Monday 10 July 2023

উপন্যাস: ফাৰমানা (অষ্টম খণ্ড)

সিদিনা পুৱা ছয়বজাতে তুলিকাৰ মিনি কুপাৰ খনে ফাৰমানাৰ বাটত গতি ল’লে। যোৱা দুমাহে প্ৰায় প্ৰতিদিনে ধলপুৱাতে তাই শ্লাইগ’ পথেৰে গাডী লৈ ওলাই গৈছে। সেইদিশে বিছ কিলোমিটাৰ মান গ’লেই উজনি লখ আৰ্ণত চৰাই জৰীপ কৰিবলগীয়া ঠাইবোৰ। সেইবোৰ উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুয়ো দেশৰ একেবাৰে সীমামূৰীয়া ঠাই। সেই বাটেৰেই আগবাঢ়ি গৈ থাকিলে মাথোঁ দুশ কিলোমিটাৰ মান আঁতৰত ৰিপাব্লিক অব আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিন মহানগৰ। কোনো চেক পষ্টো নাই সেই বাটত। ভুলতে কেনেবাকৈ সেই বিদেশত ভৰি থয়গৈ বুলিয়ে তাই মাৰ্কৰ পৰামৰ্শমতে আনকি ৰিপাব্লিকৰো ভিজা উলিয়াই লৈছে।

পিছে আজি তাইৰ গাড়ীৰ গতি বিপৰীতমুখী। যোৱা সপ্তাহত উজনিত চৰাইৰ জৰীপৰ কাম শেষ হৈছে। আজিৰ কাম নামনিৰ লখ আৰ্ণতহে। তাইৰ মিনি কুপাৰখন আগবাঢ়িল এনিছকিলেন নগৰৰ উত্তৰে থকা লখ শ্ব’ৰ ৰোডেৰে। আক্ষৰিক অৰ্থতে এইটো হ্ৰদৰ পাৰৰ পথ। বাটটোৰ সোঁকাষে দিক বিদিক জুৰি চকুৰে মনালৈকে নামনি লখ আৰ্ণ। বাওঁকাষে গম্বুজৰ দৰে থিয় দি আছে সুউচ্চ মাহ’ৰ ক্লিফ। সেই পাহাৰৰ শিখৰৰ পৰা মাৰ্কে এদিন তাইক আঙুলীয়াই দেখুৱাইছিল,

‘সেই যে সৰু-ডাঙৰ দ্বীপবোৰ দেখিছা, তাৰে চল্লিছটা দ্বীপ নেচাৰৰ অধীনত। বেছিভাগেই কোনো সচেতন নাগৰিকে দান কৰা বা আমি কিনি লোৱা। এই দ্বীপবোৰ লৈয়ে নেচাৰৰ লখ আৰ্ণ ৰিজাৰ্ভ। লিছাই এই ৰিজাৰ্ভৰ গোটেইবোৰ ঠাইৰ কাম চোৱা-চিতা কৰে।’

নেচাৰত যোগ দিয়াৰ প্ৰথম মাহৰে কোনোবা এটা দিন আছিল সেয়া। লখ আৰ্ণ হ্ৰদৰ ইপাৰ সিপাৰ নমনা বিস্তীৰ্ণ জলৰাশিয়ে তুলিকাক সিদিনা ব্ৰহ্মপুত্ৰখনলৈ মনত পেলাই দিছিল। নৈপৰীয়া মানুহৰ যে আজন্ম টান জিৰ জিৰিয়া পানীৰ খেলাৰ সৈতে, সেই পানীৰ সৰু-বৰ ঢৌৰ সৈতে! ব্ৰহ্মপুত্ৰৰ নষ্টালজিয়াৰে চপচপীয়া হৈ পৰা হৃদয়খনেৰে তাই মাহ’ৰ ক্লিফৰ পৰা মাৰ্কৰ পিছে পিছে খোজ দিছিল। এলাই ল’জ বৰ্ষাৰণ্যৰ হাবিতলীয়া সেই বাটৰ দুয়োকাষে অ’ক গছৰ সেউজীয়া। বসন্তৰ আগজাননী আনিছিল অৰণ্যৰ বনৰীয়া ফুলৰ দলিচাখনিয়ে। মাৰ্কে তাইক আঙুলীয়াই দেখুৱাইছিল, ‘এই যে নীলা ফুলবোৰ দেখিছা সেয়া ব্লুবেল। সৌ হালধীয়াবোৰ বাটাৰকাপ।’

হঠাৎ মাৰ্ক থমকি ৰোৱাত তুলিকাও কোনোমতে হামথুৰি নোখোৱাকৈ ৰৈ গৈছিল। হাবিৰ মাজত কিবা জীৱ-জন্তু বা চৰাই-চিৰিকটি দেখা পাইছে নেকি বুলি তায়ো খৰকৈ মাৰ্কৰ দৃষ্টি অনুসৰণ কৰাৰ চেষ্টা কৰিছিল।

নাই, মাৰ্কে একমনে আকাশলৈহে মূৰ তুলি চাইছে। লগতে ব্যস্ত হৈ পৰিছে নীলিম আকাশখন ওফোন্দাই অনা ডাৱৰৰ ফটো লোৱাত।

‘এইজাক ডাৱৰৰ নাম ষ্ট্ৰেট’কিউমুলাছ!’ মাৰ্কে তাইলৈ ঘুৰি চাই কৈছিল। ‘দেখিছানে কেনেকৈ জাক পাতি ডাৱৰবোৰ নামি আহিছে? কিছুমান শুকুলা, কিছুমান মুগা। কিন্তু সকলো মিলি আকাশখন কেনেকৈ ছাটি পেলাইছে চোৱা।’

কৌতুহল দমাব নোৱাৰি তাই সুধিছিল, ‘ডাৱৰৰ বিষয়ে আপুনি কেনেকৈ ইমান জানে, মাৰ্ক?’

