Sunday 11 June 2023

এলবাৰ্টা ১০৭: এডমণ্টনত গ্ৰীষ্ম

 (ক) দেশ-বিদেশ

ব'নী ডুন কমিউনিটি চেণ্টাৰ। শনিবাৰৰ ৰাতিপুৱা যদিও ৰ'দজাক চোকাকৈ ওলাইছে। ইয়াত জাৰৰ প্ৰকোপ যেনে গ্ৰীষ্মৰো তেনে। হঠাতে পৰা গৰমৰ প্ৰতাপত মানুহবোৰ খপজপকৈ যেন সাজু হৈছে। পাহৰি পেলাইছে বৰফাবৃত শীতৰ দিনবোৰৰ কথা। বৰফ গলি মুকলি হৈ পৰা চোতালত ফুলনি আৰু শাকনি পাতিছে। পুৱাই বাটে বাটে দৌৰা, চাইকেল চলোৱা মানুহে ভিৰ লগাইছে। এই দিনবোৰে আনি দিয়া সজীৱতাখিনি আকোঁৱালি লৈয়ে ময়ো আজি ছুইমিং পুলত।

এডমণ্টনৰ চুবুৰীয়ে চুবুৰীয়ে থকা কমিউনিটি চেণ্টাৰবোৰৰ দৰেই এই চেণ্টাৰতো পৰিয়াল-বন্ধু বান্ধৱৰ সৈতে খেলা, ব্যায়াম বা সাঁতোৰাৰ অনেক ব্যৱস্থা। যোৱা কেইমাহমানৰ পৰা ইয়াৰ ছুইমিং পুললৈ আহিবলৈ লৈছোঁ। শিকোঁ শিকোঁ বুলিও ৰৈ যোৱা সাঁতোৰ শিকিবলৈ প্ৰতি সপ্তাহে চেষ্টা কৰিছোঁহি। 

আজিও পোনেই গৈ লেন'ত নামিলোঁ। অন্যদিনাৰ দৰে বেছি ভিৰ নাই। মোৰ গগলছ লগাই লৈ লাহে লাহে সাঁতুৰি আগবাঢ়িলোঁ। ওপৰলৈ মুখ কৰি চিত হৈ দিয়া চিলনী সাঁতোৰ ঠিকেই শিকিছোঁ। কিন্তু পুলৰ সিপাৰৰ দ' অংশলৈ যাবলৈ এতিয়াও সাহস হোৱা নাই। সেয়ে সাঁতুৰি গৈ পুলৰ ঠিক মাজ পায়ে ৰৈ গ'লোঁ। লেন ভাগ কৰা চিনটোৰ একাষে থমকি ৰৈ ভাৱিলোঁ, 

'গৈ চাওঁ নেকি আজি? লাইফগাৰ্ডবোৰতো ঘুৰিয়ে ফুৰে। সাঁতুৰিব নোৱাৰিলে ধৰিব নহয়!'

'হাই!' কাষতে মাতটো শুনি চক খাই উঠিলোঁ। 

সিমূৰৰ পৰা সাতুঁৰি আহি আহি ঠিক মোৰ কাষতে ৰৈ গৈছেহি এজন ডেকা ল'ৰা। লনী দেহৰ ল'ৰাজনৰ ৰঙচুৱা কেকুঁৰা চুলি, ৰঙচুৱা দাড়ি- যাক ইয়াত কয় আদাবৰণীয়া (জিঞ্জাৰ) বুলি।

কি ক'লে ধৰিব নোৱাৰি গগলছযোৰ খুলি লৈ মুখৰ পানীখিনি টুকি লৈ ক'লোঁ, 'ছ'ৰি, কিবা কৈছিল?'

'তুমি ফিলিপিন' নেকি?' তেওঁ কৌতুহলেৰে মোলৈ চাই থাকি সুধিলে।

'নহয়, মই ভাৰতীয়।' কৈ ভাৱিলোঁ আৰু কিবা ব্যখ্যা দিমনে! 

