Sunday, 21 December 2025

সূৰ্যোদয়ৰ দেশ জাপানত (৬)

নিক্ক'ত শৰতৰ ৰং

ইৰোহাজাকা বক্ৰ পথ
নিক্ক' পৰিবহণ বিভাগৰ এখন সৰু বাছ। দেখাত আমাৰ মিনিবাছৰ দৰে। নিক্ক' টাউনৰ মাজেৰে বাছখনে পশ্চিমলৈ গতি লৈছে। আজি বতৰ মুকলি। খিৰিকীৰ কাষৰ আসনৰ পৰা মই টাউনৰ শাৰী শাৰী ঘৰ, তাৰ সিপাৰৰ শাৰদী পাহাৰ আৰু নীলিম আকাশৰ ৰূপ চাই গৈছোঁ। পুৱাৰ কোমল ৰ'দজাকে নিক্ক'ক এক অপূৰ্ব সোণালী ৰূপেৰে উদ্ভাসিত কৰি তুলিছে।কাইলে কাষৰ আসনত মূৰ পেলাই দুচকু মুদি আছে- হয়তো তেতিয়াও পুৱাৰ টোপনিৰ আমেজকণ এৰাৰ চেষ্টা কৰি আছে।আমাৰ বাহিৰে বাছত মাথোঁ কেইগৰাকীমানহে যাত্ৰী। পৰ্যটকৰ ভিৰৰ পৰা বাচিবলৈ আজি দুয়ো ধলপুৱাতে ওলাই আহিছোঁ ছুজেঞ্জি হ্ৰদলৈ বুলি। নিক্ক' ৰাষ্ট্ৰীয় উদ্যানত আকাশ চুম্বী পৰ্বতৰ মাজত থকা এটি মনোৰম হ্ৰদ ছুজেঞ্জি। সাধাৰণতে অক্টোবৰ-নৱেম্বৰ মাহত এই পথত হেনো পৰ্যটকৰ ভিৰৰ বাবে দীঘলীয়া যানজঁটৰ সৃষ্টি হয়। সকলোৰে এটাই উদেশ্য নিক্ক' ৰাষ্ট্ৰীয় উদ্যানত শৰতৰ বিনন্দীয়া ৰং উপভোগ কৰা।

টাউনৰ সীমা পাৰ হৈ বাছখন সৰ্পিল গতিৰে লাহে লাহে পাহাৰৰ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিলে। কাইল এইবাৰ সষ্টম হৈ বহিল। দুয়ো কেমেৰা সাজু কৰি ল'লোঁ। অকোঁৱা-পকোৱা বাটটো ইমানেই ঠেক যে বাছখন কোনোমতেহে ঘুৰে। এই ইৰোহাজাকা বক্ৰ পথ (Irohazaka Winding Road)-এ ৪৮ টা কেঁকুৰি (hairpin turn) পাৰ কৰি সাগৰ পৃষ্ঠৰ পৰা ৪৪০ মিটাৰ উচ্চতা পায়গৈ।  বাটৰ দুয়োকাষে শাৰদী ৰাণীৰ অপূৰ্ব ৰূপৰ সমাহাৰ- সেউজীয়াৰ মাজে মাজে সুমথিৰা, হালধীয়া আৰু ৰঙা ৰঙৰ পয়োভৰ। অৰণ্যৰ প্ৰতিজোপা গছ, জোপোহা আৰু সৰা পাতে যেন শৰতক হাত মেলি আদৰিছে। 

প্ৰায় আধাঘণ্টাৰ যাত্ৰাৰ শেষত ইৰোহাজাকা বক্ৰ পথৰ শীৰ্ষৰ এটা বাছ ষ্টেচনত নামিলোঁ। তাতে আকেচিদাইৰা ৰ'পৱে মালভূমি (Akechidaira Plateau)। চুঞ্জেঞ্জি হ্ৰদলৈ তেতিয়াও কিছু বাট বাকী। কিন্তু ইয়াৰ পৰা ৰজ্জুপথ বা ৰ'পৱেৰে গৈ ছুজেঞ্জি হ্ৰদৰ লগতে তলৰ উপত্যকাৰ অপৰূপ দৃশ্য দেখা পোৱা যায়। ইমান পুৱাতে তাত ইতিমধ্যে মানুহৰ দীঘল লানি আৰম্ভ হ'লেই। গম পালোঁ, আমাৰ নিক্ক' পাছ ইয়াত ব্যৱহাৰ কৰিব নোৱাৰি, সেয়ে ৰ'পৱেৰ বাবে বেলেগকৈ টিকেট ল'ব লাগিব। তেতিয়াও টিকেট অফিচ খোলাই নাই। গতিকে উপায় নাপাই দুয়ো মানুহৰ দীঘলীয়া শাৰীটোৰ শেষত থিয় দিলোঁগৈ।

আকেচিদাইৰা ৰ'পৱে


পাহাৰীয়া বাবে সেই ঠাইত শীতৰ প্ৰকোপো বেছি। ইমানবোৰ গৰম কাপোৰ পিন্ধি উৰিও দুয়োৰে ঠাণ্ডাত ঠেঁটুৱৈ ধৰা অৱস্থা! ৰ'পৱেৰ অফিচৰ সন্মুখত ভেণ্ডিং মেচিন এটা দেখি কাইল আগবাঢ়ি গ'ল। উভতি আহি মোৰ হাতত এটা কফিৰ সৰু বটল দি ক'লে,

'ভেণ্ডিং মেচিনত গৰম কফিও আছিল! অলপ খোৱা- গা গৰম হ'ব!'

দুঢোকমান কফি খাই সঁচাই যথেষ্ট সকাহ পালোঁ। মাজে মাজে বটলটো দুয়োহাতেৰে মেৰিয়াই ধৰি থাকি দুয়ো হাত গৰম কৰিলোঁ।

এটা সময়ত অফিচৰ দুৱাৰ খোল খালে। শাৰীৰ শেষত গৈ আমিও ৰ'পৱেত উঠিলোঁগৈ। মাথোঁ তিনিমিনিটৰ বাটেৰে সেই ৰ'পৱেই আমাক পাহাৰৰ শীৰ্ষত থকা পৰ্যবেক্ষণ ক্ষেত্ৰলৈ লৈ গ'ল। তাত নমাৰ লগে লগে চকুৰ আগত ভাঁহি উঠিল শাৰী শাৰী পৰ্বতৰ মাজত চুজেঞ্জি হ্ৰদৰ নীলিম পানী। তাৰ সন্মুখত সুউচ্চ শিলাময় খাদেৰে নামিছে কেগন জলপ্ৰপাতৰ ঢল। এক চালে চকু-ৰোৱা মনোৰম প্ৰাকৃতিক দৃশ্য।

আকেচিদাইৰাৰ পৰা কেগন জলপ্ৰপাত আৰু চুজেঞ্জি হ্ৰদৰ দৃশ্য

সুখৰ সাগৰ চুজেঞ্জি হ্ৰদ

এইবাৰ আকৌ বাছত উঠিলোঁ। প্ৰায় দহমিনিটৰ বাটতে চুজেঞ্জি টাউন। বাছ ষ্টেচনৰ পৰা কেইখোজমান গৈয়ে আমি কেগন জলপ্ৰপাত ওলালোঁগৈ। খটখটীৰে নামি গৈ পৰ্যবেক্ষণ ক্ষেত্ৰৰ পৰা যথেষ্ট ওচৰৰ পৰা জলপ্ৰপাতৰ শোভা চাব পাৰি। তাত থিয় দি মুগ্ধ ৰূপেৰে চালোঁ, শাৰদীয় অৰণ্যৰ মাজেৰে বৈ আহি প্ৰায় এশমিটাৰ তললৈ ঢলঢলাই পৰি থকা বগা ৰিবন হেন পানীৰ ফোৱাৰা। সেই পানীৰ গৰ্জন আৰু অহৰহ উজাই যোৱা ভাপৰ খেলাই যেন এখন জীৱন্ত ছৱি আঁকিছে। প্ৰকৃতিৰ এক নাটকীয় কিন্তু প্ৰশান্তিময় ছৱি। 

কেগন জলপ্ৰপাত

ছুজেঞ্জি হ্ৰদ কেগন জলপ্ৰপাতৰ ওচৰতে। নীলিম আকাশ আৰু ঢৌ খেলা নীলিম পানীৰ হ্ৰদটো চকুত পৰাৰ লগে লগে মই উত্তেজিত হৈ পৰিলোঁ। হ্ৰদৰ চৌদিশে সুউচ্চ পৰ্বতমালা। সকলোতে যেন শাৰদী ৰাণীয়ে চকু চাৎ মাৰি যোৱাকৈ বাৰেৰহণীয়া ৰঙৰ তুলিকা বোলাই গৈছে। ইমান সুন্দৰ! 

