Friday, 12 December 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৫)

জাপানৰ ধাৰ্মিক সমন্বয়

নিক্ক'ৰ ট'শ্ব'গু মন্দিৰত ঘুৰি-পকি ওলাই আহোঁ মানে সিদিনা আবেলিয়ে হ'ল। এইবাৰ আগবাঢ়িলোঁ তাৰ কাষতে থকা ফুটাৰাছান মন্দিৰ (Futarasan Jinja)লৈ।ফুটাৰাছান মন্দিৰ নিক্ক'ৰ তিনিটা মূল পৰ্বত- নাণ্টাই, নিওহো আৰু টাৰ' পৰ্বতৰ দেৱতাসকলৰ প্ৰতি উৎসৰ্গিত এক মন্দিৰ। ট'শ্ব'গুৰ তুলনাত ফুটাৰাছান মন্দিৰ বহু প্ৰাচীন।৭৮২ চনত একেগৰাকী বৌদ্ধ ভিক্ষু শোদো শোনিনে স্থাপন কৰিছিল। গম পালোঁ, এই মন্দিৰৰ তিনিভাগ আচলতে তিনিঠাইত আছে। মূল মন্দিৰটো এই ট'শ্বগুৰ কাষত, মধ্যম মন্দিৰটো হ্ৰদ ছুজেঞ্জিৰ পাৰত আৰু তৃতীয় অভ্যন্তৰীণ মন্দিৰটো আছে মাউণ্ট নাণ্টাইৰ শিখৰত। আমি দৰ্শন কৰা মূল মন্দিৰৰ সন্মুখতে এটা শহাৰ সোণালী  প্ৰতিমূৰ্তি আছে। জাপানী সংস্কৃতিত শহাক হেনো সৌভাগ্য, সফলতা আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেইবাবে এই মন্দিৰ প্ৰতিষ্ঠাৰ ১২৪০ বৰ্ষপূৰ্তিত এই প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছিল।

ফুটাৰাছান মন্দিৰৰ সন্মুখভাগ

নিক্ক'ৰ বিশ্ব ঐতিহ্যস্থান এই সকলো মন্দিৰত শ্বিণ্ট' আৰু বৌদ্ধ দুয়োটা ধৰ্মৰে উপাদান চকুত পৰিল। ট'শ্ব'গু মূলত: শ্বিণ্ট' মন্দিৰ। কিন্তু তাৰ লগতে বৌদ্ধ পেগোডা আৰু সকলো ভৱনত বৌদ্ধ স্থাপত্যশৈলী চকুত লগা। ফুটাৰাছান মন্দিৰতো এনে বহু উপাদান দেখা পালোঁ। ভাৱ হ'ল যেন, ধৰ্মীয় সহাৱস্থান বা Syncretism-ৰ এক অপূৰ্ব নিদৰ্শন এই মন্দিৰসমূহ।  

ইতিমধ্যে ভোকত আমাৰ পেট কলমলাবলৈ আৰম্ভ কৰিলে। মন্দিৰ এলেকাৰ পৰা ওলাই আহি ওচৰতে এখন ৰেষ্টোৰাঁ দেখা পাই সোমাই গ'লোঁ। এশ বছৰীয়া পুৰণি সেই ৰেষ্টোঁৰাৰ নাম নিক্ক' মাৰুহাইড শ্বকুডু। এগৰাকী আদহীয়া মহিলাই আমাক আদৰি নিলে। আহল-বহল ৰেষ্টোৰাঁ। ভাৱ হ'ল, কেৱল পতি-পত্নীয়ে মিলি এই ঠাই চলাইছে। মেন্যুৰ ফটো চাই লৈ য়ুবা ডন (ভাত আৰু শাক মিহলি খাদ্য) আৰু য়ুবা ৰামিন অৰ্ডাৰ কৰিলোঁ। য়ুবা মানে টফুৰ ছাল। মই প্ৰায়ে ঘৰত চালাড আদিত টফু মিহলি কৰি খাওঁ। কিন্তু কাইলে ভুলতো সেয়া মুখত নিদিয়ে। টফুত একো সা-সোৱাদ নাপায় হেনো সি। মোৰ দৃষ্টিত সেয়া এলবাৰ্টাৰ যিকোনো মানুহৰ দৰে দৰে কেৱল মাংস আৰু চীজতহে জুতি পোৱা জীভাৰ নিদৰ্শন! এতিয়া জাপানলৈ আহি সেই কাইলে তৃপ্তিৰে টফু খোৱা দেখি মোৰ হাঁহি উঠিল। ইয়াকে কয়, যেনে দেশ তেনে ভেশ!

