Sunday, 15 June 2025

স্বতঃসিদ্ধ (চুটিগল্প)

বাছৰ পৰা নামি জুমিয়ে দীঘলকৈ উশাহ এটা টানি ল'লে। নাইট চুপাৰৰ দহঘণ্টীয়া যাত্ৰাৰ অন্তত তাইৰ হাত-ভৰিবোৰ প্ৰায় জঠৰ হৈ পৰা যেন লাগিল। দুচকুত এতিয়াও চিলমিল টোপনিৰ জাল। অঁকোৱা-পকোঁৱা পাহাৰীয়া বাটটোত বাছৰ প্ৰতিটো জোকাৰণিতে যোৱা নিশা তাই বাৰে বাৰে সাৰ পাই থাকিল। কাইলৈ আকৌ ট্ৰেইনত উঠাৰ আগেয়ে টোপনি পূৰাই ল'ব লাগিব- ভাৱি ভাৱি তাই যাত্ৰীৰ উখল-মাখলৰ মাজত বাছৰ পৰা নিজৰ বয়-বস্তু নমালে। বাটৰ ধূলিৰ পৰা ৰক্ষা পাবলৈ নীলা স্কাৰ্ফখন কেইবাটাও পাক দি মুখত মেৰিয়াই ল'লে। তাৰপিছত বেকপেকটো পিঠিত লৈ সোঁহাতেৰে প্ৰকাণ্ড চ্যুটকেছটোৰ চকা টানি জুমিয়ে হোটেললৈ বাট বুলিলে। 

এই বোৱাৰী পুৱাতে ডিমাপুৰত গাড়ী আৰু মানুহৰ খদমদম আৰম্ভ হৈছে। অন্য সীমামূৰীয়া চহৰৰ দৰেই ইয়াৰ জীৱন ব্যতিব্যস্ত আৰু বিশৃংখল। চৌদিশে জীৱনটো চলাই নিয়াৰ অহৰহ যুঁজ-বাগৰ। ডিমাপুৰৰ এই ধুলি আৰু যান্ত্ৰিক কোলাহলে যেন জুমিক এটা ধুনীয়া সপোনৰ পৰাহে হঠাৎ জগাই দিলে। যোৱা তিনিমাহ ধৰি আৰণ্যক নিৰ্জনতাৰ মাজত সঁচাই এক সপোনপুৰীত থকাৰ দৰেই ভাব হৈছিল। শাৰী শাৰী সেউজ পাহাৰৰ মাজত পেনকিম নামৰ নগা গাওঁখন। পুৱা-গধুলি মৰুং ঘৰৰ পৰা ভাঁহি অহা ডবাৰ কোব, চৰাইৰ কাকলি, বনৰীয়া ফুলৰ গোন্ধৰ মাজত এক অজটিল জীৱন। দিল্লীৰ মহানাগৰিক জীৱনৰ পৰা গৈ জুমিৰ ভাব হৈছিল যেন পেনকিম গাঁৱৰ অপূৰ্ব প্ৰাকৃতিক শোভাই তাইৰ দুচকু নিজাৰ পেলাই দিছে। সেই নিৰ্মলতাই যেন মগজুৰ আহ-পাহত জঁট লাগি ধৰা গাঁঠি কিছুমান মুকলি কৰি দিছে। বহুদিনৰ মূৰত যেন তাইৰ দেহ-মনক এক সজীৱতা আৰু মুক্তিৰ অনুভূতিৰে আৱৰি পেলাইছিল। পেনকিম গাওঁ এৰি আহি এতিয়া ডিমাপুৰৰ বৈপৰীত্যই তাইক ৰুক্ষ বাস্তৱৰ মুখামুখি কৰাই দিয়া যেন ভাৱ হৈছে। 

বাছ ষ্টেচনৰ পৰা খোজেৰে দহমিনিটৰ বাটতে হোটেল একেচিয়া। তাৰ পাইগৈ মানে বয়-বস্তু কঢ়িয়াই জুমিৰ ফোঁপনি উঠিছে। চেহ্‌ অ'ট'ৰিক্সা এখনকে ল'ব পাৰিলেহেঁতেন!

'গুড মৰ্ণিং মেম। আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?' হোটেলৰ ৰিচেপশ্যনত কোট-টাই পৰিহিত এজন যুৱক। মিচিকিয়া হাঁহিটোতে মুদ খাই পৰিব খোজা চকুহালত এতিয়াও যেন কৈশোৰৰ মায়া। 

'মুই লাগা ৰুম একটা বুক কৰি কিনে ৰাখিছে।' জুমিয়ে নাগামিজত ক'লে। যোৱা তিনিমাহে নাগামিজ কৈ কৈ এতিয়া হঠাতে যেন অভ্যাসটো এৰি দিব খোজা নাই তাই। 

যুৱকজনৰ চকুৱে-মুখে কৌতুক বিৰিঙিল। তেৱোঁ নাগমিজতে ক'লে, তাইৰ কোঠা দ্বিতীয় মহলাত। হোটেলৰ লগতে ৰেস্তোঁৰা। কিন্তু কোঠাতে কিবা খাব বিচাৰিলে ৰুম চাৰ্ভিছো আছে।

জুমিয়ে মূৰ দুপিয়াই কোঠাৰ কাৰ্ডখন ল'লে আৰু লিফটত উঠিলগৈ। কোঠাটোত সোমাই তাই স্বস্তিৰ নিশ্বাস এটা এৰিলে। কত দিনৰ মূৰত যে বাথৰুমৰ শ্বাৱাৰত গা ধোৱাৰ, মেট্ৰেছ পৰা বিছনাত শুৱাৰ বা টিভি চোৱাৰ সুযোগ পাইছে! পেনকিম গাৱঁৰ হোমষ্টে'ত গৃহিণী আলেই বৰ আন্তৰিকতাৰে তাইক ৰাখিলে, ৰান্ধি-বাঢ়ি খুৱালে। কিন্তু সেই পৰ্বতীয়া গাৱঁত ইমানদিন থাকি মাজে মাজে জুমিৰ হাবিয়াস জাগিবলৈ আৰম্ভ কৰিছিল- শ্লিপিং বেগৰ সলনি এখন কোমল বিছনাত শুৱাৰ, প্ৰতিদিনে সিজোৱা মাংস আৰু আখুনিৰ খোৱাৰ সলনি হেঁপাহেৰে অসমীয়া ভাত এসাঁজ খোৱাৰ। চৌকাৰ জুই আৰু ধোঁৱাৰ সেই পৰিচিত গোন্ধটোৰ সলনি অকণমান পাৰফিউমৰ গোন্ধ লোৱাৰ। কি যে মিশ্ৰিত অনুভূতি! এফালে এক অপৰূপ অভিজ্ঞতা সামৰি তাইৰ গৱেষণাৰ ক্ষেত্ৰ এৰি অহাৰ দুখ, আনহাতে বহুদিনৰ মূৰত আধুনিক বিলাসৰ সোৱাদ পোৱাৰ মোহ!

