বাটৰ কণা বিধি
জাপানৰ পাহাৰী নগৰ হাক'নেৰ পৰা কিয়'ট'লৈ বুলি ট্ৰেইনত কাইল আৰু মই। কাইলৰ দুচকুত ছানগ্লাছ, মুখত মাস্ক। ইতিমধ্যে অনলাইন খুঁচৰি গম পাইছোঁ, তাৰ সোঁচকুত কনজাংক্টিভাইটিছ বা সাধাৰণ ভাষাত গোলাপী চকুৰ ৰোগ। আগতকৈও বেছিকৈ ফুলি চকুটো মেলিব নোৱাৰা অৱস্থা। তাতে যোৱা নিশা জ্বৰৰ প্ৰকোপত কাইলে চকুৰ টিপকে নামাৰিলে। মোৰো জ্বৰ জ্বৰ ভাৱ।
'এয়া শেষৰটো ফ্লু টেবলেট- খাই লোৱা। কিয়'ট' পোৱাৰ লগে লগে নতুনকৈ ঔষধ কিনিব লাগিব।' নিজে এটা টেবলেট লৈ শেষৰটো কাইললৈ আগবঢ়াই দিলোঁ।
কানাডাৰ পৰা লৈ অনা ফাৰ্ষ্ট এইড বেগৰ ফ্লু আৰু কাহৰ ঔষধ শেষ হোৱাৰ পথত। চকুৰ কাৰণে কোনো ঔষধ অনা নাছিলোঁৱে বাৰু-কনজাংক্টিভাইটিছ আমাৰ সততে হোৱা ৰোগৰ তালিকাত নাছিল। এই জাপান যাত্ৰাত তেনে একো হোৱাৰ কথাওতো নাছিল!
কাইলে টেবলেটটো লৈ বটলৰ পৰা কোৎ কোৎ কৈ পানী অলপ খালে। তাৰ পিছত দুয়ো ছেনিটাইজাৰেৰে হাত মোহাৰি ল'লোঁ। এই ৰোগ যিকোনো সংস্পৰ্শৰ জড়িয়তে ইজনৰ পৰা সিজনলৈ বিয়পে। গতিকে আমাৰ মাজত ইতিমধ্যে মহামাৰীৰ নীতি-নিয়ম আৰম্ভ হৈছে। মোৰ খাদ্যৰ পৰা আৰম্ভ কৰি সকলো বয়-বস্তু কাইলৰ পৰা পৃথক কৰিছোঁ। এনে এটা যাত্ৰাত দুয়ো অসুখীয়া হৈ পৰিলে যে বৰ অসুবিধাত হ'ব!
'জাপানত যে প্ৰায় সকলো মানুহে অনবৰতে মাস্ক পিন্ধে- এই কথাটোৱে আজি মোৰ অস্বস্তি বহুখিনি কমাইছে জানা!' সোঁচকুটো মুদি থাকিয়ে কাইলে ক'লে।
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত জাপান দেশখন অত্যন্ত সচেতন। তথাপি যোৱা কেইদিন বাছ-ট্ৰেইন-জাহাজেৰে মানুহৰ ভিৰৰ মাজত ঘুৰা-ফিৰা কৰোঁতে কেনেবাকৈ কাইললৈ এই বেক্টেৰিয়াৰ সংক্ৰমণ হ'ল কিজানি।
'ক'ভিডৰ সময়ৰ এনে সচেতনতাই সঁচাই অন্য ৰোগৰ পৰাও বচাই ৰাখিব পাৰে নহয়? মোৰ নিজৰে তেনে অভ্যাস কিছুমান ৰৈ গ'ল।'
'কেনে অভ্যাস?' কাইল যেন কৌতুহলী হ'ল।
'বাৰে বাৰে হাত ধোৱা, পৰাপক্ষত হাতেৰে চকু বা মুখ স্পৰ্শ নকৰা বা ৰাজহুৱা ঠাইত যিমান পাৰোঁ হাত ছেনিটাইজ কৰা আদি।'
![]() |
| কিয়'ট'ৰ ফাৰ্মাচীত জাপানী ঔষধ |
