Saturday, 29 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৩)

য়'য়'গি উদ্যানৰ প্ৰাণময় পুৱা

য়'য়'গি উদ্যানৰ একাংশ
টকিঅ'ত আমাৰ তৃতীয় দিন। জেট লেগৰ প্ৰভাৱত পুৱতি নিশাতে সাৰ পালোঁ। সেয়ে পূবত ধলফাট দিয়াৰ লগে লগে দৌৰিবলৈ ওলাই আহিলোঁ। যোৱা প্ৰায় এটা দশক ধৰি য'তে সুবিধা পাওঁ সেউজীয়াৰ মাজেৰে দৌৰাটো মোৰ প্ৰায় নিচাৰ দৰে হৈছেগৈ। আমাৰ হোটেলৰ কাষতে উদ্যান এখন থকা দেখা পাই টকিঅ'তো সেই লোভ সামৰিব নোৱাৰিলোঁ। 

শ্বিবুয়াৰ হোটেলৰ পৰা ওলাই উত্তৰদিশে দুইমিনিটমান খোজ কাঢ়িলেই য়'য়'গি উদ্যান। মেইজি তীৰ্থভূমিৰ কাষৰীয়া অন্য এক মহানাগৰিক সেউজীয়া পৃথিৱী। মূল প্ৰবেশদ্বাৰেৰে সোমোৱাৰ লগে লগে পুৱাৰ সতেজ বতাহ এছাটিয়ে মোক চুই গ'ল। তাতে ৰহণ চৰাই কোমল ৰ'দজাক শাৰী শাৰী ওখ গছৰ সেউজীয়াৰ মাজেৰে উদ্যানৰ বাটত ছিটিকি পৰিছে। সেই বাটেৰে আগবাঢ়িছে বহু পদচাৰী। কিছু লোক অকলশৰে, কিছুমানে গোট বান্ধি দৌৰিছে, কিছুমানে চাইকেল চলাইছে। বহুতে আকৌ উদ্যানৰ সেউজীয়া, পুখুৰীৰ হাঁহ আৰু বগলীৰ ৰূপ চাই চাই মৰ্ণিং ৱাক কৰিছে। প্ৰায়বোৰ মানুহেই উদ্যানৰ ঘাঁহনিত মুকলিতে থুপ খুৱাই নিজৰ বেগ আৰু অন্য বয়-বস্তু এৰি গৈছে। ভাৱ হ'ল, আগেয়ে শুনি অহাৰ দৰেই ইয়াত চুৰি বা অন্য অপৰাধ হয়তো কম। 

অন্য পদচাৰীৰ লগত যোগ দি ময়ো উদ্যানৰ সৰু-বৰ বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ। ভৰিৰ গতিৰ লগে লগে দেহ-মন পাতলি আহিল- জেট লেগৰ ক্লান্তি আঁতৰি এক অবাৰ্চীন শিহৰণে জোকাৰি গ'ল। মোৰ আগে-পিছে বিভিন্ন বয়স আৰু ফিটনেছৰ লোক। কিছুমানে ভীষণ জৰুৰী ভাৱে নিজৰ স্মাৰ্টৱাট্চ‌ চাই চাই সময় মিলাই দৌৰিছে- হয়তো কোনো প্ৰশিক্ষণৰ বাবে। কোনোবাই লগৰীয়াৰ লগত কথা আৰু হাঁহিৰ মাজেৰে চৌদিশৰ শোভা উপভোগ কৰি লাহে লাহে দৌৰিছে। এই উদ্যানে যেন বয়স-ফিটনেছ নিৰ্বিশেষে সকলোকে প্ৰকৃতি আৰু নিজৰ কাষ চপাৰ সুবিধা দিছে। মহানগৰীৰ কংক্ৰিটৰ অৰণ্য আৰু নিয়ন লাইটৰ পৰা ক্ষণিক বিৰতি দিছে। এনেকৈ টকিঅ' মহানগৰীৰ সেউজ কোণ এটাত দৌৰিবলৈ পাই নিজকে বৰ ভাগ্যৱান যেন ভাৱ হ'ল। এয়া যে মাথোঁ তিনিদিন আগলৈকে মোৰ বাবে এক সপোনেই আছিল! 