এনেতে ফোনৰ ৰিংটোৱে তাইক বাস্তৱলৈ উভতাই আনিলে। নিয়ৰৰ হাঁহি থকা মুখখন ফোনৰ স্ক্ৰীণত জিলিকি উঠিল।
'কোৱা নিয়ৰ!'
'পালাহি তেন্তে?' সি পোনেই ক'লে। কিছু উৎকণ্ঠাৰে।
'অ' পালোঁহি। তুমি চিন্তা কৰি আছিলা নেকি? ডিমাপুৰ পোৱাৰ আগত ফোনৰ নেটৱৰ্ক নাপাওঁ বুলি কৈছিলোঁ নহয়!'
'অঁ ঠিকেই! মই পাহৰি গৈছিলোঁ। কেইবাবাৰো ফোন কৰি মাহঁতে তোমাক পোৱা নাই। সেয়ে মোক  সুধি আছিল।'

জুমিয়ে ফোনটো চাই দেখিলে, মাকৰ কেইবাটাও মিছ্ড‌ কল। সেয়া দেখি পলকতে তাইৰ কপাল কোঁচ খালে। আজি দুবছৰ ধৰি তাই দিল্লীত আৰু ভায়েক জোন পুনে'ত আছে। কিন্তু মাক-দেউতাকে যেন এতিয়াও দুয়োকে পাখিৰে আৱৰি ৰাখিব খোজে। য'লৈকে নাযাৱক, যিয়ে নকৰক মাক দেউতাকৰ সেই এটাই চিন্তা, ঠিকে-ঠাকে ঘৰ পালেহিনে সিহঁত? ক'ৰবালৈ ফুৰিবলৈ গৈ হুৱাট্ছ‌ এপত ধুনীয়া ফটো এখন পঠালে মাকে প্ৰথমেই সোধে, কেতিয়া ঘৰ পাবিহি? যেন বাহিৰত থকা মানেই সিহঁত নিৰাপদ নহয়। যিকোনো যাত্ৰাৰ আগতে দেউতাকে বাৰে বাৰে সোঁৱৰায়, 'দিন কাল বৰ বেয়া আজিকালি। কোনো অচিনাকি মানুহক বিশ্বাসত নল'বি। নিজৰ নাম-ঠিকনা নজনাবি। টোপনি ধৰিলে বেগটো ছিটৰ সৈতে বান্ধি থ'বি।......' কেতিয়াবা ভাব হয়, ঘৰৰ চাৰিবেৰৰ মাজত কেৱল টিভি আৰু সামাজিক মাধ্যমৰ বাতৰিৰে পৃথিৱীখন চাই চাই যেন মাক-দেউতাক অহৰহ আতংকিত হৈ ৰয় সিহঁতৰ নিৰাপত্তাৰ চিন্তাত! 

মাকলৈ তাই মেচেজ লিখিলে, 'এইমাত্ৰ হেটেল পাইছোঁহি। ৰ'ৱা- গা-পা ধুই ফোন কৰিম।'

শ্বাৱাৰৰ পানীয়ে চুলি পাৰ হৈ সমগ্ৰ শৰীৰ তিয়াই নিওঁতে জুমিৰ মন পুনৰ সেই নগা গাওঁ পেনকিমলৈ ঘুৰি গ'ল। প্ৰথমবাৰ ভৰি দিওঁতে যে মানুহবোৰে কেনেকৈ তাইলৈ থৰ লাগি চাইছিল! তাই ভঙা ভঙা নাগামিজত গৈছিল, 'মই আপোনালোকৰ গাৱঁলৈ গৱেষণাৰ কাৰণে আহিছোঁ। জুম খেতি কেনেকৈ কৰে, জলবায়ু পৰিৱৰ্ত্তনৰ লগে লগে কেনেকৈ ইয়াৰ ৰূপ সলনি হৈছে সেয়া জানিব খুজিছোঁ।'

মানুহবোৰ আচৰিত হৈছিল।এগৰাকী বৃদ্ধই কৈছিল, 'আজিলৈকে কোনো বাহিৰা মানুহ এই গাৱঁলৈ অহা নাই! সেয়ে তুমি কোনোবা চৰকাৰী বিষয়া বুলিহে ভাৱিছিলোঁ।'

গাৱঁৰ গাওঁবুঢ়া কিউচাং। চুটি-চাপৰ কিন্তু আটিল দেহৰ এগৰাকী আদহীয়া ইমচুংগাৰ নগা। তেৱেঁ জুমিৰ বাবে নিজৰ ঘৰত এটা কোঠা খালী কৰি দিছিল। তেওঁৰ আহল-বহল পাকঘৰৰ জুহালত গোটখোৱা মানুহবোৰক গলগলীয়া কণ্ঠেৰে কৈছিল,
'জুমিয়ে এইবছৰ জংঘলত জুই দিয়াৰ পৰা খেতি চপোৱালৈকে গোটেই সময় খিনি ইয়াতে থাকিব, খেতিৰ কথা শিকিব। আপুনিখান মৰম পৰা তাইক হেল্প কৰি দিবি দেই!'

তেতিয়াৰ পৰা বহুজনৰ লগত থিয় পাহাৰবোৰ বগাই জুম খেতিলৈ গ'ল; বহুজনৰ সৈতে বহু কথা পাতিলে; শিকিলে কেনে কঠিন এই জীৱনযাত্ৰা। কেনেকৈ বিজ্ঞানে আজিও বুজি নোপোৱা এই পৰম্পৰাগত খেতিত খেতিয়কে যুগ যুগ ধৰি শিকি অহা কথাবোৰ কামত লগাইছে। কেনেকৈ জুম খেতিয়কে প্ৰতিদিনে পৰিৱৰ্ত্তিত পৰিৱেশ আৰু জীৱন ধাৰাৰ সৈতে নিজকে খাপ খোৱাৰ যুঁজখন যুঁজিছে। কিমান দেখিলে আৰু কিমান শিকিলে তাই!

আহ্‌, আকৌ ফোনৰ ৰিং! তাই খপজপাই তিতা চুলিখিনি টাৱেলেৰে মেৰিয়াই ওলাই আহিল। টিচাৰ্ট আৰু পেণ্ট এটা পিন্ধি লৈ ফোনটো তুলি ল'লে। ভিডিঅ' কলত প্ৰথমে মাকৰ মূৰৰ চুলি আৰু সেন্দুৰৰ সেঁওতা ওলাল। জুমিয়ে খিলখিলাই হাঁহি ক'লে, 'মা, ফোনটো অলপ দূৰলৈ নিয়া- অলপ বেঁকা কৰা। তোমালোকৰ মুখখনকে দেখা নাই।'

মাকে ফোনটো হাত মেলি দূৰলৈ ধৰিলে। এইবাৰ তাই মাকৰ মুখখন সম্পূৰ্ণকৈ দেখিলে। কিন্তু দেউতাকক আকৌ বুজাব লগা হ'ল, 'দেউতা তুমি কলটো কাটা- মাৰ কাষত ৰোৱাহি। একেঠাইৰ পৰা দুইজনে কল কৰিলে মাতবোৰ ওপৰা-ওপৰি হ'ব নহয়!'

