Thursday 31 August 2023

ভাষিক (চুটিগল্প)

'কাম তুলিকা, ছিট হিয়্যেৰ!'

দেউতাকে ইংৰাজীত কোৱা কথাষাৰ শুনি তুলিকা যেন সচকিত হৈ উঠিল। ঘপকৈ এবাৰ চাৰিওফালে চাই ল'লে তাই। ট্ৰেইন এৰিবলৈ বেছি পৰ নাই। সেয়ে চৌদিশে খদমদম লাগি গৈছে- কোনোবাই বয়-বস্তু উঠাইছে, কোনোৱে নমাইছে, কোনোবাই নিজৰ বাৰ্থটো বিচাৰি হাবাথুৰি খাইছে। সিহঁতৰ কাষৰ বাৰ্থটোত এজনে আকৌ সেই সকলোবোৰৰ মাজতো নাক বজাই শুই আছে।

তাই স্বস্তিৰ নিশ্বাস পেলালে। এই খদমদমৰ মাজত সিহঁতৰ ফালে মন-কাণ দিবলৈ কাৰো আহৰি নাই। কিন্তু বুজিলে, এই যে দেউতাকে ইংৰাজী আৰম্ভ কৰিলে, সেয়া আৰু দিল্লী পোৱালৈকে বন্ধ নহ'ব। আস্‌, দেউতাকে সেই অতিৰঞ্জিত সুৰতে ইংৰাজী কৈ গ'লে এই দীঘলীয়া ট্ৰেইন যাত্ৰা কেনে অসহনীয় হৈ পৰিব! উপায়ন্তৰ হৈয়ে যেন তাই চেন্দেলযোৰ কাষৰীয়া কৰি থৈ ওপৰৰ বাৰ্থটোলৈ বগাই গ'ল। ডাফ'ল বেগটো বাৰ্থৰ মূৰ শিতানত থৈ ট্ৰেইনৰ বগা বিছনা চাদৰখন মেলি পাৰি ল'লে। তাৰপিছত বেগৰ ওপৰতে গাৰুটো দি বাৰ্থত বাগৰ দিলে।

'আৰ ইউ শ্লিপিং নাউ?'

দেউতাকৰ প্ৰশ্নৰ উত্তৰত তাই কেৱল মূৰ দুপিয়ালে আৰু বিপৰীতফালে মুখ কৰি একতীয়াকৈ পৰি ৰ'ল। নাই, এই বাইছঘণ্টীয়া ট্ৰেইন যাত্ৰাত দেউতাকৰ সৈতে তাই একেৰাহে ইংৰাজীত কথা পাতি যাব নোৱাৰে। অগ্যতা টোপনিৰ ভাও জুৰিয়ে সেই অস্বস্তিৰ পৰা হাত সাৰিব পৰা যাব বুলি তুলিকাই ধৰি ল'লে।

দেউতাকে এবাৰ থিয় দি তাইক চাই গৈছে, তুলিকাই গম পালে। হয়তো উপলব্ধি কৰিছে, তাইক ইংৰাজী কোৱাত পাকৈত কৰাৰ প্ৰচেষ্টাটোৱে এই যাত্ৰাত তেওঁকহে বিপাঙত পেলাবলৈ ওলাইছে। কিজানি মনতে ভাৱিলেও, কি যে হ'ব এই ছোৱালীজনীৰ! দিল্লীলৈ ওলাইছে। অথচ লাজ আৰু অস্বস্তিৰ প্ৰকোপত তাইৰ মুখেৰে ইংৰাজীত এষাৰো কথা নোলায়। তাত গৈ কেনেকৈ মিলিবগৈ তাই!

চকু মুদি মুদি তুলিকাই ভাৱিলে, কিয় ইমান জোৰ কৰি থাকে মাক-দেউতাকহঁতে? তাই যে ভীষণ অস্বস্তি পায়! ইংৰাজীত ক'লে তাইৰ যে নিজে কোৱা যেনেই নালাগে। অদ্ভুত অংগী-ভংগী আৰু উচ্চাৰণেৰে অন্য মানুহৰ আগত নিজকে কিবা ক্লাউন এটা যেনহে লাগি যায়! অতিৰঞ্জিত সুৰত দেউতাকে কোৱা প্ৰতিষাৰ কথাই যেন তাইক বহু দূৰলৈহে ঠেলি দিয়ে। যেন, ভাষাটোৱেই আউল লগাই দিয়ে, থিয় কৰাই দিয়ে এখন দুৰ্ভেদ্য দেৱাল! যেন হেৰাই যায় অসমীয়াৰ আপোনত্বখিনি, নিভাঁজ আন্তৰিকতাখিনি!

ইতিমধ্যে দেউতাকে কাষৰ যাত্ৰীজনৰ সৈতে কথা পতা আৰম্ভ কৰিছে। প্ৰথমে একেই উৎসাহেৰে দেউতাকে তেওঁৰ লগতো ইংৰাজীতে ক'বলৈ আৰম্ভ কৰিছে। কিন্তু সেই আদহীয়া যাত্ৰীয়ে হাজাৰ চেষ্টাৰেও ইংৰাজী বুজিব পৰা নাই- নিজেও ক'ব পৰা নাই। উপায়ন্তৰ হৈ কথা পতাৰ হেঁপাহতে দেউতাকে সেই ব্যৰ্থ প্ৰচেষ্টা বাদ দিছে। তাৰপিছত অসমীয়াতে কৈছে,

'এইজনী মোৰ ডাঙৰ ছোৱালী। এইবছৰ দিল্লী বিশ্ববিদ্যালয়ত বায়'টেকন'লজীৰ মাষ্টাৰ্চ প্ৰগ্ৰেমত ছিট পাইছে।'

তুলিকাই শুই শুয়ে অনুমান কৰিছে, দেউতাকৰ কথাত সেই অচিনাকি যাত্ৰীৰ দুচকু কিছু ডাঙৰ হৈছে। দেউতাকৰ হাঁহিটো আৰু অলপ বহল হৈছে।

