Tuesday 18 July 2023

এলবাৰ্টা ১০৯: ক'লা ভালুকৰ দেশত

*যাত্ৰাৰ বাৰ্তা*

কানাডাৰ এলবাৰ্টা প্ৰদেশত এডমণ্টন আন্তৰ্জাতিক বিমানবন্দৰ। উজ্বল ৰ'দ এজাকে পোহৰাই পেলোৱা এটা বসন্তৰ ৰাতিপুৱা। ব'ৰ্ডিং কৰি দীঘলীয়া ক'ৰিডৰটোৰে গৈ গৈ শেষত মই থমকি ৰ'লোঁ। মোৰ সন্মুখত চোন এখন নহয় তিনিখনকৈ ৱেষ্ট জেটৰ ফ্লাইট! প্ৰতিখনতে যাত্ৰীবোৰ উঠিছেগৈ। প্ৰতিখনেই খদমদমকৈ সাজু হৈছে আকাশত উৰা মাৰিবলৈ।

মোৰ খেলিমেলি লাগি গ'ল! ফৰ্ট মেকমাৰিলৈ ইয়াৰে কোনখন যাব?

ইফালে সিফালে চাই দেখোঁ মোৰ পিছতে আহি সেইখিনি পোৱা মহিলাগৰাকীও থমকি ৰৈছে। মোলৈ চাই তেওঁ তিনিখন ফ্লাইটৰ মাজৰ খনলৈ আঙুলীয়াই দেখুৱালে। 

'সৌখনেই আমাৰ ফ্লাইট নেকি! আগৰ যাত্ৰীকেইজন সেইফালে যোৱা যেনেই লাগিল।'

'হয় জানো?' মোৰ সন্দেহ মাৰ নগ'ল।

তেওঁ নিজৰ চ্যুটকেছটো টানি টানি আগবাঢ়িলেই। হাঁহি হাঁহি মোক কৈ গ'ল,

'সেইখন যদি ফৰ্ট মেকমাৰিৰ সলনি অন্য ক'ৰবাত ওলায়গৈ এডভেঞ্চাৰ এটাইতো হ'ব, নহয় জানো?'

ময়ো হাঁহি পেলালোঁ। কণমানি ফ্লাইটখনত উঠাৰ আগেয়ে হোষ্টেছ গৰাকীক আকৌ এবাৰ সুধিলোঁ। হয়, হয়। এইখন ফ্লাইটেই ফৰ্ট মেকমাৰিলৈ যাব। দুজনীয়া আসনৰ খিৰিকীৰ কাষৰখনত বহি লৈ ভাৱ হ'ল, তালৈ যেন সঁচাই এটা এডভেঞ্চাৰৰ বাবেই ওলাইছোঁ। কাৰণ কাইলৈ এলবাৰ্টাৰ প্ৰাদেশিক চৰকাৰ আৰু তেল উদ্যোগৰ সহযোগিতামূলক এটা প্ৰকল্পৰ দ্বিতীয় বছৰৰ আৰম্ভণি। প্ৰকল্পটোৰ  উদেশ্য হ'ল ফৰ্ট মেকমাৰিত গঢ়ি উঠা তেল উদ্যোগৰ পৰিসীমাত ভালুকৰ চলন আৰু প্ৰতিক্ৰিয়াৰ বুজ লোৱা। তাত অংশ লোৱাৰ বাবেই আজিৰ এই যাত্ৰা মোৰ।

এলবাৰ্টাৰ সৰলৰেখাৰ দৰে ঘাইপথ আৰু চাৰিওকাষৰ বৰ্গাকাৰ পথাৰবোৰ তলতে এৰি নিমিষতে আমি আকাশলৈ উৰা মাৰিলোঁ।

*ভালুক ধৰাৰ প্ৰস্তুতি*

'ইউ মেইড ইট! পালাহি তুমি!'

ফৰ্ট মেকমাৰিৰ বিমানবন্দৰত মোৰ কাৰণে বাট চাই থকা এৰিনে এমোকোৰা হাঁহিৰে ক'লে। পদবী অনুসৰি মই এৰিনৰ তত্বাৱধায়ক বা ছুপাৰভাইজাৰ। কিন্তু মই সদায়ে তাইক সহকৰ্মীৰ চকুৰেই চাই আহিছোঁ। 

এই কামত যোগ দিয়াৰে পৰা যোৱা ছমাহ ধৰি প্ৰায় প্ৰতিদিনেই আমি একেলগে অনলাইন কাম কৰিছোঁ। কিন্তু আজিহে তাইৰ সৈতে মুখামুখিকৈ বহিলোঁ।প্ৰথমবাৰৰ বাবে দুয়ো এবেলা ফৰ্ট মেকমাৰিৰ প্ৰাদেশিক অফিচত কাম কৰিলোঁ। সেই অফিচৰ সকলোৰে লগতে চা-চিনাকিও হ'লোঁ।

দিনটোৰ শেষত এৰিনেই মোক লৈ গ'ল ইষ্ট ভিলেজ ছুইটছলৈ। কোম্পেনীয়ে আমাৰ কাৰণে ইতিমধ্যে বন্দবস্ত কৰি থোৱা ছুইট। দুটা শোৱনি কোঠা আৰু লিভিং ৰুম, পাকঘৰেৰে এটা সুসজ্জিত এপাৰ্টমেণ্ট।

