Sunday 30 June 2024

ফাৰমানা: খণ্ড ২৮

লণ্ডনৰ গেট্‌ৱিক বিমানবন্দৰৰ পৰা ওলাই পোনেই চ’হ’লৈ বুলি তুলিকা ট্ৰেইনত উঠিল। ট্ৰেইন মানে লণ্ডনৰ আণ্ডাৰগ্ৰাউণ্ড টিউব। সেই এঘণ্টাৰ বাটতে তাইৰ লণ্ডনৰ অতীত জীৱনটোলৈ পুনৰ ঘুৰি যোৱা যেন ভাৱ হ’ল। টিউবত সোমালেই হোৱা ক্ল’ষ্ট্ৰ’ফ’বিক অনুভৱটো, দুলি দুলি গৈ থকা স্মাৰ্টফোনৰ স্ক্ৰীণত আৱদ্ধ চকুবোৰ আৰু সেই চকুবোৰৰ আঁৰত লুকাই থকা জীৱন এটাৰ সন্ধানত ব্যতিব্যস্ত হোৱা তুলিকা। আহ, সকলো যেন একেই আছে। একেই আছে এই লণ্ডন মহানগৰী- ইয়াৰ প্ৰাচুৰ্য আৰু মহানাগৰিক যান্ত্ৰিকতা। প্ৰথমবাৰৰ বাবে তুলিকাৰ ভাৱ হ’ল তাইৰ সন্মুখতে যেন ধৰা দিছেহি সেই অতীতে! যেন চুই দিলেই পলকতে তাই ঘুৰি যাব পাৰে বিদ্যুতৰ সৈতে লণ্ডনৰ অতীত জীৱনটোলৈ! কিন্তু একেসময়তে তাই উপলব্ধি কৰিলে, এই প্ৰথমবাৰৰ বাবে জীৱনে যেন তাইক এটা বিকল্প দিছে! প্ৰতিবাৰৰ দৰে অপ্ৰত্যাশিত ধুমুহা এজাকৰ মাজলৈ দলিয়াই নিদি নিজে বাচি ল’বলৈ দিছে জীৱনৰ বাট। সেইবাবেই এই সকলো মায়া, ইটোৰ পিছত সিটোকৈ ছন্দোময় বহু পৰিঘটনা।

পৰিচিত সুবাস, ব্যতিব্যস্ততা আৰু জাকজমক সজ্জাৰে চ’হ’ৰ গলিবোৰেও তাইক আগৰদৰেই আদৰিলে। আটকধুনীয়া পাব, ৰেষ্টোৰাঁ, দোকান-পোহাৰ আৰু দেশী-বিদেশী পৰ্য্যটকৰ ভিৰৰ মাজেৰে খোজ দি তাই থিয় দিলেগৈ এখন আকাশ নীলা দুৱাৰৰ সন্মুখত৷ দুৱাৰৰ দুকাষে থকা টাবত এতিয়াও পাম গছ দুজোপা, দুৱাৰমুখত আমডালিৰ আদৰণি। তুলিকাই দীঘলকৈ উশাহ এটা টানি সেই আমডালিলৈ চালে, লগতে তাৰ ওপৰত খোদিত কৰা নামটোলৈ- ‘আছমাছ কিচ্ছেন’ -আছমাৰ পাকঘৰ!

‘তুলিকা!!’ আছমাই কিজানি বাট চায়ে আছিল। তুলিকাক দেখা মাত্ৰকে তেওঁ দৌৰি অহাদি আহি তাইক সাবটি ধৰিলেহি। একেই আছে আছমাও।

‘আহ, ইমানদিনৰ মূৰত যে আকৌ লগ পালোঁ তোমাক! আহা- বহাহি!’ তেওঁ আথেবেথে তুলিকাক আদৰি নিলে। আছমাৰ ৰেষ্টোৰাঁখনৰ ভিতৰেদি গৈ বাওঁকাষে এখন মুকলি বাৰাণ্ডা। তাতে সোণাৰু হালধীয়া কুশ্বনৰ সৈতে কেইবাযোৰা টেবুল-চকী। সেইফালে থকা ৰেষ্টোৰাঁৰ দেৱালখনত ইমূৰ-সিমূৰ জুৰি লণ্ডনৰ এখন বিশাল মেপ। তাতে লণ্ডনৰ সকলো পৰ্য্যটনস্থলী চিহ্নিত কৰি থোৱা আছে।

‘এইখিনি নতুনকৈ কৰালা?’ তুলিকাই সুসজ্জিত বাৰাণ্ডাখনৰ চাৰিওফালে চাই সুধিলে।

‘অঁ, গৰম দিনত মানুহে বাহিৰত ৰ’দ লৈ বহিবলৈ ভাল পায়- সেয়ে এইখিনি বহলালো। কেনে দেখিছা?’ আছমাই ক’লে।

‘ধুনীয়া! তোমাৰ ৰেষ্টোৰাঁ ঠিকে চলি আছে নহয়?’

‘অঁ, সকলো ঠিকেই। যোৱামাহত নতুনকৈ তিনিগৰাকী কৰ্মী আনিলোঁ। আজিকালি হ’ষ্টেচৰ কাম মই নকৰোঁ- সুনন্দাই সকলো চম্ভালি লৈছে। সেয়ে মোৰো অলপ আহৰি হৈছে!’

দুয়ো আৰামকৈ বহোঁতেই লুক ওলালেহি। স্বভাৱসিদ্ধ উচ্ছল হাঁহিটোৰে মাত লগালে, ‘হাই তুলিকা!’

