Sunday, 26 March 2023

প্ৰজাপতি (চুটিগল্প)

অৱশেষত ঘৰখনে কেকোঁৰা চেপাদি প্ৰশান্তক চেপা মাৰি ধৰিলে৷ এইবাৰ ব'হাগতে বিয়াখন পাতিব লাগে৷ কেৰিয়াৰ হৈ থাকিব, কিন্তু বয়স ৰৈ নাথাকে। বিয়াৰ বয়স উকলি গ’লে মনে মিলা ছোৱালী পাবলৈকে টান হ’ব৷ 

মনে মিলা ছোৱালী

প্ৰশান্তৰ হাঁহি উঠে৷ মাক-খুড়ীয়েকহঁতে ছোৱালীৰ ৰূপ-গুণ, পৰিয়ালৰ আঁতি গুৰি সকলো প্ৰথমে চালি-জাৰি চাব। তাৰপিছত তালৈ বুলি আগবঢ়াই দিব কোনোবা বীণা, নমিতা বা পূৰৱীক। ক'ব, এইজনী ছোৱালীৰ লগতে তোৰ মন মিলিব বুলি ভাৱিছোঁ। 

ধেৎ! এনেকৈ জানো কাৰোৱাক নিমিষতে আপোন কৰি ল'ব পাৰি

বত্ৰিছটা বসন্তই ৰুকি ৰুকি খন্দা তাৰ হৃদয়ৰ নিভৃত গলিবোৰ এনেকৈয়ে জানো উদঙাই দিব পাৰি? 

কথাবোৰ ভাবিবলৈকে সি অসহজ পায়৷ 

আবেলি কলেজৰ পৰা আহি প্ৰশান্ত পোনেই খোৱা টেবুলত বহেহি। ইটো সিটো খোৱা বস্তু যতনাই দি মাকো তাৰ সন্মুখৰ চকীখনতে বহি লয়। প্ৰসংগ থাকক বা নাথাকক মাকে কিবাকৈ কথাৰ পাক নি প্ৰায়ে বিয়াৰ কথা পোৱাইগৈ। ভাতৰ টেবুলতে সুযোগ পালে কেতিয়াবা ইখনৰ পিছত সিখনকৈ ফটো দেখুৱায়, ছোৱালীৰ ৰূপ-গুণৰ বিৱৰণ দিয়ে। সি 'ওঁ আঁ' কৈ কোনোমতে শুনি থাকি যিমান পাৰি খৰকৈ ভাতৰ গৰা মুখলৈ নিয়ে। খাই উঠাৰ পিছত মাকৰ কথা শেষ হওক বা নহওক একমুহূৰ্তও পলম নকৰাকৈ প্ৰশান্ত কেনিবা আঁতৰ হয়।

মাকৰ মুখখন গোমোঠা হৈ আহে। তথাপি তাক কয়,
'এবাৰ অন্তত: লগ কৰি চাচোন। ফটোৱে মানুহে কেনেকুৱা নিজেই ভালকৈ বুজি ল'ব পাৰিবি।' 

এনেকুৱা সময়ত সি কেতিয়াবা মাকৰ মুখতে ধৰি কৈ পেলায়,
'কিয়,আগতেচোন ছোৱালীৰ পৰা যিমান পাৰি দূৰৈত থাকিবলৈ সকীয়াইছিলা! এতিয়াযে ইজনীৰ পিছত সিজনী ছোৱালীক লগ কৰিবলৈ ঠেলি হেচুঁকি আছা?'

সি মাকক সঁচাই অভিযোগ কৰে নে নিজৰ অপৰাধবোধৰ ভাৰখন কমোৱাৰ চেষ্টা কৰে নিজেই ধৰিব নোৱাৰে। মাক-দেউতাকৰ যে তাৰ বিয়াখনক লৈ ইমান হেঁপাহ। কিন্তু সঁচাই, তাৰচোন অকণোৱে ইচ্ছা নাযায় সেই ফটোৰ গৰাকীক লগ পাবলৈ। কৌতুহল নহয় এনেকৈয়ে আপোন হ'ব খোজা সেই অচিনাকি নাৰীৰ বিষয়ে জানিবলৈ। 

কেতিয়াবা সি নিজকে প্ৰবোধ দিয়ে। সৰুৰে পৰা মাকহঁতে ছোৱালীৰ পৰা আঁতৰত থাকিবলৈ কত যে সকীয়নি-বাধা-নিষেধ জাৰি কৰিছিল! সেইবোৰেই হয়তো বৰ দকৈ শিপালে। সেই জহতে কিজানি তাৰ ৰোমাণ্টিক আবেগ-অনুভূতিবোৰ সাৰ-পানী নাপাই অকালতে লেৰেলি গ'ল।

মাকে পিছে সেই অভিযোগ মুঠেই গ্ৰাহ্য নকৰে।
'তোৰ ভালৰ কাৰণেই সেয়া কৰিছিলোঁ। তেতিয়া পঢ়া-শুনা নকৰি ছোৱালীৰ লগত প্ৰেম কৰি ফুৰা হ'লে তোৰ জানো কিবা উন্নতি হ'লহেঁতেন?' কৈয়ে তেওঁ উচাট মাৰি কোঠাৰ পৰা ওলাই যায়।

আস্‌, কি লেঠা! 

সিদিনা সন্ধিয়াৰ আড্ডাত প্ৰশান্তৰ অভিযোগৰ সীমা নাথাকিল। চিত্ৰলেখা উদ্যানৰ ওখ চাপৰ বাটটোত তাৰ সৈতে খোজ দি ধ্ৰুৱই সেয়া নিৰৱে শুনি গ'ল। 

শৰতৰ ফৰকাল বতৰ যদিও অলপীয়াকৈ ঠাণ্ডা পৰিছে। ধ্ৰুৱই তাৰ ক'লা ফ' লেডাৰ জেকেটটোৰ চেইনডাল ওপৰলৈকে মাৰি ল'লে। জিনছ পেণ্টটো পিন্ধি আহি ভাল কৰিলে, ভাবিলে সি। ঘৰলৈ উভতাৰ পৰলৈ যথেষ্ট ঠাণ্ডা পৰিব কিজানি। প্ৰশান্তই হয়তো কলেজলৈ যোৱাৰ ভাগেৰেই ওলাইছেহি। তাৰ দেহত পাতল নীলা চাৰ্ট আৰু ক'লা ফৰমেল ট্ৰাউজাৰ। কথাৰ মাজে মাজে নৈপৰীয়া বতাহজাকে তাৰ ফিৰফিৰিয়া চুলিখিনি খেলিমেলি কৰি দিছেহি। ধ্ৰুৱৰ সেয়া চকুত পৰিছে। তাৰ  বেছব'ল কেপটো খুলি প্ৰশান্তক দি দিব নেকি সেয়াও ভাৱিছে। পিছে  প্ৰশান্তৰ সেইবোৰলৈ সিমান ধ্যান নাই। সি মাথোঁ অনৰ্গল কথা কৈ গৈছে।

'ক'চোন ধ্ৰুৱ! সৰুৰে পৰা আমি লোকৰ চকুত ভাল ল'ৰা হৈ থাকিবলৈকে অহৰহ লাগি থকা নাছিলোঁনে? ছোৱালী চোৱা বা ছোৱালীৰ লগত কথা পতা মানেই নষ্ট হৈ যাম বুলি সাংঘাতিক ভয় নাছিলনে?' 

ধ্ৰুৱই মূৰ দুপিয়ালে। মনত আছে তাৰ। সকলো মনত আছে। সেই যে স্কুলত অঘাইতং ৰাণাহঁতে ছোৱালীৰ নাম ল’লেই দুয়ো নুশুনাৰ ভাও জুৰি আড্ডাৰ পৰা থিতাতে আঁতৰ হৈছিল৷ গাঁৱৰ ল'ৰাবোৰে নাচনীৰ সৈতে ৰাতি বিহু কৰোঁতে সিহঁতে মূৰ গুঁজি আছিল উচ্চগণিতৰ পাঠত। 

ধ্ৰুৱই হাঁহি হাঁহি ক'লে, 
'মনত আছেনে কলেজত যে  সদায় ক্লাছৰ শেষত তোৰ বাবে নয়নমণি ৰৈ থাকিছিল? আৰু তাইৰ লগত একেলগে ঘৰলৈ যাব লাগিব বুলি ভয়তে তইযে দৌৰাদৌৰিকৈ ক্লাছৰ পিছদুৱাৰেদি বাহিৰ হৈছিলি?'

এইবাৰ প্ৰশান্তয়ো হাঁহি পেলালে। পঢ়া-শুনাই, স্বভাৱে চৰিত্ৰই সুখ্যাতিৰ মুকুট পিন্ধি সি কলেজত ভৰি থৈছিল৷ লগৰ ছোৱালীবোৰ ক্ষন্তেকতে যেন তাৰ গুণমুগ্ধ হৈ পৰিছিল৷ তাৰ চাৰিওকাষে জুমাজুমি কৰি সিহঁতে হাঁহো হাঁহো কৰিছিল৷ 

পিছে তেতিয়া প্ৰশান্তৰ এটাই লক্ষ্য। মাক-দেউতাক আৰু পৰিয়ালৰ আশাবোৰ পূৰাই ভাল ৰিজাল্ট কৰা। যৌৱনৰ আমনিক চল দিয়াৰ তেতিয়া কোনো অৱকাশেই নাছিল। 

কিছুদুৰ গৈয়ে বিশাল পুখুৰীটোৰ সন্মুখৰ বেঞ্চ এখনত প্ৰশান্ত হঠাৎ বহি পৰিল। তাৰ যেন বৰ ভাগৰ লাগিছে। চছমাযোৰ খুলি লৈ সি সন্মুখৰ জিলমিলীয়া পানীখিনিলৈ চাই ৰ'ল। তাৰ লগতে ধ্ৰুৱও থমকি ৰ'ল। বেঞ্চখন পৰিস্কাৰ হয় নে নহয় এবাৰ চালে। অগ্যতা পকেটৰ পৰা ৰুমালখন উলিয়াই বেঞ্চত পাৰি লৈ সি প্ৰশান্তৰ কাষতে  বহি পৰিল। 

'সেই নয়নমণি এতিয়া ঘোৰ সংসাৰী বুজিছ। এহাল ল'ৰাছোৱালীৰ মাক।' প্ৰশান্তই ক'লে।

'তই কেনেকৈ জানিলি?' কথাষাৰ সুধিলে যদিও ধ্ৰুৱই নিজেই তাৰ উত্তৰো পালে। 

তথাপি প্ৰশান্তই ক'লে,
'ফে'চবুকৰ মহিমাত লগৰ কোনে নিজাকৈ ঘৰ সাজিলে, ক'ত চাকৰি পালে, কেইটা ল'ৰা-ছোৱালীৰ মাক-দেউতাক হ'ল সব গম পাই থাকোঁ।ভাল ল'ৰা বোলাই থাকি আমি দুটাহে এতিয়াও ডঙুৱা হৈ আছোঁ বুজিছ।'

'মোকো তোৰ লগতে কিয় যুটি লৈছ?'  ধ্ৰুৱই যেন প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল। 'ঘৰত কেতিয়াবাই কৈ দিছোঁ বিয়া-বাৰু পাতি সংসাৰী হোৱাৰ একো সপোন নাই মোৰ।'

'তোৰেই ভাল দে। ঘৰৰ পৰা একো হেঁচা নাই। নিজাকৈ আৰামত বেচ্চেলৰ জীৱন কটাইছ।' 

'চাকৰিটোৰ জহতহে ইয়াত ঘৰ ল'ব পাৰিলোঁ বুজিছ। নহ'লে মা-দেউতাই কৈয়ে থাকে 'আমাৰ লগতে গুৱাহাটীৰ ঘৰত থাকহি' বুলি।' গুৱাহাটীৰ ঘৰখন এৰি অহা সময়ৰ মাক-দেউতাকৰ অভিমানী মুখ দুখন ধ্ৰুৱৰ চকুত ভাঁহি উঠিল। 

নাই, সেই দোষী ভাৱটোক লাই দিব নোৱাৰি। দেউতাকৰ চাকৰিৰ ট্ৰেন্সফাৰ বুলি এমাহৰ ভিতৰতে সিহঁতৰ পৰিয়ালটো তেজপুৰ এৰি গুচি গৈছিল। নতুনকৈ গুৱাহাটীত ঘৰ পাতিছিলগৈ। সেই সময়ত তাৰোতো বুকুখন বিষাই উঠিছিল! মাক-দেউতাকে জানো তাৰ উমান পাইছিল!

'প'ষ্ট অফিচৰ চাকৰিটোয়ে তোক তেজপুৰলৈ ঘুৰাই আনিলে বুলিহে। নহ'লে মোৰ স্কুল-কলেজৰ লগ বুলিবলৈ ইয়াত এতিয়া কোনোৱে নাই। গোটেইবোৰ দিহিঙে দিপাঙে গ'লগৈ।মইহে এটাই ল'ৰা বুলি কেতিয়াও ঘৰ এৰিব নোৱাৰিলোঁ। এতিয়া দিনে ৰাতিয়ে মা-দেউতাৰ পৰা কথা শুনি থাকিব লাগে। কলেজৰ চাকৰিটো স্থায়ী নোহোৱাক লৈ। বিয়াখন নপতাক লৈ।'  

প্ৰশান্তই এটা দীঘল হুমুনিয়াহ কাঢ়িলে। তাৰ গালে-মুখে ওলমি ৰ'ল কিছু হতাশা, কিছু অৱসাদ।

'হ'ব দে। সময়ত সব হৈ যাব। এতিয়াওতো ক'বলৈ কলেজৰ প্ৰফেছাৰেই তই। ভাৱচোন, আমি পঢ়া কলেজখনতে এতিয়া তই নিজে পঢ়াৱ, সেয়াও জানো কম গৌৰৱৰ কথা! কিমানে সেয়া কৰিব পাৰিছে?'

প্ৰশান্তৰ মনটো শৰতৰ আকাশখনৰ দৰে কিছু মুকলি হৈ পৰিল। এইকাৰণেইতো ধ্ৰুৱ তাৰ ইমান আপোন। মুহূৰ্ততে যেন সি তাক বুজিব পাৰে, ক'লা ডাৱৰ ফালি তাৰ মনটো উজ্বলাই তুলিব পাৰে। 

ইতিমধ্যে চিত্ৰলেখা উদ্যানৰ সিপাৰে ৰান্ধনি বেলিটো ডুবিব ধৰিছে। পুখুৰীৰ পানীত ঢৌ তুলি থকা নাওবোৰ লাহে লাহে পাৰত ৰ'লহি। উদ্যানৰ সেউজীয়াৰ মাজত থোপাথোপে আন্ধাৰৰ কণাবোৰ সোমাই পৰিলহি। 

'উভতো আৰু ব'ল।' প্ৰশান্তই ধ্ৰুৱৰ কান্ধত বাওঁহাতখন লাহেকৈ থৈ ক'লে। 

ধ্ৰুৱৰ ইচ্ছা হ'ল এনেকৈয়ে কিছুপৰ ৰৈ যোৱাৰ। ঠিক এনেদৰেই বহি থাকি নীৰৱে চিত্ৰলেখা উদ্যানত আন্ধাৰৰ খেলা চোৱাৰ। কিন্তু একো নকৈ সিও প্ৰশান্তৰ লগতে বহাৰ পৰা উঠিল।

সন্ধিয়াৰ ট্ৰেফিকৰ যান্ত্ৰিক কোলাহলৰ মাজেৰে দুয়ো দুফালে বাট বুলিলে। ঘৰলৈ বুলি। 

পিছদিনা সন্ধিয়া ডাকঘৰৰ পৰা আহি ধ্ৰুৱই দেখে, তাৰ ভাড়াঘৰৰ দুৱাৰ খোলা! বহা-কোঠাৰ মুগাৰঙী চোফাখনত কেইবাটাও কুশ্বন আৰামকৈ পাতি লৈ প্ৰশান্ত থম্থ‌ম্‌কৈ বহি আছে।

'কেতিয়া আহিলি? মোৰ ঘৰত এনেকৈ সময়ে অসময়ে শিবিৰ পাতিবলৈ তোক ঘৰৰ চাবি দিয়া নাছিলোঁ নহয়!' জোতাযোৰ খুলি খুলি ধ্ৰুৱই বাৰাণ্ডাৰ পৰাই কৃত্ৰিম খঙেৰে ক'লে।

প্ৰশান্তই যেন সেয়া নুশুনিলেই। চিন্তাক্লিষ্ট মুখ এখনেৰে সি ক'লে, 'এইবাৰ কথা বিষম বুজিছ! ঘৰত নতুন নাটক! তই নহ'লে নোৱাৰিছোঁ এইবাৰ।'

ধ্ৰুৱই এটা অবুজ চাৱনিৰে চালে তালৈ। ইতিমধ্যে প্ৰশান্ত পাকঘৰ পালেগৈ। যাওঁতে কৈ গ'ল,
'গাখীৰ চাহ খাবি নে ফিকা খাবি ক। আজি মোৰ স্পেচিয়েল চাহ কৰি খুৱাম। লগত খাবলৈ গৰম গৰম পকৰিও আনিছোঁ।'

ধ্ৰুৱই বুজিলে আজি অন্যদিনাৰ দৰে ক'ৰবালৈ একেলগে ওলাই যোৱাৰ মুড নাই প্ৰশান্তৰ। আজি তাৰ ভাড়াঘৰতে সন্ধিয়াৰ আড্ডাৰ আয়োজন। 

অগ্যতা সি চাহৰ ফৰমাইচ দি লৈ মুখ হাত ধুলেগৈ। অফিচৰ কাপোৰ সাঁজ সলাই বহা কোঠাত সোমাইহি মানে প্ৰশান্তই চাহ-পকৰি সকলো আনি কাঁচৰ ঘুৰণীয়া টেবুলখনতে থৈছেহি। 

সৰু বহা কোঠাটোৰ প্ৰায়খিনি ঠাই চোফা আৰু কাঁচৰ টেবুলখনেই আগুৰি আছে। এচুকত মাথোঁ এটা ওখ কিতাপৰ আলমাৰি। তাতে সৰুৰ পৰা ডাঙৰ আকাৰলৈ কিতাপবোৰ থিয়কৈ সজাই থোৱা আছে। তাৰ বিপৰীত মূৰত ফ্ৰেডী মাৰ্কিউৰিৰ এখন লাইফচাইজ ফটো।

গুৱাহাটী এৰি আহি ধ্ৰুৱই এই ভাড়াঘৰ লোৱা দুবছৰ হ'ল। কিন্তু সেই ফটোখনৰ বাহিৰে গোটেইবোৰ ৱাল উকা। সেই ফটোখনো প্ৰশান্তইহে আনি অঁৰি দিছিলহি। ধ্ৰুৱৰ কোনোবা এটা জন্মদিনৰ উপহাৰ হিচাপে। কৈছিল, 'একো নাথাকিলেও তোৰ প্ৰিয় মানুহজনৰ ফটোখন থকাটো দৰকাৰী।'

পকৰিত কামোৰ মাৰি লৈ ধ্ৰুৱই সুধিলে, 'ক' এতিয়া! এইবাৰ কিহৰ নাটক চলিছে?'

