Friday, 12 December 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৫)

জাপানৰ ধাৰ্মিক সমন্বয়

নিক্ক'ৰ ট'শ্ব'গু মন্দিৰত ঘুৰি-পকি ওলাই আহোঁ মানে সিদিনা আবেলিয়ে হ'ল। এইবাৰ আগবাঢ়িলোঁ তাৰ কাষতে থকা ফুটাৰাছান মন্দিৰ (Futarasan Jinja)লৈ।ফুটাৰাছান মন্দিৰ নিক্ক'ৰ তিনিটা মূল পৰ্বত- নাণ্টাই, নিওহো আৰু টাৰ' পৰ্বতৰ দেৱতাসকলৰ প্ৰতি উৎসৰ্গিত এক মন্দিৰ। ট'শ্ব'গুৰ তুলনাত ফুটাৰাছান মন্দিৰ বহু প্ৰাচীন।৭৮২ চনত একেগৰাকী বৌদ্ধ ভিক্ষু শোদো শোনিনে স্থাপন কৰিছিল। গম পালোঁ, এই মন্দিৰৰ তিনিভাগ আচলতে তিনিঠাইত আছে। মূল মন্দিৰটো এই ট'শ্বগুৰ কাষত, মধ্যম মন্দিৰটো হ্ৰদ ছুজেঞ্জিৰ পাৰত আৰু তৃতীয় অভ্যন্তৰীণ মন্দিৰটো আছে মাউণ্ট নাণ্টাইৰ শিখৰত। আমি দৰ্শন কৰা মূল মন্দিৰৰ সন্মুখতে এটা শহাৰ সোণালী  প্ৰতিমূৰ্তি আছে। জাপানী সংস্কৃতিত শহাক হেনো সৌভাগ্য, সফলতা আৰু সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। সেইবাবে এই মন্দিৰ প্ৰতিষ্ঠাৰ ১২৪০ বৰ্ষপূৰ্তিত এই প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছিল।

ফুটাৰাছান মন্দিৰৰ সন্মুখভাগ

নিক্ক'ৰ বিশ্ব ঐতিহ্যস্থান এই সকলো মন্দিৰত শ্বিণ্ট' আৰু বৌদ্ধ দুয়োটা ধৰ্মৰে উপাদান চকুত পৰিল। ট'শ্ব'গু মূলত: শ্বিণ্ট' মন্দিৰ। কিন্তু তাৰ লগতে বৌদ্ধ পেগোডা আৰু সকলো ভৱনত বৌদ্ধ স্থাপত্যশৈলী চকুত লগা। ফুটাৰাছান মন্দিৰতো এনে বহু উপাদান দেখা পালোঁ। ভাৱ হ'ল যেন, ধৰ্মীয় সহাৱস্থান বা Syncretism-ৰ এক অপূৰ্ব নিদৰ্শন এই মন্দিৰসমূহ।  

ইতিমধ্যে ভোকত আমাৰ পেট কলমলাবলৈ আৰম্ভ কৰিলে। মন্দিৰ এলেকাৰ পৰা ওলাই আহি ওচৰতে এখন ৰেষ্টোৰাঁ দেখা পাই সোমাই গ'লোঁ। এশ বছৰীয়া পুৰণি সেই ৰেষ্টোঁৰাৰ নাম নিক্ক' মাৰুহাইড শ্বকুডু। এগৰাকী আদহীয়া মহিলাই আমাক আদৰি নিলে। আহল-বহল ৰেষ্টোৰাঁ। ভাৱ হ'ল, কেৱল পতি-পত্নীয়ে মিলি এই ঠাই চলাইছে। মেন্যুৰ ফটো চাই লৈ য়ুবা ডন (ভাত আৰু শাক মিহলি খাদ্য) আৰু য়ুবা ৰামিন অৰ্ডাৰ কৰিলোঁ। য়ুবা মানে টফুৰ ছাল। মই প্ৰায়ে ঘৰত চালাড আদিত টফু মিহলি কৰি খাওঁ। কিন্তু কাইলে ভুলতো সেয়া মুখত নিদিয়ে। টফুত একো সা-সোৱাদ নাপায় হেনো সি। মোৰ দৃষ্টিত সেয়া এলবাৰ্টাৰ যিকোনো মানুহৰ দৰে দৰে কেৱল মাংস আৰু চীজতহে জুতি পোৱা জীভাৰ নিদৰ্শন! এতিয়া জাপানলৈ আহি সেই কাইলে তৃপ্তিৰে টফু খোৱা দেখি মোৰ হাঁহি উঠিল। ইয়াকে কয়, যেনে দেশ তেনে ভেশ!

