প্ৰথমবাৰৰ বাবে আপোন ঠাই আৰু জীৱন এৰি আহি সাত সাগৰ তেৰ নদীৰ সিপাৰে থিতাপি লৈছোঁ। ইংলেণ্ডৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ত ডক্টৰেট গৱেষণা আৰম্ভ হৈছে। বিদেশৰ মাটিত এক নতুন জীৱন আৰম্ভ কৰাৰ উত্তেজনা, অচিনাকি পৰিৱেশ-অচিনাকি মানুহৰ মাজত নিজকে হেৰুওৱাৰ আশংকা সকলো মিলি এক আবেগ-উদ্বাউল সময়। প্ৰথম মাহটো বেড এণ্ড ব্ৰেকফাষ্ট ঘৰ এটাতে কটাই নিগাজীকৈ থাকিবলৈ ভাড়াঘৰ বিচৰাৰ সিদ্ধান্ত লৈছোঁ।
বেড এণ্ড ব্ৰেকফাষ্টৰ গৃহিণী গ্ৰেচ দেখাতেই সাদৰী মহিলা। প্ৰতিনিশা খোৱাৰ মেজত বিধে বিধে খাদ্য যতনাই দিছে। আগ্ৰহেৰে মোৰ সৈতে কথা-বতৰা হৈছে। এনে এটা দিনতে নিশাৰ সাজ খোৱাৰ পৰত গ্ৰেচে ঘপকৈ ক'লে, 'তুমি ইমান সুন্দৰ ইংৰাজী কোৱা! প্ৰথমতে মই আচৰিতেই হৈ গৈছিলোঁ।'
প্লেটৰ পৰা চালাড অলপ মুখলৈ নিবলৈ লৈও মোৰ হাতৰ চামুচখন থমকি ৰ'ল, 'কিয়?'
'নহয় মানে ভাৰতৰ মানুহে এনে সলসলীয়াকৈ ইংৰাজী ক'ব পাৰে বুলি জনা নাছিলোঁ। তাতে প্ৰথমে তুমি ভিয়েটনামৰ পৰা অহা বুলিহে ভাবিছিলোঁ।' গ্ৰেচে অলপ সংকোচেৰে ক'লে। যেন মোৰ অনুভৱক আহত কৰাৰ সংশয়!
মোৰ মাতটো অলপ কুমলিল। মোৰ মংগোলীয় চেহেৰা দেখি তেনে ধাৰণা হোৱাটোৱে স্বাভাৱিক। হাঁহি মাৰি গ্ৰেচক বুজালোঁ, 'মই উত্তৰ-পূব ভাৰতৰ- অসমৰ। উত্তৰ-পূবৰ বহুতো লোক দেখাত মংগোলীয় ঠাচৰ। ইংলেণ্ডত ভাৰতীয় বুলি ক'লে সকলোৱে হয়তো অন্য ঠাইৰ ভাৰতীয়ৰ কথাই সচৰাচৰ ভাবে। কিন্তু ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ চেহেৰা-ভাষা-সংস্কৃতি-খাদ্যাভাস সকলো ভিন্ন।'
গ্ৰেচৰ মুখখন কিছু পোহৰ হ'ল। সৰু ফুলকটা বাটি এটাত মোলৈ পুডিং অলপ আগবঢ়াই দি ক'লে,
'মই আকৌ ভাৰতৰ চৰকাৰী ভাষা হিন্দী বুলিয়ে ভাবি আছিলোঁ।'
'আচলতে ভাৰতৰ সংবিধানত ২২ টা আঞ্চলিক ভাষাৰ স্বীকৃতি দিছে। চৰকাৰী ভাষা হিচাপে ইংৰাজী আৰু হিন্দী সমানেই প্ৰচলিত।'