প্ৰশান্তই উঠি গৈ বেকপেকৰ পৰা লেপটপটো উলিয়াই আনিলে। 

'মাৰ এইবাৰ ভাবুকি, মেট্ৰিম'নিয়েল চাইটত মোৰ প্ৰফাইল খুলিব লাগে। মই নুখুলিলে মাই নিজে মোৰ নামত খুলিব হেনো!'

ধ্ৰুৱই চৰ্চ‌ৰনি খালে। গৰম চাহে তাৰ আগজীভাখন পুৰি গ'ল। চাহৰ কাপটো প্ৰশান্তই থাপ মাৰি ধৰাতহে লেপটপটো গৰম চাহৰ পৰা বাচিল।

'কথাটো শুনি মোৰো একেই অৱস্থা হৈছিল বুজিছ। মাহীৰ ছোৱালী ৰিমলীৰ বুদ্ধি এইবোৰ। তাইৰ লগৰ কাৰোৱাৰ এনেকৈয়ে ভাল দৰা ওলাইছিল হেনো।' প্ৰশান্তই লেপটপটো লৈ গৈ কিছু আঁতৰত বহি লৈ ক'লে।

'কৰ আকৌ তেন্তে। মই কি কৰিব লাগে?' ধ্ৰুৱৰ মাতত অলপ বিৰক্তিৰ ছিটিকনি।

'তই কি কৰিব লাগে মানে? তোৰ বাহিৰে মোক কোনে বেছি ভালকৈ জানে বা বুজে ক'চোন। মাৰ পৰা তত নাপাই প্ৰফাইল খুলিবলৈকে ওলাইছিলোঁ। কিন্তু খোলাৰ আগতেই যিমানবোৰহে প্ৰশ্ন সুধিলে মোৰ মূৰ ঘুৰাই গ'ল।'

কৈ কৈ প্ৰশান্তই লেপটপৰ স্ক্ৰীণত সেই পৃষ্ঠাটো উলিয়ালে।  ধ্ৰুৱই যেন উপায়ন্তৰ হৈহে চালে। 

সৌ সিদিনা ধ্ৰুৱই ব্ৰহ্মপুত্ৰৰ পাৰত তুলি দিয়া ফটোখন ক্ৰপ কৰি প্ৰশান্তই প্ৰফাইলত দিছে। ৰাঙলী আকাশ আৰু ব্ৰহ্মপুত্ৰৰ ঢৌবোৰ পিঠিত লৈ প্ৰশান্তই হাঁহি আছে। অন্য দিনাৰ দৰেই হাঁহিৰ লগে লগে তাৰ দুচকুত তিৰবিৰণি উঠিছে। কিন্তু প্ৰফাইল ফটোখনৰ পিছতে অহা শাৰী শাৰী প্ৰশ্নৰ উত্তৰ এতিয়াও উকা। 

'দেখাত সাধাৰণ যেন লগা প্ৰশ্ন। কিন্তু উত্তৰ বিচাৰি মোৰ নাজল-নাথল অৱস্থা হৈ গৈছে বুজিছ! মোৰ কি ভাল লাগে? কেনেকুৱা জীৱনসংগী বিচাৰোঁ?' প্ৰশান্তই ধ্ৰুৱৰ পৰাহে উত্তৰ বিচাৰিলে যেন।

'কিয় অতদিনে ঘৰৰ পৰা ছোৱালী বিচাৰি আছে। তোক জানো এইবোৰ সোধা নাই?'

'নাই সোধা। কইনাৰ কাৰণে ঘৰৰ যিখনহে দীঘলীয়া লিষ্ট। তাৰ ওপৰত মোৰ ইচ্ছা-অনিচ্ছা নৰয়, তই জানই দেখোন!'

অলপ ৰৈ সি ক'লে, 'এইবাৰ ৰিমলীয়েহে সুধিছিল মোকনো কেনেকুৱা ছোৱালী লাগে বুলি।'

'কি ক'লি?' ধ্ৰুৱই উৎসুকতাৰে সুধিলে।

'ক'লোঁ, মোক ভালকৈ বুজি পোৱা মানুহ এই পৃথিৱীত এটাই। গতিকে ধ্ৰুৱৰ দৰে যদি কোনোবা ছোৱালী পাৱ ক'বি।' 

'তোৰ মূৰটো।' ধ্ৰুৱ উঠি গ'ল পাকঘৰলৈ।

'ইমান খং খাইছ কিয়! সঁচা কথাইতো কৈছোঁ।' 

পাকঘৰত বাচন ধুৱাৰ শব্দ হ'ল। প্ৰশান্তই লেপটপত জুপি থাকিল। প্ৰফাইলৰ বাবে অলেখ অসংখ্যটা প্ৰশ্ন লৈ সি যেন বৰ বিমোৰত পৰিল। এই কামটো ধ্ৰুৱ নহ'লে সি কৰিব নোৱাৰে। 

'চা ধ্ৰুৱ। তই নক'লে কোনে ক'ব? প্ৰথম প্ৰশ্নটোৱে হ'ল তোমাৰ বন্ধুৱে তোমাৰ কথা কেনেকৈ ক'ব।' সি অলপ ডাঙৰ মাতেৰে কিন্তু বুজনিৰ সুৰত ক'লে।

নাই, ধ্ৰুৱ নীৰৱ। পাকঘৰৰ ঠুং ঠাং শব্দও বন্ধ হৈছে।

প্ৰশান্ত উঠি গ'ল।পাকঘৰটো সৰু যদিও ধ্ৰুৱই বৰ চিজিলকৈ ৰাখিছে।ইতিমধ্যে সি চাহৰ চচপেন, কাপ-প্লেট সকলো ধুই অঁটাইছে। প্ৰশান্তই চাহ কৰোঁতে ইফাল-সিফাল কৰা বটলকেইটাও সামৰি থৈছে। তাৰপিছত গেছ টেবুলতে আলু তিনিটা উলিয়াই বাকলি গুচাবলৈ আৰম্ভ কৰিছে। 

প্ৰশান্তলৈ মূৰ তুলি চাই সি ক'লে,
'চা, আজি বৰ ভাগৰি আহিছোঁ। এইবোৰ ভাৱিলেও মগজুৰ পৰা একো নোলায়। শনিবাৰে একেলগে বহি চাম দে।' তাৰ মাতত কিছু অৱসাদ, কিছু বিষণ্ণতা।

'আৰে ভাই, তাকেতো ক'ব পাৰ। ব'ল উঠ, আমাৰ ঘৰত ভাত খাবিগৈ। তই থাকিলে মায়েও বিয়াৰ কথা লৈ কামোৰ নিদিব।' কৈয়ে প্ৰশান্তই তাৰ হাতৰ পৰা কটাৰীখন কাঢ়ি নিলে। আধা কটা আলুকেইটা ফ্ৰীজত সোমালগৈ।

উপায়ন্তৰ হৈ ধ্ৰুৱ ওলাল। কিন্তু প্ৰশান্তই গাড়ী উলিয়াবলৈ লওঁতে সি ক'লে,
'আজি গাড়ীখন মোৰ গেৰেজতে ভৰাই থ। মোৰ বাইকত যাওঁ ব'ল। উভতিবলৈ এনেও মোক বাইকখন লাগিব।'

কথামতেই কাম। সন্ধিয়া লাগি ভাগিছে ইতিমধ্যে। লাইটৰ পোহৰত জিলিকি উঠা দোকান-পোহাৰবোৰ পিছ পেলাই সিহঁতৰ বাইক আগবাঢ়িল। 

পৰুৱা চাৰিআলিৰ পৰা সোঁফালে কমাৰচুবুৰীলৈ নুঘুৰি ধ্ৰুৱৰ বাইক পোনে পোনে আগবাঢ়িল।

তাৰ কান্ধত হেঁচুকি হেলমেটৰ মাজেৰেই প্ৰশান্তই মাত দিলে,
'আমাৰ ঘৰলৈ যোৱাৰ বাট পাহৰিলি নেকি?'

'এনেয়ে অকণমান ফুৰি আহোঁ ব'ল।' ধ্ৰুৱই ক'লে।

এইবাৰ পিছফালৰ পৰা ধ্ৰুৱৰ পিঠিত লাহেকৈ খুন্দা এটা মাৰি প্ৰশান্তই ক'লে, 'এই অলপ আগতে ভাগৰত লেবেজান হৈ দেখুৱাইছিলি দেখোন? তোৰ মুডৰ একো পাৰেই নোপোৱা হৈছোঁ দেই।' 

ধ্ৰুৱই একো নক'লে। মিচিকিয়াই হাঁহিলে মাথোঁ। নৈপৰীয়া চেঁচা বতাহজাকে যেন সিহঁতক জোকাই গ'ল। পোন্ধৰমিনিট মানতে দুয়ো কলীয়াভোমোৰা দলঙৰ কাষ পালেগৈ। দলঙত নুঠি বাওঁহাতৰ খলা-বমা বাট এটাৰে জোকাৰণি তুলি তুলি বাইকখন আগবাঢ়ি গ'ল।  

পূৰ্ণিমাৰ জোনটো ওপৰলৈ উঠিছে তেতিয়া। সিহঁতৰ দুয়োকাষে জোনাকত উজ্বলি উঠিছে ভোমোৰাগুড়িৰ সেউজীয়া। তাৰ লগে লগে যেন প্ৰশান্তৰ স্মৃতিপটৰ ধূলিবোৰ জাৰি-জোকাৰি মুকলি হৈ পৰিল। 

সিদিনা সন্ধিয়াও অন্যদিনাৰ দৰে ধ্ৰুৱ আহিছিল। সেইদিনা তাৰ ড্ৰাইভিং লাইচেন্স আহি পাইছিল। সেয়ে দেউতাকে প্ৰথমবাৰৰ বাবে তেওঁৰ মপেটখন চলাবলৈ দিছিল।চাইকেলৰ সলনি পুৰণি মপেটখনকে বীৰৰ দৰে চলাই সি পোনেই প্ৰশান্তৰ ঘৰ পাইছিলহি। 

'ব'ল ফুৰিবলৈ যাওঁ।'  থুঁতৰিত ওলাও নোলাওকৈ দেখা দিয়া দাঢ়ি কেইডালত হাত ফুৰাই ধ্ৰুৱই গৌৰৱেৰে কৈছিল।

পৰম উলাহেৰে প্ৰশান্ত মপেটত বহিছিল। মপেটৰ গতিয়ে আনি দিয়া স্বাধীনতাৰ উত্তেজনাই মায়াময় কৰি পেলাইছিল কৈশোৰ-যৌৱনৰ সেই সন্ধিক্ষণ। আজিৰ দৰেই সিদিনাও নৈপৰীয়া চেঁচা বতাহজাকে সিহঁতক জোকাইছিল। এই লুংলুঙীয়া বাটত পুৰণি মপেটখনে কেঁকাইছিল। পিছৰ চিটত বহা প্ৰশান্তই ধ্ৰুৱক সকীয়াইছিল,

'ঐ লাহে লাহে! খুড়াৰ আওপুৰণি মপেটে ইমান টানিব নোৱাৰে।' 

কি এক অপৰূপ নিষ্পাপ সময় আছিল সেয়া!

এটা ডাঙৰ শিলৰ কাষত বাইকখন ৰ'ল। নামিয়ে প্ৰশান্তই নীৰৱে আগবাঢ়ি গৈ সেই শিলছটাত হাত দি চালে। সেই একেই চেঁচা আৰু খহটা, কিন্তু বৰ আপোন স্পৰ্শ! আস্‌! কিমান সোঁৱৰণি লৈ ৰৈ আছে এই শিল, এই মাটি, এই অৰণ্য! 

'ইমান আপোন এই ঠাইডোখৰ। ভাল আজি তোৰ মনত পৰিল দেই!' সি ধ্ৰুৱলৈ চাই ক'লে।

ধ্ৰুৱই হাঁহিলে মাথোঁ। নক'লে কেৱল আজি নহয়, এই ঠাই আৰু ইয়াত ৰৈ যোৱা সোঁৱৰণিবোৰে  অবিৰাম ঢৌ তুলি থাকে তাৰ ভিতৰে-বাহিৰে। 
সেই প্ৰথম দিনটোৰ পিছৰে পৰা এই ঠাই আৰু এই শিলছটা হৈ পৰিছিল সিহঁতৰ এক বিলাস। হৈ পৰিছিল দিনে-নিশাই পঢ়াত মূৰ গুঁজি থকা দুটি কিশোৰৰ বাবে এটা মুকলিমুৰীয়া হেঁপাহ। মপেটখন পালেই দুয়ো এই ঠাইলৈ প্ৰায়ে অহা হৈছিল। এই শিলছটাতে পৰি লৈ দুয়ো বহুদিন বাট এৰি দিছিল আকাশৰ নীলাক, চৌদিশৰ সেউজীয়াক, নীৰৱতাৰ ভাষাক। কাকো ক'ব নোৱাৰা বহু কথা পাতিছিল, সপোনৰ ৰামধেনু গঢ়িছিল- দুয়ো একেলগে। 

শিলছটাত পিঠি দি প্ৰশান্ত শুই পৰিল। তাহানিৰ দৰেই আকাশলৈ চাই পঠিয়ালে। ধ্ৰুৱও তাৰ কাষতে ওপৰমুৱাকৈ বাগৰ দিলে।

'কিমানদিন যে আকাশলৈ এনেকৈ মূৰ তুলি চোৱা নাই পাহৰিলোঁ বুজিছ!' প্ৰশান্তৰ এটা হুমুনিয়াহ ওলাল।

ধ্ৰুৱই একো নক'লে। কিন্তু সি পাহৰা নাই। পাহৰা নাই ঠিক কেতিয়াৰ পৰা প্ৰশান্তৰ জীৱনত এনে মুহূৰ্তৰ বাবে আহৰি নোহোৱা হ'ল। ঠিক কেতিয়াৰ পৰা সি কেৱল দৌৰিবলৈ ল'লে। সকলো যেন ধ্ৰুৱৰ মানসপটত জীয়া ছৱি হৈ ৰৈ আছে। প্ৰশান্তই নজনাকৈয়ে সি বুকুত পুহি ৰাখিছে হেৰুওৱাৰ সেই অস্ফুট বেদনা।

যিদিনা প্ৰশান্তই মেট্ৰিক পৰীক্ষাত স্কুল আৰু ক'মাৰচুবুৰীৰ নাম উজ্বলাইছিল, যিদিনা মাক-দেউতাকহঁতৰ বুকু গৌৰৱেৰে উপচি পৰিছিল, ঠিক সেইদিনাই যেন কোনোবাই বহুতো আশা আৰু সপোনৰ বোজা তাৰ পিঠিত জাপি দিলেহি। ঠিক সেইদিনাৰ পৰা পৰিয়ালৰ কোনেও কেতিয়াও ঢুকি পাব নোৱাৰা সকলো সপোনৰ গধুৰ ভাৰখন সি কঢ়িয়াবলৈ ল'লে। জোৰদাৰ লাগি পৰিল সকলোৰে আশা আৰু সপোন পুৰোৱাত-মাক-দেউতাকৰ, ছাৰ-বাইদেউৰ, গোটেই সমাজখনৰ। সেইদিনাই দায়িত্ব আৰু কৰ্তব্যবোধৰ দাবীয়ে যেন প্ৰশান্তক ৰেপি ৰেপি বান্ধি পেলালে।

ঠিক তেতিয়াৰ পৰা প্ৰশান্তৰ দৌৰ আৰম্ভ হ'ল। সেই দৌৰত সি যেন নিজকে ক'ৰবাত এৰি থৈ আহিল। এৰি থৈ আহিল তাৰ উদ্দাম হেঁপাহবোৰ, অকপট সপোনৰ ৰংবোৰ। বহুদিন হ'ল সি একেদৰেই দৌৰি থকা। বহুদিন হ'ল সি নিজকে বিচাৰি নোচোৱা।

'হেই চা চা, সৌটো পপীয়া তৰা।' প্ৰশান্তৰ চিঞৰত ধ্ৰুৱৰ তন্ময়তা ভাগিল।'ক ক! কি বিচাৰ তই? যি বিচাৰ তাকেই পাবি।' 

'ধুৰ! কলেজৰ প্ৰফেছাৰ হৈ এইবোৰ বিশ্বাস কৰ।' ধ্ৰুৱই চল দিয়াৰ সুৰত হাঁহি হাঁহি ক'লে। প্ৰশান্তৰ শিশুসুলভ উচ্চলতাখিনিয়ে তাকো সুখী কৰি তুলিলে।

'আস্‌! ইয়াত বিশ্বাস-অবিশ্বাসৰ কথা কি আছে। ভাল লগা কাম এটা আৰু।মই কৰিলোঁ, তয়ো কৰ।' প্ৰশান্তৰ একপ্ৰকাৰ আদেশ।

'ঠিক আছে,কৰিলোঁ।'

'কি কৰিলি?'

'তই কি কৰিলি?'

'মোৰ বিয়াখন যাতে এইবাৰ ব'হাগতে হৈ যায়।'

'সেইটো কাৰ ইচ্ছা? তোৰ নিজৰ নে খুড়া-খুড়ীৰ?'

'হুঁ, নাজানো। তই কি কৰিলি?' 

'কৰিলোঁ আৰু কিবা এটা!'

'হাইট। কি কৰিলি ক। মোৰতো চোন ঘপকৈ ক'লোঁ।'

'কৈ দিলে ইচ্ছা পূৰ নহয় হেনো, নাজান নেকি?'

'তেনে মোক সুধিছিলি কিয়?'

একো নকৈ ধ্ৰুৱ উঠিল। বাইকখন ষ্টাৰ্ট কৰিবলৈ লৈ ক'লে,
'ব'ল উঠ, খুড়ীয়ে সিফালে ভাত বাঢ়ি বাট চাই থাকিব।'

সিদিনা আৰু প্ৰশান্তৰ অনলাইন প্ৰফাইল খোলা নহ'ল। পিছে কথাবোৰ বৰ খৰকৈ আগবাঢ়িল। সি দৰ্শকৰ শাৰীত বহি থাকোঁতেই যেন তাৰ জীৱনৰ দৃশ্যপট লিখা হৈ গৈ থাকিল। এটা সপ্তাহৰ ভিতৰতে সি গৈ দুঠাইত ছোৱালী চালেগৈ। মাক আৰু মাহীয়েকে মিলি বিচাৰি উলিওৱা ছোৱালী। 

দুয়োবাৰেই সি ধ্ৰুৱক মাতিলে,
'লগতে ব'লচোন। তই থাকিলে মোৰ সাহস এটা থাকে। তোৰ বাহিৰে মোৰ অৱস্থাটো অন্য কোনেও নুবুজে, জানই চোন।'

প্ৰথমবাৰ ধ্ৰুৱৰ অফিচত লেঠা ওলাল। পিছৰবাৰ সি ক'লে, তাৰ গা বেয়া। সেয়ে ছোৱালীৰ ঘৰৰ পৰা উভতি সেইদিনা প্ৰশান্ত পোনেই ধ্ৰুৱৰ ঘৰ ওলালগৈ।

দ্বিতীয় মহলাৰ এপাৰ্টমেণ্টটোলৈ উঠি যাওঁতে সি খটখটীৰ পৰাই দেখিলে, ধ্ৰুৱৰ দুৱাৰত তলা। আধাবাটতে থমকি ৰৈ সি লৰালৰিকৈ ফোন লগালে।

'ইমানকৈ ফোন কৰিছোঁ, কিয় উঠোৱা নাই? ক'ত তই?

