Saturday, 7 February 2026

সূৰ্যোদয়ৰ দেশ জাপানত (১৩)

পূৰ্বৰ খণ্ডত-

শ্বিনজুকুত সন্ধিয়াৰ অভিযান

'আপোনালোক ট্যুৰৰ বাবে ৰৈ আছে নেকি?'

টকিঅ'ৰ শ্বিনজুকু অঞ্চলত সন্ধিয়াৰ ব্যতিব্যস্ততা আৰম্ভ হৈছে। মূল পথত হৰেক ৰকমৰ গাড়ীৰ লানি। দুয়োকাষে ৰঙীন লাইটৰ চমক। মানুহৰ অবিৰাম অহা-যোৱা। সেই ভিৰৰ একাষে ষ্টাৰ বাক্সৰ সন্মুখত কাইল আৰু মই থিয় দি আছিলোঁ। ইংৰাজীত মাতষাৰ শুনি ঘুৰি চালোঁ। 

এজন চফল যুৱক। বয়স আৰু দেখা-শুনাই ছাত্ৰ যেন ভাৱ হয়। চিনাকি দি ক'লে,

'মোৰ নাম কাই, ময়ে আপোনালোকৰ আজিৰ ট্যুৰ গাইড।'

তেওঁৰ কথাত আৰু দুগৰাকীমান কাষ চাপি আহিল। কাইৰ চাৰিওফালে প্ৰায় দহ-বাৰজনীয়া এটা গোট  হ'ল। আমাৰ দৰেই বিদেশী পৰ্য্যটক! সকলোকে উদেশ্যি কায়ে ক'লে, ' আজি আমি কেইবাঠাইত বিভিন্ন জাপানী খাদ্যৰ সোৱাদ ল'ম। খাদ্যই হওক বা জাপানৰ অন্য বিষয়ে হওক আপোনালোকৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। প্ৰথমে শ্বিনজুকুৰ এটা বিখ্যাত খাদ্যৰ গলি চাওঁগৈ আহক।'

তেওঁৰ খোজ আগবঢ়াৰ লগে লগে আমাৰ দলৰ এগৰাকীয়ে সমানে খোজ দি প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰিলেই! মোৰ মনটো পিছে কিছু সংকুচিত হৈ পৰিল। এই শ্বিনজুকু অঞ্চলটো খাদ্যৰ বাবে অত্যন্ত জনপ্ৰিয়। কিন্তু ইয়াৰ ঠেক গলিবোৰত হৰেক ৰকমৰ খাদ্যৰ পোহাৰৰ মাজত নিজে ঘুৰি ফুৰিবলৈ অসুবিধা হ'ব বুলিয়ে অনলাইন ট্যুৰ গাইড বুক কৰিছিলোঁ। আশা আছিল, জাপানী গাইডৰ সহায়ত সততে নেদেখা-নুশুনা প্ৰকৃত জাপানী খাদ্যৰ সোৱাদ ল'ম। 

পিছে কাই দেখাতেই অনা-স্থানীয় গাইড। সুযোগ পাই সুধি গম পালোঁ, তেওঁ মাথোঁ দুটা বছৰ ধৰি জাপানত আছেহি। তেওঁৰ পিছে পিছে গৈ থকাৰ মাজতে কাইলক কাণে কাণে কৈ পেলালোঁ,

'অনা-স্থানীয় মানুহ এজনে জাপানীসকলৰ স্থানীয় খাদ্য আৰু সংস্কৃতিৰ বিষয়ে আনক জ্ঞান দিবলৈ যোৱাতো কেনেকৈ গ্ৰহণযোগ্য হ'ব পাৰে?'

কাইলে মোৰ চেপা মাতটোতে বিৰক্তি উজাই অহাৰ উমান পালে কিজানি! কান্ধত হেঁচা এটা মাৰি আশ্বাস দিয়াৰ সুৰত সি ক'লে, 'ট্যুৰত আহিলোঁৱে যেতিয়া তেওঁনো ক'ত কি দেখুৱায় এবাৰ মুকলি মনেৰে চোৱাৰ চেষ্টা কৰাচোন! গাইড যেনেকুৱাই  নহওক খাদ্যবোৰ ভাল হয়েই বা!'