টফুৰ ছালেৰে কৰা য়ুবা ৰামিন

কানমান্‌গাফুচি খাদৰ বুদ্ধ

খাদলৈ যোৱাৰ বাটত
এইবাৰ আমি খোজ দিলোঁ অন্য এক পৰ্য্যটনৰ আকৰ্ষণ কানমান্‌গাফুচি খাদ (Kanmangafuchi Abyss) লৈ। ইতিমধ্যে নিক্ক'ৰ আকাশ মুকলি হৈছে। আবেলিৰ ৰ'দজাক মূৰত লৈ পকী দলং এখনেৰে দায়া নদী পাৰ হ'লোঁ। সাধাৰণতে পৰ্যটক যোৱা বাটেৰে পোনেই নগৈ হ'ঞ্চ' গাঁৱৰ মাজেৰে নৈৰ দক্ষিণ পাৰলৈ খোজ দিলোঁ। ঠেক পৰিস্কাৰ বাটৰ দুয়োপাৰে সৰু সৰু ঘৰ আৰু বাঁৰী। চৌদিশে শৰতৰ ৰং। মানুহৰ  ভিৰৰ পৰা ওলাই আহি সেই নিৰিবিলি পৰিৱেশে মনটো নিজাৰ পেলাই দিলে। প্ৰায় বিছ মিনিটমান খোজ কঢ়াৰ পিছত ঘৰ-দুৱাৰ আঁতৰি আমাৰ সন্মুখত এক আৰণ্যক পৰিৱেশে ধৰা দিলে। কংক্ৰিটৰ বাটৰ শেষত এটা ঠেক পথৰুৱা আলি আৰম্ভ হ'ল। দুয়োপাৰে কঁহুৱাৰ দৰে এবিধ ওখ ঘাঁহ।সোঁকাষে জিৰি জিৰি সুৰেৰে বৈ গৈছে দায়া নদী। সেই বাটেৰে কিছুদূৰ আগবঢ়াৰ পিছতে দেখা পালোঁ বাটৰ বাওঁকাষে এটা শিলৰ বৌদ্ধ মূৰ্তি। মূৰ আৰু ডিঙিত ৰঙা কাপোৰ। বুজিলোঁ, সেইখিনিতে আৰম্ভ হৈছে বিখ্যাত কানমান্‌গাফুচি খাদ!

যিমানেই আগবাঢ়িলোঁ সিমানে তেনে অলেখ অসংখ্য বৌদ্ধ মূৰ্তিয়ে আমাক আদৰিলে। চৌদিশৰ সেউজীয়াৰ মাজত যেন ট ট কৈ জিলিকি উঠিল ৰঙা টুপীৰ মূৰ্তিবোৰ। বহুতো মূৰ্তিৰ দেহৰ শেলুয়ৈ। কিছুমান মূৰবিহীন মূৰ্তিও চকুত পৰিল। সেই বৌদ্ধ মূৰ্তি আৰু চৌদিশৰ পৰিৱেশে মনলৈ যেন কিবা এক অজান শিহৰণ আনি দিলে। 

কানমান্‌গাফুচি খাদত আমি
এই কানমান্‌গাফুচি খাদ প্ৰকৃততে সাতহাজাৰ পূৰ্বে নাণ্টাই পৰ্বতৰ এটা বিস্ফোৰণৰ ফলত সৃষ্টি হৈছিল। খাদৰ পৰা নদীৰ ফালে মুখ কৰি থকা এই বৌদ্ধ মূৰ্তিবোৰক জিজ' (jizo) দেৱতা বুলি কোৱা হয়। এইবোৰে হেনো মৃতসকলক প্ৰতিৰক্ষা দিয়ে। ধাৰণা মতে ইয়াত প্ৰায় ৭০টা মূৰ্তি আছে। কিন্তু কিম্বদন্তী মতে,এই মূৰ্তিৰ মুঠ সংখ্যা কোনেও সঠিকভাৱে গণনা কৰিব নোৱাৰে—প্ৰতিবাৰে গণনা কৰিলে সেই সংখ্যা সলনি হৈ পৰে। লাহে লাহে নদী কাষৰীয়া আলিবাটটো ঠেক হৈ আহিল শৰতৰ অৰণ্যই ছাটি ধৰিলে। গুগল মেপৰ মতে কানমান্‌গাফুচি খাদৰ বাট সিমানতে শেষ। কিন্তু তাতে এখন সৰু চাইনবৰ্ড দেখি গম পালোঁ, সেই বাটেৰেই নিক্ক' ৱান'শ্বিৰ' অনছেন (Nikko Wanoshiro Onsen) ওলাবগৈ পাৰি। সেয়া আজি আমাৰ শেষ গন্তব্যস্থান। কিন্তু লগতে দেখা পালোঁ অন্য এখন চাইনবৰ্ড- ভালুকৰ পৰা সাৱধান! সিদিনা পুৱাৰ বাতৰিত দেখিছিলোঁ, বিভিন্ন ঠাইত মানুহ আৰু ভালুকৰ সংঘাতৰ বিষয়ে। গতিকে ইয়াতো ভালুকৰ সক্ৰিয়তা দেখি আচৰিত নহ'লোঁ।

'আগবাঢ়ি গৈ চাওঁ ব'লা। এই বাটেৰেই অনছেন ওলাবগৈ লাগে!' কাইলে ক'লে।


কানমান্‌গাফুচি খাদৰ পৰা অনছেনলৈ 

'এইফালে মানুহ যোৱাৰ কোনো চিন-মোকাম নাই। গতিকে ভালুকৰ পৰা সাৱধান হ'ব লাগিব!' মই ক'লোঁ। কিন্তু বাটটোক লৈ মোৰ কৌতুহল আৰু উত্তেজনাও দমাই ৰাখিব নোৱাৰিলোঁ। নজনা-নিচিনা বাটৰ প্ৰতি মোৰ যে এক চিৰদিনীয়া কৌতুহল!