'সৌৱা পানীকাউৰী নহয়নে?' কাইলে আঙুলীয়াই দিয়া দিশে বাইন'কুলাৰ টোৱালোঁ। সঁচাই! হ্ৰদৰ পাৰৰ জেটিত পানীকাউৰীৰ এটা শাৰী। সকলোৱে পাখি মেলি ৰ'দ লৈছে! সিহঁতৰ কিচকিচীয়া কলা দেহৰ পাখিবোৰ ৰ'দত জলমলাই উঠিছে। ডিঙিৰ বগা দাগ আৰু ঠোঁটৰ গুৰিত থকা হালধীয়া দেখি বুজিলোঁ সেয়া বৃহৎ পানীকাউৰী (Great Cormorant)। আমাৰ অসমতো সচৰাচৰ এইবিধ চৰাই দেখা পোৱা যায়। ইয়াৰ অন্য এবিধ প্ৰজাতি জাপানী পানীকাউৰী এইদেশত পৰম্পৰাগতভাৱে মাছ ধৰাৰ সহায়ক হিচাপে মাছুৱৈসকলে ব্যৱহাৰ কৰে। পোৱালি অৱস্থাৰ পৰাই পোহ মনাই এই চৰাইবোৰক হেনো প্ৰশিক্ষণ দিয়া হয়। পিছে এইবিধ চৰাই সাধাৰণতে সাগৰীয় অঞ্চলতহে পোৱা যায়।

ছুজেঞ্জি হ্ৰদৰ পাৰত বিশাল ফেৰী টাৰ্মিনেল। তাতে আমাৰ ক্ৰুজৰ বাবে শাৰী পাতিলোঁগৈ।

'তোমাৰ স্কাৰ্ফখন বৰ ধুনীয়া দেই। চাৰিওফালৰ পৰিৱেশৰ সৈতে মিলি পৰিছে!' মানুহৰ শাৰীটোৰ পৰা আদহীয়া মানুহগৰাকীয়ে ইংৰাজীতে মাত দিলে।

মোৰ মুখত হাঁহি বিৰিঙিল। সৰাপাতৰ ৰং বোলোৱা কমলা স্কাৰ্ফখন মূৰত মেৰিয়াই লৈ কাইলক ইংগিতেৰে ক'লোঁ,

'চোৱা, মোৰ প্ৰকৃতিৰ অনুপ্ৰাণিত ফেশ্বন (nature-inspired fashion) কেনে জনপ্ৰিয়!'

কাইলে হাঁহিলে। সি জানে, সুযোগ পালেই মই কেৱল প্ৰকৃতিৰ মাজত থাকিব খোজোঁ, প্ৰকৃতিৰ ৰং আৰু ৰূপেৰে নিজকে সজাব খোজোঁ।

বিশাল ক্ৰুল্খন আহি ঘাটত লগাৰ লগে লগে এদল পৰ্যটক নামিল। ঘাটত বাট চাই থকাসকলৰ সৈতে আমি দুয়ো উঠি গ'লোঁ। দুখলপীয়া ফেৰীখনৰ আসনবোৰ বাদ দি সকলোৱে পোনেই ওপৰৰ ডেকলৈহে উঠি গ'ল। যাত্ৰা আৰম্ভ কৰাৰ লগে লগে মাইকত এগৰাকী মহিলাৰ মাত ভাঁহি আহিল। তেওঁ ইংৰাজীতে ক'লে,

