Saturday 5 August 2023

উপন্যাস: ফাৰমানা (নৱম খণ্ড)

আমি সঁচাকৈয়ে সৌ পাহাৰবোৰ পামগৈ নেকি?’ এখন্তেক থমকি ৰৈ দিগন্তত মিলি যোৱা পাহাৰবোৰলৈ চাই আছমাই সুধিলে। শিলগুটিৰ বহল বাটটোত সিহঁতে তেতিয়া খোজ দিবলৈ আৰম্ভ কৰিছেহে।

আছমাৰ কথাত তুলিকা আৰু লুক দুয়ো একেলগে হাঁহি উঠিল। সেই পাহাৰ কেইটাৰ মাজত জিলিকি থকা এটা শিখৰলৈ আঙুলিয়াই তুলিকাই ক’লে,

‘অঁ। সেই যে দেখিছা শৃংগটো, সেইটোৱে কুলকাৰ শিখৰ! আমি তালৈকে ওলাইছোঁ।’

আছমাৰ দুচকুত যেন কিছু বিস্ময়, কিছু আশংকা। তাকে দেখি তুলিকাই ভৰসা দিবলৈকে যেন ক’লে,

‘দেখাত বহুত দূৰ যেন লাগিব পাৰে, কিন্তু গৈ পাবলৈ মাথোঁ তিনিঘণ্টামানহে লাগে। বাটটোও প্ৰায় সমান- একেবাৰে শেষৰছোৱাতহে অলপ ওপৰলৈ উঠিব লাগে। চোৱা, কিমান মানুহ গৈ আছে।


সঁচাই! সিহঁতৰ কষেদিয়ে সৰু-ডাঙৰ, ডেকা-বুঢ়া বহু লোকে তালৈকে খোজ দিছে। বহুতেই ইতিমধ্যে কুলকাত আৰোহণ কৰিও উভতি আহিছে।

আজিৰ ফাৰমানা ৰ’দোজ্জল। বতাহৰ কোবো কম। কুলকা পৰ্বতলৈ যোৱা বাটৰ এই প্ৰথম অংশটোত চাৰিওফালে চৰণীয়া পথাৰৰ সেউজীয়া। অ’ত ত’ত কিছুমান ভেড়াও দেখা পাইছে সিহঁতে। শিলগুটিৰ বহল বাটটোৰ বাওঁফালে এটা পৰিত্যক্ত আইৰিছ কুটীৰ। কুটিৰৰ শিলৰ দেৱালবোৰ জহি খহি যাবলৈ আৰম্ভ কৰিছে। তথাপিও যেন তাত ফুটি উঠিছে আয়াৰলেণ্ডৰ ঐতিহ্যৰ অৱশিষ্ট লৈ সগৌৰৱে থিয় দি ৰোৱাৰ এক হাবিয়াস।

লুকে তাকে দেখুৱাই ক’লে,

সেই শিলৰ কুটীৰবোৰ কিমান দিনৰ পৰাই এনেকৈ আছে কিজানি৷’

তাকেই, এটা সময়ত এই শিলৰ চাপৰ ঘৰবোৰতে মানুহ থাকিছিল। এই যে দেখিছা সৰু-ডাঙৰ টিলাবোৰ, তাতে হেনো আলুৰ খেতি হৈছিল৷’ তুলিকাই যোৱাবাৰ ইয়ালৈ আহোঁতে লিছাৰ পৰা শুনা কথাখিনিকে দোহাৰিলে।

‘ইয়াত আছমাইহে থাকিব পাৰিব দেই। তুলিকা আৰু মোৰ এনে চাপৰ ঘৰত বাহিৰ-ভিতৰ কৰিবলৈকে টান হ’ব।‘ কৈ লুকে দুষ্ট হাঁহি এটা মাৰিলে।

আছমাই তালৈ কৃত্ৰিম খঙৰ চাৱনিৰে চাই হাঁহি হাঁহিয়ে ক’লে,

‘মোৰ সপোনৰ ঘৰ হ’লহেঁতেন এইটো। মহানগৰৰ পৰা আঁতৰত অকণমানি ঘৰ। পথাৰত ভেড়া চৰাম। সৌ টিলাবোৰত আলুৰ খেতি কৰিম আৰু বিধে বিধে আলুকে ৰান্ধি খাম।


‘তেতিয়াতো তোমাৰ হাতৰ আলু খাবলৈকে আমি আহিব লাগিব ইয়ালৈ!’ তুলিকাই ক’লে।

কালি লুক আৰু আছমা আহি পোৱাৰে পৰা সিহঁতৰ মাজৰ কেৱল আড্ডা আৰু হাঁহিৰ খলকনি উঠিছে। কিন্তু এইকণ সময়তে আছমাই তুলিকাৰ পাকঘৰটো চাফা-চিজিল কৰি গতি লগাই দিছে। কেৱল অভেনৰ পৰা উলিয়াই নাখাই তুলিকাক কিবা এটা ভালদৰে ৰন্ধাৰ কথা কৈছে। আজি পুৱাই তাই ফুলকবিৰ পকৰা আৰু চাহো কৰি আনিছে। সেয়া উলিয়াই লৈ তুলিকা আৰু লুকৰ হাতে হাতে দি তাই ক’লে,