এই প্ৰশ্নটোৰ উত্তৰ দি দি কেতিয়াবা আমনি লাগি যায় মোৰ। মোৰ মংগোলীয় ঠাচৰ চেহেৰা বহুতে ভাৰতীয় বুলি অনুমানেই কৰিব নোৱাৰে। আনকি ভাৰতীয় মানুহেও সেই ভুল কৰে। সাধাৰণতে মই নিজে ঠিক কৰি লোৱা নিয়মটো হ'ল, ভাৰতৰ বাহিৰৰ মানুহ হ'লে ক'ম ভাৰতৰ বৈচিত্ৰ্যৰ কথা- উত্তৰ-পূব কোণত থকা মানুহবোৰৰ কথা, তাৰ থলুৱা কলা-সংস্কৃতিৰ কথা। যেন বিদেশী চিনাকি-অচিনাকি মানুহবোৰক অসমৰ বিষয়ে জনোৱাৰ সেয়া এক সোণালী সুযোগ বুলিয়ে গ্ৰহণ কৰিব খোজো।

কিন্তু ভাৰতীয় হ'লে মোৰ অসমীয়া জাতীয়তাবাদে আৰু আত্মসন্মানবোধে বাট ভেঁটা  দি ধৰে। নিজৰ দেশৰ বিষয়ে জনাটো সকলোৰে কৰ্তব্য নহয় জানো? বিচাৰিলে নিজেই ভূগোল-ইতিহাস-গুগুল চাই অসমৰ বিষয়ে শিকি ল'ব। কোনো ভাৰতীয়ক সেইবিষয়ে মই নিজে ক'বলৈ নাযাওঁ। সেইটো যেন মোৰ সন্মানত আঘাত লগা কথা।

কিন্তু এই আদাবৰণীয়াক কি কোৱা যায়? মই ঠিক কৰাৰ আগেয়ে তেওঁ ক'লে,

'তোমাৰ মা-দেউতা কোনোবা ফিলিপিন' নেকি?'

'নহয়।' ইচ্ছাকৃতভাৱেই মই তাতোকৈ বেছি একো নক'লোঁ। চাওঁচোন এওঁ কথা কিমান দূৰলৈ টানে!

'সঁচাই? তুমি ফিলিপিনছ'ত থাকিছা নেকি কেতিয়াবা?'

এইবাৰ মোৰ ধৈৰ্য্য হেৰাল! মুঠতে তেওঁ যে মোক ফিলিপিন' বুলি অনুমান কৰিলে কিবা-প্ৰকাৰে হ'লেও তাৰ প্ৰতিপাদন (ভেলিদেশ্য'ন) লাগে যেন।

'নহয়, মোৰ ফিলিপিনছ'ৰ লগত একো সম্পৰ্ক নাই। মাথোঁ দেখাত মই তেনে। মানুহে মোক প্ৰায়ে ভুল কৰে ফিলিপিন' বুলি!'

এইবাৰহে তেওঁ সন্তুষ্ট হ'ল যেন। কেৱল তেৱেঁ নহয়, বহুতে কৰে সেয়া। 

বহুতে!

পিছৰ সপ্তাহত পুনৰ সেই একেই কমিউনিটি চেণ্টাৰ। একেই ছুইমিং পুল। পানীৰ এই নতুন পৃথিৱীখনে মোৰ দেহ-মন যেন সজীৱ কৰি আনিছে। এটা নতুন নিচাৰ দৰে হৈ পৰিছে এই পানীৰ খেলা। পিছে এইবাৰো সিমূৰৰ দ' অংশলৈ যোৱাক লৈ মোৰ একেই গুণাগথা চলিল।

লাইফ জেকেট পিন্ধি যাওঁ নেকি?

নাই সাঁতুৰিব পাৰোঁৱে দেখোন। লাইফ জেকেট পিন্ধি গ'লে সাঁতোৰা যেনেই নালাগিব!

এনেতে মোৰ কাষৰ মহিলাগৰাকীয়ে কিবা এষাৰ কোৱা যেন লাগিল। ঘুৰি চাই দেখোঁ, মংগোলীয় মুখৰ দুগৰাকী মধ্যবয়সীয়া মহিলা। মই চোৱা দেখি প্ৰথমগৰাকীয়ে একেষাৰকে আকৌ দোহাৰিলে। এইবাৰ বুজিলোঁ, তেওঁ মেণ্ডেৰিন ভাষাত কথা কৈছে!মোৰ চীনা বন্ধু-বান্ধৱৰ মুখত শুনি শুনি সেয়া যে মেণ্ডেৰিন ধৰিবলৈ অসুবিধা নহ'ল।

'আপুনি কি কৈছে মই একো বুজিব পৰা নাই।' ইয়াৰ পিছৰ কথোপকথন কেনেকৈ যাব জানিও নজনাৰ দৰেই ক'লোঁ।

এইবাৰ তেওঁ আচৰিত হৈ ইংৰাজীত ক'লে,

'তুমি চাইনিজ নহয় জানো?' 