'আপোনালোকক ছুজেঞ্জি হ্ৰদৰ ক্ৰুজলৈ আদৰিছোঁ। এই এঘণ্টীয়া নৌ যাত্ৰাত আপোনালোকে হ্ৰদৰ লগতে চৌদিশৰ ৰূপ চোৱাৰ সুবিধা পাব।'

তেওঁৰ কথা শুনি উত্তৰৰ শঙ্কু আকৃতিৰ পৰ্বতটোলৈ আমাৰ চকু গ'ল। এয়াই সেই পবিত্ৰ মাউণ্ট নাণ্টাই (Mount Nantai)। বিছহাজাৰ বছৰ পূৰ্বে এই পৰ্বতৰ আগ্নেয়গিৰি উদগীৰণ হৈ ছুজেঞ্জি নদী ৰুদ্ধ কৰি দিয়াৰ ফলতেই হেনো এই হ্ৰদ সৃষ্টি হৈছিল। সেই পৰ্বতৰ কলা ঢালবোৰে যেন এতিয়াও সেই ইতিহাসৰ ভাৰ বৈ আছে, এনে ভাৱ হ'ল।

হ্ৰদৰ পানীত ঢৌ তুলি ক্ৰুজ যিমানেই আগবাঢ়িল, বতাহৰ কোবো বাঢ়িল। 

'ইমান চেঁচা বতাহ! মই ভিতৰত বহোঁগৈ দেই!' কাইল তলৰ খলপলৈ নামি গ'ল। 

মই স্কাৰ্ফখনেৰে কাণ-মূৰ মেৰিয়াই আপোন-পাহৰা হৈ চাই ৰ'লোঁ হ্ৰদৰ ৰূপ। শুনি গ'লোঁ গাইডৰ মুখত এই হ্ৰদৰ বৰ্তমান আৰু ইতিহাসৰ বিষয়ে। ক্ৰুজৰ গতিৰে লগে লগে চৌদিশৰ ছৱিখনো সলনি হৈ গৈ থাকিল। ইটোৰ পিছত সিটোকৈ পৰ্বতৰ শিখৰ উদ্ভাসিত হ'ল। মাজে মাজে সৰু একোটা দ্বীপ।  বতাহত ঢৌ খেলা হ্ৰদৰ পানী, চৌদিশৰ বিনন্দীয়া প্ৰকৃতি সকলো মিলি এয়া যেন সঁচাই এক সুখৰ সাগৰ (Sea of Happiness)।

ছুজেঞ্জি হ্ৰদৰ পাৰত পানীকাউৰী

গম পালোঁ, এই হ্ৰদৰ পাৰতে আছিল ইটালী আৰু ব্ৰিটিছ দূতাবাসৰ গ্ৰীষ্মকালীন ভিলা। সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১২৭০ মিটাৰ উচ্চতাত অৱস্থিত ছুজেঞ্জি হ্ৰদটোৱে টকিঅ’ৰ গৰমৰ পৰা এক বিৰতি দিছিল। গতিকে   ১৯ শতিকাৰ শেষৰ ফালে এয়া হৈ পৰিছিল বিদেশী কূটনীতিবিদ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এক আদৰ্শ গ্ৰীষ্মকালীন আশ্ৰয়স্থল। এতিয়া তাৰ সোঁৱৰণি লৈ আছে সেই প্ৰকাণ্ড ভিলাসমূহ আৰু তাৰ চৌদিশৰ উদ্যান। দুয়ো ঠাই পৰ্যটনৰ এক বিশেষ আকৰ্ষণ।  

ছুজেঞ্জি হ্ৰদৰ পাৰত মই

ছুজেঞ্জি হ্ৰদৰ ক্ৰুজৰ পৰা উভতো মানে দুপৰ হ'ল। সেই পাৰতে ছুজেঞ্জি মন্দিৰ আছে বুলি গম পাই তালৈ খোজ দিলোঁ। নিক্ক'ত দৰ্শন কৰা অপূৰ্ব কাৰুকাৰ্য খচিত মন্দিৰবোৰৰ তুলনাত এই মন্দিৰৰ স্থাপত্য আৰু সজ্জা যথেষ্ট সৰল। এই সকলো মন্দিৰ পিছে একেগৰাকী বৌদ্ধ সন্যাসী শ্বোডো শ্বোনিনেই  প্ৰতিষ্ঠা কৰিছিল। ছুজেঞ্জি মন্দিৰৰ চাৰিওফালে দেৱদাৰু আৰু মেপল গছৰ শাৰী। তাৰ সিপাৰে স্বয়ং মাউণ্ট নাণ্টাইৰ শিখৰ। সেই দৃশ্য আৰু মন্দিৰৰ নিৰিবিলি পৰিৱেটোৱে মনটো যেন নিজাৰ পেলাই দিলে। 