'হস্পিতেলত!' প্ৰশান্তৰ বুকুখন যেন চিৰিংকৈ গ'ল। কি হৈছে ধ্ৰুৱৰ? কি হৈছে? 

'নাই,নাই। একো চিন্তা কৰিবলগা নাই। যোৱা  দুদিনমান ধৰি পেটৰ বিষ উঠি আছিল। তাকে দেখুৱাবলৈ আহোঁতে  ধৰা পৰিল মোৰ এপেণ্ডিক্স বাৰ্ষ্ট হৈছে। গতিকে লগে লগে অপাৰেশ্যনৰ কাৰণে আহিব লগাত পৰিলোঁ।'

একেকোবেই প্ৰশান্তৰ গাড়ী হস্পিতেল পালেগৈ। বাটত হঠাতে তাৰ খেয়াল হ'ল, বহুদিন সি ধ্ৰুৱৰ খৱৰ লোৱা নাই। নিজৰ সমস্যাবোৰত এনেকৈ ডুবি আছে যে ধ্ৰুৱনো কেনে আছে তাকে সুধিবলৈ সি পাহৰি পেলাইছে। অপৰাধবোধৰ ভাৱ এটাই তাক গিলিবলৈ আৰম্ভ কৰিলে। কেতিয়াৰ পৰা সি ইমান স্বাৰ্থপৰ হ'ল?

হস্পিতেলৰ ৱাৰ্ডত শুই থকা ধ্ৰুৱলৈ চাই তাৰ বুকুখন মোচৰ খাই উঠা যেন লাগিল। পেটৰ বিষত ধ্ৰুৱই ওঁঠজুৰি চেপা মাৰি আছে। তথাপি যেন প্ৰশান্তক ভৰসা দিবলৈকে সি হাঁহিবলৈ চেষ্টা কৰিছে। প্ৰশান্তই কিবা কোৱাৰ আগতেই তৎপৰতাৰে কৈ উঠিছে,

'হেই একো ডাঙৰ কথা নহয়। অপাৰেশ্যন হ'লেই ঠিক হৈ যাব। এৰাতি থাকিব লাগিব আৰু।'

© Pam Blackstone

প্ৰশান্তই সকলো বুজি পাইছে। খং-দুখ আৰু অপৰাধবোধ মিলি তাৰ দুচকু সেমেকি উঠিব খুজিছে। কিয়? কিয় ধ্ৰুৱই এনেকুৱা কৰে? সকলো সময়তে সি প্ৰশান্তৰ খৱৰ ৰাখে, যত্ন লয়; কিন্তু নিজৰ সকলো লুকুৱাই থয়! কেনেকৈ বুজাব সি ধ্ৰুৱক- সিওতো তাৰ বাবে কিবা কৰিব খোজে, তাৰ যত্ন ল'ব খোজে! ভগ্ন কণ্ঠেৰে সি ক'লে,

'তই ক'বতো পাৰ মোক। কিবা লাগিলে সহায় কৰি দিবলৈ মই নাই নেকি?'

'এতিয়াহে লাগিব। অথ'নি ফোনত ক'বলৈ লওঁতেই তই ফোন কাটি দিলি!' ধ্ৰুৱই পাতলীয়া সুৰেৰে ক'লে।

'কি  লাগে ক'চোন।' ধ্ৰুৱই বিচাৰিলে যেন আকাশৰ তৰাটোও আনি দিব এনে এক ভাৱেৰে প্ৰশান্তই কথাষাৰ ক'লে।

'আহোঁতে হস্পিতেলত ভৰ্তি হ'ব লাগিব বুলি ভৱাই নাছিলোঁ যে, একোৱে লগত লৈ অনা নহ'ল। ঘৰৰ পৰা বিছনা চাদৰ, পাতল নীলা কম্বলখন, টাৱেল আৰু ঘৰত পিন্ধা কাপোৰ এযোৰ লৈ আনিব পাৰিবি? অঁ মোৰ টুথব্ৰাছ ডালো।'

প্ৰশান্তৰ এইবাৰহে হাঁহি ওলাল। ধ্ৰুৱইযে হস্পিতেলৰ বিছনাত অস্বস্তি পাইছে সি বুজিলে। 

'ঠিক আছে। এই যাম আৰু এই আহিম। অপাৰেশ্যন সন্ধিয়া সাত বজাতহে আছে ন? বহুত সময় আছে।'

পুনৰ আহি প্ৰশান্ত ধ্ৰুৱৰ এপাৰ্টমেণ্ট পালেহি। এইবাৰ খটখটী পাৰ হৈ আহি সি তলাটো খুলিলে। কেইমিনিটমানৰ ভিতৰতে বেগ এটা বিচাৰি ধ্ৰুৱই কোৱা বস্তুকেইপদ ভৰালে। ওলাই আহিব খোজোঁতেই তাৰ হঠাৎ চকুত পৰিল, ধ্ৰুৱৰ বিছনাখন এতিয়াও পৰা নাই। আঁঠুৱা মেল খায়ে আছে। কম্বল আৰু বিছনা ছাদৰ কোঁচমোঁচ খাই বিছনাৰ একোণত পৰি আছে। 

ৰাতিপুৱা ইমান পেটৰ বিষ উঠিলনে তাৰ? নহ'লে সদায় ধ্ৰুৱই শুই উঠিয়ে নিজৰ বিছনা পাৰে। তাৰ সেয়া সৰুকালৰে অভ্যাস। হস্পিতেলৰ পৰা ঘুৰি আহি নিজৰ বিছনাখন পৰিপাটীকৈ পালে সি বৰ ভাল পাব, প্ৰশান্তই ভাৱিলে।

হস্পিতেললৈ সাজু কৰা বেগটো মজিয়াতে থৈ প্ৰশান্তই ধ্ৰুৱৰ আঁঠুৱাখন খুলিলে। ঘৰত তাৰ নিজৰ বিছনা পৰাৰ অভ্যাস নাই। সেয়ে আঁঠুৱাখন কোনোমতে সামৰি জাপি-কুঁচি থ'বলৈ  তাৰ কিছু সময় লাগিল। তাৰপিছত সি কম্বলখন টান মাৰি জাপিলে। বিছনা চাদৰ খনো টানিটুনি ঠিক কৰিলে।মূৰ শিতানত গাৰুটো চিজিলকৈ থ'বলৈ লওঁতে তাৰ চকুত পৰিল, গাৰুৰ তলত এইখনচোন এখন নোটবুক। হাতত লৈ উপলব্ধি হ'ল- নহয়, ডাঠ নীলাৰঙৰ বকলাৰে সেইখন এখন ডায়েৰীহে।

ধ্ৰুৱই আকৌ কেতিয়াৰ পৰা ডায়েৰী লিখিবলৈ ল'লে! প্ৰশান্ত আচৰিত হ'ল। লগতে কৌতুহলীও। কিন্তু ধ্ৰুৱৰ ব্যক্তিগত ডায়েৰী বুলিয়ে খুলি চাবলৈ তাৰ সংকোচ হ'ল। বিছনাৰ কাষৰ সৰু টেবুলখনত ডায়েৰীখন থ'বলৈ লওঁতেই হঠাতে মজিয়াত থোৱা বেগটোত প্ৰশান্ত উজুটি খাই পৰিল। হামথুৰি খাই পৰাৰ পৰা কোনোমতে বাচিল যদিও তাৰ হাতৰ পৰা ডায়েৰীখন উফৰি গৈ মজিয়াত পৰিলগৈ।

'আয়ৌ!' সি মজিয়াতে বহি লৈ ভৰিৰ বুঢ়া আঙুলীটোত দুখ পালে নেকি চালে।

তেনেতে তাৰ চকুত পৰিল, ডায়েৰীৰ মাজৰ পৰা ওলাই মজিয়াত সিঁচৰতি হৈ পৰিছে কেইবাখনো ফটো! সেইফালে চাই তাৰ চকু থৰ হৈ গ'ল। প্ৰতিখন ফটোতে সি আৰু ধ্ৰুৱ। সৌৱা ৰঙা মপেটত বহি সি আৰু ধ্ৰুৱ, ব্ৰহ্মপুত্ৰৰ বালিত থিয় দি সি আৰু ধ্ৰুৱ, স্কুলৰ খেলপথাৰত ঘৰ্মাক্ত মুখেৰে সি আৰু ধ্ৰুৱ!!

এইবাৰ প্ৰশান্তই সকলো বাধাৰ দেওনা পাৰ হৈ গৈ পৰম কৌতুহলেৰে ডায়েৰীখন তুলি ল'লে। সি যেন নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। ধ্ৰুৱৰ ডায়েৰীৰ প্ৰতিটো পৃষ্ঠাৰ আৰম্ভণিত একেষাৰ কথা- 'মৰমৰ প্ৰশান্ত'! 

দিনৰ পিছত দিন। 
মাহৰ পিছত মাহ। 

মাথোঁ ব্যতিক্ৰম কালিৰ দিনটো। সেই পৃষ্ঠাত বহুতো অবোধ্য আঁকবাঁকৰ শেষত মাথোঁ তিনিটা শব্দ- 'মোৰ প্ৰিয় মানুহ'

প্ৰশান্তৰ যেন উশাহটো আধাতে ৰৈ গ'ল। আখৰবোৰে নীলা চিঞাহীৰ সীমা পাৰ হৈ আহি যেন তাৰ চৌদিশে নাচিবলৈ আৰম্ভ কৰিলে। শব্দবোৰে যেন প্ৰবল গতিৰে  বাট এৰি দিলে ভালপোৱাৰ এখন অবুজ নৈক।

এইবাৰ ব'হাগতো প্ৰশান্তৰ বিয়াখন নহ'ল।

Monday, 20 March 2023

অসমৰ মাছৰোকা চৰাইবোৰ

অসমৰ খাল, বিল বা নৈৰ আশে পাশে গছৰ ডালত বা জেওৰা খুঁটিত বহি পানীলৈ একান্তমনে চাই জোপ লৈ থকা মাছৰোকা চৰাইটোলৈ কেতিয়াবা মন কৰিছেনে?  চিকাৰ চকুত পৰিলে ই পানীৰ ঠিক ওপৰতে উৰি থাকি  লক্ষ্য নিৰ্ধাৰণ কৰে আৰু পিছমুহূৰ্ততে ৰকেটৰ দৰে ছোঁ মাৰি পানীলৈ  নামি যায়। মাছৰোকাৰ এই বিশেষ উৰণ (hovering) অসমৰ বহু জলাশয়ত চিনাকি দৃশ্য। কিন্তু আপুনি জানেনে, ভাৰতত থকা ১৩ বিধ মাছৰোকাৰ ভিতৰত দহটা প্ৰজাতি আমাৰ অসমতে দেখা পোৱা যায়? আহকচোন, এই ৰং বিৰঙী চৰাইবিধৰ বৈচিত্ৰ্যময় জগতখনত এভুমুকি মাৰি চাওঁ। 

মাছৰোকা চৰাই কেনেকৈ চিনিব? আটাইতকৈ সহজ উপায় হৈছে, চৰাইটোৰ ৰঙকে ধৰি অন্য শাৰীৰিক বৈশিষ্ট্যবোৰ মন কৰা।প্ৰায়বোৰ মাছৰোকাৰ দেহত উজ্জ্বল সেউজীয়া, নীলা আৰু কমলা ৰঙৰ সমাহাৰ দেখা পাব। মাছৰোকা চৰাইৰ মূৰটো ডাঙৰ।নেজ প্ৰায়ে চুটি।ঠোঁটটো ডেগাৰৰ দৰে দীঘল আৰু জোঙা। ইয়াৰ ঠোঁটটো চিকাৰৰ বাবে বিশেষভাৱে নিৰ্মিত। ঠোঁটটোৰ আকাৰ বায়ুগতিবিদ্যাৰ ফালৰ পৰা এনে এৰ'ডাইনেমিক যে ই জোপ লৈ থকা ঠাইৰ পৰা চিকাৰৰ ফালে তীব্ৰ গতিৰে যাব পাৰে। ডুব দিয়াৰ সময়তো এই আকাৰে পানীৰ ছিটিকনি কমোৱাত সহায় কৰে। এইবাবেই মাছৰোকাৰ ঠোঁটৰ আৰ্হি জাপানৰ বুলেট ট্ৰেইনতো অনুকৰণ কৰিছে। 

বগা-কণীয়া মাছৰোকা (Credit-Nejib Ahmed)

চিকাৰ কৰিবৰ বাবে মাছৰোকাৰ দুচকুৰ বিশেষভাৱে অভিযোজন হৈছে। ইহঁতৰ দৃষ্টিত দূৰবীক্ষণ ক্ষমতা আছে। ইয়াৰ উপৰিও চকুত নিচিটেটিং মেমব্ৰেন (nictitating membrane) নামৰ এবিধ পতা থাকে যি পানীৰ তলত আমি পিন্ধা চছমাৰ দৰে কাম কৰি দুচকুক সুৰক্ষা দিয়ে। 

মেৰু অঞ্চল আৰু কিছুমান শুকান মৰুভূমিৰ বাহিৰে বিশ্বৰ প্ৰায়বোৰ ঠাইতে মাছৰোকা চৰাই আছে। সমগ্ৰ বিশ্বত মুঠ ৯৩ টা ৰং-বিৰঙী মাছোৰোকাৰ প্ৰজাতি পোৱা যায়৷ অসমত পোৱা প্ৰজাতি কেইটাৰ আকাৰ, দেহৰ বৰণ আৰু সিহঁতৰ বাসস্থান লক্ষ্য কৰিলে সহজে চিনিব পাৰি। সাধাৰণতে নৈ, বিল-পুখুৰীৰ পাৰৰ কোনো গছৰ ডালত দেখা পোৱা সৰু নীল-সেউজীয়া মাছোৰোকাবিধৰ নাম নীলা মাছৰোকা (Common Kingfisher)। সততে দেখিবলৈ পোৱা অন্য এবিধ ডাঙৰ আকাৰৰ মাছৰোকা হ'ল বগা-বুকুৱা মাছৰোকা (White-throated Kingfisher)। নামটোৰ দৰেই ইহঁতৰ মূগা দেহত বুকুৰ বগা দাগটো জিলিকি থাকে।বৰঠুটিয়া মাছৰোকা (Stork-billed Kingfisher) আকৌ তাতোকৈ ডাঙৰ।  ইয়াৰ উজ্জ্বল ৰঙা ঠোঁট আৰু মূগাবৰণীয়া মূৰটো সহজে চকুত পৰে। এই চৰাইটো সাধাৰণতে নদী বা ডাঙৰ পুখুৰীৰ পাৰত দেখা পোৱা  যায়।  

বগা-বুকুৱা মাছৰোকা (Credit- Ali Arsh)

নীল-সেউজীয়া ৰঙৰ সলনি কেৱল ক'লা আৰু বগা ৰঙ থকা মাছৰোকাবিধ হ'ল পখৰা মাছৰোকা (Pied Kingfisher)। ইয়াৰ মূৰত অকণমানকৈ মুকুট বা চূড়া এটি থাকে। ইয়াৰ দৰে দেখিবলৈ সাইলাখ একে অন্য এবিধ মাছৰোকা হ'ল ক্ৰেষ্টেড মাছৰোকা (Crested Kingfisher)। এইবিধ চৰাই পখৰা মাছৰোকাতকৈ আকাৰত কিছু ডাঙৰ। এই দুয়োবিধ মাছৰোকাই সাধাৰণতে খৰস্ৰোতা জুৰি বা নৈৰ পাৰত বাস কৰে।  অসমত দেখা পোৱা অন্য প্ৰজাতিবোৰ হ'ল ব্লাইথ মাছৰোকা (Blyth's Kingfisher), বগা-কণীয়া মাছৰোকা (Blue-eared Kingfisher), বাওনা মাছৰোকা (Black-backed Dwarf Kingfisher),  ক'লা-টুপীৰ মাছৰোকা (Black-capped Kingfisher) আৰু ৰঙচুৱা মাছৰোকা (Ruddy Kingfisher)। ইহঁতৰ প্ৰায়বোৰকে মূলত: ডাঙৰ গছ থকা হাবিতলীয়া জান-জুৰিৰ কাষত বা অৰণ্যত দেখিবলৈ পোৱা যায়। 

মাছৰোকাই পিছে মাছৰ বাহিৰেও বিভিন্ন ধৰণৰ খাদ্য খায়। জলাশয়ৰ কাষত পোৱা জিঞাঁ, পোক-পৰুৱা, গুবৰুৱা, কেঁকোৰা, বেং, মকৰা আদি ইহঁতৰ প্ৰিয় খাদ্য। মাছৰোকা প্ৰায়ে অকলশৰে থাকে। ইহঁতে নিজৰ থকা ঠাইখন অন্য চৰাইৰ পৰা জোৰদাৰ ৰক্ষা কৰি চলে।বসন্তৰ এনে দিনবোৰত পিছে মাছৰোকাই সংগীৰ সন্ধান কৰে। মতা মাছৰোকাই প্ৰায়ে ঠোঁটত মাছ লৈ মাইকী চৰাইজনীৰ কাষ চাপে। যোৰ পাতিলে দুয়ো মিলি জলাশয়ৰ কাষৰ বালিয়া মাটিত বা গছৰ খোৰোঙত বাহ পাতে। মাইকী মাছৰোকাই বাহত ৩-৬ টা শুভ্ৰ কণী পাৰে আৰু দুয়ো পাল পাতি কণীবোৰ  উমনী দিয়ে। পোৱালীবোৰ তিনি-চাৰি মাহ ধৰি খুৱাই দুয়ো মিলি ডাঙৰ কৰে। 

পোৱালিৰ প্ৰতিপালনৰ ক্ষেত্ৰত পখৰা মাছৰোকাই  আকৌ এক আমোদজনক আচৰণ দেখুৱায়৷ পখৰা মাছৰোকাৰ বাহত মাক-দেউতাকৰ উপৰিও ওচৰ সম্পৰ্কীয় চৰায়ে পোৱালি ডাঙৰ-দীঘল কৰাত সহায় কৰে৷ এনেধৰণে নিজৰ পোৱালি নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা পৰিঘটনাটোক সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ গৱেষণাৰ তথ্য অনুসৰি বিশ্বৰ প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ চৰাইৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ আৰু নতুনকৈ প্ৰজননক্ষম হোৱা অনভিজ্ঞ চৰায়ে স্বাধীনভাৱে থকাৰ বাবে হ’বলগীয়া সংকটৰ পৰা ৰক্ষা পোৱা আদিয়ে ইয়াৰ মূল কাৰণ।

মাছৰোকাৰ এই বৈচিত্ৰ্যময় জীৱনৰ বিভিন্ন দিশকলৈ বৈজ্ঞানিক গৱেষণা চলি আছে আৰু নিতৌ ন ন তথ্য পোহৰলৈ আহিছে। অসমৰ থলুৱা মাছৰোকা চৰাইবোৰ পৰ্য্যবেক্ষণ কৰি আমি প্ৰকৃতিৰ এই বিনন্দীয়া জগতখন সুবাস ল'ব পাৰোঁ আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে এখোঁজ আগবঢ়াব পাৰোঁ।

পখৰা মাছৰোকা (Credit- Saumitra Newalkar)



Sunday, 19 March 2023

এলবাৰ্টা ১০২

নৱেম্বৰ, ২০২২

ইতিমধ্যে কানাডাৰ এই এডমণ্টন মহানগৰ বৰফে ঢাকি পেলাইছে। যিফালেই চকু দিওঁ মাথোঁ বৰফৰ শুকুলা দলিচা। অন্য ঠাইৰ দৰে শীতে যেন লাহে লাহে মহানগৰখন গিলিব খোজা নাই। তাতনো কিহৰ মজা! তাৰ সলনি এনিশাতে তাপমাত্ৰা -২০ ডিগ্ৰীলৈ নামিছে। 'ঠাণ্ডা আহি আছে' বুলি কৈ কৈ সাজু হৈ থকা মানুহবোৰো চক খাই উঠিছে।আকৌ পিছদিনাই -৫ ডিগ্ৰী। যেন বতৰটোৱে আমাক জোকাইছে। তাপমাত্ৰাৰ সঘনাই উঠা-নমা কৰি ৰং চাইছে!

