Saturday, 17 January 2026

সূৰ্যোদয়ৰ দেশ জাপানত (১০)

সহস্ৰ ট'ৰী গেটৰ আশ্চৰ্য

কিয়'ট' মহানগৰীৰ এটা ৰ'দোজ্বল পুৱা। কাইলৰ ফ্লু আৰু চকুৰ অসুখ আগতকৈ কিছু কমিছে যদিও সম্পূৰ্ণ সুস্থ হ'বলৈ বহু বাকী। তথাপি দুয়ো মনৰ উৎসাহতে দিনটোৰ অভিযানৰ বাবে সাজু হৈছোঁ। হোটেল এৰাৰ আগেয়ে কাইলে দুয়োটা চকুতে এণ্টিবেক্টেৰিয়েল ঔষধৰ টোপাল (eye drops) একোটা দি ল'লে। সেই ঔষধৰ কৃপাতে সোঁচকুটো প্ৰায় আৰোগ্য হোৱাৰ পথত। বাওঁচকুটো ফুলি আছে যদিও আগৰ তুলনাত আমনি যথেষ্ট কম। তাৰ পিছত ময়ো আইনাৰ সন্মুখত থিয় দি দুয়োটা চকুত টোপাল একোটা ঢালি দিলোঁ।

'তোমাৰ চকুৱেও আমনি দিছে নেকি?' কাইলৰ মাতত কিছু আশংকা।

'নাই দিয়া। কিন্তু প্ৰতিষেধক হিচাপে লোৱাৰ দৰকাৰ, নহয়?'

সি হাঁহিলে। দুয়ো জানো, সেয়া প্ৰয়োজনীয় নহয়। কিন্তু এনে এটা যাত্ৰাত যে কোনোকাৰণতে মই অসুখীয়া হ'ব নোখোজোঁ। তাৰ বাবে প্ৰয়োজনীয়-অপ্ৰয়োজনীয় সকলো পদক্ষেপ ল'বলৈ সাজু!

চাঞ্জ' ষ্টেচনৰ পৰা কেইহান মেইন লাইনৰ ৰঙা বাছখনে আমাক ফুশ্বিমিকো (Fushimi-ku) নামৰ এলেকাটোলৈ লৈ গ'ল। সেইখিনিতে আৰম্ভ হৈছে ফুশ্বিমি ইনাৰি টাইছা (Fushimi Inari-taisha) ৰ বিশাল এলেকাটো।

ফুশ্বিমি ইনাৰি টাইছাৰ মূল মন্দিৰ

এই ফুশ্বিমি ইনাৰি টাইছা জাপানৰ সবাতোকৈ প্ৰসিদ্ধ শ্বিণ্টো মন্দিৰসমূহৰ এটা। এই মন্দিৰটোত ধান, ধন, আৰু সমৃদ্ধিৰ দেৱতা ইনাৰি (Inari)-ৰ আৰাধনা কৰা হয়। গতিকে প্ৰথমেই সেই দেৱতাৰ বাবে উৎসৰ্গিত ৰঙা আৰু সোণালী মূল মন্দিৰটো দৰ্শন কৰিলোঁ। 

সহস্ৰ ট'ৰী গেটৰ সুৰংগত
ধলপুৱা বাবেই কিজানি পৰ্যটকৰ ভিৰ এতিয়াও আৰম্ভ হোৱা নাই। মূল মন্দিৰটো পাৰ হৈ ইনাৰি পৰ্বতৰ ওপৰলৈ শাৰী শাৰী কংক্ৰিটৰ চিৰি। লগতে আৰম্ভ হৈছে জাপানৰ পৰম্পৰাগত প্ৰৱেশদ্বাৰ ট'ৰী গেটৰ সুৰংগটো।নিক্ক' আৰু হাক'নেত দেখি অহাৰ দৰে উজ্বল ৰঙা বা কমলা বৰণৰ এই ট'ৰী গেটবোৰ। কিন্তু ফুশ্বিমি ইনাৰিত কেৱল এখন বা দুখন নহয়- ইনাৰি পৰ্বতৰ শিখৰলৈকে এনে প্ৰায় দহহাজাৰ ট'ৰী গেট থিয় দি আছে। সেইবাবেই এই এলেকাটো সহস্ৰ ট'ৰী গেট (Thousand Torii Gates) বুলিও জনাজাত।লোকবিশ্বাস অনুসৰি এই ট'ৰী গেটসমূহে অশনি শক্তিৰ পৰা প্ৰতিৰক্ষা দি আহিছে। 