'আপুনি ভাগ্যৱান!' মানুহজনে কৈছে।

'হয়, হয়। বহুত কষ্ট গৈছে ল'ৰা-ছোৱালীৰ লগত। সিহঁতে ভালকৈ পঢ়ক, নিজৰ কেৰিয়াৰ ভালকৈ গঢ়ক বুলিয়ে আমি মাক-বাপেক হালে কম ত্যাগ কৰা নাই।'

'ঠিকেই কৈছে, সাধনা লাগে। মাক বাপেকৰ বহুত কষ্ট আৰু ত্যাগৰ মূৰতহে এনে ফল ওলায়। মোৰ ল'ৰাটোৱেও ইঞ্জিনিয়াৰিঙৰ পৰীক্ষা দিছে বুলিয়ে আমি ঘৰৰ টিভিকে বেচি দিছোঁ বুজিছে। অন্য একো কথাই আমনি নিদিয়ক বুলি।'

ওপৰৰ বাৰ্থত তুলিকাই এইবাৰ ওঁঠযোৰ কামুৰি ধৰিলে। বেগৰ পৰা লাহেকৈ হেডফোনটো উলিয়াই তাই দুয়োকাণত লগাই ল'লে। কাৰণ ইয়াৰ পিছৰ কথা-বাৰ্তাখিনি শুনাৰ তাইৰ ধৈৰ্য্য নাই। অজস্ৰবাৰ শুনিছে আৰু দেখিছে, এনে এটা সুযোগে দেউতাকৰ চকুহাল তিৰবিৰাই তোলা। সফল অভিভাৱক হিচাপে অন্যক উপদেশ দিয়াৰ সন্তুষ্টিত ডুব যোৱা। তুলিকাৰ ৰিজাল্ট ওলোৱাৰ পিছৰে পৰা শেহতীয়াকৈ দেউতাকৰ উপদেশৰ লানিত যোগ হৈছে, সকলো কেৰিয়াৰতকৈ লাভজনক হ'ল বায়'টেকনলজী- জৈৱপ্ৰযুক্তিবিদ্যা। কেৱল সেই ক্ষেত্ৰখনতহে লুকাই আছে উজ্বল ভৱিষ্যতৰ প্ৰতিশ্ৰুতি। গতিকে তেওঁ সকলোকে মেডিকেল-ইঞ্জিনিয়াৰিং বাদ দি জৈৱপ্ৰযুক্তি পঢ়িবলৈ উপদেশ দিয়া আৰম্ভ কৰিছে।

নোৱাৰে, তুলিকাই সেয়া পুনৰ এবাৰ শুনিব নোৱাৰে। তাৰ সলনি হেডফোনত ভূপেন হাজৰিকাৰ গান শুনি শুনি তাই ভাৱিবলৈ ধৰিলে, কেনে হ'ব দিল্লী মহানগৰী? কেনে হ'ব তাইৰ হোষ্টেল আৰু লগৰ ল'ৰা-ছোৱালীবোৰ? এয়া যে প্ৰথমবাৰৰ বাবে তাই আপোন ঘৰখন এৰি আহিছে। প্ৰথমবাৰৰ বাবে অসমৰ বাহিৰত এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছে। তাততো কোনেও অসমীয়াত কথা নাপাতে! তাই হিন্দী ভালকৈ বুজিও নাপায়, ক'বও নোৱাৰে। ইংৰাজী বুজি পালেও তাইৰ মুখেৰে এটা বাক্যও ঠিককৈ নোলায়।মাক-দেউতাকে কোৱাৰ দৰে, ভাষা নুবুজা-নজনাৰ দোষতে তাই তাত লঘোণে থাকিব লগা নহয়তো? হাজাৰ উৎকণ্ঠাই তাইৰ বুকুখন হেঁচা মাৰি ধৰিছে। পেটটো উকট-পাকট লাগি পৰিছে। কোনোমতে সকলো সহি সামৰি তাই জোৰকৈ দুচকু মুদি দিলে।

দিল্লীত ট্ৰেইনৰ পৰা নমাৰ পিছত পিছে সেই অশান্তিবোৰে তুলিকাক খোঁচা-বিন্ধা কৰিবলৈ সুৰুঙাই নাপালে। দিল্লীৰ ভিৰৰ মাজত দেউতাক আৰু তাই উৱাদিহ হেৰুৱাবৰ উপক্ৰম হ'ল। ইমান মানুহৰ হেঁচা-ঠেলা, বাইক-অট'ৰিক্সা, গাড়ীৰ পু-পাঁ! চৌদিশে অলেখ-অজস্ৰ শব্দৰ কোলাহল আৰু উৎকট গোন্ধৰ তীব্ৰতা। পঞ্চইন্দ্ৰিয়ৰ ওপৰত সেইবোৰৰ অবিৰাম অত্যাচাৰে তাইক যেন তেনেই জুৰুলা কৰি পেলালে। কোনোমতে হোষ্টেল বিচাৰি পাইহে তাই স্বস্তিৰ নিশ্বাস পেলালে।

'ভালকৈ থাকিবি। পঢ়া-শুনাও ঠিকে কৰিবি। কিবা দিগদাৰ হ'লে আমাক জনাবি।' সকলো বন্দবস্ত কৰি উঠি পিছদিনা বিদায় পৰত দেউতাকে ক'লে। তাই বাধ্য ছাত্ৰীৰ দৰে মুৰ দুপিয়ালে।

'অঁ, এইখন পাহৰিছিলোঁয়ে। তোক লাগি থাকিব- ৰাখি থ।'

দেউতাকে বেগৰ পৰা উলিওৱা কিতাপখন দেখিয়ে তুলিকা জাপ মাৰি উঠিল। 'ৰেপিডেক্স ইংলিছ স্পিকিং ক'ৰ্ছ'- সেই চিনাকি বেটুপাত, শকত কলেবৰৰ চিনাকি কিতাপখন।

'মোক নালাগে সেইখন। আপুনিয়ে ঘুৰাই লৈ যাওক দেউতা। ইয়াত কোনোবাই দেখিলে বৰ লাজ পাম।' তাই চেপা মাতেৰে ক'লে।

'ইংৰাজী ক'ব নোৱাৰিলে যে তাতোকৈ বেছি লাজ পাবি।' দেউতাকে কঁপাল কোঁচ খুৱাই চকু পকাই ধৰিলে।

