Friday 30 June 2023

এলবাৰ্টা ১০৮:তৈলনগৰী ফৰ্ট মেকমাৰিত

পায়ো হেৰুওৱা জীৱন

কানাডাৰ তৈল নগৰী ফৰ্ট মেকমাৰি। এয়াৰপৰ্টৰ পৰা পোনে পোনে মোৰ অফিচলৈকে ৰাওনা হ'লোঁ। টেক্সি চলিবলৈ লওঁতেই ড্ৰাইভাৰজনে স্বগতোক্তি কৰাৰ দৰে ক'লে,

'ইমান নেৰানেপেৰা বৰষুণ!'

গাড়ীৰ খিৰিকীৰে চাই পঠিয়ালোঁ ৰিমঝিম বৰষুণে ধোৱাই নিয়া চহৰখন। সঁচাই, যোৱা সপ্তাহৰ তীব্ৰ ৰ'দ, গ্ৰীষ্মৰ বাঢ়ি অহা উষ্ণতা, বনজুইৰ তাণ্ডৱ সকলো হঠাতে থমকি ৰৈছে। পুনৰ ঠাণ্ডা ঠাণ্ডা ভাৱ এটাই আমনি কৰিছে। এই এলবাৰ্টা প্ৰদেশৰ ৰাতিটোৰ ভিতৰতে ৰূপ সলোৱা বতৰে আকৌ এবাৰ মোক বিভ্ৰান্তিত পেলাই দিছে। 

প্ৰায় দুমাহমানৰ মূৰত পুনৰ ইয়ালৈ আহিছোঁ। একেবাৰে ভিন্ন পৰিস্থিতিত, ভিন্ন কামত। যোৱাবাৰৰ দৰে মোক আগবঢ়াই নিবলৈ মোৰ সহকৰ্মী এৰিন ৰৈ থকাহি নাই। ইতিমধ্যে তেওঁ ইয়াৰ বিষয়বাব এৰি অন্য এক অঞ্চললৈ ট্ৰেন্সফাৰ লৈ গৈছে। গতিকে প্ৰদেশখনৰ প্ৰায় এক পঞ্চমাংশ এলেকা জুৰি থকা এই অঞ্চলটোৰ বন্যজীৱ পৰিচালনাৰ সকলো কাম মই অকলেই গাত পাতি লৈছোঁ।

ফৰ্ট মেকমাৰিৰ প্ৰভিঞ্চিয়েল বিল্ডিং

চহৰখনৰ ডাউনটাউনত জিলিকি আছে প্ৰকাণ্ড 'প্ৰভিঞ্চিয়েল বিল্ডিং'টো। এই বিল্ডিঙতে প্ৰাদেশিক চৰকাৰৰ সকলো বিভাগৰ কাৰ্যালয়। 'পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল' মন্ত্ৰালয় তৃতীয় ফ্ল'ৰত। তালৈ উঠি গৈয়ে লগ পালোঁ প্ৰশাসনিক বিভাগৰ মুৰব্বী টেমীক। টেমীৰ সৈতে অন্য এগৰাকী মহিলা। মোক সম্ভাষণ জনাই টেমীয়ে চিনাকি কৰি দিলে,

'শ্যেলী, এয়া জলি। আমাৰ অফিচৰ জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী। শ্যেলী আমাৰ বিভাগৰে বিত্তীয় মুৰব্বী।জলিয়ে এতিয়া এডমণ্টনৰ পৰা কাম চম্ভালি আছে। কিন্তু এৰিন গ'লগৈ যে- সেয়ে তেওঁ এতিয়াৰ পৰা ঘনাই এই অফিচলৈ আহি থাকিব। প্ৰতিমাহে এটা সপ্তাহ ইয়াৰ পৰা কাম কৰিব।'  

