নিক্ক'ত প্ৰথম পুৱা
| জাপানৰ ড্ৰিপ কফি |
পশ্চিমীয়া ধাৰাৰ কফি মেইজী যুগৰ শেষৰফালেহে জাপানলৈ আহিছিল কিন্তু কিছাটান (Kissaten) নামৰ পৰম্পৰাগত কেফেবোৰে কফিক জাপানী সমাজত জনপ্ৰিয় কৰি তুলিলে। এতিয়া জাপানত চাহৰ দৰেই কফিও পৰম্পৰাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। জাপানৰ সকলোতে পোৱা দোকান (convenience store) যেনে, ল'ছন বা ফেমিলি মাৰ্ট আদিত এই ড্ৰিপ কফিৰ পয়োভৰ দেখা পালোঁ। সুবিধা আৰু সোৱাদ দুয়োটাৰ বাবে জাপানত থকা কেইদিনতে ড্ৰিপ কফি আমাৰো প্ৰিয় হৈ পৰিল।
'ইমান ঠাণ্ডা পৰিছে!' কাইলৰ মাত শুনি মূৰ তুলি চালোঁ। গায়ে-মূৰে ডাঠ ব্লেংকেটখন মেৰিয়াই লৈ কোনোমতে খোজ কাঢ়িছে সি। ঘৰটোৰ প্ৰতিটো কোঠাত স্পেচ হিটাৰ আছে যদিও ঠাণ্ডাৰ প্ৰকোপ কমাব পৰা নাই।
'এয়া ড্ৰিপ কফি খোৱা- গা গৰম হৈ যাব।' হাঁহি হাঁহি মই ক'লোঁ।
যি পাৰোঁ গৰম কাপোৰ পিন্ধি দুয়ো সাতমান বজাতে ওলাই আহিলোঁ। নিক্ক'ৰ আকাশত ঘন ডাৱৰ। মাজে মাজে কিনকিনিয়া এজাক বৰষুণ। ঘৰৰ গৃহস্থই যুগুতাই থোৱা খৰাহীৰ পৰা স্বচ্ছ বগা ছাতি একোটা হাতত ল'লোঁ। জাপানত ঘনাই বৰষুণ হয়। সেইবাবেই কিজানি সকলো ঠাইত এনেদৰে ছাতি সাজু কৰি থোৱা থাকে। আনকি প্ৰায়বোৰ দোকান-পোহাৰ আৰু ৰেষ্টোৰাঁত বৰষুণৰ বতৰত তিতা ছাতি ভিতৰলৈ নিবলৈ দুৱাৰমুখতে প্লাষ্টিকৰ মোনাও দেখা পালোঁ। সকলোৱে ছাতি সেই মোনাত ভৰাইহে সোমায় যাতে ছাতিৰ পানীৰে ভিতৰৰ মজিয়া তিয়াই নেপেলায়। জাপানীসকলৰ সৌজন্যতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অন্য এক নিদৰ্শন এয়া।
![]() |
| নিক্ক' টাউনৰ পুৱা |
নিক্ক' টাউনৰ মূল পথটোৰে পশ্চিমদিশলৈ বিশ্ব ঐতিহ্য স্থানসমূহৰ আৰম্ভণি হৈছে। সেইদিশে খোজ ল'লোঁ। আমাৰ দুয়োকাষে ঠেক নগৰীয়া সীমাৰ সিপাৰে শাৰী শাৰী সেউজ পাহাৰ। ধলপুৱা বাবে প্ৰায়বোৰ দোকান-পোহাৰ তেতিয়াও খোলা নাই। বাট-পথো নিমাও মাও। মাজে মাজে মাথোঁ দুই এখন গাড়ী চলিছে। ইয়াৰ ভোটোকা মুখৰ সৰু সৰু গাড়ীবোৰ দেখিও আমোদ পালোঁ। কিনকিনীয়া বৰষুণৰ মাজেৰে আধাঘণ্টামান খোজেৰে যাওঁ মানে ভোক লাগিলগৈ। বৰষুণজাকৰ পৰা অলপ বিৰতি লোৱাৰো ইচ্ছা হ'ল। সেইখিনিতে এখন কেফে চকুত পৰিল- নাম 'শ্বিনকিঅ' ইন'। ভাগ্যক্ৰমে সেইখন খোলা দেখা পাই দুয়ো সোমাই গ'লোঁ।
![]() |
| জাপানৰ জনপ্ৰিয় স্বচ্ছ ছাতি লৈ নিক্ক' টাউনত |
কেফেখন নিক্ক' টাউনেৰে বৈ যোৱা দায়া নদীৰ পাৰত। জাপানৰ প্ৰায়বোৰ কেফে- ৰেষ্টোঁৰাৰ দৰে এইখনো তেনেই সৰু- মাথোঁ দহজন মান মানুহহে বহিব পাৰে। দুৱাৰমুখতে আমাক শ্বেতাংগ লোক এজনে আদৰিলে।
'গুড মৰ্ণিং। ব্ৰেকফাষ্ট কৰিব নেকি?'