দেউতাকৰ মাতত ওলমি থকা ধিক্কাৰৰ সুৰটোৱে তুলিকাক যেন কেৰেলুৱা এডালৰ দৰে মেৰ খুৱাই দিলে। ঠিকেই কৈছে দেউতাকে! তাই মেট্ৰিক পাছ কৰোঁতেই মাক-দেউতাকে এইখন আনি দিছিল। প্ৰায়ে 'ৰেপিডেক্স পঢ়িছনে নাই' বুলি মনত পেলায়ো দিয়ে। তাইহে সদায় দুপৃষ্ঠামান লুটিয়ায়ে সামৰি থয়। ভাৱে, সেই সকলোবোৰতো তাই জানেই। ইংৰাজী বিষয়ত তাই সদায়ে ভাল নম্বৰেই পায়। ক'বলৈ ল'লেহে ক'ৰ পৰা জানো লাজ-সংকোচবোৰে আৱৰি ধৰেহি! ইংৰাজী মাধ্যমত পঢ়া ভায়েকে ফৰফৰাই ইংৰাজী কোৱা দেখি তাইৰ হীনমন্যতাবোধ যেন তীব্ৰতৰ হ'বলৈ ধৰে। সুধিবলৈ ইচ্ছা হয়, মাক-দেউতাকে কিয়নো ভায়েক আৰু তাইৰ পঢ়াৰ মাধ্যমক লৈ ভিন্ন সিদ্ধান্ত ল'লে? কিন্তু সুধিবলৈ তাইৰ ভয় হয়। কিজানিবা তাৰ আঁৰ লৈ লুকাই থকা অপ্ৰিয় সত্যটোৰ মুখামুখি হোৱাৰ সাহস তাইৰো নাই, মাক-দেউতাকৰো নাই!

সিদিনাও তাই নিমাতে দেউতাকৰ হাতৰ পৰা কিতাপখন লৈ চ্যুটকেছত ভৰাই থ'লে। সেইনিশা তুলিকাই সপোনত দেখিলে, হোষ্টেলৰ ক'ৰিডৰত প্ৰকাণ্ড হাতীৰ দল। অসহায়-অকলশৰীয়া তুলিকাৰ গাৰ ওপৰেদি পাৰ হৈ গৈছে হাতীবোৰৰ বিয়াগোম শৰীৰ। তাই পিষ্ট হৈ গৈছে, ধূলিকণাত মিলি গৈছে। তুলিকা নিৰুদ্দেশ হৈ গৈছে এই পৃথিৱীৰ পৰা।

বহুনিশা পীড়া দি দি সেই সপোনটো এটা সময়ত মিলি গ'ল চেতনাৰ অন্ধকাৰত। ক্ৰমান্বয়ে তুলিকা অভ্যস্ত হৈ পৰিল হোষ্টেলৰ নতুন জীৱন, নতুন শ্ৰেণী আৰু চিনাকি-অচিনাকি সহপাঠীৰ মুখবোৰৰ সৈতে। কিন্তু ভাষাৰ দেৱালখনে পিছে তাইক পীড়া দিবলৈ নেৰিলে। ইংৰাজীৰ দাঁত ভঙা প্ৰতিশব্দবোৰৰ সৈতে অতদিনে অসমীয়াত শিকি অহা, বুজি লোৱা ধাৰণাবোৰৰ মিল বিচাৰি প্ৰতিদিনেই তাই শ্ৰেণীত হাবাথুৰি খালে। অথচ সেই সকলোবোৰৰে সংজ্ঞা তাই অসমীয়াত জানে। কেৱল জনাই নহয়, জৈৱপ্ৰযুক্তিৰ সেই পৃথিৱীখনে তাইক অতদিনে যে আপোন-পাহৰা কৰি আহিছে। সেই প্ৰযুক্তিৰ প্ৰয়োগেৰে এদিন বহুতো জলন্ত সমস্যাৰ সমাধান উলিওৱাৰ সপোন দেখি আহিছে। কিন্তু এতিয়া যে তাৰেই অলেখ-অসংখ্য প্ৰতিশব্দৰ অসমীয়া আৰু ইংৰাজী ৰূপে তাইৰ মগজুত জোঁট-পোঁট লগাই দিছে।

'জিন ট্ৰেন্সক্ৰিপশ্যন কি কোনোবাই বুজাই ক'ব পাৰিবনে?' অধ্যাপক ভট্টই ইংৰাজীতে সুধিছে।

তুলিকাই খৰকৈ ভাৱিবলৈ ধৰিছে। ট্ৰেন্সক্ৰিপশ্যনৰ অৰ্থ জিন স্থানান্তৰণ, সেই প্ৰক্ৰিয়া তাই বুজে। কিন্তু সেইখিনি কথাকে মনত ইংৰাজীলৈ অনুবাদ কৰি উঠালৈ ক্লাছত দুই তিনিজনে উপৰাউপৰিকৈ হাত দাঙিছে। ভট্টৰ ইংগিতত সহপাঠী অৰ্জুনে সলসলীয়াকৈ ইংৰাজীত উত্তৰ দিছে। সেয়া নীৰৱে শুনি থাকোঁতে দেউতাকৰ ধিক্কাৰৰ সুৰটোৱে পুনৰ এবাৰ তুলিকাক খোঁচ মাৰি উঠিছে।

সিদিনা দুপৰীয়া মেচত আলু পৰাঠা লৈ তুলিকাই নীৰৱে কামোৰ দিওঁতে সহপাঠী শিখা আহি কাষতে বহিলহি। উজ্বল দুচকু, জোঙা নাক আৰু দীঘল ফিৰফিৰিয়া চুলিটাৰিৰে সুগঢ়ী শিখা। তাইক দেখা পালেই তুলিকাৰ ভাৱ হয়, ইমান ধুনীয়া আৰু স্মাৰ্ট এই শিখা- যেন তুলিকাৰ সম্পূৰ্ণ বিপৰীত!