আমি যিমানেই আগবাঢ়িলোঁ বাটটো নিজান হৈ আহিল। মাথোঁ শুনা পালোঁ বিভিন্ন চৰাইৰ কাকলি। খোজৰ লগে লগে বাইন'কুলাৰ লৈ সেই মাতৰ আঁৰৰ জাপানী চৰাইৰ সন্ধান কৰিলোঁ। চকুত পৰিল, গছৰ ডালে ডালে খাদ্য বিচাৰি থকা ভদৰকলিৰ দৰে এটা চৰাই। নাম ভেৰিড টিট। গছৰ মুধচত কলকলাই উঠিল এজাক জাপানী বুলবুলি চৰায়ে (Brown-eared Bulbul)। সেই বাটৰ পৰাই চকুত পৰিল, আকাশত প্ৰায় ৩০-৪০ টা চিলনীৰ এটা জাকে প্ৰায় বৃত্তাকাৰে উৰি চিকাৰৰ সন্ধান কৰিছে। জাপানত হেনো চিলনীৰ এনে জাকৰুৱা চিকাৰৰ ৰূপ এক পৰিচিত দৃশ্য। বিশেষকৈ উপকূলীয় আৰু নদী–হ্ৰদৰ চাৰিওফালে প্ৰায়ে এনেকৈ চিলনীৰ জাক দেখা পোৱা যায়। 

এঠাইত বাটৰ কাষত কাঠৰ এখন সৰু পৰম্পৰাগত তোৰণ দেখা পাই কাইল আগবাঢ়ি গ'ল। তাৰ পৰা আগলৈ পাহাৰৰ ওপৰত এটা পুৰণি সৰু মন্দিৰ। মুদ্ৰা এটা দি কাইলে মন্দিৰৰ টিলিঙা বজাই দিলে। গোটেই অৰণ্যখন ৰজনজনাই গ'ল। মোৰ ভৰিৰ পৰা মূৰলৈ এটা অদ্ভুদ শিহৰণ বৈ গ'ল। ভাৱ হ'ল যেন সেই ঠাইত সেই মুহূৰ্তটোৱে জাপানৰ প্ৰকৃতি আৰু সংস্কৃতিৰ এক অবাৰ্চীন ৰূপৰ সৈতে একাত্ম হোৱাৰ সুযোগ আনি দিলে।

দায়া নদীৰ ওপৰত এখন দলং

জাপানৰ ৰাজহুৱা স্নানাগাৰ 

খাদৰ অৰণ্যৰ মাজেৰে গৈ ৱান'শ্বিৰ' অনছেন  (Nikko Wanoshiro Onsen Yashio-no-yu) পাওঁগৈ মানে সন্ধিয়া নামিছে। মনত কিছু উত্তেজনা, কিছু উদ্বিগ্নতা। জাপানৰ ৰাজহুৱা স্নানাগাৰ বা অনছেনৰ বিষয়ে শুনি আহিছোঁ, কিন্তু আজিয়ে প্ৰথম ভৰি থ'লোঁহি। ৰাজহুৱা স্নানাগাৰ জাপানী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ঐতিহাসিকভাৱে জাপানত ব্যক্তিগতভাৱে ক'তো স্নানাগাৰ নাছিল। সকলো লোকে এই ৰাজহুৱা স্নানাগাৰত গা ধুইছিলহি। এতিয়াও এই পৰম্পৰা স্থানীয় আৰু দেশ-বিদেশৰ পৰ্যটকৰ মাজত অতিকে জনপ্ৰিয়। জাপানত এই ৰাজহুৱা স্নানাগাৰসমূহ সুস্বাস্থ্য আৰু সামাজিক সংযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম বুলি গণ্য কৰা হয়।  

অনছেনৰ দুৱাৰমুখতে ভেণ্ডিং মেচিনত টিকেট লৈ দুয়ো দুফালে সোমাই গ'লোঁ। প্ৰায়বোৰ অনছেনত পুৰুষ আৰু মহিলাৰ ঠাই পৃথক। মহিলাৰ অংশটোত দেখিলোঁ প্ৰথমে এটা আহল-বহল কোঠাত বয়-বস্তু থ'বলৈ লকাৰ আৰু কাপোৰ সলোৱাৰ ব্যৱস্থা। তাতে সকলো থানথিত লগাই থৈ টাৱেল এখন মেৰিয়াই আগবাঢ়ি গ'লোঁ।