‘অঁ তোমাক কোৱাই নাই কিজানি! মই ফাৰমানাৰ ‘ডাৱৰ অনুৰাগী ক্লাৱ’ৰ আজীৱন সদস্য। এই কথাটো লৈ লিছাহঁতে মোক খুউব জোকাই থাকে বুজিছা।’

তুলিকাই কেতিয়াও শুনা নোপোৱা এই গোটটোৰ কথা মাৰ্কে সিদিনা তাইক সবিস্তাৰে কৈছিল। ঘনে ঘনে সলনি হোৱা ফাৰমানাৰ আকাশত ডাৱৰৰ অধ্যয়ন কৰে এই গোটে। যেন ফাৰমানাৰ প্ৰকৃতি উপভোগ কৰাৰে অন্য এটা অজুহাত! আয়াৰলেণ্ডৰ প্ৰকৃতি আৰু সমাজৰ বিষয়ে মাৰ্কৰ অপাৰ জ্ঞানে ইতিমধ্যে তুলিকাক অভিভূত কৰিছিল। সেইদিনা তাইৰ ভাৱ হৈছিল, এই ব্যক্তিয়ে সঁচাই যেন ফাৰমানাৰ আত্মাক চিনি পায়।

‘লাষ্টী বেগৰ বাবে সোঁফালে ঘুৰক।’ গুগুল মেপৰ যান্ত্ৰিক নিৰ্দেশনাই তুলিকাক বাস্তৱলৈ উভতাই আনিলে। কেইমিনিটমানৰ পিছতে লাষ্টী বেগ নামৰ জেটিৰ পাৰ্কিঙৰ ঠাইত তাইৰ গাড়ীখন ৰ’লগৈ।

লখ আৰ্ণৰ পানীৰ ওপৰত তেতিয়াও কুঁৱলীৰ ক্ষীণ প্ৰলেপ। চৌদিশে চৰাইৰ কিচিৰ-মিচিৰ মাত। জেটিত শাৰী শাৰী সৰু-বৰ নাওবোৰ।

তেন্তে এয়াই নামনি লখ আৰ্ণ!

অতদিনে তাই উজনিৰ লখ আৰ্ণত নিজৰ দায়িত্ব চম্ভালিছে। আজি প্ৰথমবাৰ ভালকৈ নেচাৰৰ বাকী সহকৰ্মীসকলে কাম কৰা ঠাইখন চোৱাৰ হেঁপাহটোৱে তাইক উচ্ছসিত কৰি তুলিলে।

নেচাৰৰ নাওখন চিনি পাবলৈ তাইৰ অসুবিধা নহ’ল। দুখলপীয়া নাওখনত বৰ বৰ হৰফেৰে লিখা আছে, ‘জ’ মেগী’। ফাৰমানাত নেচাৰ আয়াৰলেণ্ডৰ প্ৰথমগৰাকী ডিৰেক্টৰ জ’ মেগীৰ সন্মান জনাই এই নাম। এই জ’ মেগীৰ কাৰ্যকালৰ বহু কাহিনী তাই কিংবদন্তীৰ দৰে অফিচত শুনা পাই থাকে। দুখলপীয়া ‘জ’ মেগী’ৰ সন্মুখতে এখন বৰ্ডত নীলা চিঞাহীৰে লিখা আছে, ‘কাৰলিউ ক্ৰুজ।’

‘গুড মৰ্ণিং তুলিকা। আহা আহা।’ সহকাৰী ৱাৰ্ডেন ডেৰেনে মাত দিলে। 

এখন ক্লিপবৰ্ড লৈ তেওঁ অভ্যাগত সকলক এজন এজনকৈ আদৰণি জনাইছে আৰু খৰকৈ কাগজখনত টিক মাৰ্ক দি গৈছে৷ সেই শাৰীতে যোগ দি তুলিকাও নাৱলৈ উঠি গ’ল। নাৱৰ ডেকত লিছাও ব্যস্ত। নাৱৰ চালক পিটাৰক নামনি লখ আৰ্ণৰ কোনবোৰ ঠাইৰ কাষেৰে যাব লাগিব সেই সম্পৰ্কে নিৰ্দেশনা দিছে৷ তুলিকালৈ চাই তাই হাত জোকাৰি হাঁহি মাৰিলে আৰু পুনৰ কামত ব্যস্ত হৈ পৰিল।

ডেকৰ একাষে মাৰ্কক দেখি তুলিকা আগবাঢ়ি গৈ তেওঁৰ কাষ পালেগৈ।

‘হাই মাৰ্ক! মই কি সহায় কৰিব পাৰোঁ কওকচোন।’

‘তোমাৰ দায়িত্ব নাই আজি। যোৱা দুমাহে পুৱতি নিশাতে উঠি গৈ চৰাইৰ জৰীপ কৰিছা। আজি নামনি লখ আৰ্ণৰ ৰূপ আৰু ইয়াৰ প্ৰকৃতি উপভোগ কৰা। মানুহৰ লগত চা-চিনাকি হোৱা। কাৰোবাৰ কিবা প্ৰশ্ন থাকিলে উত্তৰ দিবা। সিমানেই!’ মাৰ্কৰ কথাই তাই আশ্বস্ত কৰিলে।

ক্ষন্তেক পিছতে মাইক্ৰ’ফোনত লিছাৰ মাত ভাঁহি আহিল,

‘নেচাৰৰ বছৰেকীয়া কাৰলিউ ক্ৰুজলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ফাৰমানাৰ জনসাধাৰণক ইয়াৰ প্ৰকৃতিৰ বিষয়ে, নেচাৰৰ কামৰ বিষয়ে জনোৱাৰ প্ৰয়াসেৰে নেচাৰে এই ক্ৰুজ কৰি আহিছে। আগৰ দৰেই এইবাৰো আপোনালোকে উপভোগ কৰিব বুলি আশা কৰিছোঁ। যিকোনো প্ৰশ্ন থাকিলে নেচাৰৰ কৰ্মীক সুধিবলৈ সংকোচ নকৰিব।’

ডেকৰ তলে ওপৰে যথেষ্ট মানুহ। লিছাৰ কথা শেষ হোৱাৰ লগে লগে হাত চাপৰিৰ শব্দ। সকলোৰে চিন্তাৰ ওৰ পেলাই বতৰেও মূৰ ডাঙিলে৷ এচেৰেঙা ৰ’দে বিশাল নাওখনৰ একাংশ জিলিকাই তুলিলে৷ ক্ৰুজ এৰাৰ লগে লগে কিছু লোকে ভিতৰত চাহ-কফি লৈ বহিলগৈ। বহুতেই আকৌ ডেকলৈ উঠি আহিল।