‘আলু পিছত খাবা। এতিয়া চাহ আৰু প’কৰাকে খোৱা।

পকৰাৰ সুগন্ধি আৰু চাহৰ ধোঁৱাই কুলকাৰ বাটত কুণ্ডলী তুলিলে। তিনিও বৰ তৃপ্তিৰে থিয়ৈ থিয়ৈ সেয়া মুখত দিলে।

কিছুপৰ খোজ দিয়াৰ পিছতে শিলগুটিৰ বহল বাটটো শেষ হৈ ব্লেংকেট বগ আৰম্ভ হ’ল। চৌদিশৰ সেউজীয়া আঁতৰি বাটৰ দুয়োকাষে ধৰা দিলে কেৱল ব্লেংকেট বগৰ ৰঙচুৱা দলিচা ৷ এই বগৰ বাসস্থান খুবেই স্পৰ্শকাতৰ।গতিকে মানুহৰ খোজৰ পৰা বগবোৰ বচাই ৰাখিবলৈ সেইখিনিৰ পৰাই আৰম্ভ হৈছে কাঠৰ দলং- কুলকাৰ বিখ্যাত বৰ্ডৱাক।

‘এইখিনি ঠাই খুউব জেকা যেন লাগিছে।
 আছমাই ক’লে।

‘অঁ, ঘাঁহনি যেন লাগিলেও আচলতে এই বগ এক জলাশয়হে। এই ওপৰৰ ঘাঁহ আৰু মাটিৰ তলতে চিপচিপাই পানী উপচি আছে। ইমানেই কোমল যে ভৰি দিলে কঁকাল পৰ্য্যন্ত হুচুককৈ সোমাই যাব। এই বগবোৰ আচলতে যুগ যুগ ধৰি মৰি যোৱা গছ-বন সাঁচি থৈ পিট জমা হোৱাৰ ফলত সৃষ্টি হয়।
 তুলিকাই ক’লে।

‘অঁ মনত পৰিছে। আমি সৰুতে কিতাপত পঢ়িছিলোঁ। এসময়ত আইৰিছ লোকসকলে এই বগবোৰৰ কাটি তেল উলিয়াইছিল আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰিছিল! নহয় জানো?’ লুকে ক’লে।

‘ঠিকেই কৈছা লুক। এতিয়া এই বগবোৰক চৰকাৰে প্ৰতিৰক্ষা দিয়ে- আপুৰুগীয়া বাসস্থান বাবে। কুলকাৰ এই বগ উত্তৰ আয়াৰলেণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ ব্লেংকেট বগ হেনো।এই বৰ্ডৱাৰ্ক মাত্ৰ কেইবছৰমানৰ আগতহে বনোৱা হৈছিল৷ উদেশ্য আছিল কুলকা পৰ্বত আৰোহণ কৰিবলৈ অহা মানুহবোৰে যাতে আপুৰুগীয়া ব্লেংকেট বগ নষ্ট কৰি নেপেলায় তাৰ কাৰণে এটা বাট ঠিক কৰি দিয়া৷ কিন্তু হিতে বিপৰীতহে হ’ল৷ এই বৰ্ডৱাকে কুলকা আৰোহণ কৰাটো ইমানেই সহজ কৰি পেলালে যে সম্পূৰ্ণ হৈ উঠাৰ পিছৰ বছৰৰ পৰাই ইয়ালৈ অহা পৰ্য্যটক বহুগুণে বাঢ়িলহে৷ কাৰণ যিকোনো মানুহেই এতিয়া কুলকা বগাব পাৰে৷ আৰু ইমানবোৰ মানুহ অহা মানেইতো আৱৰ্জনা বঢ়া, ট্ৰেফিক বঢ়া, ইয়াৰ ঘনে ঘনে সলনি হোৱা বতৰ আৰু থিয় গড়াৰ বাবে প্ৰস্তুতি কৰি নহা মানুহৰ উদ্ধাৰৰ বাবে চাৰ্চ টিম সাজু কৰা। এই গোটেইবোৰৰ কাৰণে এই কণমানি ঠাইখন অকণো সাজু নাছিল৷ গতিকে এতিয়া তেওঁলোকে ইয়াত পৰ্য্যটকৰ সংখ্যা নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা কৰিছে৷৷’

তুলিকাই বৰ উৎসাহেৰে দুয়োকে কথাবোৰ কৈ গ’ল। থাৰ্ম’ ফ্লাস্কৰ পৰা ধোঁৱা ওলাই থকা চাহকাপত শোহা দি দি আছমাই তাইলৈ চাই ৰ’ল মায়াভৰা এক দৃষ্টিৰে।