নিক্ক' ৱান'শ্বিৰ' অনছেনৰ সন্মুখভাগ

সেইদিশে এক বিশাল মুকলি এলেকা। এফালে অনছেনৰ গৰম পানীৰ দুটা উঁহ। কিন্তু তাত নমাৰ আগতে বিপৰীত মূৰত থকা মুকলি শ্বাৱাৰত ভালদৰে গা-পা ধোৱাৰ নিয়ম। উঁহৰ পানীত কাপোৰ পিন্ধি নমা নিষেধ। সন্ধিয়াৰ সময় বাবেই কিজানি যথেষ্ট মানুহ তেতিয়াও। শিশুৰ পৰা বৃদ্ধলৈ ভিন্ন বয়সৰ মহিলা। কোনোবাই ভিতৰৰ অংশটোত পানীত নামিছে। কিছু ওলাই গৈছে আছুতীয়াকৈ ৰখা বাহিৰৰ অংশটোত। আলৰ বৃদ্ধাৰ পৰা মাকৰ হাতত ধৰি আগবঢ়া শিশুলৈকে সকলো যেন তেনেই সহজ- সংকোচবিহীন সেই পৰিৱেশত। ভাৱ হ'ল যেন জাপানীসকলৰ নিজৰ শৰীৰক সন্মান কৰা মানসিকতা (body positivity) গঢ় দিয়াৰো মূলকেন্দ্ৰ এই অনছেনসমূহ। 

অনছেনৰ বাহিৰৰ উঁহ
(ভিতৰত ফটো তোলা নিষেধ বাবে অনছেনৰ ৱেবছাইটৰ পৰা সংগৃহীত ফটো)

সকলোকে দেখি লাহে লাহে মোৰো অসহজ ভাৱটো নোহোৱা হৈ আহিল। শ্বাৱাৰত গা-পা ধুই পোনেই বাহিৰৰ উঁহটোলৈ গ'লোঁ। পানীত নমাৰ আগেয়ে বাকী মহিলাসকলৰ দৰে শুভ্ৰ টাৱেলখন মূৰত ল'লো।সেইখিনিত তিনিওফালে বেঁৰা দি আছুতীয়াকৈ উঁহটো সৃষ্টি কৰা হৈছে। সন্মুখত কেইবাজোপা জাপানী মেপলৰ গছ। উঁহৰ দুছটা বিশাল শিলৰ মাজত আৰামকৈ বহিলোঁগৈ। সন্ধিয়াৰ লগে লগে জাৰ পৰিবলৈ আৰম্ভ কৰিছে। কিন্তু উঁহৰ উমাল পানীয়ে দেহ-মন শাঁত পেলাই দিলে। দিনৰ দিনটো খোজ কঢ়াৰ অন্তত ভৰি দুখনেও যেন বৰ আৰাম পালে।শিলত মূৰ পেলাই জাপানী মেপলৰ ৰং বিৰঙী পাতবোৰ চাই ৰ'লোঁ- বহুপৰলৈ!


নিশা জাপানী চুছিৰ সোৱাদ


Friday, 5 December 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৪)

নিক্ক'ত প্ৰথম পুৱা

জাপানৰ ড্ৰিপ কফি
আগনিশা নমান বজাতে টোপনিত পৰাৰ কাৰণে কিজানি পুৱা পাঁচ নাবাজোঁতেই সাৰ পালোঁ। নিক্ক'ৰ নতুন ঘৰৰ বহা কোঠাত পৰ্দা কোঁচাই দেখোঁ পূবে ধলফাট্‌ দিছেই। ভাৱ হ'ল, জাপানক সূৰ্যোদয়ৰ দেশ বুলি এনেয়ে নকয়! পাকঘৰলৈ আহি দুকাপ ড্ৰিপ কফি কৰিলোঁ। এই ড্ৰিপ কফিৰ সৈতে জাপানলৈ আহিহে মোৰ পৰিচয় হৈছে। আমাৰ ফিল্টাৰ কফিৰ দৰেই কিন্তু তাতোকৈ বেছি সুবিধাজনক। টি বেগৰ দৰে পেকেট খুলি ড্ৰিপ কফিৰ বেগ দুটা কাপত বহাই দিলোঁ। কাপত খাপ খাই পৰাকৈ বেগত কাগজৰ হেণ্ডেল। লাহে লাহে ইলেকট্ৰিক কেটলৰ পৰা উতলা পানী কফি বেগত ঢালি দিলোঁ। নিমিষতে কফি সাজু!

পশ্চিমীয়া ধাৰাৰ কফি মেইজী যুগৰ শেষৰফালেহে জাপানলৈ আহিছিল কিন্তু কিছাটান (Kissaten) নামৰ পৰম্পৰাগত কেফেবোৰে কফিক জাপানী সমাজত জনপ্ৰিয় কৰি তুলিলে। এতিয়া জাপানত চাহৰ দৰেই কফিও পৰম্পৰাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। জাপানৰ সকলোতে পোৱা দোকান (convenience store) যেনে, ল'ছন বা ফেমিলি মাৰ্ট আদিত এই ড্ৰিপ কফিৰ পয়োভৰ দেখা পালোঁ। সুবিধা আৰু সোৱাদ দুয়োটাৰ বাবে জাপানত থকা কেইদিনতে ড্ৰিপ কফি আমাৰো প্ৰিয় হৈ পৰিল।

'ইমান ঠাণ্ডা পৰিছে!' কাইলৰ মাত শুনি মূৰ তুলি চালোঁ। গায়ে-মূৰে ডাঠ ব্লেংকেটখন মেৰিয়াই লৈ কোনোমতে খোজ কাঢ়িছে সি। ঘৰটোৰ প্ৰতিটো কোঠাত স্পেচ হিটাৰ আছে যদিও ঠাণ্ডাৰ প্ৰকোপ কমাব পৰা নাই।

