Wednesday 16 August 2023

উপন্যাস: ফাৰমানা (দশম খণ্ড)

‘তুমি কি বিচাৰিছা, তুলিকা? তুমি ইয়াত কিয়?’ 

মিচেলে লাহেকৈ কথাষাৰ সুধিলে। কিন্তু তেওঁৰ মুগাৰঙী দুচকুৰ দৃষ্টি একেই থাকিল। সেয়া যেন এনে দৃষ্টি যি মানুহৰ মুখৰ চাৰিসীমাত নৰৈ আত্মাৰ অতল গভীৰতালৈ জুমি চাব খোজে। যি জানিব খোজে শব্দৰ মাপকাঠিৰে বুজাব নোৱাৰা অনুভৱৰ ভাষা। কোনো বিচাৰ নোহোৱাকৈ, কোনো সামাজিক মূল্যবোধৰ তুলাচালনীত নোজোখাকৈ।

কোঠাটোৰ ছাইবৰণীয়া চোফাখনত তুলিকাই অলপ অসহজভাৱে লৰচৰ কৰি উঠিল। ভাৱিলে, কেনেকৈ কোৱা যায় আজি তাই এই ঠাইত বহি ৰোৱাৰ কাৰণ হ’ল আছমা আৰু লুক। কেনেকৈ কোৱা যায় ফাৰমানা এৰি যোৱাৰ আগে আগে যে আছমাই কৈ গৈছিল,

‘তুমি কাৰোৱাৰ লগত কথা পতাৰ দৰকাৰ, তুলিকা। মনতে সহি-সামৰি নথৈ এই আবেগবোৰক বাট এৰি দিয়াৰ দৰকাৰ।’

তাতে ক্ষান্ত নথাকি লুক আৰু আছমাই তাইৰ পৰা কথা লৈছিল, তুলিকাই সহায় বিচাৰিব। পেছাদাৰী সহায়। নহ’লে এনে কথাবোৰেই যে বহুদিনলৈ মানুহক এক যন্ত্ৰণাৰ কাৰাগাৰত বন্দী কৰি ৰাখিব পাৰে, কুটি কুটি খাই পেলাব পাৰে জীৱনবোধ! যিমান সময় কাটিলেও পৰুৱাই পোৱা দি ঘুৰি ঘুৰি সেই কাৰাগাৰতে দিশহাৰা হৈ ৰ’ৱ পাৰে মানুহ। কেন্সাৰৰ হাতোৰাই মাকক অকালতে কাঢ়ি নিয়াৰ পিছত আছমাই সেই পেছাদাৰী সহায়ৰ বাবেহে নিজাকৈ এটা পৰিপূৰ্ণ জীৱন গঢ়িবলৈ সক্ষম হৈছে। তাই বিচাৰে, তুলিকা পণবন্দী হৈ নৰওক সেই আবেগৰ কাৰাগাৰত। বিচাৰে তুলিকাই মনৰ হেঁপাহেৰে জীৱনটো পুনৰ গঢ়িবলৈ শিকক।

কেৱল আছমা আৰু লুকক দিয়া সেই কথা ৰাখিবলৈকে তুলিকা আজি ফাৰমানাৰ এই কাউন্সেলিং ক্লিনিকত বহিছেহি। কিন্তু তাই বুজিব পৰা নাই কেনেকৈ এই অচিনাকি শ্বেতাংগ মহিলাক পলকতে বিশ্বাসত ল’ব। কেনেকৈ আপোন মানুহবোৰক খুলি ক’ব নোৱাৰা কথাবোৰ এই থেৰাপিষ্ট গৰাকীৰ আগত উদঙাই দিব।

নীৰৱতা ভাঙি মিচেলে ক’লে, ‘নজনাটো একো ডাঙৰ কথা নহয়, তুলিকা।’ যেন তেওঁ নোকোৱাকৈয়ে বুজি পালে তুলিকাই কি ভাৱিছে। ‘তোমাৰ কথাকে কোৱাচোন, যাতে আমি ইগৰাকীয়ে সিগৰাকীক অলপ জানিব পাৰোঁ। মোৰ বিষয়ে কিবা জানিব খোজা যদি সেয়াও সুধিব পাৰা।’

