Monday, 17 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (১)

জাপানৰ প্ৰথম আদৰণি: অত্যাধুনিক ৱাছ্লেট

সূৰ্য উঠা দেশ জাপানৰ নাৰিটা আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ। বহুদিনৰ হেঁপাহ আৰু জল্পনা-কল্পনাৰ অন্তত জাপানৰ মাটিত আমি ভৰি দিছোঁহি। আমি মানে পাৰ্টনাৰ কাইল আৰু মই। তেতিয়া জাপানৰ আকাশত মুঠি মুঠি ডাৱৰে আবেলিৰ বেলিটো ঢাকি থৈছে। জেটলেগ আৰু অৱসাদে আমাৰ দেহ-মনতো এই নতুন দেশত আহি পোৱাৰ উত্তেজনাখিনি  প্ৰকাশৰ সুযোগ দিয়া নাই।

'কাষ্টম্ছ‌ত শাৰী পতাৰ আগেয়ে ৱাছৰুমলৈ গৈ চকু-মুখ ধুই আহোঁ দিয়া- টোপনিৰ জাল কাটিব।' কাইলক ক'লোঁ।

সি মূৰ দুপিয়ালে। দুয়ো দুফালে ৱাছৰুমলৈ সোমাই গ'লোঁ। সোমায়ে এইবাৰ মোৰ টোপনিৰ জাল কাটিল। বহুদিনৰে পৰা শুনি আছিলোঁ কিন্তু আজি প্ৰথম জাপানৰ অত্যাধুনিক শৌচাগাৰ নিজ চকুৰে দেখা পালোঁ। পশ্চিমীয়া আৰ্হিৰ টয়লেট কিন্তু ম'শ্যন চেন্সৰ সংযুক্ত- গতিকে মই সোমোৱাৰ লগে লগে আসনখন নিজে দাং খালে। আসনৰ কাষতে এখন ব'ৰ্ডত বিভিন্ন ছৱি আৰু বিকল্পৰ তালিকা।নিজৰ পছন্দ অনুসৰি আসনখন উমাল কৰি ল'ব পাৰি। বা চুইছ টিপি পানীৰ স্প্ৰে আৰু ড্ৰায়াৰ ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰিব পাৰি। তাৰোপৰি প্ৰাইভেচি ম'ড অন কৰি গান বা পানীৰ নৈপথ্য শব্দ বজোৱাৰো ব্যৱস্থা আছে। গতিকে ৰাজহুৱা শৌচালয়তো কোনো অস্বস্তি নোপোৱাকৈ নিত্য নৈমিত্তিক কামফেৰা কৰাৰ সুবিধা। আনকি ৰাজহুৱা ঠাইত আনে ব্যৱহাৰ কৰাৰ পিছত টয়লেটৰ আসনখন পৰিষ্কাৰ কৰি লোৱাৰো নিৰ্দেশাৱলী দেখা পালোঁ।

জাপানিজ ৱাছলেটৰ বিভিন্ন বিকল্প

পিছত গম পালোঁ, এই অত্যাধুনিক শৌচাগাৰসমূহক প্ৰকৃততে ৱাছলেট বুলি কোৱা হয়। প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চুইজাৰলেণ্ডৰ চিকিৎসালয়সমূহত ব্যৱহাৰৰ বাবে এই ৱাছলেট সজা হৈছিল। ষাঠিৰ দশকত জাপানী শৌচাগাৰ কোম্পানী ট'ট' (Toto) আৰু লিক্সিল (Lixil)- এ এই আৰ্হি জাপানলৈ আমদানি কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত ইয়াৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি কোম্পানীসমূহে জাপানী গ্ৰাহকৰ বাবে সেই দেশতে এই শৌচাগাৰসমূহ প্ৰস্তুত কৰিবলৈ লয়। শেহতীয়া তথ্য অনুসৰি বৰ্তমান প্ৰায় ৮০% জাপানী ঘৰৰ শৌচালয় এই আৰ্হিৰ। 

জাপানৰ মাটিত ভৰি দিয়েই যেন তেওঁলোকৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু অত্যাধুনিকতাৰ এক প্ৰতিচ্ছৱি দেখা পালোঁ। এই দেশৰ জনজীৱন, কলা-কৃষ্টি আৰু সংস্কৃতিৰ সোৱাদ ল'বলৈ আমি দুয়ো এইবাৰ সঁচায়ে উদগ্ৰীৱ হৈ পৰিলোঁ।