ট'ৰী গেটৰ উপাসনাৰ ঠাই

অতদিনে শুনি আহিছিলোঁ যদিও ট'ৰী গেটৰ সেই সুৰংগৰ মাজেৰে পাহাৰৰ ওপৰলৈ খোজ দি বিস্মিত হৈ পৰিলোঁ। সেউজ অৰণ্যৰ মাজেৰে নিৰৱচ্ছিন্নভাৱে ইখনৰ পিছত সিখনকৈ ট'ৰী গেট। প্ৰতিখন গেটৰ স্তম্ভত ক'লা ৰঙৰ জাপানী আখৰ। জাপানী মেপল আৰু অ'ক গছৰ সুৰুঙাৰে অহা এছাটি ৰ'দৰ কিৰণে সেই আখৰবোৰ জিলিকাই তুলিছে। ভাঁহি আহিছে অচিনাকি বহু চৰাইৰ সুললিত গীত। সেই পথেৰে যিমানে আগবাঢ়িলোঁ, সিমানে যেন সময়ৰ অনুভূতি বিলীন হৈ পৰিল, আঁতৰি গ'ল সকলো দুশ্চিন্তা, ব্যস্ততা, আৰু দৈনন্দিন জীৱনৰ কোলাহল। চৌদিশৰ অবাৰ্চীন পৰিৱেশে দেহ-মনত এক অপৰূপ প্ৰশান্তিৰ পৰশ পেলাই যোৱা যেন ভাৱ হ'ল। মন্ত্ৰমুগ্ধৰ দৰে প্ৰায় দুঘণ্টা ধৰি ট'ৰী গেটৰ সুৰংগৰে পাহাৰ বগোৱাৰ পিছত ইনাৰি পৰ্বতৰ শিখৰ পালোঁগৈ। তাত চকুত পৰিল, শিলেৰে গঢ়া বহুতো উপাসনা স্থান। প্ৰতিখনতে ঠাকে ঠাকে ট'ৰী গেট ওলমি আছে। সেয়া হেনো বহু ভক্তৰ দান। তেনে এক উপাসনাৰ ঠাইৰ সন্মুখত থিয় দিলোঁগৈ। কাইলে মুদ্ৰা এটা আগবঢ়াই দিলে। হাত জোৰ কৰি সেৱা কৰিলোঁ। তাৰপিছত হাতেৰে দুটা চাপৰি মাৰিলোঁ-  অন্য জাপানী লোকৰ অনুকৰণ কৰি।

জাপানী মিঠাই ম'চ্চিৰ সোৱাদ লৈ
উভতনিৰ বাটত দুয়োকাষে বহুতো খাদ্যৰ দোকান চকুত পৰিল। তাতে এঠাইত ষ্ট্ৰ'বেৰী দিয়া কলিজাৰ আকৃতিৰ খাদ্য এবিধ দেখি থমকি ৰ'লোঁ। দোকানৰ জাপানী তৰুণীগৰাকীয়ে ভঙা ভঙা ইংৰাজীত ক'লে, সেয়া ষ্ট্ৰ'বেৰী দাইফুকু ম'চ্চি- জাপানৰ এবিধ জনপ্ৰিয় মিঠাই। আঠা চাউলৰ গুড়িৰ সৈতে বিভিন্ন উপাদান মিহলাই তৈয়াৰ কৰা হয়। তেওঁ এফালৰ পৰা বিভিন্ন প্ৰকাৰৰ ম'চ্চিবোৰৰ নাম কৈ আঙুলীয়াই গ'ল। দাইফুকু ম'চ্চি মুখত দি তৃপ্তিত আমাৰ চকু মুদ খাই পৰা যেন ভাৱ হ'ল! চাউল আৰু ৰঙা বীন মিহলাই কৰা ম'চ্চিবিধ অত্যন্ত কোমল। মিঠা হ'লেও যেন মিঠা আৰু ষ্ট্ৰ'ৱেৰীৰ সতেজতাৰ এক অপূৰ্ব সমতা বজাই ৰাখিছে। কাইল আৰু মই যেন মুহূৰ্ততে ম'চ্চি অনুৰাগী হৈ পৰিলোঁ। এনে অনুৰাগী যে তাৰ পিছত য'তেই ম'চ্চি চকুত পৰিল, দুয়ো সেই সোৱাদ নোলোৱাকৈ আগবাঢ়িব নোৱাৰা হৈ পৰিলোঁ।