কিছুপৰৰ পিছতে পিটাৰ আৰু লিছা পালেহি। এই প্ৰকল্পৰ নেতৃত্ব দিছে পিটাৰ আৰু লিছাই। পিটাৰ প্ৰাদেশিক চৰকাৰৰ বিজ্ঞানী আৰু লিছা তেল কোম্পানীৰ কৰ্মকৰ্তা। দুয়োৰে হাতত সা-সৰঞ্জামৰ গধুৰ বেগ। দুয়োকে প্ৰথমবাৰৰ বাবে লগ পাইছোঁ যদিও সহজ হ'বলৈ বেছিপৰ নালাগিল।

'আজিয়ে অলপ কাম আগবঢ়াই থ'ব লাগিব দেই।' নিশাৰ সাজ খোৱাৰ পিছতে লিছাই ক'লে।

'একো নাই, কি কৰিব লাগে দেখুৱাই দিয়া। মইতো সহায় কৰিবলৈকে আহিছোঁ।' 

ইয়ালৈ মাথোঁ এসপ্তাহৰ কাৰণে আহিছোঁ। এই দেৰমহীয়া প্ৰকল্পত সেইকেইদিন যিমান পাৰোঁ লাগি দিয়াৰ মনোভাৱেৰেই মই ক'লোঁ।

সেইনিশা প্ৰায় দহবজালৈ লিভিং ৰুমতে আমি কামত ব্যস্ত হৈ থাকিলোঁ। পিটাৰে ভালুকৰ ডিঙিত পিন্ধাবলৈ ক'লাৰ কিছুমান সাজু কৰিলে। এই ৰেডিঅ' ট্ৰেন্সমিটাৰ সংযুক্ত ক'লাৰবোৰে ভালুকৰ গতি-বিধিৰ সংকেত পঠাই থাকিব। গৱেষণাৰ বাবে ভালুকৰ দেহৰ পৰা নমুনা ল'বলৈ লিছা আৰু মই মিলি মেডিকেল কিটবোৰ ঠিক-ঠাক কৰিলোঁ।

'এইটো গৱেষণা কেনেকৈ আৰম্ভ হ'ল লিছা?'  ভালুকৰ দেহৰ পৰা তেজ ল'বলৈ বেজী আৰু চিৰিঞ্জবোৰ চিজিল কৰি কৰি মই সুধিলোঁ। 

'মই কোম্পানীৰ পৰিৱেশ পৰামৰ্শদাতা হিচাপে বহুতবছৰ ধৰি কাম কৰি আছোঁ। কিন্তু মোৰ সদায়ে ইচ্ছা আছিল বন্যজীৱ গৱেষণা কৰিবলৈ। এই কোম্পানীৰ পৰিৱেশসম্পৰ্কীয় কাম বহুত যদিও প্ৰায়ে ইয়াত ক'লা ভালুকৰ পৰা কোম্পানীৰ কৰ্মীবোৰক বচাই ৰখাৰ বাবেই আমি লাগি থাকিব লগীয়া হয়। আজিৰ পৰা দহবছৰ আগতে ইয়াতে ক'লা ভালুকে এগৰাকী কৰ্মীক আক্ৰমণ কৰিছিল। সেই ঘটনাটোৰ পিছত কোম্পেনীয়ে বহুতো সতৰ্কতা ল'বলৈ বাধ্য হ'ল। কোম্পানীৰ লীজত ভিতৰত থকা অঞ্চলবোৰৰ ক'ত কিমান ভালুক আছে, কিহেনো ভালুকবোৰক তেনে ঠাইলৈ আকৰ্ষণ কৰে তাৰ কাৰণ জনাৰো চেষ্টা চলিল।তোমাৰ আগতে এই পদবীত থকা চৰকাৰী বিষয়াগৰাকীয়েও তেনে এটা গৱেষণাত উৎসাহ দিলে।'

'অঁ, জোৱানৰ কথা কৈছা তুমি? তেওঁ ইয়াত কৰি যোৱাৰ কামৰ বিষয়ে শুনিছোঁ।'

'অঁ, তেৱেঁ মোক পিটাৰৰ সৈতে যোগাযোগ কৰাই দিলে। পিটাৰ সমগ্ৰ এলবাৰ্টাৰে ভালুকৰ বিশেষজ্ঞ। এই প্ৰজেক্টত তেওঁতকৈ ভাল গাইড আৰু কোন হ'ব পাৰে!'

পিটাৰে ক'লাৰবোৰ ফিটিং কৰি থকাৰ পৰা মূৰ তুলি চাই হাঁহিলে। লিছাই কৈ গ'ল,

'পিটাৰে আকৌ মোক এলবাৰ্টা বিশ্ববিদ্যালয়ৰ ডেৰেনৰ সৈতে যোগাযোগ কৰাই দিলে। পিটাৰ আৰু ডেৰেন দুয়োকে গাইড হিচাপে লৈ তাতে মাষ্টাৰ্চ ডিগ্ৰীৰ কাৰণে নামভৰ্তি কৰিলোঁ। আৰু ভাল কথাটো কি জানা? কোম্পেনীৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ বিষয় কাৰণেই মোৰ ইয়াত চাকৰিও থাকিল। গৱেষণাৰ গোটেইবোৰ খৰচো কোম্পেনীয়েই দিলে।'