'বহুত দিনৰ মূৰত ভিডিঅ' কল কৰিছোঁ। সেয়ে খেলিমেলি লাগি গৈছে দেই!' দোষী দোষীভাৱে কথাষাৰ কৈ মাকে হাঁহিলে। জুমিয়ে বুজিলে, যোৱা তিনিমাহত ভায়েক জোনে কিজানি মাক-দেউতাকলৈ এবাৰো ভিডিঅ' কল কৰা নাই। ভায়েকে মাক-দেউতাকৰ চিৰাচৰিত আবদাৰবোৰলৈ বৰকৈ কেৰেপ নকৰে। জুমিয়ে পিছে এতিয়াও প্ৰতিদিনে এবাৰ কল কৰাৰ নিয়মটো যিমান পাৰি মানি চলাৰ চেষ্টা কৰে। মাকৰ কথা হ'ল, 'একো খবৰ নাথাকিলেও ভাত খালিনে নাই, ঘৰ পালিহিনে নাই তাকে মেচেজ এটা কৰি হ'লেও আমাক জনাবি- নহ'লে ৰাতি সেই চিন্তাতে টোপনি নধৰে।' 

জোনৰ দৰে কেতিয়াবা জুমিৰো বিৰক্তি ওপজে। কিন্তু তাই ভায়েকৰ দৰে সেইবোৰ আওকাণ কৰিব নোৱাৰে। কাৰণ তাই জানে, অনাহক বা মাত্ৰাধিক হ'লেও এই দাবীবোৰ মাক-দেউতাকৰ মৰমৰে এক প্ৰতিৰূপ।

মাক-দেউতাকৰ সৈতে কথা পাতি থাকোঁতেই জুমিয়ে দেখা পালে, ৰাঘৱ মাথুৰৰ ফোন। 
'তোমালোকৰ ফোন ৰাখাচোন, ইয়াৰ ডি এফ অ'ই কল কৰিছে চোন!'
'হেল্ল' চাৰ, কওকচোন।'
'হাই জুমি, কি খৱৰ?' ফোনৰ সিপাৰৰ পৰা মাথুৰৰ গলগলীয়া মাতটো ভাঁহি আহিল।
'ভালেই, আপোনাৰ?'
'মোৰো ভাল। আমাৰ ৰেঞ্জাৰ লিমথুৰেই এইমাত্ৰ জনালে, আজি তুমি ডিমাপুৰ পাবাহি বুলি। সেয়ে কল কৰিলোঁ। কামবোৰ ঠিকে ঠাকে হৈ গ'লনে?'

জুমিয়ে ওঁঠ কামুৰিলে। ছেহ্‌, সেইটো খবৰ আচলতে তাই নিজে মাথুৰক দিব লাগিছিল। গৱেষণাৰ কামত তেওঁ যে কিমান সহায় কৰি দিলে! প্ৰথম তেঁৱেই তাইক পেনকিম গাঁৱৰ কথা জনাইছিল। কৈছিল, জুম খেতি এতিয়াও তাত পৰম্পৰাগত পদ্ধতিৰে কৰা হয়। অন্য বহু ঠাইৰ দৰে অন্য স্থায়ী খেতিয়ে সেয়া সলাই পেলোৱা নাই। গতিকে সেই গাঁৱেই তাইৰ ক্ষেত্ৰ অধ্যয়নৰ কাৰণে উপযুক্ত ঠাই হ'ব। পেনকিমত ফোনৰ নেটৱৰ্ক নাই বাবে তেঁৱেই কাৰোবাৰ হাতত গাওঁবুঢ়া কিউচাঙলৈ বাৰ্তা দি পঠাইছিল। আনকি তাই গৱেষণা কৰি থকা সময়তে এদিন তেওঁ দেখাও দিছিলগৈ। 

'অঁ, হয় ছাৰ। এই এঘণ্টা মান আগতেহে পাইছোঁহি।'
'তোমাৰ সকলো কাম হৈ গ'লনে?
'হয়। যিমান পাৰোঁ তথ্য গোটাই আনিছোঁ। বাকী বিশ্লেষণ কৰিলেহে ফলাফল ওলাব আৰু!'
'ঠিকেই ওলাব। তুমি ইমান কষ্টৰে গৱেষণা কৰিছা, ফলো ঠিকেই হ'ব। পিছে আজিৰ কি প্লেন?'
'আজি মানে তেনে একো প্লেন নাই! কাইলৈ পুৱাই ইয়াৰ পৰা ট্ৰেইন আছে ঘৰলৈ।'
'ঠিক আছে। সন্ধিয়া ওলাবা তেনে- ডিনাৰ একেলগে কৰিম!'

জুমিয়ে অলপ থতমত খালে। মাথুৰে তেনেকৈ ৰাতিৰ সাজৰ কাৰণে নিমন্ত্ৰণ জনাব বুলি যেন তাই আশাই কৰা নাছিল। তাই কিবা কোৱাৰ আগতে তেওঁ আকৌ সুধিলে, 'কোন হোটেলত আছা তুমি?'
'হোটেল একেচিয়াত।' বাধ্য ছাত্ৰীৰ দৰে তাই উত্তৰ দিলে।
'ঠিক আছে। সন্ধিয়া সাত বজাত সাজু হৈ থাকিবা। মই নিবলৈ আহিম!'

ফোন ৰাখি জুমিয়ে কিছুপৰ ভাৱিলে। মাথুৰৰ সৈতে ডিনাৰ! অৱশ্যে এইটো তেনে একো নতুন কথা নহয়! তেওঁ পেনকিম গাঁৱত থকা তিনিওটা নিশাই দুয়ো একেলগে জুহালৰ কাষত বহি ৰাতিৰ সাজ খাইছিল। প্ৰতি নিশা গাৱঁৰ অন্য মানুহেও সিহঁতৰ সৈতে যোগ দি মেল মাৰিছিল। পেনকিমৰ লগতে ওচৰৰ পুংৰ' আৰু ছালুমী গাৱঁৰ মানুহক গোট খুৱাই পতা ৰাজহুৱা সভাত তেওঁ জুমিৰ চিনাকি দিছিল, 
'স্কুল-কলেজত যিমানলৈকে পঢ়িব পাৰি, তাৰ একেবাৰে ওপৰত এই জুমি। এই গৱেষণা শেষ কৰিলেই তেওঁ ডক্টৰেট ডিগ্ৰী পাব।'