তুলিকাই উঠি গৈ লুকক আকোঁৱালি ধৰিলে। লুকৰ চকুৱে-মুখে যেন এটা সুখী সুখী অনুভৱ। কিবা এটা নতুন মাদকতা।

‘কেনে আছা, তুলিকা? বেয়া নাপাবা- মই লান্স ব্ৰেকতে মিলাব লগা হ’ল!’ লুকে ক’লে।

‘একো নাই- আহিলা যে! কিমানদিনযে আমাৰ কথা পতা হোৱা নাই!’

‘তাকেহে-কিমানদিন থাকিবা লণ্ডনত?’ আছমাৰ কাষৰ চকীখন টান মাৰি লৈ লুকে সুধিলে। কিন্তু প্ৰশ্নটো সুধিয়ে যেন তেওঁ অলপ থোতা-মোজা খালে। আছমা আৰু লুক দুয়ো জানে কিয় এনেকৈ হঠাতে তুলিকা লণ্ডন ওলাইছেহি। এই যাত্ৰাৰ লগতে ইয়াত থকাৰ সকলো কথাই যে অপৰিকল্পিত। অনিশ্চিত। তথাপি তুলিকাই সহজ্ভাৱেই ক’বলৈ চেষ্টা কৰিলে,

‘নাজানো! আজি সন্ধিয়া বিদ্যুৎ আৰু মাক-দেউতাকক লগ কৰিমগৈ। তাৰপিছতহে ভাৱিম কেতিয়ালৈ থাকিম! সেয়ে প্ৰথমেই তোমালোক লগ কৰিবলৈ আহিলোঁ।’

‘ভাল কৰিলা, তুলিকা। আমি সদায়ে তোমাৰ লগত আছোঁ, তুমি জানাই।’ লুকে ক’লে।

ইতিমধ্যে মমতাই সিহঁতৰ টেবুলত থৈ গ’ল বেঙেনা ভজা, মাছৰ টেঙা জোলৰ সৈতে ভাত এসাঁজ। বহুদিনৰ মূৰত যেন তুলিকাই তৃপ্তিৰে এসাঁজ খালে! দেহ-মন ভৰি উঠিল তাইৰ। লুকে অন্যদিনাৰ দৰে আজিও জ্বলা কুকুৰা মাংস বিচাৰিলে। প্ৰতিবাৰৰ দৰেই খোৱাৰ লগে লগে লুকৰ শ্বেতাংগ মুখ ৰঙা পৰি আহিল। তথাপি সেহাই সেহাই খাই গ’ল তেওঁ। আছমাই কৃত্ৰিম ককৰ্থনাৰ সুৰেৰে ক’লে,

‘তোমাৰ এইটো স্বভাৱ নগ’ল আৰু লুক! ইমান কষ্ট খায়ো জ্বলা বিচাৰা কিয়?’

‘নহ’লে মোৰ জ্বলা সহ্য কৰা ক্ষমতা কেনেকৈ বাঢ়িব! এয়া নিজকে ট্ৰেইনিং দি আছোঁ বুজিছা- তোমালোকৰ লগত ভাৰতলৈ গ’লে যাতে যিকোনো খাদ্যৰ জুতি ল’ব পাৰোঁ!’

ঘামি-জামি অহা লুকৰ ৰাঙলী মুখখনলৈ চাই তুলিকাই হাঁহি পেলালে। তেনেকৈয়ে খোৱা সামৰি লুকে এইবাৰ নেচাৰৰ পুনৰ্সংগঠনৰ কথা উলিয়ালে। সেই কঠিন সময়ছোৱাৰ কথাবোৰ মন উজাৰি ক’বলৈ পাই তুলিকাৰ যেন বুকুখন পাতল হৈ আহিল। সকলোবোৰ শুনি লৈ লুকে ক’লে,

‘মাৰ্ক আমাৰ হেডকোৱাৰ্টাৰত এক কিংবদন্তী বুজিছা! বেলফাষ্ট মহানগৰীৰ সলনি ফাৰমানাত থাকিবলৈকে পদোন্নতি বাদ দিয়া কেনে মানুহ বুলি! পিছত ডেৰেনেহে ক’লে মাৰ্কৰ ব্যক্তিগত জীৱনতো একেসময়তে কিমান সংগ্ৰাম গৈছে!’

তুলিকাই অলপ আচৰিত হৈ ক’লে, ‘ডেৰেনে? কেতিয়া ক’লে?’

এইবাৰ লুকে পুনৰ থতমত খালে। তাৰ লগে লগে আছমাৰ খুকখুক হাঁহি। দুয়োৰে প্ৰতিক্ৰিয়াই যেন তুলিকাক আৰু আচৰিত কৰি পেলালে।

‘কোৱা কোৱা- এয়াই ঠিক সময়! তুলিকা আহিলে নিজ মুখেৰে ক’ম বুলি কৈ আছিলা নহয়!’ আছমাই লুকৰ কিলাকুটিত হেঁচা এটা মাৰি কৈ উঠিল।

এইবাৰ অলপ লাজ আৰু অলপ আবেগেৰে লুকে ক’লে, ‘সেইবাৰ আমি তোমাক লগ কৰিবলৈ যাওঁতেই ডেৰেনক কিবা এটা ভাল লাগি গৈছিল জানা। সেইনিশা বায়াৰতে ফোন নাম্বাৰ লৈছিলোঁ। তাৰপিছত আমি কথা পাতোঁ মাজে মাজে!’

