Tuesday 21 May 2019

ভাৰতৰ বিভিন্ন ৰাজ্যত ফ্ল'ৰাইডেৰে দূষিত পানী

ভাৰতৰ ৮৫% লোকৰ খোৱা পানীৰ উৎস ভূগৰ্ভৰ পানী৷ গতিকে এই উৎসৰ পানী পৰিশুদ্ধ হোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ৷ দিল্লী বিশ্ববিদ্যালয় আৰু মুম্বাইৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ইৰাণ আৰু চুইডেনৰ গৱেষকৰ দলৰ সৈতে কৰা এক সহযোগিতামূলক গৱেষণাত প্ৰকাশ পাইছে যে ভাৰতৰ ভালেসংখ্যক ৰাজ্যৰ ভূগৰ্ভৰ পানী ফ্ল'ৰাইডেৰে দূষিত৷ তাৰোপৰি এই গৱেষণাত ধৰা পৰিছে যে এই পৰিমাণ ভাৰতৰ নগৰ অঞ্চলৰ তুলনাত গ্ৰামীণ অঞ্চলত  প্ৰায় দুগুণ বেছি৷ 

বিশ্ব স্বাস্থ্যসংস্থাৰ দ্বাৰা আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুমোদিত ভূৰ্গভৰ পানীত ফ্ল'ৰাইডৰ সৰ্বোচ্চ সীমাৰেখা হ'ল প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম৷ গৱেষণাটোত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৬৩ টা গৱেষণাৰ পৰা লাভ কৰা মুঠ ৫৭ হাজাৰটা নমুনা বিশ্লেষণৰ অন্তত প্ৰকাশ পাইছে যে মধ্যপ্ৰদেশ, পাঞ্জাব, ছত্তিছগড়, ৰাজস্থান, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, হাৰিয়ানা, তেলেংগানা, উত্তৰ-প্ৰদেশ আৰু বিহাৰৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাৰ এই অনুমোদিত পৰ্য্যায়তকৈ অধিক৷ উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ পানীত ফ্ল'ৰাইডৰ পৰিমাণ নিৰাপদ পৰ্য্যায়ত আছে যদিও বাকীকেইখন ৰাজ্যত কোনো তথ্য এতিয়াও পাবলৈ নাই৷

পানীত এই ফ্ল'ৰাইড আহে ফ্ল'ৰিন নামৰ প্ৰাকৃতিকভাৱে পোৱা এটা মৌলৰ পৰা৷ কম পৰিমাণৰ ফ্ল'ৰাইড মিহলি হৈ থাকিলে ই আমাৰ দাঁতৰ ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে৷ কিন্তু ইয়াৰ পৰিমাণ বাঢ়ি গ'লে হাড়ৰ ফ্ল'ৰছিছ (skeletal fluorosis) নামৰ ৰোগ হয়৷ এই ৰোগত হাড়বোৰৰ স্থিতিস্থাপকতা (elasticity) কমি যোৱাৰ ফলত হাড় ভঙাৰ সম্ভাৱনা বৃদ্ধি পায়৷ তেনেদৰে ফ্ল'ৰাইডৰ আধিক্যই হাইপাৰ থাইৰইডিজম, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু স্নায়ুৰ ৰোগৰো জন্ম দিব পাৰে৷ গতিকে ভাৰতৰ ফ্ল'ৰাইডেৰে দূষিত পানীয়ে জনসাধাৰণৰ স্বাস্থ্যত বহুতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷

ভাৰতৰ বিভিন্ন ৰাজ্যৰ পানীত ফ্লৰাইডৰ পৰিমাণৰ মানচিত্ৰ (চিত্ৰৰ উৎস: গৱেষণাপত্ৰ)
বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত সীমাৰেখা প্ৰতি লিটাৰত ১.৫ মিলিগ্ৰাম

No comments:

Post a Comment