Monday 26 November 2018

অপূৰ্ব আয়াৰলেণ্ড (দ্বিতীয় খণ্ড)

বেলফাষ্টত দ্বিতীয় দিন৷ পুৱাতে খোঁজেৰে চিটি চেন্টাৰলৈ ওলাই গ’লো৷ ৱাকিং ট্যুৰৰ ইমেইলত কৈছিল, ’Look for a yellow umbrella in front of the city hall' ৷ বতৰ ডাৱৰীয়া যদিও বৰষুণ নাই৷ গতিকে চিটি হলৰ আশে পাশে মেলি থোৱা একমাত্ৰ হালধীয়া ছাতিটো বিচাৰি উলিয়াবলৈ অসুবিধা নহ’ল৷ 

বেলফাষ্টৰ চিটি হ’ল
প্ৰকাণ্ড ছাটিটোৰ তলত এজন আইৰিছ ডেকাল’ৰা- ত্ৰিছৰ অনুৰ্দ্ধৰ হ’ব কিজানি৷ সাধাৰণতে ৱাকিং ট্যুৰৰ গাইড হিচাপে প্ৰায়ে চাকৰিৰ পৰা অৱসৰ লোৱা বয়সস্থ লোককহে দেখা পাওঁ যি নিজৰ ঠাইৰ অতীত-বৰ্তমানৰ গল্প কৰিবলৈ আৰু চহৰৰ চুকে কোণে বিদেশী পৰ্য্যটকক লৈ ফুৰিবলৈ ভাল পায়৷ নতুন চামেও এনেকুৱা কামত স্বেচ্ছাসেৱক হিচাপে যোগ দিয়া দেখি ভাল লাগিল৷

ইতিমধ্যে ল’ৰাজনৰ চাৰিওকাষে ভালেখিনি পৰ্য্যটকে ভিৰ কৰিছেহি৷ গলখেকাৰি এটা মাৰি ল’ৰাজনে ক’লে,
’মোৰ নাম মেথিউ৷ আজি আপোনালোকক বেলফাষ্ট চহৰখন দেখুওৱাৰ দায়িত্ব মোৰ ৷ কিবা প্ৰশ্ন থাকিলে নিসংকোচে মোক সকলোৱে সুধিব দেই৷ মই কেনেবাকৈ নাজানিলে গুগুল ককাইদেউক সুধি হ’লেও আপোনালোকক উত্তৰ উলিয়াই দিম৷’

আমাৰ মাজত হাঁহিৰ ৰোল উঠিল৷ মেথিউৱে আমাকো কোন ক’ৰ পৰা আহিছে চমুকৈ ক’বলৈ ক’লে৷ কমেও পোন্ধৰজনীয়া এটা দল৷ কোনোবা কানাডাৰ পৰা আহিছে আৰু কোনোবাজন আকৌ লণ্ডনৰ পৰাই৷ বাকীকেইজন ওলাল ৰাছিয়া, আমেৰিকা আৰু ইটালীৰ ৷ অকলশৰে ফুৰা  পৰ্য্যটক 
(solo traveller) কেৱল ময়ে!

তাতে ৰৈ মেথিউৱে প্ৰথমে চমুৱাই ’হেল্থ এণ্ড চেফটি’ নিৰ্দেশনাবোৰ দিলে৷ ইয়াত দেখিছোঁ যিকোনো সভা বা কাম সদায়ে ’হেল্থ এণ্ড চেফটি নিৰ্দেশনা’ৰে আৰম্ভ হয়৷ মেথিউৱে প্ৰথমেই কৈ ল’লে -

’Anything you do is not my fault!' গোটেইজাক মানুহৰ হাঁহিৰ মাজত সি কৈ গ’ল-

’বেলফাষ্টত ঘনাই বৰষুণ হয়৷ আজি ডাৱৰীয়া যদিও বৰষুণ হোৱাৰ সম্ভাৱনা নাই৷ তথাপি আমি খোঁজ কাঢ়ি ঘুৰি ফুৰোঁতে কেনেবাকৈ পাতলীয়াকৈ বৰষুণ হ’বও পাৰে৷ গতিকে এতিয়াই সাবধান কৰি থওঁ, ইয়াৰ ফুটপাথবোৰ তিতিলে পিছল হৈ পৰে৷ সেয়ে খোঁজ দিওঁতে সকলোৱে যেন সাৱধান হয়৷ আৰু প্ৰতিটো মূল বাট পাৰ হোৱাৰ পৰত পথচাৰীৰ ক্ৰছিঙত সকলোৱে সেউজ সংকেতৰ কাৰণে ৰ’ৱলৈও নাপাহৰিব কিন্তু৷’