হয়ভৰ দিবলৈ বাধ্য হ'লোঁ। এইবাৰ কাইৰ লগে লগে সমগ্ৰ দলটো বাটৰ কাষত থামকি ৰ'ল। তেওঁ আমালৈ চাই ক'লে, 'এতিয়া আমি অ'ম'ইডে য়'ক'চ্চ (Omoide Yokocho) ৰ মাজেৰে খোজ দিম। এই খাদ্যৰ গলিয়ে জাপানৰ সন্ধিয়াৰ প্ৰকৃত ৰূপটোৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব। দিনটোৰ কাম শেষ কৰি বহুতো লোকে বন্ধু-বান্ধৱৰ সৈতে একেলগে বহি ইয়াত ছাকে (জাপানী চাউলৰ মদ)ত চুমুক দিয়েহি—দিনটোৰ ক্লান্তি এৰি হাহি-গল্পত ডুব যোৱাৰ চেষ্টা কৰে।সন্ধিয়াৰ লগে লগে ইয়াৰ অলেখ-অসংখ্য দোকানবোৰ খাদ্যৰ সুগন্ধি আৰু মানুহৰ হাঁহি-মাতেৰে জীপাল হৈ উঠে।' 

টকিঅ'ৰ অ'ম'ইডে য়'ক'চ্চ

সঁচাকৈয়ে ঠেক গলিটোৰে খোজ দি সেই ৰূপ নিজ চকুৰে চোৱাৰ সুযোগ পালোঁ। গলিৰ দুয়োফালে সৰু সৰু জাপানী বাৰ ইজাকায়া আৰু খাদ্যৰ ষ্টল। কাঠৰ সৰু সৰু দোকান, ৰঙীণ জাপনী লেম্প, আৰু  ধোঁৱাই থকা চুপৰ বাতি লৈ ভিতৰত বহি থকা মানুহবোৰলৈ কৌতুহলেৰে চালোঁ। কাইৰ উপদেশ মানি আমাৰ দলটো ক'তো নোসোমোৱাকৈ আগবাঢ়ি গৈ থাকিলোঁ। অ'ম'ইডে য়'ক'চ্চ পাৰ হৈ গৈ আমি এখন আহল-বহল ৰেস্তোঁৰাত সোমালোঁগৈ। কায়ে আগতীয়াকৈ সমগ্ৰ দলটোৰ বাবে আসন ৰাখি খাদ্যৰো অৰ্ডাৰ দি থৈছিল হেনো। 

মুখামুখিকৈ বহি এইবাৰহে দলটোৰ বাকীসকলৰ সৈতে চা-চিনাকি হোৱাৰ সুযোগ পালোঁ। কাঠৰ বেঞ্চখনত মোৰ কাষত অটাৱাৰ বেৰী আৰু জেনিন, আমাৰ সন্মুখত আমেৰিকাৰ চিয়াটলৰ এলেক্স আৰু কলীন। চাৰিও আমাৰ সমবয়সীয়া। 

'তুমি ইঞ্জিনিয়াৰ নেকি?' বেৰীয়ে কাইলৈলৈ চাই ক'লে।

প্ৰশ্নটো শুনি মই আচৰিত হ'লোঁ। কিন্তু কাইলে সহজভাৱে ক'লে, 'অঁ, আমি কানাডাৰ এলবাৰ্টাৰ পৰা আহিছোঁ। মোৰ ইঞ্জিনিয়াৰিঙো তাতে কৰা।'

'তেওঁৰ হাতৰ আঙঠিটো দেখি গম পালোঁ।' বেৰীয়ে মোৰ মুখলৈ চাই হাঁহি হাঁহি ক'লে। কাইলে হাঁহিত যোগ দি সোঁহাতৰ কেঞা আঙুলীৰ আঙঠিটো সকলোকে দেখুৱালে। 

