Wednesday 1 November 2017

ফিল্ড ডায়েৰী-৪: নাগালেণ্ডৰ পাহাৰে কণ্ডৰে

সময়-অসময়, ২০১৫

দ্বিতীয়বাৰ নাগালেণ্ডলৈ যোৱাৰ বাবে মোৰ বাবে আটাইতকৈ সুবিধাজনক সময় আছিল নৱেম্বৰ-ডিচেম্বৰ মাহ৷ কাৰণ এইবাৰ অন্যান্য কামবোৰৰ লগতে মোৰ উদেশ্য আছিল শীতকালিৰ চৰাইবোৰৰ ওপৰত জুমখেতিৰ প্ৰভাৱ কেনে তাৰ গৱেষণা কৰা৷ আমাৰ উত্তৰ-পূবলৈ নৱেম্বৰৰ ভিতৰত পৰিভ্ৰমী চৰাইবোৰ আহিবলৈ আৰম্ভ কৰেই৷ গতিকে এইসময়তে কাম আৰম্ভ নকৰিলে পিছলৈ সময়ৰ নাটনি হোৱাৰ সম্ভাৱনা! পিছে, ইটো সিটো লেঠা মাৰি বৰফৰ দেশখন এৰি থৈ স্বদেশ পাওঁগৈ মানে ডিচেম্বৰ মাহ আৰম্ভ হ’লেই৷ প্ৰস্তুতি পৰ্বতো যথেষ্ট সময় লাগে৷ গৱেষণাৰ আহিলা-পাতি, অহা-যোৱা-থকা আদি বন্দবস্ত কৰিবলৈ দীঘলীয়া প্ৰস্তুতি কৰিব লগীয়া হয়৷ তাতে নাগালেণ্ডৰ সেই ভিতৰুৱা ঠাইবোৰত এবাৰ গৈ পোৱাৰ পিছত সৰু-সুৰা কিবা এটা নোহোৱা হ’লেও ক’তো কিনাৰ বা বিচাৰি পোৱাৰ সুবিধা নাই৷


ডিচেম্বৰৰ মাজভাগত বাংগালোৰ পালোহি৷ তাৰপৰাই শেষৰ প্ৰস্তুতিখিনি কৰিলো৷ নাগালেণ্ডলৈ যিমান পাৰি সোনকালে গৈ কাম আৰম্ভ কৰাৰ ইচ্ছা৷ কিন্তু ইতিমধ্যেই বৰদিনৰ জাকজমকতা আৰম্ভ হৈছে৷ নব্বৈ শতাংশৰো অধিক খ্ৰীষ্টধৰ্মী মানুহৰ বসতিস্থল নাগালেণ্ডত স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ৷ ল’থা (নাগা জনজাতি) বন্ধু লানছ’ই খৱৰ দিলে, ঠায়ে ঠায়ে আনকি স্থানীয় বাতৰি কাকতত জাননী দিয়া হৈছে যে, এইমাহটোত যেন কোনেও সেই অঞ্চলসমূহলৈ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰে; কাৰণ সকলো গাৱঁতে গাওঁবুঢ়াকে ধৰি চৰকাৰী বিষয়ববীয়া, পাদুৰি আৰু খেতিয়ক আদি সকলো বৰদিনৰ আয়োজনত ব্যস্ত হৈ থাকিব৷

চিন্তাতে পৰিলো৷ প্ৰথমেই নাগালেণ্ডৰ পূবে ম্যানমাৰ সীমান্তত থকা কিফিৰে জিলালৈ যোৱাৰ পৰিকল্পনা৷ সেয়ে, ভাবিলো, তাৰ ৱাইল্ডলাইফ ৱাৰ্ডেনৰ মতামত লৈয়ে কি কৰা যায় ঠিক কৰিম৷ ফোনৰ সিপাৰে হেমন্ত কামডিৰ তজবজীয়া মাতটো ভাঁহি আহিল
ড’ন্ট ৱ’ৰি৷ ইউ কেন কাম হিয়েৰ এনিটাইম ইউ ৱান্ট! বৰদিনৰ আগতেই আহি পালে ভালহে, গাঁৱৰ মানুহৰ লগত একেলগে বৰদিন পাতি তাৰপিছৰ পৰাই কাম আৰম্ভ কৰিবা!’