সন্মুখত থকা বিশাল চিটি হলটোৰ পৰাই মেথিউৱে আয়াৰলেণ্ডৰ ইতিহাসেৰে ট্যুৰ আৰম্ভ কৰিলে-

’আয়াৰলেণ্ডত আজিৰ পৰা বাৰহেজাৰ বছৰৰ আগৰে পৰা মানুহে বাস কৰিছিল৷ লৌহ যুগৰ আৰম্ভণিৰ পৰা চেলটিক (Celtic) ভাষী লোকসকল আয়াৰলেণ্ডলৈ আহিবলৈ লয় আৰু তেতিয়াৰ পৰাই এই লোকসকলৰ গেলিক সংস্কৃতিয়ে আয়াৰলেণ্ডত খোপণি পুতিলে৷ বাৰশ শতিকালৈ আয়াৰলেণ্ড বিভিন্ন ৰাজত্বৰ ৰজাৰ মাজত শক্তিক লৈ হোৱা খোৱা কামোৰাত বিভক্ত হৈ পৰিছিল৷ এই ৰাজত্ববোৰক দমন কৰি  ইংলেণ্ডৰ ৰজা দ্বিতীয় হেনৰিয়ে
 বিশাল সৈন্যবাহিনী লৈ ১১৭১ চনত আয়াৰলেণ্ড অধিকাৰ কৰিলে৷ এটা শতিকা জুৰা যুদ্ধ বিগ্ৰহৰ অন্তত ষোল্ল শতিকাত এলিজাবেথ আৰু প্ৰথম জেমছৰ ৰাজত্বৰ সময়ত আয়াৰলেণ্ড  সম্পূৰ্ণকৈ ইংৰাজৰ অধীনলৈ আহিল৷

বেলফাষ্টৰ আকৰ্ষণীয় গ্ৰাফিথি
ষোল্লশ শতিকালৈ প্ৰায়বিলাক প্ৰটেষ্টান্ট ধৰ্মী ব্ৰিটিছ লোকে আয়াৰলেণ্ডত কাঠনি পাতিছিল আৰু অধিকাংশ কেথলিক আইৰিছ লোকে সেইবোৰত শ্ৰমিক হিচাপে কাম কৰিছিল৷ থলুৱা আইৰিছ সকলৰ ওপৰত ব্ৰিটিছ শাসকে কৰা নিপীড়নৰ বাবে বহুবাৰ কেইবাবছৰ জোৰা হিংসাত্মক প্ৰতিবাদ হৈছিল৷   ব্ৰিটিছে এই সকলোবোৰ আইৰিছ বিপ্লৱ কঠোৰ হাতেৰে দমন কৰি ব্ৰিটিছে ১৮০১ চনত গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড একেলগ কৰিলে৷’
  
বেলফাষ্টৰ চিটি হ’লৰ সন্মুখভাগত থকা নানা প্ৰতিমূৰ্ত্তিবোৰলৈ আঙুলিয়াই মেথিউয়ে ক’লে,

’এয়া ৰাণী ভিক্টোৰিয়াৰ মূৰ্ত্তি আৰু তাৰ কাষতে চাওঁক গেলিক ভাষাত খোদিত আছে আয়াৰলেণ্ডৰ নাম ৷ বেলফাষ্টৰ সকলোতে ব্ৰিটিছ আৰু আইৰিছ-আমাৰ এই দুয়োটা পৰিচয়ৰ চিন আপোনালোকে একেলগে দেখা পাব৷ কাৰণ, আমি জন্মৰ লগে লগে দুয়োখন দেশৰ নাগৰিকত্ব পাওঁ৷'
চিটি হ’লৰ সন্মুখত ৰাণী ভিক্তোৰিয়াৰ প্ৰতিমূৰ্ত্তি

’তেন্তে উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুখন বেলেগ দেশ কিয়’- কোনোবা এজনে মাত লগালে৷