'নহয়, মই ভাৰতীয়।' শুনিয়ে তেওঁৰ দুচকু বহল হৈ পৰিল। দুয়ো মহিলাই খুকখুকাই হাঁহি পেলালে। মই হাঁহিত হাঁহি মিলাই লৈ এইবাৰ পানীত জাপ দিলোঁ।

সেইবোৰৰ পৰা মন আঁতৰাই এইবাৰ বৰ একমনে পুলৰ দ' অংশলৈ বুলি আগবাঢ়িলোঁ। 'এইবাৰ পাৰিমেই! পাৰিমেই' বুলি মনতে আওৰাই আওৰাই সাঁতুৰি গৈ থাকিলোঁ।

আৰু তেনেকৈয়ে আজি তিনিমাহৰ চেষ্টাৰ অন্তত নিজেই সাঁতুৰি পুলৰ সিপাৰ পালোঁগৈ! 

সিপাৰৰ সীমা চুই সন্তুষ্টি আৰু গৌৰৱেৰে যেন মনটো ভৰি পৰিল। ইয়ালৈ প্ৰথম অহাৰ দিনা একঁকাল পানীতে ডুবিম বুলি ভয় খাইছিলোঁ! শৈশৱৰে পৰা মোক কাবু কৰি ৰখা সেই অহেতুক ভয়ে আজিৰ পৰা সঁচাই মোৰ পাছ এৰিব! কি এক মুকলি বিজয়ীৰ অনুভৱে যেন মোক বুৰাই পেলালে। অকলে অকলেই হাঁহি পেলালোঁ।

'তুমি ক'ল'ম্বিয়ান নেকি?' 

আহ্‌ আজি কিহে পালে মোক? এইবাৰ আকৌ কোন ওলাল? চাই দেখোঁ সীমাৰ এটা কোণত মোৰ ফালে থৰ লাগি চাই আছে এজন মংগোলীয় ঠাচৰ ব্যক্তিয়ে।

মনটো অলপ ৰেঙালে। তথাপিও ক'লোঁ, 'নহয়, মই ভাৰতীয়।'

'আহ, তুমি মোক বাৰুকৈয়ে মূৰ্খ সাজিলা দেই!'

'যি দেখিছোঁ, মই বহুত মানুহকেই এইটো কথাত মূৰ্খ সাজোঁ।' মোৰ মাতত কিছু তিক্ততা।

'ঠিকেই ঠিকেই, ভাৰত বহুত ডাঙৰ আৰু বৈচিত্ৰ্যময় নহয় জানো! তুমি কিজানি উত্তৰ-পূবৰ পৰা আহিছা?'

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। ক'লোঁ, 

'হয়, মই অসমৰ। উত্তৰ-পূবৰ বুলি আপুনি কেনেকৈ জানিলে?'

'মই মোৰ ভূগোল জানো।' তেওঁ হাঁহি হাঁহি ক'লে।

'মই ইম্প্ৰেছড! আজিলৈকে কিমান মানুহে যে মোক এই প্ৰশ্নটো সুধিছে। কোনেও কিন্তু ভাৰত বুলি কোৱাৰ পিছতো এনেকৈ ক'ব পৰা নাই।'

এইবাৰ তেওঁ কিছু গহীনভাৱে ক'লে, 'তাত ইম্প্ৰেছড হ'বলগীয়া একো কথা নাই। মই ভিয়েটনামিজ, আমেৰিকান নহয়। আমেৰিকানবোৰহে ভূগোলত কেঁচা। সিহঁতে নিজৰ দেশখন আৰু বন্ধুকৰ বাহিৰে বাকী একো চিনি নাপায়!'

মোৰ মুখ মেল খাই গ'ল। কথাষাৰত বৰ্ণবাদৰ সুৰ নিহিত হৈ থাকিলেও তাৰ সততাখিনিও যেন নুই কৰিব নোৱাৰিলোঁ। 

তেওঁৰ কথাত হয়ভৰ দিয়ে মই আকৌ পুনৰ পুলৰ সিটো পাৰলৈ বুলি পানীত হাত-ভৰি মেলি দিলোঁ।

এডমণ্টনত গ্ৰীষ্ম

(খ) বিদেশত আপোন মানুহ 

এডমণ্টনত শীতে মেলানি মগাৰ পৰতে এদিন ফে'চবুকত এটা প'ষ্ট দেখা পালোঁ। 

এডমণ্টনত ৰঙালী বিহু! 