'তুমি খুউব ভাগ্যৱান লিছা।' মই নকৈ নোৱাৰিলোঁ। কোম্পেনীটোৰো শলাগ ল'লোঁ। এই দীৰ্ঘম্যাদী চিন্তাধাৰাৰ ফলতেই আজি চৰকাৰ আৰু তেলকোম্পানীৰ মাজত এনে সহযোগিতা স্থাপন কৰাটো সম্ভৱ হৈ উঠিছে। যোৱা দুটাবছৰ ধৰি পিটাৰ আৰু লিছাৰ উদ্যোগত চৰকাৰ আৰু কোম্পানীৰ বিভিন্ন বিষয়ববীয়াই এই প্ৰকল্পত সহায় কৰি আহিছে। ঠিক আজি মই অহাৰ দৰে। 

পিছদিনাৰ কামৰ কাৰণে গোটেইবোৰ সা-সৰঞ্জাম সাজু হোৱাৰ পিছতহে লিছা ঘৰমুখী হ'ল। তেতিয়া প্ৰায় মাজনিশা। দেখিলোঁ পিটাৰে চিগাৰ এটা লৈ বেলকনিত বহিছেগৈ।

'পিটাৰ, মই শুওঁগৈ। কাইলৈ লগ পাম।' বেলকনিৰ দুৱাৰখনৰ পৰা মাত দিলোঁ।

'অঁ যোৱা যোৱা। মই চিগাৰ শেষ কৰিম। মোৰ পাৰ্টনাৰ ফিয়নালৈ ফোন কৰিম। তাৰপিছতহে শুম আৰু। গুড নাইট!' 

এৰিনে ইতিমধ্যে মোক পিটাৰৰ চিগাৰ আসক্তিৰ কথা কৈছে। তেওঁৰ পাৰ্টনাৰৰ কথাও। সেয়ে তেওঁক তাতে এৰি ভাগৰুৱা দেহেৰে মই বিছনাত বাগৰ দিলোঁগৈ। 

*হেলথ এণ্ড চেফটি*

পিছদিনা পুৱাই সাজু হৈ আহি লিভিং ৰুমত পিটাৰক দেখি মই অলপ চক খালো। কালিলৈকে দাঢ়িৰে ভোবোকাৰ হৈ থকা মানুহজনৰ চিকুণ নিমজ গাল। প্ৰায় পঞ্চাছ বছৰীয়া পিটাৰৰ বয়সো যেন দহ বছৰ মান কমি গৈছে!

'গুড মৰ্ণিং!' মোৰ চাৱনি দেখি পিটাৰে নিজেই ক'লে, 'কোম্পানীৰ ঠাইত সোমাবলৈ বহুত হেলথ এণ্ড চেফটিৰ নিয়ম। তাৰে এটা হ'ল, দাড়ি থাকিব নোৱাৰিব! আকস্মিকভাৱে গেছ আদি লিক হ'লে মাস্ক পিন্ধিলেও দাড়িৰে ভোবোকাৰ মুখত সম্পূৰ্ণ প্ৰতিৰক্ষা নাপাব পাৰে কাৰণে।' কৈ তেওঁ নিজৰ গালখনত এনেয়ে হাত ফুৰালে। যেন এতিয়াও সেই হেৰুওৱাৰ দুখখিনিয়ে তেওঁক এৰা দিয়া নাই। মই কোনোমতেহে নহঁহাকৈ ৰ'লোঁ। 

তেতিয়াহে মনত পৰিল, ইয়ালৈ অহাৰ আগেয়ে এই ঠাইত কাম কৰিবলৈ মই কৰা অনলাইন কৰ্ছকেইটাৰ কথা। সেই সকলোবোৰ এই কোম্পানীৰ মাটিত ভৰি দিব খোজা যিকোনো মানুহৰ বাবে বাধ্যতামূলক।

দুয়ো মিলি চৰকাৰী ট্ৰাকখনত গোটেইবোৰ সা-সৰঞ্জাম বোজাই দি ওলাই আহিলোঁ। প্ৰায় আধাঘণ্টাৰ পিছতে গাড়ী ৰ'লগৈ কোম্পানীৰ মূল গেইটত। আমাৰ কাৰণে লিছা ৰৈয়ে আছিল। লিছাৰ লগত চাপৰকৈ ত্ৰিছ-পইত্ৰিছ বছৰীয়া এজন ডেকা ল'ৰা। তেওঁ আগবাঢ়ি আহি মোৰ স'তে কৰমৰ্দন কৰিলেহি। 

'মোৰ নাম জেক। কোম্পানীৰ চেফটি অফিচাৰ।' 

গম পালোঁ আমাৰ দলত সকলো সময়তে চেফটি অফিচাৰ থকাটোও বাধ্যতামূলক। তেওঁ প্ৰথমে কোম্পেনীটোৱে সকলো সময়তে কৰ্মীৰ নিৰাপত্তা লৈ কিমান সচেতন তাৰ ওপৰত সৰু-সুৰা বক্তৃতা এটাই দিলে। তাৰ পিছত ইয়াত কাম কৰিবলৈ হ'লে সকলো সময়তে মানি চলিবলগীয়া নিয়মবোৰ কৈ গ'ল-