টফুৰ ছালেৰে কৰা য়ুবা ৰামিন

কানমান্‌গাফুচি খাদৰ বুদ্ধ

খাদলৈ যোৱাৰ বাটত
এইবাৰ আমি খোজ দিলোঁ অন্য এক পৰ্য্যটনৰ আকৰ্ষণ কানমান্‌গাফুচি খাদ (Kanmangafuchi Abyss) লৈ। ইতিমধ্যে নিক্ক'ৰ আকাশ মুকলি হৈছে। আবেলিৰ ৰ'দজাক মূৰত লৈ পকী দলং এখনেৰে দায়া নদী পাৰ হ'লোঁ। সাধাৰণতে পৰ্যটক যোৱা বাটেৰে পোনেই নগৈ হ'ঞ্চ' গাঁৱৰ মাজেৰে নৈৰ দক্ষিণ পাৰলৈ খোজ দিলোঁ। ঠেক পৰিস্কাৰ বাটৰ দুয়োপাৰে সৰু সৰু ঘৰ আৰু বাঁৰী। চৌদিশে শৰতৰ ৰং। মানুহৰ  ভিৰৰ পৰা ওলাই আহি সেই নিৰিবিলি পৰিৱেশে মনটো নিজাৰ পেলাই দিলে। প্ৰায় বিছ মিনিটমান খোজ কঢ়াৰ পিছত ঘৰ-দুৱাৰ আঁতৰি আমাৰ সন্মুখত এক আৰণ্যক পৰিৱেশে ধৰা দিলে। কংক্ৰিটৰ বাটৰ শেষত এটা ঠেক পথৰুৱা আলি আৰম্ভ হ'ল। দুয়োপাৰে কঁহুৱাৰ দৰে এবিধ ওখ ঘাঁহ।সোঁকাষে জিৰি জিৰি সুৰেৰে বৈ গৈছে দায়া নদী। সেই বাটেৰে কিছুদূৰ আগবঢ়াৰ পিছতে দেখা পালোঁ বাটৰ বাওঁকাষে এটা শিলৰ বৌদ্ধ মূৰ্তি। মূৰ আৰু ডিঙিত ৰঙা কাপোৰ। বুজিলোঁ, সেইখিনিতে আৰম্ভ হৈছে বিখ্যাত কানমান্‌গাফুচি খাদ!

যিমানেই আগবাঢ়িলোঁ সিমানে তেনে অলেখ অসংখ্য বৌদ্ধ মূৰ্তিয়ে আমাক আদৰিলে। চৌদিশৰ সেউজীয়াৰ মাজত যেন ট ট কৈ জিলিকি উঠিল ৰঙা টুপীৰ মূৰ্তিবোৰ। বহুতো মূৰ্তিৰ দেহৰ শেলুয়ৈ। কিছুমান মূৰবিহীন মূৰ্তিও চকুত পৰিল। সেই বৌদ্ধ মূৰ্তি আৰু চৌদিশৰ পৰিৱেশে মনলৈ যেন কিবা এক অজান শিহৰণ আনি দিলে। 

কানমান্‌গাফুচি খাদত আমি
এই কানমান্‌গাফুচি খাদ প্ৰকৃততে সাতহাজাৰ পূৰ্বে নাণ্টাই পৰ্বতৰ এটা বিস্ফোৰণৰ ফলত সৃষ্টি হৈছিল। খাদৰ পৰা নদীৰ ফালে মুখ কৰি থকা এই বৌদ্ধ মূৰ্তিবোৰক জিজ' (jizo) দেৱতা বুলি কোৱা হয়। এইবোৰে হেনো মৃতসকলক প্ৰতিৰক্ষা দিয়ে। ধাৰণা মতে ইয়াত প্ৰায় ৭০টা মূৰ্তি আছে। কিন্তু কিম্বদন্তী মতে,এই মূৰ্তিৰ মুঠ সংখ্যা কোনেও সঠিকভাৱে গণনা কৰিব নোৱাৰে—প্ৰতিবাৰে গণনা কৰিলে সেই সংখ্যা সলনি হৈ পৰে। লাহে লাহে নদী কাষৰীয়া আলিবাটটো ঠেক হৈ আহিল শৰতৰ অৰণ্যই ছাটি ধৰিলে। গুগল মেপৰ মতে কানমান্‌গাফুচি খাদৰ বাট সিমানতে শেষ। কিন্তু তাতে এখন সৰু চাইনবৰ্ড দেখি গম পালোঁ, সেই বাটেৰেই নিক্ক' ৱান'শ্বিৰ' অনছেন (Nikko Wanoshiro Onsen) ওলাবগৈ পাৰি। সেয়া আজি আমাৰ শেষ গন্তব্যস্থান। কিন্তু লগতে দেখা পালোঁ অন্য এখন চাইনবৰ্ড- ভালুকৰ পৰা সাৱধান! সিদিনা পুৱাৰ বাতৰিত দেখিছিলোঁ, বিভিন্ন ঠাইত মানুহ আৰু ভালুকৰ সংঘাতৰ বিষয়ে। গতিকে ইয়াতো ভালুকৰ সক্ৰিয়তা দেখি আচৰিত নহ'লোঁ।