টকিঅ'ৰ পৰা নিক্ক'লৈ

উভতি আহি দেখোঁ, বয়-বস্তু সকলো সামৰি কাইল ইতিমধ্যে সাজু হৈছে। গতিকে ময়ো খৰধৰকৈ সাজু হ'লোঁ। পুৱা নমান বজাত দুয়ো শ্বিবুয়া ট্ৰেইন ষ্টেচন পালোঁগৈ। আজি ষ্টেচনত আগতকৈ সহজ ভাৱ হ'ল। টকিঅ' আহি পায়ে ইয়াত প্ৰথম নিশাৰ চমকৰ কথা মনত পেলাই দুয়ো হাঁহিলোঁ। সেই নিশাৰ দৰে নহ'লেও এই পুৱাতে ষ্টেচনত যথেষ্ট ভিৰ। বিভিন্ন ৰে'লৱে লাইন-সেইমতে নিৰ্দিষ্ট ৰঙৰ চিন আৰু নিৰ্দেশনা। গুগল মেপত সেয়া চাই আমাৰ ষ্টেচন বিচাৰি উলিয়াই স্থানীয় ট্ৰেইনেৰে আছাকুছা ষ্টেচনলৈ ৰাওনা হ'লোঁ। মানুহৰ ভিৰৰ মাজেৰে কেৰি অন চ্যুটকেছ আৰু পিঠিৰ বেগ ধৰি থিয় দি থাকিয়ে দুয়ো আছাকুছা পালোঁগৈ। 

আজি আমাৰ গন্তব্যস্থান নিক্ক'। টকিঅ'ৰ পৰা উত্তৰলৈ জাপানৰ ট'চিগি প্ৰিফেকচাৰত থকা এক ঐতিহাসিক পাহাৰী চহৰ নিক্ক'। সাংস্কৃতিক সমৃদ্ধি আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ এক অনন্য মিলনক্ষেত্ৰ। আছাকুছাৰ পৰা নিক্ক'লৈ যাবলৈ 'চবু নিক্ক' ট্ৰেইন লাইন ধৰিব লাগে। কিন্তু আমি ঠিক কৰিলোঁ, প্ৰথমে নিক্ক' পাছ একোখন কিনি লওঁ। সেয়ে ষ্টেচনত থকা টবু ৰে'লৱেৰ  অফিচ পালোঁগৈ। সন্মুখত মানুহৰ দীঘলীয়া লানি। পোন্ধৰ মিনিটমান শাৰী পতাৰ পিছত কাউণ্টাৰ পোৱাত সাদৰী জাপানী মহিলাগৰাকীয়ে দুখন নিক্ক' পাছ আগবঢ়াই ইংৰাজীত ক'লে,

'এয়া আপোনালোকৰ নিক্ক' পাছ। তিনিদিনৰ বাবে বৈধ। গতিকে সেইকেইদিনত নিক্ক'ৰ সকলো টবু বাছ, ৰে'লৱে আৰু ফেৰী ক্ৰুজত আপোনালোকে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। বেলেগকৈ কোনো টিকেট লোৱাৰ প্ৰয়োজন নাই। পাছৰ দাম আঠহাজাৰ য়েন- গতিকে দুজনৰ ষোল্লহাজাৰ।'

'আৰিগাট' গ'জাইমাছ!' কাইলে ক্ৰেডিট কাৰ্ডখন আগবঢ়াই দিলে। কানাডাৰ ক্ৰেডিট কাৰ্ড প্ৰায় সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰি। গতিকে অন্য উপায় ল'ব লগা নহ'ল।

তেওঁ মূৰ দোঁৱাই কাৰ্ডখন ল'লে। তাৰপিছত সুধিলে,

'নিক্ক'লৈ যাবলৈ স্থানীয় ট্ৰেইনতহে এই পাছ ব্যৱহাৰ কৰিব পাৰিব। লিমিটেড এক্সপ্ৰেছ ট্ৰেইনখন কমসময়তে নিক্ক' পায়গৈ। কিন্তু তাৰবাবে বেলেগকৈ টিকেট কৰিব লাগিব। আপোনালোকক সেই টিকেটৰো প্ৰয়োজন নেকি?'

আমি দুয়ো দুয়োৰে চকুলৈ চালোঁ। কি কৰা যায়?