'তুমি অসমৰ ন?' শিখাই অভ্যস্ত হাতেৰে চ'পষ্টিকত নুডলছ ঘুৰাই ঘুৰাই ইংৰাজীতে সুধিলে।

'অঁ। তুমি দিল্লীৰে?' তুলিকায়ো ইংৰাজীতে ক'লে।

'অঁ। মোৰ নৰ্থ-ইষ্টলৈ যাবলৈ বহুত মন জানা। ইমান এক্স'টিক ডেষ্টিনেশ্যন! তোমালোকে হেনো বান্দৰৰ মাংসও খোৱা? ইউ পিপ'ল ইট এনিথিং ডেট মোভছ্‌?'

পৰাঠাৰ টুকুৰাটো মুখলৈ নিবলৈ লৈয়ো ৰৈ গ'ল তুলিকা। কাণখন যেন ৰঙা পৰি গ'ল। কি কয় এই? ক'ত পাইছে এইবোৰ ধাৰণা?

'নাই, নাই। উত্তৰ-পূব ভাৰত বহুত বৈচিত্ৰ্যময়। বেলেগ বেলেগ জাতি-জনজাতিৰ খাদ্যাভাসো বেলেগ হয়।' কোনোমতে তাই ইংৰাজীত কথাকেইষাৰ ক'লে।

তুলিকাৰ মাতত ফুটি উঠা লাজ-অপমান খিনি সম্পূৰ্ণ অগ্ৰাহ্য কৰি শিখাই ক'বলৈ ধৰিলে, তাইৰ লগৰ আশীষে হেনো কেৱল ভিন্ন মাংসৰ সোৱাদ ল'বলৈকে নাগালেণ্ডলৈ গৈছিল। সেই ঠাইবোৰত সভ্যতাৰ পোহৰ পৰিবলৈ এতিয়াও যে বহুত বাকী! সেইবোৰ মানুহ এতিয়াও জংঘলৰ মাজত থাকে নহয়?

তুলিকাৰ চিঞৰি চিঞৰি ক'বলৈ মন গ'ল, কেৱল দিল্লীৰ দৰে মহানগৰীত অত্যাধুনিক লাহ-বিলাহৰ মাজত থাকিলেই মানুহ সভ্য হৈ নাযায়। ক'বলৈ মন গ'ল, উত্তৰ-পূবৰ সেই জাতি-জনজাতিৰ অপূৰ্ব কৃষ্টি-সংস্কৃতিৰ কথা, বৈচিত্ৰ্যময় ইতিহাস-ভূগোলৰ কথা। ভাঙি ছিঙি চিৰাচিৰ কৰি দিবৰ মন গ'ল উত্তৰ-পূবক লৈ থকা এই ভ্ৰান্ত ধাৰণাবোৰ।

কিন্তু ইমানবোৰ কথা একেলগে ইংৰাজীত নোলায় তাইৰ। অগ্যতা তাই 'মোৰ কাম এটা আছে- যাব লাগে' বুলি অজাহাত দেখুৱাই উঠি আহিল। তাইৰ পেটটো আকৌ এবাৰ উকট পাকট লাগিল। উকালি আহিব খুজিলে। বুকুখনত কিহবাই খোঁচ মাৰি ধৰা যেন লাগিল।

সেয়া যেন এক আৰম্ভণিহে আছিল। দিন যোৱাৰ লগে লগে লগৰবোৰৰ তেনে প্ৰশ্নৰ সংখ্যা আৰু তাত মিহলি হৈ থকা শ্লেষৰ তীব্ৰতাও যেন বাঢ়িহে গ'ল। সেই অনুপাতে সৰু হৈ গৈ থাকিল তুলিকাৰ মাতষাৰ, জয় পৰি আহিল খোলা হাঁহিটো, বুকুৰ প্ৰাণচাঞ্চল্যতাখিনি। তথাপিও তাই প্ৰাণপণে চেষ্টা কৰি থাকিল ভাষা আৰু ঠাইৰ বৈষম্যৰ সেই দুৰ্ভেদ্য দেৱাল পাৰ হ'বলৈ।

উৎস

'ভায়া, এক চম্মচ্চ চ্যাহিয়ে।' সিদিনা খাবলৈ বহি তুলিকাই মেচৰ কৰ্মচাৰী এগৰাকীক কৈছিল। কিন্তু লগে লগেই কাষতে খাই থকা হোষ্টেলৰে দুজনমানে গিৰগিৰাই হাঁহিলে। তাই বুজিলে, তাৰ কাৰণ তাইৰ অসমীয়া ঠাঁচৰ হিন্দী উচ্চাৰণ। তাৰ মাজৰে ছিনিয়ৰ ৰাজে তাইক চিনি পাই জোকালে,

'তুলিকা, কোৱাচোন- চন্দু কে চাচ্চা নে চন্দু কই চাচ্চী কো চান্দনী চ'ক মে চান্দী কি চম্মচ্চ চে চাটনী চাটায়ে।'

তাৰ লগত সুৰ মিলালে লগতে বহি থকা কেইজনেও, 'কোৱা কোৱা। অন্তত: চেষ্টাতো কৰা।'

তাইৰ মুখেৰে এটাও শব্দ নোলাল। দুচকু পানীৰে ভৰি পৰিল। নিৰুদ্দেশ হৈ পৰাৰ ইচ্ছা জাগিল। তাই জোৰ কৰি বেঙা হাঁহি এটা মাৰিলে আৰু আধাখোৱাকৈয়ে এৰি নিজৰ কোঠালৈ উভতি আহিল।কোঠাত সোমায়ে তাই ধাম্‌ কৈ বিছনাত পৰি দিলেহি। ধাৰাসাৰ চকুপানীয়ে গাৰুটো তিয়াই পেলালে। কাক ক'ব, কোনে বুজিব ইয়াত যে প্ৰতিটো দিন তাইৰ বাবে কেনে অসহনীয় হৈ পৰিছে।