আৰাশ্বিয়ামাৰ বাঁহনি

সেইদিনাই ওলালোঁ কিয়'ট' মহানগৰীৰ পশ্চিম দিশে থকা অন্য এক পৰ্যটনৰ আকৰ্ষণ চাবলৈ। ট্ৰেইনেৰে সেই ঠাইলৈ প্ৰায় এঘণ্টাৰ যাত্ৰা। ষ্টেচনৰ পৰা খোজেৰে কাটছুৰা নদী পাৰ হৈ আৰাশ্বিয়ামাৰ বাঁহনি (Arashiyama Bamboo Forest)ত ভৰি দিলোঁগৈ। 

আৰাশ্বিয়ামাৰ বাঁহনি

ইতিমধ্যে বেলি দুপৰ হৈছে। পৰ্যটকৰ সোঁত বৈছে। মূল পথত ভৰি দিবলৈকে ঠাই নোহোৱাৰ দৰে হৈ পৰিছে। তাৰ মাজৰে বহুতে জাপানৰ পৰম্পৰাগত সাজ কিম'ন' পিন্ধি খোজ দিছে। ভিন্ন ৰঙ আৰু ডিজাইনৰ কিমন'। তাৰ লগত ওখ কাঠৰ চেণ্ডেল গেটা (Geta) পিন্ধি মহিলাসকলে কোনোমতে আগলৈ খোজ দিছে। কিম'ন' পৰিহিত কিছু পুৰুষো চকুত পৰিল। তেওঁলোকৰ কিম'ন'ৰ ওপৰত হাওৰি নামৰ পৰম্পৰাগত দীঘল জেকেট। দেখা পালোঁ, সেই অঞ্চলত এনে পৰম্পৰাগত সাজ দিনটোলৈ ভাড়া দিয়া অনেক দোকান- সেই বাবেই কিজানি পৰ্যটকৰ মাজত সেই জনপ্ৰিয়তা। বহুতো পৰ্যটকে আকৌ খোজেৰে নগৈ হাতেৰে টনা ৰিক্সাত উঠি বাঁহনিৰ শোভা চাইছে। ৰিক্সাবোৰ কলকাতাৰ হাতেৰে টনা ৰিক্সাৰ দৰেই কিন্তু অত্যন্ত সুসজ্জিত। ভাৱিলোঁ, ৰিক্সাৰে গ'লে কাইলৰ অসুখীয়া দেহাই হয়তো আৰাম পালেহেঁতেন। কিন্তু কেৱল পৰ্যটনৰ বাবে হ'লেও দুচকীয়া তেনে ৰিক্সাত উঠিবলৈ মোৰ সত নগ'ল। শাৰীৰিকভাৱে অক্ষম বা বয়সীয়াল লোকৰ বাবেহে এই বাহন নৈতিক আৰু উপযোগী। গতিকে সেই ইচ্ছা বাদ দি লাহে লাহে ভিতৰলৈ খোজ দিলোঁ। 

জাপানী বাঁহনিৰ মাজত আমি
জাপানী ম'ছ' বাঁহ ( Mōsō bamboo, Phyllostachys edulis) ৰ বাঁহনি এয়া। আমাৰ জাতি বাঁহতকৈ কিছু সৰু যেন লগা প্ৰজাতি। কিন্তু অসমৰ যিকোনো বাঁহনিৰ দৰেই সুউচ্চ সেউজীয়াৰ মাজেৰে ছাঁ-পোহৰৰ খেলা।

'এইবাৰ প্ৰথম সঁচা বাঁহ দেখা পাইছোঁ জানা!' কাইলৰ মাতত এছাটি উত্তেজনা!