নাৰিটা বিমানবন্দৰত পিকাচ্চু জেট বিমান

টকিঅ'ৰ উত্তাল এসন্ধ্যা

টকিঅ'খন চাবলৈ উত্তেজিত হৈ পৰিলেও বিমানবন্দৰৰ পৰা ওলাবলৈ আমাৰ সময় লাগিল।তাতে প্ৰথম ভেণ্ডিং মেচিনত  'ৱেলকাম ছুইকা (Welcome Suica)' কাৰ্ড কিনিলোঁ। এই কাৰ্ড আমাৰ ক্ৰেডিট কাৰ্ডৰ দৰে। জাপানলৈ ফুৰিবলৈ অহা বিদেশী পৰ্যটকৰ সুবিধাৰ বাবে এই কাৰ্ড প্ৰস্তুত কৰা হৈছে। কাৰ্ডখনত ৰিচাৰ্জ কৰি ল'লে বাছ-ট্ৰেইনৰ লগতে প্ৰায়বোৰ দোকানত একেখন কাৰ্ড ব্যৱহাৰ কৰিব পাৰি। আমি দুয়ো দুখন কাৰ্ড কিনি দহহাজাৰকৈ জাপনীজ য়েন ভৰাই ল'লোঁ। ১০০ জাপানীজ য়েন বৰ্তমান প্ৰায় ৫৭ টকাৰ সমান। কানাডিয়ান ডলাৰৰ হিচাপত প্ৰায় এক ডলাৰ। ইতিমধ্যে আমি যোগাযোগৰ বাবে অনলাইন ই-ছিমো কিনি লৈছোঁ। এই ছিমৰ বিভিন্ন পেকেজ অনলাইন ইনষ্টল কৰিব পাৰি। বিমানবন্দৰতে সেয়া সক্ৰিয় কৰি ল'লোঁ যাতে প্ৰয়োজন অনুসৰি সকলোতে ইণ্টাৰনেট পাওঁ। এই নতুন দেশত যে ইণ্টাৰনেটেই আমাৰ শেষ ভৰসা!

নাৰিটা বিমানবন্দৰৰ পৰা টকিঅ' মহানগৰীলৈ প্ৰায় দেৰঘণ্টা বাট। তালৈ যাবলৈ বিমানবন্দৰৰ পৰা বহুকেইখন ট্ৰেইন আছে যদিও নাৰিটা এক্সপ্ৰেছ পোনে পোনে টকিঅ' মহানগৰলৈ যায়। ট্ৰেইনৰ টিকেট লৈ মেলি প্লেটফৰ্মত থিয় দিওঁগৈ মানে পাঁচ বাজিল। প্লেটফৰ্মত ভাগে ভাগে ট্ৰেইনৰ প্ৰতিখন কাৰৰ নম্বৰ লিখা আছে। সেইমতে সকলো যাত্ৰীয়ে শৃংখলাবদ্ধভাৱে শাৰী পাতিলে। আমি সাত নম্বৰ কাৰৰ আসনত বহিলোঁগৈ। 

চৌদিশে ইতিমধ্যে অন্ধকাৰ নামিছে। গতিকে ট্ৰেইনৰ পৰা  ৰং-বিৰঙী লাইটৰ খেলাৰ বাহিৰে বিশেষ একো দেখা নাপালোঁ। এঘণ্টামানৰ পিছত নাৰিটা এক্সপ্ৰেছৰ ডিজিটেল স্ক্ৰীণত জাননী দিলে, ট্ৰেইনৰ প্ৰথম ছখন কাৰ টকিঅ' ষ্টেচনত ৰৈ গৈছে। আমি বহা সাত নম্বৰ কাৰখন গন্তব্যস্থান চিবুয়ালৈ ৰাওনা হ'ল। চিবুয়া টকিঅ'ৰ ২৩ টা ৱাৰ্ডৰ এটা ৱাৰ্ড। লগতে মহানগৰীৰ আটাইতকৈ ব্যস্ত কেন্দ্ৰীয় অঞ্চলসমুহৰ এটা। আমাৰ হোটেল চিবুয়াত লোৱাৰো কাৰণ সেয়ে। মহানগৰীৰ মাজমজিয়াৰ পৰা সকলো ঠাই চোৱাৰ সুবিধা হ'ব, এই আশা।

