউৰীয়ে ৰমলিয়ায়, প্ৰায়ে তাৰ আঁৰত এই কাৰণবোৰ লুকাই থাকে। কেতিয়াবা হয়তো পথচাৰীক দেখি মাত দিয়াৰ পিছত কাকতালীয় ভাৱে সেই পথচাৰী আপোনাৰ আলহী হৈছেহি। কিন্তু বিজ্ঞানৰ দৃষ্টিত এই দুয়োটা ঘটনা কাকতালীয়হে, কাউৰীয়ে ৰমলিউৱাৰ লগত আলহী অহাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। ২) এযোৰা শালিকা দেখিলে দিনটো শুভ হয়
শৈশৱতে স্কুললৈ যোৱাৰ পৰত প্ৰায়ে ঘৰৰ চৌহদত বা আলিবাটত দুচকুৱে যুৰীয়া শালিকাৰ সন্ধান কৰিছিল। কেনেবাকৈ কেৱল এটা শালিকা দেখা পালে তৎক্ষণাৎ ওচৰে-পাজৰে দ্বিতীয়টো শালিকা বিচাৰিছিলোঁ। কাৰণ এটাই, এযোৰা শালিকা একেলগে দেখা মানেই দিনটো ভালেৰে যাব। পিছত গম পালোঁ, কেৱল অসমতে নহয়, ভাৰত আৰু শ্ৰীলংকাৰ বহু ঠাইত এই লোকবিশ্বাস বহুলভাৱে প্ৰচলিত। শালিকা সামাজিক চৰাই। ইহঁতে প্ৰায়ে যোৰা পাতি বা গোট বান্ধি চৰে। তাতে শালিকা মানুহৰ আশে পাশেই থাকে। গতিকে আমি প্ৰায়ে ইহঁতক যুৰীয়াকৈ দেখাৰ সম্ভাৱনাই বেছি। বন্যজীৱ বিজ্ঞানে দেখুৱাইছেো যে ইহঁতে প্ৰায়ে জীৱনলৈ যোৰা পাতে- অৰ্থাৎ মতা আৰু মাইকী শালিকাবোৰ একপত্নিক (Monogamous)। হয়তো আমাৰ পূৰ্বপুৰুষে প্ৰকৃতিৰ দৈনন্দিন পৰ্য্যবেক্ষণৰ পৰা এইবিষয়ে জানিছিল আৰু সেয়ে হয়তো এযোৰা শালিকা শুভ লক্ষণ বুলি বিশ্বাস উপজিছিল। বিজ্ঞানৰ দৃষ্টিত এযোৰা শালিকা দেখা পোৱাটো চৰাইৰ প্ৰাকৃতিক আচৰণৰ প্ৰতিফলন, কোনো আলৌকিক চিন নহয়। যদিও ই ভাগ্য বা ভৱিষ্যতৰ পৰিঘটনাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, সাংস্কৃতিক ভাৱে ইয়াৰ অৰ্থ ইতিবাচক আৰু বহু লোকগাথাত এনে যোৰা সমন্বয়, প্ৰেম আৰু সম্পূৰ্ণতাৰ সূচক।
৩) ক'লা মেকুৰীয়ে বাট কটিলে যাত্ৰা ভংগ হয়