‘তুলিকা, তুমি সঁচাই এই ঠাইক ভাল পাই পেলাইছা নহয়? ভাল লাগিছে মোৰ- বহুত ভাল লাগিছে। তুমি সঁচাই নিজা সেই কোণটো যেন বিচাৰি পাইছা তেনে লাগিছে।’ তেওঁ কৈ উঠিল।

সেয়া শুনি যেন তুলিকাই কিছু থতমত খাই গ’ল। তাই কিজানি কথাটো তেনেকৈ ভৱাই নাছিল! আছমাই যেন তাইৰ মুখ দেখিয়ে সেই অনুভৱটো পঢ়ি পেলালে।

‘কিয় পাহৰিলা নেকি? প্ৰথমবাৰ লগ পাওঁতেই যে তুমি মোক কৈছিলা শিৱসাগৰখন এৰি আহি তুমি ইয়াৰ তেনে এটা নিজা কোণ বিচাৰি ফুৰিছা বুলি?’

তুলিকাৰ মনত পৰিল। সঁচাই এই বিদেশলৈ আহি তাই বিচাৰি ফুৰিছিল আপোন বুলিব পৰা, মাটিয়ে-বতাহে আপোনত্বৰ সুৰ বাজি ৰোৱা পৃথিৱীৰ এটা কোণ। এনে এটা দিনতে তিনিবছৰৰ আগতে তাই আছমাক লগ পাই গৈছিল।

লণ্ডনৰ ব্ৰিটিছ লাইব্ৰেৰীৰ এটা অনুষ্ঠানলৈ আছমা বক্তা হিচাপে আহিছিল। তুলিকা তেতিয়াও বিদেশৰ মাটিত অনভ্যস্ত, নতুন জীৱনত বিভ্ৰান্ত। বিদ্যুতেই তাইক উৎসাহ দিছিল,

‘মই অফিচলৈ যোৱাৰ পিছত আমনজিমনকৈ ঘৰত থকাতকৈ লাইব্ৰেৰীলৈকে যোৱা। তুমি কিতাপ পঢ়ি ইমান ভালপোৱা। তাতে হয়তো মনে মিলা লগ-সংগো পাবা।


তাৰ কথা মানিয়ে তাই ওলাই গৈছিল। মাজে মাজে গৈ ব্ৰিটিছ লাইব্ৰেৰীৰ এটা কোণত বহিছিলগৈ। এনে এটা দিনতে গৈ দেখিছিল লাইব্ৰেৰীৰ সন্মুখত এক বিৰাট আয়োজন। শুকুলা টম্বুটোৰ তলত পাতি লোৱা মঞ্চখনত আছমা বহি আছিল। দেহত এটা জয়পুৰীয়া কূৰ্টা আৰু ক’লা ট্ৰাউজাৰ। কেকুঁৰা ডাঠ চুলিকোচা আজিৰ দৰেই পিছলৈ নি স্কাৰ্ফ এখনেৰে বান্ধি ৰাখিছিল তাই। আয়োজকে চিনাকি কৰি দি কৈছিল, ব্ৰিটিছ চেফ সকলৰ ভিতৰত এগৰাকী শ্ৰেষ্ঠতম চেফ এই ভাৰতীয় মূলৰ আছমা খান৷

কৌতুহলেৰে তুলিকা কাষ চাপি গৈছিল। সেই টম্বুৰ তলৰ শাৰী শাৰী চকীবোৰৰ কোনোবা এখনতে বহি পৰিছিলগৈ। আছমাই বক্তৃতা দিবলৈ আৰম্ভ কৰিছিল। পিছে খাদ্যতকৈ তেওঁ নিজৰ সংগ্ৰামৰ কথাহে ক’বলৈ লৈছিল। বিয়াৰ পিছত লণ্ডনৰ নতুন জীৱনৰ মাজত কলকাতাত এৰি অহা জীৱনৰ শিপাডাল বিচাৰি ফুৰোঁতে আছমা হঠাতে এদিন এটা সুগন্ধিত ৰৈ গৈছিল। ডীন ষ্ট্ৰীটৰ এটা কোণৰ পৰা ভাঁহি আহিছিল সেই আদা-নহৰুৰ সুবাস। সেই বাংলাদেশী ৰেষ্টোৰাঁৰ দুৱাৰ ঠেলি তাই মন্ত্ৰমুগ্ধৰ দৰে আগবাঢ়ি গৈছিল ৷ ৰুটী আৰু মাছৰ আঞ্জাত তৃপ্তিৰে কামোৰ দিছিল ৷ তাৰ লগে লগে যেন তাইৰ সৰ্ব্বশৰীৰেদি এটা শিহৰণ পাৰ হৈ গৈছিল ৷

আছমাই যেন নিমিষতে স্বদেশৰ সৈতে এটা যোগসূত্ৰ বিচাৰি পাইছিল৷ যোৱা বাইশ বছৰে কোনোদিন ৰন্ধন প্ৰকৰণৰ সৈতে সম্পৰ্ক নথকা মানুহগৰাকীৰ সেই মুহূৰ্ততে যেন খাদ্যৰ সৈতে এটা অটুট বন্ধন সৃষ্টি হৈ গৈছিল৷ মাকৰ হাতৰ তৰকাৰী, মিঠাই আদিৰ নানানটা উপকৰণৰ ৰেচিপি খুজি খুজি তাই ৰান্ধিবলৈ আৰম্ভ কৰিছিল৷ নিজৰ শিপাডালৰ এই অপ্ৰত্যাশিত আৱিষ্কাৰত আপোন পাহৰা হৈ পৰিছিল।

