প্ৰথমতে নিজৰ স্বাৰ্থতে এই কামটো কৰিছিলোঁ। সেইসময়ত মোৰ ৱিকি আসক্তি তুংগত! ৱিকি মানে অসমীয়া ৱিকিপিডিয়া আৰু সহযোগী প্ৰকল্পবোৰ। বহু বছৰ ধৰি সক্ৰিয় সদস্য হিচাপে ৱিকিৰ সেই প্ৰকল্পবোৰত কাম কৰি থাকি সেয়া মোৰ নিচাৰ দৰে হৈ পৰিছে। কিন্তু সেইসময়ত পি এইচ ডিৰ গৱেষণা আৰম্ভ কৰাৰে পৰা মোৰ সময় আৰু সুযোগৰ অভাৱ হ'বলৈ লৈছে। পিছে ৱিকিৰ প্ৰকল্পবোৰৰ জৰিয়তে ডিজিটেল পৃথিৱীত অসমীয়া ভাষাক আগবঢ়াই নিয়াৰ হেঁপাহ আগতকৈও বাঢ়িছেহে।
এনে এটা দিনতে ঘৰলৈ যাওঁতে মাক সুধিলোঁ,
'মা, তুমি ৱিকিত কাম নকৰা কিয়?'
মাৰ প্ৰশ্নবোধক চাৱনি দেখি বুজনিৰ সুৰত ক'লোঁ, 'মই ৱিকিত লাগিবলৈ একেবাৰে সময় নোপোৱা হৈছোঁ। মোৰ সলনি তুমিয়ে কৰা। কথাতো একেটাই!'
বাচ্, তেনেকৈয়ে আৰম্ভ হৈ গ'ল! ঘৰত পৰি থকা মোৰ পুৰণি লেপটপটোত মাই প্ৰথমে অসমীয়া টাইপ কৰিবলৈ শিকিলে। বিভিন্ন কিতাপ-আলোচনীৰ পৰা ৱিকিৰ প্ৰৱন্ধবোৰত তথ্য-পাতি যোগ দিবলৈ শিকিলে। এটা সময়ত ৱিকিত নতুন প্ৰৱন্ধও সৃষ্টি কৰিবলৈ ল'লে।
সৰুৰে পৰা দেখি আহিছোঁ, কোনো কাম টান বুলিয়ে মাই সহজে হাৰ নামানে। সেই ধৈৰ্য আৰু একাগ্ৰতাই যেন ৱিকিতো ফল দিলে। প্ৰথমে বহুপৰ যুঁজি-বাগৰিহে হৈ উঠা ৱিকিৰ কিছুমান কাম নিমিষতে কৰিব পৰা হ'লগৈ।
কিন্তু ইমানখিনিলৈ আগবঢ়াৰ পিছতো মা যেন এদিন হঠাৎ ৰৈ গ'ল!
সুধিলোঁ, 'ৱিকিত নিলিখা হ'লা যে?'
'এহ্, সময়ে নোপোৱা হৈছোঁ। লিখিম ৰ'।'
মাই যেন আচল কাৰণটো ক'বলৈ সংকোচ কৰিলে। কিন্তু মই বুজিলোঁ, মাৰ ৱিকিত কাম কৰাৰ হেঁপাহটোৰ আগত মাক হোৱাৰ আৰু ঘৰখন চম্ভালাৰ দায়িত্ববোৰে অগা-দেৱা কৰিবলৈ লৈছে।
সদায়ৰ দৰে!