তেওঁৰ কথাই অভিভূত কৰিলে৷ হেমন্ত মানুহজনেই এনে৷ খুবেই আগ্ৰহী আৰু সহায় কৰিবলৈ সদাপ্ৰস্তুত৷ কিন্তু তেওঁৰ লগতে গাঁৱৰ মানুহৰ অতিথিপৰায়ণতাৰ এনেকৈ সুযোগ ল’বলৈ সত নগ’ল৷ ঠিক কৰিলো, বৰদিনৰ পিছদিনাহে যাত্ৰা আৰম্ভ কৰিম৷ কথামতেই কাম৷ বৰদিনৰ পিছদিনাই গৈ ডিমাপুৰ পালোগৈ৷ 

এদিনত ছমাহৰ ৰচদ-পাতি

বৰদিনৰ ৰং ৰহইচৰ জোৱাৰ অকণো মাৰ যোৱা নাই তেতিয়াও৷ বাটে ঘাটে ধুনীয়াকৈ তৈয়াৰ কৰা বৰদিনৰ সাজ-সজ্জাত ডিমাপুৰৰ ধূলিৰ তৰপে স্পৰ্শ কৰিবলৈ এতিয়াও বাকী৷ বন্ধু লানছ’ৰ সৈতে নিউ মাৰ্কেটত বজাৰৰ দীঘলীয়া তালিকা এখন লৈ ইমূৰ-সিমূৰ কৰি ফুৰিলো৷ পাঁচমহীয়া ফিল্ডৰ কাম৷ এবাৰ কহিমা পাৰ হৈ ভিতৰুৱা নগা গাওঁবোৰত সোমালে কেতিয়ানো আকৌ ওলাই আহিম একো ঠিক নাই৷ অতি প্ৰয়োজন নহ’লে একেবাৰে কাম শেষ কৰিহে ওলাই অহাৰ কথা৷ কেতিয়াবা এনে পৰিস্থিতিত একেবাৰে সৰু  সামগ্ৰী এপদো অতি প্ৰয়োজনীয় হৈ ধৰা দিব পাৰে৷ গতিকে দৰকাৰী একো বাদ নপৰিবলৈকে এমাহৰ আগৰে পৰা তালিকা একোখন লিখি গৈছিলো- গৱেষণাৰ আহিলা-পাতি, খাদ্য, কাপোৰ-কানি, ঔষধ-পাতি সকলোৰে ভাগে ভাগে৷ আনকি ’বিবিধ’ সামগ্ৰীৰো বেলেগকৈ এখন তালিকা! এতিয়া সেই সকলোবোৰ তালিকা জপটিয়াই লৈ নিউ মাৰ্কেট চলাথ কৰিলো৷

লানছ’ বনবিভাগৰে সুদক্ষ কৰ্মী৷ ডিমাপুৰৰে স্থানীয় ল’ৰা বাবে ইয়াৰ সকলো তলা-নলাও জানে৷ সি মোক ক’ত কি কি লাগে মাথোঁ কৈ যাবলৈ ক’লে৷ দৰ-দামৰ বিভাগটোৰ দায়িত্ব সি স্ব-ইচ্ছাই ল’লে৷ তাৰ ভাষাত,
’ইউ নিড টু বি ৰিয়েলী গুড এট বাৰ্গেইনিং হিয়েৰ ইফ ইউ ড’ন্ট ৱান্ট টু গেট ছিটেড!’ 