চিবুয়া ষ্টেচনত নামোঁগৈ মানে সন্ধিয়া সাত বাজিবৰ হৈছে। ইতিমধ্যে এজাক ডবালপিটা বৰষুণ আৰম্ভ হৈছে। বাহিৰ ওলায়ে খেয়াল হ'ল, আজি অক্টোবৰৰ ৩১ তাৰিখ। হাল'ৱিনৰ দিন। আগেয়ে জানিছিলোঁ, জাপানত এই পশ্চিমীয়া উৎসৱে অন্য এক ৰূপ পাইছে। চিবুয়া অঞ্চলতে তাৰ প্ৰভাৱ আটাইতকৈ বেছি। গতিকে আজিৰ দিনটোত ভিৰ-ভাৰ বেছি হ'ব বুলি সাজু হৈ আহিছোঁ। কিন্তু চিবুয়াৰ সেই ৰূপৰ বাবে যেন আমি অকণোৱে প্ৰস্তুত নাছিলোঁ! ষ্টেচনৰ পৰা ওলায়ে বিৰ দি বাট নোপোৱা অৱস্থা। হাল'ৱিনৰ নানা বেশ-ভূষাৰে জাপানৰ দেশী-বিদেশী সকলো মানুহ ওলাই আহিছে। ডবালপিটা বৰষুণ নেওচি মানুহৰ এখন সাগৰ সৃষ্টি হৈছে। বহু ঠাইত পুলিচৰ বেৰিকেড- মাইকত অহৰহ ঘোষণা কৰি মানুহৰ ভিৰ চম্ভালাৰ চেষ্টা। আমাৰ দূৰ্গাপূজাত মানুহৰ ঠেলাতে গৈ থকাৰ দৰে আমি দুয়ো আগবাঢ়িব লগাত পৰিলোঁ।এনে ভিৰত মই অভ্যস্ত-  কানাডাত ডাঙৰ হোৱা কাইলৰ বাবে মানুহৰ এনে সমাগম অভূতপূৰ্ব। 

'টেক্সি ল'লেই ভাল হ'ব নেকি?' বিব্ৰত ভাৱ এটাৰে কাইলে মোক ক'লে।

'এই ভিৰত টেক্সিনো কেনি আহিব? খোজেৰেই ভিৰ ফালি ওলাব লাগিব বুজিছা।'

দুয়ো মানুহৰ ভিৰত এৰা-এৰি নহ'বলৈকে একেটা ছাতিৰ তলত সোমাই পৰিলোঁ। আমাৰ হোটেল মানুহৰ সোঁতৰ বিপৰীতদিশে। ষ্টেচনৰ পৰা খোজেৰে মাথোঁ দহমিনিটৰ বাট।পিছে প্ৰথমবাৰ মানুহৰ ঠেলা-হেঁচাত গৈ ষ্টেচনতহে সোমাই পৰিলোঁ।  সোঁতৰ বিপৰীতে যোৱাৰ একো  উপাই নাপাই ঠিক কৰিলোঁ, প্ৰথম লক্ষ্য মানুহৰ ভিৰৰ পৰা ওলোৱা। তাৰপিছতহে হোটেলৰ ঠিকনা ওলোৱাৰ চেষ্টা কৰা ভাল হ'ব। 

কোনোমতে মানুহৰ ভিৰ আৰু বৰষুণ নেওচি আকৌ ওলাই আহিলোঁ। ষ্টেচনৰ পৰা যিমানে আগলৈ খোজ দিলোঁ, মানুহৰ ভিৰ সিমানে কমিবলৈ আৰম্ভ কৰিলে। তথাপি হোটেল পাবলৈ দহমিনিটৰ ঠাইত আধাঘণ্টা লাগিল। দুয়ো তেতিয়ালৈ বৰষুণত জুৰুলি-জুপুৰি। ভাগ্যক্ৰমে জাপানৰ বাছ আৰু ট্ৰেইনত ঘুৰিবলৈ অসুবিধা হ'ব বুলিয়ে বয়-বস্তু পাতলীয়াকৈ আনিছোঁ। গতিকে কেৰি অন চ্যুটকেছ আৰু পিঠিত লোৱা বেগ দুটা কঢ়িওৱাত কষ্ট নহ'ল, কিন্তু সকলোবোৰ বৰষুণত বাৰুকৈয়ে তিতিল। 