অৱশ্যে সেই যে শূন্যৰ তললৈ নামিল তাৰ পৰা পিছে তাপমাত্ৰা আৰু ওপৰলৈ নুঠিল। এবাৰ যি বৰফ পৰিল, সেই বৰফেও গলাৰ নাম নল'লে। তাৰ ওপৰতে পুনৰ বৰফ পৰিল। চৌপাশৰ শুকুলা দলিচাখন ক্ৰমান্বয়ে ডাঠ হৈ গৈ থাকিল।

চুটি হৈ অহা দিনবোৰত দিনৰ পোহৰ দেখা পোৱাই টান হৈ আহিল। মোৰ নতুন অফিচত পুৱা আঠ বাজি পোন্ধৰ মিনিটতে কাম আৰম্ভ হয়। গতিকে আন্ধাৰতে ঘৰৰ পৰা ওলাই বাছ ধৰোঁগৈ। কেতিয়াবা বাহিৰত ধাৰাসাৰ বৰফৰ বৰষুণ দেখি থমকি ৰওঁ। ভাৱোঁ, আজি এই পৰিৱেশত মানুহ কেনেকৈ বাহিৰ ওলাব? গাড়ী-মটৰ কেনেকৈ চলিব?  অফিচ কেনেকৈ হ'ব?

তৰপে তৰপে উমাল কাপোৰৰ মাজত সোমাই বাছত দুলি দুলি গৈ থকা মানুহবোৰে মোৰ আশংকা নোহোৱা কৰি দিয়ে। অহৰহ বাট ভেটি ধৰা বৰফবোৰ স্ন' থ্ৰ'ৱাৰ মেচিনে ঠেলি লৈ যায়। ৰাতিটোৰ ভিতৰতে পোত যাব খোজা গাড়ীৰ খিৰিকী-হুডৰ পৰা বৰফৰ লেপ আঁতৰাই মানুহবোৰ দিহাদিহি ওলায়।

বাচ্‌ আৰম্ভ হৈ যায় এটা নতুন দিনৰ। প্ৰতিকুল বতৰৰ বাবেতো জীৱন ৰৈ নাথাকে। এই ঠাই, ইয়াৰ মানুহৰ বাবে এয়া যেন কেৱল এক প্ৰাত্যহিকতা।  প্ৰত্যেকৰে ধমনীয়ে ধমনীয়ে যেন প্ৰৱাহিত হৈ আছে ঠেঁটুৱৈ লগা জাৰৰ সৈতে সহাৱস্থান কৰাৰ মনোবল আৰু সাহস। তাকে ভৰসা কৰি এডমণ্টনত আৰম্ভ হ'ল মোৰ প্ৰথমটো কেনেডিয়ান শীতৰ ঋতু।


বৰফৰ দলিচাখন


ডিচেম্বৰ, ২০২২

বিশাল অফিচ বিল্ডিংটোৰ এচুকত মই। আজি শুক্ৰবাৰ বুলি যথেষ্ট সকাহ অনুভৱ কৰিছোঁ। সপ্তাহৰ অন্তত যে শনি-দেও দুদিনৰ বিৰতি! 

মাইক্ৰ'ছফট টিমছত আজি দীঘলীয়া অনলাইন মিটিং।কেইখনমান চিনাকি মুখ, বহুতো অচিনাকি নাম আৰু মুখ। সামৰণিত সকলোৱে সপ্তাহৰ শেষ বাবে শুভেচ্ছা জনাইছে। লগতে কৈছে, 'ষ্টে ৱাৰ্ম'! 

হয়তো এই মুলুকত এই পৰিৱেশত সেইটোৱে আটাইতকৈ দৰকাৰী শুভেচ্ছা। এই হাড় কঁপোৱা জাৰত নিজকে উমাল কৰি ৰাখিব পৰাটোৱে ডাঙৰ সফলতা!

মিটিঙৰ শেষত কম্পিউটাৰ বন্ধ কৰি এটা এটাকৈ কাপোৰবোৰ পিন্ধিবলৈ আৰম্ভ কৰিলোঁ। শীত-তাপ নিয়ন্ত্ৰিত অফিচৰ ভিতৰত উমাল কাপোৰ-কানিৰ প্ৰয়োজন নাই। গতিকে অফিচৰ বাহিৰ ওলোৱাৰ পৰতহে সকলোবোৰ গৰম কাপোৰ গাত লওঁ।

'হেভ এ গুড ৱিকেণ্ড।'

মোৰ কাষেৰে পাৰ হৈ যাওঁতে কেথিয়ে ক'লে। কৈয়ে পিছে তেওঁ খন্তেকৰ বাবে ৰৈ গ'ল।

কেথি- আচল নাম কেথেৰিন। মোৰ মেনেজাৰ।  দীঘল লনী দেহৰ এগৰাকী মধ্যবয়সীয়া শ্বেতাংগ মহিলা। কথা-বতৰা আৰু ব্যৱহাৰত সকলো সময়তে পেছাদাৰী সুৰ এটা স্পষ্ট। 

'থেংকছ্‌। আপোনাৰো ৱিকেণ্ড ভালেৰে যাওক।' মই মূৰ তুলি হাঁহি এটাৰে ক'লোঁ।

কেথিয়ে হাঁহিলে। বৰ আমোদেৰে মোলৈ চাই ক'লে,

'তোমাৰ কাপোৰৰ তৰপবোৰ দেখিহে ৰৈ গ'লোঁ। উইণ্টাৰ গিয়েৰ ঠিকেই কিনিছা তুমি।'

মই এই অফিচত জইন কৰাৰে পৰা আৰু এলবাৰ্টাত নতুন বুলি জানিবৰ পৰা সকলোৱে মাজে-মধ্যে মোৰ খৱৰ লোৱা হৈছে। ঠাণ্ডা সহিব পাৰিছোঁনে নাই, উমাল কাপোৰ-কানি-জোতা গোটাই লৈছোঁনে নাই আদিৰ খৱৰ। কেথিও এই সহানুভূতিশীল সহকৰ্মীসকলৰ মাজৰ এগৰাকী। হয়তো মেনেজাৰ বাবে মোৰ প্ৰতি তেওঁৰ এক দায়িত্ববোধো আছে। 

বিৰতিৰ দিন দুটা কেনেকৈ কটাম তাকে লৈ আমি ইটো সিটো পাতিলোঁ। সপ্তাহৰ অন্ত মানেই ইয়াত যেন এক বিশেষ আয়োজন। সপ্তাহৰ পাঁচটা দিন কৰ্মব্যস্ত হৈ থকা মানুহবোৰে শনি-দেওত জিৰণি লয়, পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে সময় কটায়, ফুৰিবলৈ যায়। যেন প্ৰতিটো সপ্তাহৰ অন্তত জীৱন উদযাপন কৰাৰ মহৌষধ হৈ পৰে এই দুটা দিন। 

'কাইলৈ তাপমাত্ৰা এক ডিগ্ৰীলৈকে উঠাৰ কথা। ৰ'দো আছে। গতিকে স্কি কৰিবলৈ যাম বুলি ভাৱিছোঁ। ইমান ভাল বতৰৰ দিন এটা অথলে যাবলৈ দিব নোৱাৰি।' কেথিয়ে ক'লে।

তেওঁ যোৱালৈকে চাই চাই মই থমকি ৰ'লোঁ। 

এক ডিগ্ৰী! ভাল বতৰ! 

যেন মনৰ তুলাচালনীত বহু কথাই খেলিমেলি হৈ পৰিছে। যেন বেজুখীয়া হৈ গৈছে মোৰ অতদিনৰ মাপকাঠিবোৰ। 

নিজকে প্ৰবোধ দিলোঁ, এয়া মাথোঁ নতুন জীৱনৰ এক পৰিৱৰ্ত্তিত দিশ। অন্য সকলোবোৰৰ দৰে এদিন হয়তো মোৰ বাবেও এয়া হৈ পৰিব দৈনন্দিন জীৱন। পৰিৱৰ্ত্তন যে জীৱনৰ এক অংগ!

বৰফ আৰু আন্ধাৰ নেওচি প্ৰতি পুৱা জিলিকি উঠে অফিচৰ কোঠাবোৰ

জানুৱাৰী, ২০২৩

ডাক্তৰৰ ক্লিনিক। ভিতৰ সোমালোঁ যদিও মোৰ গাত তেতিয়াও আঁঠুলৈকে পৰা উমাল কোট।  মূৰত শকত ঊলৰ টুপী, মাফলাৰ। ভৰিত উমাল দুযোৰকৈ মোজা আৰু নোমাল বুটজোতা। হাতত গ্ল'ভছৰ ওপৰতো আকৌ মিটেন। সকলো -৫০ ডিগ্ৰীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা। এই হাড় কঁপোৱা শীতৰ বতৰত মোৰ ইউনিফৰ্মৰ দৰে হৈ পৰা সাজবিধ। 

ডাক্তৰ টাৰিকে খুঁটি-নাতি মাৰি মোৰ আৰু পৰিয়ালৰ ৰোগৰ ইতিহাস টাইপ কৰি গৈছে। মনত পেলাই পেলাই ককা-আইতালৈকে সকলোৰে ৰোগৰ খতিয়ান দিয়াৰ চেষ্টা কৰিছোঁ।

তেওঁৰ মনোযোগ আৰু নম্ৰ কথা-বতৰাই মোক যথেষ্ট আশ্বস্ত কৰিছে। লগতে মোৰ ফেমিলি ডাক্তৰ হ'বলৈ মান্তি হোৱা বাবেও তেওঁৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছোঁ। সমগ্ৰ কানাডাতে নতুন ৰোগীৰ দায়িত্ব চমজি ল'বলৈ ডাক্তৰৰ নাটনি এতিয়া। আজি কেইবামাহ বিচাৰি বিচাৰি কোনোমতে এই এগৰাকী ফেমিলি ডাক্তৰ পাইছোঁ। তাতে সকাহবোধ। কিন্তু এতিয়াও এইগৰাকী ডাক্তৰৰ বিষয়ে বিশেষ একোৱে নাজানোঁ। 

সকলো সামৰি উঠিবৰ পৰত তেওঁ হঠাতে সুধিলে,

'আজি গৰম পৰিছে নেকি বাৰু?'

'নাইতো, কিয় সুধিলে?'

'মোৰ আগৰ কেইবাজনো ৰোগীয়ে জেকেট- টুপী একো নলগোৱাকৈ অহা দেখিলোঁ। আজি কামৰ ব্যস্ততাত বাহিৰ ওলাবলৈকে সুযোগ পোৱা নাই। সেয়ে ভাৱিলোঁ বতৰৰ আজি ৰূপেই বেলেগ বা। তোমাক দেখিহে খেলিমেলি লাগি গ'ল!'

মোৰ সাঁথৰ ভাঙিল। আচৰিত নহ'লোঁ। বিশেষ নভৱাকৈয়ে ক'লোঁ,

'অঁ, সেইটো কথা। তেওঁলোক সকলো এলবাৰ্টান। মই নহয়!' 

'ময়ো নহয়!' তেওঁ হোহোৱাই হাঁহি উঠিল।

গম পালোঁ ডাক্তৰ টাৰিক মূলত মধ্যপূব দেশীয়। মোৰ দৰে একে সময়তে আহি এলবাৰ্টাত নতুনকৈ থিতাপি লৈছেহি। আহিয়ে ঠাণ্ডাৰ প্ৰতাপত মোৰ দৰেই তেৱোঁ হাবু ডুবু খাইছে।

ক্ষন্তেকতে যেন আমাৰ মাজত এক সৌহাৰ্দ্য গঢ়ি উঠিল। একো নোকোৱাকৈয়ে দুয়ো বুজি পালোঁ এই ঠাইৰ শীতৰ দিনবোৰত নতুন আবাসীৰ সংগ্ৰাম। বুজি পালোঁ বতৰক লৈ, সেই বতৰৰ প্ৰতি স্থানীয়সকলৰ প্ৰতিক্ৰিয়া দেখি হোৱা খেলিমেলিবোৰ। 

'আকৌ লগ পাম তেনে। গুড লাক!' তেওঁ হাঁহি হাঁহিয়ে ক'লে।

'আপোনালৈকো!' হাঁহিমুখেৰে মই বাহিৰ ওলালোঁ।

এলবাৰ্টাত মোৰ নতুন ইউনিফৰ্ম

ফেব্ৰুৱাৰী, ২০২৩

'আজি মোৰ লগত ওলাবানে?' তিলে ইংৰাজীতে সুধিলে। মোৰ চুবুৰীতে বন্ধু মেট- টিগান আৰু সিহঁতৰ ছবছৰীয়া ছোৱালী তিলৰ ঘৰ।

'ক'লৈ?'

'শ্লেডিং কৰিবলৈ?'

অলপ ভাৱিব লগাত পাৰিলোঁ। প্ৰায়ে শনি বা দেওবাৰে তিলে মোক লগ ধৰে। কেতিয়াবা সিহঁতৰ ঘৰলৈ গৈ তাইক সাধু শুনাবলৈ নাইবা তাইৰ সৈতে ঘৰৰ কাষৰ অৰণ্যখনত খেলিবলৈ। 

কিন্তু শ্লেডিং মোৰ বাবে নতুন খেলা! বৰফৰ খেলাত যে মই তেনেই অনভ্যস্ত! তিলৰ উৎসাহ দেখি না কৰিবলৈ বেয়া পাইহে ক'লোঁ,

'ঠিক আছে যাম। মই পিছে কেতিয়াও শ্লেডিং কৰি পোৱা নাই।'

তিলে কিৰিলি পাৰি উঠিল,
'মই শিকাই দিম তোমাক। এক্কেবাৰে সহজ।'

কথামতেই সিদিনা আবেলি আমি মিল নদীৰ পাৰলৈ ওলালোঁ। টিগান আৰু মই পদপথেৰে খোজ দিলোঁ। তিলে বাটৰ কাষৰ বৰফৰ দ'মবোৰেৰে এবাৰ বাগৰি এবাৰ জপিয়াই খেলা কৰি কৰি আমাৰ পিছে পিছে আহিল। তাইৰ লগত নীলা প্লাষ্টিকৰ শ্লেডখন। তাকে দেখি মোৰ সৰুতে টনা তামোলৰ ঢকুৱাখনলৈ মনত পৰিল। যেন একেই খেল, একেই শৈশৱৰ নিৰ্মল আনন্দ। মাথোঁ ভিন্ন যুগ আৰু ভিন্ন পৰিৱেশ!

'এইখনত বহি আমি পাহাৰৰ পৰা কিমান খৰকৈ নামিম চাবা।' তিলে আহল-বহল হাঁহি এটাৰে ক'লে। 

তাইৰ উমাল কাপোৰৰ ওপৰত পেণ্ট আৰু জেকেট একেলগ কৰি বনোৱা এযোৰ এজাৰৰঙী স্ন'চ্যুট। মূৰত উমাল ৰঙা টুপী। মিটেন আৰু বুটছেৰে গোটেইজনী বৰফৰ খেলাৰ বাবে সম্পূৰ্ণ প্ৰস্তুত।

আমাৰ চুবুৰীৰ পৰা দুই মিনিটৰ বাটতে মিল নৈ আৰু দুয়োকাষৰ অৰণ্য। গৈ দেখোঁ লঠঙা এছপেন গছৰ কাঠনি আৰু শুভ্ৰ বৰফৰ দলিচাত শুই থকা নদীৰ দুয়োপাৰ আজি মুখৰিত হৈ পৰিছে। গোটেই চুবুৰীৰে মানুহবোৰ যেন ওলাই আহিছে। দেওবাৰৰ আবেলিৰ ৰ'দজাক গাত লৈ কণমাণিহঁতে ইফালে সিফালে লৰি ঢাপৰি ফুৰিছে। কোনোবাই বৰফৰ সৰু সৰু দ'মবোৰৰ ওপৰত বহি চুঁচৰি দিছে, কোনোবাই গছ এডালতে ওলমিছে, কোনোবাই আকৌ বৰফৰ ঘৰ সাজিছে। মোৰ ভিতৰি অলপ ঈৰ্ষা হ'ল সিহঁতলৈ- এই বয়সত কেনে এক অপূৰ্ব খেলাৰ ঠাই পাইছে সিহঁতে!


তিলৰ খেলাৰ অপূৰ্ব ঠাই

টিগান আৰু তিলক কেইবাজনেও মাত লগালেহি। 

'আজিৰ এই ৰ'দাল আবেলিটো যেন আশীৰ্বাদ হৈ আহিছে!' এজনে বৰ গদ্‌গদ্‌ ভাৱ এটাৰে উচ্চাৰিলে। কৈয়ে তেওঁ বৰফৰ ওপৰেদিয়ে ষ্ট্ৰলাৰৰ মজবুত চকা টানি টানি শিশুটিক আগবঢ়াই নিলে।

'নৈৰ সিটো মূৰত এডোখৰ ঠাই স্কেটিঙৰ কাৰণে আজি বঢ়িয়া হৈ উঠিছে। আমি তালৈকে ওলাইছোঁ।' দুজনী কণমানি ছোৱালীৰ সৈতে খদমদমকৈ পাৰ হৈ যোৱা মাকগৰাকীয়ে ক'লে।

টিগানে সকলোৰে লগত মোকো চিনাকি কৰি দিলে। এনে সুযোগবোৰ তাই যেন কেতিয়াও নেৰে। মই ইয়ালৈ অহাৰে পৰা এই চুবুৰীৰ প্ৰতিঘৰ মানুহৰ সৈতে মোক চিনাকি কৰাই দিয়াৰ দায়িত্ব তাই নিজেই লৈ লৈছে।

'তোমালোক ইমান পুৰণি বন্ধু!' চিনাকি হৈ এজনে ক'লে।

'হয়, হয়। জন্মৰ পিছত তিলক প্ৰথম কোঁচত লোৱা মানুহবোৰৰ ভিতৰত জলিও আছিল!' টিগানৰ কথাত গৌৰৱৰ সুৰ।

সেইজনী তিলৰ সৈতে শৈশৱৰ এই সময়ছোৱা যে আকৌ একেলগে কটাবলৈ পাইছোঁ এই উপলব্ধিটোৱে মোৰ মনটো জুৰাই পেলালে। এই দিনবোৰেইতো এদিন তাইৰ বাবে সোণালী স্মৃতি হৈ পৰিব। গোটেই জীৱন বুকুত লালন কৰিব তাই এইবোৰ মুহূৰ্তৰ সোঁৱৰণি! কিমান মূল্যৱান, কিমান হেপেঁহুৱা এই সময়!