সকলোৰে হাত-চাপৰি আৰু প্ৰশংসা শুনি জুমিৰ গাল দুখন ৰঙচুৱা হৈ পৰিছিল! সেই সভাতে মাথুৰে তিনিওখন গাৱঁত আৰম্ভ কৰিব বিচৰা কৃষিউদ্যানৰ চৰকাৰী যোজনাখন ব্যাখ্যা কৰিছিল। ৰাইজৰ মতামত বিচাৰিছিল। তেওঁৰ কৰ্মদক্ষতা আৰু সলসলীয়া নাগামিজে যেন সকলো গঞাকে মুগ্ধ কৰি পেলাইছিল।

ফোনত আকৌ মাকৰ মুখখন জিলিকিল। দেউতাক হয়তো আবেলিৰ বজাৰলৈ ওলাই গ'ল।
'কিয় ফোন কৰিছিল ডি এফ অ'অই, জুমি?'
'অঁ, খবৰ ল'বলৈ।'
'খবৰ ল'বলৈ?' 
'অঁ লগতে আজি একেলগে ডিনাৰ কৰাৰ কথা ক'লে।'
'একেলগে ডিনাৰ!'
'অঁ আজি ইয়াত মোৰ শেষ দিন যে!'

মাক খন্তেক নীৰৱ হৈ ৰ'ল। কিন্তু সেই চিন্তাক্লিষ্ট মুখ দেখিয়ে জুমিয়ে বুজি পালে, মাকৰ মমতা আৰু প্ৰতিৰক্ষাৰ দুয়োপাখি মেল খাইছে। তাইক আৱৰি পেলাব খুজিছে কিন্তু তাইৰ সহজ আৰু আত্মবিশ্বাসী সুৰটোৱে যেন কিছু দোমোজাত পেলাইছে। সেই যুঁজ বেছিপৰ নিটিকিল। 

'জুমি, অচিনাকি মতা মানুহ এজনৰ সৈতে ৰাতিখন এনেকৈ ওলাই যোৱাটো ভাল কথা জানো?'
'তুমি কিয় তেনেকৈ ভাৱিছা, মা? তেওঁ অচিনাকি নহয়- বহুবাৰ লগ পাইছোঁ। এতিয়ালৈকে মোক বহুত সহায় কৰিছে গৱেষণাৰ কামত।'
'কিয় বা সহায় কৰিছিল!'

মাকৰ কথাৰ সুৰটোৱে জুমিৰ চকুৱে-মুখে এসোঁতা তেজ বোৱাই আনিলে। সেই ইংগিতেৰে মাকে কেৱল মাথুৰকে নহয়, তাইৰো আত্মসন্মানত আঘাত কৰা যেন ভাব হ'ল। আজি কতদিন গৱেষণাৰ বাবে তাই ঘুৰি ফুৰিছে। কতবাৰ কিমান অচিনাকি মানুহৰ সৈতে একেলগে ঘুৰিছে, চাহ-ভাত খাইছে তাই হিচাপ ৰখা নাই। মাকেতো এবাৰ দুজন খেতিয়কৰ সৈতে জুম খেতিলৈ যোৱাৰ কথা শুনিয়ে জাঁপ মাৰি উঠিছিল,
'তই অকলে অকলে তেনেকৈ হাবিতলীয়া বাটেৰে খেতি চাবলৈকে গৈছ?
'নাই, মোৰ সৈতে দুজন নগা খেতিয়ক আছিল।'
'চিনি-জানি নোপোৱা মানুহ। তাতে তাৰ মানুহে হাতত খামতি দা লৈ নুফুৰে জানো!'

কেতিয়াবা জুমিৰ ভাব হয়, অহৰহ বাতৰিৰ ঘটনাবোৰ দেখি-শুনি মাক-দেউতাকৰ মন যেন বহু অনাহক ভয় আৰু শংকাই ভৰাই পেলাইছে। অন্যদিনাৰ দৰে আজিও মাকে নিজৰ সেই ভয় আৰু আশংকাবোৰ জুমিলৈ ঠেলি দিছে। হয়তো ৰক্ষণশীল সমাজ আৰু পৰিয়ালৰ আৱেষ্টনীৰ মাজত ডাঙৰ হোৱা মাকৰ বাবে ছোৱালী এজনী এনেকৈ ঘুৰি ফুৰাটোও আজব কথা। সেয়ে কিজানি প্ৰতিৰক্ষাৰ কবচেৰে তাইকো আৱৰি ৰাখিব খোজে। কিন্তু সেই আশংকাই যদি মানুহক জীৱনৰ বাটত আগবঢ়াতে পদে পদে বাধা দিয়ে, তেনে তাত জানো এডাল ৰেখা টনা নাযায়? কিমান দূৰলৈ মাক-দেউতাকে সিহঁতক মমতাৰে আৱাৰি ৰাখিব আৰু কিমানৰ পিছত প্ৰাপ্তবয়স্ক সন্তানে নিজৰ জীৱনৰ দায়িত্ব নিজে ল'ব!

মাকক কোনোমতে আশ্বস্ত কৰি জুমিয়ে ফোন সামৰিলে। আবেলি বিছনাতে এবাগৰ দিবৰ চেষ্টা কৰিলে। কিন্তু চিলমিলকৈ টোপনি আহোঁতেই আকৌ ফোনৰ ৰিঙে তাইক সাৰ পোৱাই দিলে। মামাৰ ফোন!

'মামা, কোৱা। ভালনে তোমালোকৰ?'

'অঁ আমাৰ ভালেই। তয়ো ঠিকে-ঠাকে ওলাই আহিলি নহয়? বাইদেৱে ক'লে আজি হেনো অফিচাৰে ডিনাৰত মাতিছে!'

জুমিয়ে ভীষণ অস্বস্তি পালে। এইটো কথা মাকে মামাককো ক'ব লাগেনে!

তাই একো ক'বলৈ সুযোগ নিদি মামাকেই কৈ গ'ল, 'চা জুমি, মই আজি বাৰ বছৰে চৰকাৰী অফিচৰ চাকৰিয়াল। গোটেই জীৱন এনে কাৰবাৰ দেখিছোঁ। পুৰুষৰ মনত কি চলি থাকে সেয়া আমিহে ভালদৰে জানো! ভুলতো ৰাতিখন ওলাই নাযাবি দেই!'

এইবাৰ জুমিয়ে কিছু বিৰক্তি আৰু ক্ষোভেৰে মাকলৈ ফোন কৰিলে, 'মা, মামাকো কিয় এইবোৰত লগাইছা বাৰু!'
'নাই নাই, মই নিজে কোৱা নাছিলোঁ। সন্ধিয়া ভাইটি আহিছিল। মই আৰু দেউতাৰে পাতি থাকোঁতেহে সি শুনিলে। সি আমাক দঢ়াই দঢ়াই কৈ গৈছে, কোনো কাৰণতে তোক যাবলৈ নিদিবলৈ।'

এইবাৰ মাকৰ মাতটো কাতৰ হৈ ওলাল, 'চা জুমি, আমি জানো, তই নিজেই চাই-চিতি চলিবলৈ জান। আজিৰ পৃথিৱীখন বহুত বেলেগ হ'ল-সেয়াও বুজোঁ। কিন্তু অতদিনে বিপদ-আপদ নোহোৱাকৈ সেই অজান্তি মুলিকত কাম কৰিলি। আজি শেষৰ দিনটোত আকৌ কিয়নো বিপদ চপাই ল'ব লাগে, ক'চোন!'