'এতিয়াৰ পৰা দুয়ো সাৱধান হ'ম দিয়া। কনজাংক্টিভাইটিছ তোমাৰ বাওঁচকু বা মোলৈকো বিয়পিলে কষ্ট হ'ব আমাৰ।'
'সঁচা, মোৰ সোঁচকুটোৰে নেদেখিলে একো নাই। সেইটো চকুৰ পাৱাৰ এনেয়ে কম। কিন্তু ভাল বাওঁচকুটো মেলিব নোৱাৰিলেহে বৰ বিপাঙত পৰিম।তাতে এটা চকুত জলদস্যুৰ বিতচকু লগোৱাৰ চখটোও পূৰ নহ'ব!' কাইলে কথাটো পাতলিয়াবলৈকে যেন ক'লে।
কিয়'ট'ত ট্ৰেইনৰ পৰা নামোঁ মানে দুপৰ হ'ল। তাৰ পৰা পোনেই গুগল মেপত বিচাৰি ফাৰ্মাচী এখন পালোঁগৈ। আহল-বহল ফাৰ্মাচীত ঠাকে ঠাকে সজাই থোৱা ঔষধৰ লানি। কিন্তু ঔষধবোৰৰ জাপানী আখৰ বুজিব নোৱাৰি অথাই সাগৰত পৰা যেন ভাৱ হ'ল। গুগল ট্ৰেন্সলেটৰ এপত ফটো লৈ এটা এটাকৈ পৰীক্ষা কৰি গ'লোঁ। তথাপি ইমানবোৰ ঔষধৰ মাজত ভীষণ খেলিমেলি লাগি গ'ল। এইবাৰ কাইলে অনলাইন খুঁচৰিলে, জাপানত ইনফ্লুৱেঞ্জা আৰু কনজাংক্টিভাইটিছৰ কি কি ঔষধ পোৱা যায়। কেইবাবিধো ঔষধৰ নাম আৰু ফটো ভাঁহি উঠিল। ফাৰ্মাচীৰ কৰ্মচাৰী তৰুণীগৰাকীক সেয়া দেখুৱাই সি সুধিলে,
'এই ঔষধকেইটা ক'ত পাম বাৰু?'
সেই বুদ্ধিয়ে কাম দিলে। বিনীত হাঁহি এটাৰে তেওঁ আমাক ফাৰ্মাচীৰ এটা কোণলৈ লৈ গ'ল। তেওঁ দেখুৱাই দিয়া মতে ফ্লু আৰু কাহৰ ঔষধ, চকুত লগাব পৰা কপাহৰ টুকুৰা, এণ্টিবেক্টেৰিয়েল আই ড্ৰপছ সকলো কিনিলোঁ। ঔষধখিনি পাই যেন দুয়োৰে আগৰ উদ্যম ঘুৰি আহিল। তাৰ পৰা হোটেললৈ খোজ লোৱাৰ পৰত কাইলক ক'লোঁ,
'বিশ্বাস হৈছেনে, আমি যে কিয়'ট' পালোঁহি! সপোনৰ নগৰী কিয়'ট'!!'
এইবাৰ কাইলৰ মুখতো হাঁহি বিৰিঙিল। দিনটোত প্ৰথমবাৰৰ বাবে।
![]() |
| কিয়'ট' মহানগৰীৰ চাঞ্জ' এলেকা |
কিয়'ট'ৰ মূল ডাউনটাউন অঞ্চলৰ মাজমজিয়াত কাম' নদীৰ পাৰত আমাৰ হোটেল। কোঠাত সোমাই কাইলে পোনেই বিছনাত বাগৰ দিলে। উজাগৰী নিশা আৰু দিনটোৰ যাত্ৰাৰ ক্লান্তিয়ে যেন আৱৰি ধৰিলে তাক। পিছে কিয়'ট' মহানগৰীৰ ৰং আৰু ৰূপে মোক হাত বাউলি দি মাতিবলৈ ধৰা যেন ভাৱ হ'ল।
'কাম' নদীখন ইমান ওচৰত। মই তাতে এপাক দৌৰি আহোঁ দিয়া। দৌৰিলে জ্বৰ ভাৱটোও যায়েই কিজানি!'
