Saturday, 22 November 2025

সূৰ্যোদয়ৰ দেশ জাপানত (২)

টকিঅ' মহানগৰীৰ আকাশী ৰূপ

জাপানৰ টকিঅ' মহানগৰীত প্ৰথম দিন। টকিঅ'ৰ নীলিম আকাশত মুঠি মুঠি ডাৱৰৰ লুকা-ভাকু খেলা চলিছে। কিন্তু আৰ্দ্ৰতা বেছি হোৱাৰ কাৰণেই কিজানি আজি যোৱা নিশাৰ দৰে ঠাণ্ডা পৰা নাই। পাতলীয়া জেকেট এটা পিন্ধিয়ে আবেলি দুইমান বজাত শ্বিবুয়া স্কাইলৈ বুলি ওলালোঁ। ব্যস্ত ৰাজপথৰ পদপথেৰে কাইল আৰু মই খোজ দিলোঁ। 

বাটৰ দুয়োকাষে শাৰী শাৰী গছ। শৰতৰ ৰং লাগি কিছুমান হালধীয়া হৈছে। প্ৰায়বোৰ এতিয়াও সেউজীয়া। এইবিধ টকিঅ'ৰ চৰকাৰী গছ বা ট্ৰী অব টকিঅ'- গিংক'। 

টকিঅ' মহানগৰীত গিংক' গছৰ শাৰী

'জানানে, এইবিধ গিংক'ৱেলিছ বৰ্গটোৰ একমাত্ৰ জীৱিত প্ৰজাতি। বহুহাজাৰ বছৰ পুৰণি প্ৰজাতি এইটো। এই পৰিয়ালৰ অন্য সকলো উদ্ভিদ এতিয়া জীৱাশ্ম ৰূপতহে পোৱা যায়। গিংক' এবিধ জীৱিত জীৱাশ্ম!'  হালি পৰা ডাল এটাৰ ত্ৰিভুজাকাৰ পাতখিলা চুই মই কাইলক ক'লোঁ। 

আচলতে গিংক' গছ দেখা পালেই মই এই কথাটো সকলোকে বৰ উৎসাহেৰে কওঁ। এইবাবে গিংক' দেখা পালেই মই উত্তেজিত হৈ পৰোঁ। ভাৱ হয়, হাজাৰ হাজাৰ বছৰ ধৰি এই গছজোপাই কিমান কি যে দেখিছে-শুনিছে; কত ইতিহাস ইয়াৰ বুকুত কিজানি সাঁচি ৰাখিছে!

কাইলে পাতখিলা চুই চালে। ত্ৰিভুজৰ দৰে পাতখিলাৰ দাঁতিৰ ঢৌবোৰ লাহেকৈ মোহাৰি দিলে। তাৰপিছত মূৰ দাঙি গোটেই গছজোপা তলৰ পৰা ওপৰলৈ চাই লৈ ক'লে,

'এইবিধ মই সদায় খোৱা গিংক' বিল'বা নেকি?'

কাইল পেছাগতভাৱে ইঞ্জিনিয়াৰ। জোখ-মাখ আৰু যন্ত্ৰৰ পৃথিৱীখনত সি অভ্যস্ত। প্ৰকৃতি-চৰাই-চিৰিকটি বা গছ-গছনিৰ বিষয়ে মইহে অনৰ্গল কৈ থাকোঁ। সেয়ে কাইলৰ মুখত গছজোপাৰ বৈজ্ঞানিক নাম শুনি প্ৰায় আচৰিতেই হ'লোঁ। মোৰ প্ৰশ্নবোধক মুখখন দেখি সি অলপ গৌৰৱ আৰু অলপ হাঁহিৰে ক'লে,

টকিঅ'ত গ' কাৰ্ট
'আজি বহুবছৰ ধৰি মই গিংক' বিল'বা চাপ্লিমেণ্ট খাই আহিছোঁ। মগজুৰ ক্ষমতা আৰু স্মৃতিশক্তি বঢ়োৱাৰ কাৰণে। কানাডাত খুবেই জনপ্ৰিয়! পিছে সেই চাপ্লিমেণ্ট ক'ৰপৰানো আহিছে আজিহে দেখিলোঁ।'

দুয়ো হাঁহি পেলালোঁ- এই আধুনিক পৃথিৱীত প্ৰকৃতিৰ সৈতে আমাৰ সংযোগবোৰৰ স্বৰূপ যেন কেনে ভিন্ন হৈ পৰিছে! এনেতে আমাৰ কাষত তিনিখন গ' কাৰ্ট ৰৈ গ'লহি। টকিঅ' মহানগৰীত গ' কাৰ্ট চলোৱাটো হেনো পৰ্য্যটকৰ মাজত খুবেই জনপ্ৰিয়। আৰোহী কেইজনৰ স্ফূৰ্তি আৰু উত্তেজনা দেখি আমাৰো তাৰ সোৱাদ ল'বলৈ মন গ'ল। কিন্তু সময়ৰ অভাৱৰ বাবে সেই ইচ্ছা বাদ দিলোঁ।

দহমিনিটমান খোজ কাঢ়ি শ্বিবুয়া স্কাইৰ অট্টালিকাটো দেখা পালোঁ।সেই স্ক্ৰেম্বল টাৱাৰৰ ৪৭ নং মহলাত অৱস্থিত এটা পৰ্যবেক্ষণ ডেক শ্বিবুয়া স্কাই। ২২৯ মিটাৰ ওখ এই আকাশচুম্বী ছাঁদৰ পৰা টকিঅ' মহানগৰীৰ পেনোৰামিক দৃশ্য দেখা যায়। সেইবাবেই পৰ্য্যটকৰ মাজত এই স্কাইৰ জনপ্ৰিয়তা সাংঘাতিক। বিশেষকৈ শ্বিবুয়া স্কাইৰ পৰা সূৰ্যাস্তৰ সময়ত টিকেট পাবলৈকে টান। ইমানেই টান যে আমি এমাহৰ আগতেই টিকেট মুকলি কৰাৰ দিনা খাপ পিটি থাকিব লগা হৈছিল। কাৰণ অনলাইন মুকলি কৰাৰ প্ৰথম পাঁচমিনিটৰ ভিতৰতে সকলো টিকেট বিক্ৰী হৈ যায়। সেইদিনা কাইল আৰু মই দুয়ো দুটা লেপটপত জোপ লৈ থাকি কোনোমতেহে আজিৰ বাবে টিকেট পালোঁ।

মানুহৰ ভিৰৰ মাজেৰে আগবাঢ়ি গৈ লিফটেৰে চৈধ্য নম্বৰ মহলাত থকা স্কাইগেইট পালোঁগৈ। তাত এফালে টিকেট লৈ মানুহৰ দীঘলীয়া শাৰী। আনফালে লকাৰ আৰু স্মৰণিকা অৰ্থাৎ চ'ভেনিয়াৰৰ দোকান-পোহাৰ। শাৰীত থিয় দি গৈ আমাৰ টিকেট দুটা দেখুৱাই কাইলে ক'লে,

শ্বিবুয়া স্কাইৰ লিফটত

'ক'নিচুৱা (হেল্ল')!'

'কনিচুৱা!' তেনেই কমবয়সীয়া যেন লগা কৰ্মচাৰী ডেকাজনে বহল হাঁহি এটাৰে লকাৰৰ ফালে দেখুৱালে। আকাৰে-ইংগিতেৰে বুজালে, ফোনৰ বাহিৰে পিঠিৰ বা হাতৰ বেগ বা স্কাৰ্ফ একোকে ওপৰলৈ নিবলৈ দিয়া নহয়। 

মই আগেয়ে ভবাতকৈ কম লোকে ইয়াত ইংৰাজী কয় বা বুজে। জাপানী এনিমে'ৰ অনুৰাগী কাইল কিছুমান সততে ব্যৱহৃত জাপানী শব্দৰ সৈতে পৰিচিত। মইহে নতুনকৈ যিমান পাৰোঁ জাপানী শব্দ শিকাৰ চেষ্টা কৰি আছোঁ। সকলো বয়-বস্তু লকাৰত থৈ দ্বিতীয়টো লিফটলৈ আগবাঢ়োঁতে এইবাৰ মই ক'লোঁ, 'আৰিগাট' (ধন্যবাদ!)'

