Saturday 15 June 2024

ফাৰমানা: খণ্ড ২৭

তুলিকাক এটা নিদাৰুণ খৱৰ দি সেইনিশা লিছা উভতি গৈছিল। যোৱাৰ পৰত বাৰে বাৰে সুধিছিল তাই,

‘তুমি ঠিকে আছাতো, তুলিকা? নহ’লে মই ৰৈ যাব পাৰোঁ আজিৰ নিশাটোৰ বাবে!’

অস্বাভাৱিকভাৱে শান্ত মাত এটাৰে তুলিকাই কৈছিল, ‘নাই নালাগে লিছা, আজি মোৰ অকলশৰে থকাৰহে ইচ্ছা হৈছে। তুমি চিন্তা নকৰিবা!’

লিছা পতিয়ন যোৱা নাছিল। কিন্তু তুলিকাৰ সেই ৰূপ দেখি জোৰ কৰিবলৈকো তাইৰ সত নগ’ল। অগ্যতা তাই পিছদিনা লগ পোৱাৰ কথা দি ঘৰমুৱা হ’ল।

লিছা ওলাই যোৱাৰ পিছত তুলিকা পোনেই গৈ লেপটপৰ সন্মুখত বহিল। ইণ্টাৰনেটত উত্তৰ আয়াৰলেণ্ডৰ ইতিহাস খুঁচৰি তাই জানিবলৈ চেষ্টা কৰিলে, কোন এই বিৰোধী আই আৰ এ? কি বিচাৰিছে সিহঁতে? মাৰ্কৰ পৰা তাই নব্বৈৰ দশকত উত্তৰ আয়াৰলেণ্ডক অশান্ত কৰি যোৱা ট্ৰাবলছৰ কথা শুনিছিল। তেৱেঁই কৈছিল, ট্ৰাবলছৰ সময়ত আইৰিছ ৰিপাব্লিকান আৰ্মী অৰ্থাৎ আই আৰ এ আটাইতকৈ সক্ৰিয় অৰ্ধসামৰিক গোট হৈ পৰিছিল। এই গোটৰ লক্ষ্য আছিল যুক্তৰাজ্যৰ পৰা পৃথক হৈ উত্তৰ আৰু ৰিপাব্লিক দুয়োখন আয়াৰলেণ্ডক একত্ৰিত কৰি এক আইৰিছ গণৰাজ্য গঠন কৰা। সেইবাৰ ডেৰীৰ পৰা ফাৰমানালৈ গাড়ীৰে উভতাৰ বাটত ৰায়ানৰ মুখেৰেও তাই শুনিছিল কেনেকৈ এই গোটে গেৰিলা কৌশল ব্যৱহাৰ কৰি ব্ৰিটিছ সেনাৰ বিৰুদ্ধে অস্ত্ৰ লৈছিল। যুক্তৰাজ্যত সেয়ে ইয়াক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছিল। পিছলৈ এই আই আৰ এ-ৰ পৰাই মতাদৰ্শগত পাৰ্থক্যৰ বাবে কেইবাটাও পৃথক গোটৰ উত্থান হ’ল। তাৰে এটা গোট অস্থায়ী আই আৰ এই ১৯৯৮ চনত গুড ফ্ৰাইডে চুক্তিত চহী কৰি সশস্ত্ৰ অভিযানৰ অন্ত পেলালে। তাৰ লগে লগে ট্ৰাবলছৰ দিনবোৰ শাম কাটি আহিল আৰু অস্থায়ী আই আৰ এ-ৰ ৰাজনৈতিক শাখা চিন ফেইনলৈ ক্ষমতা আহিল। পিছে এই চুক্তি গ্ৰহণ নকৰা এচাম সদস্যই মূল গোটৰ পৰা বিছিন্ন হৈ বিৰোধী আই আৰ এ গঠন কৰিলে। পূৰ্বৰ লক্ষ্যকে বাহাল ৰাখি এই সৰু গোটবোৰে উত্তৰ আয়াৰলেণ্ডৰ ঠায়ে ঠায়ে এতিয়াও হিংসাত্মক কাৰ্য্যকলাপ চলাই আহিছে। সেইবোৰ পঢ়ি থাকোঁতে তুলিকাৰ চকুত পৰিল, সশস্ত্ৰ আই আৰ এ জড়িত থকা বিভিন্ন হিংসাত্মক ঘটনাত মৃত্যু আৰু আঘাতপ্ৰাপ্ত হোৱা মানুহৰ পৰিসংখ্যা। আৰু চাব নোৱাৰিলে তাই। বিধস্ত মানুহৰ দৰে কোনোমতে গৈ বিছনাত পৰিলগৈ।