মই থতমত খালোঁ অলপ! বুজিলোঁ যোৱাৰ আগতে এৰিনে তাকে কৈ গৈছে। মই ইয়ালৈ আহি কাম কৰাত যাতে একো অসুবিধা নহয় তাৰো সকলো বন্দবস্ত কৰি গৈছে। তাইৰ প্ৰতি কৃতজ্ঞ হ'লোঁ। কিন্তু চেষ্টা কৰিলোঁ ইয়াৰ কৰ্মচাৰীসকলক যাতে মিছা সপোন দেখুৱাই পিছত হতাশ কৰিব লগা নহয়। পাৰিমনে এই দূৰণিবটীয়া ঠাইখনলৈ আহোঁ বুলিলেই ইমান ঘনাই আহি থাকিবলৈ?

'তেনেকৈয়ে ভাৱি আছোঁ। যিমান দূৰ সম্ভৱ মিলাবলৈ চেষ্টা কৰিম। এইবাৰ আমাৰ প্ৰাদেশিক আৰু কেন্দ্ৰীয় চৰকাৰ আৰু তেল উদ্যোগৰ মাজৰ এখন সভা আছে। সেয়ে মিলাবলৈ সুবিধা হ'ল আৰু।' মই ক'লোঁ।

কথা সামৰি মোৰ অফিচ কোঠা পালোঁহি। আজি মোৰ প্ৰথম দিন ইয়াত! মজলীয়া জোখৰ কোঠাটোৰ একাষে চ্যুটকেছটো থ'লোঁ।  আহল-বহল ডেস্কখনেই বহুখিনি ঠাই লৈছে। দুটাকৈ চেল্ফ। চাৰিওখন দেৱালতে বন্যপ্ৰাণী সম্পৰ্কীয় কেইবাখনো প'ষ্টাৰ। বুজিলোঁ সেয়া এৰিনেই লগোৱা। এটা টাবত যথেষ্ট ডাঙৰ এজোপা জোপোহা। কি চিনিব নোৱাৰাকৈ পাতবোৰ শুকাই গৈছে। আস্‌ এৰিন যোৱাৰ পিছত অযত্নতে মৰিল কিজানি!

কম্পিউটাৰ খুলি লৈয়ো ৰৈ গ'লোঁ। এতিয়াও লান্সৰ বিৰতি চলি আছে। চকীখন ঘুৰাই লৈ কোঠাটোৰ ডাঙৰ খিৰিকীখনেৰে বাহিৰলৈ চাই পঠিয়ালোঁ। 

অফিচৰ খিৰিকীৰে ফৰ্ট মেকমাৰিৰ একাংশ

ইতিমধ্যে বৰষুণ ক্ষন্তেক থমকি ৰৈছে। নিকা হৈ পৰা ৰঙীন পাৰ্কখন জিলিকি উঠিছে। তাৰ কাষেদিয়ে বহল ঘাইপথটো। অফিচৰ সন্মুখত বগা-নীলা বাছৰ লানি।

ইমান ভিন্ন এই ঠাই!

ইমান নতুন!

এই পদবীত যোগ দিয়াৰ আজি প্ৰায় আঠমাহ হৈ গ'ল। তথাপি আজিহে প্ৰথম নিজৰ ঠাইৰ নিজৰ অফিচত বহিলোঁ!

জানিছিলোঁ, মোৰ কাম এই ফৰ্ট মেকমাৰিত। গতিকে অফিচৰ প্ৰথম পছন্দো ইয়াতে। ইয়াত নোৱাৰিলেহে এডমণ্টন। মই দ্বিতীয় ঠাইখন বাচি ল'লোঁ। কেৱল তেল উদ্যোগৰ ভিত্তিত গঢ়ি উঠা এই দুৰ্গম ঠাইত জীৱন এটাৰ কথা ভাৱিবলৈ মোৰ অসুবিধা হ'ল। বিশেষকৈ উত্তৰৰ অতিপাত শীতৰ প্ৰকোপত এনে এখন ঠাইত ছমাহ ধৰি আৱদ্ধ হৈ থাকি স্বাভাৱিক জীৱন এটা কটাব পাৰিম বুলি মনে নামানিলে।