লানছ’ৰ সৈতে
বাধ্য ছাত্ৰীৰ দৰে তাৰ কথা মানি লৈছোঁ৷ সবিস্ময়ে মাথোঁ চাই আছোঁ, চাউল-ডাইলৰ পৰা চেম্পুলৈকে কেনেকৈ প্ৰত্যেক বস্তুৰে লানছ’ই দাম কমাইছে৷ দোকানীৰ কলা পৰি যোৱা মুখখনলৈ কেৰেপ নকৰি সি বিলবোৰ লৈছে খৰখেদাকৈ৷ খৰখেদা কৰাৰ কাৰণো আছে অৱশ্যে৷ মোৰ গাড়ী আহি পালে আজিয়ে ডিমাপুৰৰ পৰা ওলোৱাৰ কথা৷ মণিপুৰী বন্ধু এজনৰ সৈতে কথা পাতি মোৰ ফিল্ডৰ কামৰ বাবে জীপ এখন ড্ৰাইভাৰৰ সৈতে বন্দবস্ত কৰিছোঁ৷ যোৱাবছৰৰ ফিল্ডৰ অভিজ্ঞতাই শিকাইছে, ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নাগালেণ্ডৰ ভিতৰুৱা গাওঁবোৰত মোৰ কেনে আলাই-আথানি হ’ব৷ সেয়ে এইবাৰ আগতীয়াকৈ কথাবোৰ পৰিকল্পনা অনুসৰি কৰিবলৈ চেষ্টা কৰিছোঁ৷ গাড়ীখনে মণিপুৰৰ নগা গাওঁ এখনৰ পৰা কালিয়ে যাত্ৰা আৰম্ভ কৰিছে ৷  আজি আৰু এঘন্টামানৰ ভিতৰতে ডিমাপুৰ পোৱাহিৰ কথা৷

মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰজনৰ ফোন আহিলেই৷ গাড়ী-ড্ৰাইভাৰ কাকো মই আগতে পোৱা নাই৷ মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰৰ সৈতে কেইবাবাৰো ফোনতে কথাবাৰ্ত্তা হ’ল৷ পিছে পাঁচোটামান ফোন কলৰ দীঘলীয়া পথ নিৰ্দেশনা, লানছ’ আৰু মোৰ যুটীয়া বুজনিৰেও ড্ৰাইভাৰজনক মোৰ হোটেলৰ সন্মুখলৈ আহিবলৈ সৈমান কৰিব নোৱাৰিলো৷ বাৰে বাৰে সি মাথোঁ দোহাৰি থাকিল ডিমাপুৰত ৰে’লৱে ষ্টেচনৰ বাহিৰে সি একোকে চিনি নাপায়, বিচাৰি উলিয়াবও নাজানে৷ গতিকে সি ষ্টেচনতে ৰৈ আছে-মই গৈ তাতে লগ কৰিলে ভাল হ’ব৷

উপায় নাপাই লানছ’ই ক’লে তাৰ গাড়ীতে সকলো ৰচদ-পাতি লৈ ষ্টেচনলৈ যোৱা যাওক৷ কথামতেই কাম৷ মোৰ ইতিমধ্যে পাহাৰ হেন হৈ পৰা বয়-বস্তু লানছ’ৰ ইণ্ডিকাখনৰ আগে-পিছে ঠেলি হেঁচি ভৰাই লৈ কোনোমতে নিজেও বহি পৰিলোঁ৷  ষ্টেচনলৈ গাড়ীৰে মাথোঁ পাঁচমিনিটৰ বাট৷ গৈ পাই দেখোঁ, বগা জীপচী এখনত এজন ডেকা ল’ৰা গহীনাই বহি আছে৷ বয়স খুউব বেছি বাইছ-তেইছ হ’ব-চুটিকৈ কটা থিয় ছুলি, সৰু সৰু চকু, মুখত অজলা হাঁহি এটা৷ ড্ৰাইভাৰজনৰ আলেখ লেখ দেখিয়ে ষ্টেচনতে গোঁজ পাতি ৰোৱাৰ ব্যখ্যা পালো৷ ভিতৰুৱা গাঁৱৰ বহুতো লোকে ডিমাপুৰলৈ আহিলে জনসমুদ্ৰ, নগৰীয়া-হাইউৰুমি, ট্ৰেফিকৰ মাজত বিবুদ্ধিত পৰেহি৷ বেচেৰা ল’ৰাজনৰো একেই অৱস্থা হ’ল চাগৈ৷  ওচৰ চাপি গৈ সুধিলো,
’আপুনিহি ডালে আছে না?’
’হয় হয়’ -ফুলাম হাঁহি এটা মাৰি সি নামি আহিল৷

