Sunday 2 December 2018

অপূৰ্ব আয়াৰলেণ্ড (ষষ্ঠ খণ্ড)

গালিভাৰৰ জন্মস্থানত

বেলফাষ্ট থকাৰ সময়তে এদিন বান্ধৱী তাম্মাৰ ফোন আহিল৷ মই বেলফাষ্টত আছোঁ বুলি জানি তাই উৎসাহেৰে কৈ উঠিল,

’Don't miss the Cave Hills! তাৰ শিখৰৰ পৰা বেলফাষ্টৰ দৃশ্য চাবলগীয়া!’

বাছেৰে কেভ হিললৈ বুলি
তাম্মা যোৱাবছৰ বেলফাষ্টলৈ আহিছিল৷ দীঘলীয়াকৈ কিছু সময় কটাই ইয়াৰ চুকে কোণে ফুৰি গৈছিল তাই৷ তায়ে ক’লে, এই কেভ হিলৰে একাংশ সাগৰৰ পৰা বিয়াগোম মানুহ এজনৰ নাক যেন দেখা পাই জনাথান ছুইফটে ’গালিভাৰছ ট্ৰেভেলছ’ ৰ প্ৰেৰণা পাইছিল! ইমান দূৰ আহি গালিভাৰৰ প্ৰকৃত জন্মস্থানো নোচোৱাকৈ উভতি যামনে! গতিকে এদিন কেভ পাহাৰলৈ বুলি ওলাই আহিলো৷  

কেভ পাহাৰটো আছে বেলফাষ্টৰ উপকন্ঠত৷ গুগুল মেপৰ নিৰ্দেশনা মতে আপাৰ কুইন ৰ’ডত  এক নম্বৰ বাছত উঠিলোগৈ৷ ইংলেণ্ডৰ দৰেই দুমহলীয়া বাছ৷ ড্ৰাইভাৰজনক ক’লো, কেভ হিললৈ যাব খোঁজো৷ তেওঁ ক’লে, নৰ্থ চাৰ্কোলাৰ ৰ’ডৰ ষ্টপ পালে বাছৰ সন্মুখলৈ আহিবলৈ৷ তেতিয়া তেঁৱে দেখুৱাই দিব ক’ৰ পৰা কেনেকৈ যাব লাগে৷ 

বাছেৰে কমেও আধাঘন্টাৰ বাট৷ গতিকে ওপৰৰ মহলাত একেবাৰে সন্মুখৰ আসনত আৰামৰে বহি ল’লোগৈ৷ সন্মুখৰ পৰা ভালকৈ সকলোবোৰ চাই যাব পাৰিম বুলিয়ে৷ 

চিটি চেন্টাৰৰ পৰা ওলাই বাছখন আহল-বহল ঘাইপথেৰে আগবাঢ়িল৷ শৰতক আদৰি সোণাৰু হালধীয়া হৈ পৰা বাটৰ দুয়োকাষৰ গছবোৰে পিছলৈ বাট বুলিলে৷ বাটত কেইবাটাও আকৰ্ষণীয় ষ্ট্ৰীট আৰ্ট চকুত পৰিল৷ ব্ৰিটেইনৰ বহুতো মহানগৰত মন কৰিছোঁ, বেৰঙী চুক কোণবোৰ আকৰ্ষণীয় কৰি পোহৰাই তুলিবলৈ কাউন্সিল (আমাৰ তাৰ পৌৰসভাৰ দৰে)-এ ষ্ট্ৰীট আৰ্টক মাধ্যম কৰি লৈছে৷ মহানগৰখন দেখিবলৈতো ধুনীয়া হয়ে, লগতে এইবোৰ পৰ্য্যটনৰো এটা উৎস হৈ পৰে৷
বেলফাষ্টত শৰতৰ আগমণ
ওপৰৰ পৰাই মাজে মাজে বাছ ষ্টপবোৰ মন কৰি গ’লো৷ ইংলেণ্ডৰ দৰেই ইয়াৰো বাছবোৰৰ প্ৰত্যেকটো আসনত ’ষ্টপ’ চুইছ থাকে৷ বাছ ষ্টপ পোৱাৰ আগতে কোনোবাই সেইটো টিপিলেহে বাছখন ৰখায়৷ নামিবলৈ বা উঠিবলৈ কোনো যাত্ৰী নাথাকিলে নিৰ্ধাৰিত ষ্টপবোৰতো বাছ নৰয়৷ গতিকে ড্ৰাইভাৰজনে কোৱাৰ দৰেই নিৰ্দিষ্ট ষ্টপ পোৱাৰ পিছত তললৈ নামি গৈ তেওঁৰ কাষত থিয় দিলোগৈ৷ তেওঁ মিহিকৈ হাঁহি মাত লগালে,

’Your stop is right after this one.'