অসমত কটোৱা শৈশৱে মোৰ বাবে এনে বাঁহনিৰ ৰং-ৰূপ-গোন্ধ সনা বহুতো সোঁৱৰণি সাঁচি ৰাখিছে। সেয়ে কাইলৰ বাবে জীৱনৰ এই প্ৰথম অভিজ্ঞতাৰ অনুভৱ কেনে হ'ব ভাবিবলৈকে আচৰিত লাগিল।

'এবাৰ চুই চোৱা!' মই ক'লোঁ।

প্ৰথমে কাইলে লাহেকৈ বাঁহপাত এখিলা চুই চালে। তাৰপিছত যেন সি আৰু অলপ সাহসী হৈ পৰিল। এইবাৰ বাঁহডালত ধৰি আউজি দিলে। সেই সুযোগতে ফটো এখন তুলি ল'লোঁ। মোৰ সোঁৱৰণিত যেন আৰু এটা অনন্য মুহূৰ্ত যোগ হ'ল! 

জাপানী বান্দৰৰ সৈতে 

আৰাশ্বিয়ামাৰ পৰা উভতাৰ বাটত কাটছুৰা নদীৰ পাৰত হঠাৎ চকুত পৰিল এখন চাইনবৰ্ড- 'ইৱাটায়ামা বান্দৰৰ উদ্যান (Iwatayama Monkey Park)'।

'ইয়াতে জাপানী বান্দৰ চাবগৈ পাৰোঁচোন! নহ'লে এইসময়ত বান্দৰ দেখা পোৱাই মস্কিল।' মই বিশেষ নভৱাকৈয়ে ক'লোঁ। 

জাপানত ভৰি দিয়াৰে পৰা আমি জাপানী বান্দৰৰ সন্ধান কৰি আহিছোঁ। নিক্ক' ৰাষ্ট্ৰীয় উদ্যানত সচৰাচৰ চকুত পৰে যদিও শীতৰ বতৰ বাবে আমাৰ সেই সৌভাগ্য নহ'ল।

আৰাশ্বিয়ামাৰ কাট্‌ছুৰা নদী

'ঠিক আছে!' কাইলো পলকতে মান্তি হ'ল। কিন্তু টিকেটৰ বাবে মানুহৰ শাৰীত থিয় দিওঁতে দেখা পালোঁ অন্য এক জাননী। বান্দৰবোৰ আৰাশ্বিয়ামা পাহাৰৰ শিখৰতহে দেখা পোৱা যায়। তাৰ বাবে প্ৰায় দুই কিলোমিটাৰ ওপৰলৈ থিয় পাহাৰ বগোৱাৰ প্ৰয়োজন।

'গা কেনে এতিয়া? আকৌ পাহাৰ বগোৱাৰ শক্তি আছেগৈনে?' কাইলক সুধিলোঁ। আজি ধলপুৱাতে মাউণ্ট ইনাৰি বগাই সহস্ৰ ট'ৰী গেট চাই আহিছোঁ। তাৰ পিছতো একেৰাহে খোজ কাঢ়ি থকা হৈছে।