মাউণ্ট নাণ্টাইৰ সন্মুখৰ ছুজেঞ্জি মন্দিৰ
মন্দিৰৰ ভিতৰত ফটো তোলা নিষিদ্ধ বাবে ফোনটো সামৰি থ'লোঁ। দুয়ো লাহে লাহে খোজ দি মূল কক্ষত থিয় দিলোঁগৈ। তাৰ সোঁমাজতে আছে বোধিসত্ত্ব কাননৰ প্ৰতিমূৰ্তি। ছয় মিটাৰ ওখ এই আকৰ্ষণীয় মূৰ্তিটোক চেঞ্জু (হাজাৰ অস্ত্ৰধাৰী) কানন বুলি কোৱা হয়। সেই হাজাৰ বাহুৰ ৪২ টা বাহুহে সন্মুখৰ পৰা দেখা পোৱা যায়। প্ৰতিখন হাতে চকা, পদুম, ৰছী আদিকৈ বিভিন্ন অস্ত্ৰ (?) ধাৰণ কৰি আছে।  এই কানন দেৱতাৰ প্ৰতিমূৰ্তিটো হেনো নাণ্টাই পৰ্বতৰ এজোপা পবিত্ৰ কাটছুৰা গছৰ কাঠ খোদাই কৰি সজা হৈছিল। এই মন্দিৰৰ উপাসক দেৱতাও মাউণ্ট নাণ্টাই পৰ্বত। এয়া যেন বৌদ্ধ ধৰ্ম আৰু পৰ্বত পূজাৰ মাজত অন্য এক গভীৰ সংযোগৰ প্ৰতিফলন।

ছুজেঞ্জি হ্ৰদৰ পাৰত ক'কানী ট্ৰাউটৰ সোৱাদ
এইবাৰ দুয়ো হ্ৰদৰ পাৰৰে এখন ৰেষ্টোৰাঁত সোমালোঁগৈ। আহল-বহল ৰেষ্টোৰাঁৰ প্ৰতিখন দেৱালতে বিভিন্ন মাছৰ ছৱি। গতিকে তেনে এবিধ মাছ খাই চোৱাৰ ইচ্ছা হ'ল। কথা মতেই কাম! কাঠৰ প্লেট এখনত এটা গোটে গোটে ভজা মাছৰ সৈতে ভাত, শাক, আচাৰ আৰু মিছ' চুপ পৰিৱেশন কৰিলে। দুয়ো বৰ তৃপ্তিৰে প্ৰথমবাৰৰ বাবে ছুজেঞ্জি হ্ৰদৰ ক'কানী ট্ৰাউট (Kokanee Trout) মাছৰ সোৱাদ ল'লোঁ।

নিক্ক' ৰাষ্ট্ৰীয় উদ্যান

ৰিয়ুজু জলপ্ৰপাত
আবেলি বাছেৰে নিক্ক' ৰাষ্ট্ৰীয় উদ্যানৰ অন্য এক আকৰ্ষণ পালোঁগৈ। মূল পথৰ পৰা ইউকাৱা নদীৰ পাৰেৰে পাহাৰৰ ওপৰলৈ যিমানেই বগালোঁ সিমানেই তীব্ৰতাৰে ধৰা দিলে ৰিয়ুজু জলপ্ৰপাত (Ryūzu Falls)। কিন্তু কেগনৰ দৰে সুউচ্চ জলধাৰাৰ সলনি এয়া নদীৰে এক অংশৰূপে বৈ যোৱা দীঘলীয়া কেছকেড (Cascade)। জাপানী ভাষাত “ৰিয়ুজু”ৰ অৰ্থ  অজগৰৰ মূৰ। মূল সুঁতিত শিলৰ কাষে কাষে বাগৰি যোৱা পানীৰ সোঁতে জলপ্ৰপাতটোক হেনো অজগৰৰ মূৰৰ দৰে ৰূপ দিয়ে। সেইবাবেই এই নাম। 