লাহে লাহে সেই কাৰলিউ ক্ৰুজ লাষ্টীৰ পাৰ এৰি লখ আৰ্ণৰ বিশাল বুকুত সোমাই পৰিল। বহু অভ্যাগতৰ লগতে তুলিকাইও ডেকতে ভৰি দিলেগৈ৷ যোৱা দুমাহতে তাই উপলব্ধি কৰিছে আইৰিছ মানুহ সাধাৰণতেই খুউব বন্ধুত্বসুলভ। চিনাকি হওক বা নহওক কাৰো মাজতে কথা-বতৰা আৰম্ভ হ’বলৈ বিশেষ চেষ্টা বা সময়ৰ প্ৰয়োজন নহয়৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল। তাই বেকপেকৰ পৰা নোটবুক, বাইন’কুলাৰ আদি উলিয়াই থাকোঁতেই এগৰাকী মহিলাই মাত দিলেহি,

‘আপুনি ষ্টাফেই নহয় জানো?’- ক’লা কাৰ্গ’ পেণ্ট আৰু নীলা পাফ জেকেটৰ আঁৰত এক মধ্যবয়সীয়া মহিলাৰ মুখ। হাতত কফিৰ মাগ।

‘হয় হয়, কওকচোন আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?’

‘নাই নাই, আমাৰ এই ক্ৰুজ ক’লৈ ক’লৈ যাব তাকে জানিব খুজিছিলোঁ।’

‘আমাৰ ৰিজাৰ্ভৰ যিকেইটা দ্বীপত কাৰলিউ চৰায়ে বাহ সাজিছে সেইবোৰ ঠাইৰ পাৰে পাৰে নাওখন যাব৷’

‘অ হয় নেকি? তেনে কাৰলিউ দেখা পামেই!’

‘পাব পাব, লগতে অন্য চৰাই -জীৱ-জন্তুও চোৱাৰ সুযোগ পাব।’

মানুহগৰকীৰ চকু মুখ উজলি উঠিল৷ সেই আগ্ৰহ দেখি তুলিকাৰো খুউব ভাল লাগিল। তাই নুসুধি নোৱাৰিলে,

‘আপুনি ফাৰমানাৰে নেকি?’

‘অ’ নহয়, মই আচলতে কাষৰে টেম্প’ টাউনতহে থাকোঁ!’

টেম্প’ টাউনৰ নাম শুনাৰ লগে লগে তুলিকাৰ মনত এখন চিনাকি ছৱি ভাঁহি উঠিল। মানুহগৰাকীক তাকে সুধিবলৈ লওঁতেই তাই শুনা পালে সেই চিনাকি মাতটো।

‘অ’ৰলা ডাৰলিং, অথনিৰে পৰা তোমাক বিচাৰি ফুৰিছোঁ।’

দুহাতে দুকাপ কফি লৈ সেয়া কেলাম! মানুহজনক দেখাৰ লগে লগে তুলিকালৈ সেই একেই শান্ত কপৌৰ দৰে অনুভৱটো আহিল। তেনে এয়াই কেলামৰ অ’ৰলা!

‘তুলিকা! তোমাক আজি লগ পাম বুলি আশা কৰিয়ে আছিলোঁ। হুৱাটছ্‌ দ্য ক্ৰেক? কি খৱৰ?’ কেলামে তাইলৈ চাই হাঁহি মাৰি ক’লে।

তাই হাঁহি পেলালে। কেলামে অ’ৰলাৰ বাবে অনা কফিকাপ তাইলৈকে আগবঢ়াই দিলে। ডেকৰ ৰেলিঙত লাহেকৈ আউজি লৈ কেলামে অ’ৰলাৰ কঁকালত এখন হাতেৰে মেৰিয়াই ধৰিলে। দুয়োকে একেলগে দেখি, কথা পাতি তুলিকাই যেন উপলব্ধি কৰিলে, সঁচাই অৰলাই সেই নাৰী যাৰ বাবে কেলামৰ পৃথিৱীখন পৰিপূৰ্ণ হৈ ৰয়। যি ইপাৰ সিপাৰ কৰি জুৰি আছে কেলামৰ জীৱন। দুয়োৰে চকুৱে মুখে জিলিকি উঠা সুখ আৰু প্ৰশান্তিৰ ছায়াঁই যেন তাইকো চুই গ’ল!

এনেতে মাইক্ৰফোনত ডেৰেনৰ মাত ভাঁহি আহিল,

‘এতিয়া আমি নামনি লখ আৰ্ণত আছোঁ৷ আমাৰ ফাৰমানা কাউণ্টিৰ সকলো মানুহে জানেই, এনিছকিলেন নগৰখনৰ দুফালে উজনি আৰু নামনি লখ আৰ্ণ মিলি এই হ্ৰদ। নামনিৰ এই লখটো সাগৰৰ দৰে বিশাল। উজনিৰ লখটো সেই হিচাপত সৰু আৰু অকোঁৱা পকোঁৱা নৈৰ দৰে।দুইটা হ্ৰদ মিলাই মুঠতে কিমানটা দ্বীপ আছে কোনোবাই ক’ব পাৰিবনে?’

কেইবাজনে হাত দাঙিলে। ডেৰেনে হাঁহি এটাৰে ক’লে, ‘কওকচোন।’

’২৫!’ এগৰাকী মহিলাৰ চিঞৰ।

‘নহয়, ৫০ টামানহে হ’ব কিজানি।’ অন্য এজনৰ মাত।

কেলামে হাউলি লৈ তুলিকাক কাণে কাণে ক’লে, ‘নাই নাই, তাতকৈ বহুত বেছি দ্বীপ আছে।’

তেওঁ আৰু কিবা ক’বলৈ লওঁতেওই ডেৰেনে ক’লে, ‘১৫০ টাৰো বেছি!’