টোপনিৰ সলনি তাইৰ মনত হাজাৰটা প্ৰশ্নই দোলা দিলেহি। বাতৰিত দিয়া কথাবোৰ সঁচানে? যদি সেয়াই সঁচা, ৰায়ানো সেইবোৰত জড়িত নেকি? তেনে সি তাইৰ সৈতে অতদিনে অভিনয় কৰি থাকিল নেকি? যাৰ বাবে ইমান আবেগ সামৰি লৈ তাই ৰৈ আছিল, যাৰ বাবে আকৌ এবাৰ কাৰোৱাক আপোন বোলাৰ হেঁপাহ হৈছিল, সেই ৰায়ানেই এনে অচিনাকি হৈ ধৰা দিছে তাইৰ সন্মুখত? কিয় এনে হয়? তাইৰ লগতে কিয় এনে হয়? জীৱনটো সজাই ল’ব খোজোতেই বাৰে বাৰে কিয় অজান ঢৌয়ে সেই বালিঘৰ উটুৱাই লৈ যাব খোজে? চকুপানীৰে গাৰুৰ গিলিপ তিয়াই বহুপৰলৈকে উজাগৰে ৰ’ল তুলিকা।

শেষনিশালৈ চিলমিলকৈ টোপনি অহাৰ পৰতে তাই এটা সপোন দেখিলে। এখন কিচকিচীয়া ক’লা দুপতীয়া দুৱাৰ। ইমানেই ক’লা যে উজ্বল পোহৰ নাথাকিলে ৰাতি-বিয়লি তাত দুৱাৰ আছে নে নাই তাকে ধৰিব নোৱাৰি। ঘপকৈ চালে ভাৱ হয় সেয়া পিছচোতালৰ ঘোপমৰা অন্ধকাৰহে। সেই অন্ধকাৰৰ পৰা তুলিকাৰ কাণত পৰিছে দুপ্‌দুপ্‌ জোতাৰ শব্দ। একেটা কদমত ভৰি চলাই সেই দুৱাৰেদি সোমাই আহিছে এজাক সৈন্য। সিহঁতৰ সন্মুখৰ পৰা ক’লা দুৱাৰখন সঁচাই অদৃশ্য হৈ পৰিছে। সকলোৱে সমুখ সমৰত থকাদি জুপি জুপি আগবাঢ়ি আহিছে। হাতে হাতে দীঘল বন্দুক। চৌপাশে হাই-উৰুমি আৰম্ভ হৈছে। আতংকত তুলিকাৰ উশাহ বন্ধ হৈ যাব খুজিছে। কি হ’ব এতিয়া? কি হ’ব? কোনে ৰক্ষা কৰিব সিহঁতক? ইমান অসহায় আৰু অসুৰক্ষিত যেন তাই কেতিয়াও অনুভৱ কৰা নাই! এনেতে তাই দেখা পাইছে হৰেন বৰদেউতা সেই দুৱাৰেৰে দৌৰি ওলাই গৈছে। কিন্তু এয়া কি – এন্ধাৰ ফালিচোন এইবাৰ পিছে পিছে দৌৰদ্ব খুজিছে দেউতাকে। তাইৰ দেউতাক! দেউতাকৰ কোঙা শৰীৰটোৱে কোনোমতে একতীয়াকৈ পাৰ হৈছে সেই দুৱাৰৰ সীমা। তুলিকা পকী বেঁৰখনত আঠা লাগি ৰোৱাদি ৰৈছে। সকলো দেখিছে-শুনিছে। কিন্তু একো কৰিব পৰা নাই। এষাৰ মাতো মাতিব পৰা নাই।

খকামকাকৈ তাই সাৰ পালে। গম পালে, তাইৰ আকৌ ভৰি সিৰামুৰি ধৰিছে। কোনোমতে বহাৰ চেষ্টা কৰি তাইৰ সোঁভৰিখন পোনাবলৈ চেষ্টা কৰিলে। দুস্বপ্নটো পাহৰি আকৌ টোপনি যাবৰ চেষ্টা কৰিলে। কিন্তু কিছুপৰৰ পিছতে গাৰুৰ কাষত থোৱা ফোনটোৰ মিহি সুৰে তাইৰ টোপনিৰ জাল ভাঙি পেলালে।

ৰায়ান! থাপ মাৰি উঠোৱাদি তাই ফোন উঠালে ।

‘হেল্ল’ ৰায়ান, কেনে আছা? ক’ত আছা? মোৰ বহুত চিন্তা হৈ আছে। বাতৰিত শুনা কথাবোৰ কিমান সঁচা, ৰায়ান?’ তাইৰ প্ৰশ্নবোৰ উপৰাউপৰিকৈ ওলাল।

‘তুলিকা!’ ৰায়ানৰ গম্ভীৰ কণ্ঠ। ‘মোক ক্ষমা কৰি দিবানে? ক’ম ক’ম বুলিও তোমাক কিছুমান কথা কোৱা নহ’ল আজিলৈকে।’

ৰায়ানৰ কথাৰ সুৰটোতে যেন তুলিকাৰ মনটো ক’লা পৰি গ’ল।

‘তাৰমানে, তাৰমানে কথাবোৰ সঁচা? তুমি সঁচাকৈয়ে আই আৰ এ-ৰ হৈ কাম কৰা, ৰায়ান?’