'এইখিনিতে শ্লেডিং ভাল হ'ব।' তিলৰ উত্তেজিত চিঞৰত মোৰ তন্ময়তা ভঙিল।

মূলবাটৰ কাষতে এঢলীয়া এটা লুংলুঙীয়া বাট থিয়কৈ নামি গৈ নৈৰ পাৰ পাইছেগৈ। তললৈ ডিঙি মেলি চাই সন্দেহেৰে ক'লোঁ,

'সঁচাই ইমান ওপৰৰ পৰা নামিব পাৰিম জানো?' 

'পাৰিবা, আহা।' তিলে মোক হাতত ধৰি টানিলে। 'মই তোমাক দেখুৱাই দিম নহয়।'

তিলৰ সৈতে শ্লেডিং
টিগানলৈ চালোঁ। এই কণমানিজনীক থিয় গঁৰাটোৰে তেনেকৈ নামিবলৈ দিব জানো বুলি ভাৱি।

'পাৰিবা, পাৰিবা।' তায়ো তিলৰ লগতে সুৰ মিলাই ক'লে।
'এইখন নৈৰ দুয়োপাৰে হাবিয়ে-বননিয়ে খেলিয়ে তিল ডাঙৰ হৈছে। সেই গঁৰাটোত তাই বহুতবাৰ শ্লেডিং কৰিছে।'

'মোৰ গোটেই জীৱনটো ইয়াতে পাৰ কৰিছোঁ জানা।' তিলে আমাৰ কথা শুনি গম্ভীৰভাৱে ক'লে। 

হাঁহি পেলালোঁ মই। এই ছবছৰীয়া কণমাণিজনীয়ে তাইৰ গোটেই জীৱনৰ কথা কয়!

তিলে ক'লে, 'তোমাৰ ভয় লাগিলে মোক ধৰি ল'বা। মাজতে যে দেখিছা সৌখিনিত বাটটোৱে ভাঁজ লৈছে তাতে এনেকৈ গাটো বেঁকা কৰি শ্লেডখন পোনাব লাগিব।'

তিলে শ্লেডৰ গতি সলাবলৈ কেনেকৈ বেঁকাকৈ হাওলিব লাগিব দেখুৱালে। 

'ঠিক আছে। বুজিলোঁ বাৰু।' মই হয়ভৰ দিলোঁ। 

অগ্যতা তিলৰ পিছফালে শ্লেডখনত বহি ল'লোঁ।

'তেনে ৰেডি?' তাই সুধিলে।

'ৰেডি!'

এইবাৰ গাৰ বলেৰে দুয়ো শ্লেডখন আগবঢ়াই নিলোঁ। 

গঁৰাটোৰ মুখ পাই মই এৰি দিলোঁ নিজকে। হুৰহুৰাই বৰফ ঠেলি শ্লেডখন উৰন্ত গতিৰে নামি গ'ল। হুইইইইইইট!

তিল আৰু মোৰ চিঞৰ-হাঁহি-খিকিন্দালিবোৰ এক হৈ গৈ মিল নৈৰ দুয়োপাৰে ঠেকা খালেগৈ।

Sunday, 5 March 2023

এলবাৰ্টা ১০১

এডমণ্টন। কানাডাৰ পশ্চিমমূৰৰ এলবাৰ্টা নামৰ প্ৰদেশখনৰ ৰাজধানী চহৰ। নতুনকৈ এই মহানগৰীত মোৰ এটা ঠিকনা হৈছে। চৰকাৰী চাকৰিয়াল হিচাপে এটা নতুন জীৱনৰ আৰম্ভণি হৈছে। ভেনকুভাৰৰ পূৰ্বৰ ঠিকনাটোৰ মায়া এতিয়াও যোৱা নাই। তাত এৰি অহা পৰিচিত জীৱনটোৰ সুগন্ধি তেতিয়াও মোৰ দেহ-মনৰ পৰা আঁতৰা নাই।

শৰতৰ আবেলি এটা। বন্ধু মেট আৰু টিগানৰ ঘৰত আড্ডা বহিছে। কথা প্ৰসংগত অন্য দিনাৰ দৰেই দুয়ো উনুকিয়ালে, শীত আহি আছে। সোনকালে সকলো গিয়েৰ কিনাৰ দৰকাৰ। অহাৰ দিনাৰে পৰা চিনাকি-অচিনাকিজনৰ পৰা এই কথাষাৰেই শুনি আহিছোঁ যেন, 'শীত আহি আছে!' 

সুধিলোঁ সেয়ে। কি কি উইণ্টাৰ গিয়েৰ লাগিব?

'এটা উমাল জেকেট লাগিব।' টিগানে তপৰাই কোৱাদি ক'লে।

'আছেতো!'

'আঠুলৈকে পৰা? -৫০ ডিগ্ৰীতো উম দিব পৰা?'

-৫০ ডিগ্ৰী!! মই মূৰ জোকাৰিলোঁ।  তাই কৈ গ'ল,

'বুটজোতাও লাগিব। একেই। -৫০ ডিগ্ৰীৰ কাৰণে বিশেষভাৱে নিৰ্মিত।'

মেটে যোগ দিলে, 'থাৰ্মেল ৱেৰ, ঊলৰ টুপী, মাফলাৰ, মোজা, গ্ল'ভছ, মিটেন...'

'মিটেন কিয়?'

দুয়ো হাঁহিলে। হয়তো মোৰ অনভিজ্ঞতা দেখি অকণমান পুতৌও উপজিল।

টিগানে সহানুভূতি সনা সুৰ এটাৰে ক'লে,' কেৱল হাত মোজাৰে ইয়াত ঠাণ্ডা নুগুচে। তাৰ ওপৰত আকৌ মিটেন পিন্ধিব লগা হয়। মিটেনত হাতৰ আঙুলীবোৰ একেলগে থাকে কাৰণে উমো বেছি।'

'গোটেইবোৰ ফ্লিচ লাইনড হ'ব লাগিব দেই। তাৰ পিছতো ঠাণ্ডা লাগি থাকিলে হেণ্ড আৰু ফুট ৱাৰ্মাৰো লাগিব।' মেটে তাৰ ভৰিৰ পায়জামা কোঁচাই তাৰ তলত পিন্ধি থকা ফ্লিচ লাইনড থাৰ্মেল পেণ্ট দেখুৱালে।

ভিতৰি মোৰ মনটো অলপ চমকি উঠিল। যোৱা দহ বছৰ মান ঠাণ্ডা দেশতে কটাইছোঁ। মেট আৰু টিগানৰ সৈতেই চাৰিটা বছৰ ইংলেণ্ডত আছিলোঁ। কেতিয়াও এনেদৰে শীতৰ বাবে যা-যোগাৰ কৰা মনত নপৰে। 

'ইংলেণ্ডৰ লগত ইয়াৰ শীতকাল নিমিলে দেই। ভেনকুভাৰ আৰু এডমণ্টনৰ বতৰৰো আকাশ-পাতাল পাৰ্থক্য।' টিগানে যেন মোৰ মনৰ ভাৱ বুজিয়ে ক'লে।

'সেইবোৰ ঠাইত বছৰত কেইটামান দিন মাথোঁ বৰফ পৰে। এডমণ্টনত পাঁচ-ছমাহলৈ বৰফৰ দলিচা নাঁতৰে।'

মোৰ শুকাই যোৱা মুখখন দেখিয়ে কিজানি মেটে ক'লে,

'লাহে লাহে ইয়াৰ বতৰতো অভ্যস্ত হৈ পৰিবা। বৰফ থকা দিনবোৰতো বাহিৰত বহুত খেল খেলিব পাৰি। আমি আছোঁ নহয়। এইবাৰ একেলগে স্ফূৰ্ত্তি কৰিম।'

আমাৰ কথাবোৰ শুনি থকা কণমানি তিলে মাত দিলে,

'আমি একেলগে স্কেটিং কৰিম, স্কি কৰিম। তুমি মোক শ্লেডিঙ কৰাবা। কিমান স্ফূৰ্ত্তি লাগিব!'

তিল মেট আৰু টিগানৰ ছোৱালী। আঠবছৰীয়া তিলৰ মই অহাক লৈ উত্তেজনাৰ শেষ নাই। তাইৰ উৎসাহত সঁহাৰি দি হাঁহি হাঁহি ক'লোঁ, 'অঁ অঁ, কৰিম। কিয় নকৰিম!'

সিদিনা পিছে ঘৰলৈ উভতাৰ পৰত ভাৱিলোঁ, এইটো যেন সঁচাই এক নতুন জীৱন, এটা নতুন লাইফ ষ্টাইল। পাৰিমনে? জীৱনৰ এই নতুন ধৰণটো আপোন কৰি ল'ব পাৰিমনে? একো উত্তৰ নাপালো। কিন্তু সেইদিনাৰ পৰা সঁচাই শীতৰ প্ৰস্তুতি আৰম্ভ কৰিলোঁ ।

ফটো: এলবাৰ্টা প্ৰাউড গোট

নৱেম্বৰ মাহৰ এটি সুকোমল পুৱা।

'তুমি ঠিকে আছানে? বৰফ দেখি চক খোৱা নাইতো?'

ৰাতিপুৱাই ফোনত তিলৰ উত্তেজনা ভৰা মাতটো ভাঁহি আহিল। কালি নিশা প্ৰথমবাৰৰ বাবে ইয়াত বৰফ পৰিল। শীতৰ আৰম্ভণি বুলি এডমণ্টনে যেন সকলোকে সোঁৱৰাই গ'ল।

খিৰিকীৰ পৰ্দা টানিয়ে দেখা পালোঁ, সকলো ফালে শুকুলা বৰফৰ দলিচা। লঠঙা গছৰ ডাল, বাট-পথ, আনকি মোৰ ঘৰৰ বাৰাণ্ডালৈকে বৰফ!

'স্ন' শ্ব'ভেলিং কেতিয়া কৰিব লাগে?'

মেট-টিগানলৈ মেচেজ কৰিলোঁ।

প্ৰত্যেকেই নিজৰ ঘৰৰ সন্মুখৰ পদপথটোৰ বৰফ আঁতৰাব লাগে। সেয়াই স্ন' শ্ব'ভেলিং। এয়া মিউনিচিপালিটিৰ নিয়ম।

'বৰফ পৰাৰ পিছত যিমান পাৰি সোনকালে কৰিলে ভাল। আঁতৰাবলৈ সহজ।' টিগানে ক'লে।

'আৰু একেৰাহে বৰফ পৰি থাকিলে?'

'তেতিয়া যিমান পাৰি ঘনাই কৰিব লাগে। কেতিয়াবা দিনটোতে কেইবাবাৰো কৰিব লগা হয়।'

'বৰফ পৰাৰ ৪৮ ঘণ্টাৰ ভিতৰতে স্ন' শ্বভেলিং নকৰিলে মিউনিচিপালিটিয়ে জৰিমণাও ভৰাব পাৰে। বাটেৰে খোজকাঢ়ি যোৱা মানুহৰ কষ্ট হয় যে।' মেটে যোগ দিলে।

ইউ টিউবতে স্ন' শ্ব'ভেলিঙৰ 'ক্ৰেছ ক'ৰ্ছ' এটা কৰি গায়ে-মূৰে উমাল কাপোৰ লৈ ওলাই গ'লো। শীতক লৈ তিলৰ উত্তেজনাখিনি মোলৈকো যেন বিয়পিল। 

বৰ উলাহেৰে বেলচা এখনেৰে ঘৰৰ সন্মুখৰ বাটটোৰ বৰফবোৰ ঠেলি নিলোঁ। মোৰ ঘৰৰ সীমাৰ পোনে পোনে পদপথৰ অংশটোৰ বৰফ আঁতৰাই মুকলি কৰি পেলালোঁ।

সেয়াই আৰম্ভণি। তাৰপিছত এই কামটো হৈ পৰিল মোৰ দৈনন্দিন জীৱনৰ এটা অংগ। আগৰ সেই শিহৰণ, সেই মাদকতাৰ সলনি স্ন' শ্ব'ভেলিং হৈ পৰিল এক ৰুটিন। এলবাৰ্টাৰ নতুন জীৱনৰ এক গতানুগতিকতা।



প্ৰথম দিনাৰ স্ন' শ্ব'ভেলিং

Sunday, 26 February 2023

সংযোগ (চুটিগল্প)

ৰেষ্টোৰাঁখনৰ ঠিক সন্মুখতে থিয় দি ফাৰহানাই ফোনটো উলিয়াই চালে। তিনি বাজিবলৈ এতিয়াও দহ মিনিট বাকী। বিনীতক ইয়াতে ঠিক তিনিবজাত লগ পোৱাৰ কথা। ক'ৰবালৈ যাবলৈ উদ্বিগ্ন হৈ থাকিলে তাই প্ৰায়ে সময়তকৈ আগেয়ে সেই ঠাই ওলায়গৈ। আজিও তাৰ ব্যতিক্ৰম নহ'ল। তাইৰ দৰে সিও কেনেবাকৈ আগতীয়াকৈ আহি ৰৈ আছেহি নেকি বাৰু? কথাটো মনলৈ অহাৰ লগে লগে তাই সন্তৰ্পনে ইফালে-সিফালে চালে। 

চাৰিওদিশে মুম্বাইৰ আবেলিৰ চিৰাচৰিত ব্যস্ততা। ৰেষ্টোৰাঁৰ সন্মুখৰ পথেৰে অলেখ অসংখ্য গাড়ী-মটৰ, স্কুটাৰ-চাইকেল আৰু পদচাৰীৰ অহা-যোৱা। সেইবোৰৰ সন্মিলিত এক বেসুৰা টান অহৰহ তাইৰ কাণত পৰিছেহি। বাটৰ সিপাৰে পাউ ভাজিৰ এজন বেপাৰী। তেওঁ তাৱাৰ পাউৰুটীত দিয়া বাটাৰৰ টুকুৰাবোৰ ফিচ্‌ ফিচ্‌ শব্দ কৰি নিমিষতে গলি পৰিছে। কাষতে ষ্ট'ভৰ ওপৰত প্ৰকাণ্ড কেৰাহীত আলু আৰু বিলাহীৰ ৰঙা মছলাত বুদ্বু‌দনি উঠিছে। ষ্টিলৰ থালত তেওঁ দুটা পাউৰুটী সজাই কাষত মছলাৰ ওপৰতে আকৌ বাটাৰ এটুকুৰা ওপঙাই দিছে। থালৰ একাষে মিহিকৈ কুটি দিয়া পিয়াঁজ, কেঁচা জলকীয়া আৰু গোল নেমু দুটুকুৰা। বাটৰ কাষতে থিয় দি সেই পাউ ভাজিৰ সোৱাদ লোৱাত ব্যস্ত দুজনমান গ্ৰাহক। 

বিনীত যেন লগা কাকো চকুত নপৰিল ফাৰহানাৰ। এস্‌, দেখিলেও জানো সঁচাই তাক চিনি পাব? বিনীতৰ ফটোখন ফোনত উলিয়াই লৈ তাই আকৌ এবাৰ চালে। হাহোঁ নাহাহোঁকৈ থকা এখন মুখ। যেন ফটোৰ বাবে কেনেকৈ প'জ দিব ঠিক সিদ্ধান্ত কৰিব পৰা নাই! ডাঠ চেলাউৰিৰে দুচকুত এটা গম্ভীৰ ভাৱ। কাণৰ লতি পাৰ হৈ যোৱা কেকুৰা চুলি। কিমান ওখ বা চাপৰ সেয়া পিছে ফটোৰ পৰা ধৰিব নোৱাৰি। এইবাৰ তাই বাম্ব'ল এপটো খুলি তাৰ অন্য ফটো দুখনত চকু ফুৰালে। এখনত সাগৰৰ ঢৌবোৰৰ সন্মুখত বিনীতৰ হাঁহিভৰা মুখ। আনখন এক ঘৰুৱা পৰিৱেশত ক্ল'জ আপ ফটো। কিন্তু তিনিওখন ফটোতে চেহেৰাটো যেন অলপ বেলেগ। হয়তো ভিন্ন প'জত, ভিন্ন সময়ত তোলা ফটো।

অগ্যতা তাই তাতে থিয় দি বিনীতলৈ মেচেজ লিখিলে। তাই সোনকালেই পালেহি। সেয়ে সিও কেনেবাকৈ আহিল নেকি খৱৰ কৰিছে। সেয়া পঠাই লৈ তাই ক'ব নোৱাৰাকৈয়ে বিনীতলৈ দিয়া আগৰ মেচেজ কেইটা পঢ়ি চালে। মাথোঁ দুসপ্তাহৰ আগৰ অনলাইন চিনাকি। প্ৰথমে বিনীতেই দুই এটা কথা সুধিছে। সৌজন্যসূচক কথা-বতৰাৰ পিছতে সি কৈ পেলাইছে, এনেকৈ অনলাইন কথা পতাৰ সলনি সি মুখামুখিকৈ লগ পাব খোজে। ডিজিটেল পৃথিৱীত আন্তৰিকতাৰ সুবাস বিচৰাত এতিয়াও বহু অসহজ ফাৰহানা। গতিকে তায়ো মুখামুখি চিনা-পৰিচয়ৰ বাবে তৎক্ষণাত মান্তি হৈ গৈছে  

বেছ কিছুপৰলৈ একো উত্তৰ নাপাই ৰেষ্টোৰাঁলৈ সোমাই যাব খুজি তাই আকৌ ৰৈ গ'ল। চকুত পৰিল, বিপৰীত দিশৰ পৰা খোজেৰে আহি আছে এজন যুৱক। সি তাইলৈ চাই হাত দাঙিছে। মুখত স্মিত হাঁহি। হাঁহিটোতে ফাৰহানাই চিনিলে। সেয়া বিনীতেই! ঠিক শকত বুলিব নোৱাৰিলেও তাৰ দেহত কিছু মেদৰ আভাস। কিন্তু ওখ-পাখ বাবে সেয়া ঘপকৈ চকুত নপৰে। ফটোৰ দৰেই কিছু দীঘল কেকুৰা চুলি কিন্তু ষ্টাইল ভিন্ন। মূৰৰ সোঁমাজৰ দীঘল চুলিখিনিৰ এটা পনিটেইল। তাৰ দুয়োকাষে একেবাৰে চুটিকৈ কাটি ৰখা চুলি। শুধ বগা টিচাৰ্টত নীলা এক অবোধ্য আঁক বাঁকলগতে গাঢ় নীলা ডিছট্ৰেছ্ড‌ জিনছটোৰে দেখাত অলপ হিপ্ষ্টা‌ৰ যেন আৱহাৱা।

'হাই! অলপ দেৰি কৰিলোঁ নহয়? বেয়া নাপাবা দেই!' তাইৰ কাষ চাপি আহি বিনীতে ইংৰাজীতে ক'লে। সিহঁত যেন বহুদিনৰ চিনাকি তেনে এটা ভাৱেৰে। 

প্ৰায় লগে লগেই ফাৰহানাই যেন এক স্বস্তিৰ নিশ্বাস পেলালে। তাইৰ ভাৱ হ'ল, এই ল'ৰাজনৰ সৈতে মুকলিকৈ কথা পাতিব পাৰি; একেলগে ৰেষ্টোৰাঁত বহি এসাঁজ খাব পাৰি। সেই স্বস্তিৰ উৎস কি তাই নিজেও বুজিব নোৱাৰিলে। 

তাই তাক আশ্বস্ত কৰিলে, নাই, একো নাই। তাইহে সময়তকৈ আগতেই পাইছেহি। দুয়ো ৰেষ্টোৰাঁলৈ সোমাই যোৱাৰ পৰত বিনীতে তাইলৈ চাই মিঠা হাঁহি এটাৰে ক'লে,

'তোমাক সঁচাই বৰ ধুনীয়া দেখাইছে!' 