চা-চিনাকিৰ পিছত তুলিকা যেন লাহে লাহে সহজ হৈ আহিল। মিচেলে কৈ গ’ল, তেওঁৰ থেৰাপীৰ প্ৰকৃতিৰ কথা। তেওঁ বিশ্বাস কৰে, প্ৰতিজন মানুহৰ নিজৰ মাজতে সকলো সমস্যাৰ সমাধানৰ সূত্ৰ সোমাই থাকে। তেওঁ মাথোঁ সেই বাটটোত আগবাঢ়িবলৈ মানুহক সহায় কৰে। অকলে সেই বাট বুলিবলৈ সত নোযোৱা কাৰোৱাৰ সৈতে একেলগে খোজ দি তেওঁ অকণমান আগবঢ়াই দিয়ে।

‘আমাৰ দেহটো সুস্থ ৰাখিবলৈ আমি কিমান যত্ন লওঁ, নহয়নে? বিনা সংকোচে দৰৱ খাওঁ, ডাক্তৰৰ সৈতে কথা পাতোঁ, পৰীক্ষা-নিৰীক্ষা কৰাওঁ। কিন্তু ভাৱাচোন, মনটোৰ জানো তেনেকৈ কেতিয়াবা যত্ন লওঁ? অথচ মনটো ভালে থকাটোও যে কিমান দৰকাৰী! জীৱনৰ কত কথা আৰু ঘটনাই মনটোত আঁচোৰ মাৰে বা দকৈ আঘাত সানি যায়- তাৰোতো সঠিক প্ৰতিৰক্ষা আৰু যত্নৰ প্ৰয়োজন।’

মিচেলৰ কথাবোৰে তুলিকাক ভৱাই তোলে। তাইচোন কেতিয়াও তেনেকৈ ভাৱি চোৱা নাই। মনৰ সকলো কথা সদায়ে মনতে সহি-সামৰি থ'বলৈকেতো তাই সৰুৰে পৰা শিকি আহিছে!

সেই প্ৰথম ছেছ’নৰ শেষত তুলিকাৰ মুখেৰে স্বত:স্ফূৰ্তভাৱে ওলাই আহিল,
‘মই ইয়ালৈ আহিছোঁ কাৰণ মোক বুকুৰ ভিতৰত আউল লাগি পৰা অনুভৱবোৰৰ আঁতডাল লাগে। ক্লেৰিটি লাগে মোক।’

মিচেলে পৰৱৰ্তী ছেছনৰ তাৰিখটো কাৰ্ডত লিখি তাইলৈ আগবঢ়াই দি ক’লে,
‘পাবা তুলিকা, পাবা। সেয়াও তোমাৰ মাজতে সোমাই আছে।’

সিদিনা গঢ় লৈ উঠা বিশ্বাসৰ সোপোনটোকে লৈ আজি তৃতীয়টো ছেছ’নত তুলিকা। সেই একেই ছাই-বৰণীয়া চোফা।তাৰ কাষতে এখন বহল খিৰিকী। সিপাৰে ফাৰমানাৰ সেউজীয়া। চোফাত বহি লৈয়ে তাই নিজেই উপযাচি ক’লে,
‘আজি বিদ্যুতৰ কথা পাতিব বিচাৰোঁ।’

‘কোৱা কি ক’ব খুজিছা।’

শান্ত কিন্তু উৎসুক মাত এটাৰে মিচেলে ক’লে। মিচেলৰ দীঘল ফিৰফিৰিয়া চুলিখিনি টানি নি পিছলৈ বান্ধি থোৱা আছে। তেওঁৰ দেহত আহল-বহল কটনৰ বগা ব্লাউজ আৰু মুগা ট্ৰাউজাৰ। পশ্চিমীয়া সাজ-পাৰ আৰু শ্বেতাংগ ছাল দেও দি তেওঁৰ চকুৱে মুখে এক আপোন মমতাময়ী উম। ঠিক তাইৰ মাকৰ দৰে, তুলিকাই ভাৱিলে। যি বুকুৰ আচল পাতি ৰৈ থাকে এসাগৰ ভালপোৱা লৈ- কোনো দাবী নোহোৱাকৈ, কোনো কৈফিয়ৎ নিবিচৰাকৈ।

‘লগ পোৱাৰ মাত্ৰ ছমাহ পিছতে আমাৰ বিয়া হৈছিল। বিদ্যুৎ লণ্ডনত আছিল। মই ভাৰতৰ অসমত।’ ক্ষন্তেক ৰৈ তুলিকাই ভাৱিলে, ভাৰতৰ সমাজ-সংস্কৃতি আৰু এৰেঞ্জ মেৰেজৰ কথা কিমান জানে বাৰু মিচেলে?