সেই ঘটনাৰ দুবছৰৰ পিছতে লণ্ডনৰ কালিনাৰি কেপিটেল বুলি জনাজাত চ’হ’ত নিমপাতৰ মাদলি ওলমাই এখন ৰেষ্টোৰাঁৰ দুৱাৰ মুকলি হৈছিল৷ সন্মুখত নিয়ন লাইটৰ পোহৰত ট’ ট’ কৈ জিলিকি উঠিছিল এটা নাম-
‘আছমাছ কিট্‌চেন’ -আছমাৰ পাকঘৰ।

জাউৰিয়ে জাউৰিয়ে পৰা হাত চাপৰিৰ মাজত আছমাই ভাষণ সামৰিছিল। অনুষ্ঠানৰ সামৰণিত এক চুম্বকীয় আকৰ্ষণেৰে তুলিকাই গৈ আছমাক মাত লগাইছিলগৈ। নিজৰ চিনাকি দি উঠিয়ে তাই কৈছিল,

‘আপোনাৰ দৰেই ময়ো এই বিদেশত নিজৰ সেই শিপাডাল, আপোন বুলিব পৰা কোণ এটা বিচাৰি ফুৰিছোঁ।


তাইৰ দুয়ো হাতত খামোচ মাৰি ধৰি আছমাই বৰ আন্তৰিকতাৰে কৈছিল,

‘পাবা। তুমিও বিচাৰি পাবা।

তাৰপিছৰ পৰা তুলিকাই নিয়মীয়াকৈ ‘আছমাৰ পাকঘৰ’লৈ যাবলৈ আৰম্ভ কৰিছিল৷

‘চোৱা চোৱা, সেইফালে এটা হ্ৰদ আছেচোন!’ আছমাৰ উলাহ ভৰা মাত শুনি তুলিকাৰ সম্বিত ঘুৰি আহিল।

আছমা আৰু লুক ইতিমধ্যে যথেষ্ট আগবাঢ়ি গৈছে। এখোজ দুখোজকৈ দুয়ো থিয় আৰু ঠেক হৈ পৰা বৰ্ডৱাকৰ চিৰি বগাবলৈ আৰম্ভ কৰিছে।

‘তুলিকা, চোৱাহি কেনে সুন্দৰ দেখা গৈছে ইয়াৰ পৰা।
 লুকে চিঞৰি মাতিলে।

তুলিকাই চিৰিৰে ওপৰলৈ দৌৰ দিলে। সিহঁতৰ কাষ পাই মানে তাই ফোঁপাবলৈ আৰম্ভ কৰিলে। এই চিৰি ইমানেই থিয় যে পৰ্য্যটকৰ সুৰক্ষাৰ বাবে চিৰিত কাঠৰ বেৰাও বহুৱাই দিছে। তাতে আউজি লৈ তুলিকাই চৌদিশে চাই পঠিয়ালে। এয়া কুলকা পৰ্বতৰ শেষছোৱাৰ আৰোহণ। সিহঁতৰ কিছু ওপৰতে কুলকাৰ শিলাময় শিখৰ দেখা গৈছে। বাওঁফালে তললৈ সেই স্ফটিকৰ দৰে পানী লৈ এটা সৰু হ্ৰদ। ফাৰমানাৰ আকাশত এচপৰা মেঘ ওলাই বেলিটো ঢাকি পেলোৱাৰ চেষ্টা কৰিছে। সেই ব্লেংকেট বগ আৰু চৌদিশে সিঁচৰতি হৈ থকা সৰু-বৰ শিলবোৰত যেন আৰম্ভ হৈছে ছাঁ-পোহৰৰ এক খেলা। বতাহৰ তীব্ৰতাও বাঢ়ি আহিছে৷



‘আমি অহা গোটেই বাটটো ইয়াৰ পৰা দেখা গৈছে। অকোঁৱা-পকোঁৱাকৈ ইমানদূৰ আহিলোঁ চোৱা।
 ডাঠ ঊলৰ মাফলাৰেৰে মুখখন ঢ়াকি লৈ আছমাই ক’লে।

‘মই কৈছিলোঁ নহয়! এইযে চিৰি দেখিছা, এইটোৱে স্বৰ্গলৈ যোৱা বাট- ষ্টেয়াৰৱে টু হেভেন। সামাজিক মাধ্যমত হেনো কোনোবাই এই শিৰোনামাৰেই কুলকাৰ এই আৰোহণৰ ফটো এখন দিছিল। তাৰপৰাই কুলকাৰ জনপ্ৰিয়তা বহুগুণে বাঢ়ি গ’ল।
’ তুলিকাই ক’লে।

