এই প্ৰতিবেদনখন বৰ্ত্তমানলৈকে জৈৱবৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ উপকাৰিতা (Ecosystem Services) সম্পৰ্কীয় বিশ্লেষণৰ কৰা আটাইতকৈ পুংখানুপুংখ অধ্যয়নৰ ফল৷ ৫০ খন দেশৰ ৩১০ গৰাকী বিজ্ঞানীয়ে বিশ্বৰ যোৱা পাঁচটা দশকৰ পৰিৱৰ্ত্তনসমূহ অধ্যয়ন কৰি এই আন্ত:ৰাষ্ট্ৰীয় বিশ্লেষণ আগবঢ়াইছে৷ ইয়াৰ লগতে প্ৰায় ১৫,০০০ বৈজ্ঞানিক প্ৰকাশন আৰু চৰকাৰী প্ৰতিবেদনৰ ৰিভিউ কৰাৰ লগতে প্ৰথমবাৰৰ বাে তেওঁলোকে স্থানীয় লোকৰ পৰম্পৰাগত জ্ঞানসমৃদ্ধ তথ্যও ব্যৱহাৰ কৰিছে৷ এই প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰায় এক মিলিয়ন উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বৰ্তমান বিলুপ্তিৰ পথত৷ এই হাৰ মানৱ ইতিহাসতে অভূতপূৰ্ব৷
’আমি বাস কৰা এই পৰিস্থিতিতন্ত্ৰৰ স্বাস্থ্যৰ ক্ষিপ্ৰ গতিত অৱনতি ঘটিছে আৰু আমি প্ৰায় জানি-শুনিয়ে আমাৰ অৰ্থনীতি, জীৱন-নিৰ্বাহৰ পথ, খাদ্যৰ নিশ্চয়তা, স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডৰ মূল ভেঁটিকে উছন কৰিব খুঁজিছোঁ’- এই গৱেষণাৰ মূল সভাপতি ছাৰ ৰবাৰ্ট ৱাটছন (Sir Robert Watson) কয়৷
এই গৱেষণাই আৱিষ্কাৰ কৰা গুৰুত্বপূৰ্ণ দিশসমূহ হৈছে-
সংকটৰ গৰাহত পৰা বিভিন্ন জীৱৰ অনুপাত |
- সমগ্ৰ বিশ্বৰে ৭৫% ভুখণ্ড আৰু ৬৬% সাগৰীয় অঞ্চল মানুহৰ কাৰ্য্যকলাপৰ বাবে ক্ষতিগ্ৰস্ত হৈছে আৰু ৮৫% ৰো অধিক জলাশয় নোহোৱা হৈছে৷ গুৰুত্বপূৰ্ণভাৱে গড় হিচাপত স্থানীয় লোক (Indigenous Peoples and Local Communities)-এ পৰিচালনা কৰা ভুখণ্ডত এই ক্ষতিৰ হাৰ লক্ষণীয়ভাৱে কম৷
- মানুহৰ ধ্বংসাত্মক কাৰ্য্যৰ ফলত প্ৰায় এক মিলিয়ন অৰ্থাৎ দহ লাখ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি সংকটৰ গৰাহত পৰিছে৷ ১৯০০ চনৰ পৰা বৰ্ত্তমানলৈকে প্ৰায়ভাগ স্থলচৰ প্ৰজাতিৰ আবাদী ২০% হ্ৰাস পাইছে৷ তাৰোপৰি ৪০% ৰ অধিক উভচৰ প্ৰাণী, ৩৩% প্ৰবাল আৰু সকলো সাগৰীয় প্ৰাণীৰ এক তৃতীয়াংশ ভাবুকিগ্ৰস্ত (threatened)৷ কীট-পতংগৰ ক্ষেত্ৰতো প্ৰায় ১০% ভাকুবিগ্ৰস্ত বুলি ধাৰণা কৰা হৈছে৷ ষোল্লশ শতিকাৰ পৰা বৰ্তমানলৈ কমেও ৬৮০ বিধ মেৰুদণ্ডী প্ৰাণী বিলুপ্ত হৈছে ৷
- তেনেদৰে আমি খাদ্য আৰু কৃষিৰ বাবে ব্যৱহাৰ কৰা ৯% পোহনীয়া স্তন্যপায়ী জন্তুৰ প্ৰকাৰ (breed) ইতিমধ্যে বিলুপ্ত হৈছে আৰু ১০০০ টা এনে প্ৰকাৰ বৰ্তমান ভাবুকিগ্ৰস্ত৷
- ১৯৮০ চনৰ পৰা বৰ্তমানলৈ প্লাষ্টিকৰ প্ৰদূষণ দহগুণ বৃ্দ্ধি পালে৷ বছৰি ৩০০-৪০০ মিলিয়ন টন প্লাষ্টিক, ৰাসায়নিক সাৰ আধিকে ধৰি ঔদ্যোগিক অঞ্চলৰ অন্যান্য বিষাক্ত পদাৰ্থ সাগৰত পেলোৱাৰ ফলত বহুতো মৃত সাগৰীয় অঞ্চল (dead zones) সৃষ্টি হৈছে৷ এই অঞ্চলবোৰৰ মুঠ মাটিকালি অসমৰ ভুখণ্ডৰ প্ৰায় তিনিগুণ (২৪৫,০০০ বৰ্গ কিলোমিটাৰ)
- মানুহৰ কাৰ্য্য-কলাপৰ ফলত পৃথিৱীৰ গড় উষ্ণতা প্ৰায় এক ডিগ্ৰী ইতিমধ্যে বৃদ্ধি পাইছে আৰু যোৱা ত্ৰিছ বছৰে প্ৰতিটো দশকতে গড় উষ্ণতা ০.২ ডিগ্ৰী ছেলিছিয়াছকৈ বৃদ্ধি পাই আহিছে৷
মানুহৰ জীৱন ধাৰণ (well-being) ৰ প্ৰতি সংকট অনা এই বিপদজনক প্ৰতিচ্ছৱিৰ মূলতে মানুহৰে ধ্বংসাত্মক কাৰ্য্য কলাপ বুলি প্ৰতিবেদনখনে সাব্যস্ত কৰিছে৷ গৱেষণালব্ধ তথ্যৰে প্ৰতিবেদনখনত ইয়াৰ মূল পাঁচটা কাৰণ দৰ্শোৱা হৈছে৷ গুৰুত্বৰ ক্ৰমাংকত এই কাৰণসমূহ হৈছে- ১) মাটি আৰু সাগৰৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন ২) জীৱ-জন্তুৰ পোনপটীয়া শোষণ (exploitation) ৩) জলবায়ু পৰিৱৰ্ত্তন ৪) প্ৰদূষণ ৫) বহিৰাগত আগ্ৰাসী প্ৰজাতি (invasive alien species)৷ ইয়াৰ পৰোক্ষ কাৰণবোৰৰ ভিতৰত ক্ৰমবৰ্দ্ধমান জনসংখ্যাও অন্যতম৷
বৰ্তমানৰ গতিৰে আগবাঢ়িলে পৰিৱেশ সংৰক্ষণৰ আন্ত:ৰাষ্ট্ৰীয় লক্ষ্যমূহত উপনীত হোৱা সম্ভৱ নহয় বুলিও এই প্ৰতিবেদনে শংকা প্ৰকাশ কৰিছে৷ বিজ্ঞানীসকলে আগবঢ়োৱা প্ৰকৃত কাৰ্য্যপন্থা হ’ল অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এক সম্পূৰ্ণ পৰিৱৰ্ত্তন (transformative change) অনা৷ ইয়াৰ বাবে পৰিৱেশ সংৰক্ষণৰ বাবে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা, সমাজৰ বিভিন্ন পৰ্য্যায়ত পৰিৱেশৰ বাবে হানিকাৰক পদক্ষেপ ৰুধিবলৈ উপায় উদ্ভাৱন আৰু এইসম্পৰ্কীয় আইন প্ৰৱৰ্ত্তন আদিৰ গুৰুত্ব আৰোপ কৰা হৈছে৷ তাৰোপৰি, এই পদক্ষেপসমূহৰ সঠিক কাৰ্য্যৰোপন আৰু মূল্যায়নৰ বাবে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত অধিক সহযোগিতাৰ প্ৰয়োজন বুলি বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে৷
মালদ্বীপৰ ভাৰত মহাসাগৰত প্ৰবালৰ মাজত এটা সাগৰীয় কাছ
ফটো:Andrey Armyagov/Shutterstock.com
|
No comments:
Post a Comment