মানুহবোৰৰ মাজত আশ্চৰ্য্যচকিত শব্দ কিছুমান ওলাল। ডেৰেনে লখ আৰ্ণৰ ইতিহাসৰ বিষয়ে ক’বলৈ আৰম্ভ কৰিলে। আইৰিছ কিংবদন্তীত এই ঠাইৰ বিষয়ে বহু কথাই আছে। কাষৰীয়া দেশৰ সৈতে যুঁজত হাৰি পলাই যাওঁতে হেনো এই বিশাল হ্ৰদ সাঁতুৰি পাৰ হ’ব নোৱাৰি আৰ্ণ নামৰ ৰাণীগৰাকীয়ে মৃত্যুক সাৱটি লৈছিল। তেওঁৰ নামেৰেই এই হ্ৰদৰো নাম। ডেৰেনে কৈ গ’ল এই লখৰ উল্লেখযোগ্য ঘটনা-প্ৰৱাহৰ কথা।

‘এই লখৰ পাৰতে ২০১৩ চনত জি এইটৰ বৈঠক বহিছিল। সেইসময়ত তালৈ সমগ্ৰ বিশ্বৰ পৰা অহা নেতাসকলেও লখৰ সৌন্দৰ্য্য উপভোগ কৰি গৈছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইয়াত থকাৰ সময়ত এই লখত কেইবাদিনো সাতুৰিছিলহি৷’

কথাষাৰ শুনি মানুহবোৰৰ চকুৱে মুখে কৌতুহল ফুটি উঠিল৷ তুলিকাৰ কাষতে থিয় দি থকা আদহীয়া মানুহ এজনে টপকৈ টিপ্পনী মাৰিলে, ‘কিয়বা নুডুবিল!’

লগে লগে জাকটোত হাঁহিৰ খলকনি।

উজনি লখ আৰ্ণৰ নীলিম পানীত ঢৌ তুলি তুলি জ’ মেগী ক্ৰুজ আগবাঢ়িল। মানুহবোৰ উৎসুক হৈ ৰ’ল কাৰলিউ দেখা পোৱাৰ আশাত। ডেৰেনে মাইক্ৰফোনত কৈ গ’ল এই বিপদাপন্ন কাৰলিউ চৰাইৰ খেতি আৰু খেতিয়কৰ সৈতে কেনে আজন্ম সম্পৰ্ক। খেতিৰ সময়ৰ লগত সংগতি ৰাখি সিহঁতে পথাৰৰ ‘ৰাছ’ জোপোহাত বছৰ বছৰ ধৰি বাহ সাজি পোৱালী জগাই আহিছে। কিন্তু এতিয়া পৰম্পৰাগত খেতিৰ পদ্ধতি সলনি হৈছে। কাৰলিউয়ে পোৱালী জগোৱাৰ আগতেই বহু খেতিয়কে আগতে ভৰি থ’ব নোৱাৰা জেকা পথাৰত উন্নত মেচিন নমাই ঘাঁহ কাটিব পৰা হৈছে। কিন্তু তাৰ লগে লগে কাৰলিউবোৰে হেৰাই পেলাইছে বাহ সাজিব পৰা বা চিকাৰীৰ পৰা লুকুৱাই পোৱালী তুলিব পৰা ৰাছ জোপোহাবোৰ।

‘মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক ইমানেই নিকপকপীয়া।’ ডেৰেনে ক'লে।

কথাবোৰ শুনি থাকিয়ে তুলিকাই চৌদিশে চাইছে। সুদূৰৰ সৰু-বৰ সেউজ দ্বীপবোৰ, লখ আৰ্ণৰ পানীৰ চিকমিকনি, আৰু চৰাইৰ কাকলিয়ে তাইক আপোন-পাহৰা কৰি পেলাইছে।

লাহে লাহে কাৰলিউ ক্ৰুজ এটা দ্বীপৰ কাষ চাপিল। তাত থকা ধ্বংসাৱশেষ বোৰ দেখি তাই বুজিলে সেয়া ডেভেনিছ দ্বীপ। ইয়াতে ডেৰেন আৰু লিছাই যোৱা দুমাহ ধৰি ৰাতি ৰাতি কেম্প কৰি দুটা কাৰলিউত বাহ পৰ্যবেক্ষণ কৰি আছে। অফিচত এইসম্পৰ্কে হোৱা আলোচনাৰ পৰা তুলিকাৰ মনত পৰিল।

‘এই দ্বীপৰ পাৰতে এটা বাহত কাৰলিউৰ পোৱালী জগিছে। দুটা মৰমলগা পোৱালী। কিন্তু আপোনালোকে জানেই, প্ৰজননৰ সময়ত গৱেষণাৰ বাহিৰে অন্য কামত দ্বীপত ভৰি থোৱাৰ অনুমতি নাই। গতিকে আমাৰ ক্ৰুজ দ্বীপটোৰ কাষেৰে লাহে লাহে পাৰ হৈ গৈ থাকি আপোনালোকক সেয়া চোৱাৰ সুবিধা কৰি দিব।’ মাইক্ৰ’ফোনত এইবাৰ লিছাৰ মাত।

লিছাৰ কথাই যেন পলকতে মানুহবোৰক সষ্টম কৰি তুলিলে। সকলোৱে বাইন’কুলাৰ-কেমেৰা সাজু কৰি লৈ দ্বীপটোৰ পাৰত দুচকু নিবদ্ধ কৰি থাকিল।

এনেতে মানুহবোৰৰ মূৰৰ ওপৰেৰে পাৰ হৈ গ’ল এহাল গঙাচিলনী। পাৰ চৰাইটোৰ প্ৰায় সমান কিন্তু সিহঁতৰ দেহ ক’লা আৰু বগা। মূৰত একোটা চূড়া। চৰাইহাল ইমান ওচৰেদি উৰা মাৰিলে যে বহুতে সিহঁতৰ পাখিৰ সেউজীয়া-বেঙুনীয়া জিলিকনিলৈকে দেখা পালে। পাখি মাৰি মাৰি সিহঁতে মাত দি গ’ল -‘পি-ৱিট পি-ৱিট’।

পলকতে কেইবাটাও কেমেৰাৰ ক্লিক ক্লিক শব্দ ভাঁহি আহিল। দূৰৈৰ সীমনাত চৰাইহাল নেদেখা হোৱালৈকে মানুহবোৰে বাইন’কুলাৰেৰে চাই ৰ’ল। তুলিকাৰ মন আচম্বিতে উভতি গ’ল শৈশৱৰ দিনবোৰলৈ। বাইন’কুলাৰ-কেমেৰা নোহোৱাকৈয়ে সিহঁতে কেৱল চৰাইৰ মাত শুনিয়ে আকাশলৈ মূৰ তুলি চাইছিল। গঙাচিলনীৰ যোৰবোৰলৈ চাই চাই সিহঁত তেতিয়া বানপানীৰ আশংকাত ডুব গৈছিল। অসমত বহুঠাইত এই গঙাচিলনীৰ মাতেই বানপানীৰ বতৰা লৈ আহে বুলিয়েতো বিশ্বাস কৰে! তাই জানে, সাত সাগৰ তেৰ নদীৰ সিপাৰে এই অজান্তি মুলুক ফাৰমানাতো বানপানী হয়। সেই বানপানীৰ সৈতে এই চৰাইবিধৰো তেনে কিবা সংযোগ আছে নেকি তাই জানিবৰ ইচ্ছা হ’ল। সেয়ে মনতে পাঙি থ’লে, এই কথাটো মাৰ্ক নাইবা কেলামকে সুধিব লাগিব।