নামিবৰ পৰত তেওঁ ক’লে,

’সেই যে সন্মুখত ব’ৰ্ডখন দেখিছা, তাৰ পৰা বাওঁহাতে পোনে পোনে ওপৰলৈ গৈ থাকিলেই পাবাগৈ৷’


বেলফাষ্ট দুৰ্গ
তেওঁ কোৱাৰ দৰেই ওপৰলৈ দহমিনিট মান খোঁজকাঢ়িলো৷ বাটৰ দু্য়োফালে আটোমটোকাৰি ঘৰ কিছুমান৷ প্ৰায়বোৰৰে সন্মুখত অকণমানকৈ ফুলনি৷ ইয়াত ঠাইৰ অভাৱ কাৰণেই নেকি মানুহে বৰ পৰিকল্পিতভাৱে ঘৰৰ বাহিৰে-ভিতৰে সকলোবোৰ ঠাই ব্যৱহাৰ কৰে৷ সেয়ে অকণমান ঠাইতে বিচৰা সকলোবোৰ কৰি লোৱাৰ উদাহৰণ ঘৰে ঘৰে দেখা পাওঁ৷

কিছুদূৰ গৈয়ে এখন গেইট পালোগৈ৷ কেভ হিল কান্ত্ৰি পাৰ্কৰ সীমা তাৰ পৰাই আৰম্ভ হৈছে৷ বিশাল অঞ্চলটোৰ ভিতৰতে আছে বেলফাষ্ট দুৰ্গ, উদ্যানখন আৰু সমগ্ৰ পাহাৰটো৷ প্ৰথমেই দুৰ্গটোলৈকে আগবাঢ়িলো৷ 

এখন সৰু উদ্যানেৰে প্ৰকাণ্ড দুৰ্গটো৷ গম পালো নৰ্মানসকলে আঠশ বছৰ পুৰ্বে বনোৱা বেলফাষ্ট দুৰ্গটো জুইত ধ্বংস হোৱাৰ পিছত এইটো দুৰ্গ তিনিশ বছৰৰ আগতেহে নিৰ্মাণ কৰি উলিয়াইছে৷ দুৰ্গটোত এতিয়া সংগ্ৰহালয় আছে, লগতে বিয়া, পাৰ্টি আদিও হয়৷

ভিতৰলৈ নগৈ সন্মুখৰ উদ্যানখনতে কিছুপৰ বহিলো৷ তাৰ পৰা বেলফাষ্ট মহানগৰৰ সৈতে আইৰিছ সাগৰৰ মনোমোহা দৃশ্য চাই ভাল লাগিল৷ ক্ষন্তেক পিছতে ওলাই আহিলো মোৰ মূল লক্ষ্যস্থানলৈ বুলি৷ 

কেভ হিলৰ বিভিন্ন পথৰ মেপ
দূৰ্গৰ ওচৰতে এখন মেপ দেখা পাই পাহাৰৰ ট্ৰেকিং পথকেইটা ভালদৰে চাই ল’লো৷ ইচ্ছা অনুযায়ী তিনিটা পথ লোৱাৰ সুবিধা আছে- ষ্টেট ট্ৰেইল, কেভ হিল ট্ৰেইল আৰু কেছ’ল ট্ৰেইল ৷ তিনিওটাৰ ভিতৰত আটাইতকৈ দীঘল আৰু প্ৰত্যহ্বানমূলক ট্ৰেইল হ’ল কেভ হিল ট্ৰেইলটো৷ সাত কিলোমিটাৰ জুৰা এটা বৃত্তাকাৰ পথ৷ কিন্তু এইটোৰে গ’লেহে প্ৰায়বোৰ আকৰ্ষণীয় ঠাই চাবলৈ সুবিধা পাম৷ সেয়ে ঠইক কৰিলো, দিনটো হাতত আছে যেতিয়া সেই বাটেৰেই যাওঁ৷




পাইনৰ কাঠনি
ঠায়ে ঠায়ে থকা সেউজীয়া কাড় চিনবোৰ অনুসৰণ কৰি আগবাঢ়িলো৷ নিজম নিতাল পৰিৱেশ৷ মাজে মাজে চৰাইৰ কিছৰ মিছিৰ৷ শৰতক আদৰি প্ৰায়বোৰ গছেই ৰং সলাইছে৷ শীতৰ বাবে যা-যোগাৰ আৰম্ভ কৰিছে৷ প্ৰথমে কিছু জোপোহা গছৰ অৰণ্যৰ মাজেৰে গৈ পাইন গছৰ কাঠনিত সোমালোগৈ৷ মাজে মাজে দুই এজন মানুহ দেখা পালো৷ ওপৰৰ পৰা নামি আহি আছে৷ সকলোৱে ’হাই-হেল্ল’ কৈ মাতি দি থৈ গ’ল৷ 

পাইনৰ কাঠনিৰ পৰা ওলাই এডোখৰ সৰু মুকলি সমতল৷ ঘাঁহনিৰে ভৰা৷ ইয়াত এইবোৰক মোৰলেণ্ড বুলি কয়৷ চূণশিলৰ খনি এটাও চকুত পৰিল৷  চাৰিওফালে চাই আপ্লুত হৈ পৰিলো৷ পৰিস্কাৰ আকাশ নহ’লেও ডাৱৰৰ লুকাভাকুৰ মাজেৰে এফালে দেখা পালো বেলফাষ্ট মহানগৰখন, আনফালে আইৰিছ সাগৰ! কি অপূৰ্ব দৃশ্য!

কেভ হিলৰ তলত বেলফাষ্ট মহানগৰ
কিছুপৰ ফটো লোৱাত ব্যস্ত হৈ পৰিলো৷ এইখিনিৰ পৰা কিছু থিয় পাহাৰটো৷ গতিকে কিছু ওপৰলৈ বগাব লগা হ’ল৷ অৱশ্যে সাগৰৰ নিৰ্মল বতাহজাকে বাৰে বাৰে দেহ-মন সতেজ কৰি গ’লহি৷ এফালে এখন বেঁৰা দেখা পালো৷ বেঁৰাৰ সিপাৰে কেইটামান গৰু৷ হয়তো কাৰোবাৰ ব্যক্তিগত ফাৰ্ম৷ তাৰ কাষে কাষে ঘাঁহনিৰে কিছুদূৰ খোঁজ দিয়ে দেখা পালো মেকআৰ্টৰ দুৰ্গটো (McArt’s Fort)৷ কেভ পাহাৰৰ শিখৰ এই মেকআৰ্টৰ দুৰ্গ৷ এসময়ত এই দূৰ্গৰ পৰাই বেলফাষ্টৰ প্ৰতিৰক্ষাৰ বাবে বহুতো যুদ্ধ হৈছিল হেনো৷  
মেক আৰ্টৰ দুৰ্গৰ পৰা দৃশ্য
দুৰ্গটোৰ অকণমান সমান ঠাই৷ শিখৰ বাবে বতাহৰ জোৰো বহুত৷ তেনেকৈয়ে কাণ-মূৰ ঢ়াকি বহুপৰ তাতে বহি ৰ’লো৷  তলৰ পুতলাঘৰ যেন দেখা দিয়া মহানগৰৰ অট্টালিকাবোৰ, বাটেৰে অহৰহ চলি থকা গাড়ী-মটৰ,  পাৰাপাৰহীন সাগৰ চাই চাই কি যে এক অনুভৱে মোক জোকাৰি গ’ল! সেই ব্যস্ত পৃথিৱীৰ পৰা বহু দূৰৈত এই নিৰিবিলি শান্ত পাহাৰৰ বিশালতাইহে যেন উপলব্ধি কৰাই দিলে, কিমান ক্ষুদ্ৰ এই জীৱন আৰু জীৱনৰ পোৱা নোপোৱাৰ হিচাপবোৰ! জীৱনটো নিৰপেক্ষভাৱে চাবলৈ বহুসময়ত কিজানি প্ৰয়োজন হয় দৈনন্দিন জীৱনৰ পৰা ক্ষন্তেকীয়া দুৰত্বৰ৷ প্ৰয়োজন হয়, হৃদয়ৰ কোলাহলবোৰক বাট এৰি দিবলৈ এসাগৰ মৌনতা আৰু দেহৰ ভিতৰে বাহিৰে প্ৰশান্তিৰ ধল বোৱাই আনিব পৰা এনেকুৱা এজাক বতাহৰ৷ কিয় জানো, এনে মুহুৰ্ত্তবোৰত নিজকে খুউব ভাগ্যৱান যেন লাগি যায়! ইচ্ছা হ’ল বুলিয়েই যে গুচি আহিব পাৰোঁ এনেকৈয়ে প্ৰকৃতিৰ কোলালৈ আৰু নিজৰ মাজলৈ! কোনো দিশতে কাৰো ওচৰত কৈফিয়ৎ নিদিয়াকৈ কেৱল নিজৰ যুক্তি-ভাৱনাৰে জীয়াই থাকিব পৰাটোৱেটো আজিৰ দিনত আটাইতকৈ টান কাম!
ডেভিলছ পান্সবাউল ঠাইখন
মেকআৰ্টৰ দুৰ্গৰ পৰাই দেখিলোঁ থিয় পথ এটাৰে বাওঁহাতে নামি গ’লে দুটামান গুহা৷ মনত পৰিল, মেক আৰ্টৰ দুৰ্গৰ পৰা ঘপকৈ নামি আকৌ গুহাৰ ওচৰত ওপৰলৈ যোৱাত বাতিৰ দৰে দেখাৰ কাৰণে এই ঠাইডোখৰৰ নাম  ’Devil’s Punchbowl’৷ বিপৰীতফালৰ পৰা কিছুমান মানুহ ওপৰলৈ আহি গুহাবোৰ চোৱা দেখা পালো৷ কিন্তু এইফালৰ পৰা কোনোৱে চোন যোৱা নাই৷ হয়তো নামি যোৱা পথটো খুউব থিয় বাবে৷ 
কেভ হিলৰ গুহা


কাঠনিৰ মাজেৰে
মুকলি মন এটা লৈ সেইবাটেৰেই মই নামি গ’লো৷ ভবাৰ দৰে পথটো কঠিন যেন নালাগিল৷ কেইমিনিটমানৰ ভিতৰতে গুহা কেইটা পালোগৈ৷ পথৰ শেষৰ গুহাটোৰ ওপৰতো আৰু দুটা গুহা৷ যুদ্ধৰ সময়ত হেনো ইয়াতে সৈনিকবোৰে ৰচদ-পাতি লুকুৱাই ৰাখিছিল৷ ভিতৰখন জুমি চাওঁ বুলিয়ে গুহাটোৰ মুখখনলৈ উঠিবলৈ বৃথা চেষ্টা এটা কৰিলো৷ শিলবোৰ খুউব পিছল হৈ আছিল৷ কেনেবাকৈ পিছল খালে সহায় কৰিবলৈ আশে পাশে কোনো মানুহো নেদেখিলো৷ অগ্যতা সেই ইচ্ছা বাদ দিবলৈ বাধ্য হ’লো৷

তাৰ পৰা নামিয়ে আকৌ অ’ক আৰু পাইনেৰে ভৰা কাঠনি এখনত সোমাই পৰিলো৷ এইটো বাটত যথেষ্ট মানুহৰ আহ-যাহ৷ হয়তো ইয়াৰ পৰাই অন্য ঠাইতো ওলাবগৈ পাৰি৷ মাউন্টেইন বাইক লৈ ওপৰলৈ চলাই যোৱা ডেকা ল’ৰাৰ দল এটাও লগ পালো৷ তাৰ বাহিৰে প্ৰায়ভাগ কুকুৰ লৈ অহা বৃদ্ধ, মহিলা আৰু আদহীয়া মানুহ৷ কুকুৰ যেন ইয়াৰ যান্ত্ৰিক জীৱনবোৰত প্ৰাণচাঞ্চল্য ধৰি ৰখাৰ একমাত্ৰ ভৰসা৷ কেতিয়াবা ভাৱ হয়, সকলোৱে যেন নিজৰ পোহনীয়া কুকুৰটোলৈকে এৰি দিয়ে সকলো আবেগ- জীৱনৰ হা-হুতাহ, সুখ-দুখ আৰু হেঁপাহ৷ 



তললৈ নমাৰ বাবেই কিজানি কম সময়তে উভতি আহি বেলফাষ্ট দুৰ্গৰ ওচৰ পালোহি যেন লাগিল৷ বেলফাষ্টত সন্ধিয়া নামিবৰ হৈছে তেতিয়া৷ এটা পৰিতৃপ্ত মন লৈ বাছৰ বাবে ষ্টেণ্ডত ৰ’লোগৈ৷ মহানগৰমুখী বাছখন আহিবলৈ তেতিয়াও কিছু সময় বাকী৷
কেভ হিলত শৰত



2 comments: