Sunday, 22 February 2026

সূৰ্যোদয়ৰ দেশ জাপানত (অন্তিম খণ্ড)

পূৰ্বৰ খণ্ডত-

বিদায় বেলাৰ মায়া

জাপানত আমাৰ অন্তিম দিন। এই দেশৰ অপূৰ্ব ৰূপ আৰু অভিজ্ঞতা বুটলি হৃদয় ভৰি আহিছে, কিন্তু সময়ৰ টনাটনিয়ে যেন মন সেমেকায়ো আনিছে। সেই মিশ্ৰিত আবেগেৰে জাপানৰ শেষ দিনটোত টকিঅ'ৰ পৰা উপসাগৰৰ দিশে ওলালোঁ- বিদায় বেলাত জাপানৰ অন্য এক অপৰূপ প্ৰতিচ্ছৱি চোৱাৰ হেঁপাহেৰে, এই দেশৰ মায়াময় ৰং-ৰূপ সোঁৱৰণিৰ মায়াজালেৰে সামৰি লোৱাৰ আশাৰে।

টকিঅ'ৰ পূব আৰু পশ্চিম দিশৰ ভূখণ্ড পৃথক কৰি ৰাখিছে টকিঅ' উপসাগৰে। আমাৰ হোটেল পশ্চিমৰ কিনশ্বিচ্চ' (Kinshicho) নামৰ এলেকাত। পূবদিশে যাবলৈ দুটা বাট- উপসাগৰৰ পাৰে পাৰে ট্ৰেইনেৰে নাইবা ফেৰীৰে পোনে পোনে সেই উপসাগৰ পাৰ হৈ। সিপাৰে আমাৰ গন্তব্যস্থান ন'ক'গিৰিয়ামা। ন'ক'গিৰি নামৰ এক সেউজ পৰ্বত, সাগৰ আৰু সেউজীয়াৰ অপূৰ্ব দৃশ্য আৰু জাপানৰ সৰ্ববৃহৎ বুদ্ধ মূৰ্তি- সকলো মিলি ন'ক'গিৰিয়ামাই যেন আমাক ৰিঙিয়াই মাতিলে। 

টকিঅ' উপসাগৰ পাৰ হৈ ন'ক'গিৰিয়ামালৈ বাট

টকিঅ'ৰ কিনশ্বিচ্চ' ষ্টেচনৰ পৰা আমাৰ প্ৰথম ট্ৰেইন য়'ক'হামালৈ। আকাশত সেই পুৱা থোপাথোপে ডাৱৰৰ ফুল। মাজে মাজে সুযোগ বুজি আকাশৰ নীলাই এভুমুকি মাৰিছে। কাইলৰ দুচকু মন্ত্ৰমুগ্ধৰ দৰে থমকি ৰৈছে ট্ৰেইনৰ ডিজিটেল স্ক্ৰীণত। তাত ইটোৰ পিছত সিটোকৈ নানা জাপানী বিজ্ঞাপনৰ অহা-যোৱা চলিছে। হঠাৎ জাপানী কথা আৰু আখৰেৰে ওলোৱা মাৰিঅ' কাৰ্টৰ বিজ্ঞাপন দেখি তাৰ চকু-মুখ চমকি উঠিছে। মই পিছে খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই গ'লোঁ খিৰিকীৰ সিপাৰৰ পৃথিৱীখনলৈ। ট্ৰেইনৰ গতিৰ লগে লগে মোৰ দুচকুৰ সন্মুখেৰে খৰকৈ সলনি হ'ল সেই পৃথিৱীৰ প্ৰতিৰূপ। আকাশলংঘী অট্টালিকাৰ ঠাইত ধৰা দিলে সৰু সৰু গাঁও, কংক্ৰিটৰ ঠাইত সেউজ পথাৰ, আৰু গাড়ী-মটৰৰ সলনি বাটৰ কাষৰ য়ুজু টেঙাৰ গছ আৰু বনছাই কৰা ফুলনি। মহানাগৰিক জাপানৰ ঠাইত চহা জাপানৰ সেই সৰল জীৱন্ত প্ৰতিচ্ছৱিয়ে সমগ্ৰ বাটছোৱা মোক আছন্ন কৰি ৰাখিলে।