'আৰিগাট' গজাইমাছ' -দ্বিতীয়জন কৰ্মচাৰীয়ে হাঁহিমুখেৰে ক'লে আৰু সন্মুখলৈ হালি মূৰ দোঁৱালে। 

মই কাইলৰ মুখলৈ চালোঁ। 'তেওঁ বহুত ধন্যবাদ দিছে'- সি হাঁহি হাঁহি ক'লে। পিছৰ কেইদিনত মন কৰিলোঁ, জাপানী লোকসকল ইমানেই নম্ৰ যে কোনেও কেৱল ধন্যবাদ নজনায়! প্ৰায় সকলোৱে পোনেই 'বহুত ধন্যবাদ' বুলিহে কয়। লগতে মূৰ দোঁৱাই সন্মান জনায়। পিছলৈ আমি দুয়ো সকলোকে সেইদৰে মূৰ দোঁৱাবলৈ ল'লোঁ। যেনে দেশ তেনে ভেশ! যেন জাপানী নম্ৰতাই পৰ্য্যটককো নম্ৰ আৰু মাৰ্জিত হ'বলৈ সোঁৱৰাই দিয়ে।

দ্বিতীয়টো লিফটত উঠাৰ লগে লগে চৌদিশে অন্ধকাৰ হৈ চিলিঙৰ স্ক্ৰীণত ত্ৰিমাত্ৰিক ডিছপ্লে' আৰম্ভ হ'ল।সেই মন্ত্ৰমুগ্ধকৰ এনিমেচন চাই চায়ে আমি ৪৫ নং মহলা পালোঁগৈ। তাৰ পৰা এখন ঠেক এস্কেলেটৰেৰে অট্টালিকাৰ ছাঁদলৈ গ'ল। চৌদিশে কাঁচৰ বেঁৰা- মাজত বিশাল আকাশী মঞ্চ আৰু কৃত্ৰিম ঘাঁহৰ সেউজীয়া হেলিপেড। তাতে আৰামদায়ক চকীত পৰি কোনোবাই আকাশ চাইছে, কোনোবাই ছাঁদৰ কোণ একোটালৈ গৈ ফটোৰ বাবে প'জ দিছে, কোনোবাই ওপৰ মূৰ কৰি আকাশত ডাৱৰৰ খেলা উপভোগ কৰিছে। 


শ্বিবুয়া স্কাইৰ পৰা দেখা পোৱা টকিঅ' মহানগৰীৰ একাংশ

তেতিয়াও সূৰ্যাস্তলৈ সময় আছিল। গতিকে অন্য পৰ্য্যটকৰ লগতে আমি ছাঁদৰ প্ৰতিটো কোণৰ পৰা টকিঅ' মহানগৰীৰ ৰূপ উপভোগ কৰিলোঁ। দেখা পালোঁ, টকিঅ' মহানগৰীৰ ওখ-চাপৰ অট্টালিকা, টকিঅ’ স্কাইট্ৰি, আগেয়ে গৈ অহা মেইজি তীৰ্থভূমিৰ সেউজীয়া, আৰু শ্বিবুয়া স্ক্ৰেম্ব'ল ক্ৰছিঙত মানুহৰ সোঁত। জীৱন্ত প'ষ্টকাৰ্ডৰ দৰে অপৰূপ এক ৩৬০° পেনোৰামিক দৃশ্য। 

সূৰ্যাস্তৰ টকিঅ'

এটা সময়ত আমিও শ্বিবুয়া স্কাইৰ একোণত বহিলোঁগৈ। তাৰপৰা মোৰ প্ৰিয় দৃশ্য হৈ পৰা টকিঅ'ৰ অংশটো চাই ৰ'লোঁ। সেয়া হৈছে- কংক্ৰিটৰ মাজত জিলিকি ৰোৱা মেইজি তীৰ্থভূমিৰ আকাশচুম্বী বিস্তীৰ্ণ সেউজীয়া। মহানাগৰিক জীৱনৰ হৈ চৈৰ মাজত তেনে এক দেহ মন নিজাৰ পৰা আলমৰ যে বহু প্ৰয়োজন- মানুহৰ লগতে প্ৰকৃতিৰ প্ৰতিটো অংশৰ বাবে!