মূৰ দুপিয়ালোঁ। তেওঁ খিৰিকীৰ কাষৰ টেবুলখনত আমাক বহুৱালেগৈ। সেইদিশে কাঁচৰ বিশাল দেৱাল- গতিকে নিচেই কাষেৰে বৈ যোৱা দায়া নদীৰ পাৰতে বহা যেন ভাৱ হ'ল। নদীৰ দুয়োপাৰে সেউজীয়াৰ মাজে মাজে শৰতৰ ৰং- হালধীয়া, সুমথিৰা আৰু ৰঙা ৰঙৰ সমাহাৰ। পানীত সৰু-বৰ মাছ। সিপাৰে ধলধলাই সৰু জলপ্ৰপাত এটাৰ পানী নৈত পৰিছেহি। কেনে অপৰূপ- মোৰ মনটো পুলকিত হৈ পৰিল।
'কফি বা চাহ সৌ তাত উলিয়াই থোৱা আছে- নিজৰ ইচ্ছামতে ল'ব পাৰে। পুৱাৰ সাজ অলপ পিছতে আনিম।'
মানুহজনে ব্ৰিটিছ সুৰত কথা কোৱা দেখি অলপ কৌতুহলী হ'লোঁ। কিন্তু সম্ভ্ৰম ৰাখি সেই কৌতুহল দমাই ৰাখিলোঁ। ব্যতিব্যস্ত ভাৱে তেওঁ পাকঘৰলৈ সোমাই গ'ল। তাত ৰান্ধি থকা জাপানী মহিলাগৰাকীক অৰ্ডাৰসমূহ দিলেগৈ। অনুমান কৰিলোঁ, সেই ৰেষ্টোৰাঁ আৰু ওপৰ মহলাৰ হোটেল কিজানি এই পতি-পত্নীয়েই মিলি চলায়।
ক্ষন্তেক পিছতে টেবুললৈ খাদ্য আহিল- অ'ট মিল, ঘৰুৱা জামেৰে ব্ৰেড ট'ষ্ট, বেক'ন আৰু প'চড কণী। লগতে সৰুকৈ চালাডৰ বাটি একোটা। খোৱাৰ প্লেটত যেন সেয়া জাপানী আৰু ব্ৰিটিছ সংস্কৃতিৰ এক সংমিশ্ৰণ! দায়া নৈৰ শোভা চাই চাই হেঁপাহেৰে সেয়া মুখত দিলোঁ।
![]() |
| কেফেৰ পৰা দায়া নদীৰ মনোমোহা ৰূপ |
শ্বিনকিঅ' সেঁতু
কেফেৰ পৰা ওলাওঁ মানে বৰষুণ জাক ৰৈছে। ডাৱৰ ফালি এচেৰেঙা ৰ'দ ওলাইছে। দুখোজমান দিয়ে আমাৰ চকুৰ সন্মুখত ভাঁহি উঠিল দায়া নদীৰ ওপৰৰ শ্বিনকিঅ' সেঁতু (Shinkyō Bridge)। চৌদিশৰ শাৰদী প্ৰকৃতিৰ যেন এক অংগ হৈও অদ্বিতীয় ৰূপত জিলিকি আছে ৰঙা সেঁতুখন। এই পবিত্ৰ সেঁতু জাপানৰ আটাইতকৈ সুন্দৰ আৰু বিখ্যাত সেঁতুসমূহৰ এখন। কিম্বদন্তী অনুসৰি, নিক্ক'ৰ প্ৰথম বৌদ্ধ ধৰ্মগুৰু শ্ব'দ'ৱে হেনো দায়া নদী পাৰ হ'বলৈ দৈৱ সহায় বিচাৰোঁতে দুটা সাপ দেখা দি এই সেঁতুৰ ৰূপ ধাৰণ কৰিছিল।![]() |
| নিক্ক'ৰ খ্যাতনামা শ্বিনকিঅ' সেঁতু |