'এয়া ড্ৰিপ কফি খোৱা- গা গৰম হৈ যাব।' হাঁহি হাঁহি মই ক'লোঁ। 

যি পাৰোঁ গৰম কাপোৰ পিন্ধি দুয়ো সাতমান বজাতে ওলাই আহিলোঁ। নিক্ক'ৰ আকাশত ঘন ডাৱৰ। মাজে মাজে কিনকিনিয়া এজাক বৰষুণ। ঘৰৰ গৃহস্থই যুগুতাই থোৱা খৰাহীৰ পৰা স্বচ্ছ বগা ছাতি একোটা হাতত ল'লোঁ। জাপানত ঘনাই বৰষুণ হয়। সেইবাবেই কিজানি সকলো ঠাইত এনেদৰে ছাতি সাজু কৰি থোৱা থাকে। আনকি প্ৰায়বোৰ দোকান-পোহাৰ আৰু ৰেষ্টোৰাঁত বৰষুণৰ বতৰত তিতা ছাতি ভিতৰলৈ নিবলৈ দুৱাৰমুখতে প্লাষ্টিকৰ মোনাও দেখা পালোঁ। সকলোৱে ছাতি সেই মোনাত ভৰাইহে সোমায় যাতে ছাতিৰ পানীৰে ভিতৰৰ মজিয়া তিয়াই নেপেলায়। জাপানীসকলৰ সৌজন্যতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অন্য এক নিদৰ্শন এয়া।

নিক্ক' টাউনৰ পুৱা

নিক্ক' টাউনৰ মূল পথটোৰে পশ্চিমদিশলৈ বিশ্ব ঐতিহ্য স্থানসমূহৰ আৰম্ভণি হৈছে। সেইদিশে খোজ ল'লোঁ। আমাৰ দুয়োকাষে ঠেক নগৰীয়া সীমাৰ সিপাৰে শাৰী শাৰী সেউজ পাহাৰ। ধলপুৱা বাবে প্ৰায়বোৰ দোকান-পোহাৰ তেতিয়াও খোলা নাই। বাট-পথো নিমাও মাও। মাজে মাজে মাথোঁ দুই এখন গাড়ী চলিছে। ইয়াৰ ভোটোকা মুখৰ সৰু সৰু গাড়ীবোৰ দেখিও আমোদ পালোঁ। কিনকিনীয়া বৰষুণৰ মাজেৰে আধাঘণ্টামান খোজেৰে যাওঁ মানে ভোক লাগিলগৈ। বৰষুণজাকৰ পৰা অলপ বিৰতি লোৱাৰো ইচ্ছা হ'ল। সেইখিনিতে এখন কেফে চকুত পৰিল- নাম 'শ্বিনকিঅ' ইন'। ভাগ্যক্ৰমে সেইখন খোলা দেখা পাই দুয়ো সোমাই গ'লোঁ।  
জাপানৰ জনপ্ৰিয় স্বচ্ছ ছাতি লৈ নিক্ক' টাউনত

কেফেখন নিক্ক' টাউনেৰে বৈ যোৱা দায়া নদীৰ পাৰত। জাপানৰ প্ৰায়বোৰ কেফে- ৰেষ্টোঁৰাৰ দৰে এইখনো তেনেই সৰু- মাথোঁ দহজন মান মানুহহে বহিব পাৰে। দুৱাৰমুখতে আমাক শ্বেতাংগ লোক এজনে আদৰিলে।

'গুড মৰ্ণিং। ব্ৰেকফাষ্ট কৰিব নেকি?'

মূৰ দুপিয়ালোঁ। তেওঁ খিৰিকীৰ কাষৰ টেবুলখনত আমাক বহুৱালেগৈ। সেইদিশে কাঁচৰ বিশাল দেৱাল- গতিকে নিচেই কাষেৰে বৈ যোৱা দায়া নদীৰ পাৰতে বহা যেন ভাৱ হ'ল। নদীৰ দুয়োপাৰে সেউজীয়াৰ মাজে মাজে শৰতৰ ৰং- হালধীয়া, সুমথিৰা আৰু ৰঙা ৰঙৰ সমাহাৰ। পানীত সৰু-বৰ মাছ। সিপাৰে ধলধলাই সৰু জলপ্ৰপাত এটাৰ পানী নৈত পৰিছেহি। কেনে অপৰূপ- মোৰ মনটো পুলকিত হৈ পৰিল।

'কফি বা চাহ সৌ তাত উলিয়াই থোৱা আছে- নিজৰ ইচ্ছামতে ল'ব পাৰে। পুৱাৰ সাজ অলপ পিছতে আনিম।' 

মানুহজনে ব্ৰিটিছ সুৰত কথা কোৱা দেখি অলপ কৌতুহলী হ'লোঁ। কিন্তু সম্ভ্ৰম ৰাখি সেই কৌতুহল দমাই ৰাখিলোঁ। ব্যতিব্যস্ত ভাৱে তেওঁ পাকঘৰলৈ সোমাই গ'ল। তাত ৰান্ধি থকা জাপানী মহিলাগৰাকীক অৰ্ডাৰসমূহ দিলেগৈ। অনুমান কৰিলোঁ, সেই ৰেষ্টোৰাঁ আৰু ওপৰ মহলাৰ হোটেল কিজানি এই পতি-পত্নীয়েই মিলি চলায়।