লগে লগে কোনে ক'ত পাতিছে খুঁচৰিলোঁ। যোৱাৰ ইচ্ছা আছে বুলি কোৱাৰ লগে লগে এডমণ্টনৰ এগৰাকী অসমীয়াই ফোন কৰিলে। 

বাচ্‌ তেনেকৈয়ে সকলো ঠিক হৈ গ'ল! ব'হাগৰ প্ৰথম দিনটোত গৈ লগ পালোঁ এডমণ্টনত থিতাপি লোৱা বহু ন-পুৰণি অসমীয়া। পিঠা-পনা-জলপানেৰে বিহু খালোঁ। সকলোৰে লগত থিয় দি 'অ' মোৰ আপোনাৰ দেশ' গালোঁ, দুপাকমান বিহুও নাচিলোঁ। দিনটোৰ শেষত ভাৱেই নহ'ল যে সকলোকে সেইদিনাহে প্ৰথম লগ পাইছোঁ, ভাৱেই নহ'ল সেই দিনটো অসমত নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰে কানাডাত আছোঁ!

তাৰপিছৰে পৰা যেন এডমণ্টনত মোৰ জীৱনৰ সুঁতিত এটা নতুন জোৱাৰ আহি পৰিল। প্ৰায়ে অসমীয়া সমাজৰ ইজন-সিজনৰ সৈতে লগ কৰা হ'লোঁ। ইফালে-সিফালে যোৱা হ'লোঁ। বহুদিনীয়া চিনাকিৰ দৰেই ময়ো সোনকালেই যেন সকলোৰে মাজৰ এজন হৈ পৰিলোঁ।

কৰ্মসূত্ৰে আজি প্ৰায় পোন্ধৰ বছৰ অসমৰ বাহিৰত আছোঁহি। ভাৰত বা বিদেশতো ক'তো কেতিয়াও এনেকৈ অসমীয়া সমাজ এখন পোৱা নাছিলোঁ। পোৱাৰ আশাও কৰা নাছিলোঁ। যেন লাহে লাহে গ্ৰহণ কৰি লৈছিলোঁ অসমৰ সৈতে মোৰ সম্পৰ্ক কেৱল অনলাইন কথা-কাম  আৰু বছৰেকীয়া 'ঘৰলৈ যোৱা' পৰ্বতে সীমাবদ্ধ।

এডমণ্টনৰ অসমীয়া সমাজে হঠাতে সেই বদ্ধমূল ধাৰণাবোৰ যেন মোহাৰি পেলালে! বিভিন্ন সময়ত অসমৰ পৰা আহি ইয়াত থিতাপি লোৱা ভিন্ন বয়সৰ অসমীয়া সকল যেন এক সমন্বয় আৰু বিবৰ্তনৰ চানেকি হৈ ধৰা দিলেহি মোৰ আগত। আমি সকলোৱেই হয়তো সাত সাগৰ তেৰ নদীৰ সিপাৰে এই নতুন জীৱনত ভিন্ন ৰূপত বিবৰ্তনৰ  বাট বুলিছোঁ। কিন্তু দুয়ো ঠাইৰ জীৱন-ধাৰা আৰু সংস্কৃতিৰ সমন্বয়ৰ মাজতো আমাৰ সকলোৰে সিৰাই সিৰাই বৈ আছে অসমীয়াৰ তেজ।

সেইবাবেই মোৰ এডমণ্টনৰ দৈনন্দিন জীৱনত নতুনকৈ যোগ হ'ল সৰু সৰু সুখবোৰ। 

অসমীয়াত কথা পতাৰ সুখ। 

অসমৰ কথা পতাৰ সুখ। 

অসমীয়া খাদ্যক লৈ, গানক লৈ নষ্টালজিক হৈ পৰাৰ সুখ। 

বিদেশী বন্ধু-বান্ধৱৰ সৈতে পাতিলে বহু কথাত কৰি অহাৰ দৰে কোনো ব্যখ্যাৰ প্ৰয়োজন নোহোৱাকৈ ভাল লগাবোৰত হঁহাৰ, বেয়া লগাবোৰক লৈ বিষাদগাৰ কৰিব পৰাৰ সুখ। ঘড়ীৰ কাঁটাৰ লগত চলাত অভ্যস্ত হৈ পৰা জীৱনটোত 'আহা এনেয়ে আড্ডা মাৰোঁ' বুলিলেই গৈ ওলোৱাৰ সুখ।

জীৱনত প্ৰথমবাৰৰ বাবে মোৰ প্ৰিয় দুখন ঠাই কানাডা আৰু অসম একেলগে পোৱাৰ সুখ!