দেশৰ আগশাৰীৰ এনে এখন বিশ্ববিদ্যালয়ত পঢ়িবলৈ পোৱাটো ভাগ্যৰ কথা- তাই জানে। জানে, সেই গৌৰৱেৰে মাক-দেউতাকৰ বুকু ফুলি উঠিছে। সফল অভিভাৱক হিচাপে সমাজৰ বাহ-বাহ লোৱাত ব্যস্ত মাক-দেউতাকক তাই এইবোৰ কথা ক'ব নোৱাৰে। ইংৰাজী মাধ্যমত পঢ়িছে বুলিয়ে তুলিকাতকৈ বেছি স্মাৰ্ট বুলি সকলোৰে প্ৰশংসা পোৱা ভায়েকেও এয়া প্ৰথমবাৰৰ বাবে বায়েকৰ কৃতিত্বক লৈ গৌৰৱ কৰিছে। সেই ভায়েকক কেনেকৈ ক'ব তাইৰ এই সংগ্ৰামৰ কথা? স্কুলৰ লগৰবোৰলৈ মনত পৰে তাইৰ। কিন্তু প্ৰায় লগে লগেই মনটো কোঁচ খাই পৰে। তাই ইয়ালৈ অহাৰে পৰা যেন সিহঁতবোৰো সলনি হৈ গৈছে। 'কি খৱৰ? ভালে আছনে?' বুলি সোধাৰ সলনি সিহঁতে ক'বলৈ লৈছে, 'তোৰতো লাইফ বনি গ'ল! ইউ হ্যেভ মেইড ইট!' যেন ইয়াৰ পিছত নতুন বুলিবলৈ একো নাই! সমস্যা বুলিবলৈ একো নাই! সুখৰ যেন অন্য নাম সফলতা। সমাজৰ চকুত সফলতা চুই পোৱা মানুহৰ কোনো দুখ নাই, সংগ্ৰাম নাই, অন্য কোনো প্ৰয়োজন নাই! কিমান ভুল সেই ধাৰণা, কিমান ভুল!

নিসংগতা আৰু আত্মগ্লানিয়ে তুলিকাৰ হৃদয়খন যেন কুটি কুটি খাবলৈ আৰম্ভ কৰে।

পিছদিনা দেওবাৰ। বাকীবোৰ উঠাৰ আগেয়ে তাই খৰধৰকৈ মেচত অকলশৰে ব্ৰেকফাষ্ট কৰি আহিল। কোনো কাৰণতে যাতে ৰাজৰ মুখামুখি হ'ব লগা নহয় তাকে লৈ খুউব সাৱধান হ'ল। খাই উঠি পোনেই হোষ্টেলৰ কোঠাত সোমাই তাই আজি সঁচাকৈয়ে ৰেপিডেক্স ইংলিছ স্পিকিং ক'ৰ্ছ খন উলিয়ালে। এখন এখনকৈ পৃষ্ঠাবোৰ লুটিয়াই গ'ল। কিন্তু তাৰ লগে লগে মনলৈ আহিল দেউতাকে ৰাতি ৰাতি পঢ়োৱা ইংৰাজী ব্যাকৰণৰ পাঠবোৰ। তাই কৰা টেন্ছ‌ৰ প্ৰতিটো ভুলত ভায়েকৰ উপলুঙাবোৰ। দেউতাকৰ চটপ্‌ চটপ্‌ বেতৰ কোববোৰ। লাহে লাহে কিতাপৰ অসমীয়া আৰু ইংৰাজী আখৰৰ শাৰীবোৰ নেদেখা হৈ আহিল। ৰেপিডেক্সৰ পাতত টপ্‌ টপ্‌কৈ তাইৰ চকুপানী সৰিবলৈ আৰম্ভ কৰিলে।

'ঠক্‌ ঠক্‌।' দুৱাৰৰ টোকৰটোৱে তুলিকাক উচপ খুৱাই দিলে।

চকুপানী মোহাৰি তাই খপ্‌জপ্‌কৈ উঠি আহিল। নাকৰ আগটো ৰঙা পৰি গৈছে নেকি আইনাত চালে।অকণমান পাউদাৰ লগাই লৈ তাই লাহেকৈ দুৱাৰখন খুলিলেহি।

ৰোমেইন! কেকুঁৰা চুলি, মুগাৰঙী চকু দুটাৰে সিহঁতৰ ক্লাছৰ ফৰাচী ল'ৰাটো। এক্সচেঞ্জ ষ্টুডেণ্ট হিচাপে এবছৰৰ বাবে আহিছে। প্ৰথমদিনাই ক্লাছত সকলোৰে চিনা-পৰিচয়ৰ সময়ত সি কৈছিল। সিহঁতৰ এই হোষ্টেলটোত যে ল'ৰা-ছোৱালীৰ সমূহীয়া আৱাস- এই কথাটো তুলিকাই প্ৰায়ে পাহৰিয়ে থাকে।এতিয়াও ৰোমেইনক দুৱাৰমুখত দেখি তাই থতমত খালে। আস্‌, তাই ইমান জাধলীকৈ ওলাইছেহি! তাই পিন্ধি থকা টিচাৰ্ট আৰু পায়জামাটোৰ কথা ভাৱি অলপ অস্বস্তি অনুভৱ কৰিলে।

'তুলিকা, হয়নে?' ৰোমেইনৰ মুখত ফৰাচী ঠাঁচত তাইৰ নামটো শুনি তুলিকাই হাঁহি পেলালে। সিও হাঁহিলে অলপ বেঙাৰ দৰে। তাৰপিছত আকৌ ক'লে, 'মই তোমাৰ চুবুৰীয়া।'

জানে তুলিকাই। তাইৰ হোষ্টেলৰ কোঠাটোৰ সোঁফালে দুটা কোঠা পাৰ হৈ গ'লেই সৌটো ৰোমেইনৰ কোঠা। আলঙে আলঙে তাক মন কৰে যদিও মুখামুখি হ'লেই তাই যেন পলোৱাৰ বাট বিচাৰে। তাৰ লগতনো কেনেকৈ কি কথা পাতিব তাকে ভাৱি অস্বস্তিত পৰে তাই।

'আমাৰ কোঠাৰ কাৰণে নতুন চকী-টেবুল আহিছে হেনো, ক'ত আছে জানা নেকি?' ভঙা ভঙা ইংৰাজীৰে ৰোমেইন কথাষাৰ ক'লে। লগতে ক'লে, 'বেয়া নাপাবা। মোৰ ইংৰাজী কওঁতে অলপ অসুবিধা হয়।'

গাঢ় ফৰাচী সুৰৰ তাৰ কথাকেইষাৰে তুলিকাক যেন কিছু সহজ কৰি পেলায়। ইমান অকপটে কৈছে সি। কোনো আত্মগ্লানি বা হীনমন্যতাৰ চেকনি নাই তাত।