ফাৰহানাৰ দেহত ঠিক আঁঠুত পৰা এটা কুহুম বৰণীয়া ড্ৰেছ। তাৰ ওপৰত ডাঠ নীলা ডেনিমৰ জেকেটটো। প্ৰথম ডেট বুলিয়ে মুখত কিছু প্ৰসাধন। 

বিনীতৰ কথাষাৰে তাইৰ মুখখন কিছু ৰাঙলী কৰি পেলালে। এটা শিহৰণ বৈ গ'ল মূৰৰ পৰা ভৰিৰ আঙুলীলৈকে। হাঁহি এটাৰে তাই ক'লে, 'থেংক ইউ!'  

ৰেষ্টোৰাঁৰ এচুকৰ দুজনীয়া টেবুল এখনত সিহঁত মুখামুখিকৈ বহিল। সি মেন্যুখন হাতত লৈ চকু ফুৰোৱাৰ সময়ত ফাৰহানাই আঁৰ চকুৰে তালৈ দুবাৰমান চালে। সেই মুখখনত আপোনত্বৰ কিবা চানেকি পায় নেকি তাৰে যেন সন্ধান কৰিলে। কিন্তু তাইৰ উদ্বেলিত মনৰ ঢৌবোৰ বাৰে বাৰে ঠেকা খালেহি সেই একেটা প্ৰশ্নতে। ভাৱিব পাৰিনে এনেকৈয়ে কাৰোৱাক জীৱনসংগী কৰাৰ কথা? এনেকৈয়ে দুটা সমান্তৰাল বাট মিলি যোৱাৰ কথা?

'কি খাবা?' বিনীতে মূৰ তুলি চাওঁতে ফাৰহানাৰ চকুৱে চকুৱে পৰিল। তাইৰ অপ্ৰস্তুত ভাৱটো লক্ষ্য নকৰা যেন দেখুৱাই সি পুনৰ ক'লে,

'তুমি বিচাৰা যদি ভিণ্ডালু খাই চাব পাৰা। গোটেই মুম্বাইত এনে সোৱাদ বিচাৰি নোপোৱা।'

'অঁ হয় নেকি? তুমি তেনে ইয়ালৈ প্ৰায়ে আহা?'  

'অঁ অঁ, ভিণ্ডালুৰ সোৱাদ ল'বলৈকে আহোঁ।' কৈ সি সশব্দে হাঁহিলে। 

ফাৰহানাই নক'লে, ইয়াৰ পৰা যে তাইৰ এপাৰ্টমেণ্টলৈ খোজেৰে মাথোঁ দহমিনিটৰ বাট।তাই এতিয়ালৈকে বহুবাৰ ইয়াত ভিণ্ডালুকে ধৰি অন্য খাদ্যৰ জুতি লৈছেহি। কিন্তু আগতে কেতিয়াও বিনীতৰ সৈতে দেখাদেখি হোৱা মনত নপৰে। তাই কল্পনা কৰিলে, বহুবাৰ হয়তো এই ৰেষ্টোৰাঁ বা ইয়াৰ আশেপাশে সিহঁত ইটোৱে সিটোৰ কাষেৰে পাৰ হৈ গৈছে। মহানগৰীৰ ভিৰত কেতিয়াবা হয়তো অজানিতে ইটোৱে সিটোৰ কান্ধত খুন্দা এটাও মাৰি গৈছে।  তেনেকৈ বহুবাৰ কিজানি লগ পায়ো নোপোৱা হৈ শেষত সিহঁত মুখামুখি হৈছেগৈ ডিজিটেল পৃথিৱীখনত! 

খাদ্য অহালৈ সিহঁতৰ গতানুগতিক চিনাকি পৰ্ব চলিল। ফাৰহানা অসমৰ নহয় জানো? বিনীতৰ লগৰ ল'ৰা এটাৰ ঘৰ গুৱাহাটীত।সি বন্ধুৰ লগতে কেইবাৰমান অসমলৈ গৈছে। অঁ হয় নেকি! তাই পিছে শিৱসাগৰৰহে। মাথোঁ এবছৰ আগতেহে অসম এৰি আহি মুম্বাইত চাকৰি লৈছেহি।

বিনীতে তাৰ নিজৰ চিনাকি দিলে। সি মাৰাঠী ল'ৰা। কিন্তু বাংগালোৰত ডাঙৰ হৈছে। 

এনেতে টেবুলত ৱেইটাৰে ডহী পুৰীৰ প্লেটখন থৈ গ'লহি। ঘুৰণীয়া পুৰীকেইটাৰ ভিতৰত আলু পিটিকা, তাৰ ওপৰত মিহিকৈ কুটা পিয়াজ, ধনীয়া, বিলাহী আৰু ভূজীয়া। একেবাৰে ওপৰত উদাৰতাৰে ঢালি দিয়া উপচি পৰা দৈ। কথাৰ মাজতে ফাৰহানাকো ল'বলৈ কৈ বিনীতে বৰ তৃপ্তিৰে এটা ডহী পুৰী মুখত ভৰালে। তাৰ অজানিতে ওঁঠৰ ঠিক তলতে চিকুণকৈ ৰখা দাঢ়ি দুডালমানত দৈ অকণমান লাগি ৰ'ল। ডহী পুৰী খাবলৈ লৈও ঠিক সেইখিনিতে ফাৰহানাৰ দুচকু থৰ হৈ ৰ'ল। বেছ কিছুপৰৰ বাবে। বহু চেষ্টা কৰিও তাৰ পৰা চকু আঁতৰাই তাই খোৱাত বা তাৰ কথাত মনোযোগ দিব নোৱাৰিলে। মনতে নিজক কিছু ভৰ্ৎসনা কৰি লৈ তাই সংকোচেৰে কৈ পেলালে,

'বিনীত, তোমাৰ মুখত দৈ অলপ লাগি আছে।'

বিনীতৰ কথা ক্ষন্তেকৰ কাৰণে ৰৈ গ'ল। কিন্তু অকণো বিব্ৰত হোৱা যেন নেদেখাই সি মাথোঁ হাঁহিলে। লাহেকৈ নেপকিন এখন টান  মাৰি লৈ মুখখন মোহৰিলে।

'গ'ল নে?' 

'হা অঁ, আৰু অলপ ওপৰলৈ। অঁ, তাতে।' তাৰ ওঁঠ যুৰিলৈ ইমান দীঘলীয়াকৈ চাই থাকি ফাৰহানা অলপ ৰঙা-চিঙা পৰাৰ দৰে হ'ল।

'অঁ কি কৈ আছিলোঁ?' সি আকৌ কথাৰ আঁত ধৰিলে। 'বাংগালোৰ এৰি মুম্বাইলৈ অহা এয়া আঠবছৰেই হ'বৰ হ'ল বুজিছা!'

খোৱা সামৰালৈকে সিহঁতৰ কথা-বতৰা চলি থাকিল। আগতে কেইবাবাৰো এনেদৰে ফাৰহানাই অনলাইন পৰিচয়ৰ সূত্ৰ লৈ ভিন্নজনৰ সৈতে ৰেষ্টোৰাঁত বহিছেহি। একেলগে খাইছে, ইটোৱে সিটোৰ ভাল লগা-বেয়া লগাবোৰৰ কথা পাতিছে। কথাৰ মাজে মাজে ওলমি ৰোৱা অস্বস্তিকৰ নীৰৱ মুহূৰ্তবোৰত উজুটিও খাইছে। তাৰ মাজেৰেই অচিনাকি কাৰোৱাৰ মাজত আত্মীয়তাৰ সুৰ এটা বিচৰাৰ চেষ্টা কৰিছে। আজিও তাৰ বিশেষ ব্যতিক্ৰম নহ'ল। 

কিন্তু ৱেইটাৰে প্লেটবোৰ নি থাকোঁতে দুয়ো হাত টেবুলত থৈ তাইৰ ফালে কিছু হাউলি লৈ বিনীতে সুধিলে,

'ফাৰহানা, কথা এটা সোধোঁ।' 

ফাৰহানাই হাতৰ নেপকিনখন থৈ তালৈ চালে। কি সুধিব খুজিছে সি? তাইৰ অতীত সম্পৰ্কৰ কথা? নে বিয়াৰ পিছত তাই চাকৰি এৰিবনে নাই? নে তাৰ পৰিয়ালৰ সৈতে বাংগালোৰত থাকিব পাৰিবনে নাই সেয়া? যেন তাই অভ্যস্ত হৈ পৰিছে। ইয়াৰ আগতেও কেইবাবাৰো তাই এই প্ৰশ্নবোৰৰ মুখামুখি হৈছে। কেইবাবাৰো এনে পৰিৱেশতে কিছু প্ৰশ্নই বা কিছু উত্তৰে  তাইক হতাশ কৰিছে। বিৰক্ত কৰিছে। ৰুষ্ট কৰিছে।

'তুমি আচলতে কি বিচাৰা?'

'মানে?' ফাৰহানাই থতমত খালে। 

'জীৱনত কি বিচাৰা তুমি?' 

এইটো প্ৰশ্ন তাইক আজিলৈ কোনেও সোধা নাই। সাধাৰণতে সিহঁতে চখৰ কথা পাতে। কামৰ কথা পাতে। পৰিয়াল-বন্ধু-বান্ধৱৰ কথা পাতে। কিন্তু সকলোৰে আঁৰত উখল মাখল লগাই থকা এই প্ৰশ্নটো সুধিবলৈ কাৰো যেন সাহস নহয়। ক'বলৈ সাহস নহয় কি বিচাৰি দুজন অচিনাকি মানুহে অনলাইন পৃথিৱীত ভালপোৱাৰ সন্ধান কৰিছেহি। 

তাই নীৰৱে থকা দেখি সি যেন সহজ কৰিবলৈকে ক'লে,

'ধৰা, অজিৰ পৰা দহবছৰৰ পিছত তুমি নিজৰ জীৱনটো কেনেকৈ কল্পনা কৰি ভাল পোৱা?'

'চাকৰিৰ ইণ্টাৰভিউত এনেবোৰ প্ৰশ্নৰ উত্তৰ  দি পাইছোঁ। কিন্তু নিজৰ জীৱনত কি বিচাৰোঁ সেয়া আজিলৈকে কোনেও মোক সোধা নাই জানা। ময়ো কিজানি নিজকে সুধি চোৱা নাই।কোনে জানে, তেতিয়ালৈ মই জীয়াই থাকিম বা নাথাকিম!' 

কৈ কৈ তাই হাঁহি পেলালে। যেন হাঁহিৰ আঁৰত লুকুৱাব খুজিলে সেই এটা প্ৰশ্নৰেই বিনীতে তাইৰ দেহ-মনলৈ আনি দিয়া শিহৰণটো। লুকুৱাব খুজিলে তাইৰ হৃদয়ৰ গভীৰতালৈ বুলি সি মুকলি কৰিব বিচৰা বাটটো। 

কিন্তু বিনীতৰ দুচকুত তেতিয়াও প্ৰশ্নটো ওলমি থাকিল।

অগ্যতা কিছুপৰ ভাবুক হৈ ৰৈ তাই ক'বলৈ ধৰিলে। যোৱা পঁচিছ বছৰে পৰিয়ালৰ মাজত একেখন ঠাইতে থাকি থাকি তাই এটাই সপোন দেখিবলৈ আৰম্ভ কৰিছিল। সেই সীমিত পৰিধিৰ সিপাৰে থকা পৃথিৱীখন চোৱাৰ। সেই পৃথিৱীৰ বিচিত্ৰ ঠাইবোৰ আৰু তাৰ জীৱনৰ ৰং-ৰূপৰ সুবাস লোৱাৰ।

'মই ফুৰিব বিচাৰোঁ। নতুন ঠাইৰ নতুন অভিজ্ঞতাবোৰৰ কথা লিখিব বিচাৰোঁ। মোৰ বহুদিনীয়া সপোন হ'ল ট্ৰেভেল ৰাইটাৰ হোৱা!' 

বিনীতে তাইৰ চকুত চকু থৈ একমনে শুনিলে। তাই কোৱা প্ৰতিটো শব্দ যেন সি বুকু পাতি ধৰিলে। কিছু নীৰৱতাৰ পিছত সি ক'লে,

'ময়ো ফুৰি ভাল পাওঁ। সেই হেঁপাহতেই বাংগালোৰ এৰি আহিছিলোঁ।পঢ়া-শুনাৰ কাৰণে, চাকৰিৰ কাৰণে বহুত ঘুৰিলোঁ। কিন্তু এতিয়া লাহে লাহে কোনোবা এঠাইত নিজাকৈ এখন ঘৰ পতাৰ হেঁপাহটোহে বাঢ়ি আহিছে। নিজাকৈ এখন ঘৰ, এখন সুখৰ সংসাৰ- ল'ৰা-ছোৱালীৰে সৈতে।' 

ফাৰহানা নীৰৱে ৰ'ৱ নোৱাৰিলে। নাই, তাই এতিয়াই ল'ৰা-ছোৱালীৰ কথা ভাৱিব নোৱাৰে। পৰিয়ালৰ আৱেষ্টনীৰ পৰা ওলাই আহি নিজাকৈ জীৱনটো গঢ়িবলৈ লৈছেহে। ল'ৰা-ছোৱালীৰ কথা ভৱাৰ আগতে আৰু বহুত কৰিবলৈ আছে, বহুত চাবলৈ আছে, বহুত শিকিবলৈ আছে। সেই যাত্ৰাত তাই মাথোঁ এজন সংগী বিচাৰে। 

বিনীতে একো নকৈ শুনি গ'ল। দুয়োৰে হাঁহি যেন কিছু মোলান পৰিল। কথা-বতৰা পিছে চলিয়ে থাকিল। যেন এটা নতুন বাট মুকলি হোৱাৰ আগতেই চাট্‌ কৈ জপনাখন বন্ধ হৈ পৰিল। তথাপি সেই সম্ভাৱনাৰ বতাহছাটিয়ে হয়তো সিহঁতক সহজে লগ এৰা দিব নুখুজিলে।

বিনীতে মুম্বাইৰ ৰঙীন জীৱনৰ ইটো সিটো অভিজ্ঞতাৰ কথা ক'বলৈ লাগিল। ক'লে, ফাৰহানাই বিচাৰিলে এই মহানগৰীৰ জীৱনৰ কথাকেই লিখিব পাৰেচোন।

ঠিকেই, লিখিছে তাই। সৰু ঠাই এখনৰ পৰা আহি এই মহানগৰীৰ ভিৰৰ মাজত হেৰাই যোৱা যেন লগা সময়বোৰৰ কথা লিখিছে। এটা লেখা প্ৰকাশো হৈছে।

বিনীত যেন আগতকৈও বেছি আগ্ৰহী হৈ পৰিল। সি জোৰকৈ কোৱাত তাই তালৈ সেই লেখাৰ অনলাইন লিংক পঠালে। কিছু সংকোচ আৰু কিছু সন্তুষ্টিৰে।

ইতিমধ্যে সিহঁতৰ চাৰিওফালৰ টেবুলবোৰত নতুন মুখ কিছুমানে ভিৰ কৰিলেহি। ৱেইটাৰে দ্বিতীয়বাৰৰ বাবে গিলাচত পানী বাকিলে। সুধিলে, আৰু কিবা অৰ্ডাৰ কৰিব নেকি! দুয়ো সেই ইংগিত ঠিকেই বুজিলে।

বিনীতে দীঘলকৈ এটা উশাহ টানি ফাৰহানাৰ চকুত চকু থৈ ক'লে,

'তেন্তে? ইয়াৰ পৰা ক'লৈ?' 

ফাৰহানাই এপলক সেই চকুযুৰিলৈ চালে। তাৰ মিচিকিয়া হাঁহিয়ে ঠেলি পঠোৱা ঢৌ জাক দুয়োগাল পাৰ হৈ গৈ সেই দুচকু যেন ঢাকি পেলাব খুজিছে। মুদ খাই যাব খোজা তাৰ চকুযুৰিত যেন এজাক ৰ'দ তিৰবিৰাইছে। প্ৰথম লগ-পোৱাৰ এঘণ্টাৰ ভিতৰতে সিহঁতে জানি গৈছে, সিহঁতৰ সপোনবোৰৰ ৰং ভিন্ন। সেই ৰঙেৰে যুগ্ম জীৱনৰ ৰামধেনু গঢ়াৰ কথা ভাৱিব নোৱাৰি। কিন্তু এই ল'ৰাজনক ভালকৈ জনাৰ হেঁপাহটোও যেন তীব্ৰ হৈ আহিছে!

ক'লৈ? ইয়াৰ পৰা ক'লৈ? 

তাই একো নোকোৱা দেখি বিনীতেই ক'লে, 

'অলপ খোজ কাঢ়িবা? জুহু বিচ্চত?'

ফাৰহানাই মূৰ দুপিয়ালে। দুয়ো কেফেৰ বাহিৰ হ'ল। 

বিনীতৰ পিছে পিছে ওলাই অহাৰ পৰতে খৰকৈ ফাৰহানাই ফোনত মেচেজ লিখিলে, 'দিব্যা, সব ঠিকে আছে। আমি একেলগে জুহুলৈ ওলাইছোঁ।'

দিব্যাই প্ৰায় লগে লগেই উত্তৰত থাম্বছ আপ এটা পঠালে। তাই হয়তো বাট চায়ে আছিল। প্ৰিয় বান্ধৱীৰ সকীয়নি। মুম্বাইৰ দৰে মহানগৰীত অনলাইন আপোনজনৰ সন্ধান কৰোঁতে যে অতি জৰুৰী এই প্ৰতিৰক্ষাৰ বৰ্মও। বান্ধৱীৰ উপদেশ মানি তাই কালিয়ে কোন, ক'ত, কেতিয়া সকলোখিনি দিব্যাক জনাই থৈছিল।

আবেলিৰ ৰাঙলী বেলিয়ে মুম্বাইৰ আকাশত ফাকু খেলিছে তেতিয়া। সেয়া উপভোগ কৰিবলৈকে হয়তো সাগৰৰ পাৰত অলেখ অসংখ্য মানুহ ৷ কোনোৱে পাৰে পাৰে খোজ দিছে, কোনোৱে পানীত খেলিছে, কোনোৱে জুম পাতি লৈ আড্ডা দিছে, কোনোৱে আকৌ বালিতে কাপোৰ এখন পাৰি ক্ষন্তেকৰ বাবে দীঘল দিছে৷ শাৰী শাৰীকৈ থকা ফাষ্ট ফুড ষ্টলবোৰত মানুহৰ বিৰ দি বাট নোপোৱা অৱস্থা৷  

ইমান মানুহ, ইমান আড়ম্বৰ!