‘এৰেঞ্জ মেৰেজ?’ মিচেলে পুনৰ যেন তাইৰ মনটো পঢ়ি পেলালে।

‘ঠিক তেনেকুৱাই। কিন্তু প্ৰথমে ঘৰৰ পৰা চাই আমাক দুয়ো দুয়োকে জনাৰ সময়-সুবিধাও দিছিল।’

‘বুজিছোঁ। তুমি ভাল পায়ে বিয়া পাতিছিলা তেনে?’

এখন্তেক ৰৈ তুলিকাই ভাৱিলে। ইমান সহজ যেন লগা উত্তৰটোও বিচাৰি নোপোৱা যেন লাগিল তাইৰ। তাইৰ চকুত ধৰা দিলে সেই বিশেষ গধূলিটো। তেজপুৰ বিশ্ববিদ্যালয়ৰৰ পৰা পৰিৱেশ বিজ্ঞানত তুলিকাই ডিষ্টিংচন পাই মাষ্টাৰ্চ ডিগ্ৰী পোৱাৰ খৱৰ আহিছে। কিন্তু ঘৰখনত তাতোকৈ ডাঙৰ খৱৰ হৈ পৰিছে সেইদিনাই আহি পোৱা পেহীয়েকৰ খৱৰটো।

তুলিকালৈ লণ্ডনত চাকৰি কৰি থকা ল’ৰা এটা ওলাইছে। ল’ৰাৰ মাক-দেউতাকে কোনোবা এখন বিয়াত তুলিকাক দেখা পাই পেহীয়েকৰ ঘৰত খৱৰ লৈছে। লগে লগেই ঘৰখনত উখল-মাখল লাগি পৰিছে। পৰিয়ালৰ সকলোৱে দিবাস্বপ্ন দেখিছে, বিদেশত তুলিকাৰ সোণৰ সংসাৰ এখনৰ, তুলিকাৰ জহতে তেওঁলোকেও এদিন লণ্ডনত ভৰি থোৱাৰ। 

‘তাইৰ কপাল ভাল বুজিছ দাদা, বৰ সুখত থাকিব তাই। বৰ সুখত।’ পেহীয়েকে টিভিত অহৰহ চলি থকা বাতৰিৰ বিৰতিত 
গুণগুণকৈ দেউতাকক কৈছে।

‘অঁ অঁ, তহঁতেই চাচোন কেনেকৈ আগবাঢ়িব পাৰি! এন আৰ আই দৰা পোৱাটো কম ভাগ্যৰ কথানে!’ দেউতাকে টিভিৰ ভলিউম কম কৰাৰ সলনি প্ৰায় চিঞৰিয়ে কথাষাৰ কৈছে।

কাষৰ কোঠাত তুলিকা কেৰেলুৱা এডালৰ দৰে মেৰখাই পৰিছে। নিজকে তাইৰ মাক দেউতাকৰ বাবে এটা বোজা নাইবা পৰিয়ালৰ সামাজিক ষ্টেটাচ বজাই ৰখা এটা মাধ্যম যেন ভাৱ হৈছে। এনেতে মাক আহি তাইক লাহেকৈ কৈছেহি,

‘লগ কৰি চাচোন, মাজনী। ভাল লগা-নলগাতো তয়ে ঠিক কৰিব লাগিব। বিয়া পাতি আমিতো সংসাৰ নকৰোঁ-তইহে কৰিবি।’

তাইৰ দুচকু ভৰি আহিছে। দেউতাকৰ কথাৰ ওপৰত এষাৰো ক’বলৈ সাধ্য নথকা মাকজনীৰ সেই কথাষাৰেই যেন তাইক বহুত বুজাই দিছে। কিন্তু ইতিমধ্যে সময় যেন পাখিলাহি পখিলা হৈ উৰিবলৈ লৈছে।

এসপ্তাহৰ ভিতৰতে বিদ্যুতৰ সৈতে তাইৰ অনলাইন চিনাকি হৈছে। মাজে মাজে সি ফে’চটাইম কৰিবলৈ লৈছে। নিজৰ অজানিতে লাহে লাহে তুলিকাই বাট চাই থকা হৈছে তাৰ এটা মেচেজ বা কললৈ। আৰু তিনিমাহৰ পিছতে ৰঙা মিনিকুপাৰ খনলৈ বিদ্যুতে ভৰি দিছেহি সিহঁতৰ ঘৰত।