তিনিখন ট্ৰেইন সলাই প্ৰায় দুঘণ্টাৰ যাত্ৰাৰ শেষত আমি কুৰিহামা টকিঅ'-ৱান বন্দৰ পালোঁগৈ। সেই ফেৰী টাৰ্মিনেল তেতিয়া নিজান। কাউণ্টাৰত জাপানী কৰ্মচাৰীগৰাকীয়ে জনালে, ফেৰী এৰিবলৈ তেতিয়াও এঘণ্টা সময় আছে। গতিকে ঠিক কৰিলোঁ, ইয়াতে দুপৰীয়াৰ সাজ খাই লোৱা যাওক। ওচৰতে সাগৰীয় খাদ্যৰ এখন ৰেস্তোৰাঁ চকুত পৰিল। নাম ৰিয়'ছি ৰ'ৰি য়'ক'ছুকা। আহল-বহল ৰেস্তোৰাঁ। দেখাত অফিচৰ চাকৰিয়ালৰ টিফিন খোৱা মেচ যেনহে ভাৱ হয়। সেইসময়ত আমাৰ বাহিৰে কেৱল দুগৰাকীহে অন্য গ্ৰাহক দেখা পালোঁ। আমি বহাৰ লগে লগে এগৰাকী আদহীয়া জাপানী মহিলাই মেন্যু দি গ'ল। জাপানী আখৰেৰে লিখা খাদ্যৰ নামবোৰ দুয়ো একো বুজি নাপালোঁ। সেয়ে ছৱি চাই অনুমানতে অৰ্ডাৰ কৰিলোঁ।

সাগৰীয় মাছৰ চাছিমি

খন্তেক পিছতে ট্ৰেত ভাগে ভাগে সজাই কেইবাবিধো খাদ্য আমাৰ সন্মুখত দিলেহি। মূল বাতিটোত ভাতৰ ওপৰত এখিলা সেউজীয়া পাত, তাৰ ওপৰত কেইবাবিধো মাছৰ টুকুৰা তৰপে তৰপে সজাই দিছে। মাছৰ টুকুৰাখিনি সম্পূৰ্ণ কেঁচা- জাপানী চাছিমি আৰ্হিৰ। বৰ তৃপ্তিৰে সেই সতেজ মাছ আৰু ভাতৰ সোৱাদ ল'লোঁ। বিশ্বাসেই নহ'ল যে জাপানলৈ অহাৰ অগলৈকে কেঁচা মাছ মুখত দিয়াৰ কথা ভাৱিবকে পৰা নাছিলোঁ! 

ইতিমধ্যে ফেৰীৰ সময় হ'বৰ হৈছে। ফেৰী নামতহে, আচলতে দেখাত এখন বিশাল জাহাজৰ দৰে তিনিখলপীয়া। অন্য যাত্ৰীৰ সৈতে আমিও শাৰী পাতি ফেৰীত উঠিলোঁগৈ। প্ৰতিটো মহলাতে শাৰী শাৰী আসন। তাৰ চাৰিওকাষে কাঁচৰ আহল-বহল খিৰিকী। যাতে যাত্ৰীয়ে ভিতৰত বহিও সাগৰীয় যাত্ৰা উপভোগ কৰিব পাৰে। দেখা পালোঁ, মূল মহলাত এখন ৰেস্তোৰাঁ আৰু বাৰ। লগতে কেইবাটাও ভেণ্ডিং মেচিন। কাইল আৰু মই পিছে তাত নৰৈ পোনেই একেবাৰে ওপৰৰ ডেকত থিয় দিলোঁগৈ।