'লিমিটেড এক্সপ্ৰেছ কেইবজাত আছে বাৰু?' মই সুধিলোঁ।

'দহমিনিট পিছতে এখন ট্ৰেইন আছে। কিন্তু তাৰ সকলো টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে। পিছৰখন দুঘণ্টা পাছত মানে বাৰ বজাত আছে।'

টকিঅ'ৰ পৰা নিক্ক'লৈ প্ৰায় ১৫০ কিমি

আমি আচৰিত হ'লোঁ। আমাৰ মুখৰ ভাৱ দেখি মহিলাগৰাকীয়ে আকৌ ক'লে, 'এতিয়া শৰতৰ ৰূপ চাবলৈ নিক্ক'লৈ বহুত পৰ্য্যটক আহিছে- এয়া নিক্ক'ত পৰ্য্যটনৰ আটাইতকৈ ব্যস্ত সময়।'

'আজি তালৈ যাবলৈ অন্য কিবা ট্ৰেইন আছেনে?' কাইলৰ উৎকণ্ঠিত মাত।

'আছে!' তেওঁ যেন সাজু হৈয়ে আছিল। লিফলেট এখন আগবঢ়াই দি ক'লে, 'এয়া নিক্ক'লৈ যোৱা সকলো স্থানীয় ট্ৰেইনৰ সময়। পিছে স্থানীয় ট্ৰেইন বহুতো ষ্টেচনত ৰ'ৱ বাবে নিক্ক' গৈ পাবলৈ লিমিটেড এক্স্প্ৰেছতকৈ যথেষ্ট সময় ল'ব। ট্ৰেইন কেইবাবাৰো সলাবও লাগিব।'

কাইল আৰু মই খৰকৈ চিন্তা কৰিলোঁ। ইতিমধ্যে আমাৰ পিছত মানুহৰ লানি আগতকৈও দীঘল হৈছে। ঠিক কৰিলোঁ, ইয়াৰ পিছৰখন লিমিটেড এক্সপ্ৰেছৰ বাবে দুঘণ্টা ৰৈ থকাতকৈ স্থানীয় ট্ৰেইনত গৈ থকাই ভাল হ'ব। বয়-বস্তু বেছি নাই যেতিয়া ট্ৰেইন সলাবলৈও বিশেষ অসুবিধা নহয়।

জাপানী কৰ্চন চৰাইৰ অৰিগেমি

কাউণ্টাৰৰ মহিলাগৰাকীক ধন্যবাদ জনাই আমি ওলাই আহিলোঁ। অফিচৰ সন্মুখতে এগৰাকী মহিলাই অৰিগামি বেচি আছিল। জাপানৰ এক পৰম্পৰাগত আৰু জনপ্ৰিয় এই হস্তবিদ্যা। মই তাতে থমকি ৰোৱা দেখি মহিলাগৰাকী আগবাঢ়ি আহিল। ভঙা ভঙা ইংৰাজীৰে ক'লে,

'এয়া কৰ্চন চৰাইৰ ধাতুৰে কৰা অৰিগামি- কৰ্চন চৰাইক জাপানত কৃতজ্ঞতা আৰু সৌভাগ্যৰ প্ৰতীক বুলি বিশ্বাস কৰে।'

'বহুত ধুনীয়া!' ক্ৰেইন মানে কৰ্চন চৰাইবোৰ চাই মই ক'লোঁ। 'ধাতুৰ অৰিগেমি মোৰ বেগত নোসোমাব- দামো বেছি!'

'এয়া কাগজৰো অৰিগেমি আছে- সেয়া বিনামূলীয়া। ইচ্ছা কৰিলে সেয়া ল'ব পাৰে!'

দুয়ো হেঁপাহেৰে কাগজৰ দুটি কৰ্চন চৰাই একোটা লৈ আৰু তেওঁক বহুত ধন্যবাদ জনাই  ষ্টেচনতে এখন কেফেত বহিলোঁহি।কফি একোকাপ খাই লৈ স্থানীয় ট্ৰেইনত উঠাৰ কথা। কিন্তু কফিৰ মাজতে লিফলেটত স্থানীয় ট্ৰেইনৰ সময় চাই মোৰ চকু কপালত উঠিল। অন্তত: তিনি বা চাৰিবাৰ ট্ৰেইন সলাব লাগিব। তাৰে কেইখনমানৰ সময়ৰ মাজৰ বিৰতি মাথোঁ পাঁচমিনিট। কেফেৰ চকীৰ পৰা ঘপকৈ উঠি কাইলক ক'লোঁ,

'যিমান খৰধৰ কৰিলেও ইয়াৰ বিশাল ষ্টেচনবোৰত মানুহৰ ভিৰৰ মাজেদি প্লেটফৰ্ম সলাই পাঁচমিনিটত অন্য ট্ৰেইন ধৰা সম্ভৱ নহয়। সেয়া যদি নাপাওঁগৈ লিমিটেড এস্কপ্ৰেছতকৈ বহুত পলমকৈ আমি নিক্ক' পামগৈ।'