ক্ষন্তেক পিছতে টেবুললৈ খাদ্য আহিল- অ'ট মিল, ঘৰুৱা জামেৰে ব্ৰেড ট'ষ্ট, বেক'ন আৰু প'চড কণী। লগতে সৰুকৈ চালাডৰ বাটি একোটা। খোৱাৰ প্লেটত যেন সেয়া জাপানী আৰু ব্ৰিটিছ সংস্কৃতিৰ এক সংমিশ্ৰণ! দায়া নৈৰ শোভা চাই চাই হেঁপাহেৰে সেয়া মুখত দিলোঁ।

কেফেৰ পৰা দায়া নদীৰ মনোমোহা ৰূপ

শ্বিনকিঅ' সেঁতু

কেফেৰ পৰা ওলাওঁ মানে বৰষুণ জাক ৰৈছে। ডাৱৰ ফালি এচেৰেঙা ৰ'দ ওলাইছে। দুখোজমান দিয়ে আমাৰ চকুৰ সন্মুখত ভাঁহি উঠিল দায়া নদীৰ ওপৰৰ শ্বিনকিঅ' সেঁতু (Shinkyō Bridge)। চৌদিশৰ শাৰদী প্ৰকৃতিৰ যেন এক অংগ হৈও অদ্বিতীয় ৰূপত জিলিকি আছে ৰঙা সেঁতুখন। এই পবিত্ৰ সেঁতু জাপানৰ আটাইতকৈ সুন্দৰ আৰু বিখ্যাত সেঁতুসমূহৰ এখন। কিম্বদন্তী অনুসৰি, নিক্ক'ৰ প্ৰথম বৌদ্ধ ধৰ্মগুৰু শ্ব'দ'ৱে হেনো দায়া নদী পাৰ হ'বলৈ দৈৱ সহায় বিচাৰোঁতে দুটা সাপ দেখা দি এই সেঁতুৰ ৰূপ ধাৰণ কৰিছিল।

নিক্ক'ৰ খ্যাতনামা শ্বিনকিঅ' সেঁতু

ইতিমধ্যে সেইখিনিত পৰ্যটকৰ জুম বান্ধিছে। বহুতে টিকেট লৈ সেঁতুত উঠিছেগৈ। ১৯৭৩ চনলৈকে এই সেঁতুত জনসাধাৰণৰ প্ৰৱেশ নিষেধ আছিল। ১৯৯৯ চনত সেঁতুখন বিশ্ব ঐতিহ্য স্থান হিচাপে মনোনীত কৰা হয়। পৰৱৰ্ত্তী সময়ত বহু বছৰজোৰা পুনৰুদ্ধাৰৰ  পিছত সেঁতুখন পৰ্য্যটকৰ বাবে মুকলি কৰা হয়। পিছে সেইখিনিত দায়া নদী পাৰ হ'বলৈ মূল দলং এখনো আছে। আমি তাৰ পৰাই সেঁতুৰ ৰূপ উপভোগ কৰিলোঁ।  

বিশ্ব ঐতিহ্য স্থান নিক্ক'

শ্বিনকিঅ' সেঁতুৰ সিপাৰে মূল পথৰ পৰা পাহাৰলৈ থিয় চিৰি। সেইফালে মানুহৰ সোঁত আৰম্ভ হৈছে। আমিও কৌতুহলেৰে চিৰি বগাই আগবাঢ়িলোঁ। প্ৰথমেই চকুত পৰিল, বৌদ্ধ সাধু  শ্ব'দ' (Shōdō)ৰ এক প্ৰতিমূৰ্ত্তি। তাত উল্লেখ কৰা মতে ৭৬৬ খ্ৰীষ্টাব্দত নিক্ক'লৈ অহা এই বৌদ্ধ সাধু গৰাকী নিক্ক' অঞ্চলত ভৰি থোৱা প্ৰথম লোক। তেঁৱে ইয়াত প্ৰথম মঠ স্থাপন কৰিছিল আৰু বৌদ্ধ ধৰ্মৰ বিস্তাৰ কৰিছিল। 

নিক্ক'ৰ প্ৰথম মানুহ বৌদ্ধ সাধু শ্ব'দ'
তাৰ পিছতে নিক্ক' জাপানৰ এক অন্যতম ধৰ্মীয় আৰু আধ্যাত্মিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হৈ পৰে।  ১৯৯৯ চনত শ্বিনকিঅ' সেঁতুৰ লগতে নিক্ক'ৰ সমূহ মঠ-মন্দিৰ (Shrines and Temples of Nikko)ক আনুষ্ঠানিকভাৱে UNESCO–ৰ বিশ্ব ঐতিহ্য (World Heritage) তালিকাত অন্তর্ভুক্ত কৰা হয়। লক্ষ্য কৰিলোঁ, ইয়াত বিদেশী পৰ্য্যটকতকৈও জাপানী পৰ্য্যটকৰ সংখ্যা বেছি। হয়তো জাপানীসকলৰ মাজত এই তীৰ্থভূমি আধ্যাত্মিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ। 