সৰুৰে পৰাইতো দেখি আহিছোঁ, মাই অহৰহ ঘৰৰ জঞ্জালবোৰ লৈ টাকুৰী ঘুৰাদি ঘুৰিছে। আমাৰ ইটো সিটো প্ৰয়োজন পূৰাবলৈকে ঢপলিয়াই ফুৰিছে। কেতিয়াবা আজৰি পৰত আমাক সাধুকথা কোৱাৰ দৰে কৈছে, ককাৰ স'তে কটোৱা সৰুকালৰ কাহিনী। মাৰ দেউতাক সমাজসেৱক ককা। ককাৰ স'তে মেলে-মিটিঙে আৰু সামাজিক কামবোৰত কণমানি মাও ঘুৰি ফুৰে। সপোন দেখে, এদিন ককাৰ আদৰ্শেৰে সমাজত নিজৰ বাবে এটা চিনাকি গঢ় দিয়াৰ।
'তাৰ পিছত?' আমি সোধোঁ।
'তাৰ পিছত আৰু কি! কম বয়সতে বিয়া হ'লোঁ। ঘৰ-সংসাৰত সোমাই পৰিলোঁ।' মাই এটা সৰল সত্যৰ দৰে কথাষাৰ কয়। কিন্তু তাৰ লগে লগে আমাক সোঁৱৰায়,
'সেইকাৰণেই তহঁতক কওঁ, বিয়া-বাৰু সংসাৰ কৰাৰ আগতে নিজৰ কাৰণে সেই চিনাকিটো প্ৰথম বিচাৰি ল। তাৰপিছত যি কৰ তহঁতৰ ইচ্ছা। তাত মোৰ কোনো আপত্তি নাই।'
মাই যেন নিজৰ ৰৈ যোৱা সপোনবোৰ আমাৰ মাজেৰে পূৰোৱাৰ সপোন দেখিবলৈ লয়। আমাৰ কাৰণেই সময় আৰু পৰিস্থিতিয়ে যেনেকৈ দাবী কৰে তেনেকৈয়ে নিজকে বিলাই দিব খোজে।
তাৰ বহু বছৰৰ পিছতো, আমিবোৰ নিজৰ ভৰিত থিয় দিয়াৰ পিছতো মাৰ সেই সমীকৰণটো একেদৰে ৰ'ল। ঘৰৰ সকলোৰে সকলো প্ৰয়োজন পূৰায়ে মা ব্যতিব্যস্ত।
ইফালে ময়ো বদ্ধপৰিকৰ। ঘৰলৈ যাওঁতে এবাৰ জোৰ দি ধৰিলোঁ,
'নিজে সময় নুলিয়ালে কেনেকৈ ৱিকিৰ কাৰণে সময় পাবা? আমাৰ কাৰণে দৌৰা-ঢপৰা কৰি থাকিবলৈ এৰা আৰু!'
মাই আপত্তি কৰিলে। ক'লে, 'জোৰ নকৰিবিচোন। মই যেতিয়া পাৰোঁ কৰিম নহয়।'
সেইদিনা উপলব্ধি কৰিলোঁ, পশ্চিমীয়া দেশ এখনত সম্পূৰ্ণ স্বাধীন জীৱন এটা কটাই থাকি মই যেন কিছু অন্ধ হৈ পৰিছোঁ। যেন বুজিও নুবুজাৰ ভাও ধৰিব খুজিছোঁ, পুৰুষতান্ত্ৰিক সমাজ এখনৰ ধ্যান-ধাৰণাবোৰ আমাৰ কিমান গভীৰলৈকে শিপাই থাকে! জন্মৰে পৰাইতো নাৰীক শিকোৱা হয় নিজা হেঁপাহবোৰ সামৰি থ'বলৈ। পদে পদে সোঁৱৰাই দিয়া হয় পৰিয়াল-সমাজৰ প্ৰয়োজন পূৰোৱাতহে নাৰীৰ সাৰ্থকতা। তাত নিজা হেঁপাহ এটা ঠাই দিয়া মানেই যেন ঘোৰ স্বাৰ্থপৰতা! তাৰ ব্যতিক্ৰম হ'বলৈ মাৰ কষ্ট হয়। লগতে হয়তো আহি পৰে অপৰাধবোধো।
তথাপি যেন শৈশৱৰ সাধুকথাত সোমাই থকা কণমানিজনীয়ে মাৰ মাজত লুকা ভাকু খেলিবলৈ নেৰিলে। এটা সময়ত বুকুত উমি উমি ৰোৱা সেই হেঁপাহটোৰ কাৰণেই মা হয়তো আকৌ ৱিকিলৈ ঘুৰি আহিল। লকডাউনৰ সময়ত পৃথিৱী স্থিৰ হৈ ৰোৱা দিনবোৰতে এদিন মাই ৱিকিউৎসত যোগ দিলে।
ৱিকিউৎস অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প। পৃথিৱীৰ যিকোনো ঠাইৰ পৰা বিনামূল্যে পঢ়িব পৰা অসমীয়া কিতাপৰ ডিজিটেল পুথিভঁৰাল। এই প্ৰকল্পত আগৰদৰেই মাই একাগ্ৰতাৰে কামবোৰ শিকিবলৈ ল'লে। কৰ্মশালাত যোগ দি কাৰিকৰী কথাবোৰো বুজি ল'লে। বহু সময়ত আহৰি আৰু ধৈৰ্যৰ অভাৱত মই এৰি যোৱা কামবোৰ মাই মোকো শিকাব পৰা হ'ল।
