Saturday 29 July 2023

এলবাৰ্টা ১১০: পানীকাউৰী বিচাৰি

বনীভিলৰ বাটত

'তোমাৰ গাড়ীখন সেই পাৰ্কিঙৰ শাৰীটোতে থাকিব। সেয়া চৰকাৰী গাড়ীৰ কাৰণে সংৰক্ষিত ঠাই।' অফিচৰ খিৰিকীয়েদি বাহিৰত বিশাল পাৰ্কিং লটটোলৈ আঙুলীয়াই জেফে ক'লে। জেফ আমাৰ অফিচৰ প্ৰশাসনিক সহায়।

হাতত গাড়ীৰ চাবি আৰু লগবুকখন লৈ ওলাই আহিলোঁ। পাৰ্কিং লটত থিয় দি চাবি টিপাৰ লগে লগে চৰকাৰী জীপৰ শাৰীটোৰ পৰা এখনে মাত দি উঠিল, 'পেপ!!'

অঁ, সেইখনেই তেন্তে! বগা জীপ চাৰ'কী গাড়ী। এডমণ্টনৰ ট্ৰেফিক আৰু গ্ৰীষ্মৰ চোকা ৰ'দজাক ঠেলি মোৰ গাড়ীখন আগবাঢ়িল। 

এইবাৰ মোৰ লক্ষ্যস্থান বনীভিল। এলবাৰ্টাৰ পূব প্ৰান্তত থকা এখন কণমানি নগৰ। এডমণ্টনৰ পৰা বনীভিললৈ দুৰত্ব প্ৰায় আঢ়ৈশ কিলোমিটাৰ। প্ৰথমবাৰৰ বাবে এলবাৰ্টা প্ৰদেশত নিজে গাড়ী লৈ ইমান দূৰলৈ অকলে ওলাইছোঁ। অৱশ্যে গুগল মেপে বাট চিনি পোৱাত অকণো অসুবিধা হ'বলৈ দিয়া নাই। মহানগৰৰ অকোঁৱা পকোঁৱা বাটবোৰ পাৰ কৰি আধাঘণ্টা নহওঁতেই ঘাইপথত উঠিলোগৈ।

ইয়াৰ ঘাইপথবোৰ সৰলৰেখাৰ দৰে পোন। গতিকে সেই হিচাপত ঘাইপথৰ গাড়ীৰ গতিও দুৰন্ত। ঘণ্টাত এশ কিলোমিটাৰৰ তলত কোনেও গাড়ী নচলায়। তাতকৈ লাহেকৈ চলালেহে বিপদজনক বুলি ধৰা হয়।

ঘাইপথ একেই যদিও যিমানেই আগবাঢ়িলোঁ, মোৰ সন্মুখত আৰু বাটৰ দুয়োকাষে ছবিবোৰ ঘনে ঘনে সলনি হ'ল। মহানগৰৰ পৰা ওলায়ে দেখা পালোঁ চকুৰে মনালৈকে সেউজীয়া ঘাঁহনিত মেৰাই মেৰাই প্ৰকাণ্ড বেইলবোৰ বনাই ৰাখিছে। এই বেইলবোৰেই শীতকালি গৰু-ঘোঁৰাক দানাৰ যোগান ধৰিব। 

তাৰপিছত চকুত ধৰা দিলে বিশাল খেতি-পথাৰ। কিছুমানত বাৰ্লিৰ সেউজীয়া। কিছুমানত কেন'লাৰ হালধীয়া। কেন'লা আমাৰ সৰিয়হৰ দৰে খোৱা তেলৰ এবিধ শস্য। সৰিয়হৰ দৰেই ফুলবোৰো হালধীয়া। মাজে মাজে পাৰ হৈ গ'লোঁ একো একোটা ফাৰ্মহাউচ- স্থানীয় ভাষাত যাক কোৱা হয় এক্ৰেজ। বিশাল এডোখৰ মাটিত বাঁৰী আৰু অৰণ্যৰে একোটা ঘৰ। ইয়াত বহু লোকে মহানগৰৰ পৰা আঁতৰি এনেকৈ নিজা এক্ৰেজত মুকলিমুৰীয়াকৈ থাকিবলৈ পছন্দ কৰে।