'আগবাঢ়ি গৈ চাওঁ ব'লা। এই বাটেৰেই অনছেন ওলাবগৈ লাগে!' কাইলে ক'লে।


কানমান্‌গাফুচি খাদৰ পৰা অনছেনলৈ 

'এইফালে মানুহ যোৱাৰ কোনো চিন-মোকাম নাই। গতিকে ভালুকৰ পৰা সাৱধান হ'ব লাগিব!' মই ক'লোঁ। কিন্তু বাটটোক লৈ মোৰ কৌতুহল আৰু উত্তেজনাও দমাই ৰাখিব নোৱাৰিলোঁ। নজনা-নিচিনা বাটৰ প্ৰতি মোৰ যে এক চিৰদিনীয়া কৌতুহল!

আমি যিমানেই আগবাঢ়িলোঁ বাটটো নিজান হৈ আহিল। মাথোঁ শুনা পালোঁ বিভিন্ন চৰাইৰ কাকলি। খোজৰ লগে লগে বাইন'কুলাৰ লৈ সেই মাতৰ আঁৰৰ জাপানী চৰাইৰ সন্ধান কৰিলোঁ। চকুত পৰিল, গছৰ ডালে ডালে খাদ্য বিচাৰি থকা ভদৰকলিৰ দৰে এটা চৰাই। নাম ভেৰিড টিট। গছৰ মুধচত কলকলাই উঠিল এজাক জাপানী বুলবুলি চৰায়ে (Brown-eared Bulbul)। সেই বাটৰ পৰাই চকুত পৰিল, আকাশত প্ৰায় ৩০-৪০ টা চিলনীৰ এটা জাকে প্ৰায় বৃত্তাকাৰে উৰি চিকাৰৰ সন্ধান কৰিছে। জাপানত হেনো চিলনীৰ এনে জাকৰুৱা চিকাৰৰ ৰূপ এক পৰিচিত দৃশ্য। বিশেষকৈ উপকূলীয় আৰু নদী–হ্ৰদৰ চাৰিওফালে প্ৰায়ে এনেকৈ চিলনীৰ জাক দেখা পোৱা যায়। 

এঠাইত বাটৰ কাষত কাঠৰ এখন সৰু পৰম্পৰাগত তোৰণ দেখা পাই কাইল আগবাঢ়ি গ'ল। তাৰ পৰা আগলৈ পাহাৰৰ ওপৰত এটা পুৰণি সৰু মন্দিৰ। মুদ্ৰা এটা দি কাইলে মন্দিৰৰ টিলিঙা বজাই দিলে। গোটেই অৰণ্যখন ৰজনজনাই গ'ল। মোৰ ভৰিৰ পৰা মূৰলৈ এটা অদ্ভুদ শিহৰণ বৈ গ'ল। ভাৱ হ'ল যেন সেই ঠাইত সেই মুহূৰ্তটোৱে জাপানৰ প্ৰকৃতি আৰু সংস্কৃতিৰ এক অবাৰ্চীন ৰূপৰ সৈতে একাত্ম হোৱাৰ সুযোগ আনি দিলে।