ইতিমধ্যে সেইখিনিত পৰ্যটকৰ জুম বান্ধিছে। বহুতে টিকেট লৈ সেঁতুত উঠিছেগৈ। ১৯৭৩ চনলৈকে এই সেঁতুত জনসাধাৰণৰ প্ৰৱেশ নিষেধ আছিল। ১৯৯৯ চনত সেঁতুখন বিশ্ব ঐতিহ্য স্থান হিচাপে মনোনীত কৰা হয়। পৰৱৰ্ত্তী সময়ত বহু বছৰজোৰা পুনৰুদ্ধাৰৰ পিছত সেঁতুখন পৰ্য্যটকৰ বাবে মুকলি কৰা হয়। পিছে সেইখিনিত দায়া নদী পাৰ হ'বলৈ মূল দলং এখনো আছে। আমি তাৰ পৰাই সেঁতুৰ ৰূপ উপভোগ কৰিলোঁ।
বিশ্ব ঐতিহ্য স্থান নিক্ক'
শ্বিনকিঅ' সেঁতুৰ সিপাৰে মূল পথৰ পৰা পাহাৰলৈ থিয় চিৰি। সেইফালে মানুহৰ সোঁত আৰম্ভ হৈছে। আমিও কৌতুহলেৰে চিৰি বগাই আগবাঢ়িলোঁ। প্ৰথমেই চকুত পৰিল, বৌদ্ধ সাধু শ্ব'দ' (Shōdō)ৰ এক প্ৰতিমূৰ্ত্তি। তাত উল্লেখ কৰা মতে ৭৬৬ খ্ৰীষ্টাব্দত নিক্ক'লৈ অহা এই বৌদ্ধ সাধু গৰাকী নিক্ক' অঞ্চলত ভৰি থোৱা প্ৰথম লোক। তেঁৱে ইয়াত প্ৰথম মঠ স্থাপন কৰিছিল আৰু বৌদ্ধ ধৰ্মৰ বিস্তাৰ কৰিছিল।
![]() |
| নিক্ক'ৰ প্ৰথম মানুহ বৌদ্ধ সাধু শ্ব'দ' |
নিক্ক' ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত সেই বিশাল এলেকা জুৰি কেইবাটাও খ্যাতনামা মন্দিৰ আছে। প্ৰথমেই আমি ৰিন্নোজি (Rinnōji) মন্দিৰ দৰ্শন কৰিলোঁ। বৌদ্ধ সাধু শ্ব'দ'ই প্ৰতিষ্ঠা কৰা এইটো প্ৰথম মন্দিৰ। ৰঙাত সোণৰ কাৰুকাৰ্যৰে মন্দিৰৰ মূল ভৱনটো চকুত লগা। সেই ভৱনৰ ভিতৰত তিনিটা বিশাল সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। এই তিনি দেৱতাৰ নাম হ'ল আমিদা (Amida), শেঞ্জু-কানন (Senju-Kannon) আৰু বাট'-কানন (Bato-Kannon)। তেওঁলোকক নিক্ক'ৰ তিনিজনা পাহাৰী দেৱতাৰ বৌদ্ধ ৰূপ হিচাপে গণ্য কৰা হয়। দেৱতাৰ মূৰ্ত্তিৰ সন্মুখত মুদ্ৰা একোটা দি সেৱা কৰাৰ ব্যৱস্থা আছে। কেইবাগৰাকী জাপানী লোকে তাত দুবাৰকৈ হাত চাপৰি মাৰি মুৰ দোঁৱাই সেৱা কৰা দেখা পালোঁ। গতিকে আমিও তেওঁলোকক অনুকৰণ কৰি অঞ্জলি আগবঢ়ালোঁ।
![]() |
| ৰিন্নোজি মন্দিৰৰ একাংশ |