এটা মুহূৰ্তৰ নীৰৱতা। ৰায়ানে যেন কথাবোৰ কেনেকৈ ক’ব ভাৱি চালে।

‘কথাবোৰ ইমান পোনপটীয়া নহয়, তুলিকা। সকলো ক’ম তোমাক। মোক অলপ সময় দিয়া। এসপ্তাহ এই ডেৰীতে কটাব লাগিব। মোক ইয়াত নজৰবন্দী কৰি ৰাখিছে। ইয়াৰপৰা ওলায়ে প্ৰথম তোমাকে লগ কৰিম। সকলো কথা বুজাই ক’ম।’

এইবাৰ যেন তাইৰ সহ্যৰ সীমা পাৰ হৈ গ’ল। সকলো দুখ-অস্থিৰতা-হাঁহাকাৰ পাৰ ভাঙি ওলাই আহিব খুজিলে তীব্ৰ খঙৰ ৰূপত।

‘কিয় এনে কৰিলা তুমি? কিয়? তোমাক কিমান বিশ্বাস কৰিছিলোঁ, কিমান আপোন বুলি ভাৱিছিলোঁ, তুমিয়ে…’ তুলিকাৰ কথাত জঁট লাগি উচুপনি হৈ ওলাল।

‘তুলিকা! প্লিজ তুলিকা! মোৰ ওপৰত বিশ্বাস ৰাখা। মই কেতিয়াও কাৰো একো অনিষ্ট কৰা নাই-কাৰো অপকাৰ কৰা নাই। তুমি অন্তত: মোৰ বিষয়ে তেনেকৈ নাভাৱিবা। মোৰ প্ৰতি বিশ্বাস নেহৰুৱাবা। মোৰ কাৰণে যে তুমি বহুত গুৰুত্বপূৰ্ণ! তোমাৰ কাৰণে……’

ৰায়ানৰ কথাৰ মাজতে তুলিকাই অধৈৰ্য্য হৈ কৈ পেলালে,

‘নিজৰ আচল চিনাকি লুকুৱাই থৈয়ে তুমি প্ৰমাণ কৰি দিলা তোমাৰ কাৰণে মোৰ গুৰুত্ব কিমান! জীৱনত মই বহুত দুখ পাইছোঁ, বহুত যন্ত্ৰণা সহিছোঁ। সকলো সহিব পাৰিলেও বিশ্বাসঘাতকতা সহিব নোৱাৰোঁ। তুমি যিয়েই নোহোৱা, যিয়েই নকৰা মোৰ আগত যদি সততাৰে ক’লাহেঁতেন! আৰু একোকে শুনিব নোখোজো মই। একোকে। বহুত শুনিলোঁ এনে কথা। কিন্তু কামতহে মানুহৰ আচল পৰিচয় ওলায়। সেয়া মনত ৰাখিবা ৰায়ান।’

‘কিন্তু তুলিকা….’

ৰায়ানক আৰু একোকে কোৱাৰ সুযোগ নিদি তাই ফোন কাটি দিলে। কিছুপৰ ফোনটোলৈ একেথৰে চাই লৈ আকৌ এবাৰ এসোঁতা কান্দি পেলালে। কিন্তু তাৰ পিছত তাই মিচেলৰ কথা মনত পেলাই নিজকে সুস্থিৰ কৰাৰ চেষ্টা কৰিলে। দীঘলকৈ এটা উশাহ টানিলে। বিছনাৰ পৰা উঠি গৈ চাৱাৰৰ তলত থিয় দিলেগৈ তুলিকাই। চাৱাৰৰ বৰষুণজাকে তাইৰ চকুপানী ধুৱাই নিলে, সমগ্ৰ শৰীৰলৈ এক সতেজতা আনি দিলে। বহুপৰ তেনেদৰেই থাকি এটা সময়ত তাই নিজকে ক’লে, বহুত হ’ল! বহুত চকুপানী টুকিলে, বহুত কষ্ট পালে। ইটোৰ পিছত সিটোকৈ আঘাতে হৃদয় মুচৰি গ’ল। এতিয়া তাই কেৱল সহি নাথাকি নিজকে চোৱাৰ সময়, নিজে কিবা কৰাৰ সময়। জীৱন যুঁজত তাই নিয়তিৰ হাতৰ পুতলা হৈ নৰয়। তাই নিজে এক যুঁজাৰু হ’ব। এয়া তাইৰ জীৱনৰ এটা সন্ধিক্ষণ। এইবাৰ পলোৱাৰ সলনি তাই সাহসেৰে জীৱনৰ মুখামুখি হ’ব।