‘যোৱামাহত ডেৰেন লণ্ডন আহি গৈছে!’ আছমাই যোগ দিলে।

‘তাৰমানে?! কিন্তু…… কিন্তু ডেৰেন গে’ বুলিয়ে মই জনা নাছিলোঁ!’ তুলিকা যেন ভীষণ আচৰিত হ’ল।

‘তুমি নাজানিব পাৰা। মোৰ গে’ডাৰে হ’লে ঠিকে কাম কৰে।’ কৈয়ে লুকে হোহোৱাই হাঁহি উঠিল!

আহ- তাইৰ মনলৈ আহিল ডেৰেনৰ মুখখন। কেঁকুৰা ক’লা চুলি আৰু দাড়িৰে চিনাকি ডেৰেন যেন অচিনাকি হৈ ধৰা দিলে তুলিকাৰ সন্মুখত। কিন্তু একেসময়তে যেন আগৰ বহু কথা আৰু ঘটনাৰ জঁট ভাঙি পৰিল। কতদিন যে তাই ডেৰেনৰ লগত ফিল্ডত ঘুৰিছে, জিমত কতবাৰ পাহুৱাল ডেৰেনে তাইক ইটো সিটো মেচিনত কেনেকৈ ব্যায়াম কৰিব দেখুৱাই দিছে। কিন্তু কেতিয়াও নিজৰ কথা একো কোৱা নাই। কেতিয়াও কোনো আপোনজনৰ কথা উল্লেখ কৰা নাই। মনত পৰিল, ফিয়নাই কৈছিল ডেৰেন বৰ অন্তৰ্মুখী- কেতিয়াও নিজৰ কথাবোৰ খুলি নকয়। নিজৰ পৰিয়ালৰ কথাও মানুহে সুধিলেহে কয়। কিন্তু লিছা-ফিয়নাহঁতে জানে ডেৰেনৰ পৰিয়াল অতি ৰক্ষণশীল। ধৰ্ম আৰু ৰক্ষণশীল সমাজৰ বাবেই যেন নিজকে লুকুৱাই এক ভিন্ন সত্ত্বাৰ অভিনয় কৰি গৈছে ডেৰেনে। আহ, কি যে ভাল লগা খৱৰ! তাই চকীৰ পৰা উঠি আকৌ এবাৰ লুকক সাৱটি ধৰিলে।

‘মোৰ যে শুনি ইমান ভাল লাগিছে লুক!’ তাই আবেগেৰে ক’লে।

‘হেই ৰ’ৱাহে, একো হোৱাই নাই। আমি ইজনে সিজনক জানিবলৈ আৰম্ভ কৰিছোঁহে!’ ক’লে যদিও লুকৰ চকুৱে-মুখে জিলিকি উঠা সুখ আৰু পৰিপূৰ্ণতাৰ জিলিঙণি তুলিকাই ঠিকেই দেখিলে।

‘মই কৈছোঁ, ডেৰেনক লণ্ডনলৈ ট্ৰেন্সফাৰ ল’বলৈ কোৱা নহ’লে তুমি নিজেই ফাৰমানাৰ বাসিন্দা হৈ যোৱা। নহ’লে ইজনে সিজনৰ লগত নহৈ ফাৰমানা-লণ্ডন অহা-যোৱা কৰোঁতে আইৰিছ সাগৰৰ ঢৌবোৰৰ লগতহে বেছি সময় কটোৱা হ’ব।’ আছমাৰ কথাত তিনিও একেলগে হাঁহি পেলালে।

হাঁহি আৰু আড্ডাৰ মাজেৰে কেনেকৈনো সময় কাটিল তুলিকাই ক’বকে নোৱাৰিলে। ঘড়ী চাই লুক জাপ মাৰি উঠাদি উঠাতহে উপলব্ধি হ’ল, লান্সৰ সময় কেতিয়াবাই পাৰ হ’ল। লুক অফিচলৈ বুলি ওলাই যোৱাৰ পিছতো বহুপৰলৈ তুলিকা আৰু আছমা একেঠাইতে বহি ৰ’ল।

এইবাৰ চাহ আহিল। বৰ তৃপ্তিৰে শোহা এটা মাৰি তুলিকাই ক’লে, ‘কি যে নষ্টালজিক এই চাহকাপ!’

আছমাই তাইলৈ চালে। যেন জুমি চাব খুজিলে সেই শান্ত আৰু পৰিতৃপ্ত মুখখ্নৰ আঁৰত কিহৰ আখৰা চলিছে! এই বিদেশী মাটিত নতুন জীৱন আৰম্ভ কৰাৰ পৰাই তেওঁ তুলিকাক নিচেই কাষৰ পৰা পাইছে, তাইৰ ভিন্ন ৰূপ দেখিছে। এখন সুখৰ সংসাৰ আৰু এসাগৰ ভালপোৱাৰ সপোনে ভৰ কৰা তুলিকা, সময় আৰু পৰিস্থিতিয়ে উদঙাই দিয়া সেই সপোনৰ গৰা খহনীয়া অসহায় হৈ চাই ৰোৱা তুলিকা আৰু ধুমুহাই মুচৰি থৈ যোৱা ভগ্ন হৃদয় লৈ মূক হৈ পৰা তুলিকা। সকলো দেখিছে তেওঁ। কিন্তু আজিৰ এই তুলিকাৰ ৰূপ যেন ভিন্ন। তেওঁ জানে, তুলিকাই কষ্ট পাইছে। জীৱনৰ পাকচক্ৰই বহু যন্ত্ৰণাৰ বাট কাটি গৈছে তাইৰ হৃদয়ত। কিন্তু যেন প্ৰথমবাৰৰ বাবে তুলিকাই সেই সকলোবোৰ যন্ত্ৰণা জীৱনৰ বহু সুখৰ লগতে এটা অংশ বুলি গ্ৰহণ কৰি লৈছে। যেন কান্দি কান্দিও তুলিকাই হাঁহিবলৈ শিকিছে। তাই যেন মানি লৈছে, জীৱন মানেই সুখ-দুখৰ এক মণিমালা। কেৱল সুখক আদৰি লৈ দুখ আৰু হাঁহাকাৰৰ পৰা পলাই ফুৰা মানে কেৱল উটপক্ষীৰ দৰে বালিত মূৰ গুঁজি নিজকে প্ৰতাৰণা কৰা। সুখৰ লগতে দুখকো স্বীকাৰ কৰি লোৱাতেই যে জীৱন যুঁজাৰ শক্তি সোমাই আছে সেয়া তুলিকাই উপলব্ধি কৰিছে। সেইবাবেই কিজানি বিধিৰ এই দাৰুণ বিপাকতো তাই অটল হৈ ৰ’ৱ পাৰিছে। সাহসেৰে জীৱনৰ মুখামুখি হ’ব খুজিছে।