মন্দিৰৰ লগতে লাগি আছে এটা সংগ্ৰহালয় আৰু শ্ব'য়'য়েন (Shoyoen) নামৰ এখন সৰু জাপানী শৈলীৰ উদ্যান। উদ্যানৰ মাজত এটা কণমানি হ্ৰদ। শিলপৰা ঠেক বাটটোৰে হ্ৰদৰ পাৰে পাৰে আমি আগবাঢ়িলোঁ। চৌদিশে জাপানীসকলৰ উদ্যান শিল্পৰ এক অপূৰ্ব নিদৰ্শন হৈ ধৰা দিলে বহু ৰং বিৰঙী জোপোহা আৰু জাপানী মেপলৰ গছ। ইমান সূক্ষ্মভাৱে আৰু যত্নেৰে উদ্যানখন গঢ়ি তুলিছে যে প্ৰতিটো কোণৰ পৰাই উদ্যানৰ এক ভিন্ন আৰু মনোমোহা দেখা পোৱা যায়।
![]() |
| শ্ব'য়'য়েন উদ্যানত শৰতৰ ৰং |
তিনিটা জ্ঞানী বান্দৰৰ আদিস্থান
এইবাৰ আমি পুনৰ মানুহৰ লানিত যোগ দিলোঁ। ৰিন্নোজি মন্দিৰৰ পৰা অলপ আগবাঢ়ি গ'লেই বিশ্ববিখ্যাত ট'শ্ব'গু মন্দিৰ (Tōshōgū shrine)। কিন্তু তাৰ গৈ নাপাওঁতেই চকুত পৰিল বাটৰ সোঁমাজত এগৰাকী কৰ্মকৰ্তা। হাতত চাইনবৰ্ড- জাপানী আৰু ইংৰাজীত লিখা আছে, 'ট'শ্ব'গু মন্দিৰৰ টিকেটৰ বাবে ইয়াত থিয় হওক'। বুজিলোঁ, মন্দিৰৰ টিকেটৰ বাবে বহু দীঘল শাৰী। উপায়ন্তৰ হৈ তাতে ৰ'লোঁগৈ। ভাগ্য ভাল যে সেই সমগ্ৰ বাটছোৱাত অনেক দোকান -পোহাৰ। গতিকে দোকান-পোহাৰ আৰু অন্য পৰ্য্যটকৰ ৰেহ-ৰূপ চাই সময়খিনি ভালকৈয়ে কাটিল।
![]() |
| ট'শ্ব'গু মন্দিৰৰ পেগোডা |
মূল প্ৰৱেশদ্বাৰ পাৰ হৈ প্ৰথমেই দেখা পালোঁ অপূৰ্ব কাৰুকাৰ্য্যৰে ভৰা এক পাঁচতলাৰ পেগোডা। ৰঙাত সোণালী কাম কৰা পেগোডাটো চালে চকুৰোৱা। সেইখিনিতে মূল মন্দিৰৰ বাবে টিকেটৰ বাবে ভেণ্ডিং মেচিনৰ ব্যৱস্থা আছে। আগবাঢ়ি গৈ দেখিলোঁ, মেচিনৰ স্ক্ৰীণৰ সকলো জাপানীজ ভাষাতহে দেখায়। প্ৰথমে অনুমানতে স্ক্ৰীণত দেখা সেউজীয়া বাটনত টিপিলোঁ। এইবাৰ সমগ্ৰ স্ক্ৰীণ ভৰাই জাপানী ভাষাত উত্তৰ আহিল। কি কৰোঁ-কি নকৰোঁকৈ সহায়ৰ বাবে ইফালে-সিফালে চালোঁ। কাইল আগবাঢ়ি আহিল। অ'ত ত'ত টিপি নোটকেইখন ভৰাই দিলে। আমাক দুয়োকে আচৰিত কৰি ভেণ্ডিং মেচিনৰ ফুটাৰে সৰি পৰিল দুটা টিকেট!