গা-ধোৱা ঘৰৰ পৰা ওলাই কফি একাপ লৈ তুলিকা বেলকনিত বহিলহি। ফাৰমানাৰ কোমল ৰ’দজাক তাইৰ মুখতে পৰিলহি। তাই কিছুপৰ নীলিম আকাশাৰ শুকুলা ডাৱৰবোৰলৈ চাই ৰ’ল। আকাশতে চকু থৈ তাই মিচেলৰ কথা সুঁৱৰিলে, ‘মাথোঁ এই মুহূৰ্তটো আমাৰ বৰ্তমান। ইয়াৰ অগতে যি হৈ গ’ল, সেয়া অতীত। সেয়া সলোৱাৰ কাৰো সাধ্য নাই। ইয়াৰ পিছত কি হ’ব তাকো জনাৰ কোনো উপায় নাই। কিবা যদি কৰিব পাৰোঁ এই মুহূৰ্ততে সেয়া সম্ভৱ।’ ঠিকেই! যি কৰিব খোজে সেয়া মাথোঁ সম্ভৱ এই মুহূৰ্তটোত। এই এটা মুহূৰ্তই নিৰ্দ্ধাৰণ কৰি দিব পাৰে পিছৰ মুহূৰ্তবোৰ কেনে হ’ব। সেই হজাৰটা মুহূৰ্তৰে গঢ়ি উঠা তাইৰ জীৱনটো কেনে হ’ব!

এনেতে ফোনত আকৌ মিহি সুৰটো বাজি উঠিল। মাক! অঁ, আজি দেওবাৰ কাৰণেই মাকৰ এই প্ৰাত্যহিক ফোন কল কিজানি।

‘মা!’

‘কি হ’ল? মনটো মাৰি আছ যে?’

তুলিকা অলপ আচৰিত হ’ল। এটা শব্দতে মাকে যে কেনেকৈ বুজি পালে! মাকৰ প্ৰশ্নটো এৰাই তাই ওলোটাই সুধিলে,

‘মা, আমাৰ ঘৰৰ ক’লা দুৱাৰখন একেই আছেনে?’

এইবাৰ মাকৰ আচৰিত হোৱাৰ পাল যেন। প্ৰসংগবিহীন সেই অপ্ৰত্যাশিত প্ৰশ্নটোৰ বাবে মাক যেন একেবাৰেই প্ৰস্তুত নাছিল!

‘বাৰাণ্ডাৰ দুৱাৰখন? একেই আছেতো। কিয় সুধিলি?’

‘কালি আকৌ আগৰ সপোনটো দেখিলোঁ জানা। দুৱাৰখন নেদেখা হৈ আহিছে। পিছচোতালৰ অন্ধকাৰবোৰ ঘৰৰ ভিতৰলৈকে সোমাই আহিছে। কিন্তু কালি নতুনকৈ দেখিলোঁ, সেই দুৱাৰেৰে এজাক বন্দুকধাৰী সেনা সোমাই আহিছে। আনকি হৰেন বৰদেউতা আৰু দেউতাকো দেখিলোঁ!’

মাক কিছুপৰ নীৰৱে ৰ’ল। এই দুৱাৰখনক লৈ দেখা সপোনৰ কথা তুলিকাই তেওঁক আগতেও কৈছে। কিন্তু আজি যেন তেওঁ তাৰ আঁৰৰ কাৰণবোৰ অলপ বুজি পালে। তথাপিও নজনাৰ ভাও ধৰিয়ে তেওঁ সুধিলে,

‘তই ঠিকে আছতো তুলিকা? দেউতালৈ মনত পৰিছে কিজানি! ফোন কৰি ভাল-বেয়া খৱৰ ল’বিচোন।’

মাকৰ কথা প্ৰায় আওকাণ কৰাদি কৰি তুলিকাই ক’লে,

‘মা, আমাৰ ঘৰলৈ যে এবাৰ মিলিটেৰী আহিছিল সেই কাহিনীটো কোৱাচোন!’