'অঁ, ব'লা দেখুৱাই দিম।' তুলিকাই দুৱাৰ বন্ধ কৰি চিৰিয়েদি খোজ দিলে। ৰোমেইন তাইক অনুসৰণ কৰিলে।

নতুন চকী-টেবুলবোৰ তলৰ মহলাৰ ষ্ট'ৰৰুমটোত আছে। হোষ্টেলৰ ৰিচেপশ্যনত থকা কাৰোৱাক ক'লে ষ্ট'ৰৰুমটো খুলি দিব। তাই কালি 
মাথোঁ নিজৰ চকী-টেবুলযোৰ আনি কোঠাত সোমোৱাইছেহি। ইমানখিনি কথা তুলিকাই ৰোমেইনক ইংৰাজীত বুজাব নোৱাৰে। গতিকে তাই তাক ৰিচেপশ্যনলৈকে লৈ গ'ল। তাৰ পৰা ষ্ট'ৰৰুমৰ ছাবিটো লৈ দুয়ো দীঘল ক'ৰিডৰটোৰে আগবাঢ়িল।

'তুমি উত্তৰ-পূবৰ?' খোজৰ লগে লগে ৰোমেইন সুধিলে।

'অঁ' তাইৰ মনটো অলপ কোঁচ খালে। ইয়ালৈ অহাৰে পৰা মুখামুখি হোৱা অদ্ভুত প্ৰশ্নবোৰৰ এটাকে 
সিও সুধিব নেকি ?

'শুনিছোঁ উত্তৰ-পূব ভাৰতৰ অন্য ঠাইৰ লগত একেবাৰে নিমিলে। বহুত বেলেগ হেনো?'

'অঁ।' তাইৰ ভিতৰত পুনৰ কেৰেলুৱা এডালৰ গতি আৰম্ভ হয়।

'মোৰ তালৈ এবাৰ যাবলৈ খুউব মন আছে জানা। এই যে ইমানবোৰ ভিন্ন ঠাই, সেইবোৰৰ ভিন্ন সমাজ, ভাষা-সংস্কৃতিৰ বৈচিত্ৰ্য-সেইবোৰৰ কাৰণেই ভাৰতৰ প্ৰতি মোৰ ইমান আকৰ্ষণ! নিজ চকুৰে চাব খুজিছিলোঁ এই বৈচিত্ৰ্যময় দেশ।'

কেৰেলুৱাডালৰ মেৰটো লাহে লাহে যেন খোল খাবলৈ ধৰিলে। নাই, অন্য সমনীয়াৰ দৰে ৰোমেইনৰ কোনো ভ্ৰান্ত ধাৰণা নাই উত্তৰ-পূবক লৈ। অসমক লৈ।

'যাবা এদিন। বহুত ধুনীয়া উত্তৰ-পূব ভাৰত। অন্য কোনো ঠাইৰ সৈতে তুলনা নহয়।' তাই হাঁহি এটাৰে ক'লে।

ষ্ট'ৰ ৰুমৰ পৰা নতুন চকী আৰু পঢ়া টেবুলখন দুয়ো ধৰাধৰিকৈ দাঙি আনি ৰোমেইনৰ কোঠা পোৱালেহি। দুয়োখন থানথিত লগাই উঠি ৰোমেইন ক'লে, 'আহা, বহাহি।'


'নাই নাই, মই যাবলৈ লৈছিলোঁৱে। মেচত সন্ধিয়াৰ চাহ দিবলৈ হ'ল নহয়।' তুলিকাই ক'লে। তাইৰ ভাৱ, ৰাজ বা লগৰ কোনোবা অহাৰ আগেয়ে সন্ধিয়াৰ চাহকাপ নিজৰ কোঠালৈকে লৈ আনিবগৈ।

'অঁ ঠিকেই, ব'লা একেলগে খাওঁগৈ।' অগ্যতা তাই ৰোমেইনৰ লগতে মেচ পালেগৈ। কিন্তু এনে বিড়ম্বনা যে গৈ পায়ে দেখিলে, ৰাজে মেচৰ একোণত সমনীয়াবোৰৰ সৈতে চাহত শোহা মাৰিছে। তুলিকাক দেখি সি দূৰৈৰ পৰাই ডাঙৰ মাতেৰে ক'লে,

'তুলিকা, চান্দনী চ'ক বুলি এবাৰ কোৱাচোন।' লগে লগে সেইখিনিৰ পৰা জাউৰিয়ে জাউৰিয়ে হাঁহি।

তুলিকাই নুশুনাৰ ভাও ধৰিলে। ৰোমেইনলৈ চাই ক'লে, 'চাহ বাৰাণ্ডাতে বহি খাবা নেকি?'

ৰোমেইনে মাথোঁ মুৰ দুপিয়ালে। যিমান পাৰি খৰখেদাকৈ চাহকাপ লৈ তুলিকা ওলাই আহিল। তাইৰ পিছে পিছে ৰোমেইন। দুয়ো হোষ্টেলৰ বাৰাণ্ডাৰ চিৰিতে বহিলহি। কেম্পাছৰ চৌদিশে তেতিয়া আন্ধাৰ-পোহৰৰ খেলা। তাতে বহি লৈ তুলিকাই দীঘলকৈ উশাহ এটা ল'লে। তাইৰ ভাৱ হ'ল, কেতিয়াও যেন এনেকৈ কেম্পাছৰ স্নিগ্ধ ৰূপ, সন্ধিয়াৰ ৰাগিনী উপভোগ কৰাৰ সুযোগেই পোৱা নাছিল! অহাৰ দিনাৰে পৰা যেন তাই কেৱল অস্তিত্ব ৰক্ষাৰ যুঁজখনতে ব্যতিব্যস্ত হৈ ৰৈছে।

'অসমত চাহ খুউব ভাল হয়, ন?' ৰোমেইনৰ কথাই তাইৰ সম্বিত ঘুৰাই আনিলে। 

'অসমৰ চাহৰ কথা জানা তুমি?' তাই উৎসাহেৰে সুধিলে।

'অঁ অঁ- আছাম টি। মই লণ্ডনত থাকোঁতে প্ৰায় সদায়ে আছাম টি খাইছিলোঁ।'