-সকলো সময়তে হাত দীঘল কাপোৰ পিন্ধি থাকিব লাগিব। চোলাৰ হাত কোঁচাব নোৱাৰিব।

- ষ্টীল ট'উড বুটছৰ বাহিৰে অন্য জোতা পিন্ধিব নোৱাৰিব। কিয়? কাৰণ সেই বুটছবোৰৰ সন্মুখভাগটো মেটেলৰ। সেইখিনিয়ে কিবা দুৰ্ঘটনাত পতিত হ'লে ভৰিৰ আঙুলীকেইটাক প্ৰতিৰক্ষা দিয়ে।

-খনিৰ বাহিৰৰ যিকোনো গাড়ীৰ পিছফালে একোখন সৰু কমলা পতাকা ওলোমাই নিব লাগিব। লীজৰ ভিতৰৰ যিকোনো ঠাইতে গাড়ী আগলৈ নিলে তাৰ আগে আগে এটা হৰ্ণ আৰু পিছলৈ নিলে দুটা হৰ্ণ বজোৱাৰ নিয়ম।

কৈ কৈ তেওঁ আমাৰ সকলোৰে বাবে একোটাকৈ উজ্বল হালধীয়া ৰিফ্লেক্টিভ জেকেট আৰু হাৰ্ড হেট বা টুপী একোটাও উলিয়াই দিলে। লিছাই জেকেটবোৰৰ একাষত ওলোমাই ল'বলৈ সৰু প্লাষ্টিকৰ একোটা ডিটেক্টৰ দিলে। বিষাক্ত গেছ লীক হ'লে লগে লগে সেই ডিটেক্টৰবোৰে ধৰা পেলায় হেনো! 

বুজিলোঁ, এনে কামকাজত সঁচাই পদে পদে দুৰ্ঘটনাৰ আশংকা। বিয়াগোম মেচিনৰ কুচকাৱাজৰ মাজত এই নীতি-নিয়মবোৰ নামানিলে মানুহৰ জীৱন যে কাচৰ ভঙা টকুৰাৰ দৰে থানবান হৈ যোৱাৰ ভয়!

গোটেইবোৰ পিন্ধি উৰি মোৰ নিজকে অন্য গ্ৰহৰ প্ৰাণী যেনেই ভাৱ হ'ল। আমাৰ গাড়ী সেই বিয়াগোম উদ্যোগৰ মাজলৈ যিমানেই সোমাই গ'ল সিমানেই যেন সেই ভাৱটো দৃঢ় হৈ পৰিল। বাটৰ দুয়োকাষে তেলৰ খনিৰ বিশালকায় সা-সৰঞ্জাম। কংক্ৰিটৰ অৰণ্য। প্ৰাকৃতিক পৰিৱেশত বন্যজীৱৰ কামত অভ্যস্ত হৈ পৰা মোৰ মনটো তেল উদ্যোগৰ এই কৃত্ৰিম পৰিৱেশত যেন কিছু অসহজ হৈ পৰিল।

লাহে লাহে আমাৰ দুয়োখন গাড়ী সেই খনিৰ পৰা ওলাই কোম্পানীৰ লীজৰ সীমামূৰীয়া ঠাই এখন পালেগৈ। তাতে মূল পথৰ কাষেৰে এটা কেঁচা বাটেৰে আগুৱাই গৈ লিছা আৰু জেক ৰ'ল। তাকে দেখি পিটাৰ আৰু ময়ো ৰৈ গাড়ীৰ পৰা নামি গ'লো।

দেখা পালোঁ ইতিমধ্যে এটা দহফুটমান দীঘল আৰু তিনিফুট মান বহল লোহাৰ ফান্দ সাজু কৰি থোৱা আছে। তাৰ এমূৰে দুৱাৰখন ওপৰলৈ দাঙি থোৱা আছে। সকলো ফালে সৰু সৰু ফুটা থকা কিছুমান লোহাৰ খিৰিকী। বগা ৰং কৰা ফান্দটোত ৰঙা চিঞাহীৰে বৰ বৰ হৰফেৰে ইংৰাজীত লিখা আছে,  'সাৱধান ভালুকৰ ফান্দ, ওচৰলৈ নাহিব!' 

'এইটো কালভাৰ্ট ট্ৰেপ বুলি কয়। ভালুক ধৰিবলৈ থকা উপায়বোৰৰ ভিতৰত আটাইতকৈ সহজ আৰু কাৰ্য্যকৰী এই ট্ৰেপ।' লিছাই ক'লে।

তাৰ পিছত লিছা আৰু পিটাৰে মোক এফালৰ পৰা সেই ফান্দে কেনেকৈ কাম কৰে দেখুৱাই গ'ল। ভালুক সোমাই টোপৰ ৰছীডালত টান মৰাৰ লগে লগে দুৱাৰখনত সংযোগ থকা ট্ৰিগাৰটোৱে ওপৰলৈ ধৰি ৰখা হুক দুটা মুকলি কৰি দিয়ে। লগে লগে ধাৰামকৈ দুৱাৰখন তললৈ পৰি যায়। অন্য সময়ত বা ভালুকটো আধা সোমাওঁতেই যাতে দুৱাৰখন তললৈ পৰি নাযায় তাৰো সতৰ্কতামূলক ব্যৱস্থা কৰি থোৱা আছে।