‘কাৰলিউ ক্ৰুজৰ সকলোৱে দ্বীপটোৰ পাৰলৈ চকু দিয়কচোন।’ -মাইক্ৰ’ফোনত লিছাৰ মাত। ইতিমধ্যে নাওখন ডেভেনিছ দ্বীপৰ কাষ চাপিছে।

ঘোষণা শুনিয়েই ডেকৰ ওপৰৰ মানুহবোৰ নাৱৰ বাওঁফালে গৈ থিয় দিলেগৈ। লিছাই দেখুৱাই দিয়াৰ দৰেই সকলোৱে পাৰৰ জোপোহা কেইজোপাৰ কাষৰ শিলছটালৈ মন কৰিলে।

‘আহ, দেখিছোঁ দেখিছোঁ!’ অ’ৰলাৰ মাতটো প্ৰথমে চিৎকাৰৰ দৰে ওলাই শেষলৈ এটা ফুচফুচনিৰ দৰে হৈ পৰিল। যেন সেই বিস্ময়-উত্তেজনাৰ মাজতে তেওঁ উপলব্ধি কৰিলে যিকোনো ধৰণৰ আমনিয়ে চৰাইটোক খেদাই পঠোৱাৰ সম্ভাৱনা! তাৰ লগে লগে লিছাইয়ো সকলোকে অনুৰোধ কৰিলে কোনো ধৰণৰ হুলস্থুল বা আমনি নকৰাকৈ কাৰলিউ চৰাই দুটা চাবলৈ।

সকলোৱে অপলক নেত্ৰে কিন্তু নীৰৱে কাৰলিউ মাক আৰু পোৱালিটো পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে। সৰু কুকুৰা পোৱালি এটাৰ সমান মাকজনী। প্ৰথমেই চকুত পৰে অতিপাত দীঘল জোঙা ঠোঁটটো। জোঙা যদিও আউঁসীৰ জোনটোৰ দৰে ঘোৰখোৱা সেই ঠোঁট। মাকৰ তুলনাত পোৱালিটোৰ ঠোঁটটো সৰু আৰু পোন। মাকৰ সমগ্ৰ দেহটোত মিহি আৰু ঘনকৈ মুগা আঁচ। তলপেটতহে কিছু বগা ৰং দেখা গৈছে। মানুহবোৰৰ ফালে এবাৰ চাই মাকে মাত দিলে, ‘কাৰ-লিউ কাৰ-লিউ’ (হয়তো ওচৰতে ক’ৰবাত লুকাই থকা দেউতাকক এই বিৰাটকায় নাওখনৰ বিষয়ে সতৰ্ক কৰি দিলে, তুলিকাই ভাৱিলে!)। তাৰপিছত সতৰ্কতাৰে পোৱালিটোক শিলছটাৰ ফালে বাট দেখুৱাই লৈ গ’ল।

মানুহবোৰৰ মাজত কৌতুহল আৰু আনন্দৰ ভাৱ এটাই খেলা কৰি গ’ল! যেন এই মুহূৰ্তটোৰেই পলকতে তেওঁলোকে অপৰূপ প্ৰকৃতিৰ এক চমক দেখা পালে।

‘আৰু এটা পোৱালি আছে। সৌৱা শিলছটাৰ আঁৰ হৈ আছে।’

সেইফালে টোৱাই এটা বিয়াগোম কেমেৰাত ফটো তুলি থকা যুৱক এজনে ক’লে। কথাষাৰ শুনিয়ে বিপৰীত মূৰৰ পৰা কেইবাগৰাকী অভ্যাগত তেওঁৰ কাষলৈ দৌৰি গ’ল। দৌৰাৰ পৰতো যিমান পাৰি নিশব্দে ভৰিখন পেলাবলৈ চেষ্টা কৰিলে তেওঁলোকে। তাকে দেখি তুলিকাই হাঁহি পেলালে। হাঁহি হাঁহি সেইদিশে চাওঁতে তাইৰ যুৱকজনৰ চকুৱে চকুৱে পৰিল।

লখ আৰ্ণৰ অদৰুৱা বতাহে খেলি মেলি কৰি দিয়া চুলিৰে হাঁহো হাহোঁকৈ থকা এখন মুখ৷ দীঘল মুগা চুলিখিনি নিমিষতে তেওঁ পিছলৈ সামৰি নি পনিটেইল এডাল কৰি পেলালে। তাৰপিছত মানুহবোৰক তেওঁ ঠিক কোনখিনিতনো সেই পোৱালিটো দেখা পাইছে তাকে হাতৰ চিয়াঁৰেৰে বুজাবলৈ লাগিল। তুলিকাই নিজেও বাইন’কুলাৰ লৈ শিলছটালৈ চালে। তাৰ আঁৰত লুকাই পৰাৰ আগে আগে এপলকৰ বাবে দ্বিতীয়টো পোৱালিও দেখা পালে। তাই বুজিলে, মাকে সাম্ভাৱ্য বিপদৰ উমান পায়ে দুয়োটা পোৱালিক লুকুৱাই পেলাইছে।

ইতিমধ্যে কাৰলিউ ক্ৰুজ ডেভেনিছৰ পাৰৰ পৰা আঁতৰি গৈছে। লিছাই মাইক্ৰ’ফোনত কৈ উঠিছে, পোৱালিৰে সৈতে মাকক ইয়াতকৈ বেছি আমনি কৰা নাযায়। তুলিকাৰ চকুত পৰিল সেই যুৱকৰ চাৰিওকাষে এদল মানুহৰ জুম বান্ধিছে। এজন এজনকৈ তেওঁৰ কেমেৰাৰ লেনছত মানুহবোৰে চকু থৈছে।