তেতিয়াহে মোৰ মনত পৰিল, সেয়া কানাডাৰ সকলো ইঞ্জিনিয়াৰে ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত পিন্ধা লোহাৰ আঙঠি (Iron Ring)- ইঞ্জিনিয়াৰৰ নৈতিকতা আৰু দায়িত্বশীলতাৰ এক চিৰন্তন সোঁৱৰণ হিচাপ। ১৯০৭ চনত কানাডাৰ কুবেক চহৰত নিৰ্মাণ চলি থকা এখন বৃহৎ দলং হঠাৎ ভাঙি পৰি বহু লোকৰ অকাল মৃত্যু হৈছিল। এই দূৰ্ঘটনাই যেন সকলোকে সোঁৱৰাই গ'ল, ইঞ্জিনিয়াৰসকলৰ দায়িত্ব কেনে গুৰুত্বপূৰ্ণ আৰু সৰু ভুল বা অৱহেলাৰ পৰিণতি কি হ'ব পাৰে! তাৰে ফলস্বৰূপে ১৯২২ চনত কানাডাত আৰম্ভ হয় “The Ritual of the Calling of an Engineer” অনুষ্ঠান। এই অনুষ্ঠানত স্নাতক ইঞ্জিনিয়াৰসকলক এটা লোহাৰ আঙঠি দিয়া হয়। নতুনচামক মনত পেলাই দিয়া হয় সুৰক্ষা, সততা আৰু দায়িত্বশীলতা ইঞ্জিনিয়াৰিংৰ মূল ভিত্তি!

কাইলে সেই ইতিহাস সকলোকে কৈ উঠাৰ পিছতে বেৰীয়ে ক'লে, 'আচলতে ময়ো ইঞ্জিনিয়াৰ!'

'ময়ো!' এইবাৰ এলেক্সে কৈ উঠিল।

সকলোৱে একেলগে হাঁহি পেলালে। একেটা গোটতে তিনিগৰাকীকৈ ইঞ্জিনিয়াৰ!

এনেতে কাই আৰু এগৰাকী ৱেইটাৰে আমাৰ টেবুলত কেইবাখনো প্লেট থ'লেহি। এখনত ছুছি ৰ'ল সৈতে ৱাছাবি আৰু চই চছ, এটা কাঠৰ বাতিত সাগৰীয় শেলাইৰ চালাড আৰু অন্য এটা ডাঙৰ বাতিত বৰফৰ ওপৰত তিনি-চাৰিবিধ কেঁচা মাছৰ টুকুৰা!

'এয়া সকলোৰে বাবে। তিনিওবিধৰে সোৱাদ ভিন্ন। খাই চাওকচোন!'

তাৰ লগে লগে ৱেইটাৰগৰাকীয়ে ছাকে মদ বাকি দিলেহি। অতিথিলৈ আদৰ দেখুৱাই পৰম্পৰা অনুসৰি কাঠৰ গিলাচ উপচি পৰাকৈ!

খাদ্যৰ প্লেট আৰু বাতি দুটা ইজনৰ পৰা সিজনৰ হাতলৈ আগবাঢ়িল। চালাড অলপ নিজৰ প্লেটত লৈ বেৰীয়ে ধেমালিৰ সুৰেৰে ক'লে, 

'আমি তিনিও বাৰু ইঞ্জিনিয়াৰ! আমাৰ পাৰ্টনাৰ কেইগৰাকীৰ পেছা কি অনুমান কৰিব পাৰিবনে?'

'আৰু কোনোবা ইঞ্জিনিয়াৰ নেকি? এলেক্সে হাঁহি হাঁহি সুধিলে। জেনিন, কলীন আৰু মই পোনপটীয়া উত্তৰ নিদি খেলখনৰ ৰং চাই থাকিলোঁ।

প্ৰথমে সকলোৱে চিয়াটলৰ কলীনলৈ চালে! 

'স্পৰ্টছ?' বেৰীৰ অনুমান।

'শিক্ষয়ত্ৰী?' সুৰত সুৰত মিলাই কাইলে সুধিলে।

কলীনে মূৰ জোকাৰিলে। 'নহয়, মই লাইব্ৰেৰীয়ানহে!'

'কাণৰ তিনিযোৰ কাণফুলি আৰু পনিটেইল চাই মই আকৌ স্পৰ্টছ বুলি ভুল কৰিলোঁ।' বেৰীৰ কৈফিয়ৎ শুনি আমি হাঁহি পেলালোঁ।

জেনিনক লৈ কৰা অনুমানবোৰো ভুল বুলি প্ৰমাণ কৰি তাই ক'লে, 'মই আচলতে নাৰ্ছ!'