সঁচাই, সিহঁতৰ তলে-ওপৰে বৰ্ডৱাকত মনালৈকে অসংখ্য মানুহৰ লানি৷ তাৰ পৰা চকু আঁতৰাই আনি তুলিকাই দেখিলে, লুকে একান্তমনে হ্ৰদটোৰ পাাৰলৈ বাইনকুলাৰেৰে চাই আছে।

তাই লাহেকৈ তাৰ কাষ চাপি গ’ল। সি হ্ৰদটোৰ ফালে আঙুলীয়াই দি চেপা উৎকন্ঠাৰে ক’লে,

সৌৱা চোৱা, এটা ৰেড গ্ৰাউজ৷’

তুলিকা উত্তেজিত হৈ উঠিল। তায়ো বাইন’কুলাৰেৰে চাই দেখা পালে, সঁচাই কুকুৰাটোৰ সমান এটা গ্ৰাউজ চৰাই৷ তাৰ ক’লা চকুটোৰ চাৰিওফালে এডাল বগা আঁচ, তাৰ ওপৰতে জিলিকি উঠিছে ৰঙা চেলাউৰিযোৰ। যেন কোনোবা চিত্ৰকৰৰ এক নিখুঁত কাৰুকাৰ্য্যহে। পৰ্য্যটকৰ এই সমগমৰ প্ৰতি নিৰ্বিকাৰ হৈ চৰাইটোৱে একান্তমনে জোপোহা এজোপাৰ পাতবোৰ খাই আছে৷

‘সেইজোপা হেডাৰ গছ। ব্লেংকেট বগত প্ৰায়ে দেখা পোৱা এবিধ জোপোহা।
 তুলিকাই কৈ উঠিল।

দুখোজ নামি আহি আছমায়ো সিহঁতৰ লগ দিলেহি। তুলিকাই আগবঢ়াই দিয়া বাইন’কুলাৰটো লৈ তেৱোঁ সেই অপৰূপ চৰাইটো বিস্ময়েৰে চালে। হেঁপাহ পলুৱাই সেই দৃশ্য উপভোগ কৰি তিনিও এইবাৰ কুলকাৰ শিখৰলৈ বুলি পাহাৰ বগাবলৈ ল’লে। তাৰ শংগত আৰোহণ কৰেগৈ মানে ঘন ডাৱৰে চৌদিশ ঢ়াকি পেলোৱাৰ উপক্ৰম কৰিছে। তথাপি যেন মানুহৰ উৎসাহ কমা নাই৷ সেই কুঁৱলীৰ মাজতে সকলো বিভিন্ন প’জত চেলফি তোলাত ব্যস্ত৷

কুলকাৰ শিখৰতে এটা শিলত বহি লৈ আছমাই এইবাৰ টিফিন উলিয়ালে। তাকে দেখি তুলিকা আৰু লুকৰো মনত পৰিল, সিহঁতে দিনৰ সাঁজ ইয়াতে কৰাৰ কথা। দুয়ো আছমাৰ কাষতে শিলত বহি পৰিল। শিখৰৰ পৰা দেখা পালে চৌদিশৰ গ্ৰাম্য ৰূপ, বেছিভাগেই মুগা-ৰঙচুৱা চৰণীয়া পথাৰ। মাজে মাজে কিছুমান ফাৰ্মহাউচ। তাৰ চাৰিওফালে বিভিন্ন গছৰ সেউজীয়া। দিগন্তত শাৰী শাৰী নীলা পাহাৰ। যেন সিহঁতৰ চাৰিওিফালে ভিন্ন ৰঙৰ এক যাদুকৰী প্ৰাচুৰ্য।

জানানে, এই শৃংগই উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিকৰ সীমা৷’ ছেণ্ডুইছত কামোৰ মাৰি লৈ তুলিকাই ক’লে।

অহ, তেন্তে তুমি আইনমতে এটা খোজো দক্ষিণলৈ দিব নোৱাৰা৷’ আছমাই ক’লে।

তাকে। এই এটা খোজৰ বাবে আইনমতে মোৰ ৰিপাব্লিকৰ ভিজা দেখুওৱাৰ দৰকাৰ।

‘মোৰ ব্ৰিটিছ পাছপৰ্টৰ জোৰতে অন্য দেশৰ মানুহে যে ইফাল-সিফাল কৰিবলৈকো কিমান আইনী বাধা-নিষেধ মানি চলিবলগীয়া হয়, ভৱাই নহয় জানা?’ লুকে যেন কিছু আফচোচেৰে ক’লে।

‘কিয়, তোমাৰ এক্স আইজাক নাইজেৰিয়াৰ নাছিল জানোঁ?’ আছমাৰ প্ৰশ্ন।

‘তাকে, আইজাকৰ লগত থাকিহে এই হকা-বাধাবোৰৰ কথা প্ৰথমে উপলব্ধি কৰিছিলোঁ।


‘আইজাক?’ তুলিকা অলপ আচৰিত হোৱাদি হ’ল। আইজাক কেতিয়াৰ পৰা লুকৰ এক্স হ’ল! তাই লণ্ডন এৰালৈকেচোন পূৰ্ণগতিত চলি আছিল লুক আৰু আইজাকৰ প্ৰেম!