‘ক’তা? ক’ত আছিল সেই দ্বিতীয় পোৱালিটো? আমি যে এটাহে দেখিলোঁ!’ তুলিকাৰ কাষ চাপি আহি অ’ৰলাই ক’লেহি। মাতত কিছু উত্তেজনা, কিছু হতাশা।

তেওঁৰ সৈতে এইবাৰ তুলিকাও থিয় দিলেগৈ যুৱকজনৰ কাষত। তেওঁ অ’ৰলাৰ লগতে সকলোকে আগ্ৰহেৰে মাক আৰু পোৱালি কাৰলিউ দুটাৰ ফটো দেখুৱালে। মানুহ এগৰাকীৰ প্ৰশ্নৰ উত্তৰত তেওঁ ক’বলৈ ধৰিলে, কাৰলিউ চৰাইৰ কথা, নেচাৰৰ কামৰ কথা।

‘নেচাৰে এই হ্ৰদৰ বহুতো দ্বীপত বাহ সজা কাৰলিউ চৰাইৰ জৰীপ কৰে। পোৱালীবোৰ কেনেকৈ বাঢ়িছে তাৰো চোৱা-চিতা কৰে। যোৱাবছৰ আগতকৈ কাৰলিউৰ সংখ্যা বাঢ়িছে বুলি জৰীপত ওলাইছিল। এইবছৰ বা কেনে হয়!’

তুলিকা অলপ আচৰিত হ’ল। কোন এওঁ? নেচাৰৰ কামৰ কথা ইমান জানে! তাই এতিয়ালৈকে লগ নোপোৱা নেচাৰৰে কোনোবা কৰ্মী বা স্বেচ্ছাসেৱী নেকি!

কিছু কৌতুহলেৰে তুলিকা দুখোজ কাষ চাপি আহিল। তাই কিবা সুধিবলৈ পোৱাৰ আগতেই যুৱকজনে ক’লে,

‘কাৰলিউৰ মাক আৰু পোৱালি দুটাৰ ফটোখন চাব নেকি?’

অলপ হাউলি লৈ কেমেৰাটো তেওঁ তাইৰ ফাললৈকে পোনাই দি ক’লে। তাৰ লগে লগে অলপ আগতে বান্ধি লোৱা পনিটেইলডালো কিছু হাউলি আহিল। তুলিকাই এতিয়াহে মন কৰিলে, তেওঁৰ মূৰৰ দুয়োকাষৰ চুলিখিনি আচলতে একেবাৰে চুটিকৈ কটা। মাজভাগৰ দীঘল ফিৰফিৰিয়া চুলিখিনিৰেহে সেই পনিটেইল হৈছেগৈ। তেওঁৰ চকুহাল যেন সূৰ্য্যৰ ৰেঙণিয়ে জিলমিলাই তোলা দুটোপাল সাগৰ। সেই সাগৰখনেই যেন নামি গৈ নীলা টিচাৰ্টত বুকু জুৰি বহি লৈছেগৈ। ডিঙিৰ সোঁফালে কিছুমান অবোধ্য আখৰৰ এশাৰী টাটু। সেই টাটুৱে যেন নীলিম সাগৰখনক ভেঁটা দিব খুজি তাতেই সৃষ্টি কৰিছে অলেখ-অসংখ্য ঢৌ!

‘কোন এওঁ??’ সুধিব খুজিও তুলিকাৰ একো মাত নোলাল। প্ৰায় যন্ত্ৰবৎভাৱেই তায়ো হাউলি লৈ কেমেৰাত চকু থ’লে।

‘ধুনীয়া!’ তুলিকাই কথাষাৰ কৈয়ে মূৰ তুলি চাই দেখে তেওঁ তাইলৈকে ৰ’ লাগি চাই আছে। এপলকৰ নীৰৱতা। তাৰপিছত ইতিমধ্যে আঁতৰি যোৱা মানুহ দুগৰাকীক কোৱাৰ দৰে তেওঁ তুলিকাক কৈ গ’ল নেচাৰৰ কামৰ কথা।

তুলিকাই টু শব্দ এটাও ক’ব নোৱাৰিলে। সেই উজ্বল দুচকুৰ পৰা দৃষ্টি আঁতৰাই আনিবলৈ তাইৰ কষ্ট হ’ল যেন। তাই বুজিলে নেচাৰ আয়াৰলেণ্ড লিখি থোৱা টুপীটো তাই কিছু আগতে খুলি পেলাইছিল। গতিকে তাই যে নেচাৰৰে কৰ্মী সেয়া এই যুৱকে গম পোৱাৰ কোনো উপায় নাই।

এনেতে আগৰবাৰৰ দৰেই আকৌ অভ্যাগতসকলৰ ডেকৰ সন্মুখভাগলৈ দুপ দুপ দৌৰ। তাকে দেখি তুলিকাই তৎক্ষণাত বাইন’কুলাৰ তুলি ল’লে। যুৱকজনেও কেমেৰাৰ লেনছ সাজু কৰি ডেকৰ সেইটো মূৰলৈ ততাতৈয়াকৈ খোজ দিলে।

‘সেইফালে সেইফালে’-কাৰোৱাৰ উচ্চাসিত মাত। তেওঁৰ কথা শেষ নহওঁতেই কাৰলিউ ক্ৰুজৰ সন্মুখত ধৰা দিয়া কণমানি দ্বীপটোৰ পৰা এজাক চৰায়ে একেলগে উৰা মাৰিলে। হয়তো হঠাৎ মটৰচালিত নাওখনৰ অৱস্থিতি গম পালে চৰাইবোৰে।

‘এইবোৰ ব্লেক হেডেড গাল। ক’লা-মূৰীয়া গাল চৰাই। বছৰ বছৰ ধৰি ইহঁতে এই দ্বীপৰ ইপাৰ সিপাৰ জুৰি অলেখ-অসংখ্য বাহ সাজেহি। এতিয়া তাত পোৱালি জগিবলৈ আৰম্ভ কৰিছেই।’ মাইক্ৰ’ফোনত ডেৰেনে ক’লে।