ইতিমধ্যে দহ বাজি গৈছে৷ গন্তব্যস্থানলৈ প্ৰায় বাৰঘন্টাৰ বাট-পূবাপশ্চিমাকৈ নাগালেণ্ডৰ ইমূৰৰ পৰা সিমূৰ পোৱাগৈৰ কথা৷ দুৰত্ব মাথোঁ ৩৩৪ কিলোমিটাৰ৷ কিন্তু, নাগালেণ্ডৰ বাটেৰে সেয়াই বহুদূৰ.... তিনিও খদমদমকৈ সকলোবোৰ বস্তু জীপৰ পিছফালে জাপি দিলো৷ লানছ’ই ডালেক সোঁৱৰালে,
’লেট নকৰিকিনে জল্ডি যালে ভাল আছে৷’
ডালেই অলপ ইতস্তত কৰি ক’লে,
’গাড়ীলাগা বেটেৰী অলপ খাৰাপ হৈছে৷ নতুন একটা ডিমাপুৰতে কিনিলে বেছি ভাল আছে৷ ডিমাপুৰ ছাড়িকিনে দুছড়া জাগাতে বেটেৰীলাগা দোকানভী নাই৷’

উপায় নাই৷ ডিমাপুৰ বা কহিমাৰ বাহিৰে ক’তো এইটো কাম কৰিব পৰা নহ’ব৷ গম পালো, বেটেৰী পোৱা যাব ক্ল’ক টাৱাৰৰ ওচৰত৷ ডালেই ডিমাপুৰৰ একো উৱাদিহ নাপায়৷ লানছ’ই ক’লে সি অফিচলৈ এতিয়া সেই বাটেৰেই যাব৷ গতিকে আমি তাৰ গাড়ীখনৰ পিছে পিছে গৈ থাকিলেই দোকান পাই যামগৈ৷ গ’লো৷ লানছ’ক তাতে বিদায় দি লৰালৰিকৈ বেটেৰী এটা কিনি ল’লো৷ ডালেক ক’লো, গাড়ীৰ আৰু কিবা বস্তু কিনিব লাগে যদি ইয়াতে লৈ ল’বলৈ৷ পিছত নহ’লে বাটত বা হাবিত দিগদাৰ কৰিলে একো কৰিব পৰা নহ’ব৷ টেংকী ভৰ্ত্তি কৰি পেট্ৰ’ল ভৰাই ল’লো৷ দুটা জাৰকিন লৈ তাতো পঞ্চাছ লিটাৰ ভৰাই ল’লো৷ যোৱাবছৰৰ অভিজ্ঞতাৰ পৰা জানো, ডিমাপুৰৰ পৰা যিমানেই পূবলৈগৈ থাকিম পেট্ৰ’লৰ দাম আৰু ভেজালৰ  পৰিমাণ বাঢ়ি গৈ থাকিব আৰু সেইমতে ডিপুৰ সংখ্যাও কমি গৈ থাকিব৷ 

ডালেই বাটতে খাই বৈ আহিছিল৷ যা-যোগাৰত লাগি থাকোতে মোৰ খাবলৈ সময় নহ’ল ৷ এতিয়া অলপো সময় অবাবত খৰচ নকৰি যিমান পাৰি সোনকালে ওলোৱাৰ কথা৷ সেয়ে ডিমাপুৰৰ দোকান-বজাৰ এৰাৰ আগেয়ে বেকাৰী এখনত সোমাই বাটত খাবলৈ বুলি যি পাৰোঁ কিনি ল’লো ৷ আৰু কিমান দিনলৈ এইবোৰ খাদ্যৰ মুখ দেখিবলৈ নাপাওঁ কি ঠিক!