লাহে লাহে পশ্চিমৰ আকাশখন সোণালী হ'বলৈ আৰম্ভ কৰিলে। মানুহবোৰ সেইদিশে থোপ খালেগৈ। সোণালী আভাই এক যাদুকৰী তুলিকাৰে যেন কংক্ৰিটৰ অট্টালিকা, গছ-বন, বাট-পথ সকলোতে স্পৰ্শ কৰি গ'ল। আমি চাই থাকোঁতেই সমগ্ৰ মহানগৰ ৰং-বিৰঙী লাইটেৰে উদ্ভাসিত হৈ পৰিল। বিমুগ্ধ ৰূপেৰে সেই সকলো উপভোগ কৰি আমি উভতিলোঁ। 

এইবাৰৰ লক্ষ্য এই মহানগৰীৰ নৈশ ৰূপ উপভোগ কৰা। 


শ্বিবুয়া স্কাইত কাইল আৰু মই

স্ক্ৰেম্ব'ল ক্ৰছিঙৰ চমক

শ্বিবুয়া স্কাইৰ লগতে লাগি আছে স্ক্ৰেম্ব'ল ক্ৰছিং। এই ক্ৰছিং টকিঅ'ৰ আটাইতকৈ ব্যস্ত আৰু বিখ্যাত আকৰ্ষণবোৰৰ এটা। এই চাৰিআলিত চিহ্নিত কৰি থোৱা বগা চিনেৰে পদচাৰীয়ে যিকোনো দিশত বাট পাৰ হ'ব পাৰে। আমি দুয়ো আহি তাত থিয় দিওঁহি মানে সন্ধিয়া লাগি ভাঙিছে। মানুহৰ ভিৰ বাঢ়ি আহিছে। চৌদিশৰ ৰং বিৰঙী নিয়ন লাইট আৰু হৰেক ৰকমৰ বিশালকায় ডিজিটেল স্ক্ৰীণে চকু চাৎ মাৰি ধৰিছে। চৌদিশে অলেখ-অসংখ্য মানুহ।

ট্ৰেফিক সংকেত সেউজীয়া হোৱাৰ লগে লগে চাৰিওদিশৰ পৰা শ শ মানুহে চাৰিআলিটো পাৰ হ'বলৈ আৰম্ভ কৰিলে। মানুহৰ সাগৰত উটি-ভাঁহি যোৱা যেন ভাৱ হ'ল আমাৰ। আচৰিত হ'লোঁ, ইমান ভিৰ আৰু হৈ চৈৰ মাজতো কেনেকৈ ইমানবোৰ মানুহ মুখামুখিকৈ খোজ দি পাৰ হৈ গ'ল।যেন এক নিয়ন্ত্ৰিত বিশৃংখলতা! বাটৰ সিপাৰ পাই সিপাৰ পাই কাইলে ক'লে, এই ঠাইখন বৰ চিনাকি চিনাকি লগা নাইনে?'

মোৰো তেনে এটা ভাৱ হৈ আছিলেই। এতিয়া কাইলৰ কথা শুনি আকৌ এবাৰ চাৰিওফালে চালোঁ। মই কিবা ক'বলৈ পোৱাৰ আগতে সি কৈ উঠিল, 'যোৱা নিশা আমি এইফালেদিয়ে হোটেললৈ গৈছিলোঁ!'

মোৰো তেতিয়াহে খেয়াল হ'ল, ষ্টেচনৰ পৰা ওলাই মানুহৰ সোঁতত পৰি আমি অজ্ঞাতে এই ক্ৰছিঙেই পাইছিলোঁহি। জাপানত ভৰি দিয়েই যোৱা নিশা তেনে আমাক স্ক্ৰেম্ব'ল ক্ৰছিঙেই চমক খুৱালে!

শ্বিবুয়াৰ স্ক্ৰেম্ব'ল ক্ৰছিং পাৰ হোৱাৰ দৃশ্য

হাচিকো নামৰ কুকুৰটো 

শ্বিবুয়াৰ স্ক্ৰেম্ব'ল ক্ৰছিঙৰ ওচৰতে মানুহৰ অন্য এটা দীঘলীয়া শাৰী দেখি আমি সেইদিশে আগবাঢ়ি গ'লোঁ। এটা সৰু কুকুৰৰ ব্ৰ'ঞ্জৰ প্ৰতিমূৰ্ত্তি। গম পালোঁ, সেয়া শ্বিবুয়াৰ জনপ্ৰিয় কুকুৰ হাচিকোৰ প্ৰতিমূৰ্ত্তি। এই হাচিকো নামৰ কুকুৰটো এক জনপ্ৰিয় কিংবদন্তী হৈ পৰাৰ কাহিনীও জানিবলৈ পালোঁ।

হাচিকোৰ প্ৰতিমূৰ্ত্তিত ফটোৰ বাবে মানুহৰ লানি

টকিঅ'ত দেখা পোৱা আকিতা জাতিৰ কুকুৰ এটা
হাচিকো আকিতা জাতিৰ কুকুৰ। উনৈছৰ দশকত অধ্যাপক উৱেন'ৰ বৰ মৰমৰ কুকুৰ আছিল হাচিকো। প্ৰতিদিনে হাচিকোই উৱেনক শ্বিবুয়া ষ্টেচনলৈ আগবঢ়াই দিয়ে। তাৰপিছত তেওঁ কৰ্মস্থলীৰ পৰা উভতি অহালৈকে তাতে বাট চাই ৰয়। দুৰ্ভাগ্যক্ৰমে এদিন উৱেন' উভতি নাহিল। কৰ্মস্থলীতে তেওঁৰ আকস্মিকভাৱে মৃত্যু হ'ল। প্ৰভুভক্ত হাচিকো তাতে ৰৈ থাকিল- এদিন, দুদিন নহয় পিছৰ ন বছৰলৈকে
প্ৰতিদিনে নিজৰ মালিকৰ বাবে ষ্টেচনত অপেক্ষা কৰি ৰ'ল। তেতিয়াৰ পৰা হাচিকো দেশজুৰি চিৰস্থায়ী আনুগত্য আৰু বিশ্বাসৰ প্ৰতীক হৈ পৰিল।

টকিঅ'ত মদাহীৰ গলি

সেই নিশা খাদ্যৰ সন্ধানত আমি শ্বিবুয়াৰ প্ৰখ্যাত ড্ৰাংকাৰ্ড'ছ এলী বা মদাহীৰ গলিত ভৰি দিলোঁগৈ। স্থানীয় ভাষাত এই ঠাইৰ নাম ননবেই যোকোচোক (Nonbei Yokocho)। শ্বিবুয়া ক্ৰছিঙৰ পৰা মাত্ৰ কেইখোজমান দূৰৈত থকা ঠেক গলিটো বিভিন্ন সাজ-সজ্জা আৰু লাইটেৰে আটকধুনীয়া। তাতে শাৰী শাৰী সৰু ইজাকায়া বা পৰম্পৰাগত জাপানী পাব। প্ৰতিখনৰ সন্মুখত কেইখনমান টেবুল আৰু চকী। পঞ্চাছৰ দশকৰ পৰাই এই ঠাইখন খাদ্য আৰু পানীয়ৰ বাবে জনাজাত হৈ আহিছে। সেই সন্ধিয়াও সমগ্ৰ ঠাইখন মানুহেৰে গিজগিজাই আছে।

মদাহীৰ গলিত আমি

আমি গৈ এখন ইজাকায়াৰ খালী টেবুলত বহিলোঁগৈ। ৱেইটাৰে বেগ থ'বলৈ দুটা বাস্কেট আৰু দুখন মেন্যু আগবঢ়াই দিলে। খাদ্যৰ নাম সকলো জাপানী ভাষাত। দুই এখন ফটো আছে যদিও একোৱে আমাৰ পৰিচিত খাদ্য নহয়। 