মাকে অলপ উচপিচ কৰাদি কৰিলে। যেন সেই অধ্যায় পাহৰণিৰ গৰ্ভত হেৰাই গ’লেই তেওঁ স্বস্তি পায়। কিন্তু তেওঁ নক’লে যে তুলিকায়ো নেৰে সেয়া জানিয়ে উপায়ন্তৰ হৈ তেওঁ ক’বলৈ আৰম্ভ কৰিলে,

‘তই একেবাৰে সৰু আছিলি তেতিয়া। দেৰবছৰমান হৈছিলনে নেকি! আমি তেতিয়াও শিৱসাগৰৰ ঘাইঘৰতে। সেইসময়ত তাত সকলোতে আলফাৰ ঘাটি। গাৱে-ভূঞে ডেকা-ল’ৰাছোৱালীবোৰে দলে-বলে আলফাত যোগ দিছে। তাৰ লগে লগে তীব্ৰ হৈ আহিল মিলিটেৰীৰ উৎপীড়ন। মিলিটেৰীৰ গাড়ী দেখিলেই ডেকা-বুঢ়াই পলাই গৈ বাঁহনিত লুকাব লগীয়া অৱস্থা। শিৱসাগৰৰ ঘইঘৰখনো এই ধুমুহাত বাদ পৰি যোৱা নাছিল। তহঁতৰ হৰেন বৰদেউতাই দুবছৰ মানৰ আগতেই আলফাত যোগ দিলে। সেয়া দেউতাৰ আৰু মোৰ বিয়াৰ আগৰে কথা। তাৰপিছত কিমানবাৰ যে আমাৰ ঘাইঘৰলৈ মিলিটেৰী আহিল! মই নকইনা হৈ অহাৰে পৰা কেইবাবাৰো সেই ধুমুহা আৰু আতংক দেখিলোঁ। বৰদেউতাৰক বিচাৰি আহি মিলিটেৰীয়ে পৰিয়ালটোক কৰা নাকনি-কাকনি আমাৰ জীৱনৰ এটা অংশ হৈয়ে পৰিছিল। কিন্তু এদিন সন্ধিয়া সেই ধুমুহাজাকৰ ৰূপ্টো যেন বেলেগ হৈ গ’ল। সেইদিনা আমি ভাত-পানী খা উঠিছোঁহে। মই তোক কোলাত লৈ শুৱাব খুজিছিলোঁ। দেউতাৰে গোহালি সামৰিছিল। এনেতে ঘাইঘৰৰ পদূলিয়েদি সোমাই আহিল মিলিটেৰীৰ গাড়ী এখন। অন্যদিনাৰ দৰেই মোৰ বুকু চিৰিংকৈ উঠিল। সিহঁতে আহিয়ে দাবী কৰিলে, হৰেনে দলে-বলে আহি ক’ত লুকাই আছে উলিয়াই দিব লাগে। আমি বোলোঁ নাই সি। সিহঁত নাচোৰ-বান্দা। বৰদেউতাৰক নাপাই ধৰি-বান্ধি দেউতাৰকে উঠাই নিলে। কিমান কান্দিলোঁ, কাকূতি-মিনতি কৰিলোঁ, একোৰেই সিহঁতৰ পাষাণ হৃদয় গলাব নোৱাৰিলোঁ।’

মাকৰ মাতত জড়তা। সেই নিষ্ঠুৰ নিশাটোৰ স্মৃতি পুনৰ সজীৱ কৰি তোলাৰ বাবে তুলিকাৰ অপৰাধবোধ হ’ল। কিন্তু তেতিয়ালৈ যেন বহু পলম হৈ গৈছে। সোঁৱৰণিৰ সেই পেৰা ইতিমধ্যে খোল খাই গৈছে। মাকে কৈ গ’ল,

‘দেউতাৰ তেতিয়া চফল ডেকা। পঁচিছ-ছাব্বিছ বছৰমান হ’বহে। সেই মানুহটো এসপ্তাহৰ পিছত এক ভিন্ন মানুহ হৈ উভতি আহিল যেন। গোটেই দেহতে আঘাতৰ চিন, খোজবোৰ কোঙা। কিন্তু তাতোকৈ যেন দেউতাৰৰ মনৰ আঘাত বহুত গভীৰ আছিল। সেই এসপ্তাহ ক’ত কেনেকৈ কটালে আজিলৈকে মোক খুলি একো নক’লে। কিন্তু মই জানো, সেইকেইটা দিনতে বহু নেদেখিবলগীয়া দেখিলে, বহু নাপাবলগীয়া যন্ত্ৰণা ভূগিলে। এদিনেই মাথোঁ কৈছিল যে কোনো কাল শতৰুৱেও সেই যাতনা নোভোগক!’