মানুহবোৰে তধা লাগি চালে সেই আকাশ ছানি ধৰিব খোজা গাল চৰাইৰ জাক। যেন কাৰলিউ ক্ৰুজৰ সামৰণিৰ মুহূৰ্তকেইটাও অপূৰ্ব কৰি তোলাৰ বাবেই সিহঁতৰ এই জাকৰুৱা প্ৰদৰ্শনী, সামূহিক কলকলনি।



আবেলি প্ৰায় তিনিমান বজাত ক্ৰুজ আহি জেটিত লাগিলহি। এজন এজনকৈ হাঁহি-মাতি অভ্যাগতসকল নামি গ’ল। প্ৰায়ভাগেই লিছা আৰু ডেৰেনক গৈ ধন্যবাদ জনালেগৈ। তুলিকাই গৈ সা-সামগ্ৰীবোৰ ক্ৰুজৰ পৰা নমাই গাড়ীত উঠোৱাত পিটাৰক সহায় কৰি দিলেগৈ। মানুহৰ মাজত বিলাই ৰৈ যোৱা নেচাৰ-সম্পৰ্কীয় বুকলেটৰ বাকচটো গাড়ীত তুলি থাকোঁতেই মাৰ্ক ওলালেহি।

তুলিকাই থতমত খাই গ’ল। মাৰ্কৰ লগতচোন এয়া ক্ৰুজত লগ পোৱা সেই নীলা চকুৰ ল’ৰাজন! তাইক দেখি ল’ৰাজনো অপ্ৰস্তুত হৈ গ’ল যেন!

‘হাই তুলিকা। এওঁক লগ পাইছানে? এওঁ ফাৰমানা হেৰল্ডৰ সাংবাদিক।’ মাৰ্কে চিনাকি দিলে।

‘হাই, মই ৰায়ান!’ যুৱকজনে তেওঁৰ হাতখন আগবঢ়াই দিলে৷

‘মই তুলিকা৷’ সৌজন্যমূলক কৰমৰ্দনৰ বাবে হাতখন আগবঢ়াবলৈ লৈয়ে তুলিকাৰ খেয়াল হ’ল তাই এতিয়াও বুকলেটৰ বাকচটো আধা উঠোৱাকৈয়ে ধৰি আছে। তাই কিছু অস্বস্তিৰে হাঁহিলে। ৰায়ানে আগবাঢ়ি আহি তাইৰ হাতৰ পৰা লৈ বাকচটো গাড়ীত তুলি দিলেহি।

‘তুমিও নেচাৰৰ বিষয়া বুলি জনাই নাছিলোঁ। সেয়ে অথনি ঢেৰ কিবাকিবি ক’লোঁ।’ অলপ লাজকুৰীয়া হাঁহি এটা মাৰি ৰায়ানে কৈ উঠিল। তাইৰ অস্বস্তিখিনি যেন লাহে লাহে কমি আহিল।

‘একো নাই, ময়ো নজনা কথা শিকিলোঁ।’ হাঁহি হাঁহি তাই ক’লে।

‘নেচাৰৰ পৰিৱেশ সংৰক্ষণৰ কামবোৰ এওঁ কেইবাবছৰ ধৰি ‘ফাৰমানা হেৰল্ড’ কাকতত কভাৰ কৰি আছে। সেয়ে আমাৰ প্ৰায়বোৰ কামৰ কথা ৰায়ানে গম পাই থাকে।’ মাৰ্কে ক’লে।

‘আমাৰ বাতৰি কাকতৰ কাৰণে আজিৰ কাৰলিউ ক্ৰুজ কভাৰ কৰিছোঁ। কাকতত ওলালে খৱৰ দিম বাৰু।’

এনেতে তুলিকাৰ ফোনৰ ৰিং। আছমা! খৰধৰকৈ দুয়োৰে পৰা বিদায় লৈ তুলিকা আঁতৰি আহিল। তাই জানে, আছমাই দৰকাৰী নহ’লে এনে সময়ত ফোন নকৰে।

তাই গাড়ীত বহেগৈ মানে ফোনৰ ৰিং বন্ধ হৈছে। তুলিকাই লগে লগে পুনৰ ফোন লগালে।

‘আছমা, কি খৱৰ? এনে অসময়ত কৰিলা যে?’

‘ভাল ভাল। লুকো মোৰ লগত আছে। আমি ক’ত আছোঁ কোঁৱাচোন।’ লাউদস্পীকাৰত ভাঁহি আহিল আছমাৰ উত্তেজিত কণ্ঠ!

‘হাই তুলিকা।’ লুকৰ মাত।

‘ক’ত আছা তোমালোক?’ কিছু আশ্চৰ্য্য, কিছু উত্তেজনাৰে তুলিঋ সুধিলে। 

‘আমি গৈ আছোঁ তোমাৰ তালৈ তুলিকা!’

‘কি! কেতিয়া?’ তুলিকাৰ উশাহৰ গতি খৰ হৈ পৰিল যেন!

‘ঘপকৈ মিটিং এখনৰ কাৰণে বেলফাষ্টলৈ আহিব লগাত পৰিলোঁ৷ আজি পাইছোঁহি৷’ লুকে ক’লে।

‘কি কোৱা! বেলফাষ্টত আছা যদি মোক লগ নকৰাকৈ যাব নোৱাৰিবা দেই!’

‘আৰে, সেইকাৰণেইতো খৱৰ কৰিছোঁ তোমাৰ!’ লুকে হাঁহিবলৈ ধৰিলে। তুলিকাৰ মনটো ৰাঙলী হৈ আহিল।

‘তোমাৰ মিটিং কেতিয়া?’

‘কাইলৈ পুৱা দহ বজাত৷ তাৰ পিছত ফ্ৰী৷ ইয়াৰ পৰা কিমান সময় লাগিব তোমাৰ ফাৰমানালৈ?’