দায়া নদীৰ ওপৰত এখন দলং

জাপানৰ ৰাজহুৱা স্নানাগাৰ 

খাদৰ অৰণ্যৰ মাজেৰে গৈ ৱান'শ্বিৰ' অনছেন  (Nikko Wanoshiro Onsen Yashio-no-yu) পাওঁগৈ মানে সন্ধিয়া নামিছে। মনত কিছু উত্তেজনা, কিছু উদ্বিগ্নতা। জাপানৰ ৰাজহুৱা স্নানাগাৰ বা অনছেনৰ বিষয়ে শুনি আহিছোঁ, কিন্তু আজিয়ে প্ৰথম ভৰি থ'লোঁহি। ৰাজহুৱা স্নানাগাৰ জাপানী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। ঐতিহাসিকভাৱে জাপানত ব্যক্তিগতভাৱে ক'তো স্নানাগাৰ নাছিল। সকলো লোকে এই ৰাজহুৱা স্নানাগাৰত গা ধুইছিলহি। এতিয়াও এই পৰম্পৰা স্থানীয় আৰু দেশ-বিদেশৰ পৰ্যটকৰ মাজত অতিকে জনপ্ৰিয়। জাপানত এই ৰাজহুৱা স্নানাগাৰসমূহ সুস্বাস্থ্য আৰু সামাজিক সংযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম বুলি গণ্য কৰা হয়।  

অনছেনৰ দুৱাৰমুখতে ভেণ্ডিং মেচিনত টিকেট লৈ দুয়ো দুফালে সোমাই গ'লোঁ। প্ৰায়বোৰ অনছেনত পুৰুষ আৰু মহিলাৰ ঠাই পৃথক। মহিলাৰ অংশটোত দেখিলোঁ প্ৰথমে এটা আহল-বহল কোঠাত বয়-বস্তু থ'বলৈ লকাৰ আৰু কাপোৰ সলোৱাৰ ব্যৱস্থা। তাতে সকলো থানথিত লগাই থৈ টাৱেল এখন মেৰিয়াই আগবাঢ়ি গ'লোঁ।

নিক্ক' ৱান'শ্বিৰ' অনছেনৰ সন্মুখভাগ

সেইদিশে এক বিশাল মুকলি এলেকা। এফালে অনছেনৰ গৰম পানীৰ দুটা উঁহ। কিন্তু তাত নমাৰ আগতে বিপৰীত মূৰত থকা মুকলি শ্বাৱাৰত ভালদৰে গা-পা ধোৱাৰ নিয়ম। উঁহৰ পানীত কাপোৰ পিন্ধি নমা নিষেধ। সন্ধিয়াৰ সময় বাবেই কিজানি যথেষ্ট মানুহ তেতিয়াও। শিশুৰ পৰা বৃদ্ধলৈ ভিন্ন বয়সৰ মহিলা। কোনোবাই ভিতৰৰ অংশটোত পানীত নামিছে। কিছু ওলাই গৈছে আছুতীয়াকৈ ৰখা বাহিৰৰ অংশটোত। আলৰ বৃদ্ধাৰ পৰা মাকৰ হাতত ধৰি আগবঢ়া শিশুলৈকে সকলো যেন তেনেই সহজ- সংকোচবিহীন সেই পৰিৱেশত। ভাৱ হ'ল যেন জাপানীসকলৰ নিজৰ শৰীৰক সন্মান কৰা মানসিকতা (body positivity) গঢ় দিয়াৰো মূলকেন্দ্ৰ এই অনছেনসমূহ। 

অনছেনৰ বাহিৰৰ উঁহ
(ভিতৰত ফটো তোলা নিষেধ বাবে অনছেনৰ ৱেবছাইটৰ পৰা সংগৃহীত ফটো)

সকলোকে দেখি লাহে লাহে মোৰো অসহজ ভাৱটো নোহোৱা হৈ আহিল। শ্বাৱাৰত গা-পা ধুই পোনেই বাহিৰৰ উঁহটোলৈ গ'লোঁ। পানীত নমাৰ আগেয়ে বাকী মহিলাসকলৰ দৰে শুভ্ৰ টাৱেলখন মূৰত ল'লো।সেইখিনিত তিনিওফালে বেঁৰা দি আছুতীয়াকৈ উঁহটো সৃষ্টি কৰা হৈছে। সন্মুখত কেইবাজোপা জাপানী মেপলৰ গছ। উঁহৰ দুছটা বিশাল শিলৰ মাজত আৰামকৈ বহিলোঁগৈ। সন্ধিয়াৰ লগে লগে জাৰ পৰিবলৈ আৰম্ভ কৰিছে। কিন্তু উঁহৰ উমাল পানীয়ে দেহ-মন শাঁত পেলাই দিলে। দিনৰ দিনটো খোজ কঢ়াৰ অন্তত ভৰি দুখনেও যেন বৰ আৰাম পালে।শিলত মূৰ পেলাই জাপানী মেপলৰ ৰং বিৰঙী পাতবোৰ চাই ৰ'লোঁ- বহুপৰলৈ!


নিশা জাপানী চুছিৰ সোৱাদ


No comments:

Post a Comment