নিক্ক' ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত সেই বিশাল এলেকা জুৰি কেইবাটাও খ্যাতনামা মন্দিৰ আছে। প্ৰথমেই আমি ৰিন্‌নোজি (Rinnōji) মন্দিৰ দৰ্শন কৰিলোঁ। বৌদ্ধ সাধু  শ্ব'দ'ই প্ৰতিষ্ঠা কৰা এইটো প্ৰথম মন্দিৰ। ৰঙাত সোণৰ কাৰুকাৰ্যৰে মন্দিৰৰ মূল ভৱনটো চকুত লগা। সেই ভৱনৰ ভিতৰত তিনিটা বিশাল সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। এই তিনি দেৱতাৰ নাম হ'ল আমিদা (Amida), শেঞ্জু-কানন (Senju-Kannon) আৰু বাট'-কানন (Bato-Kannon)। তেওঁলোকক নিক্ক'ৰ তিনিজনা পাহাৰী দেৱতাৰ বৌদ্ধ ৰূপ হিচাপে গণ্য কৰা হয়। দেৱতাৰ মূৰ্ত্তিৰ সন্মুখত মুদ্ৰা একোটা দি সেৱা কৰাৰ ব্যৱস্থা আছে। কেইবাগৰাকী জাপানী লোকে তাত দুবাৰকৈ হাত চাপৰি মাৰি মুৰ দোঁৱাই সেৱা কৰা দেখা পালোঁ। গতিকে আমিও তেওঁলোকক অনুকৰণ কৰি অঞ্জলি আগবঢ়ালোঁ।

ৰিন্নোজি মন্দিৰৰ একাংশ

মন্দিৰৰ লগতে লাগি আছে এটা সংগ্ৰহালয় আৰু শ্ব'য়'য়েন (Shoyoen) নামৰ এখন সৰু জাপানী শৈলীৰ উদ্যান। উদ্যানৰ মাজত এটা কণমানি হ্ৰদ। শিলপৰা ঠেক বাটটোৰে হ্ৰদৰ পাৰে পাৰে আমি আগবাঢ়িলোঁ। চৌদিশে জাপানীসকলৰ উদ্যান শিল্পৰ এক অপূৰ্ব নিদৰ্শন হৈ ধৰা দিলে বহু ৰং বিৰঙী জোপোহা আৰু জাপানী মেপলৰ গছ। ইমান সূক্ষ্মভাৱে আৰু যত্নেৰে উদ্যানখন গঢ়ি তুলিছে যে প্ৰতিটো কোণৰ পৰাই উদ্যানৰ এক ভিন্ন আৰু মনোমোহা দেখা পোৱা যায়। 

শ্ব'য়'য়েন উদ্যানত শৰতৰ ৰং

তিনিটা জ্ঞানী বান্দৰৰ আদিস্থান 

এইবাৰ আমি পুনৰ মানুহৰ লানিত যোগ দিলোঁ। ৰিন্নোজি মন্দিৰৰ পৰা অলপ আগবাঢ়ি গ'লেই বিশ্ববিখ্যাত ট'শ্ব'গু মন্দিৰ (Tōshōgū shrine)। কিন্তু তাৰ গৈ নাপাওঁতেই চকুত পৰিল বাটৰ সোঁমাজত এগৰাকী কৰ্মকৰ্তা। হাতত চাইনবৰ্ড- জাপানী আৰু ইংৰাজীত লিখা আছে, 'ট'শ্ব'গু মন্দিৰৰ টিকেটৰ বাবে ইয়াত থিয় হওক'। বুজিলোঁ, মন্দিৰৰ টিকেটৰ বাবে বহু দীঘল শাৰী। উপায়ন্তৰ হৈ তাতে ৰ'লোঁগৈ। ভাগ্য ভাল যে সেই সমগ্ৰ বাটছোৱাত অনেক দোকান -পোহাৰ। গতিকে দোকান-পোহাৰ আৰু অন্য পৰ্য্যটকৰ ৰেহ-ৰূপ চাই সময়খিনি ভালকৈয়ে কাটিল।

ট'শ্ব'গু মন্দিৰৰ পেগোডা

মূল প্ৰৱেশদ্বাৰ পাৰ হৈ প্ৰথমেই দেখা পালোঁ অপূৰ্ব কাৰুকাৰ্য্যৰে ভৰা এক পাঁচতলাৰ পেগোডা। ৰঙাত সোণালী কাম কৰা পেগোডাটো চালে চকুৰোৱা। সেইখিনিতে মূল মন্দিৰৰ বাবে টিকেটৰ বাবে ভেণ্ডিং মেচিনৰ ব্যৱস্থা আছে। আগবাঢ়ি গৈ দেখিলোঁ, মেচিনৰ স্ক্ৰীণৰ সকলো জাপানীজ ভাষাতহে দেখায়। প্ৰথমে অনুমানতে স্ক্ৰীণত দেখা সেউজীয়া বাটনত টিপিলোঁ। এইবাৰ সমগ্ৰ স্ক্ৰীণ ভৰাই জাপানী ভাষাত উত্তৰ আহিল। কি কৰোঁ-কি নকৰোঁকৈ সহায়ৰ বাবে ইফালে-সিফালে চালোঁ। কাইল আগবাঢ়ি আহিল। অ'ত ত'ত টিপি নোটকেইখন ভৰাই দিলে। আমাক দুয়োকে আচৰিত কৰি ভেণ্ডিং মেচিনৰ ফুটাৰে সৰি পৰিল দুটা টিকেট!