‘সেই সকলোবোৰ গ্ৰহণ কৰি ল’বলৈ তোমাৰ কিজানি কষ্ট হৈছিল?’ মিচেলে জানিব খুজিছে।

কষ্ট? নাই! তাইৰ সপোনৰ দলিচাত ক’ৰবালৈ গুচি যোৱা যেনহে লাগিছিল। বিদ্যুত অহাৰ দিনা ৰান্ধনি বেলিটো পিঠিত লৈ সিহঁত ৰংঘৰৰ সন্মুখত বহিছিলগৈ। কিমান কথা যে পাতিছিল সিহঁতে! বিদ্যুতে লণ্ডনৰ জীৱনৰ কথা কৈছিল৷ কৈছিল কেনে অকলশৰীয়া মহানগৰী লণ্ডনৰ জীৱন৷ প্ৰত্যেকেই যেন কেৱল 
নিজৰ লগতে ব্যস্ত৷ অসমৰ দৰে, ভাৰতৰ প্ৰায়বোৰ ঠাইৰ দৰে এখন সমাজ বা জাতিৰ অনুভৱ নাই সেই মহানগৰীত৷ বিদ্যুতৰ অনুভৱ হয়, যিমানে কেৰিয়াৰৰ জখলাত আগুৱাই গ’ল সিমানে যেন সি বেছিকৈ অকলশৰীয়া হৈ গ’ল৷ পুৰণি বন্ধুবোৰক লগ পালে উচ্ছল হৈ কথা পাতে- ৰেষ্টোৰাঁত বহি অতীত ৰোমন্থন হয়, কিন্তু আগৰ দৰে যেন আন্তৰিক সংযোগ অনুভৱ নকৰে সি৷ কিবা এটা যেন হেৰাই গ’ল৷ সি পলে পলে অনুভৱ কৰে জীৱনৰ সুখ-দুখ সকলো ভগাই ল’ব পৰা এক সংগীৰ অভাৱ।

কৈ কৈ বিদ্যুতে তাইৰ সোঁহাতখনৰ পতাত তাৰ হাতখন ৰাখে। সেই হাতে লাহেকৈ তাইৰ আঙুলীকেইটা খামুচি ধৰে।

‘আমাৰ যদি কথাবোৰ আগবাঢ়ে তুমি মোৰ লগত লণ্ডনত থাকিবাগৈনে?’

অপ্ৰস্তুত হৈ পৰিছিল তাই সেই স্পৰ্শ আৰু প্ৰশ্নত। কিন্তু তাৰ লগে লগে তাইৰ মায়া উপজিবলৈ লৈছিল এই অকলশৰীয়া মৰম-আকলুৱা ল’ৰাটোলৈ। 

তাইৰ অসহজ ভাৱটো লক্ষ্য কৰিয়ে হয়তো সি কৈছিল,
‘চোৱা, মা-দেউতাহঁতে কি কয় সেইটো পিছৰ কথা, প্ৰথমে তুমি কি বিচাৰা সেয়া জনাটো মোৰ কাৰণে বেছি দৰকাৰী৷ সেয়ে সুধিছোঁ৷’

খন্তেক ভাৱি তাই কৈছিল,
‘লণ্ডনত মোৰ ফিল্ডৰ কাম কিবা পালে যোৱাৰ কথা ভাৱিব পাৰোঁ৷ নহ'লে ইয়াত সকলো এৰি থৈ শূন্যৰ পৰা লণ্ডনত সকলোবোৰ আৰম্ভ কৰাটো মোৰ কাৰণে বৰ ডাঙৰ সিদ্ধান্ত হ’ব৷’

‘বুজিছোঁ৷’ 

বিদ্যুতৰ মাতটোৱে ধেমেলীয়া সুৰ এটা ল’বলৈ আৰম্ভ কৰিছিল,
‘তেনে সোনকালেই লণ্ডনত চাকৰি এটা বিচাৰিবলৈ আৰম্ভ কৰা৷’

তুলিকাৰ গাল দুখন অলপ ৰঙচুৱা হৈ পৰিছিল যেন৷ একোকে ক’ব পৰা নাছিল তাই৷ মাথোঁ ভাৱিছিল, হয়তো পাৰিব তাই! পাৰিব এইজন মানুহৰ সৈতে জীৱনৰ সুখ-দুখবোৰ ভগাই ল’বলৈ, আশা আৰু সপোনবোৰ একেলগে ৰচিবলৈ। 