কেন'লাৰ হালধীয়া

কেইবাটাও বিশাল হ্ৰদ ইটোৰ পিছত সিটোকৈ পাৰ হওঁতে বুজিলোঁ বনীভিল পাবলৈ বেছি পৰ নাই। এই ঠাইক হ্ৰদৰ জিলা বা লেক ডিষ্ট্ৰিক্ট বুলি কোৱা হয়। বনীভিল নগৰখন জেছী হ্ৰদৰ পাৰতে লাগি আছে। পশ্চিমৰ বাটটোৰে বনীভিললৈ সোমালোঁ বাবে বাটতে দেখা পালোঁ বিশাল মুছ হ্ৰদ আৰু পাৰৰ শাৰী শাৰী অট্টালিকাবোৰ। পূবেও অন্য কেইবাটাও হ্ৰদ। সেয়ে এই ঠাই মাছ ধৰা, চিকাৰ কৰা আদিৰ বাবেই জনপ্ৰিয়। তাতে কেইবাটাও তেল কোম্পানীয়ে ইয়াত থিতাপি লৈছে। গতিকে কোম্পনীৰ প্ৰাচুৰ্যয়ো ইয়াৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে।

এই ঠাই, ইয়াৰ প্ৰকৃতি আৰু বিকাশৰ সমতাৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰিলোঁ।  সন্ধিয়া হোটেল পাওঁগৈ মানে এজাক বৰষুণ নামিল। ধুই নিলে গ্ৰীষ্মৰ আৰ্দ্ৰতা আৰু দিনটোৰ ভাগৰ। আগ্ৰহেৰে বাট চাই ৰ'লোঁ এই ঠায়ে সাঁচি ৰখা নতুন কাম আৰু অভিজ্ঞতাখিনিলৈ।

বনীভিলৰ পানীকাউৰী

বনীভিল নগৰখন তেনেই সৰু। নগৰৰ মাজেদি মূল বাট এটাই। নাম মেইন ষ্ট্ৰীট। সেই বাটেৰেই গৈ কাষতে থকা ইটাৰঙী বিশাল বিল্ডিংটোত গাড়ী ৰখালোঁগৈ। সেয়া বনীভিলৰ প্ৰভিন্সিয়েল বিল্ডিং।এলবাৰ্টাৰ অন্য সৰু ঠাইবোৰৰ দৰেই ইয়াতো এই প্ৰভিন্সিয়েল বিল্ডিঙতে সকলোবোৰ চৰকাৰী বিভাগ আছে। 

বনীভিলৰ আদৰণি তোৰণ, কাষত প্ৰভিন্সিয়েল বিল্ডিং

বিল্ডিঙৰ সন্মুখতে মোৰ বাবে জেছনে বাট চাই আছিল। মোক দেখিয়ে তেওঁ হাত জোকাৰিলে।

'হাই জেছন!'

'হাই! পালাহি তুমি!'

মুগাৰঙী চকু আৰু চুলিৰে জেছন ওখ-পাখ ডেকা ল'ৰা। বয়স প্ৰায় পঁচিছৰ ভিতৰত হ'ব। এইবাৰহে প্ৰথম মুখামুখিকৈ তেওঁক লগ পাইছোঁ যদিও আগতে দুবাৰমান অনলাইন আলোচনাত বহিছোঁ।

জেছনেই মোক আমাৰ বিভাগীয় অফিচলৈ লৈ গ'ল। তাত সকলোৰে লগত চা-চিনাকি হৈ কামৰ আলোচনাত বহিলোঁ। কাৰণ মই ইয়ালৈ অহাৰ উদেশ্যই হ'ল, জেছনৰ ফিল্ডৱৰ্কত সহায় কৰা। 

'বনীভিলৰ পানীকাউৰীৰ গৱেষণাৰ কথা অলপ-অচৰপ গম পাইছাই চাগৈ?' টেবুলৰ ফাইলৰ পৰা কেইবাখনো মেপ উলিয়াই লৈ জেছনে সুধিলে।