‘কি চাইছা এনেকৈ?’ আছমাৰ পূৰ্ণ দৃষ্টি দেখিয়ে কিজানি তুলিকাই অলপ হঁহাৰ দৰে কৰি সুধিলে।

‘তুমি বহুত সলনি হ’লা! ফাৰমানালৈ যোৱাৰ পিছতহে যেন তোমাৰ এই ৰূপটো দেখা পাইছোঁ! তুমি পাৰিবা- কোনো সমস্যাই, কোনো হাহাঁকাৰে টলাব নোৱাৰাকৈ তুমি থিয় দিব পাৰিবা তুলিকা।’ আছমাই বৰ মৰমেৰে কথা কেইষাৰ ক’লে।

তুলিকাই একো নকৈ মাথোঁ আছমাৰ সোঁহাতখনত খামোচ মাৰি ধৰিলে। জীৱন পৰিক্ৰমাই দুটা ভিন্ন কোণত থিয় কৰাই দিয়া দুয়ো নাৰীৰ হৃদয় দুখন সহমৰ্মিতাৰ ছন্দৰে এক হৈ ৰ’ল- সদায়ৰ দৰে।

উৎস: অ'পেন আৰ্ট


সেই আবেলি পুনৰ টিউবত দুলি দুলি তুলিকা গ্ৰেনিচ্চ মিলেনিয়াম ভিলেজলৈ ৰাওনা হ’ল। গোটেই সময়খিনি তাই যেন নিজৰ মাজতে ডুবি ৰ’ল। সেই ষ্টেচনত নামি পাঁচমিনিটমান খোজেৰে গৈয়ে থেমছ্‌ মেন’ৰ নামৰ বিশাল অট্টালিকাটোৰ মূল দুৱাৰৰ মুখত থিয় দিলেগৈ। তাৰ লগে লগে যেন বাৰিষাৰ বানপানীৰ দৰে কোবেৰে নামি আহিল সোঁৱৰণীৰ ঢল। থেমছ্‌ নৈৰ পাৰৰ এই ঠাইতেইতো তাই বিদেশৰ মাটিত এখন সংসাৰ পতিছিলেহি! সেই সময়ৰ কিমান যে সপোন, সুখ-দুখৰ মায়া লৈ থিয় দি আছে এই অট্টালিকা!

‘গুড আফটাৰনুন!’ প্ৰায় এবছৰৰ আগৰ দৰে আজিও একেদৰেই তাই সম্ভাষণ জনালে কাউণ্টাৰৰ কনচিয়েৰ্জজনক। লিফটত আগৰ দৰেই অট্টালিকাৰ নিবাসীৰ নিৰ্লিপ্ত চকু-মুখ, সমান্তৰাল জীৱন-ধাৰা। অথচ এই সময়তে কিমান সলনি হৈ পৰিল তুলিকাৰ জীৱন! হয়তো তাইৰ অজানিতেই ইয়াৰ মানুহৰো জীৱনত বহু হিচাপ খেলিমেলি হৈ গৈছে, বহু ধুমুহাই বিপৰ্য্যস্ত কৰিছে সপোনৰ বালিঘৰ। কোনে জানে!

কিছু আবেগ আৰু কিছু উদ্বেগ লৈ তুলিকাই চতুৰ্থ মহলাৰ চিনাকি দুৱাৰখনত কলিংবেল টিপিলেগৈ। কিছুসময়ৰ পিছতে দুৱাৰ মেলি ধৰিলে বিদ্যুতৰ মাকে!

‘তুলিকা!!’ তেওঁৰ চকুৱে মুখে আশ্চৰ্য্য আৰু আনন্দৰ ৰেঙণি যেন একেলগে দেখা দিলে। ‘আহ! কিমান আশা কৰি আছিলোঁ তুমি আহিবা বুলি! আহা আহা। ভিতৰলৈ সোমাই আহা। হেৰি শুনিছেনে, তুলিকা আহিছে!’