'হয় নেকি? অসমলৈ গ'লে তুমি বহুত চাহবাগান দেখিবলৈ পাবা। আমাৰ নিজৰো এখন আছে।' তাই ভঙা ভঙা ইংৰাজীতে ক'লে। এইবাৰ আচৰিতভাৱে আগৰ সংকোচবোৰে আৱৰি নধৰিলে।

সিদিনা বহুপৰলৈকে দুয়ো তাতে বহি কথা পাতি থাকিল। তুলিকাই ৰোমেইনৰ নিজা ঠাই লীয়ঁ'ৰ কথা আগ্ৰহেৰে শুনিলে। ফ্ৰান্সৰ ফুড কেপিটেল হেনো লীয়ঁ'। তাই তাক ক'লে অসমৰ পিঠা-লাৰু আৰু পোৰা মাছৰ পিটিকাৰ কথা, বিহুৰ কথা। উত্তৰ-পূবৰ বৈচিত্ৰ্যৰ কথা। যেন ইয়ালৈ অহাৰ দিন ধৰি বুকুতে সামৰি-সুতৰি থোৱা বহুতো কথাই প্ৰকাশৰ বাট বিচাৰি হেতা-উপৰা লগালে।

উভতাৰ পৰত ৰোমেইনলৈ চাই তাই সোধোঁ নোসোধোঁকৈ সুধিলে, 'ৰোমেইন, তুমি যে ইংৰাজীত দিগদাৰ লাগে বুলি ক'লা, ফ্ৰান্সৰ বাহিৰত তোমাৰ অসুবিধা নহয়?'

ৰোমেইন যেন প্ৰশ্নটোত অলপ আচৰিত হ'ল। কিন্তু পলকতে সি 
কিবা এটা বুজিও পালে।

'ইমানপৰে যে ভঙা ভঙা ইংৰাজীৰেই তোমাৰ লগত কথা পাতিলোঁ, সেয়া বুজাত জানো তোমাৰ অসুবিধা হ'ল?'

তাই মূৰ জোকাৰিলে। নাই, নাই হোৱা। ব্যাকৰণ ভুল হ'লেও, কিছুমান শব্দ কোৱাতকৈ আকাৰে-ইংগিতেৰে বুজালেও ঠিকেইতো বুজিছে তাই!

'তেনে? চোৱা, ইংৰাজী মোৰ মাতৃভাষা নহয়। মাজে মাজে কিছুমান শব্দ বিচাৰি উজুটি খাওঁ, ব্যাকৰণত খেলিমেলি লাগে, শব্দৰ উচ্চাৰণ ফৰাচী ঠাঁচত কওঁ। তথাপিও কাম চলি যায়। বিদেশী ভাষা এটাত সেই অলপ-অচৰপ খেলিমেলিতো থাকিবই। তাত লাজ কৰিবলৈ কি আছে?'

ৰোমেইনৰ কথাখিনিয়ে সিদিনা তুলিকাক বহুপৰলৈকে ভাবুক কৰি ৰাখিলে। কিমান সহজভাৱে সি ক'ব পাৰিছে, বিদেশী ভাষা এটা শুদ্ধকৈ ক'বলৈ কেতিয়াবা অসুবিধা হয়। সেয়া একেবাৰেই স্বাভাৱিক! ইমান সৰল যুক্তি এটাকে তাইযে অতদিনে কাকো দিব পৰা নাই। নিজেও গ্ৰহণ কৰি ল'ব পৰা নাই! অথচ তাইৰ ভায়েকে যে অসমীয়া পঢ়িবলৈ-লিখিবলৈ টান পায় তাতচোন কাৰো আপত্তি নাই, কোনো ধিক্কাৰ নাই? কিয়? প্ৰকৃততে কোনটো লাজৰ কথা? নিজৰ মাতৃভাষা নজনাটো নে বিদেশী ভাষা এটা নজনাটো?  কি পাৰ্থক্য তাইৰ আৰু ৰোমেইনৰ মাজত? নিজৰ মাতৃভাষা অসমীয়াক লৈ সেই একেই স্বাভিমান নথকাটো? নে বৃটিছ শাসনে পুতি থৈ যোৱা ইংৰাজীৰ আধিপত্যৰ শিপাডাল? ৰোমেইনৰ কথাবোৰে সিদিনা যেন তাইক বহু কথা নতুনকৈ ভাৱিবলৈ শিকালে। তুলিকাৰ মনলৈ এটা দৃঢ়তা আনি দিলে।

দুদিনমানৰ ভিতৰতে তুলিকাৰ কোঠাৰ দেৱালত কেইবাখনো তালিকা ওলমিল। তাতে জৈৱপ্ৰযুক্তিৰ 
খোকোজা লগা প্ৰতিশব্দবোৰৰ অসমীয়া আৰু ইংৰাজী ৰূপবোৰ তাই চিজিলকৈ লিখিলে। নিজকে ভৰসা দিলে, এই ধাৰণাবোৰটো তাই জানেই। যিমানেই অভ্যাস কৰিব সিমানেই খৰকৈ সেয়া ইংৰাজীলৈ অনুবাদ কৰিব পৰা হ'ব। শ্ৰেণীতো নীৰৱে থকাৰ সলনি তাই উত্তৰ দিবলৈ চেষ্টা কৰা হ'ল। ভুলে-শুদ্ধই ক'লেও অন্তত: সংকোচ বা লাজখিনিয়ে আগৰদৰে বাট ভেঁটি নধৰা হ'ল।

লাহে লাহে দিনবোৰ সহজ হৈ অহাৰ সময়তে এদিন পুনৰ তুলিকা ৰাজৰ দলটোৰ সন্মুখত পৰিলগৈ। সিদিনা বহুপৰলৈ তাই ক্লাছৰ এচাইণ্টমেণ্টত লাগি আছিল। নিশাহে মনত পৰিল, অন্যদিনাৰ দৰে আগতীয়াকৈ ভাতসাঁজ মেচৰ পৰা নিজৰ কোঠালৈ আনি থোৱা নহ'ল।