'দুবছৰ আগতে এই প্ৰকল্পটো কেনেকৈ আৰম্ভ হৈছিল সেয়া জানোঁ বাৰু।' মোৰ কথাত তেওঁ হাঁহিলে।

'অঁ তেন্তে জানাই- এই প্ৰকল্পৰ কাৰণ মূলত: ৰাজনৈতিক। ইয়াৰ মাছুৱৈৰ গোটে হ্ৰদবোৰত জাকে জাকে পানীকাউৰী দেখি চৰকাৰৰ ওচৰত পানীকাউৰীৰ নিয়ন্ত্ৰণৰ বাবে আবেদন জনালে। তেওঁলোকৰ আশংকা আছিল যে পানীকাউৰীয়ে মাছ খাই শেষ কৰিলে তেওঁলোকে ধৰিবলৈ একোৱে নাথাকিব। এই আপত্তি গৈ এটা সময়ত আমাৰ বিভাগীয় মন্ত্ৰীৰ সন্মুখত পৰিলগৈ। গতিকে মন্ত্ৰীৰ উদ্যোগতে এই প্ৰকল্প আৰম্ভ হ'ল। উদেশ্য হ'ল পানীকাউৰীবোৰ ক'ৰ পৰা আহিছে, কোনটো হ্ৰদত কি খাইছেহি আৰু ইয়াৰ মাছৰ আবাদীৰ ওপৰত সিহঁতৰ প্ৰভাৱৰ পৰ্য্যবেক্ষণ।'

কানাডাত মাছুৱৈ গোটবোৰ যথেষ্ট প্ৰভাৱশালী। সমগ্ৰ কানাডাতে অলেখ-অসংখ্য হ্ৰদ- তাত মাছো পৰ্য্যাপ্ত। শুনামতে বিভাগীয় মন্ত্ৰীগৰাকী নিজেও এক মাছুৱৈ। গতিকে সেই দিশটোৱে যে এই প্ৰকল্পত অধিক প্ৰাধান্য পাব সেয়া নিজেই অনুমান কৰি ল'লোঁ।

জেছনে আমি জৰীপ কৰিবলগীয়া ঠাইবোৰ মেপত দেখুৱালে। জৰীপৰ পদ্ধতি সমূহ বুজাই ক'লে। কালিৰ নিশাৰ বৰষুণ আৰু বতাহজাক তেতিয়াও একেদৰেই আছিল। গতিকে জেছনে ক'লে,

'কাইলৈ পুৱাতে জৰীপ কৰিবলৈ ওলাম দিয়া। আজি বতৰ নাদাঙিবই কিজানি!'

পানীকাউৰী বিচাৰি

পিছদিনা পুৱাতে জেছনক লগ কৰিলোঁ। তেওঁৰ ফিল্ড ট্ৰাকখনত উঠিবলৈ দুৱাৰখন খুলি দি জেছনে ততাতৈয়াকৈ ছিটটো চাফা কৰিলে।

ছিটটোত সিঁচৰতি হৈ থকা মুগা চানেকীয়া নোমবোৰ হাতেৰে আঁতৰাই আঁতৰাই অলপ অস্বস্তিৰে মোক ক'লে,

'মোৰ কুকুৰজনী সদায় ইয়াতে বহি মোৰ লগত জৰীপলৈ যায়। তুমি কুকুৰ বেয়া নোপোৱা নহয়?'

ভিতৰলৈ জুমি চাই দেখিলোঁ, হয়! গাড়ীৰ পিছৰ ছিটত বহি আছে এজনী কুকুৰ। মুগা আৰু ক'লা ৰঙী দেহটোত এহালি শান্ত চকু। মই লাহেকৈ তাইৰ ডিঙিত হাত বুলাই দিলোঁ।

'নাই কিয় বেয়া পাম! কি নাম তাইৰ?'

'বেইলী!'

বেইলীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবলৈ মোৰ বেছি সময় নালাগিল। জেছনৰ ট্ৰাকখন বনীভিলৰ পৰা ওলাই মুছ হ্ৰদৰ দিশে গতি ল'লে। গোটেই বাটটো বেইলীয়ে পিছৰ ছিটৰ পৰাই মোৰ কান্ধত মূৰটো লগাই শান্তভাৱে আমাৰ কথা-বতৰা শুনি গ'ল।

মুছ হ্ৰদৰ পাৰত বেইলী

মুছ হ্ৰদৰ পাৰ পাই জেছন আৰু মই মিলি জৰীপৰ সা-সৰঞ্জামবোৰ উলিয়ালোঁ। হ্ৰদটো যথেষ্ট বিশাল- সেয়ে ইয়াৰ পাৰত পাঁচখন ঠাইৰ পৰা পানীকাউৰীৰ নিয়মীয়া জৰীপ হয়, জেছনে ক'লে।

এই পাৰটোৰ নাম পেলিকান পইণ্ট। তাকে প্ৰমাণ কৰি আমাৰ স্পটিং স্ক'প বা টেলিস্কোপত প্ৰথমেই ধৰা পৰিল এমেৰিকান হুৱাইট পেলিকানৰ এটা জাক। কমেও ৫০-৬০ টা পেলিকানে কিছু দূৰৈৰ পানীৰ মাজলৈ ওলাই থকা পাৰ এটাত জিৰণি লৈছে। সিহঁতৰ শুভ্ৰ দেহ, বিয়াগোম ঠোঁট আৰু জলকেলি চাই চাই মোৰ মন ভৰি গ'ল।

ক্ষন্তেক পিছতে আমাৰ সন্মুখেৰে উৰি গ'ল তিনিটা গাল চৰাই। সিহঁতৰ বগা দেহত ক'লাৰঙী মূৰ আৰু গোলাপী ঠেং দেখি চিনি পালোঁ এয়া ফেংকলিন গালৰ প্ৰজাতি।

'আহ, পানীকাউৰী!' গাল কেইটা চাই থাকোঁতেই আকাশত ধৰা দিলে আঠটা পানীকাউৰী! মই উলাহতে প্ৰায় চিঞৰি উঠিলোঁ।

সিহঁতৰ ক'লা কিচকিচিয়া দেহটোৰ একমাত্ৰ ঠোঁটটো পাতল বৰণৰ। সাপৰ দৰে ক্ষীণ আৰু দীঘল ক'লা ডিঙি। ঠোঁটৰ গুৰিতে মুখখনত থকা কমলা দাগটো দূৰৈৰ পৰাই জিলিকি আছে। সেয়ে সিহঁতক চিনি পাবলৈ মোৰ কষ্ট নহ'ল। এইবিধ চৰাই দেখাত আমাৰ অসমৰ পানীকাউৰীৰ দৰে প্ৰায় একে হ'লেও উত্তৰ আমেৰিকাৰ এই প্ৰজাতিটো ভিন্ন। এইবিধৰ নাম Double-crested Cormorant। এই জলচৰ চৰাইবিধৰ প্ৰধান খাদ্য মাছ। অসমৰ পানীকাউৰীৰ দৰেই ইহঁতেও জাক পাতি ক'লনি সাজি জলাশয়ৰ পাৰত বাস কৰে।

উত্তৰ আমেৰিকাৰ পানীকাউৰী (Double-crested Cormorant);
ফটো: ৱিকিকমন্স 

হ্ৰদৰ প্ৰতিটো খণ্ড জেছনে আঁচ টানি লৈ 'এ', 'বি', 'চি' কৈ মেপত  ভগাই ৰাখিছে। পানীকাউৰীকেইটা তাৰে কোনটো খণ্ডৰ পৰা কোনটোলৈ উৰা মাৰিলে তাকে আমি মেপত আঁকি পেলালোঁ।

'এই কাঁড়চিন আৰু ৰেখাডালেই বিশ্লেষণৰ সময়ত পানীকাউৰীবোৰে লোৱা উৰণ পথটো দেখুৱাব।' জেছনে মোক জনালে। তাৰ উপৰিও কিমান সময়ত কেইটা পানীকাউৰী দেখা পালোঁ, সিহঁতৰ ব্যৱহাৰ আদি সকলোবোৰ তথ্যৰ তেওঁ টোকা কৰি গ'ল। 