গতিকে এই দুৰ্গম প'ষ্টিঙৰ বাবে আগবঢ়োৱা বহু লোভনীয় ব'নাচ নাকচ কৰি মই থিতাপি ল'লোঁ ৰাজধানী এডমণ্টনত।

আঠমাহৰ পিছত আজি  ইয়াত এনেকৈ ভৰি থৈ মই যেন কিছু বিভোৰ হৈ পৰিলোঁ। 

সেই সিদ্ধান্ত নকৰা হ'লে এয়া মোৰ নিজা অফিচ হ'লহেঁতেন। মোৰ ষ্টাফ সকলো অনলাইন নহৈ একেটা অফিচতে বহিলহেঁতেন। হয়তো বহু লোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তুলিবলৈকো কিছু সহজ হ'লহেঁতেন। এনে দুৰ্গম অঞ্চলত থকাৰ বাবে চৰকাৰে দিয়া লোভনীয় ব'নাচ আদি মিলাই এটা বিলাসী জীৱন হ'লহেঁতেন।

কিন্তু সেয়া জানো এতিয়াৰ এডমণ্টনৰ জীৱনৰ দৰে হ'লহেঁতেন? জীৱনৰ প্ৰতিটো মোৰেই আমাৰ একো একোটা সিদ্ধান্তৰে ফল নহয় জানো! সমগ্ৰ জীৱন কেৱল কামৰ দায়তে বহু ঠাইৰ বহু জীৱন আকোঁৱালি লোৱাৰ পিছত এতিয়া যে মই নিজকে প্ৰথমে ৰাখিবলৈ শিকিছোঁ! মোৰ এই সিদ্ধান্তই কামত কিছু প্ৰত্যাহ্বান আনি দিছে সঁচা, কিন্তু এটা সুখী আৰু পৰিপূৰ্ণ ব্যক্তিগত জীৱনৰো বাট মুকলি কৰিছে। অন্তত: এই মুহূৰ্তত নিজকে মই তেনেদৰেই বুজনি দিলোঁ।

চিকাৰ আৰু চিকাৰী

অফিচৰ সময়খিনিত প্ৰায়ে বহু ফোন আহি থাকে। কামৰ পৰা মূৰ তুলি প্ৰতিটো ফোন তোলা মোৰ কাৰণে অসম্ভৱ। গতিকে যেতিয়া সময় পাওঁ ভইচমেইলবোৰহে শুনোঁ।

আজিও এফালৰ পৰা ভইচমেইলবোৰ শুনি যাওঁতে এঠাইত ৰৈ গ'লোঁ,

'জলি ব....বহ.বহৰা, মই বহুত দূৰৰ পৰা ফোন কৰিছোঁ। আপোনাৰ চিঠিখন পালোঁ। আপোনাৰ লগত চিকাৰৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ।'

মোৰ উপাধিটো ইমান যত্নেৰেও তেওঁ ক'ব নোৱাৰা দেখি মোৰ হাঁহি উঠি গ'ল।কিন্তু বুজিলোঁ চিকাৰ সম্পৰ্কীয় নীতি-নিয়ম সলনি হোৱাক লৈ দিয়া মোৰ চিঠিখন তেওঁ পাইছে।

এলবাৰ্টাকে ধৰি সমগ্ৰ কানাডাতে চৰকাৰীভাৱে বহনক্ষম চিকাৰ কৰাৰ অনুমতি আছে। ক'ত কি কেতিয়া চিকাৰ কৰিব পাৰি তাৰ নীতি-নিয়ম সকলো চৰকাৰেই বান্ধি দিয়ে। বছৰৰ শেষত চিকাৰীসকলে কি কি চিকাৰ কৰিলে তাৰো হিচাপ চৰকাৰৰ ওচৰত দিব লাগে। গতিকে চিকাৰ আৰু চিকাৰীৰ পৰিচালনা ইয়াৰ বন্যজীৱ পৰিচালনাৰ এটা অন্যতম অংগ।