মাকে নিশব্দে চকুলো টুকিলে। একো নক’লেও ফোনৰ সিপাৰে তুলিকাই সেয়া ঠিকেই বুজিলে। তাই আজিও নাজানে, এই ঘটনাৰ আগতে দেউতাকৰ কেনে ৰূপ আছিল। মনত পৰাৰে পৰা মাথোঁ দেখিছে মদ নাখালে ৰাতি দেউতাকৰ টোপনি নাহে। কেতিয়াবা টোপনিতে ভয় লগাকৈ চিৎকাৰ কৰি উঠে। কাৰোৱাক উদেশ্যি তীব্ৰ শাওপাত দিয়ে। আজি প্ৰথমবাৰৰ বাবে তুলিকাৰ ভাৱ হ’লে যেন, ঠিক তেতিয়াৰ পৰাই অসুখী দেউতাকৰ বাবে সুখী সংসাৰ এখনৰ সপোন দেখাৰ ক্ষমতা নোহোৱা হৈ গ’ল। সেই সপোনৰ বাবে চেষ্টা কৰিবলৈও এৰি দিলে দেউতাকে। দিনৰ পিছত দিন সেই ভয়াবহ যন্ত্ৰণাৰ সৈতে যুঁজি যুঁজি জীয়াই থকাতে দেউতাক কিজানি বন্দী হৈ ৰ’ল। নিয়তিৰ যেন এক পৰিহাস। সেই হৰেন বৰদেউতাই আত্মসমৰ্পন কৰি এদিন ছালফা হ’ল। কেইবাখনো চাহবাগানৰ মালিক হ’ল। অসমৰ সেই ইতিহাসৰ সৈতে যেন এই অজান্তি মুলুকৰ ইতিহাসৰো কিছুমান বিন্দু মিলি গ’ল। মিলি গ’ল হাজাৰ-বিজাৰ নিৰপৰাধ জনতাৰ আতংক আৰু যন্ত্ৰণাৰ ধাৰা!



‘কিয় উলিয়াইছ সেই পুৰণি কথাবোৰ?’ নিজকে সুস্থিৰ কৰি মাকে সুধিলে।

‘নাই এনেয়ে।’

‘লণ্ডনলৈ যোৱাৰ কথা ভাৱিছ নেকি?

মাকক তাই এতিয়াও ৰায়ানৰ কথা কোৱা নাই। কিন্তু বিদ্যুতৰ কথাবোৰ তেওঁ গম পাইছে। তাইৰ পৰাও, বিদ্যুতৰ পৰাও।

‘নাজানো মা!’

‘তোৰ জীৱনৰ সিদ্ধান্ত এয়া- গতিয়ে নিজেই ভাৱি-গুণি ল’বি। মই মাত্ৰ এটাই ক’ম, সম্পৰ্ক গঢ়া টান কিন্তু ভঙা খুবেই সহজ। তই কিজানি ভাৱিছিলি, ইমান কষ্ট খাই দেউতাৰৰ লগত অতবছৰেনো কিয় সংসাৰ কৰি আছিলোঁ! মই নিজেই সেই কথাটো বহুদিন ভাৱি চাইছোঁ। দেউতাৰৰ কষ্ট দেখি ময়ো সমানেই দুখী হৈছিলোঁ। ভাৱিছিলোঁ, সেই বোজাৰ ভাৰ যিমান কষ্ট হ’লেও দুয়ো ভগাই ল’ম। সেইকাৰণেই সেই বহুবাৰ সেই মাতাল ৰাতিৰ আঘাতবোৰ গাত পাতি লৈছিলোঁ। ভাৱিছিলোঁ, মোক কষ্ট দি যদি তেওঁৰ যন্ত্ৰণাৰ কোব অলপ হ’লেও কমিছে তেনে সেয়াই হওক। সংসাৰখন চলাই নিবলৈ মই নিজৰ ফালৰ পৰা সকলো দিব বিচাৰিছিলোঁ। কিন্তু ত্ৰিছটা বছৰ তেনেকৈ কটোৱাৰ পিছত মোৰ উপলব্ধি হ’ল, সংসাৰ কেৱল এজনৰ চেষ্টাৰে নচলে। নিজৰ জীৱনৰ সকলো যন্ত্ৰণা-হাঁহাকাৰ দেও দি গৈয়ে দুয়ো চেষ্টা কৰাৰ দৰকাৰ। যেতিয়াই সেই আশাটো হেৰাই গ’ল, দেউতাৰৰ সৈতে সংসাৰ কৰি থকাৰ শেষ বান্ধোনখিনি নোহোৱা হৈ গ’ল। মই জানো, নিজৰ ফালৰ পৰা সম্পুৰ্ণ চেষ্টা কৰিলোঁ, যিমান পাৰি সময় দিলোঁ। দেউতাৰে নিজৰ মাজতে সেই দানৱক লালন কৰি থাকিল। কেতিয়াও মোকো নক’লে, কাৰো সহায়ো নল’লে। মই নিজে যি পাৰোঁ, বুজাৰ চেষ্টা কৰিলোঁ, সেই যন্ত্ৰণা কমোৱাৰ চেষ্টা কৰিলোঁ। কিন্তু দেউতাৰৰ সেই যুঁজৰ বলি হ’বলৈতো নিজকে এৰি দিব নোৱাৰোঁ! সেয়ে মোৰ কোনো অনুশোচনা নাই। দেউতাৰৰ সৈতে ইমানদিন থকাতো- আৰু এতিয়া সেই সংসাৰৰ মায়া এৰি নিজৰ জীৱন নিজে গঢ়াতো।’