দুয়োৰে বুজিবলৈ বাকী নৰ'ল যে দুঘণ্টা পিছৰ ট্ৰেইনখনেই আমাৰ একমাত্ৰ ভৰসা। এইবাৰ আকৌ মানুহৰ ভিৰৰ মাজেৰে প্ৰায় দৌৰি যোৱাদি টবু ৰে'লৱেৰ অফিচ পালোঁগৈ। আকৌ দীঘলীয়া লানিত থিয় দিব লগা হ'ল। আধাঘণ্টামান পিছত সেই ট্ৰেইনৰ দুটা টিকেট পাইহে স্বস্তিৰ নিশ্বাস পেলালোঁ।

এক মিনিটৰো হেৰফেৰ নকৰাকৈ চাৰে বাৰ বজাৰ লিমিটেড এক্সপ্ৰেছ ট্ৰেইনে শ্বিবুয়া এৰিলে। স্থানীয় ট্ৰেইনতকৈ টিকেটৰ দাম বেছি যদিও এইখন যথেষ্ট আৰামদায়ক ট্ৰেইন। আসনৰ সন্মুখত সৰু ফল্ডিং টেবুল আৰু কোট বা জেকেট ওলমোৱাৰ ব্যৱস্থা। মূৰৰ ওপৰত সৰু বেগ আৰু প্ৰতিখন কাৰৰ একাষে ডাঙৰ বয়-বস্তু লক কৰি থোৱাৰ ব্যৱস্থা আছে।

দুঘণ্টীয়া যাত্ৰাৰ সমগ্ৰ বাটছোৱা ৰ' লাগি খিৰিকীৰে জাপানৰ ৰূপ উপভোগ কৰিলোঁ। দুয়োকাষে সঘনে চিত্ৰপট সলনি হ'ল। টকিঅ' মহানগৰীৰ আকাশচুম্বী অট্টালিকা আঁতৰি ন-ভূঁই ৰোৱা পথাৰ, সৰু সৰু জুৰি আৰু গাওঁ দেখা দিলে। বহু ঘৰৰ চৌহদত দেখা পালোঁ প্ৰায় পাতবিহীন গছ কিছুমানত ভৰি ভৰি কমলাৰ দৰে এবিধ ফল। পিছতহে গম পালোঁ, সেয়া য়ুজু ফল। নিক্ক'ৰ দিশে যিমানেই ট্ৰেইন আগবাঢ়িল, সিমানেই খৰকৈ দিগন্তৰ শাৰী শাৰী পাহাৰবোৰ কাষ চাপি আহিল। মোৰ উত্তেজনাও বাঢ়িল। ভাৱ হ'ল যেন, মহানাগৰিক হৈ চৈৰ পৰা ওলাই ক্ৰমান্বয়ে নিৰিবিলি প্ৰকৃতিৰ বুকুলৈ আগবাঢ়ি গৈছোঁ। 

ট্ৰেইনৰ পৰা দেখা পোৱা জাপানী শইচৰ পথাৰ

পাহাৰী নগৰী নিক্ক'ৰ আদৰণি

টবু-নিক্ক' ষ্টেচন
আবেলি চাৰে তিনিবজাত টবু-নিক্ক' ষ্টেচনত নামিলোঁগৈ। মাথোঁ দুটা প্লেটফৰ্মেৰে তেনেই কণমানি সেই ষ্টেচন। ষ্টেচনৰ পৰা ওলোৱাৰ লগে লগে চেঁচা বতাহ এজাকে আমাক নিক্ক'লৈ আদৰিলে।

'ইয়াত টকিঅ'তকৈ যথেষ্ট ঠাণ্ডাচোন!' কাইলে কোটৰ বুটাম মাৰি ল'লে।

'পাহাৰীয়া ঠাই যে! আমাৰ এয়াৰ বি এনবি ওচৰতে। গৈ পাইহে বাকী গৰম কাপোৰ উলিয়াম আৰু।' মই ক'লোঁ।

দুয়ো ষ্টেচনৰ পৰা ওলাই মূল পথেৰে খোজ দিলোঁ। তাৰ পৰা পোনে পোনে এলানি ওখ গছৰ শেষত এয়াৰ বি এন বিটো বিচাৰি উলিয়াবলৈ কোনো অসুবিধা নহ'ল। ইতিমধ্যে জাপানী গৃহস্থই পঠাই থোৱা নিৰ্দেশাৱলী চাই লৈ লকাৰৰ পৰা ঘৰৰ চাবি উলিয়ালোঁ।