গ্ৰেচে দুচকু বহল কৰি শুনিলে, ভাৰতৰ ঐতিহ্য-ভাষা-সংস্কৃতিৰ বিষয়ে বহু কথা সুধিলে। অসম আৰু ভাৰতৰ বিষয়ে মই আগ্ৰহেৰে যিমান পাৰোঁ বুজালোঁ। সেইনিশা কথা সামৰি বিছনালৈ যাওঁ মানে বহু পৰ হ'ল।
সেই যে আৰম্ভ হ'ল, তাৰ পিছত ইংলেণ্ডত থকা চাৰিটা বছৰত বহুবাৰ একেবোৰ প্ৰশ্নৰ মুখামুখি হ'লোঁ। বহুতক বহুবাৰ বুজাব লগা হ'ল- মই ক'ৰ, কিয় দেখিবলৈ অন্য ভাৰতীয়ৰ দৰে নহয়। পিছলৈ পোনেই গুগল মেপলৈ গৈ উত্তৰ-পূব দেখুৱাবলৈ ল'লোঁ। মানুহে সোধাৰ আগতেই ভাৰতত ইংৰাজ উপনিৱেশীকৰণৰ ইতিহাস আৰু তাৰ প্ৰভাৱৰ কথা ক'বলৈ ল'লোঁ। ভাৰতৰ অন্য অংশৰ তুলনাত যে উত্তৰ-পূবে কিমান দিনলৈ ইংৰাজক ভেদি ৰাখিছিল, আহোম ৰাজবংশই কেনেকৈ বৰ অসম গঢ়িছিল তাৰ গৌৰৱময় বৰ্ণনা দিবলৈ ল'লোঁ। মানুহৰ আশ্চৰ্য্য-বিভ্ৰান্তি ভৰা মুখবোৰে যেন মোক আমোদ দিবলৈ ল'লে। নিজকে প্ৰতিশ্ৰুতি দিলোঁ, মই ক'ৰ আৰু কিয় দেখাত এনে চেহেৰাৰ সেয়া যদি ক'বই লাগে তেনে মই বিচৰাৰ দৰেই ক'ম।
পিছে সেই আমোদ বিৰক্তি আৰু তিক্ততালৈ ৰূপান্তৰ হ'বলৈ বেছি দিন নালাগিল!
জেদাহ, চৌদি আৰব; ২০১৬
ইংলেণ্ডৰ মানচেষ্টাৰৰ পৰা বাংগালোৰলৈ চৌদিয়া এয়াৰৱেইজৰ বিমান। চৌদি আৰৱৰ জেদ্দাহ বিমান বন্দৰত আঠঘণ্টা লে' অভাৰ। দীঘলীয়া বিমান যাত্ৰাৰ বিৰতিত বিমানবন্দৰত হাত-ভৰিবোৰ পোনাইছোঁ। একেসময়তে চকুত পৰিছে, মোৰ চাৰিওকাষে প্ৰায়ভাগ মহিলাই মূৰৰ পৰা ভৰিলৈকে ক’লা বোৰ্খাৰে আবৃত। চৌদি আৰৱ ৰক্ষণশীল বুলি জানোঁ- গতিকে মোৰ দেহৰ জিনছ আৰু টিচাৰ্টক লৈও কিছু সন্দিহান হৈ পৰিছোঁ!
ডিউটি ফ্ৰী অংশটোতে দোকানৰ বয়-বস্তুবোৰত চকু ফুৰাই খোজ দিবলৈ আৰম্ভ কৰিলোঁ। আকৌ কেতিয়াবা চৌদি আৰৱলৈ অহাৰ সম্ভাৱনা কম। এই সুযোগতে চৌদি আৰৱৰ স্মৃতিচিহ্ন বুলি কিবা এটা কিনাৰ হেঁপাহ হ'ল।
এখন দোকানৰ হৰেক ৰকমৰ বস্তুবোৰ চাই থাকোঁতে দোকানীজন আগবাঢ়ি আহিল। গাঢ় নীলা চ্যুট পৰিহিত এজন ওখ-পাখ যুৱক।
'হাউ কেন আই হেল্প ইউ? আপোনাক কিবা সহায়ৰ দৰকাৰ?' তেওঁ সুধিলে।
'নাই, মই বস্তুবোৰ চকুহে ফুৰাইছোঁ! ফ্লাইটলৈ বহুত সময় আছে।' মই ক'লোঁ।
'অঁ, একো নাই। ক'লৈ যাব আপুনি?