মেথিউৰ মুখেৰে যেন এটা হুমুনিয়াহ ওলাল৷
’তাৰ আঁৰৰ কাহিনী দুখলগা আৰু ভয়ানকো! উনৈশৰ দশকত আয়াৰলেণ্ডত দুটা মূল ৰাজনৈতিক দলে মূৰ দাঙি উঠিছিল৷ উত্তৰত প্ৰটেষ্টান্ট সকলৰ ইউনিয়নিষ্ট (unionist) যি আয়াৰলেণ্ড আৰু ইংলেণ্ড একেলগ হৈ থকাটো বিচাৰিছিল আৰু দক্ষিণত কেথলিক সকলৰ জাতীয়তাবাদী দল যি সমগ্ৰ আয়াৰলেণ্ড কেৱল আইৰিছসকলৰ হোৱাটো বিচাৰিছিল৷ নব্বৈৰ দশকত এই দুটা দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিল৷ বহুতো লোকৰ মৃত্যু হ’ল, বহুতো পৰিয়াল ছিন্ন ভিন্ন হ’ল৷ এই সংঘৰ্ষৰ ফলতেই ১৯২১ চনত আয়াৰলেণ্ডক পৃথক কৰি উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুখন ভিন্ন দেশ হৈ পৰে৷ এই পৃথকীকৰণেও কিন্তু দেশ দুখনলৈ শান্তি কঢ়িয়াই নানিলে৷ দুয়োখন দেশতে কেথলিক আৰু প্ৰটেষ্টান্ট লোক মিশ্ৰিত হৈ থকাৰ বাবে চৰকাৰৰ ৰাজনৈতিক আৰু ধৰ্মীয় পক্ষপাতিত্বই সংখ্যালঘু সকলৰ ওপৰত শোষণ বন্ধ কৰিব নোৱাৰিলে৷ ইয়াৰ পিছতো ত্ৰিছ বছৰ ধৰি  দুয়োটা গোটৰ মাজত হিংসাত্মক সংঘৰ্ষ চলি থাকিল যাক আয়াৰলেণ্ডত মানুহে ’The Troubles’ বুলি কয়৷


 ১৯৯৮ চনত চুক্তি কৰি দুয়োটা ৰাজনৈতিক দলৰ সমান সংখ্যক প্ৰতিনিধি লৈ ক্ষমতাৰ সমানে ভাগ কৰি উত্তৰ আয়াৰলেণ্ডৰ চৰকাৰ গঠন কৰিবলৈ ল’লে৷ কিন্তু দুয়োটা দলৰ মাজত থকা মূল্যবোধৰ পাৰ্থক্যৰ বাবে কোনো কথাতে সহমত হৈ সিদ্ধান্ত লোৱা সদায়ে টান হৈ আহিছে৷ এতিয়াও ২০১৭ চনৰ জানুৱাৰীত দুয়োটা দলৰ মাজত বিভাজন হৈ চৰকাৰ ভংগ হৈ পৰিল আৰু তেতিয়াৰ পৰা আজিলৈ প্ৰায় ৭০০ দিন ধৰি কাৰ্য্যক্ষম চৰকাৰ এখন নোহোৱাকৈয়ে উত্তৰ আয়াৰলেণ্ড চলি আছে৷’
হয়তো নিজৰ অজানিতেই হাঁহিমুখীয়া মেথিউৰ চকুৱে-মুখে হতাশা আৰু ক্ষোভৰ ছাঁ এটা পৰিল৷ আমাৰ দলটো নিমাতে ৰ’ল৷ হয়তো প্ৰত্যেকেই নীৰৱে অনুভৱ কৰিলে শেষ নোহোৱা এক সংগ্ৰামৰ বাবে হেৰাই যোৱা বহুতো জীৱনৰ বেথাঁ৷

লাহে লাহে আমাৰ দলটোৱে চিটি হ’লৰ পৰা ওলাই মে’ ষ্ট্ৰীটেৰে খোঁজ ল’লে৷ মেথিউয়ে  কৈ গ’ল,

’বেলফাষ্টৰ বাটে পথে ঘুৰি ফুৰোঁতে মন কৰিবচোন, প্ৰতিটো বাটৰ কাষৰ ঘৰবোৰ কিছুমান খুবেই প্ৰাচীন, কিছুমান অত্যাধুনিক৷ ইটোৰ লগত সিটো লগালগিকৈ আছে৷ এই অদ্ভুত ধৰণটোৱেও আমাক সেই হিংসাত্মক অতীতকে মনত পেলাই দিয়ে৷ কিয় জানেনে? ট্ৰাবলছৰ সময়ত বেলফাষ্ট চিটি চেন্টাৰ সকলোবোৰ হিংসাত্মক ঘটনাৰ মূল লক্ষ্য হৈ পৰিছিল৷ বোমা বিস্ফোৰণ বা অন্য কিবা হিংসাত্মক ঘটনাত বহুতো প্ৰাচীন অট্টালিকা ধ্বংস হ’ল আৰু চৰকাৰে খৰধৰকৈ সেইবোৰৰ ঠাইত আধুনিক অট্টালিকা সাজি উলিয়ালে৷’
নতুন আৰু পুৰণিৰ ইতিহাস বুকুত লৈ বেলফাষ্ট মহানগৰ