ফেৰীৰ লগে লগে অহা গাল চৰাই

টকিঅ' উপসাগৰৰ নীলিম পানীত ঢৌ তুলি ফেৰীখন চলিবলৈ ধৰিলে। কুৰিহামাৰ অৰণ্য, ঘৰ-দুৱাৰ লাহে লাহে ধূসৰ হৈ আহিল। ফেৰীৰ এমূৰে জাপানৰ শুভ্ৰ পতাকাৰ ৰঙা বৃত্তটো বতাহত থৰ থৰকৈ কঁপি গ'ল। সেইফালে চাই থাকোঁতেই মোৰ চকুত পৰিল, আমাৰ পিছে পিছে চোন এজাক গাল চৰাই। ফেৰীৰ অশান্ত ঢৌত দিশহাৰা হৈ পৰা মাছৰ সন্ধানত সিহঁত উৰি আহিছে। গাল চৰাইৰ পিছে পিছে দুটা চিলনীও। সিহঁতৰ খেলা ওচৰৰ পৰা চাবলৈকে কাইল আৰু মই ফেৰীৰ শেষ বিন্দুটোত থিয় দিলোঁগৈ। আমালৈ কোনো কেৰেপ নকৰি গাল চৰাইৰ জাকটো কাষে কাষে উৰি থাকিল। মাজতে একোবাৰ ওচৰেদি চোঁ মৰি গ'ল চিলনীজনীয়ে। অপলক নেত্ৰে আমি দুয়ো সমগ্ৰ বাটছোৱা প্ৰকৃতিৰ সেই অপূৰ্ব খেলা চাই গ'লোঁ। 

প্ৰায় আধাঘণ্টাৰ সাগৰীয় যাত্ৰাৰ অন্তত সিপাৰে কানায়া ফেৰী টাৰ্মিনেল পালোঁগৈ। এফালে সেউজীয়া পাহাৰ আৰু আনফালে টকিঅ’ উপসাগৰৰ নীলা পানীৰে আৱৰা কণমানি সাগৰীয় টাউন কানায়া। তাৰ পৰাই ন'ক'গিৰি পৰ্বত চকুত পৰিল। সুউচ্চ শিলাময় পৰ্বতটোৰ শিখৰৰ আকৃতি কৰতৰ দাঁতৰ দৰে ওখ চাপৰ। সেইবাবেই হেনো এই পৰ্বতৰ নাম “ন'ক'গিৰি”- জাপানী ভাষাত যাৰ অৰ্থ কৰত (saw)। 

কানায়া টাউনৰ পৰা ন'ক'গিৰি পৰ্বতৰ দৃশ্য

কানায়াৰ সৰু পকী বাটটোৰে বিছমিনিট মান খোজ দি ন'ক'গিৰিয়ামা ৰ'পৱেৰ ষ্টেচন পালোঁগৈ। ন'ক'গিৰিৰ শিখৰলৈ দুটা বাট- কে'বল কাৰেৰে পোনে পোনে বা পাহাৰৰ বুকুৰে বগাই ওপৰলৈ উঠিব পাৰি। সময় আৰু শক্তিলৈ চাই আমি কেব'ল কাৰেৰে যোৱাটোকে ঠিক কৰিলোঁ। স্বচ্ছ কেব'ল কাৰত আমাৰ সৈতে অন্য পাঁচজন যাত্ৰী লৈ কাৰখন ধীৰে ধীৰে ওপৰলৈ উঠিল। তলৰ নীল সাগৰখন বহল হৈ গৈ থাকিল, নাওবোৰ খেলনাৰ দৰে নীলিম পানীত দুলি থকা যেন দেখা গ'ল। কানায়া টাউনৰ সৰু সৰু ঘৰ, ঠেক বাট-পথ আৰু বন্দৰৰ নাও সকলো মিলি এক ৰঙীন মানচিত্ৰৰ দৰে অনুভৱ হ'ল। 

কেব'ল কাৰৰ পৰা কানায়া টাউন আৰু টকিঅ' উপকূল

ৰাকান মূৰ্তিৰ শাৰী

ন'ক'গিৰি পৰ্বতৰ শিখৰৰ পাই কিছুপৰ নীলিম সাগৰ আৰু সেউজ অৰণ্যৰ ৰূপ উপভোগ কৰিলোঁ। এটা সময়ত আমি তললৈ খোজ দিলোঁ। শিলৰ চিৰিৰে যিমানেই বগালোঁ, উপলব্ধি কৰিলোঁ যে এই ঠাই আমি ভবাতকৈ বহু প্ৰাচীন, বহু বিশাল। 