বাটৰ কণা বিধি

যাত্ৰা আৰম্ভ!
গাড়ীয়ে চহৰৰ ব্যস্ত পথৰ ট্ৰেফিক, ধূলিময় বাট এৰি যাত্ৰা আৰম্ভ কৰিলে শাৰী শাৰী পাহাৰৰ দেশলৈ-নাগালেণ্ডৰ পূবৰ শেষ সীমাটোলৈ৷ জীপৰ সন্মুখৰ আসনত বহি মই চাই ৰ’লো একেৰাহে পিছলৈ দৌৰা গছ-গছনি আৰু ঘৰবোৰ৷ এনেদৰে কোনো যাত্ৰাত ওলালেই প্ৰতিবাৰেই যেন জীপাল হৈ উঠে মোৰ ভিতৰৰ যাযাবৰী সত্বাটো! ভাব হয়, যাত্ৰাৰ এই চলমান ৰূপটোৱেই যেন প্ৰকৃত জীৱন- এই অকোঁৱা পকোৱা বাটেৰে আগবঢ়া গাড়ীখনৰ দুয়োকাষে অবিৰতভাৱে পৰিৱৰ্ত্তিত হৈ থকা দৃশ্যপট, সকলোৰে অজ্ঞাতে তাৰ বুকুত সামৰি থোৱা সুখ-দুখৰ প্ৰতিচ্ছবি সকলো পাৰ হৈ যায় চকুৰ পচাৰতে৷ চিৰন্তন সত্যৰূপে ৰৈ যায় মাথোঁ এটা দীঘলীয়া বাট৷ এই গতিশীলতাই যেন সকলো বান্ধোনৰ পৰা মুক্ত কৰি পেলায় দেহ-মন! এই মুক্তিৰ আস্বাদৰ মাজত ডুব গৈ থাকোঁতেই গাড়ীখন ঘপকৈ ৰৈ যোৱাত মোৰ তন্ময়তা ভাগিল৷ কিমান সময় আহিলো বাৰু! ঘড়ী চাইহে উপলব্ধি কৰিলো, আধাঘন্টা হৈছে মাথোঁ ডিমাপুৰৰ পৰা ওলাই অহা৷

বাটৰ কাষলৈ নি গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি একো নোকোৱাকৈয়ে ডালে নামি গ’ল হুৰমূৰকৈ৷ সন্মুখৰ হুডখন দাঙি চাই তাৰ মুখখন মোলান পৰা দেখি ময়ো নাম গ’লো৷
’ৰেডিয়েটৰটো না বেচ্ছি গৰম হৈ কিনে দিকদাৰ দিছে৷’
মোৰো চিন্তা লাগিল৷ সি গাড়ীৰ পৰা পানী এবটল উলিয়াই আনি লাহে লাহে ঢালি দিলে৷ তাতে দুয়ো অলপ জিৰাই শঁতাই পুনৰ ওলালো৷ সিমানপৰে ৰেডিয়েটৰো ঠাণ্ডা হ’লগৈ৷

কিন্তু ভবা নাছিলো সেয়া সমস্যাৰ আৰম্ভণিহে! ডিমাপুৰৰ পৰা কহিমাৰ দিশে প্ৰায় পচিশ কিলোমিটাৰ  আগুৱাই গ’লে মেডজিফেমা নামৰ মফচলীয়া ঠাইখন৷ স্থানীয় মানুহে কয় ’গাছপানী’৷ সেইখিনি পাওঁতেই জীপখনে খুউব কষ্ট পোৱাৰ দৰে শব্দ কৰি কোনোমতে আহি আহি ৰৈ দিলেহি৷ আশে পাশে দুখনমান সৰু সুৰা দোকান৷ ডালেই পুনৰ গাড়ীৰ ৰেডিয়েটৰ পৰীক্ষা কৰাত লাগিল৷ কিছুপৰ ৰ’লেই যাব পাৰিম বুলি ময়ো বাটৰ কাষতে দিয়া আনাৰসৰ দোকানখনলৈ আগবাঢ়ি গ’লো৷ 
 মেডজিফেমাৰ বাটৰ কাষত জুম খেতিৰ আনাৰস
 মই যোৱাত দোকানীজনে হাঁহিমুখে মাত লগালেহি,
’পাইনেপ’ল ল’বি৷ বেচ্ছি চস্তা আছে৷’
কাষৰীয়া ছেমা গাঁৱৰ পৰা মানুহ হাল৷ বাটৰ কাষতে জুমখেতিৰ আনাৰস বিক্ৰী কৰিছেহি৷ চাই চাই ত্ৰিশটা আনাৰস কিনি গাড়ীৰ আসনৰ তলতে  জাপি দিলোহি৷ মই যাবলৈ ওলোৱা সীমান্তৰ নগা গাওঁবোৰত ফল-মূলৰ বৰ অকাল৷ ভাবিলো, গাঁৱৰ ল’ৰা-ছোৱালীবোৰে বতৰৰ ফল এবিধ পালে বৰ ভাল পাব৷