'কেনেকৈ টিকেট ওলালহে?' মই আচৰিত হৈ ক'লোঁ।
'অনুমানত!' কাইলে হোহোৱাই হাঁহি পেলালে।
চাৰিশ বছৰীয়া ট'শ্ব'গু মন্দিৰৰ আদৰণী তোৰণখনেৰে সোমাই গৈ তবধ মানিলোঁ। অপৰূপ সোণালী কাৰুকাৰ্যৰে চকু চাৎ মৰা এক তোৰণ। সেইখিনিতে জাপানী লোক এজনৰ পৰা অডিঅ' গাইডো কিনি ল'লোঁ। পাঁচশ য়েনৰ বিনিময়ত তেওঁ ইয়েৰফোন এটাৰে সৈতে সৰু যন্ত্ৰ বিধ দি ট'শ্ব'গু মন্দিৰৰ মেপখন দেখুৱালে। গম পালোঁ, এয়া কেৱল এটা মন্দিৰ নহয়। এক বিশাল অঞ্চলজুৰি প্ৰায় ডজনৰো অধিক ভৱন আছে। আকাৰে-ইংগিতে তেওঁ বুজালে, প্ৰতিটো মন্দিৰৰ সন্মুখত থিয় হৈ মেপৰ সেই ঠাইত স্কেন কৰিলে মাতটো ভাঁহি আহিব আৰু সেই স্থাপত্যৰ বিষয়ে চমূকৈ ইংৰাজীত ক'ব।
![]() |
| ট'শ্ব'গু মন্দিৰৰ আদৰণী তোৰণ |
নিপুণ শিল্পকলাৰে নিৰ্মিত গুদামঘৰৰ কাঠৰ দেৱালত আঠখন ছবি খোদাই কৰা আছে। প্ৰতিখন ছৱিত জাপানত দেখা পোৱা জাপানীজ মাকাক প্ৰজাতিৰ বান্দৰে জীৱনৰ আঠটা স্তৰক লৈ আধ্যাত্মিক নিৰ্দেশনা দিছে। অডিঅ' গাইডৰ কণ্ঠ অনুসৰণ কৰি সেই স্তৰ সন্নিবিষ্ট ছৱিবোৰ এখন এখনকৈ চাই গৈ থমকি ৰ'লোঁগৈ তিনিটা বান্দৰ থকা ছৱিখনৰ সন্মুখত। গাইডে ক'লে,
'এয়াই বিশ্ববিখ্যাত তিনি জ্ঞানী বান্দৰ- মিজাৰু, যিয়ে নিজৰ চকু ঢাকি বেয়া নাচায়; কিকিজাৰু, যিয়ে নিজৰ কাণ ঢাকি বেয়া নুশুনে; আৰু ইৱাজাৰু যিয়ে নিজৰ মুখ ঢাকি বেয়া নকয়। এই প্ৰতীকটি মেইজি যুগত (১৮৬৮–১৯১২) পশ্চিমীয়া দেশত পৰিচিত হয়, আৰু তাৰ ফলত ইংৰাজীত “see no evil, hear no evil, speak no evil” প্ৰবাদটোৰ সৃষ্টি হয়।'
অতদিনে তিনি জ্ঞানী বান্দৰৰ নৈতিক শিক্ষা পঢ়ি-শুনি আহিছোঁ। কিন্তু আজিহে সেই তিনি বান্দৰৰ আদিস্থান দেখাৰ সুযোগ পালোঁ। ভাৱ হ'ল যেন এক ৰহস্য মুকলি হৈ গ'ল আমাৰ চকুৰ সন্মুখতে!
![]() |
| ট'শ্ব'গু মন্দিৰৰ তিনিটা জ্ঞানী বান্দৰ |










No comments:
Post a Comment