ৰাজে তাইক দেখা মাত্ৰেই ক'লে, 'আৰে তুলিকা, মোক দেখিলেই তুমি আজিকালি পলোৱা যে? চান্দনী চ'কৰ ভয়ত নেকি? কোৱা কোৱা-চন্দু কে চাচ্চা নে চন্দু কই চাচ্চী কো চান্দনী চ'ক মে চান্দী কি চম্মচ্চ চে চাটনী চাটায়ে। আজি নক'লে নেৰিছোঁ তোমাক।' তাৰ লগৰ তিনিটা ল'ৰাই তাইক বাট ভেঁটা দি ৰং চাবলৈ লাগিল।

তুলিকাৰ মুখখনত যেন দেহৰ সমগ্ৰ তেজে থোপা পাতিলেহি। আজি যেন লাজ-ভয়ৰ সলনি জাত্যাভিমানে ভৰ কৰিলেহি তাইৰ দেহত।

স্থিৰ দৃষ্টিৰে ৰাজলৈ চাই তাই ক'লে, 'কেন ইউ চে, হলৌ উঠিল টকৌ গছত লগাই খদৌ মদৌ/ জৌ জৌ কৈ সৰিল নিয়ৰ/ হ’ল জলৌ জপৌ? তুমি যদি সেয়া কোৱা ময়ো তোমাৰটো ক'বলৈ চেষ্টা কৰিম।'

ৰাজ হতভম্ভ হোৱাৰ দৰে হ'ল। মুখে মুখে উত্তৰ দিয়া বাদেই, কেতিয়াও তলমূৰ ওপৰ নকৰা ছোৱালীজনীয়ে কি কৈছে এইবোৰ?

'কি সেয়া?' তাৰ লগৰ এটাই সুধিলে।

'এটা জীভাকেঁকুৰি- টাং টুইষ্টাৰ। যেনেকৈ তোমালোকৰ মাতৃভাষা হিন্দীত টাং টুইষ্টাৰ আছে আমাৰো আছে।'

'তোমাৰ মাতৃভাষা? সেইটো কি ভাষা?' ৰাজে সুধিলে।

এইবাৰ খঙে-বিষে তুলিকাই ক'লে, 'অসমীয়া- গুগল কৰি চাবা।'

সিহঁতক তাতে এৰি দপদপাই তাই চিৰিয়েদি উঠি আহিল। ধাৰামকৈ দুৱাৰখন মাৰি বিছনাত বহি পৰিল। তিক্ততাই আৱৰি ধৰিলে তাইক। ভাৱ হ'ল, কি লাভ এনে ঠাইত পঢ়ি? য'ত উচ্চ শিক্ষা ল'বলৈ অহাবোৰৰ মাজতে ইমান অজ্ঞতা, ইমান বিভেদ! 

'ঠক্‌ ঠক্‌ ঠক্‌।' দুৱাৰত টোকৰ শুনি তাই বিৰক্ত হৈ পৰিল। ৰাজেই আহিছে নেকি? তাইক উভতি ধৰিবলৈ? 
কথা শুনাবলৈ? তাই থমথমকৈ বহি থাকিল। কোনো সৌজন্যতা দেখুওৱাৰ ইচ্ছা নাজাগিল।

'ঠক্‌ ঠক্‌ ঠক্‌। তুলিকা, আছানে?'

আস্‌ সেয়াচোন ৰোমেইনৰ মাত। এইবাৰ তাই খৰধৰকৈ উঠি গৈ দুৱাৰখন খুলি দিলে।

আহল-বহল হাঁহি এটাৰে ৰোমেইন থিয় দি আছে। তাৰ লগতে তাইৰ ক্লাছৰ শিখা, অৰ্জুনকে ধৰি গোটেইকেইজন।

'এইখন তোমালৈ আনিছোঁ, লোৱা।' ৰোমেইনে তাইলৈ এখন কাৰ্ড আগবঢ়াই দিলে। 'হেপ্পী নিউ ইয়েৰ তুলিকা।' গোটেইকেইজনে সমস্বৰে ক'লে।

আশ্চৰ্য্যচকিত হৈ তুলিকাই এবাৰ সিহঁতলৈ আৰু এবাৰ কাৰ্ডখনলৈ চালে। কাৰ্ডৰ ভিতৰত গোট গোট অসমীয়া আখৰেৰে লিখা আছে 'ব'হাগ বিহুৰ শুভেচ্ছা।' আখৰবোৰত জিলিকি আছে অপৈণত আঙুলীৰ কঁপনি আৰু কলমৰ উপৰা-উপৰি চিন। তলত শ্ৰেণীৰ গোটেইবোৰৰ নাম।

তুলিকাই যেন পাহৰিয়ে পেলাইছিল, আজি ব'হাগৰ প্ৰথম দিন!

ঘৰৰ পৰা আঁতৰত এয়া তাইৰ প্ৰথম বিহু!

এয়া লগৰবোৰে অসমীয়াতে লিখি বিহুৰ শুভেচ্ছা দিছেহি!

গোটেইখিনি কথা টং কৰিবলৈ তাইক যেন কিছু সময় লাগিল।তাই
 কোনোমতে উচ্চাৰিলে, 'থেংক ইউ!'

'ৰোমেইনৰ আইডিয়া এইটো। এতিয়া কোৱা বিহু কেনেকৈ পাতে? নতুন বছৰ বুলি আমি বাহিৰতে এসাঁজ খাওঁগৈ নেকি?' শিখাই হাঁহি হাঁহি ক'লে।

শিখাই কিজানি আজিও নেদেখিলে দুটোপাল চকুপানীয়ে ঢুলঢুলীয়া কৰি দিয়া তুলিকাৰ চকুহাল। প্ৰথমবাৰৰ বাবে আজি তুলিকাৰ বুকুৰ খোঁচা-বিন্ধাবোৰ কমি অহা যেন লাগিল। পেটৰ উকট-পাকটবোৰ শান্ত হৈ পৰা যেন লাগিল। একো নক'লেও সেয়া ৰোমেইনে ঠিকেই দেখিলে আৰু বুজিলে। 

জীৱনৰ বহু অনুভৱ যে ভাষিক নহয়, হয় কেৱল আন্তৰিক!



2 comments: