Sunday 25 November 2018

অপূৰ্ব আয়াৰলেণ্ড (প্ৰথম খণ্ড)

আয়াৰলেণ্ডখন নিজ চকুৰে চোৱাৰ হেঁপাহ এটা বহুদিনৰে পৰা পুঁহি ৰাখিছিলো৷ এইবাৰ আজৰি সময় ওলোৱাত ঠিক কৰিলো, গৈয়ে আহোঁ৷ ৰাজধানী ডাবলিনৰ কথাই প্ৰথমে মনলৈ আহিল৷ অলপ খুঁচৰি চাইহে উপলব্ধি কৰিলো, আয়াৰলেণ্ডলৈ মোৰ ব্ৰিটিছ ভিজাই যোৱাৰ অনুমতি নিদিয়ে৷ ভাৰতীয় পৰ্য্যটকৰ বাবে একেখন ভিজাৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ড দুয়োখন দেশলৈকে ফুৰিবলৈ যাব পাৰি যদিও যিকোনো এখন দেশত দিঘলীয়াকৈ থকা লোকৰ ক্ষেত্ৰত এই বিশেষ সুবিধা নাখাটে! এনেকুৱা নিয়ম কৰাৰ যুক্তিযুক্ততা কি বুজিব নোৱাৰি আইৰিছ এম্বেছিলৈ ইমেইল এটাকে কৰিলো৷ মনতে ক্ষীণ আশা- কেনেবাকৈ নতুনকৈ ভিজা নকৰাকৈয়ে যাব পৰা যায়ে বা! উত্তৰ আহিল- ’As a resident of the UK, the Short Stay Visa Waiver Programme does not apply and the permission to remain you have in the UK will not allow you entry into Ireland without the appropriate Irish visa.’


ডাবলিনলৈ যোৱাৰ আশা সদ্যহতে বাদ দি ঠিক কৰিলো উত্তৰ আয়াৰলেণ্ডলৈকে যোৱা যাওক৷ ৰাজনৈতিক সীমাই দুখন ভিন্ন দেশ কৰি পেলালেও ঐতিহাসিকভাৱেটো একেখনেই আয়াৰলেণ্ড!   উত্তৰ আয়াৰলেণ্ড গ্ৰেট ব্ৰিটেইনৰ ভিতৰত পৰে বাবে মোক বেলেগকৈ ভিজাৰো প্ৰয়োজন নাই৷ উত্তৰ আয়াৰলেণ্ডৰ ৰাজধানী বেলফাষ্টলৈ ৰায়ানএয়াৰৰ টিকেট খুউব সস্তাতে পালো- মানচেষ্টাৰৰ পৰা বেলফাষ্টলৈ পঞ্চল্লিছ মিনিটৰ বাটৰ খৰচ মাত্ৰ ৯.৯৯ পাউণ্ড! আমাৰ হিচাপত প্ৰায় নশ টকা৷ আচলতে  ইউ কেৰ ভিতৰত আৰু ইয়াৰ পৰা ইউৰোপৰ প্ৰায়বোৰ দেশলৈকো ৰায়ান এয়াৰৰ খুউব সস্তাত ফ্লাইট পাব পাৰি৷ মনত পৰিল বান্ধৱী কেটিয়ে এবাৰ এনেকৈয়ে মানচেষ্টাৰৰ পৰাই দুই পাউণ্ডত ৰায়ান এয়াৰেৰে ডাবলিনলৈ যোৱাৰ কথা৷



বেলফাষ্টত ভৰি দিয়াৰ সময়ত সন্ধিয়া নামিল৷ যোৱাৰ পৰতহে উপলব্ধি কৰিলো, বেলফাষ্টত দুটা বিমানবন্দৰ আছে৷ এটা চিটি এয়াৰপৰ্ট আনটো আন্তৰ্জাতিক বিমানবন্দৰ, বেলফাষ্ট মহানগৰীৰ পৰা প্ৰায় ত্ৰিছ কিলোমিটাৰ আঁতৰত৷ অন্য একো ৰাজহুৱা যাতায়ত নাপাই বাছতে উঠিলো৷ আধাঘন্টাৰ বাছ যাত্ৰাৰ বাবে আঠ পাউণ্ড দি টিকেট ল’ব লগা হ’ল৷


আইৰিছ সাগৰৰ পাৰত বেলফাষ্ট মহানগৰীৰ একাংশ



মহানগৰীখনলৈ তেতিয়া নিশা নামিছে৷ বেলফাষ্টত এইকেইদিন থাকিবৰ বাবে এয়াৰ বি এন বিৰ এটা ঘৰত বুক কৰি থৈছিলো৷ ঘৰটো মহানগৰীৰ এমূৰত নৈৰ পাৰত৷  শীতৰ সেমেকা নিশা৷ দোকান-পোহাৰ আৰু বাটবোৰ উদ্ভাসিত হৈ উঠিছে নানাৰঙী লাইটেৰে৷ পৰিৱেশটো ভাল লগাত খোঁজকাঢ়িয়ে ঘৰলৈ যাবলৈ ওলালো৷ গুগল মেপৰ কৃপাত ঘৰৰ ঠিকনাটো বিচাৰি উলিয়াবলৈ অকণো অসুবিধা নহ’ল৷


বেলফাষ্টৰ ৰঙীণ টেক্সি
কেৰলে দুৱাৰ খুলি দিলে,

’হাই! ইউ মাষ্ট বি জলি!’

কেৰল এইকেইদিনৰ বাবে মোৰ হ’ষ্ট৷ এগৰাকী মিঠামুখীয়া মহিলা৷ বয়স হয়তো ত্ৰিছৰ আশে পাশে হ’ব৷

মোৰ হাতখন মুঠি মাৰি তাই শিয়ঁৰি উঠিল,
’অহ, ইউ আৰ ফ্ৰিজিং কল্ড!’

মই হাঁহি পেলালো৷ এই অক্টোবৰ মাহতে এনে ঠাণ্ডা হ’ব বুলি ভবা নাছিলো বাবে গ্ল’ভছ যে অনাই নহ’ল!

কেৰলে মোৰ শোৱা কোঠাটো দেখুৱাই দিলে৷ সুসজ্জিত ডাবল বেডৰ একাষে এটা বুক ছেলফ৷ বেলফাষ্টৰ বিভিন্ন পৰ্য্যটনৰ ঠাইসমূহ সুন্দৰকৈ সঁজাই থোৱা আছে৷ লগতে কেৰলে বেলফাষ্টত চাব পৰা দহখন ঠাইৰ এখন তালিকাও লেমিনেশ্যন কৰি ৰাখিছে আলহীৰ বাবে৷ আহল-বহল পাকঘৰটো দেখুৱাই তাই ক’লে,

’ফ্ৰীজৰ পৰা যিকোনো বস্তু লৈ খাবলৈ সংকোচ নকৰিবা৷ মনৰ পচন্দৰ খাদ্য ৰান্ধিবৰ বাবে চেলফৰ পৰাও সকলো বস্তু ব্যৱহাৰ কৰিব পাৰা৷’

ভাল লাগিল পৰিপূৰ্ণ পাকঘৰটো দেখি৷ প্ৰতিসাঁজ বাহিৰত খোৱাটো ইয়াত খুবেই খৰচী কাৰবাৰ৷ গতিকে নিজৰ সুবিধামতে দুই-এটা ৰান্ধি ল’ব পাৰিলে বৰ ৰেহাই হয়৷

পাকঘৰত তেতিয়া নিশাৰ সাঁজ ৰন্ধাত ব্যস্ত আছিল অন্য এজন আলহী৷ কেৰলে চিনাকি কৰি দিলে,

’দিছ ইজ চাইমন ফ্ৰম কেন্ট৷’

চাইমন চল্লিশৰ উৰ্দ্ধৰ নহ’ব৷ এজন বিয়াগোম মানুহ! তেওঁ আগ্ৰহেৰে বহিলহি কথা পাতিবলৈ বুলি৷ ইংলেণ্ডৰ কেন্ট মহানগৰৰ পৰা তেওঁ প্ৰতিমাহে এসপ্তাহমানৰ কাৰণে বেলফাষ্টলৈ আহে৷ কামৰ বাবে৷ যেতিয়াই আহে কেৰলৰ ঘৰতে থাকে৷ গতিকে প্ৰায় স্থায়ী আলহীৰ দৰেই হৈছেগৈ!

কেৰল আৰু চাইমন দুয়ো বেলফাষ্টত চাব পৰা ঠাই, কৰিব পৰা কামৰ ইটো সিটো উপদেশ দিলে৷ শুনিলো, ’গেম অব থ্ৰনছ’ চিৰিজটোৰ বহুতো শ্বুটিং উত্তৰ আয়াৰলেণ্ডতে হৈছে৷ এইটো বেলফাষ্টৰ পৰ্য্যটনৰ এটা মূল আকৰ্ষণ হৈ পৰিছে৷ ’গেম অব থ্ৰনছ’ৰ শ্বুটিং হোৱা ঠাইবোৰ দেখুওৱাৰ বাবে বিশেষ ট্যুৰ পেকেজ ল’বও পাৰি৷ কেৰলে ক’লে, তাৰে কোনোবা এজন অভিনেতাৰ ঘৰ আনকি সেই একেটা ষ্ট্ৰীটতে আছে!

মোৰ আগ্ৰহ পিছে অন্যতহে! কংক্ৰিটৰ মহানগৰীৰ সলনি প্ৰকৃতিৰ মাজলৈ যোৱাৰ,  সময়ে গঢ়ি তোলা বৰ্তমানটোৰ আঁৰৰ ইতিহাস জনাৰ আৰু অচিন ঠাইৰ অচিন জীৱনৰ এধানি সুবাস লোৱাৰ আকৰ্ষণতহে অৰঙে দৰঙে ঢ়পলিয়াই ফুৰোঁ মই৷

সিদিনাই নিশা বিচাৰি খুঁচাৰি শেষৰ দিনটোৰ বাবে এটা ট্যুৰ পেকেজ ল’লো৷ জায়েন্টছ ক’জৱে (Giants causeway) চাবলৈ৷ প্ৰকৃতিৰ এটা আশ্বৰ্য্য আৰু বহুদিনলৈকে বিজ্ঞানীসকলৰ বাবে এটা ৰহস্য হৈ ৰোৱা এই পৰিঘটনাৰ অভিজ্ঞতা নোলোৱাকৈ কেনেকৈ উভতি যাব পাৰো! প্ৰথমেই বেলফাষ্টৰ অতীত আৰু বৰ্তমানৰ স’তে থুলমুলকৈ চিনাকি হৈ লওঁ বুলিয়েই পিছদিনাৰ বাবে এটা ৱাকিং ট্যুৰ বুক কৰিলো৷ ইয়াৰ প্ৰায়বোৰ চহৰতে এনে বিনামূলীয়া ৱাকিং ট্যুৰৰ সুবিধা থাকে৷ একোজন স্থানীয় গাইডে পৰ্য্যটকৰ সৰু-বৰ দলবোৰক লৈ চহৰখনৰ ইতিহাসৰ সৈতে জড়িত ঠাইবোৰ দেখুৱায় যায় আৰু চহৰখনৰ বিষয়ে ধাৰণা এটাও দিয়ে৷

এটা হেঁপাহৰ দিনলৈ বাট চাই নিশা বিছনালৈ গ’লো৷
বেলফাষ্টৰ চিটি চেন্টাৰত এটা ৰঙীণ ঘৰ
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী

1 comment:

  1. তোৰ ভ্ৰমণ কাহিনী পঢ়ি ভাল লাগিল,পিছৰখিনি পঢ়িবলৈ আশা কৰিলোঁ দেই....

    ReplyDelete