Tuesday 4 December 2018

অপূৰ্ব আয়াৰলেণ্ড (সপ্তম খণ্ড)

আয়াৰলেণ্ডত শেষ দিন৷ মোৰ জন্মদিনো! আহি পোৱাৰ দিনাই ঠিক কৰি থৈছিলো, এই দিনটো আয়াৰলেণ্ড ভ্ৰমণৰ সকলোতকৈ আকৰ্ষণীয় দিন হ'ব বুলি৷ এনে এটা দিন য'ত গতানুগতিক জীৱনৰ পৰা ক্ষন্তেকীয়া হ'লেও এটা বিৰতিয়ে নতুনকৈ মোক সোৱঁৰাই যাব এই পৃথিৱীৰ অপূৰ্ব ৰং ৰূপ৷ সোঁৱৰাই যাব আকৌ এবাৰ, জীৱন জীৱন বৰ অনুপম!

ভবাৰ দৰেই কাম৷ উত্তৰ আয়াৰলেণ্ডৰ একেবাৰে উত্তৰ পাৰলৈ এদিনীয়া ট্যুৰ এটা বুক কৰিলো৷ মেক কম্বচ ক'চ্চ ট্ৰেভেলত৷ যাত্ৰাৰ সময় আছিল পুৱা আঠ বজা৷ কেৰলৰ ঘৰৰ পৰা আধাঘন্টা আগতেই ওলাই খোঁজ দিলো৷ ভালকৈ ৰাতিপুওৱাই নাই তেতিয়া৷ বতৰ খুউব ডাৱৰীয়া৷ ভীষণ ঠাণ্ডাও৷ তেনেকৈয়ে কিছুপৰ ৰোৱাৰ পিছত বাছ আহিল৷ মোৰ লগতে কেইবাজনো পৰ্য্যটক উঠিল৷ 

বেলফাষ্টৰ পৰা জায়েন্ট ক’জৱে যাত্ৰাপথ

আমাক সম্ভাষণ জনালে বাছৰ ড্ৰাইভাৰ আয়ানে ৷ তেঁৱে ট্যুৰ গাইডো৷ প্ৰথমেই সুধিলে,
'Anyone's birthday today?'
মোৰ সন্মুখৰ আসনত বয়সস্থ মানুহ এহাল৷ মানুহজনে হাঁহিমুখেৰে হাত দাঙিলে৷

সকলোৱে তেওঁক শুভেচ্ছা দিলে৷ ক্ষন্তেকৰ বাবে ভাবিলো, ক'মনে আজি মোৰো জন্মদিন বুলি! নাই, নকওঁ৷ আজিৰ দিনটো কেৱল নিজৰ লগত কটাব খোজোঁ৷ চিনাকী- অচিনাকী সকলোৰে শুভেচ্ছা, ফোন- ইন্টাৰনেট সকলোৰে পৰা বহু আঁতৰত!

বাছখন বেলফাষ্ট চিটি চেন্টাৰৰ পৰা ওলাই মেৰাইন হাইৱে হৈ সাগৰৰ পাৰে পাৰে চলিবলৈ ল'লে৷


মনোমোহা মেৰাইন হাইৱে


আমাৰ সোঁহাতে কেভ হিল, বাওঁহাতে নীলিম সাগৰ৷ আয়ানৰ ড্ৰাইভিং চিটতে এটা স্পিকাৰ সংযুক্ত৷ তেওঁৰ আইৰিছ সুৰত ইংৰাজী কোৱাৰ ধৰণটো বৰ আগ্ৰহেৰে শুনিলো৷ তেওঁ যাত্ৰাটোৰ এটা আভাস দিলে৷ বেলফাষ্টৰ পৰা জায়েন্ট ক'জৱেলৈ প্ৰায় এশ কিলোমিটাৰ দূৰ, দুঘন্টাৰ বাট যদিও বাটে বাটে অন্য আকৰ্ষণবোৰো চাই যাম বাবে দুপৰৰ পিছতহে তাৰ পামগৈ৷

আধাঘন্টামানৰ পিছতে আমাৰ বাছ ৰ'লেগৈ আইৰিছ সাগৰৰ পাৰত কেৰিক ফাৰ্গাছ দুৰ্গ
 ৷ আয়ানে ক'লে,

এই সৰু টাউনখনৰ নামেই কেৰিক ফাৰ্গাছ৷ দুৰ্গটো প্ৰায় এহেজাৰ বছৰ পুৰণি৷ অ তীতত বিভিন্ন সময়ত নৰ্মান, স্কটিচ, ইংৰাজ আৰু ফৰাচী সকলে এই দুৰ্গটো দখল কৰিছিল৷'
আইৰিছ সাগৰৰ পাৰত কেৰিক ফাৰ্গিছ দুৰ্গ
খন্তেকৰ বাবে নামি দুৰ্গটো বাহিৰৰ পৰাই চালো৷ চাৰিওফালে ইটাৰ ৱালেৰে আগুৰা৷ সাগৰ পথেৰে অহা যিকোনো শত্ৰুক বাধা দিবলৈ সদা সষ্টম এটা দুৰ্গ৷ হয়তো কিমান অতীত কাহিনী সাঁচি ৰাখিছে দুৰ্গৰ প্ৰতিখন বেৰে, প্ৰতিখন দুৱাৰ-খিৰিকীয়ে! ইমান প্ৰাচীন যদিও প্ৰায় অক্ষত অৱস্থাত থকা দেখি ভাব হ'ল হয়তো মাজে সময়ে পুনৰ্নিমাণ হৈ আছে৷

আমাৰ বাছে পুনৰ যাত্ৰা আৰম্ভ কৰিলে৷ এইবাৰ ঘাইপথৰ দুয়োকাষে দেখা পালো চোতাল আৰু ফুলনি এখনেৰে সৈতে কেৱল এতলাৰ ঘৰবোৰ৷ ইংলেণ্ডৰ পৰম্পৰাগত ঘৰবোৰ সাধাৰণতেই কেইবামহলীয়া হয়৷ হয়তো মহানগৰৰ এই উপকন্ঠ অঞ্চলবোৰত এতিয়াও মাটিৰ দৰৰ জোৱাৰে গিলি পেলোৱা নাই!

আমাৰ লগে লগে এখন ৰামধেনু

আয়ানক সোধাত ক'লে,

'আয়াৰলেণ্ডৰ প্ৰায়বোৰ ঠাইত মাটিৰ দৰ ইংলেণ্ডৰ দৰে সুষম নহয়৷ মাটিৰ লগতে অঞ্চলটোৰ বহু কথাৰ ওপৰত নিৰ্ভৰ কৰে ক'ত মানুহে মাটি বা ঘৰ বিচাৰিব সেয়া৷ আগৰ হিংসাত্মক ঘটনাবোৰ শাম কাটিলে যদিও বেছিভাগ ঠাইত এতিয়াও ধৰ্মীয় আৰু ৰাজনৈতিক বিভেদ আঁতৰা নাই৷ ইংৰাজৰ অনুগত প্ৰটেষ্টান্ট লোকসকল আৰু জাতীয়তাবাদী কেথ'লিক লোকসকলে সিমান মিলামিছা নকৰে৷ গতিকে কিছুমান ঠাই এতিয়াও মাথোঁ কেথ'লিক আৰু কিছুমান মাথোঁ প্ৰটেষ্টান্ট হৈ ৰৈ গ'ল৷'

এইবাৰ সোঁহাতে শিলাময় পাহাৰ, বাওঁফালে সাগৰখন লৈ বাছখনে অকোঁৱা পকোৱা বাটেৰে গৈ থাকিল৷ শুকুলা ভেড়াৰ চৰণীয়া পথাৰবোৰ পাৰ হৈ কেইবাখনো সাগৰৰ পাৰৰ সৰু সৰু নগৰ দেখা পালো৷ আয়ানে ক’লে, ভেড়াপালন উত্তৰ আয়াৰলেণ্ডত জনপ্ৰিয় ব্যৱসায়৷ আয়াৰলেণ্ডৰ সাৰুৱা মাটি আৰু পৰ্য্যাপ্ত ঘাঁহনিৰ বাবে বহুতো খেতিয়কে ভেড়াপালন কৰিয়ে জীৱিকা অৰ্জন কৰিব পাৰে৷ বাটত পাই যোৱা সৰু সৰু সাগৰীয়া ঠাইবোৰৰ কাহিনীও আয়ানে বৰ শুৱলাকৈ কৈ গ’ল৷

বাছৰ পৰা দেখা পোৱা শুকুলা ভেড়াৰ চৰণীয়া পথাৰ
বতৰ ডাৱৰীয়া হৈয়ে ৰ'ল যদিও বৰষুণ নিদিয়া বাবে আমি আটায়ে সুখী হ'লো৷ এডোৰ বাট আমাক লগ দি গৈ থাকিল এখন সাতোৰঙী ৰামধেনু৷ ওলোমা দলংখন পোৱাৰ আগতে আমি পাৰ হ’লো বেলিকেছল নামৰ এখন সৰু চহৰ৷ আয়ানে ক’লে, আগতে পৰ্য্যটনৰ বাবে ব্যস্ত এখন চহৰ আছিল এই বেলিকেছল৷ কিন্তু  অৰ্থনেতিক মন্দাৱস্থাই সমগ্ৰ বিশ্বক কঁপাই যোৱাৰ সময়ত সেই উদ্যোগ ভাঙি পৰিল, বহুতো মানুহ অন্য ঠাইলৈ গুচি গ’ল জীৱিকাৰ সন্ধানত৷ অৱশ্যে এতিয়াও ইয়াত গ্ৰীষ্মকালত ভাড়াৰ বাবে বহুতো কাৰাভান ঘৰ পোৱা যায়৷ 

নিলীম সলিল ৰাশি আছে দুৰ-দিগন্ত বিয়পি
বাটৰ পৰাই সাগৰৰ সিপাৰে চকুত পৰিল ইংৰাজী এল আখৰটোৰ আকৃতিৰ এটা দীঘলীয়া দ্বীপ৷ নাম ৰ’থলিন দ্বীপ৷ প্ৰায় এশমান মানুহহে থাকে হেনো তাত৷ বেলিকেছলৰ পৰা তালৈ নিয়মীয়াকৈ ফেৰী চলে৷ তাত পাফিন চৰায়ে বাঁহ সাজেহি হেনো প্ৰতিবাৰে৷ সেইবাবে পক্ষী নীৰিক্ষকৰ বাবে এখন আকৰ্ষণীয় ঠাই৷ মোৰ ’ট্যু ডু’  তালিকাত মনতে যোগ দি থ’লো কথাটো৷ নিজ চকুৰে পাফিন চৰাই চাবলৈ পোৱাটো কেনে ভাগ্যৰ কথা হ’ব!

আইৰিছ সাগৰৰ ওপৰত ওলোমা সেঁতু

অৱশেষত আমি কেৰিক-এ-ৰিডৰ কাষ পালোগৈ৷ শাৰী শাৰী পৰ্য্যটকৰ গাড়ীৰ লগতে আমাৰ বাছো ৰ’লগৈ৷ গম পালো, তাৰ পৰা সেঁতুখন গৈ পাবলৈ বিছ মিনিট সাগৰৰ পাৰে পাৰে খোঁজকাঢ়িব লাগে৷ দলঙত উঠিবলৈ টিকট কৰি ল’লো সাত পাউণ্ডত, মানে আমাৰ হিচাপত ছশ টকা৷ 