তেওঁৰ উলাহে তুলিকাক যেন অলপ অপ্ৰস্তুত কৰি পেলালে। তাই লগত লৈ অহা সৰু চ্যুটকেছটোৰ চকা চলাই ভিতৰ সোমাল। সোমায়ে চকুত পৰিল, বহা কোঠাটোৰ আচবাব বোৰো একেই আছে। মাত্ৰ একাষৰ কফি টেবুলখন এতিয়া মাজত ৰাখিছে। দেৱালত এতিয়াও উলমি আছে তুলিকাই অঁকা থেমছ্‌ নৈৰ পাৰৰ বাটটোৰ শৰতবুলীয়া ছৱিখন।

‘ভালে আছেনে মা? দেউতাৰ কেনে?’ তাই বগা লেডাৰৰ কাউচ্চখনতে বহি লৈ সুধিলে। মাকো কাউচ্চ খনৰ ইমূৰত বহিল।

মাকে কিবা কোৱাৰ আগতে শোৱাকোঠাৰ পৰা দেউতাক ওলাই আহিল।

‘অঁ, ঠিকে ঠাকে পালাহি তুলিকা! ভালে আছানে?’ তেওঁৰ চকুৱে মুখে হাঁহি। দুয়োকে দেখি তুলিকাৰ ভাৱ হ’ল যেন এইটো মুহূৰ্তলৈকে দুয়ো বাট চাই আছিল। যিমান চেষ্টা কৰিও দুয়ো সেই প্ৰাপ্তিৰ উছাহ সামৰি ৰাখিব পৰা নাই।

‘আছোঁ- ভালেই আছোঁ। আপোনালোক কেনে আছে?’

দেউতাকে উৎসাহেৰে ক’লে, ‘আমাৰ ভালেই। ইয়ালৈ অহা আজি দহদিনমানেই হ’ল বুজিছা। কিন্তু এতিয়াও সপোন সপোন যেনেই লাগি আছে। লণ্ডনখন সপোন নগৰীয়ে নহয় জানো! যেনিয়ে চাওঁ চকু থৰ লাগি যোৱা যেন লাগে। বিদ্যুতৰতো কামৰ পৰা আহৰিয়ে নাই! গতিকে আমি দুয়ো অকলেই ফুৰিছোঁ বুজিছা। ইমান চিজিল -ইমান পৰিস্কাৰ পৰিচ্ছন্ন। খৰচহে বৰ বেছি যেন লাগিছে। সিদিনা মমৰ মিউজিয়ামটোও চালোগৈ। কি ক’বা আৰু………..’

তুলিকাৰ তেতিয়াহে খেয়াল হ’ল, এয়াতো বিদ্যুতৰ মাক-দেউতাকৰ প্ৰথম বিদেশ যাত্ৰা! ভিতৰি বেথাও উপজিল। বিদ্যুতৰ দেউতাক কথা চহকী মানুহ। তাতে প্ৰথমবাৰ এই লণ্ডন মহানগৰী নিজ চকুৰে চাইছে। গতিকে উৎসাহৰ অন্ত নাই। মাকেহে থাপ মাৰি ধৰাদি ধৰি ক’লে,

‘হেই ৰ’ৱচোন। ছোৱালীজনী আহি পাইছেহে- আপোনাৰ ভ্ৰমণকাহিনী আৰম্ভ নকৰিবচোন এতিয়াই! তুলিকা, কোৱাচোন তাত কেনেকৈ আছা? নতুন চাকৰি কেনে পাইছা?’ মাকে আথেবেথে সুধিলে।

বিয়াৰ পিছত মাত্ৰ এটা মাহ তুলিকাই বিদ্যুতৰ মাক-দেউতাকৰ সৈতে গুৱাহাটীৰ ঘৰত কটাইছিল। বিদ্যুৎ লণ্ডনলৈ উভতি গৈছিল। তুলিকাই বিয়াৰ প্ৰমাণপত্ৰ সহ সকলো কাগজ-পত্ৰ জমা দি ভিজা পোৱালৈ বাট চাই আছিল। সেই সময়খিনিতে সাদৰী মাকগৰাকীয়ে তুলিকাক আপোন কৰি লৈছিল। বেছিদিন কাষত নাপালেও পিছতো সদায়ে এনেকৈয়ে বৰ আন্তৰিকতাৰে তাইৰ খা-খৱৰ লৈছিল। দেউতাকৰ লগতো গুৱাহাটীৰ ঘৰৰ বাঁৰীত একেলগে শাকনিৰ বন খুঁচৰি তাই কিমান যে গল্প কৰিছিল। বহুদিনৰ মূৰত দুয়োকে কাষত পাই তুলিকাৰ যেন কিছু অপৰাধবোধ হ’ল। অতদিনে নিজৰ হাঁহাকাৰৰ মাজতে ডুবি থাকি তাই এবাৰো বিদ্যুতৰ মাক-দেউতাকৰ খৱৰ লোৱা নাই। সেই ভাৱ লুকুৱাই তাই যথাসম্ভৱ সহজ ভাৱেৰে ফাৰমানা আৰু নেচাৰৰ কথা কৈ গ’ল। মাকেও খৱৰ দিলে, তেওঁৰ চকুৰ কেটেৰেক্ট চাৰ্জাৰী হৈ গ’ল দুমাহ আগতে। এতিয়া আগৰ অসুবিধাবোৰ নোহোৱা হৈছে। দেউতাকে আকৌ এবাৰ বাথৰুমত পিচল খাই কঁকালত বৰ দুখ পালে। লগে লগে হস্পিটেললৈ নিব লগা হ’ল। অৱসৰৰ পিছত দুয়ো এতিয়া গুৱাহাটীৰ ঘৰত অকলশৰীয়া।

‘একেটাই ল’ৰা ইমান দূৰৈত।’ বিদ্যুতৰ মাকে কৈ গ’ল। ‘আচলতে তাৰ জীৱনটো ভালদৰে গঢ় লওক বুলিয়েতো সৰুৰে পৰা আঁতৰে আঁতৰেই ৰাখিলোঁ। ভালতকৈ ভাল স্কুল-কলেজত পঢ়ি আজি বিদেশত এটা চকুত লগা কেৰিয়াৰ। কিন্তু কেতিয়াবা সন্দেহ হয় জানানে, সঁচাই ঠিকে কৰিলোঁনে? কোনোদিনেই যে তাক ওচৰত নাপালোঁ!