'গুগল ট্ৰেন্সলেটৰত চোৱাচোন!' কাইলে ক'লে। 

কথামতেই কাম। গুগল ট্ৰেন্সলেটৰত ফটো তুলি অনুবাদৰ বাবে টিপাৰ লগে লগে পৃষ্ঠাটো ইংৰাজীত দেখুৱালে। আমি দুয়ো সকাহ পালোঁ। দীঘলীয়া তলিকাৰ পৰা চাই মেলি অমু ৰাইচ বা অমলেট ভাত আৰু জাপানী বীয়েৰ ল'লোঁ। অমুৰাইচ জাপানৰ এক জনপ্ৰিয় কমফৰ্ট খাদ্য। কুকুৰা মাংস আৰু বিভিন্ন পাচলি মিহলাই ভজা ভাতৰ ওপৰত পাতল অমলেট দি বিলাহীৰ চচ বাকি দিলে। দেখাত সাধাৰণ যেন লগা সেই খাদ্যৰ অপূৰ্ব সোৱাদ পাই আমি প্ৰায় বিস্মিতই হ'লোঁ।

জাপানৰ অমু ৰাইচ
সেইনিশা খোজেৰে উভতাৰ পৰত বাটৰ একাষে এখন বিশাল হৰ্ডিং দেখি মই থমকি ৰ'লোঁ। সাতগৰাকী কিশোৰৰ বেণ্ড যেন লগা ভংগীমা। হৰ্ডিঙতকৈ সেই হৰ্ডিঙৰ ফটো লৈ থকা মানুহেহে মোক কৌতুহলী কৰিলে। ময়ো কেমেৰা টোৱালোঁ- যেন জনাই নজনাই সকলো স্মৃতিত ধৰি ৰখাৰ এক উদ্বাউল চেষ্টা!

'আপোনালোকে সেয়া কিহৰ ফটো লৈছে বাৰু?' ইংৰাজীত প্ৰশ্নটো শুনি ঘুৰি চালোঁ। হাতত কেমেৰা লৈ এগৰাকী শ্বেতাংগ যুৱক। পিঠিত বেগ আৰু মুখত হাজাৰ উৎসাহ থুপ খাই থকা আমাৰ দৰেই এগৰাকী পৰ্য্যটক! বুজিলোঁ হৰ্ডিঙৰ ফটো লোৱা মানুহবোৰ দেখি তেওঁ নিজেও কৌতুহলী হৈ পৰিছে।

'সেই হৰ্ডিংখনৰ।' মই অলপ অসহজ ভাৱেৰে ক'লোঁ। কাইলে মিচিক মাচাককৈ হাঁহি থাকিল। এইবাৰ তেওঁ মই নিবিচৰা প্ৰশ্নটো কৰিলে,

'কোননো তেওঁলোক?' 

কাইলে এইবাৰ হোহোৱাই হাঁহি উঠিল। উপায়ন্তৰ হৈ মই ক'লোঁ,

'আচলতে মই নিজেও নাজানোঁ। আনে লোৱা দেখি ময়ো লৈছোঁ যাতে পিছত বিচাৰি উলিয়াব পাৰোঁ।' 

এইবাৰ সেই অচিনাকি লোকজনেও কাইলৰ হাঁহিত যোগ দিলে। পিছত মই সঁচাই খুঁচৰি চালোঁগৈ আৰু গম পালোঁ সেয়া জাপানী বয় বেণ্ড বি ফাৰ্ষ্টৰ তাৰকা কেইগৰাকীৰ ফটো। শেহতীয়াকৈ আত্মপ্ৰকাশ কৰিলেও টকিঅ'ত তেওঁলোকৰ জনপ্ৰিয়তাৰ আভাস আমি নিজেই পালোঁ।


টকিঅ'ত জাপানী বয় বেণ্ড বি ফাৰ্ষ্টৰ বিশাল হৰ্ডিং



No comments:

Post a Comment