ফোন ৰিং হওঁতেই চিকাৰীগৰাকীয়ে তুলিলে। নিজৰ চিনাকি দি লৈ ক'লোঁ,

'মেৰী, আপোনাৰ ফোন তুলিবলৈ নহ'ল, বেয়া নাপাব। কওকচোন কি কথা পাতিব খুজিছে।'

গম পালোঁ মেৰী থাকে এলবাৰ্টাৰ একেবাৰে উত্তৰৰ সীমান্তৱৰ্ত্তী অঞ্চলত। ফৰ্ট মেকমাৰিতকৈও বহু দুৰ্গম সেইবোৰ ঠাই। তাত তেওঁৰ আৰু কাষৰীয়া চিকাৰীসকলৰ চিকাৰ সম্পৰ্কীয় বিভিন্ন সমস্যাবোৰ আলোচনা কৰিব বিচাৰিছে।

ইয়াৰ খিলঞ্জীয়া লোকসকলে হাজাৰ হাজাৰ বছৰ ধৰি বহনক্ষম চিকাৰ কৰি আহিছে। আমাৰ উত্তৰ-পূবৰ জাতি-জনজাতিৰ দৰে এই লোকসকলৰ বাবেও চিকাৰ কৰাটো পৰম্পৰাগত জীৱনৰ এটা অংশ। মেৰীয়ে তেওঁৰ চিকাৰ কৰা ঠাই আৰু জ্ঞান দেউতাকৰ পৰা পাইছে। এতিয়া নিজৰ নাতিটোকো তাতে পঞ্জীভুক্ত কৰাব খুজিছে।

মেৰীৰ কথা শুনি শুনি ভাৱিলোঁ, এই বংশানুক্ৰমিক চিকাৰ আৰু চিকাৰীৰ জীৱন সম্পৰ্কে মোৰ যে এতিয়াও বহুত জানিবলৈ বাকী! 

শেষত মেৰীয়ে মোক ক'লে,

'মোৰ এটা অনুৰোধ আছে আপোনালৈ।'

'কওকচোন।'

'আপোনাক ক'লোঁৱে, মোৰ আগতে এই ঠাইতে মোৰ দেউতাই চিকাৰ কৰিছিল। বছৰে বছৰে চিকাৰৰ সকলো হিচাপ চৰকাৰৰ ওচৰত জমা কৰিছিল। কিন্তু নিজৰ জীৱনকালত দেউতাই কেতিয়াও চৰকাৰী বিষয়াগৰাকীৰ মুখেই দেখা নাপাল। আজিলৈকে ময়ো পোৱা নাই। আমাৰ এই চিকাৰ কোনেনো পৰিচালনা কৰি আছে তেওঁক মই আৰু মোৰ চুবুৰীয়া সকলোৱে লগ পাব খোজোঁ। চিকাৰৰ ইটো সিটো সমস্যাবোৰ আলোচনা কৰিব বিচাৰোঁ। আপুনি আমাক লগ কৰিব পাৰিবনে?'

মই যেন কিছু হতভম্ব হৈ পৰিলোঁ। এই চিকাৰীসকল বন্যজীৱ পৰিচালনা আৰু সংৰক্ষণৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ। তেওঁলোকৰ সৈতে এটা পেছাগত সম্পৰ্ক গঢ়ি তোলা দূৰৈৰ কথা, জীৱনকালত যদি এবাৰ লগেই পাব নোৱাৰোঁ তেনে কেনেকৈ কিবা ভাল কাম হ'ব বুলি আশা কৰিব পাৰোঁ?

কিন্তু একেসময়তে জানোঁ, মোৰ বাবে মূৰৰ চুলিৰ সমান কাম ৰৈ আছে। কোনোপধ্যেই বহু কামত মন দিবলৈ সময় বা আহৰি নাই! 

