Sunday 30 June 2019

বিদ্যুৎস্পৃষ্ট হৈ অসমত হাতীৰ মৃত্যু

আমাৰ অসমত চহৰৰ ব্যতিব্যস্ত ৰাজপথেই হওক বা গাঁৱৰ`নিৰিবিলি আলি হওক, ধীৰ-স্থিৰ খোঁজেৰে আগবঢ়া গজৰাজক দেখিলে বহুলোকে দূৰৰ পৰাই সেৱা এটা জনায়৷ বহুতে আকৌ যাত্ৰা শুভ হোৱাৰ চানেকি পাই সুখী হৈ পৰে৷ কিন্তু বৰ্তমান অসমৰ বহুতো ঠাইত ইয়াৰ সম্পূৰ্ণ এখন বিপৰীত প্ৰতিচ্ছৱিহে ক্ৰমাৎ তীব্ৰ হৈ উঠিছে৷ মানুহৰ জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চল কমি অহাৰ বাবে খাদ্যৰ সন্ধানত জাকে জাকে হাতী মানুহৰ বসতিস্থললৈ ওলাই আহিবলৈ বাধ্য হৈ পৰিছে৷ হাতী-মানুহৰ এই সংঘাতক তীব্ৰতৰ কৰি তুলিছে হাতীৰ প্ৰবেশত বাধা দিয়া বৈদ্যুতিক বেঁৰা (electric fence)ক কিছুমান মানুহে ইচ্ছাকৃতভাৱে হাতী বধ কৰাৰ উপায় হিচপে লৈ৷ এই মৰণফাণ্ডৰ ভয়াবহ পৰিণতি শেহতীয়াকৈ প্ৰকাশ পাইছে ডব্লিউ ডব্লিউ এফৰ তেজপুৰস্থিত নৰ্থ বেংক লেণ্ডস্কেপ শাখাৰ এদল বিজ্ঞানীয়ে  কৰা গৱেষণাত ৷

চিত্ৰ: ৱিকিকমনছ

সাধাৰণতে বনৰীয়া হাতীৰ জাকক খেতি বা মানুহৰ বসতিস্থলৰ পৰা আঁতৰাই ৰাখিবলৈ দিয়া বৈদ্যুতিক বেঁৰাসমূহ নিৰাপদ৷ হাতীয়ে এই বেঁৰা স্পৰ্শ কৰিলে তেনেই সামান্য পৰিমাণৰ কষ্ট অনুভৱ কৰে৷ ইয়েই হাতীক আঁতৰাই ৰাখিবৰ বাবে যথেষ্ট৷ কিন্তু এই বেঁৰাবোৰতে বেআইনীভাৱে অতিমাত্ৰা ভল্টেজৰ এচি কাৰেন্ট সংযোগ কৰিলে বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু ঘটাব পাৰে৷ বহুতো লোকে ইনভাৰ্টাৰ, ঘৰৰ পোনপতীয়া বৈদ্যুতিক উৎস (direct power supply) নাইবা কেতিয়াবা বেআইনীভাৱে বৈদ্যুতিক খুঁটাৰ পৰাও বিদ্যুৎ আহৰণ কৰি এই বেঁৰাবোৰত ব্যৱহাৰ কৰে৷ এনে বেঁৰাবোৰে পলকতে হাতীৰ মৃত্যু ঘটাব পাৰে৷ দুখজনকভাৱে এনেদৰে ভাৰতত প্ৰতিবছৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ২৫% বনৰীয়া হাতী অসমৰ৷ 

অসম প্ৰায় ৫০০০ বনৰীয়া হাতীৰ বাসস্থান৷ ইয়াৰে শোণিতপুৰ হস্তী সংৰক্ষিত বনাঞ্চলত প্ৰায় ৫০০-৮০০ টা হাতীয়ে বাস কৰে বুলি জনা যায়৷ গৱেষণাটোত বিজ্ঞানীসকলে ২০০৩ চনৰ পৰা ২০১৬ চনলৈ বিগত তেৰবছৰত শোণিতপুৰ জিলাত হাতীৰ মৃত্যৰ সংখ্যা আৰু কাৰণসমূহ বিশ্লেষণ কৰে৷ তাৰোপৰি জিলাখনৰ বিভিন্ন ঠাইত বৈদ্যুতিক বেঁৰাৰ বৈশিষ্ট সম্পৰ্কে যেনে ব্যৱহৃত বিদ্যুতৰ উৎস (energizer and inverter বা DC), বেঁৰাসমূহ থকা ঠাই (পথাাৰ, মানুহৰ ঘৰৰ আশেপাশে, বনাঞ্চল, চাহবাগান), বেঁৰাৰ মালিকীস্বত্ব (ব্যক্তিগত নে সমূহীয়া) ইত্যাদি সম্পৰ্কেও তেওঁলোকে তথ্য আহৰণ কৰে৷ গৱেষণাৰ অন্তত দলটোৱে আৱিষ্কাৰ কৰিলে যে শোণিতপুৰ জিলাত অৱস্থিত মুঠ বৈদ্যুতিক বেঁৰা (৪৭ খন)ৰ ৫৭% ই হাতীৰ বাবে বিপদজনক (lethal) কাৰণ এইবোৰত ইনভাৰটাৰ আৰু পোনপটিয়া বিদ্যুৎ উৎসৰ ব্যৱহাৰ কৰা হৈছে৷ তাৰোপৰি এই বিপদজনক বেঁৰাৰ অধিকাংশই বনাঞ্চল অধ্যুষিত এলেকাত বেআইনীভাৱে সজা হৈছে৷ এনে বেঁৰাসমূহ বনৰীয়া জীৱ-জন্তুৰ বাবে বিপদজনক বুলি জানিও মানুহে সজাৰ কাৰণ কি? গৱেষণাটোত পোৱা তথ্যমতে ইয়াৰ মূল কাৰণ হৈছে এনে বিপদজনক বেঁৰা সাজিবলৈ আৰু মেৰামতি কৰিবলৈ খৰচ কম৷ 

আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত হাতী বৰ্তমান বিলুপ্তপ্ৰায় (Endangered)৷ বিদ্যুৎস্পৃষ্ট হৈ এই আপুৰুগীয়া প্ৰাণীবিধৰ মৃত্যু হোৱা ঘটনা বাঢ়ি অহাৰ গুৰিতে হ’ল হাতীয়ে বসবাস কৰা বনাঞ্চলৰ পৰিমাণ কমি অহাটো৷ উদাহৰণস্বৰূপে ১৯৬০ ৰ পৰা ২০০৫ চনৰ ভিতৰত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ৭৮.৫ বৰ্গকিলোমিটাৰ অঞ্চলৰ অৰণ্য কাটি মুকলি কৰা হৈছে৷ তেনেদৰে যোৱাটো দশকত নদুৱাৰ, চাৰদুৱাৰ আৰু বালিপাৰাৰ ক্ৰমে ৯০%, ৬০% আৰু ৪০% বনাঞ্চল ধ্বংস হৈছে৷ গতিকে হস্তী-মানুহৰ সংঘাতৰ সমাধানো বেদখল আৰু বনাঞ্চল ধ্বংস ৰোধ কৰিব পাৰিলেহে সম্ভৱ হ’ব৷ ইয়াৰ বাবে বনবিভাগ, সামাজিক সংগঠন আৰু প্ৰশাসনে মিলি সমূহীয়াকৈ প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ প্ৰয়োজন৷

No comments:

Post a Comment