ক'লা মেকুৰীক লৈ বহুতো লোকবিশ্বাস অসমকে ধৰি বিশ্বৰ প্ৰায়বোৰ অঞ্চলত প্ৰচলিত হৈ আহিছে। মধ্যযুগীয় ইউৰোপত ক’লা মেকুৰীক ডাইনী আৰু দুষ্ট আত্মাৰ প্ৰতীক বুলি ভৱা হৈছিল। সময়ৰ লগে লগে ক'লা মেকুৰীয়ে দুৰ্ভাগ্য মাতে বুলি বিশ্বাস গঢ় লৈ উঠিল। কিন্তু অন্য কিছুমান সংস্কৃতিত ক’লা মেকুৰীৰ স্থান তাৰ বিপৰীত। উদাহৰণস্বৰূপে, জাপানী লোকগাথাত ক’লা মেকুৰীয়ে বিশেষকৈ মহিলাৰ বাবে সৌভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰে। তেনেকৈ, স্কটিছ পৰম্পৰাত কাৰোবাৰ ঘৰলৈ ক’লা মেকুৰী এটা অহা মানে সমৃদ্ধিৰ চিন বুলি ধৰা হয়।
বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে মেকুৰীৰ ক’লা ৰংটো জিনগত উৎপৰিৱৰ্ত্তন (genetic mutation) ৰ ফলত ইউমেলানিন নামৰ ৰঞ্জক উৎপন্ন কৰাৰ বাবে হয়। এই ৰঞ্জকে মেকুৰীৰ গাৰ নোম ক'লা কৰে। ক'লা মেকুৰীৰ আচৰণ অন্য যিকোনো ৰঙৰ সাধাৰণ মেকুৰীৰ দৰেই। ইহঁতৰ মাজত ৰহস্যময় একো নাই।
মেকুৰী এটাই বিভিন্ন কাৰণত বাট পাৰ হ'ব পাৰে। উদাহৰণস্বৰূপে চিকাৰ বা সংগীৰ সন্ধানত বা ইয়াৰ থকা ঠাইলৈ যাবলৈ বা বিপদ আৰু অন্য জন্তুৰ পৰা পলাবলৈ।প্ৰকৃততে মানুহে বন্ধা আলিবাট মেকুৰীৰ যাত্ৰাত এক বাধাহে। গতিকে ক’লা বা যিকোনো ৰঙৰ মেকুৰী এটাই আপোনাৰ আগেদি বাট পাৰ হ'লে আপোনাৰ জীৱনত ভাল বা বেয়া কিবা এটা ঘটাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায়। আনকি এঢাপ আগবাঢ়ি ক'ব পাৰি যে, মানুহে বাট কাটিলে ক'লা মেকুৰীৰ বাবেহে অমংগল হ'ব পাৰে। কাৰণ ক'লা হোৱাৰ বাবে চকুত নপৰিলে গাড়ী-মটৰৰ চেপাত সিহতঁৰহে অপমৃত্যুৰ আশংকা বেছি!
৪) আপোনাৰ দেহত পখিলা পৰিলে শুভ
পখিলা বা প্ৰজাপতিক লৈ অসমত বহুধৰণৰ লোকবিশ্বাস আছে। ইয়াৰ বেছিভাগেই ইতিবাচক। বিশেষকৈ কাৰোবাৰ দেহত পখিলা পৰিলে শুভ বুলি প্ৰায়ে শুনোঁ। ক'ৰৱাত আকস্মিকভাৱে পখিলা এটা আহি আপোনাৰ হাত, মুখ বা কান্ধত ৰং-বিৰঙী পখিলা এটা আহি পৰিলে এনেয়ে ভাল লাগিব, নহয়নে? গতিকে সেই ভাল লগা মুহূৰ্তটোৱেই শুভ। কাৰণ বিজ্ঞানৰ দৃষ্টিত এয়া এক প্ৰাকৃতিক পৰিঘটনা, কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।