হোটেলৰ কোঠা পাওঁগৈ মানে দুয়ো ভোকত অস্থিৰ। হোটেলৰ লবীতে তিনিখনকৈ ৰেষ্টোৰা। কিন্তু তিনিওখনতে হেমবাৰ্গাৰ, পাষ্টা আদি পশ্চিমীয়া খাদ্য। পিছে মোৰ দৃঢ সিদ্ধান্ত,

'জাপানৰ এই প্ৰথম নিশা কোনো কাৰণতে পশ্চিমীয়া খাদ্য নাখাওঁ! এই যাত্ৰাৰ আৰম্ভণি খাঁটি জাপানিজ খাদ্যৰেহে কৰিম।'

কাইল মান্তি হ'ল। গুগল মেপত দুইমিনিটৰ বাটতে এখন ছুছি ৰেস্তোৰাঁ দেখা পাই দুয়ো পুনৰ বৰষুণ নেওচি ওলাই গ'লোঁ। পিছে তাত গ্ৰাহকৰ দীঘলীয়া লানি। উপায়ন্তৰ হৈ তাতে আধাঘণ্টামান বাট চাই অৱশেষত এখন টেবুল পালোঁ। জাপানৰ প্ৰথম নিশা মনৰ হেঁপাহেৰে ছুছি আৰু ল'বষ্টাৰ চুপেৰে এসাজ খালোঁ।

টকিঅ'ত নিশাৰ প্ৰথম সাজ

'আমি সঁচাই আজি জাপানত, নহয়?'  অবিশ্বাসৰ সুৰেৰে মই ক'লোঁ।

'এতিয়াও বিশ্বাস হোৱা নাই?' কাইলে হাঁহি পেলালে।

'কাইলৈ বাহিৰ ওলাই টকিঅ' দেখিলেহে এয়া দিঠক যেন লাগিব কিজানি।'

'আজিৰ দৰে বৰষুণ নিদিলেই হ'ল আৰু!'

মেইজি তীৰ্থভূমিত অসমীয়া

পিছদিনা পুৱা সঁচাই ৰ'দৰ উজ্বল ৰেঙনিয়ে আমাক টকিঅ'লৈ আদৰিলে। প্ৰথমেই ওলালোঁ চিবুয়াৰ মেইজি তীৰ্থভুমিলৈ। হোটেলৰ পৰা ওলায়ে উত্তৰদিশে য়'য়গি অলিম্পিক ষ্টেডিয়াম। সেই বিশাল ষ্টেডিয়ামৰ কাষেৰে পদপথেৰে খোজ দিলোঁ। যোৱা নিশাৰ ঠাণ্ডা নাই- কিন্তু সেমেকা ভাৱটো এতিয়াও আছে। টকিঅ'ৰ মূল পথবোৰত ইতিমধ্যে ব্যস্ততা আৰম্ভ হৈছে। কিন্তু তাৰপৰা মেইজি তীৰ্থভূমিলৈ সোমোৱাৰ লগে লগে অন্য এক পৃথিৱীত ভৰি দিয়া যেন ভৱ হ'ল।

মেইজি তীৰ্থভূমিত কাইল আৰু মই

টকিঅ'ৰ কংক্ৰিটৰ মাজত এক বিশাল এলেকা জুৰি এখন সেউজীয়া অৰণ্য। আধুনিক জাপানৰ প্ৰথম সম্ৰাট মেইজি (Emperor Meiji) আৰু সম্ৰাজ্ঞী শ্ব'কান (Empress Shoken) ৰ উৎসৰ্গিত এই তীৰ্থভূমি। ষ্টেডিয়ামটো পাৰ হৈয়েই বাওঁহাতে বিশাল ট'ৰী তোৰণখন দেখা পালোঁ। জাপানৰ সকলো শ্বিণ্টো মন্দিৰতে এই পৰম্পৰাগত  ট'ৰী প্ৰৱেশদ্বাৰে মানুহক আদৰণি জনায়। জাপানীজ সকলৰ বিশ্বাস এই প্ৰৱেশদ্বাৰেই পাৰ্থিৱ আৰু পৱিত্ৰ ঠাইৰ মাজৰ দুৱাৰ। মেইজিৰ প্ৰৱেশদ্বাৰৰ দুয়োকাষে আকাশ চুব খোজা কেম্ফৰ আৰু অ'ক গছৰ শাৰী।