বিহুত এডমণ্টনৰ অসমীয়া (ফটো: মণীষ)

(গ) লেখকৰ আড্ডা

ৰিমেডী কেফে। অন্যদিনাৰ দৰেই কেফেখনৰ একোণত দীঘল টেবুলখনত সকলোৱে নিজৰ নিজৰ লেপটপ উলিয়াই লৈছে। দহগৰাকীমান চিনাকি-অচিনাকি মানুহৰ মুখ। নতুন কেইগৰাকীমানে সোমায়ে কিছু ইতস্ততভাৱে সুধিছেহি,

'এইটোৱে লেখকৰ মীট আপ নহয় জানোঁ?

'হয়, হয়। সোমাই আহা।'পুৰণি সদস্য এগৰাকীয়ে মাত দিছে।

চাহ-কফিৰ পিয়লাবোৰ লৈ সকলো বহে মানে আয়োজক ডায়েনাই চিনাকি দিবলৈ আৰম্ভ কৰিছে,

'মই ডায়েনা। এই মীট আপৰ আয়োজক। আমি দেওবাৰে এনেকৈ লগ হওঁ, চমূকৈ চা-চিনাকি দিওঁ আৰু দুঘণ্টা লিখোঁ। সেইকাৰণে আমাৰ আড্ডাৰ নাম- 'জাষ্ট ৰাইট'। এতিয়া এজন এজনকৈ আপোনালোকৰ চিনাকিও দিয়কচোন।'

নতুন-পুৰণি মুখবোৰে চিনাকি দিবলৈ আৰম্ভ কৰিলে। কোনোবাই কল্পবিজ্ঞানৰ কাহিনী লিখিছে, কোনাবাই কবিতা, কোনোবাই আকৌ পূৰ্বে প্ৰকাশিত নিজৰ গ্ৰন্থখনৰ পুনৰ সংকলনৰ কাম কৰিছে। সকলোৱে বিচাৰি আহিছে, দুঘণ্টা ধৰি কিবা এটা লিখাৰ বাবে কিছু প্ৰেৰণা।

মোৰ পালো পৰিল। ক'লোঁ,

'মই এই এলবাৰ্টা প্ৰদেশত নতুন। গতিকে শেহতীয়াকৈ ইয়ালৈ আহি হোৱা অভিজ্ঞতাবোৰকে লিখি আছোঁ।'

'তুমি আমাৰ এই লেখকৰ আড্ডাৰ কথাও লিখিবা নেকি তেনে?' আগতে কেইবাবাৰো লগ পাই চিনাকি হৈ পৰা শ্বেনে হাঁহি হাঁহি মোক সুধিলে।

'হয়, লিখিম। মই এই লেখকৰ আড্ডাতে বহি লেখকৰ আড্ডাৰ কাহিনী লিখিম এদিন।' 

গোটেইবোৰে হোহোৱাই হাঁহি উঠিল। ডায়েনাই তাৰ মাজতে ক'লে,

'কিন্তু নতুন কেইগৰাকীয়ে হয়তো নাজানে, জলিয়ে অসমীয়াতহে লিখে। গতিকে আমাৰ দাবী হ'ল, তুমি এদিন অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি শুনাবা কিনো লিখিছা।'

মই হাঁহি হাঁহি মুৰ দুপিয়ালোঁ। কিন্তু প্ৰতিশ্ৰুতি নিদিলোঁ। সেয়া যে ভৱিষ্যতৰ কথা! বৰ্তমান মোৰ কাহিনীৰ পাঠক কেৱল অসমীয়া!

(ঘ) ডাক্তৰ টাৰিক 

ডাক্তৰ টাৰিকৰ চেম্বাৰত। মোৰ ফেমিলি ডাক্তৰ। মোৰ সকলো অসুখ-বিসুখ, স্বাস্থ্যসম্পৰ্কীয় কথাৰ ভৰসা! মোক দেখিয়ে তেওঁ স্বভাৱসূলভ হাঁহিটো মাৰি ক'লে,

'আৰে, বহুদিনৰ মূৰত তোমাক দেখা পালোঁ। কি খৱৰ?'