বৈজ্ঞানিক তথ্য অনুসৰি পখিলাক বিভিন্ন প্ৰাকৃতিক কাৰকে আকৰ্ষণ কৰিব পাৰে। আপোনাৰ দেহত পৰিবলৈ আকৰ্ষিত কৰা এনে কিছুমান কাৰক হ'ল, আপোনাৰ কাপোৰৰ উজ্জ্বল ৰং, শৰীৰৰ উষ্ণতা, আপুনি লৈ যোৱা কোনো সুগন্ধিময় ক্ৰীম বা পাৰফিউম, আনকি আপোনাৰ ঘামত থকা নিমখ আৰু খনিজ পদাৰ্থ৷ এই কাৰকসমূহ পখিলা এটিৰ জীৱনৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব পাৰে। গতিকে আপোনাৰ দেহত পখিলা এটা আহি পৰাটো পৰিৱেশৰ কাৰকৰ ফলত হোৱা এক যাদৃচ্ছিক, স্বাভাৱিক পৰিঘটনা — কোনো আলৌকিক ভৱিষ্যতবাণী নহয়।
৫) ফেঁচাৰ নিউ নিউ মাত মৃত্যুৰ ভৱিষ্যতবাণী
ফেঁচা বুলিলেই আমাৰ বহুতৰে মন অজানিতে শিয়ৰি উঠে। ফেঁচাক লৈ জন্ম হৈছে নানা লোককথা আৰু অন্ধবিশ্বাসৰ ৷ গভীৰ নিশা ফেঁচাৰ নিউ নিউ মাত শুনিলে বহুতৰে মন মৃত্যুৰ আশংকাত ভীতিবিহ্বল হৈ পৰে৷ কেৱল অসমতে নহয়, দেশ-দেশান্তৰৰ লোকবিশ্বাস আৰু কৃষ্টিত ফেঁচাই অতীজৰে পৰা এই অবাঞ্চিত ভূমিকা লাভ কৰি আহিছে৷
অসমত বিছ বিধ ফেঁচাৰ প্ৰজাতি দেখা পোৱা যায়৷ ইয়াৰে ভয়ংকৰ বুলি লোকবিশ্বাসত গণ্য কৰা প্ৰজাতিটো হৈছে Forest-Eagle Owl৷ বহুতে ভাবে, ইয়াৰ এশ এটা মাত আছে৷ বিভিন্ন সময়ত মানুহক বিভিন্ন বাৰ্তা বা আগজাননী দিবলৈ ই বেলেগ বেলেগ মাত ব্যৱহাৰ কৰে৷ কথাটো একধৰণে সঁচা৷ কিন্তু, ডাঙৰ ভুল ধাৰণাটো হৈছে, ই মানুহক আগজাননী দিবলৈ বেলেগ বেলেগ মাত নুলিয়ায়, প্ৰকৃততে নিজৰ উদেশ্যৰ বাবেহে বেলেগ বেলেগ মাত দিয়ে৷ ঘৰৰ ছালত বা আশে পাশে গছৰ ডালত পৰি ‘নিউ নিউ’ মাতেৰে প্ৰকৃততে ফেঁচাই মানুহক মৃত্যুৰ আগজাননী নিদিয়ে৷ লগৰীয়াৰ সৈতে যোগাযোগহে কৰে৷ এনে মাত বিশেষ সময়তহে শুনিবলৈ পোৱাৰ কাৰণ হ’ল, প্ৰজননৰ সময়তহে সচৰাচৰ ই এনে গান গায়৷ ইয়াৰ সৈতে মানুহৰ ভাগ্য বা অকাল মৃত্যুৰ কোনো সম্পৰ্ক নাই।
প্ৰচলিত মতবাদ মতে, প্ৰাচীন ৰোমত যুদ্ধৰ সময়ত সৈনিকে ফেঁচাৰ মাত অনুকৰণ কৰি শত্ৰুৰ আক্ৰমণৰ সংকেত দিছিল ৷ ফলত ইয়ে এক অমংগলৰ প্ৰতীক ৰূপে ৰৈ গ’ল৷ ফেঁচাৰ দেহৰ অনুপাতে প্ৰকাণ্ড চেপেটা মুখ, ডিঙি ঘুৰাই চাব পৰা ক্ষমতা, নিশাচৰ অভ্যাস সকলো মিলি যেন ইহঁতক মানুহৰ দৃষ্টিত ৰহস্যময় কৰি তোলে৷ ইহঁতে প্ৰায়ে গাৱেঁ-ভূঞে থকা পুৰণি আৰু বৃহৎ গছত নিশা খাদ্য বা লগৰীয়াৰ সন্ধানত পৰেগৈ৷ সেয়ে এনে ঠাইৰ পৰা ভাঁহি অহা মাতৰ বাবে মানুহে ফেঁচাক অপশক্তিৰ বাহক বুলি গণ্য কৰিবলৈ ল’লে যেন ভাব হয়৷