মেইজি তীৰ্থভূমিৰ ট'ৰী প্ৰৱেশদ্বাৰ

ব্যস্ত চহৰখনৰ দৃশ্য আৰু শব্দৰ ঠাইত এখন সেউজীয়া অৰণ্যৰ মায়াই আৱৰি পেলালে আমাক। গম পালোঁ, মেইজি জিংগুৰ এই মন্দিৰ নিৰ্মাণৰ সময়ত সমগ্ৰ দেশৰ বিভিন্ন অঞ্চলৰ পৰা দান কৰা প্ৰায় এক লাখ গছ ৰোপণ কৰা হৈছিল। বাটৰ একাষে জাপানত বহু প্ৰচলিত চাউলৰ মদ চাকেৰ বেৰেল এখিনিও সজাই থোৱা হৈছে।  সিদিনা সাংস্কৃতিক দিৱস উপলক্ষে পৰম্পৰাগত অনুষ্ঠান কিছুমানো চলি আছিল। গতিকে তীৰ্থভূমিৰ মঞ্চত শ্বিণ্ট' পূৰোহিতৰ কিছু অনুষ্ঠান চোৱাৰো সৌভাগ্য হ'ল।

তীৰ্থভূমিৰ মঞ্চত অনুষ্ঠান

মেইজিৰ মূল মন্দিৰত প্ৰাৰ্থনা কৰি আহি দেখিলোঁ তাতে ভটিভ টেবলেটৰ ব্যৱস্থাও আছে। এইবোৰক এমা (ema) বুলি কোৱা হয়। কাঠৰ এই ইচ্ছাপত্ৰবোৰত দৰ্শনাৰ্থীয়ে নিজৰ ইচ্ছা বা প্ৰাৰ্থনা লিখি আঁৰি দিছে। এই এমা জাপানীসকলৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ।  দেখিলোঁ বহুতে, নিজৰ পৰিয়াল, আপোন মানুহৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে। কোনোবাই পেলেষ্টাইনৰ হিংসাৰ অন্ত পৰিবলৈ আনকি বিশ্বত শান্তিৰ বাবেও প্ৰাৰ্থনা কৰিছে। 

সেয়া দেখি মোৰো অসমৰ বাবে অসমীয়াতে কিবা এটা লিখিবলৈ মন গ'ল। মনত পৰিল, বহুবছৰ আগতে ইংলেণ্ডৰ ঘৰত মই ওলমাই ৰখা আনন্দৰাম ঢেকীয়াল ফুকনৰ কথাষাৰি। ৱিকিউৎসত বিচাৰি লৈ তাকে মোৰ ভ'টিভ টেবলেটত লিখি পেলালোঁ-

'হে কৃপাময় জগদীশ্বৰ, এই অসম দেশৰ লোকসকলক সভ্য, গিয়ানী আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া আৰু তোমাৰ বিচিত্ৰ শক্তিৰে সিবিলাকক সভ্য কৰা। …যি সময়ত অসম হাবি গুচি ফুলবাৰী হ’ব, ঘৰ বাঁহৰ গুচি শিল-ইটাৰ হ’ব, গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালি হ’ব, গিয়ানৰ সভা, চিকিৎসালয়, দুখীয়া-দৰিদ্ৰ পৰিত্ৰাণৰ আলয় হ’ব আৰু যি কালত লোকসকলে পৰস্পৰে হিংসা-হিংসি নকৰি আটাইকে ভ্ৰাতৃবৎ চেনেহ কৰিব, … সেই সময়, হে পৰমপিতা জগদীশ্বৰ, শীঘ্ৰে ঘটোৱা।'

কথাখিনি বিচাৰি লৈ লিখিবলৈ মোৰ সময় লাগিল। কাইলে বনছাই প্ৰদৰ্শনীখন চাই উভতি আহি মোক সুধিলে,

'কি লিখিছা সেয়া?'

অন্য বহুতো দৰ্শনাৰ্থীৰ সৈতে একেলগে ভ'টিভ টেবলেটটো ওলমাই দি মই গৌৰৱেৰে ক'লোঁ, 'বহুবছৰৰ আগতে এগৰাকী আদৰ্শ অসমীয়াই অসমৰ বাবে কৰা এটা প্ৰাৰ্থনা।জাপানৰ এই তীৰ্থভূমিত অসমীয়াৰ চিন এটা!'

মেইজি তীৰ্থভূমিত মোৰ প্ৰাৰ্থনা

No comments:

Post a Comment