‘আইজাক নাই এতিয়া??’

আছমাই কৈফিয়ৎ দিয়াৰ দৰে ক’লে, ‘অহ লুক, মই সেইটো নাভাবিলোঁৱে-বেয়া নাপাবা। প্লিজ।


‘নাই নাই, কিয় বেয়া পাম বাৰু!’ লুকে এইবাৰ তুলিকালৈ চাই ক’লে, ‘তুমি লণ্ডন এৰাৰ পিছতে আইজাকো নাইজেৰিয়ালৈ ঘুৰি গ’লগৈ। তাৰ ব্ৰিটিছ ৱৰ্ক পাৰ্মিটৰ আবেদন নাকচ হ’ল!’

‘তাৰপিছত?’ তুলিকাই যেন এতিয়াও নুবুজিলে।

‘তাৰপিছত আৰু কি! সিমানতে আমাৰ সম্পৰ্কও শেষ- যুক্তৰাজ্য আৰু নাইজেৰিয়াৰ মাজত দূৰণিবটীয়া প্ৰেম কেনেকৈ টিকিব?’ লুকে অসহজ কথাষাৰো যেন যিমান পাৰি সহজভাৱে ক’বলৈ চেষ্টা কৰিলে।

‘অহ লুক- আই এম চ’ চ’ৰী।
 তুলিকা উচপিচাই উঠিল যেন। 

তেনে কি এনেকৈয়ে শেষ হৈ যাব পাৰে প্ৰেম? বতাহত মিলি যাব পাৰে সুখে-দুখে ইজনে সিজনৰ লগ দিয়াৰ প্ৰতিশ্ৰুতি?

কিছু অপৰাধবোধেও যেন তাইক হেঁচা মাৰি ধৰিলে। নিজৰ দুখ-হাহাঁকাৰৰ মাজত ডুবি থাকি তাই যে ইমানদিনে আপোন বন্ধুৰো খৱৰ ল’বলৈ পাহৰি পেলাইছে!

দিগন্তত নিবদ্ধ হৈ ৰোৱা লুকৰ মুগা-বৰণীয়া চকুহালিত কিহৰ ঢৌ উঠিল তাই ক’ব নোৱাৰিলে। কিন্তু কুলকাৰ শিখৰত বহি বহুপৰলৈ তাই লুকৰ হাতখন খামোচ মাৰি ধৰি থাকিল।

কুলকাৰ পৰা উভতি সন্ধিয়া ভাগৰ লাগিলেও তিনিও লিছা আৰু ডেনিয়েলৰ ঘৰ পালেগৈ।

‘তোমাৰ লণ্ডনৰ বন্ধুৰ সৈতে বায়াৰত আড্ডা দিম- আহিবা।
 লিছাই কৈছিল।

বায়াৰত সোমাই দেখিলে, কেৱল সিহঁতেই নহয়, অফিচৰ পৰা মাৰ্ক, ডেৰেন আৰু ফিয়’নাও আহিছে। আনকি লিছাৰ ককায়েক চ’নো গীটাৰ এখন লৈ বহিছেহি। সকলোৰে লগত তুলিকাই আছমা আৰু লুকক চিনাকি কৰাই দিলে। ফিয়’নাৰ সেই একেই চৌখিন ৰূপ। ঢৌ খেলোৱা চুলি। মাৰ্কৰ পিন্ধনত ফুলাম চাৰ্ট এটা- সেউজীয়াত বগা-হালধীয়া অলেখ ডেইজী ফুলৰ মেলা। মাত লগোৱাৰ পৰত তুলিকাই নকৈ নোৱাৰিলে,

‘আপোনাৰ চাৰ্টটো ইমান ভাল দেখাইছে, মাৰ্ক!’

‘থেংক ইউ! এইটো মোৰ ছোৱালী এলছাৰ পছন্দ!’ মাৰ্কৰ মাতত কিছু গৌৰৱ, কিছু মমতা।

‘আহা আহা, আজি স্পেচিয়েল ‘চাৱাৰ বীয়েৰ‘ৰ সৈতে আলহী সোধা হ’ব।
 ডেনিয়েলে টেপৰ বীয়েৰ বাকি থকাৰ পৰাই মাত দিলে।

‘বঢ়িয়া! গৰমৰ দিনত এই চাৱাৰ বীয়েৰ মোৰ বৰ প্ৰিয়।
 লুকে উৎসাহেৰে ক’লে। এজন এজনকৈ সকলোৰে সৈতে কৰমৰ্দন কৰি সি বায়াৰৰ এচুকৰ চকীখনত বহি পৰিলগৈ।

‘নাই নাই নবহিবা সেইখনত!’ ডেৰেনে প্ৰায় লগে লগেই চিৎকাৰ কৰি উঠিল। তুলিকা আৰু আছমাৰ বাহিৰে বাকীবোৰে চকু ডাঙৰ কৰি সমস্বৰে সিঁয়াৰি উঠিল, ‘উউউউউউউ!’