এঘণ্টাৰ সেই জৰীপত আৰু পানীকাউৰীৰ জাকে ধৰা নিদিলেহি। কিন্তু দেখা পালোঁ হ্ৰদৰ পানীত জলকেলি কৰি থকা বহুতো জলচৰ হাঁহৰ প্ৰজাতি। সেইবোৰৰো চিনাক্তকৰণ কৰি আমি টোকা কৰিলোঁ। বেইলীয়ে প্ৰথমেই মুকলি হৈ পাৰৰ জোপোহাবোৰত কিছুপৰ দৌৰি-ঢাপৰি ফুৰিলে। তাৰপিছত জৰীপৰ সময়ছোৱা আমাৰ কাষতে গা পেলাই হ্ৰদৰ ৰেহ-ৰূপ চাই ৰ'ল।

মুছ হ্ৰদত পানীকাউৰীৰ জৰীপ

'এতিয়ালৈকে কি গম পাইছা তোমালোকে?' সিদিনা মুছ হ্ৰদৰ পাৰৰ তিনি ঠাইত জৰীপ সামৰি লৈ উভতনিৰ বাটত জেছনক সুধিলোঁ।

'বহু কথাই! আচলতে পানীকাউৰীবোৰৰ কোনো বাহ বা ক'লনি ইয়াত নাই। দক্ষিণৰ হ্ৰদ এটাৰ পৰা ইহঁত ইয়ালৈ আহে। সিহঁতে খোৱা মাছবোৰ মানুহে বৰশীত ধৰি ভালপোৱা ডাঙৰ 'ৱাল আই' মাছো নহয়।'

গম পালোঁ, এই জৰীপৰ উপৰিও জেছনে পানীকাউৰীৰ পিঠিত ট্ৰেন্সমিটাৰ সংযোগ কৰি সিহঁতৰ চলন অধ্যয়ন কৰিছে; হ্ৰদৰ মাছৰ সংখ্যা আৰু প্ৰজাতি পৰীক্ষা কৰিছে; বন্যজীৱ কেমেৰা পাতিও পানীকাউৰীৰ আচৰণৰ অধ্যয়ন কৰিছে। মুঠতে মাছুৱৈ গোটৰ আপত্তিৰ সত্যতা পৰীক্ষা কৰাৰ প্ৰায় সকলোবোৰ বৈজ্ঞানিক উপায় এই প্ৰকল্পই সামৰি লৈছে।

'আমাৰ প্ৰাৰম্ভিক পৰীক্ষাত ইতিমধ্যে ধৰা পৰিছে, মাছৰ সংখ্যা কমাৰ কাৰণ পানীকাউৰী নহয়। অন্য বহুতো কাৰণ আছে। যিবোৰ মানুহেই সৃষ্টি কৰা। আজি তুমি নিজেই দেখিলা কেনেকৈ হ্ৰদবোৰৰ পাৰতে মানুহে অট্টালিকা সাজিছে, খেতিত ৰাসায়নিক সাৰ দিছে। সকলোবোৰ জাবৰ-জোঁথৰ উটি আহি হ্ৰদৰ পানী দূষিত কৰিছে।মাছৰ উপযোগী বসতিস্থান কমাই আনিছে। তাৰ উপৰিও জলবায়ু পৰিবৰ্তনৰ ফলতে পানীৰ স্তৰো কমি আহিছে। এই সকলোবোৰে মাছৰ বৈচিত্ৰতা কমাই আনিছে। মাছুৱৈ গোটৰ বাবে এইবোৰ মন কৰাটো টান কাম। সেয়ে চকুৰ সন্মুখতে দেখা পোৱা পানীকাউৰী কেইটাৰ ওপৰতে বদনাম পৰে।!'

জেছনৰ কথাখিনিয়ে মোক ভবাই তুলিলে। সঁচাই, মানুহে নিজে সৃষ্টি কৰা এনে সমস্যা বা প্ৰাকৃতিক অসমতাবোৰৰ দায়বদ্ধ্বতা কেতিয়াবা স্বীকাৰ কৰিবনে?এই ধ্বংসাত্মক কামবোৰ কেতিয়া কেনেকৈ বন্ধ হ'ব? কেতিয়া ক্ষন্তেকীয়া সমাধানৰ সলনি মানুহে সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ গুৰুত্ব বুজি পাব? 