‘নিজৰ গাড়ী চলাই আহা যদি প্ৰায় দুঘন্টা! আহি যোৱা, মই কাইলৈৰ দিনটো ছুটি লৈ ল’ম৷’

‘হেই নালাগে ছুটিৰ কোনো দৰকাৰ নাই৷ মিটিং শেষ কৰি আমি সন্ধিয়া পাঁচ বজাৰ পিছত পামগৈ৷ তাৰপিছত উইক এণ্ড যেতিয়া শনি-দেও দুটা বন্ধ দিন পাবাইচোন।’ আছমাই বুজনিৰ সুৰত ক'লে।

‘ঠিক আছে৷ আহা তেন্তে, কাইলৈ লগ পাম।’

‘কেন্ট ৱেইট! ৰ’ৱই পৰা নাই!’ ফোনত কথা সামৰাৰ পিছতো তুলিকাৰ মুখৰ পৰা যেন হাঁহিটো যাবই নুখুজিলে।

এই বিদেশৰ মাটিত তাইৰ প্ৰথম বন্ধু- আছমা আৰু লুক। দুয়োৰে সৈতে ফাৰমানাত একেলগে সময় কটোৱাৰ হেঁপাহটোৱে তাইক উৎফুল্লিত কৰি তুলিলে। ক’লৈ ক’লৈ ফুৰাবলৈ নিব বাৰু? উজনি লখ আৰ্ণৰ কাণ্ট্ৰিছাইড? মাহ’ৰ ক্লিফ? নামনি লখ আৰ্ণত আজিৰ দৰেই নাৱেৰে ফুৰিও ভাল লাগিব। আস্‌ তাই আজিয়ে থকা-খোৱাৰ বজাৰ কৰিব লাগিব। এপাৰ্টমেণ্টটো ঠিক-ঠাকো কৰিব লাগিব।

‘ঠক্‌ ঠক্‌।’ গাড়ীৰ খিৰিকীত টোকৰ শুনি তুলিকা উচপ খাই উঠিল।

‘ৰায়ান!’ তাইৰ দুচকুত কিছু বিস্ময়!

তাই খপজপকৈ চুইচ টিপি খিৰিকীৰ গ্লাছ নমালে।

‘হাই!’

‘হাই!’

‘তোমাক কথা এটা সুধিবলৈ থাকি গ’ল। সেয়ে আহিলোঁ।’

‘কোঁৱাচোন!’

‘মই লিছা আৰু মাৰ্কৰ কাম আমাৰ কাকতত কভাৰ কৰিছোঁ। তোমাৰো কৰিব পাৰিমনে?’

তাইৰ মনতে খোকোজা লাগিল। আৰম্ভ কৰিছেহে ইয়াত। এতিয়াই বাতৰি-কাকতত উলিয়াব পৰাকৈ কিনো কৰিছে! তাতে মিডিয়া-কেমেৰা এইবোৰৰ সৈতে তাই বৰ অসহজবোধ কৰে।

‘মাৰ্কৰ সৈতে পাতিছিলোঁ। তেওঁ ভাল হ’ব বুলিয়ে ক’লে।’ তাইক কিছু বিবুদ্ধিত পৰা যেন দেখিয়ে হয়তো ৰায়ানে যোগ দিলে।

‘হয় নেকি! মই একেবাৰে নতুন এতিয়াও। ভাৱি চাই জনাম বাৰু।’ তাই যেন কেনেবাকৈ পলাব পাৰিলেই ৰক্ষা পায়!

‘ঠিক আছে। কোনো কথা নাই। সময় লোৱা-পিছত ময়ে আকৌ এবাৰ মনত পেলাই দি ইমেইল কৰিম। তোমাৰ যদি কিবা কাৰ্ড আছে ….’

তুলিকাই মুগাবৰণীয়া পাৰ্ছটোৰ পৰা উলিয়াই তাইৰ কাৰ্ডখন আগবঢ়াই দিলে।

তুলিকা বৰুৱা
কনজাৰভেশ্যন অফিচাৰ, নেচাৰ
এনিছকিলেন, ফাৰমানা

তাৰ তলতে তাইৰ অফিচৰ ইমেইল আইডি আৰু ফোন নম্বৰ। সোঁফালে এজোপা গছৰ ছৱি। পাতবিহীন কিন্তু ঠাল-ঠেঙুলীৰে ভৰা এজোপা পৰিপূৰ্ণ গছ। ট্ৰি অব লাইফ!

‘বনৰীয়া ফুলৰ কাৰ্ড!’ ৰায়ানে কাৰ্ডখনত চকু দি ক’লে।

‘হয়, কাৰ্ডতে গুটিবোৰ সোমাই আছে। কাৰ্ডখন ৰুই দিলে সেই গুটিৰ পৰা বনৰীয়া ফুল গজিব।’ যিমান হেপাঁহেৰে এই কাৰ্ডখন অৰ্ডাৰ কৰিছিল সিমান গৌৰৱ দুচকুত সানি লৈ তুলিকাই ক’লে।

‘এতিয়াইতো ৰুই দিব নোৱাৰোঁ! তাৰ বাবে সময় লাগিব তেন্তে!’

তাৰ উত্তৰত কিনো ক’ব ভাৱি নাপাই তাই নীৰৱ হৈ ৰ’ল। সিও। মাথোঁ দুটামান মুহূৰ্তৰ বাবে৷ কিন্তু তাইৰ ভাৱ হ’ল, এটা যেন যুগ পাৰ হৈ গ’ল৷ সিহঁতৰ মাজত।

‘পিছত তোমাক জনাম তেন্তে।’

‘আকৌ লগ পাম তুলিকা। বাই।’

‘বাই।’

গাড়ীৰ ষ্টাৰ্ট দিও এপলকৰ বাবে তুলিকা থমকি ৰ’ল। দীঘলকৈ উশাহটো টানি লৈ তাই মনটো শান্ত কৰাৰ চেষ্টা কৰিলে। তাইৰ হৃদয়ত কিয়ইবা ইমান উখল মাখল!

ৰেডিঅ’টো পকালে তাই। অহৰহ ব্ৰেক্সিটৰ বাতৰি। টেৰেচা মে’ৰ নতুন ব্ৰেক্সিট চুক্তিয়ে কাৰো সমৰ্থন নাপাই বেয়াকৈ মুখ ঠেকেচা খাইছে। এসপ্তাহৰ পিছতে আজি তেওঁ ঘোষণা কৰিছে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিব।

তুলিকাৰ সেয়া শুনাৰ ইচ্ছা নহ’ল। কেইবাটাও চেনেল পকাই পকাই এটা সময়ত তাই ৰৈ গ’ল ৰেডিঅ’ আলষ্টাৰত। তাত ভাঁহি অহা গেলিক ভাষাৰ সুৰ এটাৰ লগে লগে তাই গাড়ী এৰি দিলে ঘৰলৈ বুলি।

 ফাৰমানা (প্ৰথম খণ্ড)

No comments:

Post a Comment