‘তোমালোক দুয়োটা আমাৰ ওচৰতে থকা হ’লে কিজানি কথাবোৰ এনেকুৱা নহ’লহেঁতেন!’ দেউতাকে কৰুণ সুৰ এটাৰে ক’লে।

কথাবোৰে তুলিকাক খুন্দা মাৰি ধৰিলে। চকুপানী ওলাব খুজিলে তাইৰ। এই মানুহহালে যে কেৱল বিদ্যুতৰ ভাল হওক বুলিয়ে যি পাৰিছে সকলো কৰি আহিছে। তাই উপলব্ধি কৰিলে, বিদ্যুতে কোৱা শৈশৱ-যৌৱনৰ হেঁচা আৰু আশাবোৰৰ আঁৰত আছে তেওঁলোকৰ একমাত্ৰ ল’ৰাটোক লৈ কৰা অলেখ-অসংখ্য সপোন। এতিয়াও- সিহঁতৰ সংসাৰখন ভাঙি যোৱাৰ পিছতো মাক-দেউতাকে ভাৱিছে তেওঁলোকে সেই ধুমুহাৰ পৰা সিহঁতক আঁতৰাই ৰাখিব পাৰিলেহেঁতেন। সেই সপোনৰ বালিঘৰক বচাই ৰাখিব পাৰিলেহেঁতেন। মাক-দেউতাকৰ দৃষ্টিত যে তেওঁলোকৰ দায়িত্বৰ কোনো অন্ত নাই- এনে কোনো বিন্দু নাই য’ত মাক-দেউতাকৰ সন্তানৰ প্ৰতি দায়িত্ব শেষ হয় আৰু আৰম্ভ হয় সন্তানৰ নিজা বাট। বহুতৰ গতি তেনেকৈয়েতো ৰৈ যায়। প্ৰাপ্তবয়স্ক হ’লেও মাক-দেউতাকৰ সৈতে সেই বান্ধোনৰ স্বৰূপ একেই হৈ ৰয়। কিন্তু মাক-দেউতাকৰ পৰা নিজা আশা-আকাংক্ষা আৰু সপোনৰ পৰিধি সামৰি আনি জীৱনৰ বাটত নিজেই চালক হোৱাৰ দায়িত্ব কেৱল সন্তানৰ। মাক-দেউতাকে বাৰু সেয়া নুবুজে, কিন্তু বিদ্যুতেনো কিমান বুজে?

‘তেনেকৈ নক’বচোন দেউতা! আমাৰ মাজত যি হৈ গ’ল সেয়া আমাৰ বাহিৰে অন্য কোনোৱে সলাব নোৱাৰে। তেতিয়াও-এতিয়াও! সেই কথাবোৰত আপোনালোকে নিজকে দোষ নিদিবচোন!’ তুলিকাই আবেগেৰে ক’লে।

এনেতে এপাৰ্টমেণ্টৰ মূল দুৱাৰ খোল খালে। ক্লান্ত খোজেৰে সোমাই আহিল বিদ্যুৎ। তুলিকাৰ বাবে সেয়া হঠাতে জী উঠা অতীতৰে এক প্ৰতিচ্ছৱি। দিনৰ পিছত দিন, মাহৰ পিছত মাহ দেখি অহা এটা পৰিচিত দৃশ্য। পিছে তুলিকাক বহা কোঠাত দেখিয়ে তাৰ চকু-মুখ উজ্বলি উঠিল!

‘তুমি আহিলা? কেতিয়া পালাহি? মোক খৱৰ দিয়া নাই কিয়?’

তুলিকাক আকোঁৱালি ল’ব খুজিও যেন কিবা এটা সংকোচে বিদ্যুতক বাধা দিলে। অগ্যতা আগবাঢ়ি আহি সি তাইৰ সন্মুখৰ কাউচ্চতে বহি পৰিল। মাকে আথে-বেথে তাৰ অফিচ বেগটো লৈ গ’লহি। তাৰপিছত পাকঘৰৰ পৰা পানী এগিলাচ আনি তাৰ হাতত দিলেহি। স্বভাৱসিদ্ধ্বভাৱে বিদ্যুতে সেয়া লৈ কোট্‌কোট্‌কৈ খালে। তাকে চাই চাই তুলিকাৰ মনত পৰিল ফাৰমানাত বিদ্যুতে কোৱা কথাবোৰ। হঠাতে তুলিকাৰ বিদ্যুতক বৰ স্বাৰ্থপৰ যেন লাগি গ’ল। এনে ভাৱ হ’ল যেন সি নিজৰ স্বাৰ্থৰ বাবে এই সহজ-সৰল মানুহ হালক ব্যৱহাৰ কৰিছে। শৈশৱ বা কৈশোৰত যিয়ে নহওক- এতিয়া যেন ইচ্ছা কৰিয়ে বিদ্যুতে মাক-দেউতাকক সেই দায়িত্ববোধেৰে বান্ধি ৰাখিব খুজিছে। সেইবাবেই সি এনেকৈ থাকিব পাৰিছে। মাকে ইটো কৰিছে- সিটো কৰিছে, তাৰ বাবে ঢপলিয়াই ফুৰিছে। তাৰ সংসাৰৰ দায়তে মাক-দেউতাক দুয়ো লণ্ডন পাইছেহি। বিদ্যুতে আগৰ দৰেই মাথোঁ চলি গৈছে। একেদৰেই। কোনো পৰিৱৰ্তন নাই, কোনো প্ৰচেষ্টা নাই সেই গতি সলোৱাৰ নাইবা