'লাহে লাহে গৈ থাকিম দিয়া।' সি উত্তৰ দিলে।

জাপানী বান্দৰৰ উদ্যানলৈ বাট
কথামতেই কাম। টিকেট লৈ ওপৰলৈ উঠিলোঁ। চৌদিশে সেউজ অৰণ্য। অকোঁৱা-পকোঁৱা বাটটো প্ৰতিটো কেকুঁৰিতে ওপৰলৈ উঠিবলৈ আৰম্ভ কৰিলে। অৱশ্যে বাটৰ কাষত জিৰণি ল'বলৈ চকীৰ ব্যৱস্থা কৰি দিয়া হৈছে। য'তেই তেনে চকী চকুত পৰিল, দুয়ো এখন্তেক বহি জিৰণি লৈ ল'লোঁ। বহু ঠাইত দেখা পালোঁ, জিৰণি চ'ৰাৰ কাষতে চাইনবৰ্ডত জাপানী বান্দৰৰ বিষয়ে তথ্য বা কুইজ আদি। বান্দৰৰ চকুলৈ পোনে পোনে চাব নালাগে, বান্দৰৰ মুখৰ বিভিন্ন অভিব্যক্তিয়ে আচলতে কি বুজায় সেই সকলোবোৰ ফটোসহ বুজোৱাৰ চেষ্টা কৰা হৈছে। উদ্যান গৈ পোৱাৰ আগতেই পৰ্যটকক জাপানী বান্দৰৰ বিষয়ে সজাগ কৰি তোলাৰ সেই ব্যৱস্থা দেখি সুখী হ'লোঁ।

এটা সময়ত দুয়ো পাহাৰৰ শিখৰ পালোঁগৈ। তাতে কোনো আঁৰ-বেঁৰ নোহোৱাকৈ মুকলি মনেৰে বহুতো বান্দৰ চৰি ফুৰিছে। গোলাপী মুখ আৰু ছাই বৰণীয়া দেহৰ জাপানী বান্দৰ (Japanese Macaque) বা বৰফৰ বান্দৰ (snow monkey) সেইবোৰ। মলুৱাৰ পৰা পানীকেঁচুৱালৈকে বিভিন্ন বয়সৰ আৰু আকাৰৰ বান্দৰ। মুঠ ১২০ টামান বান্দৰক এই উদ্যানে প্ৰতিৰক্ষা দি আছে হেনো। পৰ্যটকক বান্দৰবোৰ ওচৰৰ পৰা চাবলৈ দিয়া হৈছে যদিও উদ্যানৰ কৰ্মচাৰীয়ে তৎপৰতাৰে নজৰ দি আছে, যাতে বান্দৰবোৰৰ কোনো অপকাৰ নহয়।

১৯৫৭ চনত জাপানী ব্যৱসায়ী চ'ন'ছুকে ইৱাটা (Sonosuke Iwata)-ই এই এলেকাৰ মাটিখিনি দান দি উদ্যানখন প্ৰতিষ্ঠা কৰিছিল। প্ৰায় বিছবছৰমান উদ্যানখন চলোৱাৰ সকলো খৰচ-পাতি বহন কৰাৰ পিছত কিয়'ট' চহৰে ইয়াৰ দায়িত্ব লয়। বৰ্তমান এই উদ্যানখন এক সুৰক্ষিত বনাঞ্চল। ব্যক্তিগত প্ৰচেষ্টায়ো প্ৰকৃতি সংৰক্ষণত যে কেনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে তাৰেই যেন এক উৎকৃষ্ট নিদৰ্শন এয়া! 

বহুপৰ তাতে বান্দৰবোৰৰ খেলা চাই এটা সময়ত উভতনিৰ বাত বুলিলোঁ। অন্যদিনাৰ গড়ে দহ-বাৰ কিলোমিটাৰৰ তুলনাত দিনটোৰ শেষত আমাৰ খোজে পঁচিছ কিলোমিটাৰ অতিক্ৰম কৰিলে।

'জাপানৰ ৰং ৰূপে অসুখ-ভাগৰ সকলো পাহৰাই ৰাখিব পাৰে কিজানি!' মোৰ স্মাৰ্ট ৱাটছৰ হিচাপ চাই কাইলে ক'লে। চৰ্দিৰ প্ৰকোপত তেতিয়ালৈ তাৰ মাত ভাঙিছে!

ইৱাটায়ামা বান্দৰৰ উদ্যানত জাপানী বান্দৰ

No comments:

Post a Comment