এইবাৰ গোটৰ সকলোৱে মোলৈ চালে।

কলীনে ক'লে, 'তুমি ক্ৰিয়েটিভ বা কলাত্মক কিবা এটা ফিল্ডৰ হ'বা যেন লাগিছে।'

মোৰ হাঁহি উঠি গ'ল, 'হয়ো- নহয়ো!' 

সকলোৰে কৌতুহলী মুখবোৰ দেখি বুজাই ক'লওঁ, 'আচলতে মই পেছাত বিজ্ঞানী, নিচাত লেখক!' গতিকে কলা আৰু বিজ্ঞানৰ দুয়োটাই খাঁটে!

জাপানৰ পাচিংক' খেল

ৰেস্তোৰাঁৰ পৰা ওলাই আকৌ শ্বিনজুকুৰ নিয়ন লাইট আৰু ভিৰৰ মাজেৰে আমাৰ দলটোৱে খোজ দিলে। কাইৰ কথা-বতৰাৰ পৰা জাপানী খাদ্যৰ বিষয়ে তেওঁৰ আগ্ৰহ আৰু দখলৰ উমান পাইছোঁ। তেওঁৰ প্ৰতি প্ৰথমে ওপজা বিৰক্তি মোৰ কমি আহিছে। এইবাৰ এক বিশাল অট্টালিকাৰ সন্মুখত ৰৈ তেওঁ ক'লে,

'আপোনালোকে জাপানৰ পাচিংকো সংস্কৃতিৰ বিষয়ে শুনিছেনে?'

বেৰী আৰু জেনিনৰ বাহিৰে আমি সকলোৱে মূৰ জোঁকাৰি ক'লোঁ, 'নাই শুনা!'

সেই অট্টালিকাৰ মূল দুৱাৰখন মেলি ধৰি কায়ে ক'লে, 'এবাৰ ভুমুকিয়াই চাই আহকচোন। মই বাহিৰতে ৰৈছোঁ। তাৰপিছত বুজাই ক'ম।'

সোমাই দেখিলোঁ, গেইম চেণ্টাৰৰ দৰে শাৰী শাৰী মেচিন আৰু সন্মুখত চকী। বহুতো মানুহ মগ্ন হৈ খেলি আছে। সৰু লোহাৰ বলবোৰ অহৰহ তললৈ সৰি শব্দ সৃষ্টি কৰি আছে।

'সেইবোৰ পাচিংক' মেচিন' কায়ে ক'লে, 'বাহিৰৰ পৰা চালে ইবোৰ একেবাৰে গেম চেণ্টাৰ যেন লাগে, কিন্তু বহুলোকৰ বাবে এয়া কেৱল খেল নহয়, ই দৈনন্দিন জীৱন। পাচিংকো মূলতঃ পিনবল-ধৰণৰ এটা খেল। খেলুৱৈয়ে বল কিনে, মেচিনত পেলায়, আৰু ভাগ্য অনুসাৰে জিকে বা হাৰে। জাপানত জুৱা আইনগতভাৱে নিষিদ্ধ হোৱাৰ বাবে, ইয়াত এটা কৌশলী ব্যৱস্থা আছে—জিকিলে পোৱা বলবোৰ বাহিৰৰ “এক্সচেঞ্জ কাউণ্টাৰ”ত সেইবোৰ নগদ টকাৰ সৈতে পৰোক্ষভাৱে সলনি কৰা হয়। এই ব্যৱস্থাটোৱেই পাচিংকোক এক ধৰণৰ “আইনী জুৱা”ৰ ৰূপ দিছে। যি এবাৰ খেলিছে আসক্ত হৈ পৰিছে!'

জাপানৰ নগৰজীৱনৰ সেই কিছু অদ্ভুত ৰূপে আমাক কিছু বিস্মিত কৰিলে, কিছু আমোদ দিলে। কিন্তু তেতিয়াও যেন আমাৰ বাবে তাতোকৈ এক ডাঙৰ বিস্ময় ৰৈ আছিল। কাইক অনুসৰণ কৰি আমি 'কাবুকিচ্চ' (Kabukicho) নামৰ এটা এলেকাত ভৰি দিলোঁগৈ। কায়ে আঙুলীয়াই দেখুৱালে এটা প্ৰকাণ্ড অট্টালিকাৰ ছাঁদৰ পৰা ওলাই থকা গডজিলাৰ বিশাল মূৰটো। ভাৱ হ'ল যেন হঠাৎ গডজিলা চলচ্চিত্ৰৰ দৃশ্য এটাৰ মাজতে থিয় হৈ আছোঁ। এটা ৰোমাঞ্চকৰ শিহৰণ জাগিল!

অন্য ঠাইৰ দৰে এই এলেকাতো বাটৰ কাষে কাষে ৰেস্তোৰাঁ, জকমকীয়া বিজ্ঞাপন, বাটত আমাৰ দৰেই অনেক পৰ্যটক, কাম শেষ কৰি ওলাই অহা স্থানীয় মানুহ, আৰু নিশাটোক নিজৰ ধৰণে উপভোগ কৰা বিভিন্ন মুখ—সকলো মিলি কাবুকিচ্চ' যে এক জীৱন্ত মঞ্চ! কিন্তু সেইসকলো পৰিচিত ৰূপৰ উপৰি চকুত পৰিল বাটৰ কাষে কাষে মডেলৰ দৰে থিয় দি আছে বহুতো যুৱক-যুৱতী। প্ৰায়বোৰৰ হাতত একোখন প্লেকাৰ্ড, ইংৰাজীত লিখা আছে - ১০০০০ য়েন/ঘণ্টা।

তেওঁলোকৰ পৰা কিছু আঁতৰত ৰৈ কায়ে আমাক ক'লে, 'এই এলেকা প্ৰাপ্তবয়স্কৰ বিনোদনৰ এলেকা। সেই যুৱক-যুৱতী সকলে হোষ্টেছ ক্লাবক টকিঅ'ৰ বাটলৈ উলিয়াই আনিছে। ঘণ্টাৰ হাৰত তেওঁলোকে আপোনাক সংগ দিব, আপোনাৰ সৈতে মদ গিলিব, মুঠতে সেই ঘণ্টাতো আপোনাৰ বাবে উপভোগ্য কৰি তুলিব!'

সেয়া শুনি অ'ছাকাৰ ক্লাববোৰলৈ মোৰ মনত পৰি গ'ল, 'এওঁলোক যৌন কৰ্মীও নেকি?' কাইক সুধিলোঁ।

'ইয়াত থিয় দি থকা সকলো নহয়। জাপানৰ আইন মতে সেয়া নিষিদ্ধ।কিন্তু ইয়াৰ কিছুমান গলিত অবৈধ যৌন ব্যৱসায়ো আছে বুলি শুনোঁ। তেনে বহু ঠাইত কোনো নাম নাথাকে। বন্ধ দুৱাৰৰ সন্মুখত মাথোঁ জিলিকি থাকে ইনফ'ৰমেশ্যনৰ আই চিনটো। বহুতো পৰ্যটকে সেয়া সহায়ৰ চিন বুলিও ভুল কৰি পায়। যেনেকৈয়ে নহওক, এই সকলো কৰ্মীয়ে নিসংগ যেন লগা মানুহক লক্ষ্য কৰি লয়। আপোনাক যদি দেখাত দুখী বা ক্লান্ত যেন লাগে, তেওঁলোকে মাত লগাব, ভাল লগা সময় এখিনি একেলগে কটাবলৈ নিমন্ত্ৰণ জনাব।'

'দেখিয়ে কেনেকৈ সেয়া গম পাব সেয়া?' আমাৰ দলৰ ইটালীৰ পৰা অহা ভাই-ককাই দুজনৰ এগৰাকীয়ে সুধিলে।

'তাৰেই পৰীক্ষা কৰিম এতিয়া!' কায়ে দুষ্টালিৰ হাঁহি এটা মাৰিলে, 'আপোনালোকৰ কাৰ কাৰ সাহস আছে ওলাওক- আমি এজন এজনকৈ সেই কৰ্মী সকলৰ সন্মুখেৰে খোজ কাঢ়ি যাম। কোনোবাই নিমন্ত্ৰণ পাই নেকি চাওঁ!'

আমি প্ৰথমে ইজনে সিজনলৈ চালোঁ। কি কয় আমাৰ গাইডে! কিন্তু ক্ষন্তেক ভাৱি বেৰীয়ে কান্ধ জোকাঁৰি ক'লে, 'হুৱাই নট!' তাৰ পিছত অকলে সেইদিশে আগবাঢ়ি গ'ল।

শলঠেকত পৰাদি পৰি আমিও এজন এজনকৈ সেইদিশে খোজ ল'লোঁ। উজ্বল ৰঙী টপ আৰু মিনি স্কাৰ্টেৰে অনেক যুৱতী, গাত লিপিট খাই থকা টিচাৰ্টেৰে কেইবাগৰাকী যুৱকো। তেওঁলোকৰ সন্মুখেৰে খোজ দি যাওঁতে অনুভৱ কৰিলোঁ, তেওঁলোকে যেন আমাক প্ৰত্যেককে ভৰিৰ পৰা মূৰলৈ পৰীক্ষা কৰি চাইছে। হয়তো জুখি চাইছে আমাৰ কোনোবা সেই মায়াৰ জগতৰ বাবে সাজুনে! নাইবা হয়তো ট্যুৰ গাইডৰ এনে খেলাৰ সৈতে তেওঁলোক ইতিমধ্যে পৰিচিত।

কাইলে যেন ইচ্ছা কৰিয়ে খুউব ধীৰেৰে খোজ দিলে। সেয়ে সি পিছ পৰি ৰ'ল। মোৰ কাষে কাষে খোজ দিলেহি দলৰ অন্য এগৰাকী মহিলাই। বয়স প্ৰায় পঞ্চাছৰ ঘৰত হ'ব কিজানি। অকলশৰীয়া পৰ্যটক।

'বিশ্বাস হোৱা নাই জানানে আমি যে এনেকৈ এওঁলোকৰ সন্মুখেৰে খোজ কাঢ়িছোঁ।' তেওঁ মুখ টিপি হাঁহি হাঁহি ক'লে।

'জাপান ভ্ৰমণৰ ব্যতিক্ৰমী অভিজ্ঞতা আৰু!' মই ক'লোঁ।

পিছৰ ৰেস্তোৰাঁখনত তেওঁৰ মুখামুখিকৈ বহি ভালকৈ চিনাকি হ'লোঁ। তেওঁৰ নাম এনি। ব্ৰিটিছ যদিও কৰ্মসূত্ৰে আজি ছবছৰ মান ধৰি জাপানত আছেহি।

'এয়া আপোনালোকৰ কাৰণে এবিধ নতুন খাদ্য আনিছোঁ- প্ৰ'টিনবিধৰ সোৱাদ লৈ অনুমান কৰকচোন কি হ'ব পাৰে।' কায়ে প্ৰত্যেককে এখনকৈ প্লেট দি ক'লে। কাইৰ কথা শুনি দুগৰাকীমানে মুখত দিবলৈকে সংকোচ কৰিলে। এনিয়ে ক'লে, এনে ৰহস্যময় খাদ্য খাই গা বেয়া কৰিব নোৱাৰোঁ দেই!

টকিঅ'ত জাপানী খাদ্যৰ সোৱাদ লৈ

মোৰ পেটে পেটে কিছু হাঁহি উঠিল- খাদ্যৰ ট্যুৰত আহিও ভিন্ন খাদ্যৰ স্বাদ লোৱাৰ উৎসুকতা নাইনে! কাইল আৰু মই কৌতুহলেৰে চালোঁ।ডিপ ফ্ৰাই কৰা এবিধ প্ৰ'টিন। গতিকে কেৱল চাই ধৰিব নোৱাৰি। পিছে মুখত দিও মাছেই নে মাংসই ক'বলৈ টান হ'ল। সোৱাদটো যেন চিনাকি হ'লেও অচিনাকি। পিছত কায়ে সকলোৰে কৌতুহল ভাঙি ক'লে, সেয়া আচলতে ট্যুনা মাছ! তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাই বাকীকেইগৰাকীয়ে তাৰ সোৱাদ লৈ চালে।

টকিঅ'ৰ ত্ৰিমাত্ৰিক মেকুৰী

'ইয়াৰ আগতে মই কোৰিয়াৰ চিউলত কাম কৰিছিলোঁ জানা, তেতিয়া প্ৰতি সপ্তাহতে শনিবাৰে ইয়ালৈ গুচি আহোঁ।' এনিয়ে কৈ গ'ল।

'ফুৰিবলৈকে?'

'অঁ জানাই নহয় চিউল কেনে! সেয়ে সময় কটাবলৈকে টকিঅ'লৈ আহোঁ!'

'নাজানোঁ! কিন্তু কোৰিয়ালৈ যোৱাৰ, তাৰ ৰং-ৰূপ চোৱাৰ বহুত হেঁপাহ মোৰ!'

মুখ ফুটাই সেয়া নক'লোঁ। কিন্তু বিভিন্ন ঠাইক লৈ এনিৰ তেনে মন্তব্যবোৰ শুনি আমোদ পালোঁ। ব্যক্তিত্ব অনুসৰি পৰ্যটনৰ ধাৰণা আৰু আকৰ্ষণৰ যে কেনে ভিন্নতা থাকিব পাৰে সেয়া যেন নতুনকৈ উপলব্ধি হ'ল।

শ্বিনজুকুৰ নিয়ন লাইটৰ মাজেৰে আকৌ আমাৰ দলটো আগবাঢ়িল। শ্বিনজুকু ষ্টেচনৰ ওচৰৰ বিশাল চাৰিআলি এটাত থমকি ৰৈ কায়ে ক'লে, 'সকলোৱে সৌ ওপৰলৈ চাওকচোন!' 

দেখা পালোঁ চাৰিআলিৰ কোণতে থকা এটা বিশাল অট্টালিকাৰ একেবাৰে ওপৰৰ দুটা মহলা জুৰি এটা মেকুৰীৰ ছৱি! ত্ৰিমাত্ৰিক মেকুৰীটো দেখাত একেবাৰে সঁচা মেকুৰীৰ দৰে। আমি চাই থাকোঁতেই সি অলস ভাৱে শুই  থকাৰ পৰা এঙামুৰি দি উঠিল, তাৰপিছত তলত কেমেৰা টোঁৱাই ৰৈ থকা মানুহবোৰলৈ চাই পঠিয়ালে। ভাৱ হ'ল যেন এইমাত্ৰ ওপৰৰ পৰা জপিয়াই দিবহি! ইমান জীৱন্ত! কাইৰ পৰা গম পালোঁ, এই ত্ৰিমাত্ৰিক মেকুৰী শ্বিনজুকুৰ এক উল্লেখযোগ্য আকৰ্ষণ।

তাৰেই এটা গলিত বাটৰ কাষৰ ষ্টলত আমি মিঠাইৰ বাবে ৰ'লোঁগৈ। কায়ে আমাৰ হৈ জাপানৰ এবিধ জনপ্ৰিয় মিঠাই টাইয়াকি (Taiyaki) অৰ্ডাৰ কৰিলে। মাছৰ আকৃতিৰ ৱাফ'ল বিধৰ মাজত পছন্দ অনুসৰি বিভিন্ন মিশ্ৰণ ভৰাই দিয়া হয়। 'টাই' নামৰ এটা মাছবিধ জাপানত সৌভাগ্যৰ প্ৰতীক বাবেই হেনো মিঠাইবিধৰ এই জনপ্ৰিয়তা। কাইলে ৰঙা বীন পেষ্ট ল'লে। মই চখতে অৰ্ডাৰ কৰিলোঁ চকলেট দি কৰা টাইয়াকি। মিঠা যদিও অতিপাত মিঠা নহয়। মাছৰ ৱাফল আৰু ভিতৰৰ  মিশ্ৰণৰ সোৱাদ মিলি বৰ জুতিলগা।

টকিঅ'ৰ বহু ঠাইৰ খাদ্য আৰু আকৰ্ষণীয় ঠাইৰ তথ্য-পাতি দি কায়ে তাতে ট্যুৰৰ সামৰণি মাৰিলে। সন্ধিয়াৰ আৰম্ভণিতে অহা বিৰাগৰ সলনি এইবাৰ কৃতজ্ঞতাৰে তেওঁক মই বিদায় জনালোঁ।

টকিঅ'ত গডজিলাৰ আক্ৰমণ!


No comments:

Post a Comment