‘কিয়? কি হ’ল?’ লুকে চক খাই খকামকাকৈ তাৰ পৰা থিয় দিলে। তাৰ ৰূপ দেখি গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। লিছাই হাঁহি হাঁহি ক’লে,

‘হা হা একো নাই। বহিব পাৰা। কিন্তু কিমান দেৰিলৈ বহি থাকিব পাৰিবা সেয়া তুমি নিজেহে ক’ব পাৰিবা! সেইখন বায়াৰৰ বিশেষ চকী। চকীখনৰ খুৰা দুটাৰ মেৰামতি কৰিবলগীয়া আছে। সেয়ে অলপ লৰি থাকে। এনেয়ে যিকোনো মানুহ বহিব পাৰে। কিন্তু মদ খোৱাৰ পিছত মানুহ আৰু চকী দুয়োৰে লটং ভটং হৈ লুটি খোৱাৰ সম্ভাৱনা বেছি।


কথাটো বুজিব পাৰি লুক, আছমা আৰু তুলিকায়ো হাঁহিত যোগ দিলে।

‘এতিয়া এইখন বায়াৰৰ ‘নিচা পৰীক্ষক চকী’ হৈ পৰিছে। যি জোখতকৈ বেছি মদ খায়, সিয়ে লুটি খাব। সেয়ে ময়ো মেৰামতি নকৰাকৈ থৈ দিছোঁ।
 ডেনিয়েলে ক’লে।

‘আহ, মোৰ ইমান সহজে নিচা নধৰে।
 হাঁহি হাঁহি কৈ লুক তাতে পুনৰ বহি পৰিল।

‘কৈছাহে মেইট (বন্ধু)। লণ্ডনৰ বীয়েৰৰ সৈতে আয়াৰলেণ্ডৰ ঘৰতে কৰা চাৱাৰ বীয়েৰ তুলনাই নহয় কিন্তু। কোনপলকত নিচা গৈ মূৰ পাবাগৈ গমেই নাপাবা।
 মাৰ্কে লুকক সাৱধান কৰি দিলে।

ইতিমধ্যে চ’নে গীটাৰত সুৰ তুলিলে। মাৰ্ক আৰু ডেনিয়েলে তাৰ সৈতে তাল মিলাই গীত জুৰিলে। এটা সময়ত লিছাই তাইৰ খোপাটো খুলি কঁকাললৈকে বৈ পৰা চুলিখিনি মেলি দি ঘুৰি ঘুৰি নাচিবলৈ আৰম্ভ কৰিলে। ডেনিয়েলক গীটাৰখন দি চ’নে ফিয়’নাক টানি নিলেহি। দুয়ো হাতত ধৰা ধৰিকৈ নাচত যোগ দিলে।

ডেৰেনে তুলিকাহঁতক তেওঁৰ শেহতীয়া ব্ৰাজিল ভ্ৰমণৰ কাহিনী কৈ আছিল। তাৰ মাজতে চ’ন আৰু ফিয়’নালৈ চাই উকি মাৰিলে,

‘ৱাহ, তোমালোকৰ যোৰাটো খুউব মিলিছে দেই!’

তুলিকাই তেতিয়াহে গম পালে চ’ন আৰু ফিয়নাই ডেট কৰিবলৈ আৰম্ভ কৰিছে। সিহঁতৰ চকুৱে-মুখে নতুন সম্পৰ্কৰ আবেগ-অনুৰাগেৰে উদ্বেলিত একোখন সাগৰ। চাই চাই তুলিকাই ভাৱিলে, ঠিকেই, কিমান মিলে সিহঁত। যেন এইটোৱে স্বাভাৱিক পৰিণতি। নোহোৱালৈকে কোনেও নভৱা, কিন্তু হৈ উঠাৰ লগে লগেই সহজ আৰু চিৰন্তন যেন লগা এটা কথা।

এইবাৰ সিহঁতৰ জোৰতে আছমা আৰু তুলিকাও উঠি আহিল। গোটেইবোৰে ইজনে সিজনৰ কঁকালত এখন হাতেৰে মেৰিয়াই ধৰি একেলগে ঝুমুৰৰ দৰে নাচিবলৈ আৰম্ভ কৰিলে। লুককো মাতিবলৈ ঘুৰি চাই তুলিকাই দেখিলে, ডেৰেনৰ কিবা কথাত লুকে হোহোৱাই হাঁহিছে। আৰু তাই চাই থাকোঁতেই চকীখন বেঁকা হৈ গৈ লুক ধাপকৈ মজিয়াত পৰি গৈছে।

ওচৰতে বহি থকা মাৰ্ক আৰু ডেৰেনে লগে লগে লুকক তুলি ধৰিলে। লুকৰ যেন হাঁহি নৰখিবই! সকলোৰে হাঁহিৰ জোৱাৰৰ মাজত ডেৰেনে তাক অন্য এখন চকীত বহুৱালে।