'ভাৰতলৈ।' মোৰ নিৰ্বিকাৰ উত্তৰ।
'ফুৰিবলৈ?' এইবাৰ যেন মানুহজন আগ্ৰহী হৈ উঠিল। 'মই ভাৰতৰ আচলতে!'
'অঁ হয় নেকি? ময়ো ভাৰতৰে- অসমৰ।'
দোকানীজনৰ চকু বহল হৈ পৰিল, 'আপুনি ভাৰতৰ??'
তেওঁৰ আশ্চৰ্য্যচকিত দুচকুৱে আকৌ এবাৰ মোক সোঁৱৰাই দিলে, মোৰ মংগোলীয় চেহেৰাই এওঁকো বিভ্ৰান্তিত পেলাইছে। উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীয় বৈচত্ৰ্যতা যেন ভাৰতৰ অন্য ঠাইৰ মানুহৰ সাধাৰণ জ্ঞানৰ পৰিধিত নপৰেই!
কিন্তু যুৱকজন তাৰ পৰাও আৰু এঢাপ আগুৱাই গ'ল। 'আপুনি সঁচাই ভাৰতৰ? আপুনি নিশ্চিতনে?'
কি কয় এওঁ! ভাৰতীয় বুলি মই নিজে নিশ্চিত হয়নে নহয়! মোৰ ভৰিৰ পৰা মুখলৈ তেজ এসোঁতা উজাই অহা যেন ভাৱ হ'ল।
'হয়, মই নিশ্চিত।'
'নহয় মানে, আপোনাৰ মা-দেউতাও ভাৰতীয় নে?'
বুজিলোঁ, তেওঁ অজ্ঞানতাৰ গহ্বৰত মোৰ মংগোলীয় ঠাচৰ সূত্ৰ উদ্ধাৰৰ চেষ্টা কৰিছে। মনৰ তিক্ততাখিনি সামৰি ৰাখিবলৈ কষ্ট হ'ল!
'আপুনি আগতে কেতিয়াও ভাৰতৰ উত্তৰ-পূবৰ মানুহ লগ পোৱা নাই নেকি?'
মোৰ মাতটো হয়তো কঠোৰ হৈ ওলাল। নিমিষতে সংকুচিত হৈ পৰি তেওঁ ক'লে,
'অহ বেয়া নাপাব দেই! আপোনাক থাইলেণ্ডৰ বুলিহে ভাৱিছিলোঁ।'
সেই মুহূৰ্তত সিদ্ধান্ত ল'লোঁ, বিদেশী মানুহক মোৰ শিপাৰ কথা ক'ম; আমাৰ ইতিহাস, কলা-সংস্কৃতিৰ বৈচিত্ৰ্যতাৰ কথা বুজাম। কিন্তু অন্য ভাৰতীয়ক মই বুজাবলৈ নাযাওঁ। নিজৰ দেশৰ বিষয়ে জনাৰ কৰ্তব্য তেওঁলোকৰ নিজৰ। সেই অজ্ঞানতা আৰু ধৃষ্টতা আঁতৰোৱাৰ দায়িত্ব মোৰ নহয়।
এনিছকিলেন, আয়াৰলেণ্ড; ২০১৯
উত্তৰ আয়াৰলেণ্ডৰ এনিছকিলেন নামৰ সৰু চহৰখনত চাকৰিৰ প্ৰথম সপ্তাহ। অজান্তি মুলুকত এটা নতুন জীৱন আৰম্ভ কৰিছোঁ। সেইদিনা পুৱা সকলোতকৈ আগেয়ে মই প্ৰথম অফিচ সোমালোঁ।
অলপ থতমত খালোঁ। কিন্তু পলকতে বুজিলোঁ, তেওঁ মই চীনৰ পৰা অহা বুলি ভাৱিছে! মনত পৰিল, ইংলেণ্ড এৰি ইয়ালৈ আহিবলৈ ওলোৱাৰ পৰত বন্ধু লুকে কৈছিল, 'সেইখন যে ইমান ভিতৰুৱা ঠাই- তাত মানুহে কিজানি কোনো ভাৰতীয়ক দেখিয়ে পোৱা নাই।'
'অঁ হে হে, মই চীনৰ নহয়, ভাৰতৰহে!'