গাড়ীত উঠি ডালেই ষ্টাৰ্ট দিলে- জীপখনে একো কেটকুটেই নকৰিলে৷ পুনৰ এবাৰ চেষ্টা কৰাতো একো নোহোৱাত ডালে আকৌ নামি গ’ল৷ হুডখন দঙাৰ লগে লগে এইবাৰ ভমককৈ ধোৱাঁ এজাক ওলাই আহিল৷ আনাৰসৰ দোকানীজনে দৌৰি আহি ৰেডিয়েটৰত এমগ পানী ঢালি দিলেহি! এইবাৰ মই সঁচাকৈয়ে চিন্তাত পৰিলো৷ ছমাহৰ বাবে ওলাই অহা গাড়ীখনৰ আধাঘন্টা আহিয়ে এই অৱস্থা! হাবিয়ে জংঘলে পাহাৰীয়া বাটত এইখনকে একমাত্ৰ ভৰসা কেনেকৈ কৰিম!ডিমাপুৰ বা কহিমাৰ বাহিৰে নাগালেণ্ডৰ ক’তোৱে জীপৰ মেৰামতি সম্ভৱ নহয়৷ ঠিক কৰিলো, এনেকৈ জীপখন নি ফিল্ডত হাৰমালহে কৰা হ’ব৷ ডালেৰ লগত পাতি সিদ্ধান্ত কৰিলো, আজি আৰু আগনবঢ়াই ভাল হ’ব৷ ভিতৰুৱা গাওঁবোৰলৈ গৈ কাম আৰম্ভ কৰাৰ আগতেই জীপখনৰ সকলো বেমাৰ আঁতৰোৱা দৰকাৰ৷

পিছে এতিয়া ক’লৈ যাওঁ! কহিমালৈকে আগবাঢ়ি যাব পৰা হ’লে ভাল আছিল-পিছে তালৈ এতিয়াও প্ৰায় পঞ্চাছ কিলোমিটাৰ৷ ডিমাপুৰলৈ উভতি যোৱাৰ বাহিৰে অন্য উপায় নেদেখিলো৷ ভাবি গুণি থাকোঁতে ডালেই মাত দিলে,
’আমি লাগা ভনী একটা এইটো জাগাতে থাকিছে৷ তাইৰ মতাটো মেকানিক আছে৷ তাতে একবাৰ যাইকিনে তাইকে দেখালে ভাল আছে৷ নাইট হল্ট ভী এইটো জাগাতে কৰি কিনে কালি আস্তে পৰা যাই যাব৷’

খা-খৱৰ নিদিয়াকৈ হঠাতে এনেকৈ মানুহৰ আলহী হৈ অসুবিধা কৰিবলৈ সত নাযায়৷ কিন্তু ডালেৰ কথাত আশস্ত হৈ অগ্যতা তাকে কৰিবলৈ বাধ্য হ’লো৷  ভাবিলো তাৰ দূৰ সম্পৰ্কীয় ভিনিয়েকে গাড়ীৰ আচল ৰোগটো ধৰা পেলালে কি কৰিব পাৰি ঠিক কৰিব পাৰিম৷

ভাগ্যক্ৰমে তেওঁলোকৰ ঘৰ নাতিদূৰৈতে আছিল৷ ডালেই তালৈ গৈ ভিনিয়েকৰ লগ লাগি ঘৰলৈ জীপখন নিয়াৰ বন্দবস্ত কৰিলে৷ মোৰ লক্ষ্যস্থান নাগালেণ্ডৰ সীমান্ত গাওঁ ফাকিমৰ পৰা বহু দূৰৈতে নিশাটোৰ বাবে ৰৈ গ’লো মই অচিন ঘৰ এখনত৷ কিন্তু এই ৰোমাঞ্চকৰ যাত্ৰাৰ প্ৰতিশ্ৰুতি ৰাখি সেই প্ৰথম নিশাটোতে অপ্ৰত্যাশিতভাৱে মোৰ দৃষ্টিত ধৰা দিলেহি অন্য এখন জগতৰ চকামকা ৰূপ! সেই কাহিনী পৰৱৰ্ত্তী খণ্ডত...
ডালে, মই আৰু এখন জীপগাড়ী

1 comment:

  1. ইমান ওচৰ হৈয়ো ইমান দূৰ। we most don't know our neighbours well yet. thanks for this article.

    ReplyDelete