'ভাল ভাল। আপোনাৰ কেনে? খুউব ব্যস্ত যেন দেখিছোঁ।'

'মোৰো ভাল। ডাক্তৰ মানুহৰ জানো ব্যস্ততা কমিব!'

ডাক্তৰ টাৰিক মূলত: মধ্য-পূব দেশীয়। মানুহজনক প্ৰথম লগপোৱাৰে পৰা মোৰ সহৃদয়তা গঢ়ি উঠিছে। আজিও তেওঁ বৰ আন্তৰিকতাৰে খা-খৱৰ ল'লে। 

মোৰ নৈমিত্তিক ঔষধখিনি প্ৰেছক্ৰিপশ্যনত লিখি থকাৰ মাজতে তেওঁ সুধিলে,

'কেনে পাইছা এডমণ্টন? গৰমদিন বোৰ কেনে হয় জানো ইয়াত?

'ময়ো তাকে চাবলৈ ৰৈ আছোঁ। এডমণ্টনত মোৰ এয়াই প্ৰথম গ্ৰীষ্ম। আমি দুয়ো একেসময়তে এডমণ্টনলৈ আহিছিলোঁ, মনত আছেনে আপোনাৰ?'

তেওঁ হাঁহি হাঁহি ক'লে, 'আছে আছে। কিয় নাথাকিব। জাৰৰ প্ৰকোপত কি অৱস্থা হৈছিল সেইয়াও মনত আছে।'

ঠিকেই, শেষৰবাৰ এডমণ্টন বৰফে ঢাকি থোৱাৰ পৰত এবোজা উমাল কাপোৰ মেৰিয়াই মই তেওঁক লগ কৰিবলৈ আহিছিলোঁ। দুয়ো মিলি ইয়াৰ অতিপাত ঠাণ্ডাক লৈ বিষাদগাৰ কৰিছিলোঁ। মোৰ ঠিকেই মনত পৰিল।

যোৱাৰ পৰত দুৱাৰলৈকে আগবঢ়াই থৈ ডাক্তৰ টাৰিকে ক'লে,

'তোমাক আগতকৈ বহুত ভাল দেখিছোঁ জলি। সুখী দেখিছোঁ।'

'থেংক ইউ।' মোক যেন এছাটি সুকোমল বতাহে জোকাৰি গ'ল। ডাক্তৰ টাৰিক যেন হঠাতে মোৰ জীৱনৰ এটা প্ৰসংগ বিন্দু হৈ দুচকুত ধৰা দিলে!

যোৱাবাৰ তেওঁক লগ কৰিবলৈ আহোঁতে কি এক যুঁজত ব্যতিব্যস্ত হৈ আছিলোঁ ! ভেনকুভাৰত এৰি অহা জীৱনটোৰ স্মৃতিয়ে ম্ৰিয়মাণ কৰি থৈছিল মোক। এই নতুন চহৰৰ শীতৰ তাণ্ডৱ আৰু নতুন চাকৰিৰ প্ৰত্যাহ্বানবোৰে চেপি ধৰিছিল যেন। যোৱাবাৰ ডাক্তৰ টাৰিকক লগ কৰিবলৈ আহিছিল মোৰ ঠাইত এক ক্লান্ত যুঁজাৰু!

মাথোঁ কেইটামান মাহৰ পিছতে জীৱনে যেন পুনৰ খোপনি পুতিছে এই নতুন চহৰত। হেঁপাহৰ এখন ঘৰ হৈছে। এই চহৰৰ চুকে কোণে ভালপোৱা বহু নতুন ঠাই হৈছে। ভালপোৱা বহু কাম আৰম্ভ হৈছে। ভালপোৱা এখিনি মানুহ হৈছে। ভেনকুভাৰক বুকুৰ একোণত লৈও এডমণ্টনৰ এই জীৱন ভাল পাবলৈ, মনৰ হেঁপাহেৰে উপভোগ কৰিবলৈ শিকিছোঁ -নতুনকৈ!

এনেকৈয়েতো জীৱনে নতুন মোৰ লয়। বাট দেখুৱাই লৈ যায়- নতুন আপোনত্বৰ, নতুন সপোনৰ, সুখ আৰু পৰিপূৰ্ণতাৰ।

পূৰ্বৰ খণ্ডসমূহ:

No comments:

Post a Comment