বেলফাষ্টৰ বাটে-কেঁকুৰিয়ে ৰৈ যোৱা অতীত-বৰ্তমানৰ লগ্নবোৰৰ সন্ধানত আমাৰ খোঁজবোৰ আগবাঢ়িল৷ কেঁকুৰিটো ঘূৰিয়েই আমি ভৰি থ’লোগৈ গ্ৰেট ভিক্টোৰিয়া ষ্ট্ৰীটত ৷ দেখিলো সন্মুখত এটা প্ৰকাণ্ড অট্টালিকা৷ ট ট কৈ জ্বিলিকি আছে এটা বিয়াগোম নাম- ’ইউৰোপা’৷

মেথিউয়ে ক’লে,
ইউৰোপা হোটেল

’এইখন ইউৰোপা হোটেল৷ ১৯৭১ চনতে পতা এইখন হোটেল৷ ট্ৰাবলছৰ সময়ত 
সকলো নেতা-পালিনেতা, সাংবাদিক আদি বেলফাষ্টলৈ আহিলে এইখন হোটেলতে থাকিছিল কাৰণ এইখনে বেলফাষ্টৰ একমাত্ৰ হোটেল আছিল৷ সেইসময়ত এইখন হোটেলত মুঠতে ৩৬ টা বোমা পেলাইছিল কূটাঘাটকাৰীয়ে৷ সেয়ে এই হোটেলখন আজিও ইউৰোপৰ ভিতৰতে সকলোতকৈ বেছি বোমা বিস্ফোৰণ হোৱা হোটেল বুলি কুখ্যাত! এটা সময়ত ইউৰোপা হোটেলখনৰ গোটেইবোৰ খিৰিকীয়ে বোমা বিস্ফোৰণৰ সময়ত ক্ষতিগ্ৰস্ত হোৱাত সকলোতে কাঠৰ পেনেল লগাই থ’ব লগা হৈছিল৷ তেতিয়াৰ পৰা হোটেলখনক ’হাৰ্ডবৰ্ড হোটেল’ বুলিও মানুহে ক’বলৈ ল’লে৷”


মেথিউৰ কথাবোৰ শুনি কি যে এক অনুভৱে দোলা দি গ’ল! কিছুমান অতীত সঁচায়ে হয়তো পাহৰণিৰ গৰ্ভত কেতিয়াও হেৰায় নাযায়! অতীত ৰৈ যায় সোঁৱৰণীৰ জাপে জাপে, বৰ্তমানৰ অলিয়ে গলিয়ে ! এখন মহানগৰৰ মাটিয়ে সাঁচি থয় ধূলি হৈ যোৱা হাজাৰটা জীৱনৰ হাঁহাকাৰ আৰু  আকাশে বতাহে ওলমি ৰয় অতৃপ্ত সপোনৰ আৰ্তনাদবোৰ !

মনলৈ আহিল, এই একেবোৰ কথাই চোন পৃথিৱীৰ চুকে কোণে পুনৰাবৃত্তি হয়! থলুৱাৰ ওপৰত বহিৰাগতৰ শোষণ, মাতৃভূমিৰ ভাষা-সংস্কৃতিৰ সংকট-এয়া যেন প্ৰত্যেক জাতিৰে ইতিহাস৷ স্বাভিমানী জাতিয়ে মাথোঁ সেয়া অতিক্ৰম কৰি নিজৰ পৰিচয় দিয়ে, নতুন বৰ্তমান ৰচে৷ সংগ্ৰাম শেষ হওক বা নহওক, জীৱন ৰৈ নাযায় কাহানিও৷ জীৱন এক বোৱতী নদী-চৈৰৱতি চৈৰৱতি!



বেলফাষ্টৰ কোনোবা এটা গলি
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-২

2 comments:

  1. তোৰ ভ্ৰমণ কাহিনী পঢ়ি আয়াৰলেণ্ডৰ বহুতো কথা জানিব পাৰিলোঁ।আগলৈ ও লিখি থাকিবি.....

    ReplyDelete
  2. এই ভ্ৰমণ কাহিনী পঢ়ি থকা সময়ত সেই ঠাইখনৰ বাসিন্দাসকলৰ প্ৰতি সহানুভূৃতি জাগি উঠে৷ নিজকে তেওঁলোকৰ মাজৰে এজন যেন অনুভৱ হয়৷

    ReplyDelete