বালিত ভৰি থৈয়ে ফাৰহানাই চেন্দেলযোৰ খুলি ল'লে। বিনীতেও। দুয়োৰে ভৰিৰ পতাই বালি স্পৰ্শ কৰিলে। গালে-মুখে হাত বুলাই গ'ল সাগৰীয় চেঁচা বতাহজাকে। আস্‌ কি অপূৰ্ব সেই আমেজ!  কিছু বিভোৰ হোৱাদি হৈ দুয়ো মানুহৰ ভিৰ এৰি কিছু শান্ত তীৰ এটালৈ খোজ দিলে।

খোজৰ লগে লগে অনুভৱৰ ঢৌবোৰে উঠা-নমা কৰিলেহি। তাৰ কিছুমানে শব্দৰ ৰূপ ল'লে। কিছুমানে নিশব্দে খলকনি তুলি তুলি ৰৈ গ'ল। দুয়োৰে মনত।

'মই বৰ কষ্টত উঠা, জানা ফাৰহানা। মদাহী দেউতা, সকলো কষ্ট-অত্যাচাৰ সহি নিমাতে ৰোৱা মা। প্ৰত্যেক ৰাতি দেউতাৰ ভয়ত তাপ মাৰি ৰোৱা দাদা আৰু মই সপোন দেখিবলৈ লৈছিলোঁ সেই অশান্তিৰ পৰা ওলোৱাৰ।নিজাকৈ এটা সুখী পৰিয়াল গঢ়াৰ। সেই সপোনটোৱেই আমাক কিজানি শক্তি দিছিল। সকলো কষ্ট সহিও পঢ়িবলৈ, নিজৰ ভৰিত থিয় দিবলৈ।'

কৈ কৈ বিনীত এচটা শিলত বহি পৰিল।ৰান্ধলি বেলিয়ে ফাকু খেলা আকাশৰ মুঠি মুঠি ৰং বোৰ যেন তাৰ মুখত পৰিলহি। নীৰৱে তাৰ কাষতে ফাৰহানা বহি পৰিল।

'দাদাৰ এতিয়াৰ সুখৰ সংসাৰখন দেখি বৰ ভাল লাগে। তেনেকুৱা সুখী পৰিয়াল এটাৰ কাৰণে মোৰ হেঁপাহটোও তীব্ৰ হৈ উঠে।' বিনীতে লাহেকৈ ক'লে।

সিহঁতৰ সন্মুখত জুহুৰ ৰাশি ৰাশি বালি। তাৰ সিপাৰে সৰু-বৰ ঢৌৱে কঁপাই থকা সাগৰৰ বুকু।ফাৰহানাৰ তাক বহু কথাই সুধিবৰ মন গ'ল। জানিবৰ মন গ'ল সেই নিদাৰুণ শৈশৱৰ কথা, সেই অন্ধকাৰত ৰ'দ এছাটি হৈ উজ্বলি উঠা সপোনটোৰ কথা।

কিন্তু তাই একোকে নুসুধিলে। মাথোঁ ক'লে,

'মই বিচাৰোঁ সুখে দুখে লগ দিব খোজা আপোন কাৰোৱাক। যাৰ সমগ্ৰ পৃথিৱীৰ বিপৰীতে হ'লেও মোৰ কাষত থিয় দিয়াৰ সৎ সাহসখিনি আছে।' 

ফাৰহানাৰ মাতটো কিছু কঁপিল। এয়াযে জীৱনৰ হাজাৰটা ঘাত-প্ৰতিঘাতৰ বুকু ফালি ওলাই অহা এক আকলুৱা হেঁপাহ। 

বিনীতে কিছু কৌতুহলেৰে তাইলৈ চালে। কিন্তু সি একো নুসুধিলে। সোধা হ'লেও জানো তাই ক'লেহেঁতেন চিৰজীৱন কাষত ৰোৱাৰ প্ৰতিশ্ৰুতি দিও কেনেকৈ তাইৰ জীৱনত নিৰুদ্দেশ হৈ গৈছে ভালপোৱা। কেনেকৈ  'ভালপোৱাতকৈ ধৰ্ম-জাত-পাত একোৱে ডাঙৰ নহয়' বুলি কোৱা একালৰ আপোনজনৰ মাজত কণমান সৎ সাহসৰ অভাৱ ঘটিছে। সমাজে না বোলাৰ লগে লগেই তেওঁ তাইৰ বাবে অচিনাকি হৈ গৈছে। তথাপিও যেন তাই বিশ্বাস কৰিব খোজে ভালপোৱা হেৰাই যোৱা নাই। ক'ৰবাত এতিয়াও ৰৈ আছে তাইৰ বাবে সেই সঁচা ভালপোৱা আৰু সেই ভালপোৱাক মৰ্য্যদা দিব পৰা সততা। লাগিলে সেয়া চিনাকি পৃথিৱীতে হওক, অচিনাকি অনলাইন পৃথিৱীতে হওক। দিব্যাই ক'বৰ দৰে- হ'পলেছ ৰোমাণ্টিক তাই!

ফাৰহানাই উচপিচাই থিয় দিলে। তাইক দেখি বিনীতো উঠি পৰিল। তাৰ দুচকুত উৎসুকতা। যেন এনেদৰে জুহুৰ তীৰত একেটা শিলত বহি ৰোৱাতোৱে এই সময়ত আটাইতকৈ স্বাভাৱিক কথা। যেন এই সময়খিনি এনেদৰেই ৰৈ যোৱাতো অপৰিহাৰ্য্য।

'মোৰ যাবৰ হ'ল!' তাই ক'লে।

নিজকে ফাঁকি দিব নোৱাৰে তাই। সিহঁতৰ সপোনৰ স্বৰলিপিৰে এটা গান হ'ব নোৱাৰে। জানি-বুজিও কিছু ক্ষুব্ধ হ'ল যেন তাই। এই এটা কথা যদি আজি নাজানিলেহেঁতেন, কাৰ কি অপকাৰ হ'লহেঁতেন? তাই আকৌ এবাৰ লগ কৰিব পাৰিলেহেঁতেন বিনীতক। এতিয়াতো এটাই বাট সিহঁতৰ বাবে। বহু ভুল হৈ গৈছে আগেয়ে। তেতিয়া এনে কথা নাছিল। জীৱনত কি বিচাৰে, কি নিবিচাৰে সেয়া ভাৱি প্ৰেমত পৰাৰ অৱকাশ নাছিল। কিন্তু সেয়া নভৱাটোৱেই কিজানি মূল কাৰণ। মূল কাৰণ একালৰ প্ৰিয় মানুহবোৰৰ সৈতে বাটবোৰ সলনি হৈ যোৱাৰ। বহু জিলমিলীয়া সপোন কাঁচৰ ঘৰৰ দৰে তচ-নচ হৈ যোৱাৰ।

'তুমি বেয়া নোপোৱা যদি মই আগবঢ়াই দি আহোঁ?'  বিনীতে ক'লে।

'নাই, নালাগে দিয়া। মই নিজেই যামগৈ।' 

এইবাৰ নীৰৱেই সিহঁত উভতিল। জুহুৰ ৰাশি ৰাশি বালিত তেতিয়া উদাসীন সন্ধিয়াৰ ৰেখা। সিহঁতৰ মূৰৰ ওপৰেৰে উৰি গ'ল দুটামান পানীকাউৰী। দুয়ো পাৰ হৈ আহিল দোকান-বজাৰৰ কোলাহল। 

মূলপথটো পাই দুয়ো ক্ষন্তেক ৰ'ল। ফাৰহানাই ক'লে,

'বিনীত, তোমাক লগ পাই, কথা পাতি বহুত ভাল লাগিল। কিন্তু তুমিতো বুজিছাই আমি একেলগে এটা সম্পৰ্কৰ কথা ভাৱিব নোৱাৰোঁ।'

বিনীতে শেঁতা হাঁহি এটা মাৰি ক'লে,

'জানোঁ। তোমাৰ লগত আবেলিতো কটায়ো বৰ ভাল লাগিল মোৰ।'

আন্ধাৰ আৰু পোহৰৰ খেলাত তিৰবিৰাই উঠা মহানগৰীৰ ভিৰত বিনীত হেৰাই গ'ল। ফাৰহানাই চাই থাকোঁতেই। তাৰপিছতো কিছুপৰ তাই তাতে তভক মাৰি ৰ'ল। 

ফোনৰ মিহি সুৰটোৱে তাইক কিছু চক্‌ খুৱাই দিলে যেন! অহ্‌, দিব্যাৰ কেইবাটাও মিছড্‌ কল!

'হা: দিব্যা, অঁ নাই, একো চিন্তা কৰিবলগীয়া নাই। জুহুত কথা পাতি থাকোঁতে দেৰি হৈ গ'ল।'

'সঁচাই?'

দিব্যাই জানে, ফাৰহানাই প্ৰথম ডেটত দুঘণ্টাতকৈ বেছি পলম নকৰে। অনলাইন পৃথিৱীত তাই নিজে ঠিক কৰি লোৱা নিয়মবোৰৰ এটা। গতিকে দিব্যাৰ মাতৰ সেই আশ্চৰ্য্য ফাৰহানাই ঠিকেই বুজি পালে। তাই মাথোঁ ক'লে, 

'ব্যতিক্ৰম, দিব্যা। এইটো সেই নিয়মৰ এটা ব্যতিক্ৰম।'

******

সেই সাক্ষাতৰ ঠিক দহ বছৰৰ পিছত। ফাৰহানাই খৰধৰকৈ চ্যুটকেছত কাপোৰ জাপিছে। আন্দামান দ্বীপলৈ এসপ্তাহৰ ট্ৰিপ। তাইৰ মেনেজিং ডিৰেক্টৰে ইতিমধ্যে যাবলগীয়া ঠাইবোৰৰ এখন তালিকা ইমেইল কৰিছে। লগতে কৈছে, 

'আমাৰ আলোচনীত সেই ঠাইৰ কেৱল ধুনীয়া ফটোৱে নহয়, তাৰ থলুৱা জীৱন, খাদ্য, কলা-সংস্কৃতি গোটেইবোৰ দেখুৱাব পাৰিব লাগিব। মনত ৰাখিবা ফাৰহানা।'

ফাৰহানা উল্লাসিত হৈ উঠিছে। কিমান দিনৰ পৰা পুহি ৰখা এই হেঁপাহ! তাতে ক'ভিডৰ কবলত পৰি যোৱা দুটাবছৰে বন্দী হৈ ৰোৱাৰ পিছত এইটো প্ৰথম ট্ৰিপ!

চ্যুটকেছটো বহা কোঠালৈ চকাত টানি আনোঁতে তাই অফিচৰ কোঠাটোলৈ ভুমুকিয়াই চালে। লকডাউনৰ সময়ত অফিচ হৈ পৰা আলহী কোঠাটোত এতিয়া চকী-টেবুল এযোৰ আৰু কিতাপৰ দুটা আলমিৰা। তাৰ কাষতে ৰখা দুজনীয়া চোফাখনত বহি আছে বিনীত। 

বিনীতৰ মুখত বয়সৰ চাপ পৰিছে। পনিটেইল কৰিব পৰাকৈ চুলিও নাই, আগৰ সেই চখো হয়তো নাই। কিন্তু সেই একেই দুচকুৰ তিৰবিৰনি, সেই একেই যাদুকৰী হাঁহি। 

ফাৰহানাই চ্যুটকেচটো দুৱাৰ-মুখতে এৰি সোমাই গ'ল। গৈ তাৰ কাষতে চোফাখনতে বহি পৰিল। সুধিলে,

'তোমাৰ কাপোৰ-কানি সামৰিলা জানো? যোৱাৰ এঘণ্টা আগলৈকে নথ'বা আকৌ!'

বিনীতে হাঁহিলে। ফাৰহানাই বুজিলে তাই সদায়ে সময়তকৈ বহু আগতেই সাজু হোৱাটোক লৈ সি হাঁহিছে। আন্দামানলৈ যাবলৈ এতিয়াও যে তিনিদিন বাকী!

তাই কৃত্ৰিম খঙেৰে তাৰ কান্ধত ভুকু এটা দিলে। সি হাঁহি হাঁহি ক'লে,

'এই চোৱা, আজি কি বিচাৰি পালোঁ!'

তাৰ কোচত এটা গধুৰ এলবাম। তাৰ প্ৰথম পৃষ্ঠাতে থকা ফটো এখন উলিয়াই সি তাইৰ ফালে আগবঢ়াই দি ক'লে,

'এইখনেই কিজানি আমি একেলগে তোলা প্ৰথম ফটো, নহয়নে?'

ফাৰহানাই ৰ' লাগি চালে ফটোখনলৈ। মেৰিন ড্ৰাইভত দুখন চাইকেলত ধৰি থিয় দিছে সিহঁত দুয়ো। পিছফালে উত্তাল সাগৰ। ফাৰহানাৰ ৰঙা চোৱেট চাৰ্টটো ফটোত জিলিকি উঠিছে। তাতোকৈ উজ্বল হৈ জিলিকিছে তাইৰ হাঁহি। তাইৰ কাষতে চাইকেলৰ হেণ্ডেলত ধৰি থিয় দিয়া বিনীতৰ চকুৱে মুখে ভাগৰৰ চিন। সিদিনা তাৰ অৱস্থাটো দেখি তাই হাঁহিছিল। অলপ বেথাও উপজিছিল। সাগৰৰ পাৰে পাৰে বতাহ খাই খাই চাইকেল চলাম বুলিহে কৈছিল। দহ কিলোমিটাৰ চাইকেল ৰেচ কৰিম বুলিতো তাক কোৱা নাছিল! কিন্তু সিয়েতো কৈছিল, 

'তোমাৰ ভাল লগা কিবা এটা কৰোঁ ব'লা।'

কি যে এক অপৰূপ আমেজ সেই সোঁৱৰণিৰ, সেই সান্নিধ্যৰ! সেই আৰম্ভণিৰ।

'জুহু বিচ্চৰ সেই প্ৰথম সন্ধিয়াটোৰ দুদিন পাছতে যে তুমি ফোন কৰিছিলা? কৈছিলা আকৌ এবাৰ লগ কৰিবানে? সেই এটা ফোনকলেই আমাৰ জীৱনটো ক'লৈ লৈ আনিলে নহয়?' ফাৰহানাই ক'লে।

বিনীতে হাঁহিলে। ফাৰহানাৰ কান্ধত হাতেৰে মেৰিয়াই লৈ সি আবেগেৰে ক'লে, 

'এইবোৰ সংযোগ বুজিছা! আমি ক'ব নোৱাৰাকৈয়ে জীৱনৰ আলি কেঁকুৰিত ৰৈ থাকে। প্ৰায়ে কথাবোৰ ভৱাৰ দৰে নহয়। কিন্তু এই নভৱা, আশা নকৰা সংযোগবোৰ ভৱাবোৰতকৈ বেছি ভাল হয়।' 

ফাৰহানাই তাৰ কান্ধত লাহেকৈ মূৰটো থ'লে।

'সঁচা! কোনে জানিছিল তুমি যে মোৰ সৈতে দিহিঙে-দিপাঙে ঘুৰিও এখন সংসাৰ কৰিবা!' ফাৰহানাই ক'লে।

'কোনে জানিছিল তুমি যে মোৰ সৈতে দিহিঙে-দিপাঙে ঘুৰিও এখন সংসাৰ কৰিবা!' বিনীতে দোহাৰিলে। 

প্ৰায় অভ্যাসবশত: দুয়োৰে হাত দুখন ৰ'লগৈ একলা দুকলাকৈ বাঢ়ি অহা ফাৰহানাৰ তলপেটটোত।

Monday, 23 January 2023

প্ৰত্যাৱৰ্তন (১)

বাটৰ বিঘিনি

ডিচেম্বৰৰ এটি মাজনিশা। বেংগালুৰু এয়াৰপৰ্টৰ এটা দীঘলীয়া শাৰীত তাম্মা আৰু মই। টোপনিৰ জালে মোক বাৰে বাৰে আমনি কৰিছে। কিন্তু এই দুপৰ নিশাও তাম্মা চিৰাচৰিতভাৱেই প্ৰাণচঞ্চল। হাঁহি হাঁহি মোক তাইৰ ডিঙিত মেৰিয়াই লোৱা স্কাৰ্ফখন দেখুৱাইছে। তাৰ ৰংটো যে চুটি কেকোঁৰা চুলিৰ এজাৰবুলীয়া হাইলাইটৰ সৈতে নভৱাকৈ মিলি পৰিল তাকে কৈ তাই হোহোৱাই হাঁহিছে। 

'কি হ'ল? তোমাৰ মুখত হাঁহি নাই যে!' ইংৰাজীতে কৈ তাম্মাই মোৰ দুবাহুত ধৰি জোকাৰি দিলে। 

'আমি নাগালেণ্ডলৈ যাবলৈ ওলাইছোঁ জলি!' সোঁৱৰালে তাই।

সেই সোঁৱৰণিয়ে মোক পলকতে লৈ গ'ল দহবছৰ আগৰ এটা দিনলৈ। এই বেংগালুৰুৰে এক প্ৰসিদ্ধ গৱেষণাগাৰ। মোৰ বাবে অচিন চহৰ, নতুন গৱেষণা, অসহজ পৰিৱেশ। কোঠাৰ এটা চুকত মই কামত ব্যস্ত।তেনেতে দুৱাৰেৰে ধুমুহাৰ দৰে তাম্মা সোমাই আহিল। একেই চুটি কেকোঁৰা চুলি, দক্ষিণ ভাৰতীয় মুখখনত আজিৰ দৰেই এক উজ্বল হাঁহি। দেহত আঁঠুলৈকে পৰা এটা ফুটুকীয়া কুৰ্তাৰ সৈতে নীলা জিনছ। মোৰ সহকৰ্মী সুমিত্ৰাৰ ফালে নাচি নাচি অহাদি আহি তাই ক'লেহি,

'সুমিত্ৰা!! মোৰ ফিল্ডৱৰ্কৰ ফাণ্ডিং আহিল। এইমাহতে নাগালেণ্ডলৈ গৈ আছোঁ!' 

তাৰপিছত 'নাগালেণ্ডলৈ গৈ আছোঁ' টো দোহাৰি তাই দুপাকমান ঘুৰি ঘুৰি নাচি পেলালে।

সিদিনা সেই উলাহ-উত্তেজনাৰ মাজত মোক তাম্মাই দেখা পাইছিলনে নাই নাজানো। কিন্তু প্ৰথমবাৰৰ বাবে তাইক দেখি, সেই প্ৰাণচাঞ্চল্যৰ তীব্ৰতা দেখি মোৰ অন্তৰ্মুখী মনটোৱে কিছু ভয়েই খাই গৈছিল কিজানি!  এওঁনো কেনে মানুহ বুলি!