বনীভিল বীচ্চৰ পৰা মুছ হ্ৰদ

মিষ্টাৰ মাইকত এসন্ধ্যা

পিছদিনা ক'লীন আৰু ডায়েনায়ো জৰীপত অংশ ল'লে। জেছনক সহায় কৰিবলৈকে। এলবাৰ্টাৰ উত্তৰ-পূবত কেৱল ক'লীন, ডায়েনা আৰু ময়ে চৰকাৰী জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী। উত্তৰ-পূবৰ তিনিটা পৃথক অঞ্চলৰ বন্যজীৱ সম্পৰ্কীয় সকলো দায়িত্ব আমাৰ তিনিগৰাকীৰ ওপৰত। কিন্তু নিজৰ আগ্ৰহ অনুসৰি পানীকাউৰীৰ এই প্ৰকল্পৰ দৰে সমগ্ৰ প্ৰদেশখনতে চলি থকা যিকোনো চৰকাৰী প্ৰকল্পত সহায় কৰাৰ সুযোগ-সুবিধাও পাওঁ।

পানীকাউৰীৰ প্ৰকল্পৰ লগতে সুযোগ মিলাই এইবাৰ প্ৰথমবাৰৰ বাবে আমি তিনিওগৰাকী জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী লগ হ'লো। ক'লীনে কোৱাৰ দৰে বনীভিলত জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানীৰ আক্ৰমণ!

কাম শেষ কৰি একেলগে ৰাতিৰ সাজ খোৱাৰ আয়োজন হ'ল। বনীভিলৰ মেইন ষ্ট্ৰীটতে থকা মিষ্টাৰ মাইক ৰেষ্টোৰাঁত।

খৱৰ আহিল, আজি পুৱাতে এলবাৰ্টাৰ পশ্চিম প্ৰান্তত বনজুইৰ কামত লাগি থকা চৰকাৰী হেলিকপ্টাৰ এখন দুৰ্ঘটনাত পতিত হৈছে। পাইলটগৰাকী থিতাতে নিহত হৈছে। 

খৱৰটোৱে আমাক পুনৰ যেন এক আশংকাত ডুবাই পেলালে। ইতিমধ্যে আমাৰে অন্য দুগৰাকী সহকৰ্মী হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ কোনোমতে মৃত্যুমুখৰ পৰা বাচিছে। বনজুইৰ কামত অপৰিহাৰ্য্য, কিন্তু বন্যজীৱৰ জৰীপতো আমি সঘনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰাটো কিমান জৰুৰী-তাৰ প্ৰশ্ন উঠিছে। আজিও তাকে লৈ বিশদ আলোচনা হ'ল।

সেই বিষয়ে যেন বাট এৰি দিলে অন্য বিষয়লৈ। চৰকাৰী কামৰ নানা প্ৰত্যাহ্বান বোৰলৈ। অন্য সকলো চৰকাৰৰ দৰেই এলবাৰ্টা চৰকাৰৰো নানা সমস্য়া আছে, নানা বিতৰ্ক আছে। চাকৰিৰ স্থায়ীত্ব আৰু সুৰক্ষা থাকিলেও সঘনাই হোৱা চৰকাৰৰ পুনৰ্সংগঠনে আমাক বাৰে বাৰে হলঠেকত পেলাই আহিছে। দীৰ্ঘম্যাদী পৰিকল্পনাত বাধা আনি দিছে। তাৰোপৰি ৰাজনৈতিক প্ৰভাৱবোৰটো থাকেই। এই পানীকাউৰী প্ৰকল্পই তাৰ এটা উদাহৰণ!