'আপুনি কোৱা কথাটো বৰ গুৰুত্বপূৰ্ণ। মই সকলোখিনি টোকা কৰি লৈছোঁ। পিছে আমাৰ বৰ্তমান কামৰ হেঁচা বৰ বেছি। তাৰপৰা আহৰি ওলালেই লগ কৰাৰ চেষ্টা কৰিম। আপুনি কথাটো বুজিব বুলি আশা কৰিছোঁ।'

মেৰীয়ে বুজিলে। অন্তত: বুজিছে বুলি ক'লে। তেওঁৰ সৈতে কথাখিনি আলোচনা কৰাৰ কাৰণে ধন্যবাদ জনাই  তেওঁ ফোন থ'লে।

মেৰীৰ কথাখিনিয়ে, চিকাৰ আৰু চিকাৰীৰ এই পৃথিৱীখনে সিদিনা মোক বহুপৰলৈ ভাবুক কৰি ৰাখিলে।

ৱান ৱ'মেন আৰ্মি

ৱেষ্টাৰ্ন ছুইটছৰ কনফাৰেঞ্চ হ'ল। ঘুৰণীয়া মেজৰ চাৰিওফালে এগৰাকী এগৰাকীকৈ বিষয়-ববীয়া সকল গোট খাইছেহি। ময়ো সকলোকে সম্ভাষণ জনাই মেজৰ এফালে বহিলোঁগৈ।

প্ৰাদেশিক, কেন্দ্ৰীয় চৰকাৰ আৰু তেল কোম্পানীৰ মাজৰ আলোচনাচক্ৰ এয়া। মূল বিষয় তেল উদ্যোগৰ পৰা চৰাইৰ ওপৰত পৰা প্ৰভাৱ কেনেকৈ নিৰাময় কৰিব পাৰি। এৰিন যোৱাৰ পিছত এই সম্পৰ্কীয় সহযোগিতামূলক প্ৰকল্পটোত এতিয়া কেৱল ময়ে প্ৰাদেশিক চৰকাৰৰ প্ৰতিনিধি।

মনত পৰিল, এই চাকৰিত যোগ দিয়ে পিছৰ মাহত এই আলোচনাচক্ৰলৈ অহাৰ কথা। কোঠাটোত সোমায়ে সিদিনা বাঘৰ চোঙত সোমাই পৰা যেন ভাৱ হৈছিল। ইমানবোৰ বিয়াগোম তেল কোম্পানীৰ বিষয়া! সকলোৱে কৌতুহলেৰে বাট চাই আছিল প্ৰাদেশিক চৰকাৰৰ নতুন বন্যজীৱ বিজ্ঞানীগৰাকীয়েনো কি কয় চাবলৈ।

আজি তেনে ভাৱ নাহিল। সকলোকে প্ৰায় চিনি পোৱা হৈছোঁ। কামবোৰৰ সৈতেও পৰিচিত হৈছোঁ। এইবাৰ মোৰ মূল উদেশ্য প্ৰাদেশিক চৰকাৰৰ মূল বক্তব্য উপস্থাপন কৰা। অতবছৰে ৰৈ যোৱা কামবোৰ আগবঢ়োৱা। উদ্যোগ আৰু প্ৰকৃতিৰ এই যুঁজখনত প্ৰকৃতিৰ হৈ মাত মতা, দুয়োটাৰ মাজত এটা বহনক্ষম সমতা বিচৰা।

লেপটপ খোলোঁতেই দেখোঁ, জেছিকা আহি মোৰ কাষত থিয় দিছেহি।

'হাই জেছিকা, কি খৱৰ?' হাঁহি মাৰি সুধিলোঁ। জেছিকা এই মুলুকৰ আটাইতকৈ প্ৰভাৱশালী তেল কোম্পানীটোৰ প্ৰকল্প নেতৃ।  জেছিকাৰ কোম্পানীৰ এলেকাত বন্যপ্ৰাণীৰ অলেখ-অসংখ্য সমস্যা। গতিকে সেই লৈ আমাৰ মাজতো অলেখ আলোচনা চলি থাকে।

'ভাল, ভাল। তোমাৰ কেনে? তুমি এতিয়া অকলেই গোটেইবোৰ কৰি আছা নেকি?'