কৈ কৈ লিছাই মাছৰ টিন এটা খুলিলে। ফান্দৰ ভিতৰত থকা বিভাৰ নামৰ জন্তুবিধৰ মাংসৰ টোপৰ ওপৰতে মাছৰ জোল অলপ ঢালি দিলে। ভালুকে হেনো এই মিশ্ৰণটোলৈ খুউব লোভ কৰে! তাৰপিছত তাই ফান্দৰ পৰা কাষৰ হাবিখনলৈকে মাছৰ টুকুৰাবোৰ অলপ অলপকৈ ছটিয়াই গ'ল।

'সেইখিনিৰ পৰাই ভালুকবোৰ প্ৰায়ে ওলাই আহে।' পিটাৰে ক'লে।

ফান্দটো সাজু কৰি তাৰ সন্মুখৰে গছ এডালত দুয়ো এটা কেমেৰাও বান্ধি দিলে।

'এই কেমেৰাটোত ম'শ্যন চেন্সৰ আছে। গতিকে ফান্দৰ সকলো গতিবিধিৰ ফটো পাই থাকিম। ভালুক সোমালেও গম পাম।'

সকলো কাম সামৰি এইবাৰ দ্বিতীয়টো ফান্দলৈ গতি কৰিলোঁ। গম পালোঁ, কোম্পানীৰ সমগ্ৰ লীজত এনে দহটামান ফান্দ পতাৰ কথা। ইটোৰ পৰা সিটোলৈ দুৰত্বও যথেষ্ট।

এনেকৈয়ে এটা এটাকৈ ফান্দবোৰ পাতি সামৰোঁ মানে গধূলি হ'বৰ হ'ল। 

'আজি ৰাতিৰ ভিতৰত কেইটা ভালুক ফান্দত পৰে ঠিক নাই। কাইলৈ পুৱাই সাজু হৈ চাবহি লাগিব।' লিছাই ক'লে।

জীৱনত প্ৰথমবাৰৰ বাবে ক'লা ভালুক ইমান ওচৰৰ পৰা দেখা পাম- সেই আশাই মোৰ দেহ-মন উত্তেজিত কৰি ৰাখিলে।

'আপুনি চাগৈ গোটেই জীৱন বহুবাৰ একেবাৰে কাষতে ভালুক পাইছে, নহয় জানো?' পিটাৰক সুধিলোঁ।

'অঁ, মোৰ পি এইচ ডিৰ গৱেষণা আছিল গ্ৰীজলী ভালুকৰ ওপৰত। এলবাৰ্টাৰ পশ্চিমে সেইবিধ দেখা যায়। এই পূবৰ ঠাইবোৰত কেৱল ক'লা ভালুকহে আছে। বহুবাৰ ওচৰৰ পৰা দেখিছোঁ কিন্তু প্ৰতিবাৰেই সেই একেই উত্তেজনা, সেই একেই শিহৰণ!' 

'একেবাৰে সঁচা কথা।' লিছা আৰু জেকে একেলগে হয়ভৰ দি উঠিল।

হোটেললৈ উভতাৰ পৰত পিটাৰে ক'লে,

'মই জানো, আজি ৰাতি লিছাৰ ভালকৈ শুৱাই নহ'ব। সাৰ পাই বাৰে বাৰে ফোনত চাই থাকিব কেমেৰাৰ ফটোবোৰ। ভালুক কেনেবাকৈ ফান্দত পৰিছে বুলি !'

সেই একেই উৎকণ্ঠাৰেই ময়ো বিছনাত পৰিলোঁগৈ। বাট চালো এটা নতুন দিনৰ বাবে, এটা নতুন অভিজ্ঞতাৰ বাবে।

*ক'লা ভালুকৰ সৈতে*

পিছদিনা ৰাতিপুৱাই পিটাৰ আৰু মই পুনৰ ওলাই আহিলোঁ। কালিৰ দৰেই মূল প্ৰৱেশদ্বাৰৰ ওচৰতে লিছা আৰু জেকৰ সৈতে চেফটিৰ প্ৰক্ৰিয়াখিনি সামৰি ল'লোঁ। আগদিনাৰ দৰে বাধ্যতামূলক সকলো পৰিধান কৰি দিনটোৰ সাম্ভাব্য বিপদৰ পৰীক্ষা (hazard assessment) কৰিলোঁ। কামৰ সময়ত প্ৰতিদিনে কামৰ ঠাই আৰু ধৰণ বিশেষে এনেদৰে সাম্ভাব্য বিপদৰ পৰীক্ষা কৰা আৰু তাৰ পৰিত্ৰাণৰ উপায়সমূহ স্থিৰ কৰাটোও বাধ্যতামূলক। ইতিমধ্যে লিছাই ফটোত দেখা পাইছে, দুটা ফান্দত ভালুক পৰিছে। গতিকে আজি সেই পৰীক্ষাৰ প্ৰপত্ৰত অন্য বিপদৰ আশংকাৰ লগতে ভালুকৰ আক্ৰমণৰ আশংকাও সোমাল! 