'আমি যদি প্ৰকৃতি সংৰক্ষণৰ বাবে যুঁজিব নুখুজিলোঁহেতেন,  এয়া মাথোঁ এটা চাকৰি বুলি ধৰিলোঁহেতেন তেন্তে কথাবোৰ কিজানি বহু সহজ হৈ পৰিলহেতেন!' ক'লীনে ক'লে।

ক'লীনৰ কথাষাৰ মোৰ হৃদয়ৰ গভীৰলৈকে শিপাই গ'ল। ক'লোঁ,

'ক'লীন, সেইকাৰণেইতো আমি সকলোবোৰ এই পদবীত আছোঁ। নহয় জানো? আমাৰ সাৰ্মথ্যৰে প্ৰকৃতিৰ হকে যুঁজি যাবলৈ, ভিতৰৰ পৰাই এই প্ৰক্ৰিয়াৰ সংশোধন কৰিবলৈ!'

অন্তত: মই নিজকে এইদৰেই সদায়ে সোঁৱৰাই আহিছোঁ। ক'লীন আৰু ডায়েনায়ো হয়ভৰ দিলে। দুয়ো মোতকৈ বহু বেছি অভিজ্ঞ। দুয়োৰে অৱসৰৰ সময় ওচৰ চাপিছে। মোৰযে এয়া আৰম্ভণিহে। দুয়োকে এই সুযোগতে ক'লোঁ, মোক তেওঁলোকৰ সহায় আৰু দিহা-পৰামৰ্শৰ দৰকাৰ। যিমান বাধা থাকিলেও মোৰ অঞ্চলটোত বহু হেঁপেহুৱা কাম আৰম্ভ কৰিছোঁ- উদ্যোগ আৰু প্ৰকৃতিৰ সমতা আনিবলৈ, নিজৰ সামৰ্থ্যৰে এই অপূৰ্ব ব'ৰিয়েল অৰণ্যৰ প্ৰতিৰক্ষাৰ বাবে যুঁজিবলৈ। আমি যেন তিনিও তিনিওকে নীৰৱে সেই প্ৰেৰণা আৰু মনোবল যোগালোঁ।  

সেই আলোচনাৰ মাজত ডুবি থাকি কিমান সময় পাৰ হ'ল গমকে নাপালোঁ যেন। এটা সময়ত চাৰিওফালে চাই মই অলপ চক খাই উঠিলোঁ। মানুহেৰে গিজগিজাই থকা মিষ্টাৰ মাইক কেতিয়াবাই নিজান হৈ পৰিছে। আমাৰ বাহিৰে চৌদিশৰ টেবুলবোৰ খালী। ৰেষ্টোৰাঁৰ কৰ্মীসকলো এনেয়ে ইফাল সিফাল কৰি যেন আমি যোৱালৈকে বাট চাই আছে।

'কিমান বাজিল বাৰু? মাজৰাতিয়ে হ'ল নেকি?'

'মাজৰাতি হ'বলৈ বেছি সময় নাই আৰু। উঠো আৰু ব'লা।' ঘড়ী চাই হাঁহি হাঁহি ক'লীনে ক'লে।

'ঠিকেই এইবোৰ কথাৰতো শেষ নহ'ব কেতিয়াও। আমি মাথোঁ আমাৰ কামহে কৰি যাব পাৰোঁ নহয় জানো?' মই ক'লোঁ।

'লগতে মাজে মাজে এই বন্যজীৱ বিজ্ঞানীৰ আক্ৰমণবোৰো হৈ থাকিব লাগে।'  ডায়েনাই কৈ উঠিল।

তিনিও হয়ভৰ দি ওলাই আহিলোঁ। বনীভিলত মোৰ এই শেষ নিশাটো অনুভৱৰ উখল-মাখলত বহু পৰলৈ উজাগৰী হৈ ৰ'ল।

[বি:দ্ৰ: গোপণীয়তা ৰক্ষাৰ হেতু সহকৰ্মীসকলৰ নাম সলনি কৰি দিয়া হৈছে]

পূৰ্বৰ খণ্ডসমূহ:

1 comment:

  1. মই তপন ডেকাৰ ব্লগ পোষ্টত এটা মন্তব্য(comment) পাইছিলো আপুনি তেওঁক চিনি পাই নেকি?

    ReplyDelete