সিদিনা জোনাকৰ পোহৰত সিহঁতে উভতনি খোজ দিওঁতে বিদ্যুতে তাৰ বাওঁহাতেৰে তুলিকাৰ কঁকালত আলফুলে মেৰিয়াই ধৰিছিল। এটা অবুজ শিহৰণে তাইৰ সমগ্ৰ দেহত জোকাৰণি তুলি গৈছিল। তথাপিও তাই কৃত্ৰিম চেষ্টা এটা কৰিছিল আঁতৰি যাবলৈ৷ তাইৰ একেবাৰে কাষলৈ আহি বিদ্যুতে শুনা নুশুনাকৈ কৈছিল, ‘একো নহয় দিয়া! বেয়া পোৱা নাই যদি ধৰি থাকিবলৈ দিয়াচোন!’

সেই স্পৰ্শই যেন বহু কথা কৈ গৈছিল তুলিকাক৷ বিদ্যুৎ উভতি যোৱাৰ পিছতো বহুদিনলৈ সেই মাদকতাত তাই ডুব গৈ আছিল। পাহৰিব পৰা নাছিল ঠৰঙা চুটি চুলি, পাতলীয়া দাঢ়ি আৰু সৰু সৰু চকুহালিৰে সেই মৰমলগা মুখখনি।

‘তাৰপিছত?’ সেই অপূৰ্ব মাদকতাই যেন সুৰুঙা পাই তাইৰ দেহে-মনে পুনৰ সাৰ পাই উঠিব খুজিছে। মিচেলৰ মাতত তাইৰ সম্বিত আহিল।

‘তথাপিও মই সময় ল’ব খুজিছিলোঁ। কিন্তু দুয়োটা পৰিয়ালৰ হেঁচাই সেইবোৰ উফৰাই পেলাইছিল। ভাল ল’ৰা পাইছোঁ যেতিয়া শুভ কাম সোনকালে কৰি পেলোৱা ভাল, দেউতাই কৈছিল। বিয়াৰ পিছত বাকী সকলোবোৰ নিজে নিজেই মিলি যাব, পেহীয়ে কৈছিল। অসমৰ পৰা চেষ্টা কৰাতকৈ বিয়াৰ পিছত ডিপেণ্ডেণ্ট ভিজাত আহি গ’লে যিকোনো চাকৰি পাবলৈ সহজ হ'ব, বিদ্যুতে কৈছিল।’

‘তুমি কি ভাৱিছিলা?’

‘এতিয়া সেইবোৰ জানি বা পাতি কিবা লাভ আছে জানো?’

মিচেলে একো উত্তৰ নিদিলে। যেন তুলিকাক নিজকে সেই প্ৰশ্নটো কৰি চাবলৈ দিলে। উপায়ন্তৰ হৈ তাই ক’লে,

‘তেতিয়া মোক কোনোবাই সোধা হ’লে ক’লোঁহেতেন, বিদ্যুতক মোৰ ভাল লাগিছে। কিন্তু তাক ভালদৰে জানিবলৈ-বুজিবলৈ মোক সময় লাগে। আমাৰ ভৱিষ্যতটো একেলগে পৰিকল্পনা কৰিবলৈকো সময় লাগে। কিন্তু অঙহী-বঙহী সকলোৰে দিহা-পৰামৰ্শৰ জোৱাৰত মই কিজানি একো কোৱাৰ সুৰুঙাই নাপালোঁ! বিদ্যুতক বিয়া কৰোৱাত বিশেষ আপত্তিওতো নাছিল মোৰ।’

সেই মাদকতাময় সন্ধিয়াটোৰ দুমাহ পিছতে তাই প্ৰথমবাৰৰ বাবে বিদেশৰ মাটিত ভৰি দিলেহি। আস্‌ চতুৰ্থ মহলাৰ সেই এপাৰ্টমেণ্টত যেন সিহঁতৰ হাঁহি আৰু পৰিপূৰ্ণতাৰ এখন সপোনপুৰীহে গঢ় লৈ উঠিল! বিদ্যুতে যেন এটা ক্ষণৰ বাবেও তাইক চকুৰ পৰা আঁতৰ হ’বলৈকে নিদিব। দিনত অফিচৰ পৰা ঘনে ঘনে সি মেচেজ কৰে,

‘কি কৰিছা? তোমাৰ কথা ভাৱি আছোঁ জানা? মিছ কৰিছোঁ তোমাক!’