এইবাৰ জুমি যেন সঁচাই বিবুদ্ধিত পৰিল। সকলোৰে কথা শুনি শুনি তাইৰ নিজৰ ওপৰতে সন্দেহ হ'বলৈ ধৰিলে-তাইহে মানুহক সহজে বিশ্বাস কৰে নেকি! ক'তা, মাথুৰৰ কথা বা কামত কোনো সময়তে একো অসহজ ভাব তাইৰ হোৱা নাই। বৰঞ্চ পেনকিম গাৱঁৰ মানুহবোৰৰ তাই মুগ্ধ হৈছে তেওঁৰ কৰ্মদক্ষতা আৰু আন্তৰিকতাত। উত্তৰ প্ৰদেশৰ পৰা এনেকৈ এই অজান্তি মুলুকত থিতাপি লৈ তেওঁ ভাষা-সংস্কৃতি শিকিছে। গ্ৰামীণ জীৱন উন্নত কৰাৰ চেষ্টা কৰিছে।ত্তেনে এজন মানুহৰ তাইৰ প্ৰতি অসৎ উদেশ্য থকা বুলি কেনেকৈ ধৰি লয় বাৰু?

এইবাৰ তাই নিয়ৰলৈ ফোন লগালে, 'নিয়ৰ, মা-দেউতাই বৰকৈ কৈছে মাথুৰৰ সৈতে ডিনাৰলৈ নাযাবলৈ। এই এঘণ্টা পিছতে তেওঁ মোক নিবলৈ অহাৰ কথা- কি যে লেঠা!'
নিয়ৰ কিছুপৰ নীৰৱে ৰ'ল। তাৰ পিছত গম্ভীৰ স্বৰেৰে ক'লে, 'মাই মোলৈকো ফোন কৰিছিল, জুমি! ঘৰত সকলোৱে খুউব ভয় খাইছে। এনেকুৱা কত কিমান বাতৰি কাকতে পত্ৰই বা টিভিত দেখা পাই থাকে ভাবাচোন। ভয় খোৱাৰে কথা! 

নিয়ৰৰ কথাখিনিয়ে এইবাৰ যেন জুমিয়ে বিচাৰি থকা সেই আঁচডাল টানি দিলে। সকলোৰে বাধা উলাই কৰি মাথোঁ মাথুৰৰ কথা ৰাখিবলৈকে তাই ডিনাৰ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তাই খৰধৰকৈ কাপোৰসাজ সলালে। তাৰপিছত হোটেলৰ কোঠাৰ আইনাৰ সন্মুখত থিয় দি মুখৰ ভিতৰতে ক'লে,
'ছাৰ- বেয়া নাপাব। মোৰ হঠাতে খুউব মূৰৰ বিষ আৰম্ভ হৈছে। পোনেই বিছনালৈহে যাব খুজিছোঁ। আজি আৰু বাহিৰত ডিনাৰ কৰাৰ সাধ্য নাই!'

কেইবাবাৰো মনতে সেই কথাখিনিকে দোহাৰি তাই বাহিৰ ওলাল। বুকুখন কিছু কঁপিল। তাই যে মানুহক না ক'বলৈ অসুবিধা পায়। তাৰ মাজতে মাকৰ মেচেজ, 'হোটেলৰ ৰুম সোমালিনে? আহ্‌, নাগালেণ্ডৰ এই শেষৰ নিশাটোত কিয় যে এইবোৰ জঁট লাগিল- আশা কৰি থকাৰ দৰে তাই ভালদৰে উপভোগ কৰিবলৈকে আহৰি নাপালে!

তাই নামি আহি হোটেলৰ লবীত থিয় দিলেহি। ইযোৰাৰ পিছত সিযোৰা মানুহ আহিল আৰু গ'ল। তাই উদাস দৃষ্টিৰে বাটলৈ চাই ৰ'ল। এনেতে মাথুৰৰ ফোন আহিল। 
'ছাৰ!' ফোনৰ সিপাৰে সন্ধিয়াৰ যান-জঁটৰ হুলস্থুল।
'জুমি, এয়া পাইছোঁহি দেই। তুমি পাৰিলে হোটেলৰ সন্মুখলৈকে ওলাই আহাচোন।'
তাই একো ক'বলৈকে নাপালে। তেওঁ ফোন কাটি দিলে। 

অহ্ তাই কি কৰে এতিয়া? উপায়ন্তৰ হৈ জুমি ওলাই আহিল। সেয়া মাথুৰৰ গাঢ় নীলা জীপ গাড়ীখন একেচিয়াৰ সন্মুখ পাইছে। চালকৰ আসনৰ পৰাই মাথুৰে সোঁহাতখন জোঁকাৰিছে। অঁ, সেয়া তেওঁৰ কাষৰ আসনতচোন এগৰাকী মহিলা। গাড়ীৰ পিছৰ আসনৰ খিৰিকীৰেও কণমানি মুখ এখনে তাইক সম্ভাষণ জনাইছে।

জুমি যেন থৰ হৈ ৰ'ল! গাড়ীখন তাইৰ ঠিক সন্মুখতে ৰোৱাৰ লগে লগে মহিলাগৰাকী নামি আহিল। তেওঁৰ মুখত এটি কোমল হাঁহি। দেহত বগা কূৰ্টা আৰু আকাশী নীলা জিনছ।

'হাই জুমি, মোৰ নাম আৰাধ্যা- ৰাঘৱৰ পৰিবাৰ। এয়া আমাৰ ছোৱালী ঈশা। তুমি তাইৰ লগত পিছৰ আসনতে বহা দেই!' তেওঁ গাড়ীৰ পিছ দুৱাৰখন খুলি দিলে।

জুমিয়ে কোনোমতে মূৰ দুপিয়াই পিছৰ আসনত বহি পৰিল। লগে লগে গাড়ীখন সন্ধিয়াৰ যানজঁটৰ লানিত সোমাই পৰিল।

'হাই জুমি!' কণমানি ঈশাই তাইৰ কেকুঁৰা চুলিৰ বেণী লৰাই লৰাই মাত দিলে। তাইৰ বয়স খুউব সম্ভৱ ছয়-সাত বছৰ। দুচকুত নিষ্পাপ শৈশৱৰ কৌতুহল। মুখত লাজ লাজ হাঁহি।

এইবাৰ জুমিয়ে যথাসম্ভৱ সহজ হ'বলৈ চেষ্টা কৰিলে। 'হাই ঈশা, ইমান ধুনীয়া তোমাৰ নামটো!' ঈশাই খিলখিলাই হাঁহি পেলালে।

'তোমাৰ নামটোও বৰ ধুনীয়া!' দুচকুত তিৰবিৰণি তুলি তাই উত্তৰ দিলে।

মাথুৰৰ পৰিবাৰে মুখ ঘুৰাই ক'লে, 'ঈশাই তোমাক লগ পাবলৈ বৰ আগ্ৰহেৰে বাট চাই আছিল বুজিছা। তোমাৰ কথা এখেতে আমাক খুউব কৈ থাকে। আজিৰ দিনৰ ছোৱালী কিমানদূৰ আগবাঢ়ি গৈছে সেয়া শুনি বৰ ভাল লাগে জানা। সেয়ে ঈশায়ো বৰকৈ লগ পাব খুজিছিল!'