মাক এপলক ৰ’ল। তুলিকাই আশ্চৰ্য্যৰে শুনিলে মাকৰ সেই স্বীকাৰোক্তি। শৈশৱৰ বহু কথা, বহু ঘটনাৰ ৰহস্য যেন মুকলি হৈ গ’ল তাইৰ দুচকুৰ সমুখত। মাকে আকৌ ক’লে,

‘তোকো এটাই ক’ব খোজো, যিয়েই সিদ্ধান্ত নলৱ, নিজকে এবাৰ সুধি চাবি সম্পৰ্ক এটা ভঙাৰ আগেয়ে সেই সম্পৰ্কটো জীয়াই ৰখাৰ বাবে সকলোখিনি কৰিছনে! নিজৰ সন্মুখত থিয় দি ক’ব পাৰিবিনে, সেই সম্পৰ্কত আৰু একোৱে বাকী ৰোৱা নাই? যদি সেয়া অন্তৰেৰে বিশ্বাস কৰ, তেন্তে সেয়াই তোৰ উত্তৰ। যিয়ে সিদ্ধান্ত নলৱ মই সদায়ে তোৰ কাষত আছোঁ, তই জানই!’

মাকৰ মাতটো থোকাথোকি হৈ আহিল। তুলিকা মূক হৈ ৰ’ল। কিমানখিনি সাহসেৰে আৰু সততাৰে মাকে এইখিনি কথা ক’লে তাইৰ যেন সিৰাই সিৰাই সেয়া উপলব্ধি কৰিলে।

সিদিনা আবেলি তাই দৌৰিবলৈ ওলাই গ’ল। আৰ্ণ নৈৰ পাৰে পাৰে। ফাৰমানাৰ সতেজ বতাহ, নৈৰ দুয়োপাৰৰ সেউজীয়া, চৰাই-চিৰিকটিৰ কাকলিয়ে তাইৰ মনটো বহুখিনি শান্ত কৰিলে। ভৰিৰ চালনাৰ লগে লগে মন্ত্ৰ জপ কৰাৰ দৰে তাই মনৰ ভিতৰতে কৈ গ’ল, ‘মই সুখী হ’ব বিচাৰোঁ, সকলো হাহাঁকাৰ এৰি এটা শান্তিময় জীৱন বিচাৰোঁ।’ মিচেলে শিকোৱা কিটিপ সেয়া। যিমানেই জপ কৰিলে সিমানেই তাই নিজৰ ভৰি দুখন মাটিত পৰা যেন অনুভৱ কৰিলে। সেই মাটিৰে বহু তললৈকে দুয়োখন ভৰিতে শিপা গজি অহা যেন ভাৱ হ’ল। এই পৃথিৱীয়ে তাইক কেতিয়াও হামথুৰি নপৰাকৈ ধৰি থকা যেন ভাৱ হ’ল। যিমানেই দৌৰিলে সিমানেই এই পৃথিৱীৰ অপাৰ মমতাৰে তাইক শক্তি আৰু সাহস দিয়া যেন অনুভৱ কৰিলে। বতাহৰ হো-হোৱনি তীব্ৰ হ’ল। এজাক পাতলীয়া বৰষুণ নামিল। কিবা এক যাদুকৰী মায়াত বন্দী হৈ তুলিকাই দৌৰিয়ে থাকিল।

সন্ধিয়া লগাৰ পৰত ঘৰ পাই দেখে, দুৱাৰমুখত লিছা আৰু ফিয়না!

‘হাই তুলিকা! দৌৰিবলৈ গৈছিলা নেকি? গোটেইজনীচোন জুৰুলি-জুপুৰি! কেইবাবাৰো ফোন কৰিও তোমাক নাপাই আমি গুচিয়ে আহিলো!’