‘সন্ধিয়া ওলাই সাজু হৈ থাকিবা। তোমাক মিচেলিন ষ্টাৰ ৰেষ্টোৰাঁ এখনলৈ নিম।’

‘ঠিকে আছানে? ইমানপৰে মোৰ মেচেজৰ উত্তৰ দিয়া নাইযে?’

য’লৈকে নাযাওক বিদ্যুতে তাইৰ হাতত হাত ধৰি খোজ দিয়ে। সকলোৰে সন্মুখতে হঠাতে তাইক সাৱটি লৈ চুমা একোটা যাচে। তাই যিমান সংকোচ কৰে, সিমান গৌৰৱেৰে সি তাইক কাষলৈ টানি লয়।

‘এয়া লণ্ডন, তুলিকা। ইয়াত ভালপোৱাৰ প্ৰকাশত কোনো বাধা নাই, কোনো লাজ নাই!’

তুলিকাই কৃত্ৰিম খঙেৰে কৈ উঠে, ‘তুমিও ইয়াত থাকি থাকি স্থান-কাল-পাত্ৰ বুলি যে কথা এষাৰ আছে সেয়া পাহৰি গ’লা, নহয়?’

একোৱেইতো বিদ্যুতক টলাব পৰা নাছিল। সি তুলিকাৰ পৃথিৱী জুৰি আৱৰি ধৰিছিল। নিশা বিছনাত পৰি তুলিকাই বুকুত হাত ফুৰাই দিলেহে তাৰ টোপনি আহে। পুৱা সাৰ পায়েই তুলিকাক কেনেবাকৈ কাষত নাপালে সি ঠেহ ধৰে।

‘পুৱা চকু মেলিয়েই তোমাৰ মুখখন দেখা পালে মোৰ দিনটোলৈ মনটো ভাল লাগি থাকে জানা? সেয়া জানি শুনিও কিয় তুমি সোনকালে বিছনা এৰি যোৱা কোৱাচোন!’

সি য’তেই নাথাকক, যিয়ে নকৰক সকলোতে তাক মাথোঁ তুলিকাক লাগে। মাথোঁ তুলিকাক।

লাহে লাহে তায়ো অভ্যস্ত হৈ পৰিছিল সেই জীৱনধাৰাত। দেউতাক-পেহীয়েকহঁতে কোৱাৰ দৰে তাইৰ নিজকে ভাগ্যশালী যেন অনুভৱ হ’বলৈ লৈছিল।

বিদ্যুতৰ মাজত নিজকে এৰি দি তাই সেই সপোনপুৰীৰ পৰী হৈ ৰৈছিল। ভালপোৱা আৰু নিবিড়তাৰ উত্তাল ঢৌৱে তাইক যেন বাস্তৱত খোজেই পেলাবলৈ দিয়া নাছিল। নাইবা হয়তো সেয়া বিদ্যুতেই বিচৰা নাছিল? এতিয়া যে সকলো ধুৱঁলী কুঁৱলী।

‘বিদ্যুৎ এতিয়া ক’ত?’ মিচেলে সুধিলে।

‘নাজানো!
’ শিল হৈ যোৱা হৃদয়খনে যেন দেও পাৰি উঠিব খুজিলে! ‘বিদ্যুতে মোক এৰি গৈছে। অন্য এক নাৰীৰ বাবে। অলপদিনৰ আগতে শুনিলোঁ, সি সেই নাৰীকো এৰি গৈছে। মোৰ খুউব চিন্তা হয় তাৰ বাবে। নাজানো কেনে আছে সি! কি কৰিছে!’

তুলিকাই উচুপিবলৈ আৰম্ভ কৰিলে। প্ৰথমে কিছু নিয়ন্ত্ৰণ কৰি। কিন্তু মিচেলে আগবঢ়াই দিয়া টিছ্যুখন ল’বলৈ লৈ তাই সশব্দে কান্দি পেলালে। তাই নহ’লে উশাহটো সলাব নোৱাৰা সেই বিদ্যুৎ ক’ত আছে এতিয়া? কেনে আছে সি?