'আৰাধ্যা আৰু ঈশাক আজি নাগালেণ্ডৰ গাঁৱত থাকি কেনেকৈ গৱেষণা কৰিছা, জুম খেতিৰ কথা শিকিছা সকলো ক'বা দেই! ঈশাৰো তোমাৰ দৰেই কাম কৰিবলৈ মন, নহয় ঈশা?' মাথুৰে গাড়ী চলাই থকাৰ পৰা মাত দিলে।

'অঁ অঁ। ডাঙৰ হ'লে ময়ো তোমাৰ দৰে ৰিচাৰ্ছাৰ হ'ম! গোটেই পৃথিৱী ঘুৰিম!' ঈশাৰ কথাত তিনিও একেলগে হাঁহিলে।

জীপ গাড়ীখন ৰেষ্টোৰাঁ অভিমূখে আগবাঢ়িল। ৰেষ্টোৰাঁ পোৱাৰ আগেয়ে জুমিয়ে লাহেকৈ ফোনৰ বাওঁকাষৰ বাটনটো টিপি 'চাইলেণ্ট' কৰি থ'লে। 

Monday, 31 March 2025

কাউৰীৰ অসাধাৰণ বুদ্ধিমত্তা

ঈছপৰ সাধুৰ তৃষ্ণাতুৰ কাউৰীটোৰ কথা আপোনাৰ মনত আছেনে? গ্ৰীষ্মৰ দিন এটাত কাউৰী এটাই চাৰিওদিশে পানী বিচাৰি হাহাঁকাৰ কৰি আছিল। এনেতে তাৰ চকুত পৰিল এটা মাটিৰ কলহ। ওচৰ পাই দেখে যে কলহৰ তলিত কণমান পানী আছে কিন্তু তাৰ ঠোঁটেৰে সেয়া ঢুকি নাপায়গৈ। চতুৰ কাউৰীটোৱে ক্ষন্তেক ভাবি উৰা মাৰিলে। তাৰপিছত এঠাইৰ পৰা ঠোঁটেৰে সৰু সৰু শিলগুটি এটা এটাকৈ তুলি আনি কলহটোত পেলাবলৈ আৰম্ভ কৰিলে। যিমানেই শিলগুটি পৰিল, কলহৰ তলিৰ পানীও অলপ অলপকৈ ওপৰলৈ উঠি আহিবলৈ ধৰিলে। আৰু এটা সময়ত কাউৰীটোৱে কলহৰ মুখলৈ উঠি অহা পানী খাই আয়াসেৰে পিয়াহ পলুৱাবলৈ সক্ষম হ'ল। 

ঈছপৰ সাধুৰ কাউৰীটো; উৎস: মিল' ৱিণ্টাৰ

বছৰ বছৰ ধৰি এই উপকথাটো ধৈৰ্য্য আৰু উপস্থিত বুদ্ধিৰ চানেকি এক নৈতিক কাহিনী হিচাপে প্ৰচলিত হৈ আহিছে। তাৰ লগতে ই জনমানসত কাউৰীৰ চতুৰালি এক কিংবদন্তীৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰি আহিছে। পিছে কাউৰীৰ বুদ্ধিমত্তা কেৱল এনে উপকথাতে সীমাবদ্ধ নহয়। শেহতীয়া বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে  ইহঁত সঁচা অৰ্থতে অবিশ্বাস্যভাৱে বুদ্ধিমান চৰাই। সঁজুলি ব্যৱহাৰ কৰাৰ অপূৰ্ব ক্ষমতাৰ বাবে কাউৰী বৰ্তমান বান্দৰজাতীয় প্ৰাণীৰ পিছতেই প্ৰাণীজগতৰ আটাইতকৈ বেছি বুদ্ধিমত্তা সম্পন্ন প্ৰাণী বুলি পৰিগণিত হৈছে৷ 

দীৰ্ঘদিন ধৰি সঁজুলি ব্যৱহাৰ কৰাটো মানৱ সমাজৰ এক অনন্য বৈশিষ্ট্য বুলি গণ্য কৰা হৈছিল। সভ্যতাৰ আৰম্ভণিতে চিকাৰ কৰা সঁজুলিৰ পৰা আৰম্ভ কৰি ক্ৰমাগতভাৱে বহু জটিল সঁজুলিৰ উদ্ভাৱন আৰু ব্যৱহাৰে মানুহক সভ্যতাৰ পথত তড়িৎ গতিৰে আগুৱাই লৈ গৈছিল। কিন্তু বৰ্তমান গৱেষণাই প্ৰমাণ কৰিছে যে এইক্ষেত্ৰত মানুহ অকলশৰীয়া নহয়, বহু জীৱ-জন্তুৱেও দৈনন্দিন জীৱনত সঁজুলি ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, চিম্পাঞ্জীয়ে মাছ ধৰিবলৈ ডাল-পাত আৰু কিছুমান শগুনে উটপক্ষীৰ কণী ভাঙিবলৈ শিলগুটি ব্যৱহাৰ কৰে। কিন্তু এই চতুৰ জীৱবোৰৰ ভিতৰত কাউৰীৰ স্থান এখোপ ওপৰত। কাৰণ প্ৰাথমিক সঁজুলিৰ ব্যৱহাৰত পাৰ্গত হোৱাৰ উপৰিও কাউৰীয়ে উপস্থিত বুদ্ধিৰে বহুতো জটিল সমস্যা-সমাধান আৰু জটিল সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ উদাহৰণস্বৰূপে, দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিউ কেলেডোনিয়া দ্বীপৰ স্থানীয় কাউৰীবোৰ ডাল-পাত, কাঠ আদিৰে সঁজুলি নিৰ্মাণ কৰাৰ ক্ষমতাৰ বাবে জনাজাত। সিহঁতে এই সঁজুলিবোৰ ব্যৱহাৰ কৰি ঈছপৰ সাধুৰ কাউৰীটোৰ দৰেই গছৰ গাঁতৰ পৰা পোক-পৰুৱা আৰু পলু উলিয়াই আনে।