'তুমি সকলো কাৰীয়ে ৰান্ধিব জানা তেন্তে?'
মোৰ মুখ মেল খাই গ'ল। ক'বৰ মন গ'ল, কাৰী কেৱল এবিধ খাদ্য নাহয়। যিকোনো শাক-পাচলিৰে কাৰী ৰান্ধিব পাৰি। অসমত পিছে আমি বহু সময়ত ভাজিহে খাওঁ।
'নাই, কিছুমানহে পাৰোঁ।' সকলো মনতে সামৰি থৈ মোৰ সংক্ষিপ্ত উত্তৰ।
ব'নি ডুন ছুইমিং পুলত সাঁতুৰি আহি চ'নাৰ দুৱাৰখন খুলিলোঁ। এইখিনি মহিলাৰ বাবে আছুতীয়াকৈ থোৱা অংশ। গতিকে গা-পা ধুই আহি পোনেই চ'নাৰ ভিতৰৰ উম লৈ আৰাম লাগে। বিশেষকৈ বৰফৰ দলিচা পৰা জাৰৰ দিনত। পিছে আজি দুৱাৰখন খুলি থমকি ৰ'লোঁ।
'চুইচটো মইহে বন্ধ কৰিছিলোঁ। বৰ গৰম হৈ পৰিছিল!' মানুহগৰাকীয়ে শুই থকাৰ পৰাই মাত দিলে।
'অঁ হয় নেকি! বেয়া নাপাব। মই এইমাত্ৰ সাতুৰি আহিছো- সেয়ে গাটো অলপ গৰম কৰি ল'ব বিচাৰিছোঁ।' মানুহগৰাকীলৈ পোনপটীয়াকৈ নাচাবলৈ চেষ্টা কৰি ক'লোঁ।
'একো নাই। মই উঠিমেই আৰু।' কৈয়ে তেওঁ উঠি বহিল। টাৱেলেৰে ভৰি দুখন মোহাৰি মোহাৰি ক'লে, 'তোমাৰ কথাৰ ঠাঁচটো বৰ ধুনীয়া। কোন ঠাইৰ বাৰু? হুৱেৰ ইজ দ্যেট বিউটিফুল একচেণ্ট ফ্ৰম?'
মোৰ মনটো অলপ ৰেঙালে, কাৰণ অভিজ্ঞতাই ইতিমধ্যে শিকাইছে ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি কেনেদৰে আগবাঢ়িব। কিন্তু ইতিমধ্যে পলম হৈ গৈছে।
'বহু ঠাইৰ পৰা!' মোৰ সংক্ষিপ্ত উত্তৰ।
'হয় নেকি? অলপ আইৰিছ শুনিছোঁ- বাকী কোন ঠাইৰ পৰা?' তেওঁ সহজে এৰি দিয়া বিধৰ নহয়।
আজি প্ৰথমবাৰ আয়াৰলেণ্ডৰ নাম শুনি কিছু আচৰিত, কিছু পুলকিত হ'লোঁ। তেওঁলৈ চাব খুজিও মুখ ঘুৰাই দিবলৈ বাধ্য হ'লোঁ। তেওঁ ভৰি দুখন এইবাৰ মোৰ দিশে!
'ঠিকেই অনুমান কৰিছে। অলপ আয়াৰলেণ্ডৰ সুৰ আছে কিজানি, বাকী ভাৰতৰ বিভিন্ন ঠাই, অলপ হয়তো ইংলেণ্ডৰ পৰাও আহিছে।'
মানুহগৰাকী এইবাৰ আৰু আগ্ৰহী হ'ল। কৈ গ'ল তেওঁৰ পৰিয়ালৰ কিছু লোক ইংলেণ্ডৰ।তেওঁলোকেও বহু ঠাই ফুৰিছে। মই হয়ভৰ দি গ'লোঁ। তেতিয়ালৈ এই বিষয়ত বিশদ আলোচনা কৰাৰ আগ্ৰহ নোহোৱা হৈছে- তাতে এই মুহূৰ্তত মই যে কেৱল দুচকু মুদি চ'নাৰ উম অলপ ল'ব খুজিছোঁ!
'আপল'গ ক্যা অৰুণাচল সে হ্যে?'