আজি প্ৰথমবাৰৰ বাবে তাই যেন উপলব্ধি কৰিলে, বিদ্যুৎ যেন বেয়া পাব খুজিও কেতিয়াও বেয়া পাব নোৱাৰা সেই ব্যক্তি। সকলো জানিও আলফুলে বুকুৰ মাজত সোমোৱাই ল’ব খোজা সেই আপোনজন। 

তাই শান্ত হ’বলৈ বেছ কিছুপৰ লাগিল।
‘ছ’ৰী।’ টিছ্যু পেপাৰখনেৰে চকু-মুখ মচি মচি তাই ক’লে।

‘তুমি ছ’ৰী কোৱাৰ প্ৰয়োজন নাই তুলিকা। কেতিয়াবা কন্দাটোও বহুত দৰকাৰী। মন পাতল হয়। বুকুৰ বোজা নোহোৱা হয়।’ মিচেলে তাইক প্ৰবোধ দিয়াৰ দৰে ক’লে।

‘নাজানো মোৰ কি ভুল হৈ গ’ল। সেই আপোন ল’ৰাটোক আপোন কৰি ৰাখিব নোৱাৰিলোঁ। আমাৰ সংসাৰখন ধৰি ৰাখিব নোৱাৰিলোঁ।’ এসাগৰ হতাশা আৰু অপৰাধবোধে তাইক মেৰিয়াই ধৰিব খোজে।

‘সেয়া তোমাৰ ভুল নহয় তুলিকা। তুমি ভাৱিব পাৰা পত্নীৰ দায়িত্ব পালন নকৰিলা বুলি বা পৰিয়ালৰ আৰু সমাজৰ আশাবোৰ ভাঙিলা বুলিও। তেনে ভাৱ অহাটো একেবাৰে স্বাভাৱিক। কিন্তু অন্য এজন মানুহে কি সিদ্ধান্ত লয়, জীৱনটো কেনেকৈ চলাই নিয়ে সেয়া কেৱল তেওঁৰ সিদ্ধান্ত। তাত তোমাৰ একো ভাগ নাই।’

‘কিন্তু…কিন্তু মোৰ সৈতে সুখী হ’ব নোৱাৰিয়ে কিজানি সি তেনে এক বাট ল’লে! হয়তো জীৱনসংগী হিচাপে মোৰ অসমৰ্থতাই সেয়া।’

‘সেয়া কেৱল এটা ধাৰণা। আমি মনতে কৰি লোৱা সকলো ধাৰণা সত্য নহ’বওতো পাৰে, নহয় জানো?’

তুলিকা নীৰৱে ৰ’ল। তাইৰ হৃদয়ে যে সেই ধাৰণাৰ ভেঁটিতে এক শোকৰ হিমালয় গঢ়ি পেলাইছে।

‘চোৱা তুলিকা, একেলগে জীৱনৰ বাট বুলিলে আমি বহুসময়ত পাহৰি পেলাব পাৰোঁ যে জীৱনসংগী হ’লেও আমাৰ জীৱন কেৱল নিজা জীৱন। নিজৰ জীৱনত কি কৰিবা, কোনদিশে বাট বুলিবা সেয়াও একান্তই তোমাৰ নিজা সিদ্ধান্ত। তুমি কেৱল নিজৰ জীৱনৰ বাবে দায়বদ্ধ। তোমাৰ কাষে কাষে বাট বুলাজনক ভাল পাব পাৰা, সহায়-সাহস যোগাব পাৰা, কিন্তু তেওঁৰ হৈ তেওঁৰ জীৱনটো তুমি চলাই নিব নোৱাৰা।’

তাই যে ভাৱিবই নোৱাৰে। সেই কাল নিশাটোলৈকে বিদ্যুতৰ পৰা পৃথককৈ একোৱে ভাৱিব পৰা নাছিল। এতিয়াও যেন নিজৰ সত্বাটোক আঁতৰাই আনিবলৈ তাইৰ কষ্ট হ’ল।

কেইটামান নীৰৱ মুহূৰ্তৰ পিছত মিচেলে আগতকৈও কোমল মাত এটাৰে ক’লে,
‘তুলিকা, পৰিয়ালে কি কয়, সমাজে কি কয়, সেয়া সকলো একাষে থৈ নিজকে চুই চোৱাচোন। এয়া তোমাৰ জীৱন। তোমাৰ সম্পৰ্ক। সেয়া কেনে আছিল, বা কেনে হ’ব সেই কথা কেৱল তুমি ক’ব পাৰা। অন্য কোনোৱে নহয়।’

‘কিন্তু কেনেকৈ?’