নিউ কেলেডোনিয়া দ্বীপৰ স্থানীয় কাউৰী এটাই সৰু লাঠি ব্যৱহাৰ কৰি খাদ্য বিচাৰে। উৎস: গৱেষণা পত্ৰ  

দৰাচলতে বিজ্ঞানীসকলে নিউ কেলেডোনিয়ান কাউৰীৰ ওপৰত আজি কেইবা দশক ধৰি অধ্যয়ন কৰি আহিছে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী এলেক্স কেচলিক আৰু তেওঁৰ দলে  বেটী নামৰ কাউৰীজনীৰ বাবে এটা থিয় কাঁচৰ নলীত খাদ্য থৈ এটা পৰীক্ষা কৰিছিল। সেই খাদ্য উলিয়াই আনিবলৈ বেটীক দিয়া হৈছিল এডাল পোন তাঁৰ। বেটীয়ে প্ৰথমে তাঁৰেৰে খাদ্যবিধ তুলি আনিবলৈ কেইবাবাৰো চেষ্টা কৰিলে। তাৰপিছত তাঁৰডাল বাহিৰলৈ আনি বেঁকা কৰি হুক এটাৰ ৰূপ দিলে। এইবাৰ সেই বেঁকা হুকৰ সহায়ত বেটীয়ে নলীৰ পৰা খাদ্য উলিয়াই আনি সকলোকে বিস্ময়াভূত কৰি পেলালে। ইয়াৰ আগতে কোনোধৰণৰ তাঁৰ ব্যৱহাৰ কৰি নোপোৱা বেটীৰ এই বুদ্ধিমত্তা মানুহৰ বাহিৰে অন্য কোনো প্ৰাণীৰ ক্ষেত্ৰতে দেখা নাযায়। গতিকে এই গৱেষণাই কাউৰীৰ বুদ্ধিমত্তাৰ ক্ষেত্ৰত যুগান্তকাৰী অৱদান আগবঢ়ালে। বেটীৰ এই কৃতিত্ব ইমানেই তাৎপৰ্যপূৰ্ণ আছিল যে বেটীৰ নামত এটা ডাক টিকটৰো প্ৰচলন হ'ল। 


পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰায় ৪৩ বিধ কাউৰীৰ প্ৰজাতি পোৱা যায়। দক্ষিণ আমেৰিকা আৰু এণ্টাৰ্কটিকাৰ বাহিৰে সমগ্ৰ পৃথিৱীতে বিভিন্ন পৰিৱেশত নিজকে খাপ খোৱাই লৈ এই কাউৰীবোৰে জীৱন নিৰ্বাহ কৰিছে। আমাৰ গাঁৱে-ভূঞে-চহৰে-নগৰে দেখা পোৱা পাটিকাউৰীটোকে কেতিয়াবা ভালদৰে মন কৰিবচোন! ঈছপৰ সাধুৰ কাউৰীটোৰ দৰেই ইহঁতৰো বুদ্ধিমত্তাৰ প্ৰমাণ আপুনি নিজেই হয়তো দেখা পাব।  

তথ্যউৎস:

Friday, 28 February 2025

বৃত্ত (চুটিগল্প)

ঘৰৰ পদূলিমুখ পায়ে প্ৰণামীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ চেষ্টা কৰিলে। ভৃগু অফিচৰ পৰা আহি পালেহি নেকি! সন্ধ্যা লাগিবৰ হোৱা নাই যদিও বেলি লহিয়াইছে। তাই সোনকালেই উভতাৰ কথা আছিল। কিন্তু জ্যোতিৰ সৈতে কথাৰ যেন শেষেই নহ'ব! কিমান দিনৰ মূৰত যে দুয়োজনী লগ হ'ল! জ্যোতিয়ে বহুদিনৰ পৰাই প্ৰণামীক ফোনত কৈ আছিল- 

'এদিন আমাৰ ঘৰলৈ আহিবিচোন!  তই আহিম আহিমকৈ থাকোঁতেই আমাৰ ৰিমলী ডাঙৰ হ'বগৈ। ইয়ালৈ কিমাননো বাট? তোৰ স্কুটিখন আছেই। ভৃগুদাৰ সময় নিমিলে যদি বাবুৰ স্কুল বন্ধ থকা দিন এটাত তয়ে বাবুক লৈ এপাক আহিবিচোন।'

তেনেকৈয়ে যাম যামকৈ থাকোঁতে ৰিমলী দুবছৰীয়া হ'লহি। সেয়ে আজি প্ৰথমবাৰৰ কাৰণে কণমানি ৰিমলীজনীক দেখি প্ৰণামীৰ দুচকু সেমেকি উঠিছিল কিজানি।

'মা, ব'লা আকৌ। ইয়াতে ৰৈ দিলা যে!' স্কুটিৰ পিছৰ আসনৰ পৰা বাবুৱে মাত দিয়াতহে প্ৰণামীৰ জড়তা ভাঙিল।

গেটখন খুলি লৈ স্কুটি ঠেলি ঠেলি সিহঁত দুয়ো সোমাই আহিল। বাহিৰত সেমেকি পৰা মেলা কাপোৰখিনি চপাই লৈ প্ৰণামীয়ে দুৱাৰ খুলিলেগৈ। তেতিয়ালৈকে মাকৰ বুকুৰ ধপ্ধ‌পনিটো যেন বাবুৱেও শুনা পাইছে। সি নীৰৱে মাকৰ কাষতে থিয় দি ৰ'ল। চাবিপাত পকোৱাৰ আগতেই দুৱাৰখন খোল খালে।

দুৱাৰমুখত ভৃগু! তাৰ চুটি থৰঙা চুলি, শুকান মুখ, অবুজ দৃষ্টি।

'এই সন্ধিয়াখন ক'লৈ গৈছিলা?' পোনেই সি গহীন মাতেৰে প্ৰশ্ন  কৰিলে।

'ক'তনো সন্ধিয়া হোৱা দেখিলা? বেলি লহিয়াইছেহে!' প্ৰণামীয়ে কথাটো পাতলাবলৈ চেষ্টা কৰিলে। 'জ্যোতিৰ ওচৰলৈ গৈছিলোঁ। আজি বাবুৰ স্কুল সোনকালে ছুটি হ'ল যে! সেয়ে এপাক মাৰি আহিলোঁ।'