'এয়াই চাৰিদিনৰ কাৰণে আমাৰ ঘৰ!' চাবি পকাই মূল দুৱাৰখন খুলি কাইলক ক'লোঁ। সি হাঁহিলে। 

মূল দুৱাৰৰ সিপাৰে কিছু মুকলি ঠাই। একাষে চেলফত বহুকেইযোৰ শ্লিপাৰ চেণ্ডেল। লগতে এটা খৰাহীত চাৰি-পাঁচটা ছাতি। তাৰ পৰা আগলৈ কিছু ওখ মজিয়া। বুজিলোঁ, সেইখিনিৰ পৰা আগলৈ বাহিৰৰ জোতা-চেণ্ডেল নিব নোৱাৰি। দুয়ো বুটজোতা খুলি শ্লিপাৰ এযোৰ পিন্ধি ল'লোঁ। দুয়ো বয়-বস্তু তাতে থৈ এফালৰ পৰা কৌতুহলেৰে ঘৰটো চাই গ'লোঁ। সোঁফালে বহা কোঠা আৰু পাকঘৰ। বাওঁকাষে দুটা শোৱাকোঠা আৰু গা ধোৱা ঘৰ। সকলো পৰিপাটিকৈ সজাই ৰাখিছে। মন কৰিলোঁ, বাথৰুমত টয়লেট লিখি থোৱা অন্য এযোৰ শ্লিপাৰ। শৌচাগাৰত সকলোতে দেখি অহা অত্যাধুনিক ৱাছলেট। আনকি বাথ টাবৰ কাষতো এখন চুইচবৰ্ড। কিমান উষঞতাৰ পানী লাগে ইত্যাদি চুইচ টিপিয়ে কৰিব পাৰি। 

'ধুনীয়া!' ঘুৰি পকি চাই কাইলে সন্তুষ্টিৰে মাত দিলে। দুয়ো গৈ এইবাৰ গৈ এখিনি ঠেক চিৰিৰ সন্মুখত থিয় দিলোঁগৈ। সি অলপ আচৰিত ভাৱেৰে ক'লে, 'ইমান ডাঙৰ ঘৰ! ওপৰত আৰু আছে?' 

নিক্ক' চহৰৰ এয়াৰ বি এনবি

'চাৰপ্ৰাইজ!'  বহল হাঁহি এটাৰে মই ক'লোঁ। নিক্ক'ৰ সকলো পৰিকল্পনা মোৰ। জাপানৰ প্ৰায়বোৰ হোটেলৰ কোঠা সৰু বুলি জানিয়ে নিক্ক'ত এই ঘৰ বুক কৰিছিলোঁ। মহানগৰৰ পৰা দূৰৈৰ এই পাহাৰীয়া টাউনত আহল-বহলকৈ দুদিনমান থাকিম বুলি। এইবাৰ দুয়ো উৎসাহেৰে চিৰিয়েদি ওপৰ পালোঁগৈ। 

ওপৰ মহলাত সৰু বেলকনি এখনেৰে জাপানৰ পৰম্পৰাগত কোমল বাঁহৰঙী টাটামি মেটৰ এটা কোঠা। প্ৰথম দেখাত আমি দুয়ো অলপ আচৰিত হ'লোঁ। কাৰণ কোঠাটো সম্পূৰ্ণ মুকলি। কণমানি এখন জাপানী টেবুলৰ বাহিৰে একো আচবাব পত্ৰ নাই! 
 
'অঁ, এইটোচোন জাপানৰ পৰম্পৰাগত শোৱা কোঠা!' কৈ কাইলে আগবাঢ়ি গৈ খিৰিকীৰ পৰ্দা কোঁচাই দিলে। খিৰিকীৰ বাওঁকাষে দিগন্তৰ ধৰা দিলে শাৰী শাৰী সেউজীয়া পাহাৰে। মই অভিভূত হৈ পৰিলোঁ। নিক্ক'ত থকা দিনকেইটাত প্ৰতি পুৱা তাৰ টাটামি মেটত যোগা কৰিবলৈ পাই এই কোঠাটো মোৰ প্ৰিয় কোঠা হৈ পৰিল!

নিক্ক'ৰ জাপানী পৰম্পৰাগত কোঠা

আগলৈ.......................

No comments:

Post a Comment