আমি নামোগৈ মানে কিনকিনিয়াকৈ বৰষুণ এজাকো আৰম্ভ হ’ল৷ তথাপি মানুহৰ ভিৰ নকমিল৷ মানুহৰ লানি নিছিগা সোঁতত সোমাই পৰিলোগৈ৷ বাওঁফালে কেইবাফুট তলত সাগৰৰ ঢ়ৌৰ গৰ্জ্জন শুনি আৰু চাৰিওদিশৰ অপূৰ্ব প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কেতিয়ানো সেঁতুৰ কাষ পালোগৈ গমকে নাপালো৷
গুগল আৰ্থত সেঁতুলৈ খোঁজেৰে অহা বাটছোৱা (ৰঙা পথটো)
মূল আয়াৰলেণ্ড আৰু কেৰিক-এ-ৰিড দ্বীপৰ শিলৰ সৰু পাহাৰ এটা সংযোগ কৰি বিশমিটাৰমান দীঘল এখন সেঁতু৷  প্ৰায় এশ ফুট তলত সাগৰৰ পানীৰ গৰ্জন! প্ৰতিবছৰে এই সেঁতুত  উঠাৰ অভিজ্ঞতা ল’বলৈ ইয়ালৈ হেনো পাঁচলাখ পৰ্যন্ত মানুহ আহে৷ প্ৰায় তিনিশ বছৰ পূৰ্বে এই সেঁতু খন চালম’ন মাছুৱৈ সকলে সাজিছিল ৷ পিছত কেইবাবৰো সেঁতুখনৰ মেৰামতি কৰিছে৷  কেৰিক-এ-ৰিড দ্বীপটোত মাথোঁ এটা ঘৰ আছে য’ত মাছুৱৈ সকল কেতিয়াবা থাকেগৈ৷ আমি যোৱাৰ দিনা বতৰ বেয়া বাবে দ্বীপটোলৈ যোৱাৰ অনুমতি নাছিল৷  
মায়াপুৰী! সাগৰৰ সিপাৰে ৰ’থলিন দ্বীপ, সন্মুখত কেৰিক-এ-ৰিড দ্বীপ
সেঁতুত উঠিবলৈ কিছু সময় ৰ’ৱ লাগে৷ এটা দল পাৰ হোৱাৰ পিছত সিপাৰে ৰৈ থকা অন্য এটা দলক উভতি আহিবলৈ দিছে৷ তাৰপিছত হে দ্বিতীয় এটা দলে আকৌ পাৰ হ’ব পাৰে৷ কিছুপৰ ৰৈ এটা সৰু দলৰ সৈতে ভৰি থ’লো ওলোমা সেঁতুখনত৷ কেইমিনিটমানৰ বাট মাথোঁ৷ কিন্তু ৰছীৰ মাজৰ সুৰুঙাৰে তললৈ চাই পঠিয়ালে বুকু কঁপি যোৱাকৈ গৰজি আছে সাগৰখনে! শ্বাসৰুদ্ধকাৰী এটা অভিজ্ঞতা!

পাৰ হৈয়ে সিপাৰৰ পৰা পিছত অহাসকলৰ ৰূপ চাই আমোদ ল’লো৷ দুগৰাকীমান বয়সস্থ মহিলাই চিৎকাৰ কৰি উঠিল সেঁতুত ভৰি দিয়েই৷ শুনিলো, কেইবাবাৰো এনেকুৱা ঘটনাও ঘটিছে য’ত এবাৰ পাৰহৈ দ্বীপটো গৈ পোৱা মানুহৰ দলঙেদি ঘুৰি আহিবলৈ সাহস নোহোৱাৰ বাবে নাৱেদি উভতাই আনিছে৷ তথাপিও সেই উত্তেজনা, সেই আবেগৰ সৈতে মুখামুখি হোৱাৰ বাসনাই এই ঠাইলৈ টানি আনিছে অসংখ্য মানুহক! 
কেৰিক-এ-ৰিড ওলোমা সেঁতু
বিখ্যাত কবি ছিমাছ হিনীৰ কবিতাতো এই সেঁতুখনে ঠাই পাইছে৷

’A lone figure is waving
From the thin line of a bridge
Of ropes and slates, slung
Dangerously out between
The cliff-top and the pillar rock.
– A Postcard from North Antrim, 1978.

আকাশ আৰু সাগৰৰ লুকাভাকুৰ মাজত সপোন সপোন লগা এটা পৰিৱেশত ওলোমা সেঁতুখনৰ অভিজ্ঞতাই অন্য সকলোৰে দৰে মোকো যেন নিমিষতে প্ৰাণোচ্ছল কৰি থৈ গ’ল৷ প’ষ্টকাৰ্ডৰ দৰে লগা সাগৰৰ মাজৰ অপূৰ্ব শিলাখণ্ড, নীলিম সাগৰ, অদুৰৰ ৰ’থলিন দ্বীপ- সকলোবোৰৰ মনোমোহা দৃশ্য হেঁপাহ পলুৱাই উপভোগ কৰিলোঁ৷  এটা বিস্মিত আৰু পৰিতৃপ্ত মন লৈ উভতনি খোঁজ দিলো বাছলৈ বুলি৷


পৰৱৰ্ত্তী খণ্ড:অবিশ্বাস্য জায়েন্টছ ক’জৱে

No comments:

Post a Comment