তুলিকাই যেন নাজানে। নাজানে নিজকে কেতিয়া হেৰুৱাই পেলালে! নাজানে ক’ত, কেনেকৈ বিচাৰি পাব! মনত পৰাৰ পৰাইতো তাই কেৱল লোকৰ আশা পূৰাবালৈকে, লোকক সুখী কৰিবলৈকে সকলো কৰি গৈছে। মাক-দেউতাকে, পৰিয়াল-সমাজে যেনেকৈ বিচাৰিছে, বিদ্যুতে যেনেকৈ কৈছে তেনেকৈয়েতো নিজকে গঢ় দি আহিছে তাই। সেইকাৰণেই নেকি এতিয়া ইমান দিশহাৰা তাই? এই অজান্তি মুলুক ফাৰমানাত তাই কি হ’ব, তাইৰ জীৱন কেনে হ’ব তাৰ নিৰ্দেশনা দিবলৈ, সেয়া দাবী কৰি ল’বলৈ কোনোৱে যে নাই!

‘সেয়া লাহে লাহে আহিব। সৰু সৰু খোজ কিছুমান দিবলৈ লোৱাচোন।’

তাইৰ প্ৰশ্নবোধক চাৱনিৰ উত্তৰত মিচেলে এটা প’ষ্ট ইট নোট আগবঢ়াই দিলে- এডাল আঁচেৰে দুভাগ কৰা এখন টেবুল। তুমি কি ভাল পোৱা- কি বেয়া পোৱা?

‘এয়া তোমাৰ ঘৰত কৰিবলগীয়া কাম - অন্য কোনেও নোকোৱাকৈ, কোনো হেঁচা নোহোৱাকৈ তুমি কি কৰি ভাল পোৱা, কি বেয়া পোৱা সেয়া অহাবাৰ ক’বাচোন।’

তুলিকাই হাঁহিলে। এয়া আকৌ কেনে ঘৰৰ কাম! তথাপিও বাধ্য ছাত্ৰীৰ দৰেই তাই ক'লে,

‘হ’ব। চেষ্টা কৰিম।’ 

তাৰ পৰা ওলাই আহি মিনি কুপাৰখনত বহেহি মানে সাঁজ লাগিবৰ হৈছে। গাড়ী ষ্টাৰ্ট কৰিবলৈ লৈ তাই অভ্যাসবশত: ৰেডিঅ’টো অন কৰিলে। লগে লগে বাতৰিত আহিল, প্ৰধানমন্ত্ৰী টেৰেছা মে’ৰ ব্ৰেক্সিটৰ প্ৰস্তাৱিত এগ্ৰিমেণ্টখন হাউছ অব কমনছত গৃহীত নহ'ল৷ ব্ৰিটেইনৰ আকাশত এতিয়া ‘ন’ ডিল ব্ৰেক্সিট’ৰ কলা মেঘ এছাটিয়ে থোপা পাতিছেহি৷


তুলিকাৰ আকাশখনত পিছে ক’লা মেঘ ছাটি ফালি অকণমান সুৰুযৰ কিৰণ সোমাই অহা যেন ভাৱ হ’ল। তাই ৰেডিঅ’টো বন্ধ কৰি ফোনৰ স্প’টিফাই খুঁচৰিলে। বিচাৰি বিচাৰি অসমীয়া গানৰ প্লে’লিষ্ট এখন উলিয়ালে। মুহূৰ্ততে ভাঁহি আহিল দিপালী বৰঠাকুৰৰ কণ্ঠত, ‘জোনধনে জোনালীতে তৰাৱতীক চাই….’। ঘৰমুখী গাড়ীৰ ভিতৰখন যেন সেই অপূৰ্ব কণ্ঠৰ অমিয়া সুৰে উপচাই পেলালে। 

তাৰ সুৰত সুৰ মিলাই তুলিকাই ভাৱিবলৈ ধৰিলে, সেয়াচোন চকামকাকৈ তাইৰেই এটা অংশ! অসমীয়া সুৱদী সুৰত আপোন পাহৰা হোৱা শৈশৱৰ একাংশ!

ক’ত হেৰাই আছিল তাই অতদিনে, ক’ত? 

ঘৰ পায়গৈ মানে তুলিকাৰ সেই গুণগুণনি গুণগুণনিতে নৰৈ গান একোটা হৈ পৰিল। কেৱল এটা গান নহয়, সিদিনা তাইৰ এজনীয়া এপাৰ্টমেণ্টত সুৱদী সুৰীয়া অসমীয়া গানৰ মজলিচ বহিল। তুলিকাৰ সৈতে তুলিকাৰ মুখামুখি হোৱা যেন লাগিল। বহুদিনৰ মূৰত।

No comments:

Post a Comment