লাহে লাহে মা অসমীয়া ৱিকিসমাজৰ এগৰাকী সক্ৰিয় সদস্যা হৈ পৰিল। সেইসময়তে অনুষ্ঠিত হ'ল ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা। কপিৰাইট উকলা অসমীয়া কিতাপবোৰ ডিজিটেল পৃথিৱীত সংৰক্ষণ কৰাৰ কাম। মাৰ লগতে ভিন্ন ঠাইৰ ভিন্ন বয়স আৰু ক্ষেত্ৰৰ বহু অসমীয়াই সদলবলে যোগ দিলে। লক্ষ্য এটাই- অন্য ভাৰতীয় ভাষাতকৈ অসমীয়াত বেছি কাম হ'ব লাগে। সেই মনোভাৱে মাৰ মাজলৈকো যেন নতুন উদ্যমৰ জোৱাৰ এটা আনি দিলে।
দিনত ঘৰ-সংসাৰৰ লেঠাবোৰ যিমান পাৰি সোনকালে সামৰি প্ৰতি নিশা মা লেপটপ লৈ বহে। ৰাতি বহুপৰলৈকে ৱিকিৰ কেইবাগৰাকী সদস্যৰ সৈতে ফেৰ মাৰি পঞ্চাশ-ষাঠি পৃষ্ঠা পৰ্যন্ত মুদ্ৰণ সংশোধন কৰে, বৈধকৰণ কৰে। ইখনৰ পিছত সিখন অসমীয়া কিতাপ ৱিকিত সকলোৱে পঢ়িব পৰাকৈ উপলব্ধ কৰি যায়।
মাকে ধৰি অসমীয়া ৱিকিৰ প্ৰতিযোগীসকলৰ সেই সাধনাই ফল দিলে।মাথোঁ পোন্ধৰ দিনতে ত্ৰিছখন মান অসমীয়া কিতাপ ৱিকিত উপলব্ধ কৰি অসমীয়া ৱিকিউৎসই সৰ্বভাৰতীয় পৰ্য্যায়ত তৃতীয় স্থান পালে। সেই গৌৰৱৰ ভাগ মায়ো ল'লে। হাঁহি হাঁহি মোক ক'লে,
'এইবাৰ ৰাতি ৰাতি তেনেকৈ লাগি থাকি নিজৰে সৰুকালটো ঘুৰাই পোৱা যেন লাগিল, বুজিছ!'
মোৰ চকুত ভাঁহি উঠিল, স্কুলৰ পৰা আহি মাই আইতাক পথাৰত লাগি দিছে। ঘৰৰ কাম-বন সামৰি সেয়া কণমানি মা ৰাতিলৈ আজৰি হৈছে। চকুৰ টোপনি আৰু দেহাৰ ভাগৰ একাষৰীয়া কৰি হাতলেম্পৰ ধিমিক ধামাক পোহৰত মাই পঢ়িবলৈ লৈছে!
তেনে সেই হেঁপাহৰ চাকি নুমোৱা নাই, সেই সপোন হেৰোৱা নাই!
সেইবাৰ মাৰ জন্মদিনত আমি পৰিয়ালৰ সকলোৱে মিলি এটা নতুন লেপটপ কিনি দিলোঁ। মাৰ গতি এইবাৰ আৰু স্তব্ধ নহ'ল। ৱিকিউৎসত নিয়মীয়াকৈ মাক দেখা পাই থকা হ'লোঁ। গৱেষণাৰ কাম সামৰি মোৰো কিছু আহৰি ওলাল। মাৰ সৈতে এই নতুন ধাৰাটো জীয়াই ৰাখিবলৈকে মই এদিন উলিয়ালোঁ,
'মা, আমি সপ্তাহত এবাৰকৈ একেলগে ৱিকিৰ কাম কৰিব পাৰোঁচোন।'
মা লগে লগেই মান্তি হৈ গ'ল।
তাৰপিছত প্ৰতি শনিবাৰে ৰাতি আজৰি উলিয়াই মই কানাডাৰ একোণত বহোঁ। সাত সাগৰ তেৰ নদীৰ সিপাৰে দেওবাৰে পুৱা মাও বহে। দুয়ো একেলগে অনলাইন বহি ৱিকিৰ কাম কৰোঁ। নজনা কথাবোৰ ইজনীয়ে সিজনীক দেখুৱাই দিওঁ। কামৰ লগে লগে সুখ-দুখৰ ইটো-সিটো কথাও পাতোঁ।
এনেকৈয়ে এদিন ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩- ৰ খৱৰ আহিল। ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰতৰ ভাষা ভিত্তিক আন্দোলনৰ প্ৰতি আগ্ৰহী দক্ষিণ এছিয়াৰ ৱিকিমিডিয়ান সকলৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন এই ৱিকিকনফাৰেন্স ইণ্ডিয়া। কানাডাৰ পৰা গৈ যোগ দিয়াটো মোৰ কাৰণে অসম্ভৱ যদিও মাক উৎসাহ দিলোঁ।
'এহ, মই পাৰিম জানো? কি ক'মগৈনো?' মাৰ মাতত এটা সংকোচৰ ভাৱ। নিজৰ সামৰ্থ্যক লৈ এটা চিৰন্তন সন্দেহৰ অগা-দেৱা।
'কিয় নোৱাৰিবা? ৱিকিউৎসৰ কামবোৰ আৰু তোমাৰ অভিজ্ঞতাৰ কথাকে ক'বাগৈ।'
অৱশেষত ঠিক হ'ল, মাৰ বক্তব্যৰ বিষয় হ'ব- ৱিকিউৎসৰ বিগত এটা দশক। কথামতেই কাম। আবেদন কৰাৰ এমাহমানৰ পিছতে খৱৰ আহিল, সেই বিষয়ে বক্তব্য দিবলৈ মা মনোনীত হৈছে। তাকো হায়দৰাবাদৰ সেই ৱিকিকনফাৰেন্সলৈ অহা-যোৱা আৰু থকা-খোৱা সকলো সামৰি সম্পূৰ্ণ জলপানিসহ!
এই কনফাৰেন্সত যোগ দিবলৈ ওলোৱা অন্য অসমীয়া ৱিকিমিডিয়ানৰ লগতে মাৰো পূৰ্ণোদ্যমে যোৱাৰ প্ৰস্তুতি চলিল। তাৰ লগতে পিছে বাঢ়িল মাৰ পাৰিবাৰিক দায়িত্ববোৰ। গতিকে মাই যেন আগতকৈও বেছিকৈ ঢপলিয়াই ফুৰিবলৈ ল'লে। আজি অ'ত, কাইলৈ ত'ত মা। যেন যি যেনেকৈ বিচাৰিছে তেনেকৈয়ে সেই সময়ত সেই ঠাইত গৈ উপস্থিত হোৱাটোৱে মাৰ কৃতিত্ব!
পৃথিৱীৰ ইটো মূৰৰ পৰা মই সেয়ে মাজে মাজে সোঁৱৰাবলৈ ল'লোঁ,
'মা, তোমাৰ কনফাৰেন্সলৈ বেছি দিন নাই। প্ৰেজেনটেশ্যন হৈছেগৈ নাই?'
দুয়োখন পৃথিৱীৰ টনা-আজোৰাতে নিৰন্তৰ ব্যস্ত থাকিও ৰাতি ৰাতি মা লেপটপৰ আগত বহে। জীৱনত কোনোদিনে কৰি নোপোৱা কামবোৰ নতুনকৈ শিকে। টোপনি ক্ষতি কৰি কৰি লেপটপত প্ৰেজেনটেশ্যন বনায়। বিচাৰি খুঁচৰি ৱিকিউৎসৰ এটা দশকৰ এই যাত্ৰাৰ টোকা কৰে।
পিছদিনা পুৱা মাই কষ্টেৰে গোটোৱা তথ্য-পাতি আৰু প্ৰেজেণ্টেশ্যন চাই চাই মই যেন মমৰ দৰে গলিবলৈ ধৰোঁ। আকৌ এবাৰ নিজকে সোঁৱৰাওঁ, মোৰ কাৰণে যে কথাবোৰ ক'বলৈ বৰ সহজ। কিন্তু মাৰ পৃথিৱীখনত নিজৰ হেঁপাহ এটা পূৰাবলৈকো যে বহু যুঁজ-বাগৰ চলে। নিজৰ সৈতেও। সমাজৰ সৈতেও।
এনেকৈয়ে টানি-আজুৰি এদিন মা সাজু হ'লগৈ। দলে-বলে অসমীয়া ৱিকিৰ আঠজনীয়া দলটো হায়দৰাবাদলৈ উৰা মাৰিলে।
ৱিকিকনফাৰেন্সত বক্তৃতা দিয়াৰ পৰত মা |
পোনপ্ৰথমবাৰৰ কাৰণে মাই কেৱল নিজৰ কাৰণে এনে এটা যাত্ৰা কৰিলে।
পোনপ্ৰথমবাৰৰ কাৰণে এনে এখন কনফাৰেন্সত অংশ ল'লে।
পোনপ্ৰথমবাৰৰ কাৰণে দেশ-বিদেশৰ ৱিকিমিডিয়ানৰ সন্মুখত বক্তব্য দিলে। সম্পূৰ্ণ অসমীয়াত।
এইবোৰৰ গুৰুত্ব বহুত। কিন্তু মোৰ বাবে এইখিনি পোৱালৈকে মাৰ অসমীয়া ৱিকিত যাত্ৰা তাতোকৈ বেছি তাৎপৰ্য্যপূৰ্ণ। কাৰণ মই জানো, কিমান আলৈ-আহুকাল নেওচি মাই আজিৰ দিনটো পাইছেহি। জানো, কেনেকৈ মাই অহৰহ নিজাকৈ এটা চিনাকি আৰু নিজা এখন পৃথিৱী বিচাৰি আহিছে।
প্ৰায়ে দেখোঁ, মাক-দেউতাকে সন্তানৰ কৃতিত্বক লৈ গৌৰৱ কৰে।সন্তানৰ কৃতিত্বৰ মাজেৰেই নিজৰ হেঁপাহ পূৰোৱাৰ চেষ্টা কৰে। আমি সন্তানবোৰেও যেন কেৱল সেই দৃষ্টিৰেই মা-দেউতাৰ কথা ভাৱোঁ। বহুসময়ত যেন পাহৰি যাওঁ, তাৰ বাহিৰেও যে তেওঁলোকৰ এটা নিজস্ব সত্বা আছে, নিজস্ব কিছুমান হেঁপাহ আছে। বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজ এখনত বহু মহিলাৰ মাক বা পত্নীৰ চিনাকিটোৰ আগত বাকীবোৰ চিনাকি মোলান পৰি যায়। সেয়ে এই সকলোবোৰ একাষৰীয়া কৰি থৈ আজি মই মাৰ কৃতিত্বক লৈ গৌৰৱ কৰিব খুজিছোঁ। গৌৰৱ কৰিছোঁ মাৰ নিজৰ বাবে অকণমান ঠাই, অকণমান আকাশ বিচাৰি থকাৰ চেষ্টাটোৰ বাবে।
অসমীয়া ৱিকিক লৈও মই সদায়ে গৌৰৱ কৰি আহিছোঁ। এই কামৰ বাবে কোনো বিশেষ জ্ঞান, শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰয়োজন নাই। মাথোঁ প্ৰয়োজন নিজৰ ভাষাটোৰ বাবে নিভাঁজ ভালপোৱা, কথাৰ সলনি কামেৰে মাতৃভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হেঁপাহ। সেই হেঁপাহৰ বাবেই অহৰহ লগি থকা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰচেষ্টাত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত। ক্ৰমান্বয়ে যেন এই গৌৰৱৰ আঁৰত থকা কাৰণবোৰত আৰু এটা যোগ হ'ল। এই মাধ্যমে মোৰ কাৰণে মাক কেৱল মাৰ চিনাকিৰে নহয়, এগৰাকী সহকৰ্মী হিচাপে পোৱাৰ সৌভাগ্য আনি দিছে। পৃথিৱীৰ দুটা বিপৰীত মূৰত থাকিও মা আৰু মই একেখন আকাশৰ তলত লগ হোৱাৰ সুবিধা দিছে। লগতে দিছে দুটা ভিন্ন পথেৰে আহি আহিও দুয়োৰে একেটা লক্ষ্য আৰু চিনাকি হোৱাৰ গৌৰৱ - অসমীয়া ৱিকিমিডিয়ান হিচাপে।
ৱিকিকনফাৰেন্সত মা |
"পোনপ্ৰথমবাৰৰ কাৰণে মাই কেৱল নিজৰ কাৰণে এনে এটা যাত্ৰা কৰিলে।
ReplyDeleteপোনপ্ৰথমবাৰৰ কাৰণে এনে এখন কনফাৰেন্সত অংশ ল'লে।"
গাৰ নোম শিয়ঁৰি গ'ল জলীবা! কি কওঁ! বাকৰুদ্ধ!
বহুত বহুত ধন্যবাদ আপোনাক, ৰুমী জেঠাইৰ বিষয়ে এনেকৈ লিখি আমাকো উৎসাহ জনোৱাৰ বাবে।
তোমাৰ কথাখিনিয়ে মোকো বহুত উৎসাহ দিলে। ধন্যবাদ অনামিকা :)
Deleteপঢ়ি খুব ভাল লাগিল।
ReplyDeleteঅশেষ ধন্যবাদ দিব্যদা!
Deleteবহুত ভাল লাগিল বাইদেউ।
ReplyDeleteউৎসাহ যোগোৱাৰ বাবে অশেষ ধন্যবাদ!
Delete