আইৰিছ শীতৰ দিন। বেলি মূৰ দাঙিবলৈ তেতিয়াও বাকী। মোৰ ডেস্কত কম্পিউটাৰ অন কৰি কাম আৰম্ভ কৰিবলৈ লওঁতেই দুৱাৰত টোকৰ পৰিল।
'গুড মৰ্ণিং, হুৱাটছ দ্য ক্ৰেক?' (আইৰিছ ঠাঁচত কি খৱৰ?)
'গুড মৰ্ণিং, মোৰ ভালেই। আপোনাৰ কেনে?'
'গুড মৰ্ণিং, মোৰ ভালেই। আপোনাৰ কেনে?'
'মোৰ নাম এলেন। অফিচ ঘৰটো চাফা কৰিবলৈ আহিছোঁ। সোমাব পাৰোঁনে?'
'হয়, আহক।' হাঁহি মাৰি ক'লোঁ।
'হয়, আহক।' হাঁহি মাৰি ক'লোঁ।
চুটি চাপৰ এজন মানুহ। তপা মূৰ, শীৰ্ণ দেহেৰে এলেনৰ চকুৱে-মুখে সময়ৰ আচোঁৰ। তেওঁ অফিচৰ এমূৰৰ পৰা ভেকুৱাম চলাবলৈ আৰম্ভ কৰিলে। মই ইমেইলত চকু ফুৰালোঁ।
ভেকুৱামিং সামৰি এইবাৰ এলেনে দীঘল ব্ৰাছডালেৰে মজিয়াখন মচিবলৈ লাগিল। মোৰ ডেস্ক পাই মানে মই উঠি আহি একাষে থিয় দিলোঁহি।

'চীনত কি হৈ আছে বাৰু এতিয়া?' মোলৈ চাই এলেনে অজলা হাঁহি এটাৰে ঘপকৈ সুধিলে।
অলপ থতমত খালোঁ। কিন্তু পলকতে বুজিলোঁ, তেওঁ মই চীনৰ পৰা অহা বুলি ভাৱিছে! মনত পৰিল, ইংলেণ্ড এৰি ইয়ালৈ আহিবলৈ ওলোৱাৰ পৰত বন্ধু লুকে কৈছিল, 'সেইখন যে ইমান ভিতৰুৱা ঠাই- তাত মানুহে কিজানি কোনো ভাৰতীয়ক দেখিয়ে পোৱা নাই।'
'অঁ হে হে, মই চীনৰ নহয়, ভাৰতৰহে!'
এইবাৰ তেওঁ থতমত খালে। আকৌ এবাৰ মোক যেন ভালকৈ চালে। তাৰপিছত সুধিলে,
'তুমি সকলো কাৰীয়ে ৰান্ধিব জানা তেন্তে?'
মোৰ মুখ মেল খাই গ'ল। ক'বৰ মন গ'ল, কাৰী কেৱল এবিধ খাদ্য নাহয়। যিকোনো শাক-পাচলিৰে কাৰী ৰান্ধিব পাৰি। অসমত পিছে আমি বহু সময়ত ভাজিহে খাওঁ।
'নাই, কিছুমানহে পাৰোঁ।' সকলো মনতে সামৰি থৈ মোৰ সংক্ষিপ্ত উত্তৰ।
কেইবামাহৰ পিছত সেই অফিচৰ সহকৰ্মী সকলক এই ঘটনাটোৰ কথা ক'লোঁ। শুনি তেওঁলোক সচকিত হ'ল, লজ্জিত হ'ল। তেওঁলোকৰ দোষী মুখবোৰ চাই আশ্বাস দিবলৈ বাধ্য হ'লোঁ, 'একো নাই, মোৰ চেহেৰা দেখি প্ৰায়ে মানুহে ভুল ধাৰণা কৰে। এলেনে নাজানে বাবেহে তেনেকৈ কৈছিল!'