মই হোহোৱাই হাঁহি পেলালোঁ। কথাষাৰৰ সুৰটো শুনি ভাৱ হ'ল যেন এই যুঁজৰ দুটা ভিন্ন পক্ষৰ সেনাপতি আমি। জেছিকাই যেন জুখিহে চাব খুজিছে আমাৰ পক্ষৰ ভিতৰুৱা ৰূপটো। ময়ো হয়তো সেই ভাৱেৰেই উত্তৰ দিলোঁ,

'নাই নাই, মোৰ টিমৰ সকলোৱে সহায় কৰে। এৰিনৰ ঠাইত নতুন এগৰাকী বন্যজীৱ বিজ্ঞানীও নিযুক্তি দিয়াৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।' 

ক'লোঁ যদিও মোৰ নিজকে ভিতৰি ভিতৰি ৱান ৱ'মেন আৰ্মি যেন লাগিল। কিন্তু বহু হেঁচাত দোঁ খাই হাওলি পৰিলেও যেন সেই সাহসী মুখাখন পিন্ধি থাকিবই লাগিব, যুঁজি থাকিবই লাগিব। সেয়া যেন এই যুঁজৰ প্ৰথম চৰ্ত!

পিছৰ সকলো আলোচনাতে মই নিজৰ অজানিতেই যেন 'মই'ৰ সলনি 'আমি' ক'বলৈ ধৰিলোঁ। 

ভালুকৰ দেশত দৌৰ

অৱশেষত বৰষুণজাক এৰিল। উজ্বল ৰ'দজাকে পলকতে আকৌ গৰমৰ দিনবোৰ আনি দিলে। এতিয়া দিনবোৰ বৰ দীঘল। নিশা দহমান বজাতহে চিকিমিকি আন্ধাৰ নামে।

আলোচনাচক্ৰৰ শেষত সিদিনা ভাগৰুৱা দেহ-মন লৈও দৌৰিবলৈ ওলাই আহিলোঁ। মোৰ এসপ্তাহৰ এপাৰ্টমেণ্টৰ কাষতে বাৰ্চ উড নামৰ এখন অৰণ্য। ফৰ্ট মেকমাৰিত চহৰৰ ইমান কাষতে এইখনেই একমাত্ৰ অৰণ্য।

ঘৰৰ পৰা ওলোৱাৰ আগতে কঁকালৰ বেল্টত ওলোমাই ল'লোঁ বিয়েৰ স্প্ৰেটো। ইয়ালৈ আহিম বুলি কওঁতেই সহকৰ্মী ব্ৰেটে কৈছিল, 'স্প্ৰে নোলোৱাকৈ হাবিত নোসোমাবা দেই। এতিয়া গৰম দিন- য'তে ত'তে ভালুক ওলাব পাৰে।'

তাকে কৈ ক্ষান্ত নাথাকি ব্ৰেটে স্প্ৰে দুটা কিনি লৈ ফৰ্ট মেকমাৰিৰ অফিচলৈ আগতীয়াকৈ পঠায়ো দিলে।

হাবিতলীয়া বাটেৰে ইয়াৰ আগতেও বহুত দৌৰিছোঁ। কিন্তু বিয়েৰ স্প্ৰে লৈ দৌৰাৰ আজি প্ৰথম অভিজ্ঞতা। বাটৰ দুয়োকাষৰ বাৰ্চ গছবোৰৰ সেউজীয়াই মনটো জুৰ পেলাই দিলে। যোৱা কেইদিনৰ কামৰ ভাগৰো যেন আঁতৰি গ'ল। ইমান অপৰূপ, ইমান নিজান এই ঠাই!