সিদিনা নিশা বিদ্যুতৰ মাক আৰু তুলিকাই মিলি যতনাই ভাত এসাঁজ ৰান্ধিলে। বিদ্যুতৰ দেউতাকে লণ্ডনৰ ৰূপ-গুণ বখানি বখানি বাৰ্বিকিউত কুকুৰাৰ মাংস আৰু ফুলকবি-বেঙেনা পুৰিলে। বিদ্যুতে অসজা ভাৱেৰে পাকঘৰ আৰু বেলকনিৰ মাজত অহা-যোৱা কৰি ৰ’ল। তুলিকাই বুজিলে, সি তাইৰ লগত কথা পাতিবলৈ সুযোগ বিচাৰি আছে। সেয়া জানি-বুজিও তাই বিদ্যুতৰ মাক-দেউতাকৰ লগত কথা-বতৰা পতাতে ব্যস্ত হৈ থাকিল।

বিয়াৰ পিছৰ গুৱাহাটীৰ দিনবোৰৰ দৰেই চাৰিও কথা-বতৰা-হাঁহিৰ মাজেৰে ভাতসাঁজ খালে। খাই উঠি মাক-দেউতাক টিভিৰ সন্মুখত বহিল। তুলিকা ওলাই আহি বেলকনিত থিয় দিলেহি। নিশা ন বাজিবৰ হৈছে যদিও আকাশ এতিয়াও বিয়লিৰ বেলিৰে ৰাঙলী। তাৰ কাষেৰে যোৱা বাটতোৰ দুয়োকাষে তাইৰ প্ৰিয় অ’ক গছৰ শাৰীবোৰ। তাৰ পাতে পাতে শৰতে ৰং সানিবলৈ আৰম্ভ কৰিছে। আগৰ দৰেই বেলকনিৰ পৰা প্ৰকৃতি আৰু বাটৰুৱাৰ ৰং-ৰূপ চাই একান্ম হৈ ৰ’ল তাই। এনেতে থেমছ্‌ নদীৰ ফিৰফিৰিয়া বতাহ এজাকে তাইক চুই গ’লহি।

এনেতে বিদ্যুৎ আহি বেলকনিতে তাইৰ কাষত ৰ’লহি। তাইৰ দৃষ্টি অনুসৰণ কৰি ক’লে,

‘মনত আছেনে সেই অ’ক গছৰ তলেৰেই এদিন আমি যে এদিন টেণ্ডেম বাইক চলাই গৈছিলোঁ? হঠাতে অহা কিনকিনিয়া বৰষুণজাকত তিতি-বুৰিয়ে কিমান যে ঘুৰিছিলোঁ!’

সেই কথাষাৰে তুলিকাক যেন লৈ গ’ল বিয়াৰ পিছৰ সপোন সপোন লগা দিনবোৰলৈ। সিদিনা টেণ্ডেম বাইকৰ অগা-পিছা ছিট দুটাত বহি একে ক্ৰমত পেডেল মৰাই অসম্ভৱ যেন লাগিছিল। সেয়ে তাই দুই ভৰি ওলোমাই দিছিল। বিদ্যুতে অকলেই পেডেল মাৰি মাৰি চাইকেলখন আগবঢ়াই নিছিল। পিছতহে কথাটো টং কৰি সি তুলিকাক জোৰ কৰি সন্মুখৰ আসনত বহুৱাইছিল। বৰষুণৰ মাজেৰে দুয়ো হাঁহি হাঁহি চাইকেল চলাই থেমছ নৈৰ পাৰে পাৰে আগবাঢ়িছিল। কি যে মায়া সনা সময় আছিল সেইবোৰ! তাৰপিছত যে কি হয় গৈছিল সিহঁতৰ! কেনেকৈ কিহবাই কুটি কুটি খাই পেলাইছিল ভালপোৱাৰ সকলো ৰং! সেই সোঁৱৰণি আৰু বিদ্যুতৰ সান্নিধ্যই তুলিকাক যেন কিছু আবেগিক কৰি পেলালে। তাই বেলকনিৰ চকীখনতে বহি পৰিল। বিদ্যুতো কাষতে বহিল। সি লাহেকৈ ক’লে,

‘তুমি যে আহিলা মোৰ বহুত ভাল লাগিছে জানা! আমি বিচাৰিলে আকৌ সেই দিনবোৰলৈ ঘুৰি যাব পাৰোঁ। আকৌ নতুনকৈ সকলো গঢ়িব পাৰোঁ।’