লোকবিশ্বাসৰ আধাৰ হৈছে চাৰিওকাষৰ পৰিঘটনাৰ পৰ্যবেক্ষণ আৰু সেইবোৰ ব্যাখ্যা কৰাৰ বাবে মানুহৰ চিৰন্তন প্ৰচেষ্টা। অতীজৰে পৰা মানুহে প্ৰকৃতিৰ বিভিন্ন ঘটনা বা পৰিৱৰ্তন লক্ষ্য কৰিছে আৰু তাৰ কাৰণ বা মানুহৰ জীৱনত তাৰ পৰা পৰিব পৰা প্ৰভাৱ বিচাৰ কৰি চাইছে। গতিকে কাকতালীয়ভাৱে ঘটা দুটা ঘটনাৰ এনে সংযোগ উলিয়াই মানুহে নিজৰ জীৱন সুৰক্ষিত কৰাৰ চেষ্টা কৰে- অপায়-অমংগলৰ পৰা হাত সাৰি থকাৰ চেষ্টা কৰে।
মনোবিজ্ঞানৰ মতে লোকবিশ্বাসৰ অন্য এক কাৰণ হ'ল, নিশ্চিতকৰণ পক্ষপাতিত্ব (Confirmation bias)। নিশ্চিতকৰণ পক্ষপাতিত্ব সৃষ্টি হয় যেতিয়া মানুহে নিজৰ ইতিমধ্যে থকা এটা বিশ্বাসক নিশ্চিত কৰা পৰিঘটনাবোৰ লক্ষ্য কৰে আৰু মনত ৰাখে, কিন্তু সেই বিশ্বাসৰ সৈতে সামঞ্জস্য নথকা যিকোনো কথা আওকাণ কৰে। উদাহৰণস্বৰূপে, ক’লা মেকুৰী এটাই আপোনাৰ বাট কটাৰ পিছত যদি কিবা বেয়া হয় তেন্তে সেইটো আপোনাৰ মনত থাকে। কিন্তু যদি একো নহয় (বা ভাল কিবা এটা হয়), তেন্তে সেইটো পাহৰি যায় — কাৰণ সেইটোৱে ইতিমধ্যে থকা আপোনাৰ বিশ্বাসটোক সমৰ্থন নকৰে। তেনেদৰে কাউৰীয়ে ৰমলিয়ালে, সেইদিনাই আলহী আহিল- আপোনাৰ বিশ্বাসটো দৃঢ় হৈ পৰিল। কিন্তু যদি কাউৰীয়ে ৰমলিয়ালে কিন্তু কোনো নাহিল- গতিকে আপুনিও হয়তো সেই কথা পাহৰি পেলালে। শৈশৱৰে পৰা লৈ অহা এনে যিকোনো লোকবিশ্বাসৰ আঁত বিচাৰি চাবচোন- ইয়াৰ সাংস্কৃতিক আৰু বৈজ্ঞানিক সূত্ৰই নিজকে আৰু এই পৃথিৱীকো নতুনকৈ চিনাৰ বাট মুকলি কৰিব পাৰে।
প্ৰকৃতিৰ সৈতে জড়িত এনে কোনো লোকবিশ্বাস আপুনিও লৈ আহিছে নেকি? তলত মন্তব্য দি জনাব পাৰে। তেনে যিকোনো লোকবিশ্বাসৰ বৈজ্ঞানিক সূত্ৰ বিচৰাৰ চেষ্টা কৰি চাম!
No comments:
Post a Comment