এডমণ্টন, কানাডা; ২০২৩
ব'নি ডুন ছুইমিং পুলত সাঁতুৰি আহি চ'নাৰ দুৱাৰখন খুলিলোঁ। এইখিনি মহিলাৰ বাবে আছুতীয়াকৈ থোৱা অংশ। গতিকে গা-পা ধুই আহি পোনেই চ'নাৰ ভিতৰৰ উম লৈ আৰাম লাগে। বিশেষকৈ বৰফৰ দলিচা পৰা জাৰৰ দিনত। পিছে আজি দুৱাৰখন খুলি থমকি ৰ'লোঁ।
কণমানি চ'নাটোৰ ভিতৰত গেলেৰীৰ দৰে ইখনৰ ওপৰত সিখনকৈ তিনিখন কাঠৰ বেঞ্চ। তাৰে মাজৰ খনত এগৰাকী মহিলা। শুভ্ৰ টাৱেলখন দীঘলীয়াকৈ পাৰি তেওঁ নগ্ন দেহেৰে ওপৰমুৱাকৈ পৰি আছে। দুৱাৰখন খোলা দেখি তেওঁ মূৰ বেঁকা কৰি চালে কিন্তু বিশেষ লৰচৰ কৰাৰ লক্ষণ নেদেখিলোঁ। উপায় নাপাই মই একেবাৰে তলৰ বেঞ্চখনতে বহি পৰিলোঁ।
অহ্, চ'নাৰ ভিতৰখন অন্য দিনৰ দৰে উমাল হৈ থকা নাইচোন। উঠি গৈ দুৱাৰৰ বাহিৰফালে থকা সেউজীয়া চুইচটো ৰ্টিপি দিলোঁগৈ। ঘুৰণীয়া লাইটো এইবাৰ জিলিকি উঠিল।
'চুইচটো মইহে বন্ধ কৰিছিলোঁ। বৰ গৰম হৈ পৰিছিল!' মানুহগৰাকীয়ে শুই থকাৰ পৰাই মাত দিলে।
'অঁ হয় নেকি! বেয়া নাপাব। মই এইমাত্ৰ সাতুৰি আহিছো- সেয়ে গাটো অলপ গৰম কৰি ল'ব বিচাৰিছোঁ।' মানুহগৰাকীলৈ পোনপটীয়াকৈ নাচাবলৈ চেষ্টা কৰি ক'লোঁ।
'একো নাই। মই উঠিমেই আৰু।' কৈয়ে তেওঁ উঠি বহিল। টাৱেলেৰে ভৰি দুখন মোহাৰি মোহাৰি ক'লে, 'তোমাৰ কথাৰ ঠাঁচটো বৰ ধুনীয়া। কোন ঠাইৰ বাৰু? হুৱেৰ ইজ দ্যেট বিউটিফুল একচেণ্ট ফ্ৰম?'
মোৰ মনটো অলপ ৰেঙালে, কাৰণ অভিজ্ঞতাই ইতিমধ্যে শিকাইছে ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি কেনেদৰে আগবাঢ়িব। কিন্তু ইতিমধ্যে পলম হৈ গৈছে।
'বহু ঠাইৰ পৰা!' মোৰ সংক্ষিপ্ত উত্তৰ।
'হয় নেকি? অলপ আইৰিছ শুনিছোঁ- বাকী কোন ঠাইৰ পৰা?' তেওঁ সহজে এৰি দিয়া বিধৰ নহয়।
আজি প্ৰথমবাৰ আয়াৰলেণ্ডৰ নাম শুনি কিছু আচৰিত, কিছু পুলকিত হ'লোঁ। তেওঁলৈ চাব খুজিও মুখ ঘুৰাই দিবলৈ বাধ্য হ'লোঁ। তেওঁ ভৰি দুখন এইবাৰ মোৰ দিশে!
'ঠিকেই অনুমান কৰিছে। অলপ আয়াৰলেণ্ডৰ সুৰ আছে কিজানি, বাকী ভাৰতৰ বিভিন্ন ঠাই, অলপ হয়তো ইংলেণ্ডৰ পৰাও আহিছে।'
মানুহগৰাকী এইবাৰ আৰু আগ্ৰহী হ'ল। কৈ গ'ল তেওঁৰ পৰিয়ালৰ কিছু লোক ইংলেণ্ডৰ।তেওঁলোকেও বহু ঠাই ফুৰিছে। মই হয়ভৰ দি গ'লোঁ। তেতিয়ালৈ এই বিষয়ত বিশদ আলোচনা কৰাৰ আগ্ৰহ নোহোৱা হৈছে- তাতে এই মুহূৰ্তত মই যে কেৱল দুচকু মুদি চ'নাৰ উম অলপ ল'ব খুজিছোঁ!
এটা সময়ত তেওঁ টাৱেলখন গাত মেৰিয়াই লৈ চ'নাৰ দুৱাৰখন মেলিলে। বাহিৰলৈ খোজ দিয়াৰ আগতে হাঁহি এটাৰে মোলৈ চাই ক'লে, 'গুড নাইট এণ্ড ৱেলকাম ট্যু কানাডা!'
মই যেন বাকৰুদ্ধ হৈ পৰিলোঁ। কোৱা নহ'ল, মই কানাডাৰ নিবাসী হোৱাৰ আধা দশক হৈ গ'ল। কোৱা নহ'ল, তেওঁৰ দৰেই ময়ো ইয়াৰ এগৰাকী নাগৰিক। পাৰ্থক্য মাথোঁ এটাই, মই এগৰাকী অসমীয়া কানাডিয়ান।
উত্তৰ লখিমপুৰ, অসম; ২০২৪
বহুদিনৰ মূৰত অসমলৈ আহিছোঁ। সকলোবোৰ যে ইমান সলনি হৈ গৈছে! লখিমপুৰ চহৰখন আগতকৈও ব্যতিব্যস্ত হৈ পৰিছে- বাটৰ দুয়োকাষে বহু নতুন ঘৰ-দালান উঠিছে। কিন্তু সেই বিশৃংখল হৈ-চৈৰ মাজতো মোৰ দেহ-মন যেন নিজাৰ পৰি গৈছে। এইখন মোৰ নিজা ঠাই; য'ত মই কাকো বুজাব নালাগে মই ক'ৰ পৰা আহিছোঁ; ভাৰতৰ কোনটো চুকত আমাৰ অসমখন। বুজাব নালাগে আমাৰ ভাষা-সংস্কৃতি-ইতিহাসৰ কথা। এই ঠাইৰ আকাশে-বতাহে-মাটিয়ে মোৰ নিজা পৰিচয়, মোৰ আজন্ম শিপা!
মাৰ সৈতে গাড়ীখন মেকানিকৰ ওচৰলৈ আনিছোঁ। দুদিনমানৰ পৰা মাই চলাওঁতে অলপ অসুবিধা পাইছে হেনো। মেকানিকৰ কৰ্মশালালৈ সোমোৱাৰ লগে লগে কেইবাযোৰ চকুৱে আমাক তীক্ষ্ণভাৱে অনুসৰণ কৰিছে। ভিতৰি মোৰ হাঁহি উঠি গৈছে। আজি প্ৰায় দুটা দশক ধৰি এই চহৰত মাই গাড়ী চলাই আহিলেও যেন মানুহৰ চকুবোৰ এতিয়াও সহজ হোৱা নাই। যেন মহিলা এগৰাকীয়ে নিজৰ গাড়ীৰ মেৰামতি নিজে কৰাটোও এক পৰিচিত দৃশ্য নহয়! মাৰ মুখ নিৰ্বিকাৰ। এনে প্ৰতিক্ৰিয়াৰ সৈতে মা হয়তো তেনেই পৰিচিত।

কৰ্মশালাৰ একাষে থকা মেজৰ পৰা এগৰাকী লোক উঠি আহিল। হয়তো কৰ্মশালাৰ মেনেজাৰ। আমাক দুয়োকে বহিবলৈ দুখন চকী উলিয়াই দিলে।
'বহকচোন। গাড়ীৰ কিবা দিগদাৰ দিছে?'
কৈয়ে তেওঁ মুখ ঘুৰাই আমাক দুয়োকে যেন আকৌ এবাৰ চাই ল'লে। তেওঁৰ মুখৰ ৰং সলনি হ'ল। আমি কিবা ক'বলৈ লোৱাৰ আগতেই তেওঁ খপজপকৈ কৈ উঠিল,
'আপল'গ ক্যা অৰুণাচল সে হ্যে?'

No comments:
Post a Comment