তুলিকাৰ ৰূপ দেখি সিহঁত দুয়ো কিজানি দুশ্চিন্তাতে পৰিল। ফোনটোও এপাৰ্টমেণ্টতে এৰি গ’ল। কথাটো উপলব্ধি কৰি তুলিকাই হাঁহি পেলালে।

লিছা আৰু ফিয়না আচৰিত হ’ল। কিন্তু দুয়ো একো নক’লে। যেন তুলিকাই যেনেকৈয়ে বিচাৰে তেনেকৈয়ে কোনো প্ৰশ্ন নকৰাকৈ তাইৰ কাষত থিয় দিবলৈ সিহঁত সাজু!

‘আহা, ভিতৰলৈ সোমাই আহা।’

দুয়োকে বহিবলৈ দি তুলিকাই লৰালৰিকৈ গা ধুলেগৈ। কাপোৰ-কানি সলাই মেলি আহি দেখে, দুয়ো মিলি খোৱা টেবুলত প্লেট সজাইছে।

‘তুমি ভালপোৱা আইৰিছ ষ্টিউ আনিছোঁ চোৱা। লগতে চ’ডা ব্ৰেড!’ লিছাই ক’লে।

দুয়োলৈকে মৰম লাগি গ’ল তুলিকাৰ। তিনিও খাবলৈ বহিল। অফিচৰ দুই এটা কথাৰেই সিহঁতে খোৱা সামৰিলে। ৰায়ানৰ কথা উলিয়াবলৈ যেন লিছা আৰু ফিয়না দুয়োৰে সংকোচ হ’ল। সেয়া বুজিয়ে খোৱাৰ শেষত তুলিকাই ক’লে,

‘তোমালোকে মাৰ্কক কথাবোৰ বুজাই ক’ব পাৰিবানে? মই এসপ্তাহৰ ছুটি বিচাৰি ইমেইল এটা কৰি থৈছোঁ।’

‘পাৰিম পাৰিম। সেইবোৰ তুমি চিন্তাই নকৰিবা।’

তুলিকাই হয়ভৰ দি লিভিং ৰুমৰ কাপবৰ্ডৰ পৰা চ্যুটকেছ এটা উলিয়াই আনিলে। তাইৰ পিছে পিছে গৈ লিছা আৰু ফিয়না শোৱকোঠাত বহিলগৈ। তুলিকাই নীৰৱে চ্যুটকেছত কাপোৰ ভৰাবলৈ আৰম্ভ কৰিলে।

লিছাই লাহেকৈ মাত দিলে, ‘কাইলৈ পুৱাই ওলাবা নেকি?’

‘অঁ’

‘ডেৰীলৈ?’ এইবাৰ ফিয়নাই সুধিলে।

‘নহয়, লণ্ডনলৈ!’

তুলিকাৰ দুচকুত ফুটি উঠা দৃঢ়তা আৰু সংকল্প সিহঁত দুয়ো ঠিকেই দেখিলে। সিহঁতৰ আশ্চৰ্য্যচকিত মুখ দুখখন তুলিকাই দেখিও নেদেখাৰ ভাও ধৰিলে।

পূৰ্বৰ খণ্ডসমূহ:


  • ফাৰমানা (প্ৰথম খণ্ড)
  • ফাৰমানা (দ্বিতীয় খণ্ড)
  • ফাৰমানা (তৃতীয় খণ্ড)
  • ফাৰমানা (চতুৰ্থ খণ্ড)
  • ফাৰমানা (পঞ্চম খণ্ড)
  • ফাৰমানা (ষষ্ঠ খণ্ড)
  • ফাৰমানা (সপ্তম খণ্ড)
  • ফাৰমানা (অষ্টম খণ্ড)
  • ফাৰমানা (নৱম খণ্ড)
  • ফাৰমানা (দশম খণ্ড)
  • ফাৰমানা (একাদশ খণ্ড)
  • ফাৰমানা (দ্বাদশ খণ্ড)
  • ফাৰমানা (ত্ৰয়োদশ খণ্ড)
  • ফাৰমানা (চতুৰ্দশ খণ্ড)
  • ফাৰমানা (পঞ্চদশ খণ্ড)
  • ফাৰমানা (ষষ্ঠদশ খণ্ড)
  • ফাৰমানা (সপ্তদশ খণ্ড)
  • ফাৰমানা (অষ্টদশ খণ্ড)
  • ফাৰমানা (উনবিংশ খণ্ড)
  • ফাৰমানা (বিংশ খণ্ড)
  • ফাৰমানা ( একবিংশ খণ্ড)
  • ফাৰমানা (দ্বাবিংশ অধ্যায়)
  • ফাৰমানা (ত্ৰয়োবিংশ অধ্যায়)
  • ফাৰমানা (চতুৰ্বিংশ অধ্যায়) 
  • ফাৰমানা (পঞ্চৰ্বিংশ অধ্যায়) 
  • ফাৰমানা (ষষ্ঠবিংশ অধ্যায়)

  • No comments:

    Post a Comment