‘নিচা পৰীক্ষক চকীৰ প্ৰমাণ পালানে?’ ডেনিয়েলে হাঁহি হাঁহি চকীখন কোনেও বহিব নোৱাৰাকৈ একাষৰীয়া কৰি থ’লে।

সেইনিশা দুইবজাত এপাৰ্টমেণ্টলৈ চিৰিৰে উঠোঁতে লুক সঁচাই আছমাৰ কান্ধত ওলমি যোৱাদি গ’ল। কিন্তু তেতিয়াও সি বিৰবিৰাই কোৱাদি কৈ থাকিল,

‘আইৰিছসকলে সঁচাই জীৱনটো উপভোগ কৰিব জানে দেই! তুলিকা, তুমি ভাল ঠাই পাইছা, ভাল মানুহ পাইছা। ভাল লাগিছে মোৰ!’

তাক আলহী কোঠাৰ বিছনাত শুবলৈ দি তুলিকা আৰু আছমা মূল শোৱাকোঠাৰ বিছনাত পৰিলহি। ৰাতিটো পুৱাবলৈ মাথোঁ কেইঘণ্টামান বাকী। কাইলৈ আছমা আৰু লুক যাবগৈ। দিনটোৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰিছে তুলিকাক। দুচকুৰ পতা নেমেলাকৈয়ে তাই একতীয়া হৈ আছমাৰ কান্ধত হাতখন থ’লে। আছমায়ো তাইৰ ফালে বাগৰ সলালে।

'আছমা!'
'হু'
'তুমি টোপনি যোৱা নাই?'
'উহু' 

যোৱা তিনিদিনে সকলো হাঁহি-স্ফূৰ্ত্তিৰ মাজতো ৰি ৰি কৈ বাজি ৰোৱা অশান্ত সুৰটো, অসহজ প্ৰশ্নটো তুলিকাৰ মুখেৰে ওলাই আহিল,

‘বিদ্যুৎ কেনে আছে, আছমা? আৰু উলুপী?


আজি ছমাহ হৈ গ’ল। তাই একোৱে খৱৰ পোৱা নাই-খৱৰ লোৱা নাই। সেই খৱৰৰ মুখামুখি হ’বলৈ ইমানদিনে তাইৰ সাহস হোৱা নাই।

আছমা যেন নিজৰ ভিতৰতে উচপিচাই উঠিল। কিছুপৰ নীৰৱে থাকি বৰ ইতস্ততভাৱে তাই লাহেকৈ ক’লে,

‘নাজানো মই তুলিকা! উলুপী আৰু বিদ্যুৎ একেলগে নাই। এমাহমান আগতে সিহঁতৰ সম্পৰ্ক ভাঙি গৈছে।


তুলিকা চক খাই উঠিল। বহু প্ৰশ্নই, বহু আবেগে জুমুৰি দি ধৰিলেহি তাইক। অতদিনৰ ভেটা খুলি হৰহৰাই বৈ যাব খুজিলে আবেগৰ ঢল।

‘উলুপীৰ মিছকেৰেজ হ’ল। তায়ো বৰ কষ্ট পালে, তুলিকা। বৰ কষ্ট। পাৰিলে তুমি তাইক ক্ষমা কৰি দিবা।


আছমাৰ মাতটো কান্দোন এটাৰ দৰে ওলাল। তুলিকাৰ বুকুখন মোচৰ খাই উঠিল। সেই দুটা খৱৰেই যেন পুনৰ এবাৰ বৰলে বিন্ধাদি বিন্ধি নিলে তাইৰ হৃদয়। আৰু কিমান সহিব তাই? কিমান? কিয় এনে হ’ল তাইৰ সৈতেই? কেৱল নিজাকৈ এখন ঘৰ বিচাৰিছিল তাই, আপোন বুলিব পৰা এখন হৃদয় বিচাৰিছিল। সেয়া কি অপৰাধ আছিল?

তুলিকাৰ মুখেৰে এটা চেপা কান্দোন ওলাব খুজিলে। আছমা কাষ চাপি আহি তাইক আলফুলে আকোঁৱালি ল’লেহি। তাইৰ বুকুত মূৰ গুঁজি দি তুলিকাই নিশব্দে চকুলোৰ নৈখনক বাট এৰি দিলে। পূবে ধলফাট্‌ দিয়ালৈকে দুয়ো নাৰীৰ হৃদয়ৰ কঁপনিবোৰ এক হৈ ৰ’ল।


ফাৰমানা (প্ৰথম খণ্ড)
ফাৰমানা (দ্বিতীয় খণ্ড)
ফাৰমানা (তৃতীয় খণ্ড)
ফাৰমানা (চতুৰ্থ খণ্ড)
ফাৰমানা (পঞ্চম খণ্ড)
ফাৰমানা (ষষ্ঠ খণ্ড)
ফাৰমানা (সপ্তম খণ্ড)
ফাৰমানা (অষ্টম খণ্ড)

No comments:

Post a Comment