বাটত অৰণ্যৰ মাজৰ চিৰিৰে ওপৰলৈ পাহাৰ বগোৱা বহু পৰ্যটকৰ সৈতে দেখা হ'ল। সকলোৰে পৰিশ্ৰান্ত চকু-মুখ কিন্তু তাৰ লগতে যেন এক অবুজ পৰিতৃপ্তিৰ চিকমিকনি। এঠাইত বিশালকায় পুৰুষ এজনৰ ককাঁলৰ টাঙলি টানি আগে আগে যোৱা পত্নীগৰাকীলৈ চাই মই হাঁহি পেলালোঁ। পাহাৰ বগাই আদহীয়া পুৰুষজনৰ ফোঁপনি উঠিছে- কোনোমতে ভৰিৰ খোজ আগবঢ়াইছে। পত্নীয়ে মিচিক-মাচাককৈ হাঁহি তেওঁক আগলৈ টনাৰ চেষ্টা কৰিছে। সেই প্ৰচেষ্টা নিস্ফল বুলি জনা স্বত্বেও যেন সেই পৰ্বটোৱে তেওঁক ভীষণ আমোদ দিছে!

'তলৰ পৰা বগাই আহি শিখৰ পাবলৈ বহুত কষ্ট, যি দেখিছোঁ!' কাইলে তেওঁলোকলৈ চাই ক'লে।

ৰেলিঙত ধৰি খুপি খুপি থিয় চিৰিয়েদি নামি মোৰো একেই উপলব্ধি হ'ল। অন্তত: ওপৰলৈ বগোৱাতকৈ তললৈ নামিবলৈ কিছু সহজ!

লাহে লাহে ন'ক'গিৰিৰ শিলাময় বুকুৰ চিৰিবোৰ মসৃণ হৈ আহিল। চাইনব'ৰ্ড দেখি গম পালোঁ, সেইখিনিৰ পৰা নিহ'ঞ্জি মন্দিৰ (Nihon-ji Temple)ৰ চৌহদ- জাপানৰ আটাইতকৈ পুৰণি বৌদ্ধ মন্দিৰসমূহৰ ভিতৰত এটা এই মন্দিৰ। কেকুঁৰিটো ঘুৰিয়েই দেখা পালোঁ, পৰ্বতৰ কাষেৰে এখন শিলৰ দ্বাৰ। সেইখিনিতে ন'ক'গিৰিৰ বুকুত এটা শিলৰ গুহা। গুহাৰ সন্মুখত অলেখ-অসংখ্য শিলৰ বুদ্ধ মূৰ্তি। প্ৰত্যেকৰে মুখত বিভিন্ন ধৰণৰ অভিব্যক্তি। কাৰোৱাৰ মুখত হাঁহি, কাৰোৱাৰ শোকাভিভূত চকু-মুখ। এই মূৰ্তিবোৰক হেনো ৰাকান অৰ্হৎ মূৰ্তি বুলি কয়।  কিছুমান মূৰ্তিৰ মূৰ নাই, কিছুমানৰ আকৌ বাহু ভঙা।  ১৮০০ৰ দশকৰ শেষভাগত হোৱা বৌদ্ধবিৰোধী আন্দোলনৰ সময়ত এই মূৰ্তিসমূহ বিনষ্ট কৰাৰ অপচেষ্টপ্ৰ চিন সেয়া। এতিয়া সেইদৰেই থিয় দি ৰোৱা অলেখ-অসংখ্য বুদ্ধ মূৰ্তিবোৰ এক নিঃশব্দ প্ৰতিবাদৰ মিছিল যেন ভাৱ হ'ল। 

নিহ'ঞ্জি মন্দিৰৰ ৰাকান বুদ্ধ মূৰ্তিৰ মিছিল

চিকিৎসাৰ বুদ্ধ দাইবুটছু

নিহ'ঞ্জি মন্দিৰৰ এটা ঠেক বাটেৰে কিছু দূৰ আগবাঢ়ি গৈ পাহাৰৰ নামনিত এখন আহল-বহল ঠাই। সেইখিনি পায়ে বিস্ময়ত মই প্ৰায় চিঞৰি উঠাদি উঠিলোঁ। কাইল ব্যস্ত হৈ আছিল বাটৰ কাষৰ কণমানি জলপ্ৰপাত এটাৰ ফটো লোৱাত। মোৰ চিঞৰ শুনি সিও আগবাঢ়ি আহিল। তেতিয়ালৈ মই সেইদিশে প্ৰায় দৌৰিবলৈ আৰম্ভ কৰিলোঁ। মোৰ পিছে পিছে কাইলৰো দৌৰ।