কাইলে হাঁহি পেলালে। জানো, এই কথাটোত সি খুউব আমোদ পায়। তাৰ মতে, অন্য মানুহে অসুখীয়া দেহক জিৰণি দিয়ে। কিন্তু মই তাৰ পৰিৱৰ্তে দৌৰি অসুখ ভাল কৰিবলৈ চেষ্টা কৰোঁ।
'বিশ্বাস কৰা বা নকৰা- দৌৰিলে সঁচাকৈ মোৰ গা-মন দুয়োটা সাংঘাতিক ভাল হৈ আহে!' তাৰ মনৰ ভাৱ বুজিয়ে মই ক'লোঁ।
হোটেলৰ পৰা ওলাই চাঞ্জ' এলেকাৰ মূল পথত ভৰি দিলোঁ। আকাশচুম্বী অট্টালিকাবোৰ পাৰ হৈ পূবদিশে ঘুৰিলেই কাম' নদীৰ পাৰ। ভাৱ হ'ল, টকিঅ'ৰ তুলনাত কিয়'ট' মহানগৰীৰ যেন ভিন্ন আৱহাৱা। টকিঅ'ৰ আধুনিক জাক-জমকতাৰ বিপৰীতে কিয়'ট'ৰ অলিয়ে-গলিয়ে পৰম্পৰা আৰু আধুনিকতাৰ এক সমতা চকুত পৰে। টকিঅ'ৰ প্ৰাণচঞ্চলতা আৰু নিয়ন লাইটৰ চমকৰ পৰিৱৰ্তে কিয়'ট'ই যেন তৰপে তৰপে সাঁচি ৰখা ইতিহাস আৰু সংস্কৃতিৰ মননশীলতাৰে অভিভূত কৰি পেলায়।
![]() |
| কিয়'ট'ৰ মাজমজিয়াত কাম' নদী |
![]() |
| কাম' নদীত বগলীৰ জাক |
কাম' নদীৰ ৰূপ উপভোগ কৰি বহুকেইখন দলঙৰ তলেৰে দৌৰি পাৰ হৈ গ'লোঁ। যিমানেই দৌৰিলোঁ, সিমানেই যেন মোৰ পঞ্চইন্দ্ৰিয়ৰ প্ৰতিটো ৰন্ধ্ৰ মুকলি হৈ আহিল। কিয়'ট'ৰ এই মহানগৰিক সেউজীয়াৰ ৰং-গোন্ধ আৰু শব্দই মোৰ অন্তৰ্জগত নিজাৰ পেলাই দিলে। সপোন এটাৰ মাজেৰে আলাসতে ওপঙি গৈ থকাৰ দৰে অনুভৱ হ'ল। দৌৰাৰ মাজতে বাটৰ কাষৰ ওখ বননিখিনিত হাত বুলাই যেন নিজকে পতিয়ন নিয়ালোঁ, 'এয়া বাস্তৱ- মায়াময় সপোন এটাৰ দৰে ভাৱ হোৱা এক বাস্তৱ এই অপৰূপ আবেলি!'
নদীৰ কেইবাঠাতো পানীত প্ৰকাণ্ড শিল পাৰি প্ৰাকৃতিক দলং। শিলবোৰ কাছৰ আকৃতিৰ। ইটোৰ পৰা সিটো শিললৈ যথেষ্ট দুৰত্ব। তাৰ মাজেৰেই বহুতে জাঁপ মাৰি পাৰ হৈছে। ময়ো সেই শিলৰ দলং পাৰ হৈ সিটো পাৰেৰে উভতনি দৌৰ দিলোঁ। হোটেল পাওঁহি মানে সঁচাকৈ মোৰ দেহত জ্বৰৰ চিন-মোকাম নোহোৱা হৈছে!