'কেনেকৈ টিকেট ওলালহে?' মই আচৰিত হৈ ক'লোঁ।

'অনুমানত!' কাইলে হোহোৱাই হাঁহি পেলালে।

চাৰিশ বছৰীয়া ট'শ্ব'গু মন্দিৰৰ আদৰণী তোৰণখনেৰে সোমাই গৈ তবধ মানিলোঁ। অপৰূপ সোণালী কাৰুকাৰ্যৰে চকু চাৎ মৰা এক তোৰণ। সেইখিনিতে জাপানী লোক এজনৰ পৰা অডিঅ' গাইডো কিনি ল'লোঁ। পাঁচশ য়েনৰ বিনিময়ত তেওঁ ইয়েৰফোন এটাৰে সৈতে সৰু যন্ত্ৰ বিধ দি ট'শ্ব'গু মন্দিৰৰ মেপখন দেখুৱালে। গম পালোঁ, এয়া কেৱল এটা মন্দিৰ নহয়। এক বিশাল অঞ্চলজুৰি প্ৰায় ডজনৰো অধিক ভৱন আছে। আকাৰে-ইংগিতে তেওঁ বুজালে, প্ৰতিটো মন্দিৰৰ সন্মুখত থিয় হৈ মেপৰ সেই ঠাইত স্কেন কৰিলে মাতটো ভাঁহি আহিব আৰু সেই স্থাপত্যৰ বিষয়ে চমূকৈ ইংৰাজীত ক'ব।  

ট'শ্ব'গু মন্দিৰৰ আদৰণী তোৰণ
ইয়াৰফোনৰ দুটি মূৰ দুফালে লৈ আমি খোজ দিলোঁ। কাইলৰ হাতত মেপখন। অডিঅ' গাইডে কৈ গ'ল, ট'শ্ব'গু মন্দিৰ এক শ্বিণ্ট' মন্দিৰ। জাপানী ছামুৰাই ট'কোগাৱা ইয়েয়াছু (Tokugawa Ieyasu)ৰ স্মৃতিত এই মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ ষোল্ল শতিকাৰ পৰা ওঠৰ শতিকালৈ জাপান শাসন কৰিছিল আৰু সেই সময়ছোৱাতে সমগ্ৰ জাপান একত্ৰিত কৰিছিল। ইটোৰ পিছত সিটোকৈ ভৱনৰ সন্মুখত ৰৈ অডিঅ' গাইডৰ পৰা সেইবিষয়ে শুনি গ'লোঁ, কাঠত সোণ খোদাই অপৰূপ কাৰুকাৰ্যৰ ভৱনবোৰ অভিভূত হৈ চালোঁ। কিন্তু আমাক আটাইতকৈ আচৰিত কৰিলে সেই মন্দিৰৰ গুদামঘৰটোৱে।

নিপুণ শিল্পকলাৰে নিৰ্মিত গুদামঘৰৰ কাঠৰ দেৱালত আঠখন ছবি খোদাই কৰা আছে। প্ৰতিখন ছৱিত জাপানত দেখা পোৱা জাপানীজ মাকাক প্ৰজাতিৰ বান্দৰে জীৱনৰ আঠটা স্তৰক লৈ আধ্যাত্মিক নিৰ্দেশনা দিছে। অডিঅ' গাইডৰ কণ্ঠ অনুসৰণ কৰি সেই স্তৰ সন্নিবিষ্ট ছৱিবোৰ এখন এখনকৈ চাই গৈ থমকি ৰ'লোঁগৈ তিনিটা বান্দৰ থকা ছৱিখনৰ সন্মুখত। গাইডে ক'লে, 

'এয়াই বিশ্ববিখ্যাত তিনি জ্ঞানী বান্দৰ-  মিজাৰু, যিয়ে নিজৰ চকু ঢাকি বেয়া নাচায়; কিকিজাৰু, যিয়ে নিজৰ কাণ ঢাকি বেয়া নুশুনে; আৰু ইৱাজাৰু যিয়ে নিজৰ মুখ ঢাকি বেয়া নকয়। এই প্ৰতীকটি মেইজি যুগত (১৮৬৮–১৯১২) পশ্চিমীয়া দেশত পৰিচিত হয়, আৰু তাৰ ফলত ইংৰাজীত “see no evil, hear no evil, speak no evil” প্ৰবাদটোৰ সৃষ্টি হয়।'

অতদিনে তিনি জ্ঞানী বান্দৰৰ নৈতিক শিক্ষা পঢ়ি-শুনি আহিছোঁ। কিন্তু আজিহে সেই তিনি বান্দৰৰ আদিস্থান দেখাৰ সুযোগ পালোঁ। ভাৱ হ'ল যেন এক ৰহস্য মুকলি হৈ গ'ল আমাৰ চকুৰ সন্মুখতে!

ট'শ্ব'গু মন্দিৰৰ তিনিটা জ্ঞানী বান্দৰ