এক বিশালকায় শিলৰ বুদ্ধ মূৰ্তিৰ সন্মুখত থিয় দি মই থৰ হৈ ৰ'লোঁ।পাহাৰৰ নামনিৰ পৰা শিখৰলৈকে শিলত খোদিত কৰা ত্ৰিছ মিটাৰ উচ্চতাৰ সেই মূৰ্তি। চাৰিওফালে সেউজীয়া গছ-গছনিৰে আৱৰি প্ৰকৃতিৰ এক অংশ কৰি তুলিছে। তাৰ মাজত দুচকু মুদি ধ্যানমগ্ন বুদ্ধ। হাতত এটা সৰু ঔষধৰ পাত্ৰ। মূৰ্তিটোৰ সন্মুখত এখন ছালিৰ তলত ৰছীৰে ওলোমাই থোৱা এক প্ৰকাণ্ড ঘণ্টা। ন'ক'গিৰিৰ সেউজীয়াৰ মাজত সেই মূৰ্তিয়ে যেন সমগ্ৰ পৰিৱৱেশটোতে কিবা এক অলৌকিকতা সানি দিছে। 

জাপানৰ সৰ্ববৃহৎ বুদ্ধৰ সন্মুখত আমি
'এয়াই তেনে দাইবুটছু (Daibutsu)- চিকিৎসাৰ বুদ্ধ! জাপানৰ সৰ্ববৃহৎ বুদ্ধ মূৰ্তি।' মোৰ কাষত থিয় দি বিস্ময়বিহ্বল মাতেৰে কাইলে ক'লে।

মোৰ যেন ভৰিৰ পৰা মূৰলৈ এক শিহৰণ জাগি আহিল। সেই বিশালতা আৰু প্ৰশান্তিৰ সন্মুখত মোৰ সকলো অস্থিৰতা-চিন্তা-ভাৱনা থমকি ৰোৱা যেন ভাৱ হ'ল। জাপানৰ বহুতো অপৰূপ অভিজ্ঞতা হৈছে- কিন্তু এই বুদ্ধৰ সন্মুখত সোশৰীৰে থিয় দিয়াৰ অভিজ্ঞতাই মোক অন্য এক পৃথিৱীলৈ লৈ যোৱা যেন ভাৱ হ'ল। যেন এক অবাৰ্চীন অবিশ্বাস্য সৌভাগ্যইহে এই বুদ্ধৰ ওচৰলৈ আমাক টানি আনিলে।বেছ কিছুপৰ আমি সেই মূৰ্তিৰ সন্মুখত বহি ৰ'লোঁ। 

কৰুণাৰ বৌদ্ধ দেৱী

নিহ'ঞ্জি মন্দিৰৰ অন্য এটা কোণত চকুত পৰিল সুউচ্চ কংক্ৰিটৰ দেৱাল। এই পৰ্বতৰ এক অংশ অতীজত শিলৰ খনি হিচাপে ব্যৱহৃত হৈছিল। সেউজীয়া অৰণ্যই সেই ইতিহাস প্ৰায় ঢাকি পেলাইছে কিন্তু ওখ শিলৰ দেৱালবোৰ এতিয়াও থিয় দি আছে। সেইদিশতে এটা কোণ ঘূৰি চকুত পৰিল অন্য এক বিশালকায় বুদ্ধ মূৰ্তি।

নিহ'ঞ্জি মন্দিৰৰ কৰুণাৰ বৌদ্ধ দেৱী
লগত লৈ ফুৰা কাগজৰ মানচিত্ৰখন চাই কাইলে ক'লে,

'এয়া হ্য়াকু-ছাকু কানন- নিহ'ঞ্জি মন্দিৰৰ কৰুণাৰ বৌদ্ধ দেৱী।' 

প্ৰকৃতি আৰু ধৰ্মৰ মিলনৰ এক শক্তিশালী প্ৰতীক ৰূপে শিলৰ দেৱালত খোদিত হৈ আছে সেই বৌদ্ধ দেৱী। এই মূৰ্তিটো ১৯৬০ৰ দশকত পুৰণি পাথৰখনিৰ অৱশিষ্টৰ ওপৰত খোদিত কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ নিহত ভুক্তভোগীসকলৰ স্মৃতিত মূৰ্তিটো প্ৰতিষ্ঠা কৰা হৈছিল হেনো। 

সেইখিনিতে অলপ আগবাঢ়ি গৈ এইবাৰ দেখা পালোঁ ন'ক'গিৰিৰ অন্য এক আকৰ্ষণ “জিগোকু ন'জ'কি” — অৰ্থাৎ “নৰকৰ দৃশ্য”। কংক্ৰিটৰ বেঁৰাৰ পৰা তললৈ চালে সঁচাকৈয়ে তলৰ গভীৰ খাদ নৰক যেন দেখায়। সেইখিনিত এটা ডাঙৰ দল। হাতে হাতে অত্যাধুনিক কেমেৰা। গম পালোঁ, জাপানী টি ভি চেনেল এটাই নৰকৰ দৃশ্যৰ ফিল্মিং কৰি আছে। তেওঁলোকক আমনি নিদিবলৈকে আমি দুয়ো তাৰ পৰা ওলাই উভতনিৰ বাটত খোজ দিলোঁ।

তললৈ বগোৱাৰ বাট নিজম- চিৰিবোৰো অসমান, কোনো কোনো ঠাইত চিৰিৰ চিন-মোকামেই নাই। ভাৱ হয় যেন বহু যুগ ধৰি সেই বাটত কাৰো খোজ পৰা নাই। চিৰসেউজীয়া চিডাৰ গছ আৰু বাঁহপাতৰ ছাঁ-পোহৰৰ খেলাৰ মাজেৰে আমি খুপি খুপি তললৈ খোজ দিলোঁ। আমাৰ খোজ পৰি শুকান পাতৰ মচমচ শব্দ, গছৰ আঁৰৰ পৰা চৰাইৰ কিচিৰ মিচিৰ মাত, সৰু-ডাঙৰ শিলবোৰৰ নিস্তব্ধ স্থিতি সকলো মিলি যেন মন্ত্ৰমুগ্ধ কৰি ৰাখিলে আমাক। 

ন'ক'গিৰিৰ নৰকৰ দৃশ্য

এনেতে মোৰ সোঁহাতে বাঁহপাতৰ খচখচ শব্দ শুনি মই থমকি ৰ'লোঁ। মোৰ পিছে পিছে আহি থকা কাইল কোনোমতেহে উজুটি নোখোৱাকৈ ৰ'লহি। আমাৰ দুয়োৰে সন্মুখৰ বাটত সেইদিশৰ পৰা  ওলাই আহিল এটা হৰিণ। আমাৰ অসমত দেখা পোৱা ফুটুকী হৰিণতকৈ কিছু ডাঙৰ আৰু নিমজ গা, কিন্তু একেই গভীৰ দুচকু, সতৰ্ক থিয় কাণ। হৰিণাটোৱে এপলক আমাৰ ফালে চালে। আৰু ঘপকৈ সম্বিত অহাৰ দৰে দৌৰি অৰণ্যৰ জোপোহাৰ মাজত লুকাই পৰিল।

'জাপানৰ ছিকা হৰিণ (Sika deer) সেয়া!'

ফুচফুচাই কাইলক ক'লোঁ। সি আগবাঢ়ি গৈ হৰিণাটোনো কেনি লুকাল চোৱাৰ চেষ্টা কৰিলে।

মই তাতে থমকি ৰ'লোঁ। এটা অপূৰ্ব সুখ আৰু সন্তুষ্টিয়ে মোক আৱৰি পেলালে।

'বহুত ধন্যবাদ, জাপান! এই সমগ্ৰ যাত্ৰা কেনে মায়াময়! আজি তাৰেই কেনে এক বিস্ময়কৰ সামৰণি!

মনতে সেয়া কৈ দুচকু মুদি দিলোঁ। বুকুলৈ উজাই আহিল সুখ আৰু কৃতজ্ঞতাৰ ঢৌ। সেই মুহূৰ্তটো, চৌদিশৰ পৰিৱেশটো এটা দীঘল উশাহেৰে হৃদয়ত সামৰি ল’লোঁ, চিৰদিনৰ বাবে এক অবিস্মৰণীয় সোঁৱৰণি হিচাপে।

ন'ক'গিৰিৰ শিলৰ চিৰি আৰু অৰণ্য


No comments:

Post a Comment