সেইখিনি কাম সামৰি লৈ লিছাই ক'লে,

'প্ৰথমে গ্ৰীন পাইপছলৈকে যাওঁ। কালি ৰাতি প্ৰথম তাৰ ফান্দত ভালুক পৰিছিল।'

লগে লগে আমাৰ দুয়োখন গাড়ী সেইদিশে ধাৱমান হ'ল। প্ৰায় আধাঘণ্টাৰ ভিতৰতে আমি সেই ঠাই পালোঁগৈ। এটা ব্যস্ত পথৰ বাওঁকাষে খনিৰ কাৰখানা, সোঁকাষে অলপ ঘাঁহনি আৰু কিছু গছ-গছনিৰ সেউজীয়া। তাতে পাতি থোৱা ফান্দটোৰ দুৱাৰখন তললৈ পৰি আছে। অৰ্থাৎ ভালুক সোমাই আছে! 

আমি তাত ৰওঁতেই দুজন পুৰুষ কাষ চাপি আহিল। দুয়োৰে দেহত আমাৰ দৰেই হেট আৰু ৰিফ্লেক্টিভ জেকেট কিন্তু তাৰ লগতে ইউনিফৰ্মো। তাত লিখা আছে, 'বেয়াৰ স্কেয়াৰ' - অৰ্থাৎ 'ভালুক খেদা'। বুজিলোঁ তেওঁলোক ভালুকৰ পৰা মানুহক নিৰাপত্তা দিয়াৰ বাবে ৰখা কোম্পানীটোৰ মানুহ।

আমাক সম্ভাষণ জনাই এগৰাকীয়ে ক'লে,

'আপোনালোকৰ ফান্দত মাইকী ভালুক এজনী সোমাই আছে। তাইৰ পোৱালীটো নোসোমাল কিন্তু এতিয়া ওচৰে ওচৰে ঘুৰি আছে। সেয়ে আমি পহৰা দি আছোঁ।'

দেখিলোঁ সঁচাই! কণমানি পোৱালিটো গছ এডালৰ আঁৰত লুকাই বহি আছে। আমি মাইকী ভালুকজনী থকা ফান্দটোৰ কাষলৈ যাওঁ মানে পোৱালিটোৱে গছজোপাৰ ওপৰলৈ বগাই গ'ল। তাৰ পৰাই আলঙে আলঙে আমাৰ কাণ্ড-কাৰখানা চাই থাকিল।

ভালুকজনীক বাহিৰৰ পৰা চকু দিয়েই পিটাৰে দীঘলীয়া বাকচ এটা খুলি লৈ ডাৰ্ট গানটো উলিয়ালে। ট্ৰেঙ্কুলাইজাৰৰ মিশ্ৰণটো সাজু কৰি সেই গানত ভৰালে। তাৰপিছত ফান্দৰ ওপৰৰ ফালে থকা লোহাৰ খিৰিকী এখন খুলি লৈ ভালুকজনীৰ গলধনলৈ ডাৰ্টটো মাৰি পঠিয়ালে।

ভালুকজনী অস্থিৰ হৈ হিচহিচাই আছিল। ডাৰ্টটো লগাৰ পাঁচমিনিটমানৰ ভিতৰতে শান্ত হৈ লাহে লাহে বহি পৰিল। ট্ৰেঙ্কুলাইজাৰৰ মিশ্ৰণে কেইমিনিটমানৰ ভিতৰতে ভালুকজনীক ঘোৰ টোপনিত পেলাই দিলে। সেই সমগ্ৰ প্ৰক্ৰিয়া, সময় আদিৰ মই টোকা কৰি গ'লোঁ।

ভালুকজনী অজ্ঞান হৈছে বুলি নিশ্চিত হোৱাৰ পিছতে আমি ফান্দৰ দুৱাৰ খুলিলোঁ। চাৰিও মিলি কোনোমতে দাঙি আনি ভালুকজনীক বাহিৰলৈ আনিলো। তাতে এখন ব্লেংকেটৰ ওপৰত তাইক ওপৰমুৱাকৈ শুৱাই দিলোঁ।

এইবাৰহে আমি ভালুকজনী ভালকৈ পৰীক্ষা কৰাৰ সুযোগ পালোঁ যেন। কি প্ৰকাণ্ড তাইৰ দেহ! ক'লা কিচকিচিয়া খহটা নোমবোৰত মই লাহেকৈ হাত ফুৰাই দিলোঁ। মোৰ সমগ্ৰ দেহ জিকাৰ খাই উঠিল! প্ৰকৃতিৰ এক অপূৰ্ব ৰূপ যেন সোঁশৰীৰে ইমান কাষতে পালোঁ- তেনে ভাৱ হ'ল।

'সোনকালে অক্সিজেন মাস্ক লগাই দিয়া। পালচ অলপ দুৰ্বল পাইছোঁ।' পিটাৰৰ চিৎকাৰে মোৰ সম্বিত আনিলে। এইবাৰ যুদ্ধোত্তৰ গতিৰে আমি কামত লাগি পৰিলোঁ। ভালুকজনীৰ জ্ঞান ঘুৰি অহাৰ আগেয়েই আমাৰ সকলো পৰীক্ষা-নিৰীক্ষা সামৰিব লাগিব। নহ'লে যে বিপদৰ আশংকা!