যোৱা এটা দশকৰ পৰিক্ৰমাত, সুখে-দুখে বহু মুহুৰ্ত একেলগে কটাই সেই প্ৰশ্নটোৰ উত্তৰ পাইছোঁ। এই দীৰ্ঘসময়ত বহু কথাই সলনি হ'ল। সলনি হ'ল আমাৰ জীৱনো। তাম্মা এতিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, মই সুদূৰ কানাডাত চৰকাৰী চাকৰিয়াল। কিন্তু আমি যেতিয়াই লগ হওঁ, সময়ৰ সেই পৰিক্ৰমা যেন থমকি ৰ'ৱ খোজে। ভাৱ হয়, একেই আছে সেই আন্তৰিক টান আৰু হাঁহিৰ খলকনি। একেই আছে 'নাগালেণ্ডলৈ গৈ আছোঁ' কথাষাৰে আনি দিয়া আবেগ-উত্তেজনাৰ জোৱাৰ।

'বেগৰ ওজনৰ কাৰণে চিন্তা কৰি আছা নেকি?' তাম্মাৰ মাতে মোৰ সম্বিত ভাঙিলে।

'তাকেহে, ইয়াত ফচি নগ'লেই হ'ল।' এয়াৰপৰ্টত মোক প্ৰায়ে ব্যতিব্যস্ত কৰি তোলা চিন্তা এইটো।

'হেই, একো চিন্তা কৰিবলগীয়া নাই। কিবা কৰি দুইজনীৰ মাজত মিলাই ল'ম।' তাম্মাৰ সহজ সমিধান।

তাইৰ ট্ৰলীত থকা ফিল্ড বেগটো চালোঁ। মোৰ ছ্যুটকেছতকৈ যথেষ্ট সৰু। হয়তো তাতে মিলাব পৰা হ'ব।  প্ৰসংগ সলাবলৈকে মই ক'লোঁ,

'তোমাৰ জোতাযোৰ ভাল লাগিছে। মই কিন্তু হাইকিঙৰ কাৰণে বেলেগকৈ জোতা অনা নাই। ওজন বঢ়াৰ ভয়তে!' 

তাম্মাই সোঁভৰিটো দাঙি জোতাযোৰ মোক ওচৰৰ পৰা দেখুৱাই ক'লে,

'বিশ্বাস কৰিবানে, এইযোৰ মই আজি সন্ধিয়া কিনি আনিছোঁ। নাগালেণ্ডৰ কাৰণে পেকিং কৰি থাকোঁতে দেখা পালোঁ মোৰ ফিল্ডৰ জোতাযোৰৰ এপাটত গোটেই শ্বুলটো এৰাই আহিছে। কৰোঁ কি! উপায় নাপাই য'ৰ কাম ত'তে এৰি ওচৰৰে বাটাৰ দোকানখন পালোঁগৈ।  এইযোৰ চকুত পৰাত খৰধৰকৈ কিনি লৈ আনিলোঁ।'

তাম্মা কেনে মানুহ সেয়া নজনা কোনোবা চাগৈ আচৰিত হ'লহেঁতেন। মই নহ'লোঁ। জানোঁ, নাগালেণ্ডৰ ভিতৰুৱা ঠাইত পাহাৰে-কণ্ডৰে বগাই ফুৰিবলৈ এযোৰ ভৰসা কৰিব পৰা জোতা বৰ দৰকাৰী। কেতিয়াও পিন্ধি নোচোৱা নতুন জোতা এযোৰে ক'ত কেতিয়া কি বিপদত পেলাব একো ক'ব নোৱাৰি। কিন্তু সেইবোৰ নিয়মতো তাম্মাৰ অভিধানত নাই!

'এতিয়াৰ পৰা পিন্ধি আছোঁ যাতে নাগালেণ্ডত পাহাৰ বগোৱালৈ এইযোৰ মোৰ ভৰিত সহজ হৈ পৰে!' মোৰ মনৰ ভাৱ বুজিব পাৰিয়েই কিজানি তাই ক'লে।

'ব'ৰ্ডিং পাছ প্লিজ!' কাউণ্টাৰৰ পৰা এয়াৰ এছিয়াৰ কৰ্মী গৰাকীয়ে মাত দিলে। আমাৰ পাল এইবাৰ।  

নিয়মমাফিক কামখিনি কৰি অঁতাই মোৰ প্ৰকাণ্ড  ছ্যুটকেছটো তুলি দিলোঁ। আস্ ভয় কৰাৰ দৰেই হ'ল। স্কেলত জিলিকি উঠিল ৰঙা সংখ্যাকেইটা- বিছ কেজি!! 

'মই আচলতে কানাডাৰ পৰা আহি আছোঁ! ইণ্টাৰনেশ্যনেল ফ্লাইটৰ পৰা আকৌ ওজন মিলাব লগা হৈছে। বেয়া নাপাই যদি এইখিনি ৰেহাই দিব পাৰিবনে?' ক'ব নোৱাৰাকৈ মোৰ মুখেৰে কথাষাৰ লেনিয়াকৈ ওলাল।

'নাই, নোৱাৰিম। পোন্ধৰ কেজিৰহে অনুমতি আছে। ইমান বেছি ওজন কেনেকৈ মিলাম কওক। আপুনিয়ে মিলাব পাৰে যদি কৰি চাওক।'

উপায়ন্তৰ হৈ কাউণ্টাৰৰ একাষে গৈ প্ৰকাণ্ড ছ্যুটকেছটো মেলি ধৰিলোঁ। মানুহৰ দীঘল শাৰীটোৰ পৰা ছিটিকি পৰা দৃষ্টিবোৰ আওকাণ কৰি গধুৰ বস্তু কি আছে বিচাৰিবলৈ লাগিলোঁ।  

'মোৰ বাৰ কেজি হৈছে। কি পাৰা মোৰ বেগতে ভৰাই দিয়া।' তাম্মাই কাষ চাপি আহি হাউলি লৈ ক'লে।

তাম্মাৰ কথামতেই বাইন'কুলাৰ, নোটবুক, জোতা যি পাৰো হেঁচি হেঁচি তাইৰ বেগত ভৰালোঁ। নাগালেণ্ডৰ শীতৰ বাবে অনা ৰঙা জেকেটটো তাই নিজৰ গাতে সোমোৱাই ল'লে। তাইৰ জোখতকৈ সৰু জেকেটটো টানি টানি পিন্ধা দেখি হাঁহি উঠিল। দুটা জেকেট ময়ো পিন্ধি ল'লোঁ। এইবাৰ বাৰু কোনোমতে মিলিলগৈ। বস্তু দি লৈ ঘামি জামি দুয়ো চিকিউৰিটি চেক পাৰ হৈ আকৌ সেইবোৰ খুলি হাতত ল'লোঁ। 

পুৱতি নিশাৰ ফ্লাইট। সেয়ে ব'ৰ্ডিং কৰিয়ে টোপনিত ঢলি পৰিলোঁ। কিন্তু সাৰ পাই দেখোঁ আমি উৰিবলৈ লৈছোঁহে। তেতিয়াহে উপলব্ধি হ'ল ফ্লাইট এঘণ্টা পলম হৈছে। লগে লগে উৎকণ্ঠিত হৈ পৰিলোঁ। এয়াৰ এছিয়াৰ এই ফ্লাইট কলকাতাত নমাৰ পিছত আমি ডিমাপুৰলৈ ইণ্ডিগ'ৰ ফ্লাইট ধৰিব লাগে। মাজত আছিল মাথোঁ দুঘণ্টা। এতিয়া তাৰে এঘণ্টা ইয়াতে নষ্ট হ'ল মানে আমাৰ কলকাতা এয়াৰপৰ্টত দস্তুৰমত হাঁহাকাৰ অৱস্থা হ'বগৈ।

কথাটো টং কৰিয়ে মোৰ টোপনিৰ জাল কাটি গ'ল। সাধাৰণতে একেটা এয়াৰলাইনৰ মাজত এনেকৈ সময়ৰ খেলিমেলি হ'লে মিলাই দিয়ে। কিন্তু এয়াৰলাইন বেলেগ বেলেগ হ'লে সেই আশা কম। 

তাম্মা কিছু আঁতৰত বহি আছিল। কলকাতাৰ মাটিত নমাৰ লগে লগেই নেটৱৰ্ক পাই তাইলৈ কল কৰিলোঁ।

'তাম্মা, আমাৰ হাতত সময় একেবাৰে কম!'

'ময়ো তাকে চিন্তা কৰি আছিলোঁ। বেগবোৰ ল'বলৈকো সময় লাগিব। কি কৰা যায়?

'এটা কাম কৰোঁ। যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলোৱাৰ চেষ্টা কৰিব লাগিব। ইজনীয়ে সিজনীক লগ পাবলৈ ৰোৱাৰ দৰকাৰ নাই। এয়াৰপৰ্টত তুমি লাগেজ বেল্টত ৰ'ৱা। মই গৈ পায়ে ইণ্ডিগ' এয়াৰলাইনৰ মানুহ বিচাৰিম। বুজাই ক'লে কিবা উপায় ওলায়েবা।'

কথা মতেই কাম। ফ্লাইটৰ দুৱাৰ খোলাৰ লগে লগেই দুয়ো দুফালে দুৱাৰলৈ দৌৰ দিলোঁ। বাছ পাই মই আগতীয়াকৈ এয়াৰপৰ্ট পালোহি। কেবিনত নিয়া ছ্যুটকেছৰ চকা ঘুৰাই ইণ্ডিগ'ৰ মানুহ বিচাৰি দৌৰ দিলো। ইতিমধ্যে ন বাজি গৈছে। 

ইণ্ডিগ'ৰ কাউণ্টাৰ এটা দেখি হুৰামূৰাকৈ সুধিলোগৈ। দুগৰাকী মহিলা কৰ্মী। দুয়োৰে চকু সন্মুখৰ স্ক্ৰীণত আবদ্ধ। 

'আমাৰ ফ্লাইট দেৰিকৈ পালেহি। এতিয়া এঘণ্টা পিছতে দহবজাত ইণ্ডিগ'ৰ ফ্লাইট আছে, কি কৰোঁ বাৰু?'

এগৰাকীয়ে মোৰ ব'ৰ্ডিং পাছখন লৈ চকু ফুৰালে। তেওঁৰ গোল মুখ বা কাজল সনা টনা টনা দুচকুত কোনো অভিব্যক্তি ফুটি নুঠিল। যেন এয়াৰপৰ্টৰ এই লৰা-ঢপৰা, অস্থিৰতাই চুব নোৱাৰা এক অৱস্থানত তেওঁ এক নিৰ্লিপ্ত সত্তা।

'আপোনাৰ লাগেজ কিমান আছে?'

'আৰু এটা বেগ আছে। বেল্টত অহাই নাই। মোৰ বন্ধু এগৰাকী আছে। তাইৰো বেগ পোৱাই নাই।' 

'আপোনালোকৰ চেক-ইন, চিকিউৰিটি চেকৰ কাৰণে সময় নোলাব। ফ্লাইটৰ ব'ৰ্ডিং গেইট পচিছ মিনিট আগতেই বন্ধ হৈ যাব। বেগ পালেই লৈ ইয়ালৈ আহক। আমি কিবা কৰিব পাৰোঁ নেকি চাওঁ। যিমান পাৰি সোনকালে আহক মাত্ৰ।' নিৰুদ্বেগ মাতেৰেই তেওঁ ক'লে।

এইবাৰ মই লাগেজ বেল্টলৈ দৌৰিলোঁ। বেগবোৰ আহিবলৈ আৰম্ভ কৰিছে। তাম্মাই ট্ৰলী দুখন সাজু কৰি লৈ খাপ পিটি ৰৈ আছে। দাঁত-ওঁঠ কামুৰি ময়ো তাইৰ লগ হ'লোঁ। দুয়োৰে এটা চকু বেল্টৰ হৰেক ৰকমৰ বেগবোৰৰ ওপৰত আৰু আনটো বেল্টৰ কাষৰ ৱালত থকা প্ৰকাণ্ড ঘড়ীটোৰ ওপৰত।

ন বিছ, ন পঁচিছ, ন ত্ৰিছ। আমাৰ সন্মুখেৰে বেগবোৰ আহি আছে। বহুজনে ট্ৰলীত বেগ উঠাইছে। উবাৰ মাতিছে। লাহে লাহে মানুহবোৰ ঘৰমুৱা হৈছে। আমাৰ বেগ দুটাৰ দেখাদেখি নাই। মোৰ উশাহবোৰ ঘন হৈছে। সেই ঠাণ্ডাতো সমগ্ৰ দেহ ঘামি উঠিব খুজিছে।

'আমি ফ্লাইটখন নাপামগৈ আৰু! কলকাতাত যদি হোটেলত ৰাতিটো কটাই দিওঁ এয়াৰ এছিয়াকে সেইটো খৰচ দিবলৈ ধৰিম- কাইলৈ ৰাতিপুৱা ডিমাপুৰলৈ ফ্লাইট....'

'তাম্মা! সেইবোৰ নহয়।'মোৰ মাতটো অলপ ডাঙৰকৈ ওলাল। 

'এতিয়াও পাই যাব পাৰোঁ। কেনেকৈ পাম সেয়া ভাবিব লাগে। নাপালে কি হ'ব ভাবি কিয় সময় নষ্ট কৰিছা?'

'নহয় মানে সেইটো ভাৱি থ'লে টেনছন কমি থাকে। বেক আপ প্লেন এটা লাগেতো।' তাম্মাৰ মাতত বুজনিৰ সুৰ।

'নালাগে।' মোৰ অধৈৰ্য্য মাত। 'যেনেকৈ হ'লেও আজিয়ে আমি নাগালেণ্ড পামগৈ!' 

নিজৰ মাতৰ দৃঢ়তাত মই নিজেই অলপ আচৰিত হ'লোঁ। আজি যে তিনিবছৰৰ মূৰত আপোন ঠাইখনলৈ উভতিছোঁ। আৰু যেন এটা দিনো পলম হোৱাতো মই মনেৰে মানি ল'ব পৰা নাই!

'সেয়া সেয়া, সেইটো তোমাৰ বেগ!!' মোৰ প্ৰায় চিঞৰ এটাই ওলাল। 

তাম্মাই লগে লগে ট্ৰলীৰ চকা ঘুৰাই দৌৰ দিলে। তাইক আঙুলীয়াই দেখুৱালোঁ,  

'সৌৱা বাওঁফালৰ চুকটো ঘুৰিলেই ইণ্ডিগ'ৰ কাউণ্টাৰটো আছে। গৈ কোৱাগৈ বেগ পালোঁ বুলি। ময়ো গৈ আছোঁ।'

তাম্মা যোৱাৰ কিছু পিছতে ভাগ্যে মোৰ বেগো আহিল। লগে লগে মোৰো দৌৰ। ইতিমধ্যে চাৰে ন বাজি গৈছে। আজি ডিমাপুৰ গৈ পোৱাৰ আশাটো ক্ষীণ হৈ আহি আছে।

কাউণ্টাৰত সেই একেই গোল মুখ, টনা টনা চকু। তাম্মাৰ কাষতে বেগেৰে সৈতে আৰু এজন যুৱক। তেওঁৰ খৰ খৰ কথাকেইষাৰত গম পালোঁ তেওঁৰো আমাৰ দৰেই দশা।

আমাৰ ৰূপ দেখি সেই নিৰ্লিপ্ত সত্তায়েই উপায় দিলে,

'আপোনালোকৰ ফ্লাইটৰ ব'ৰ্ডিং আৰম্ভ হ'লেই। গতিকে এতিয়া চেক ইন কৰিলে নাপায়গৈ। বেগেৰে সৈতে চিকিউৰিটি চেকলৈ যাওক।আমি পঠাইছোঁ বুলি ক'ব। আমিও জনাই দিম।'

কথাষাৰ শেষ হ'বলৈ নাপালেই মই ভিৰাই দৌৰ দিলোঁ। মোৰ পিছে পিছে তাম্মা আৰু সেই ল'ৰাজন। আমাৰ প্ৰত্যেকৰে হাতত প্ৰকাণ্ড বেগৰ ট্ৰলী। আমাৰ ৰূপ দেখিয়ে কিজানি কলকাতা এয়াৰপৰ্টৰ ভিৰৰ মাজতো বাট ওলাল। চিকিউৰিটি চেকৰ দীঘলীয়া শাৰীতো মানুহবোৰ একাষৰীয়া হৈ দিলে। 'থেংক ইউ' কৈ কৈ মই আমাৰ উধাতু খোৱা দলটো আগবঢ়াই নিলোঁ। 

চিকিউৰিটি চেকত আমাৰ বয়-বস্তু দেখি পুলিচ কেইজন অলপ বিবুধি হ'ল। প্ৰকাণ্ড বেগ কেইটা স্কেন কৰাই ইটো সিটো উলিয়াবলৈ ক'লে। তেতিয়ালৈ আমাৰ অস্থিৰ ৰূপ। অচিনাকি যাত্ৰী কোনোবাই ট্ৰেবোৰ আনি দিলে, কোনোবাই স্কেনলৈ আগবঢ়াই দিলে, তাম্মা আৰু মোৰ স্কেনত উলিওৱা বস্তু কাৰ কি বেগত সোমাল একো হিচাপ নাথাকিল। তেনেকৈয়ে গৈ অৱশেষত গেইট পালোঁগৈ। 

গৈ দেখোঁ গোটেইখন নিমাও মাও! 

ফ্লাইট গ'লেই নেকি!! ইফালে সিফালে চাওঁতে এজন যুৱক আগবাঢ়ি আহিল। ইণ্ডিগ'ৰ ক্ৰু।

'অহ্‌, আপোনালোকক ফাইনেল কলত কিমানবাৰ মাতিলো!'  আমাৰ ট্ৰলীবোৰলৈ চাই তেওঁ ক'লে,

'এই গোটেইবোৰ বেগ আপোনালোকৰ লগত যাব?' 

আমি ফোঁপাই জোপাই মাথোঁ মূৰ দুপিয়ালো।

গেইটৰ দুৱাৰ খুলি দি অন্য এজন যুৱকে হাঁহি হাঁহি ইংৰাজীতে ক'লে 'ইমান কম বস্তু আনিলে যে!'

আমি হাঁহি পেলালোঁ। স্বস্তি আৰু সন্তুষ্টিৰ হাঁহি। 

ফ্লাইটত বহি প্ৰথমে এগিলাচ পানী খুজিলোঁ। দীঘলকৈ এটা উশাহ এৰিলোঁ। উস্‌ কেনে টনাটনিকৈ পালোঁহি!

কাষতে বহা তাম্মালৈ চকু গ'ল। তিনিটা দীঘলীয়া বছৰৰ শেষততেনে সঁচাই আমি নাগালেণ্ডলৈ ওলাইছোঁ! নাগালেণ্ড- যাৰ আত্মীয়তাৰ শিপাই সাত সাগৰ তেৰ নদীৰ সিপাৰেও মোক আঁটি আঁটি বান্ধি ৰাখে, যাৰ অবাৰ্চীন ৰং-ৰূপ আৰু স্মৃতিয়ে মোক অহৰহ হাত বাউলি দি থাকে সেই সপোনপুৰীলৈ উভতিছোঁ! তাকো তাম্মাৰ সৈতে একেলগে! আমাৰ বন্ধুত্ব আৰু নাগালেণ্ডৰ মায়া যেন একেডাল সূতাৰে বন্ধা। 

তাইক দুবাহুত ধৰি জোকাৰি দি মই এইবাৰ উলাহেৰে ক'লোঁ,

'তাম্মা, আমি সঁচাই নাগালেণ্ডলৈ গৈ আছোঁ!'

পলকতে এক অবুজ আবেগৰ জোৱাৰে আমাক দুয়োকে বুৰাই পেলালে। এটা দশকৰ আগৰ সেই দিনটোৰ দৰেই।

ফ্লাইটৰ পৰা দেখা পোৱা নাগালেণ্ডৰ ৰূপ

আগলৈ.....