ফৰ্ট মেকমাৰিৰ বাৰ্চ উড ট্ৰেইল

কিন্তু যিমানেই হাবিৰ ভিতৰলৈ সোমালোঁ, সিমানেই মোৰ মনটো অৰণ্যৰ সেউজীয়া বা চৰাইৰ কাকলিৰ সলনি ভালুকৰ সৈতে হ'ব পৰা দেখা-সাক্ষাতৰ সম্ভাৱনাটোৱেহে বন্দী কৰি থ'লে। খোজ কাঢ়িলে অন্তত: লাহে লাহে সাৱধানেৰে চাই যাব পাৰি। দৌৰি যাওঁতে যেন হঠাৎ মুখতেই পৰিমগৈ।

তথাপিও দৌৰি থাকিলোঁ। মাজে মাজে বিয়েৰ স্প্ৰেটোত হাত দি থাকিলোঁ। 

এটা কেঁকুৰিত হাবিৰ মাজত কিবা এটা দেখা পাই ঘপকৈ ৰৈ গ'লোঁ!

আহ, ভালুকেই নেকি সেইটো! জোপোহাৰ মাজত যেন বহি আছে।

ভালকৈ চাই দেখোঁ, নহয়। সেইটো গছৰ মুঢ়াহে!!

এইবাৰ ঠিক কৰিলোঁ, এনেকৈ ইমান ভয়-আশংকাৰে দৌৰিব নোৱাৰি দেই! সেয়ে হাবিৰ মাজৰ পৰা ওলাই সীমাৰ ট্ৰেইলত উঠিলোঁ। সেইখিনি ঠাই যথেষ্ট মুকলি। সোঁকাষে অটব্য অৰণ্য যদিও বাওঁফালে মুকলি ঘাঁহনি। সেইপিনেই চহৰখন আৰম্ভ হৈছে। বুজিলোঁ সেইফালে ভালুকবোৰ গ'লে যাতে সহজে চকুত পৰে তাৰ বাবেই এই ব্যৱস্থা। ঘাঁহনিত সৰু ল'ৰা-ছোৱালীবোৰে খেলিছে। মাক-দেউতাকে মোৰ দৰেই ট্ৰেইলত খোজ কাঢ়িছে, কিছুমানে দৌৰিছে।

বাৰ্চ উডৰ সীমামূৰীয়া ট্ৰেইল

আগতকৈ যথেষ্ট সকাহেৰে এইবাৰ সেই বাটেৰে দৌৰিবলৈ আৰম্ভ কৰিলোঁ।

********************

সপ্তাহৰ শেষৰ দিনটোত টেমীয়ে মোক এয়াৰপৰ্টত নমাই গ'লহি। বিদায় দিয়াৰ পৰত ক'লে,

'তেন্তে পিছৰবাৰ অহাৰ আগেয়ে জনাবা, তুমি থাকোঁতেই আমি সমজুৱাকৈ অফিচত এসাঁজ খাম।'

'নিশ্চয়!' এইবাৰ  প্ৰথমদিনাতকৈ যথেষ্ট প্ৰত্যয়েৰে মই ক'লোঁ।

যেন এসপ্তাহৰ ভিতৰতে মোৰ বিশ্বাস এটা আহিছে। এডমণ্টন আৰু ফৰ্ট মেকমাৰি- দুয়ো ঠাইৰ দুয়োটা ভিন্ন জীৱন মই ভিন্ন উপায়েৰে আকোঁৱালি লোৱাৰ যেন এটা বাট মুকলি হৈছে। 

পূৰ্বৰ খণ্ডসমূহ:

1 comment:

  1. সুন্দৰ হৈছে লেখাটো, তই এডমন্টনত চাকৰি কৰিবলৈ যোৱাৰ পৰাই এখন নতুন ঠাইৰ বিভিন্ন কথা জানিবলৈ পাইছো।

    ReplyDelete