লিছাই ভালুকজনীৰ কাণত নিৰ্দিষ্ট নম্বৰ লিখা থকা এটা হালধীয়া প্লাষ্টিকৰ টেগ লগাই দিলে- লগতে নাকত এটা ক্ষুদ্ৰ ইলেকট্ৰনিক চিপ।এই দুটাই ভালুকজনীৰ চিন ৰাখিব। তাৰ লগতে ডিঙিত পিন্ধাই দিলে ৰেডিঅ' ট্ৰেন্সমিটাৰ সংযুক্ত এক কলাৰ। এই কলাৰে ভালুকজনীৰ গতিবিধিৰ সকলো খৱৰ দি থাকিব এতিয়াৰ পৰা। পিটাৰে খদমদমকৈ তাইৰ দেহৰ পৰা নোম, চৰ্বী আৰু তেজৰ নমুনা ল'লে। জেকে তাইৰ দেহৰ দৈৰ্ঘ্য আৰু প্ৰস্থ জুখিলে। পাঁচমিনিটৰ মূৰে মূৰে মই ভালুকজনীৰ পালচ পৰীক্ষা কৰি থাকিলোঁ। তাৰপিছত চাৰিও মিলি কেকোঁজেকোঁকৈ ব্লেংকেটেৰে সৈতে ভালুকজনীক গাড়ীতে অস্থায়ীভাৱে কৰি লোৱা ওজন জোখা মেচিনত ওলোমাই দিলোঁ।

বাচ্‌ হৈ গ'ল! সেইখিনি কৰি উঠি ভালুকজনীৰ নাকৰ পৰা লাহেকৈ অক্সিজেন মাস্ক খুলি দিলোঁ। পুনৰ চাৰিও মিলি দাঙি লৈ সেউজীয়া ঘাঁহনিৰ ফালে কিছুদূৰ নি ভালুকজনীক ব্লেংকেটৰ ওপৰতে এৰি আহিলোঁ। পিটাৰে ইংগিত দিলে, ভালুকজনী কেইমিনিটমানৰ ভিতৰতে সাৰ পাব লাগে। সেয়ে কিছু দূৰৈত ৰৈ আমি তাইৰ গতিবিধি লক্ষ্য কৰি থাকিলোঁ।

মাকৰ বাবে বাট চাই ৰোৱা পোৱালীটো

এই সময়ছোৱা 'বেয়াৰ স্কেয়াৰ'ৰ মানুহ দুজনেও ভালুকৰ পোৱালীটো আৰু আশে পাশে অন্য ভালুকো আছে নেকি চকু দি থাকিল। এনে ঠাইবোৰত যেনি-তেনি ভালুক ওলাব পাৰে হেনো। গতিকে জেকে আগেয়ে সাৱধান কৰি দিছিল, গাড়ীৰ পৰা নামিলে সকলো সময়তে চৌপাশৰ ওপৰত এটা চকু ৰাখিবলৈ।

ভালুকজনী সাৰ পোৱালৈ বাট চাই থাকোঁতে বেলি মূৰৰ ওপৰলৈ উঠিলেই। জেকে মাত দিলে,

'ভালুকজনীৰ নাম এটা দিব লাগিছিল নহয়!'

লিছাই মোক জনালে, এই প্ৰকল্পৰ আৰম্ভণিৰে পৰা হেনো জেকে ফান্দত পৰা প্ৰতিটো ভালুকৰ নাম দি আহিছে। 'এইবাৰো তুমিয়ে দিয়া তেনে!' মই উদগণি দিলোঁ।

'ভালুকজনীয়ে সেউজীয়া ঘাঁহ খাবলৈ আহি ফান্দত পৰিলহি। গতিকে তাইৰ নাম 'গ্ৰেজ' (graze) ৰাখিছোঁ।'

আমি হয়ভৰ দিলোঁ। আমাক সকাহ দি গ্ৰেজে লাহে লাহে সাৰ পালে। প্ৰথমে নিচাত পৰা মানুহৰ দৰে লটং ভটংকৈ উঠাৰ চেষ্টা কৰিও বাৰে বাৰে বহি পৰিল। তাৰপিছত কিছু চেষ্টাৰে থিয় দিলে। পাঁচমিনিটমানৰ ভিতৰতে ধীৰ খোজ পেলাই গ্ৰেজে অৰণ্যলৈ বাট বুলিলে। তাতে বাট চাই থকা পোৱালিটোৱে মাকক দেখা পাই মাত দিবলৈ লাগিল।

নিশ্চিন্ত মনেৰে আমি 'বেয়াৰ স্কেয়াৰ'ৰ ব্যক্তি দুগৰাকীক ধন্যবাদ দি এইবাৰ দ্বিতীয় ফান্দটোলৈ ৰাওনা হ'লোঁ।

আধাঘণ্টা মানৰ ভিতৰতে ঈগলনেষ্ট নামৰ ঠাইত এখন জলাহৰ কাষত পাতি থোৱা ফান্দটো পালোঁগৈ। পিছে নামিয়ে আমাৰ চকুত পৰিল অন্য এটা ভালুক কাষৰ অৰণ্যখনৰ পৰা ওলাই আহিছে। হয়তো মাছৰ গোন্ধ পাইছে। হয়তো কৌতুহল বশত: চাবলৈ আহিছে।