অনিগিৰিৰ প্ৰথম সোৱাদহোটেলৰ কাষত বহুকেইখন ৰেস্তোৰাঁ। নিশাৰ আহাৰৰ বাবে কাইল আৰু মই তাৰে এখনত সোমালোঁ- নাম অনিগিৰি য়া গ'কু। তেনেই কণমানি ঠেক ৰেস্তোঁৰা। একেসময়তে কেৱল চাৰিজন মানুহহে বহিব পাৰে। আমি গৈ বহোঁ মানে বাহিৰত মানুহে শাৰী পাতিবলৈ আৰম্ভ কৰিলেই।
কাউণ্টাৰত মাথোঁ এগৰাকী আদহীয়া জাপানী লোক। মেন্যুখন দি তেওঁ ক'লে,
'অৰ্ডাৰ কৰিবলৈ সাজু হ'লে মোকে জনাব- কি খাব বিচাৰে।'
তেওঁৰ কাষতে দুখন ওখ টুল টানি লৈ দুয়ো বহিলোঁ। মেন্যু চাই দেখোঁ, খাদ্যও এবিধেই- অনিগিৰি। জাপানী চাউলৰ ত্ৰিভুজাকাৰ বল। ভাপত সিজোৱা জাপানী সৰু দানা চাউলৰ সৈতে বিভিন্ন উপকৰণ মিহলাই সাগৰীয় শেলাইৰে মেৰিয়াই দিয়া হয়। মেন্যুত থকা ভিন্ন ধৰণৰ অনিগিৰিৰ নাম চাই অৰ্ডাৰ কৰিলোঁ।
![]() |
| কিয়'ট'ত অনিগিৰিৰ সোৱাদ |
দহমিনিটৰ ভিতৰতে আমাৰ সন্মুখত অনিগিৰিৰ প্লেট আগবঢ়াই দিলেহি। পাঁচবিধ বিভিন্ন অনিগিৰি- ব'নিট' ফ্লেক, মেয়'নেজ আৰু চামন মাছ, মণ্টাইক', ৱাগু আৰু ইকুৰা অনিগিৰি। এবিধ এবিধকৈ সোৱাদ লৈ চালোঁ। তেনেই সহজ যেন লগা খাদ্যবিধৰ কি যে অপূৰ্ব স্বাদ! সাগৰীয় শেলাইৰ ভিতৰত চাউলৰ সৈতে ব্যৱহাৰ কৰা বিভিন্ন উপকৰণে সম্পূৰ্ণ এটা ভিন্ন সোৱাদ আনি দিছে—সাগৰীয়, টেঙা, উমামি বা অলপ মিঠা।
সেই সোৱাদ লৈ বুজিলোঁ, জাপানত এই অনিগিৰিৰ জনপ্ৰিয়তা কিয় ইমান বেছি। এয়া ঘৰৰ খাদ্যৰ দৰে আৰামদায়ক খাদ্য- বৰ গধুৰ যেন ভাৱ নহয়, কিন্তু পেট ভৰায়। বৰ তৃপ্তিৰে সেয়া সামৰি ওলাই আহিবৰ পৰত কাইলৰ দুচকুলৈ এবাৰ চালোঁ।
'আহ, সোঁচকুটো যথেষ্ট ভাল দেখাইছে। কিন্তু কিন্তু....'
'কিন্তু কি?' মোৰ মাতত চিন্তাৰ সুৰে হয়তো কাইলকো চিন্তিত কৰিলে।
'কিন্তু এতিয়াচোন বাওঁচকুটো ৰঙা হৈ আহিছে- অকণমান ফুলিছেও!!'
মুহূৰ্ততে আমাৰ দুয়োৰে মুখদুখন আশংকাৰ ছাঁয়াই ক'লা কৰি পেলালে।
![]() |
| কিয়'ট' মহানগৰীত মই |
.jpg)





No comments:
Post a Comment