‘আমি?!’ তুলিকাই ভাৱিলে। সেই শব্দটোৱেই বৰ আচহুৱা যেন লাগিল তাইৰ। হঠাৎ তাইৰ উপলব্ধি হ’ল, সেই সপোন আচলতে কেতিয়াবাই শেষ হৈছে। তাই একে হৈ ৰোৱা নাই। একে হৈ ৰোৱা নাই বিদ্যুৎ। সিহঁতে যিমানেই নিজকে পতিয়ন নিয়াবলৈ চেষ্টা নকৰক, একে হৈ ৰোৱা নাই সিহঁতৰ সম্পৰ্ক! ফাৰমানাৰ বহু ৰাতি বিদ্যুতৰ কথা ভাৱি, সিহঁতৰ হেৰোৱা সংসাৰখনৰ মায়াত বন্দী হৈ তাই উজাগৰে কটাইছে। কিন্তু আজি বাস্তৱত সেই অতীতৰ মুখামুখি হোৱাৰ পিছত যেন সেই হাঁহাকাৰবোৰে ভিন্ন ৰূপ লৈছে। আশাৰে চাই ৰোৱা বিদ্যুতলৈ চাই চাই তাই অনুভৱ কৰিলে, এই ব্যক্তিৰ বাবে তাই হৃদয়ত চিৰদিন জ্বলাই ৰাখিব খোজা ভালপোৱাৰ চাকিগছি কেতিয়াবাই নুমাই গৈছে। তাৰবাবে গঢ়া বিশ্বাসৰ ভেঁটি প্ৰতাৰণা আৰু যন্ত্ৰণাৰ বানে কেতিয়াবাই উটুৱাই নিছে। সেই মৰিশালীত সোঁৱৰণি থাকিব পাৰে, পায়ো হেৰুওৱাৰ বেদনা থাকিব পাৰে। কিন্তু সম্পৰ্ক এটা যুগমীয়া কৰাৰ বাবে দৰকাৰী সততা, পৰিপক্কতা আৰু অনুৰাগ তাত নাই! সেই কাহিনী কেতিয়াবাই শেষ হৈছে।

‘বিদ্যুৎ!’ শান্ত কণ্ঠ এটাৰে তুলিকাই ক’লে, ‘এটা কথা সোধোঁ!’

‘সোধা!’ বিদ্যুতে সেই এটা শব্দতে যেন হৃদয়ৰ সকলো আকুলতা সানি দিব খুজিলে।

‘তোমাৰ সলনি যদি মই কাৰোৱাৰ সৈতে এনে কৰিলোহেঁতেনে, তুমি মোক একেদৰেই গ্ৰহণ কৰিলাহেঁতেননে?’

‘কিন্তু তুলিকা, তোমাক কৈছোঁয়ে কিয় তেনে ভুল হৈ গ’ল…………!’ বিদ্যুতক আকৌ এবাৰ কৈফিয়তৰ সুযোগ নিদি তুলিকাই একেই শান্ত কিন্তু দৃঢ় মাতেৰে ক’লে,

‘কাৰণ যিয়ে নহওক কেৱল সততাৰে মোৰ প্ৰশ্নটোৰ উত্তৰ দিয়া, বিদ্যুৎ! এবাৰ তুমি নিজকে সুধি চোৱা।’

বিদ্যুৎ নীৰৱ হৈ ৰ’ল। বেছ কিছুপৰলৈ। এটা সময়ত ভগ্ন কন্ঠেৰে সি ক’লে, ‘হয়তো নল’লোহেঁতেন!’

সি হুকহুকাই কান্দি পেলালে। তাৰ কাষতে বহি থাকি তুলিকায়ো কান্দিলে। প্ৰথমবাৰৰ বাবে দুয়ো যেন একেলগে উপলব্ধি কৰিলে, এয়াই সেই শেষবিন্দু- য’ৰ পৰা জীৱনৰ বাটটো সমান্তৰালকৈ দুভাগ হৈ গ’ল। য’ৰপৰা পিছলৈ উভতি চাই হাঁহিব পাৰি, খং কৰিব পাৰি, দুখ কৰিব পাৰি, কিন্তু একোৱেই চুই চাব নোৱাৰি। আলহী কোঠালৈ উঠি যোৱাৰ পৰত তুলিকাই মাথোঁ ক’লে,

‘মই নতুনকৈ জীৱনটো গঢ়িবলৈ চেষ্টা কৰিছোঁ বিদ্যুৎ৷ হৈ যোৱা কথাবোৰ জীৱনৰ এটা অংগ হিচাপে লৈ বৰ্তমানত জীয়াই থাকিব খুজিছোঁ৷ সুখ আৰু ভালপোৱাৰ ঠিকনা বিচাৰিছোঁ৷ তুমিও জীৱনত যাতে সেয়া বিচাৰি পোৱা৷’

বিদ্যুতক বেলকনিতে এৰি তাই বিছনাত পৰিলগৈ।

পিছদিনা দোকমোকালিতে শুই উঠি তুলিকাই চাহ কৰিলে। বিদ্যুতৰ মাক-দেউতাক উঠিছিলেই। অন্যদিনাৰ দৰেই দুয়ো বেলকনিত বহিল। তাত ওলোমা বাদুলি দি ৰোৱা ৰাতিৰ হাঁহাকাৰবোৰ ইতিমধ্যে ৰ’দজাকে ধুই নিছে। গুৱাহাটীৰ ঘৰৰ দৰে বহুদিনৰ মূৰত তুলিকাই নিজে নি দুয়োকে চাহ দিলে। তাৰপিছত আলহী কোঠাত নিজৰ বেগটো সামৰিলে। তেতিয়ালৈ বিদ্যুৎ উঠিছিলহে। চকু-মুখত তেতিয়াও আগনিশাৰ আঁচোৰ। ইতিমধ্যে সাজু হোৱা তুলিকালৈ চাই বিধস্ত মানুহৰ দৰে সি কোনোমতে ক’লে,

‘ওলালা?’

‘অঁ, যাওঁ!’ তুলিকাই ক’লে।

যেন আৰু একোকে ক’বলৈ বা পাতিবলৈ বাকী নাথাকিল। একোকে কৰিবলৈ বাকী নাথাকিল।

বিদ্যুতৰ মাক-দেউতাকৰ ভৰি চুই তুলিকা ওলাই আহিল। তেওঁলোকৰ বিস্ময়ভৰা মুখ দুখন চাবলৈ তাই নৰ’ল!

No comments:

Post a Comment