ভালুকটো দেখামাত্ৰেই আমি সকলোৱে হায়-উৰুমি কৰি লাঠি দুডাল মাৰি মাৰি খোজেৰে আগবাঢ়ি গ'লোঁ। মই মোৰ কঁকালত বান্ধি লোৱা বেয়াৰ স্প্ৰেটো সাজু কৰি ৰাখিলোঁ। অৱশ্যে ভালুক একেবাৰে কাষ নাচাপিলে এই স্প্ৰী ব্যৱহাৰ কৰা উচিত নহয়। হাই-উৰুমি শুনি আৰু আমাক দলবদ্ধভাৱে আগবঢ়া দেখিয়ে কিজানি ভালুকটো পিছ হুহুকিল। কিছু দূৰ গৈ সি ভিৰাই লৰ দিলে অৰণ্যৰ সেউজীয়ালৈ।

এইবাৰ খুউব সতৰ্কতাৰে আমি ফান্দৰ ওচৰ পালোঁহি। লোহাৰ খিৰিকীৰে জুমি চায়ে লিছাই চিৎকাৰ কৰি উঠিল,

'আস্‌, এইটোচোন স্নাৰ্ল!'

'কি?' আমি তিনিও প্ৰায় একেলগেই সুধিলোঁ।

'অঁ এইটো স্নাৰ্ল। যোৱাবছৰ আমি ধৰিছিলোঁ। মই চিনি পাইছোঁ। তাৰ ভোদা নাকটো চাই এৰিনে এই নামটো দিছিল।'

এইবাৰ পিটাৰ আৰু জেকেও ভালকৈ চাই দেখিলে হয়! ডিঙিৰ কলাৰ হেৰুৱাইছে যদিও কাণৰ হালধীয়া টেগ আছেই। আগৰদৰেই একেই প্ৰক্ৰিয়াৰে স্নাৰ্লক অজ্ঞান কৰি ফান্দৰ পৰা উলিয়াই আনিলোঁ। এইবাৰো ক্ষিপ্ৰতাৰে আমি কামবোৰ কৰি গ'লোঁ। 'গ্ৰেজ'ত কৈ স্নাৰ্লৰ দেহৰ আকাৰ যথেষ্ট ডাঙৰ, ওজনো এশ কেজিৰ ওপৰ।

কি প্ৰকাণ্ড, কি অপূৰ্ব জন্তু এইবিধ! এক শিহৰণ বৈ গ'ল মোৰ মাজেৰে! কিন্তু ৰ'ৱলৈ সময় নাই। স্নাৰ্লক মুকলি কৰি দিয়াৰ পিছতো আমি ইখনৰ পৰা সিখন ঠাইলৈ ঢপলিয়ালোঁ। এটা এটাকৈ আৰু তিনিটা ভালুক ফান্দৰ পৰা উলিয়ালোঁ। কামত লাগি থাকোঁতে কেতিয়ানো বেলি ডুবিল আমি যেন গমেই নাপালোঁ।

সেই সন্ধিয়া ভাগৰুৱা দেহাৰে গৱেষণাৰ সা-সৰঞ্জামবোৰ ট্ৰাকৰ পৰা ধৰাধৰিকৈ কাঢ়িয়াইছোঁ। প্ৰকাণ্ড বাকচটোৰ এমূৰে পিটাৰ, সিমূৰে মই। হোটেলৰ পৰা ওলাই অহা এজন অভ্যাগতই দুৱাৰখন মেলি ধৰিলে।

'ধন্যবাদ!' পিটাৰ আৰু মই একেলগে কৈ উঠিলোঁ।

'এইবিলাক কি নিছে আপোনালোকে?' বাকচটোলৈ চাই তেওঁ কৌতুহলেৰে সুধিলে।

'অঁ, এইবোৰ ভালুকৰ ডিঙিত পিন্ধোৱা কলাৰ।' দেখা পালোঁ মানুহজনৰ দুচকু ডাঙৰ হৈ পৰিল। পিটাৰে আকৌ বুজোৱাৰ সুৰেৰে ক'লে, 'এইবোৰত ৰেডিঅ' টেন্সমিটাৰ সংযুক্ত আছে। গতিকে এইবোৰ পিন্ধাই লৈ আমি কলা ভালুকৰ গতিবিধি গম পাব পাৰোঁ।'

মানুহজনৰ দুচকু আগতকৈও বহল হৈ গ'ল যেন।

'কি?? আপোনালোকে কৰে সেয়া?' পৰম আশ্চৰ্য্যৰে তেওঁ সুধিলে।

'হয়, আমি চৰকাৰী বিজ্ঞানী। ইয়াতে ক'লা ভালুকৰ ওপৰত গৱেষণা কৰি আছোঁ।' এইবাৰ মই ক'লোঁ।

এইবাৰ তেওঁ একেই বিস্ময়েৰে কৈ উঠিল, 'ইউ হ্যেভ দ্য কুলেষ্ট জব! আপোনালোকৰ কি সাংঘাতিক চাকৰি!'

পিটাৰ আৰু মই খোলা হাঁহি এটাৰে হয়ভৰ দি পুনৰ বাকচটো দাঙি ল'লোঁ। কিছু সন্তুষ্টিৰে, কিছু আমোদেৰে! 

2 comments:

  1. প্ৰকৃতি প্ৰেমী, বন্য প্ৰাণীৰ ওপৰত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰী আৰু পৰিৱেশবিদ সকলে এই লেখা পাঠ কৰি বৰ ভাল পাব আৰু কিছু নজনা কৰা জানি উপকৃত হ'ব।

    ReplyDelete