নদীৰ পাৰে পাৰে আগবাঢ়ি গৈ থাকি এটা সময়ত ঘন অৰণ্যত সোমাই পৰিলোঁ। চৌদিশে ওখ ওখ অ'ক গছ আৰু জোপোহা বাঁহৰ হাবি। চৰাইৰ কিচিৰ-মিচিৰ মাতে মোক ব্যতিব্যস্ত কৰি পেলালে। কাইলে  জাপানী বান্দৰৰ সন্ধানত বাটৰ দুয়োকাষে চকু দি গ'ল। আমাৰ দুয়োৰে চকুত পৰিল তিনিখনমান চাইনবৰ্ড- 'ভালুকৰ পৰা সাৱধান'! কানাডাত হাবিলৈ ওলালেই ভালুকৰ পৰা সাৱধান হ'বলৈ স্প্ৰে, টিলিঙা আদি কঢ়িয়াই ফুৰোঁ। এইবাৰ পিছে সেইবোৰ একোৰে প্ৰস্তুতি নাই। গতিকে দুয়ো ভালুকৰ সলনি বান্দৰেই দেখা পাম বুলি পেটে পেটে আশা কৰি থাকিলোঁ।  

সেই অৰণ্যৰ মাজেৰে প্ৰায় দহ কিলোমিটাৰ মান খোজেৰে গৈ চেঞ্জোগাহাৰা জলাহভূমি পালোঁগৈ। কিন্তু সেই বাটৰ যেন শেষ নাই। তাৰ পৰা আগলৈ গৈ ৰাষ্ট্ৰীয় উদ্যানৰ বহু ভিতৰ পাবগৈ পাৰি। এইবাৰ কাইলেই মুখ খুলিলে,

'উভতাই ভাল হ'ব নেকি! সন্ধিয়া লাগিবলৈ বেছি পৰ নাই। ভালুক আৰু ঠাণ্ডাৰ মুখামুখি হ'ব পৰাকৈ আমাৰ একো প্ৰস্তুতি নাই আজি।'

চৰাইৰ সন্ধানত নিক্ক' ৰাষ্ট্ৰীয় উদ্যানত 

'দুইমিনিট!' কৈ মই তাতে বহি পৰিলোঁ। 

আমাৰ সন্মুখত শুকান জলাহৰ ঘাঁহনি পাৰ হৈ মাউণ্ট নাণ্টাই। নীলিম আকাশত দুচপৰা শুকুলা ডাৱৰ। দুচকু মুদি সেই প্ৰতিচ্ছৱি হৃদয়ৰ কোণত যেন চিৰদিনলৈ বন্দী কৰি ল'লোঁ। টানি ল'লোঁ আৰণ্যক সুগন্ধি আৰু চৰাইৰ কাকলি। 

আজি নিক্ক'ত আমাৰ শেষ দিন! জাপানত হেনো এটা প্ৰবাদ আছে-  'নিক্ক' নেদেখালৈকে কেতিয়াও কেক্ক' বুলি নক'বা' (Never say kekkō until you've seen Nikkō)। জাপানী শব্দ 'কেক্ক'ৰ অৰ্থ- অপূৰ্ব (splendid)। সঁচাই, এই ঠাইৰ মায়াময় ইতিহাস, প্ৰকৃতি আৰু সংস্কৃতিৰ ৰূপে যেন অপূৰ্বৰ এক নতুন মাত্ৰা প্ৰদান কৰিলে। যেন এক নতুন ৰূপত পূৰ্ণ কৰি তুলিলে মোৰ হৃদয়!  

এটা কৃতজ্ঞ আৰু পৰিপূৰ্ণ মন লৈ আমি দুয়ো উভতনিৰ বাটত খোজ দিলোঁ।

নিক্ক'ৰ বিখ্যাত চীজ কেক আৰু ছাকে মদ

No comments:

Post a Comment