সেই ছেগতে বাবুৱে দেউতাকৰ কাষেৰেই 'মোৰ যে ইমান জোৰেৰে প্ৰস্ৰাৱ কৰিব লাগিছে' বুলি দৌৰ মাৰিলে। লগে লগে ভৃগু আৰু তাইৰ মাজত থকা একমাত্ৰ ঢালখন হেৰুৱাই পেলোৱা যেন ভাৱ হ'ল প্ৰণামীৰ! বাবু চকুৰ আঁতৰ হোৱাৰ লগে লগে ভৃগু প্ৰণামীৰ কাষ চাপি আহিল। তাৰ ডিঙিৰ সিৰ কেইডাল যেন টনটনাই উঠিল। আতংকত প্ৰণামীৰ বুকুত ডবাৰ কোব পৰিল! একেকোবে তাইৰ চুলিকোঁচাত থাপ মাৰি ধৰি সি চেপা মাতেৰে ক'লে, 

'স্কুল সোনকালে ছুটি হ'ল বুলিয়ে অলৌ-টলৌকৈ ঘুৰি ফুৰিবি নেকি? ইয়াত মই মানুহটোৱে অফিচৰ পৰা আহি কি খাম কি নাখামকৈ পাকঘৰত হাবাথুৰি খাইছোঁ। আৰু তাই দুনিয়াৰ হাৱা খাই ফুৰিছে! কাৰ লগত চুপতি মাৰিবলৈ গৈছিলি? ক ভালে ভালে!!'

প্ৰণামীয়ে ডিঙি বেঁকা ভাগেৰেই চুলিখিনি ভৃগুৰ হাতৰ মুঠিৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰি কাবৌ কৰাদি ক'লে,

'কৈছোঁৱে দেখোন, জ্যোতিক লগ কৰিবলৈ গৈছিলোঁ- অন্য একো কৰা নাই।'

'মিছা নামাতিবি। স্কুটিখন লোৱাৰ পিছৰ পৰা তই কেনে উৰণীয়া হৈছ দেখি আছোঁ। কিন্তু মনত ৰাখিবি লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলত!'

অশ্লীল গালি দুটামান উচ্চাৰি ভৃগুৱে তাইক গতিয়াই দিলে। প্ৰণামী আফাল খাই বহাকোঠাৰ দেৱালখনত খুন্দা খালেগৈ। লগে লগে তাইৰ মুখেৰে বিকট চিঞৰ এটা ওলাল। চিঞৰটো ইমান জোৰেৰে ওলাল যে ভৃগুও চক্‌ খাই গ'ল। অন্যদিনা প্ৰণামীয়ে দাঁত-মুখ চেপি ভৃগুৰ মাৰপিট সহে। কাৰণ বাবু বা ওচৰ-চুবুৰীয়াই সেয়া কেনেবাকৈ শুনিব বা কি ভাবিব বুলি তাই লাজত মৰে। কিন্তু আজি যেন ভৃগুৰ ৰূপ অন্য দিনাতকৈ বহু ভয়ানক। অন্য দিনা বাবু নাথাকিলে বা শুৱাৰ পিছতহে চৰ-গোৰ দুটামান সোধাই ক্ষান্ত হোৱা ভৃগুৰ যেন আজি তাইক মাৰি পেলোৱাৰ পণ! সেই বাবেই কিজানি আগ-পাছ নুগুণি তাই তেনেকৈ চিৎকাৰ কৰি পালে।

ভৃগু ক্ষন্তেকৰ বাবে ৰৈ গ'ল। সেই সুবিধাতে চুলিকোঁচা তাৰ হাতৰ মুঠিৰ পৰা এৰাই তাই পলকতে গা-ধোৱা ঘৰলৈ দৌৰ মাৰিলে। গা-ধোৱা ঘৰৰ দুৱাৰ খুলি বাবু ওলাই আহিবলৈ লৈছিল। মাকৰ সেই ৰূপ দেখি সি দুৱাৰমুখতে থতমত খাই ৰৈ গ'ল। তাই কোনোমতে ভিতৰ সোমাই দুৱাৰখন ধাৰাম্কৈ‌ বন্ধ কৰি দিলে।বহুপৰলৈ মজিয়াতে বহি প্ৰণামীয়ে নিশব্দে কান্দিলে। দিনত জ্যোতিক লগ পাই তাইৰ বুকু ভৰাই পেলোৱা ভাল লগা অনুভৱখিনিৰ একো চিন-চাব নাথাকিল। 

এটা সময়ত গা-ধোৱা ঘৰৰ পৰা ওলাই আহি তাই ভাতৰ যোগাৰত লাগিলহি। মন বেয়া বুলিয়েইতো ৰোহ ঘৰত সোমাই বা বিছনাত পৰি থাকিব নোৱাৰে। তাইৰ গাত হাত উঠালে বুলিয়েইতো গিৰিয়েক আৰু নিজৰ ল'ৰাটোক ভোকে-লঘোণে থাকিবলৈ দিব নোৱাৰে। কিন্তু তাই নিজে একো এটা মুখত দিব নোৱাৰিলে। বাবু আৰু ভৃগুৰ কাৰণে ভাত উলিয়াই দি নিজে মাথোঁ পানী এগিলাচ লৈ কোট্‌ কোট্কৈ‌ গিলিলে।

একোৱে যেন হোৱা নাই এনে ভাৱেৰে ভৃগুৱে বাবুক ইটো-সিটো যতনাই দি একেলগে ভাত খালে। ভাতৰ মেজত বাবু নীৰৱ হৈ ৰ'ল। অন্য দিনাৰ দৰে 'ডালি নাখাওঁ- বেঙেনাৰ ভাজি যে ইমান বেয়া পাওঁ' বুলি থেনথেনাই নাথাকিল। সিহঁতৰ কোনোৱে প্ৰণামীক ভাত খাবলৈ নামাতিলে।

এটা সময়ত ভৃগু শোৱাকোঠালৈ আহিল। তেতিয়ালৈ প্ৰণামী বিছনাত। দেৱালৰ ফালে মুখ কৰি তাই একতীয়াকৈ  নিমাতে-নিসাৰে পৰি থাকিল। ভৃগুৱে বিছনাত গাটো পেলাই লাহেকৈ প্ৰণামীৰ বাহুত সোঁহাতখন থ'লে। তাই সাৰে থাকিলেও মাত নিদিলে, একো সাৰ-সুৰো নকৰিলে। ভৃগুৰ হাত নহয় যেন সেয়া তাইৰ দেহত হাজাৰটা বৰলৰ বিহ! সেই মুহূৰ্ততে যেন তাই জাঁপ মাৰি সাত মাইল আঁতৰি যাব!  ভৃগুৱে কোমল মাতেৰে ক'লে,

'চাওঁ- শুলাই নেকি! খং উঠিলে কি যে হয় যায় মোৰ! জানাইচোন, ঘৰলৈ উভতি আহি তোমাক নাপালে মোৰ ভাল নালাগে। অকলে অকলে ঘৰত তোমাৰ কাৰণে বাট চাই থাকিলে খেলিমেলি চিন্তাবোৰ আহে।কিয় মোক এনে কৰিবলৈ বাধ্য কৰা তুমি?'

অন্যদিনাৰ দৰে আজিও প্ৰণামীত বিবুদ্ধিত পৰিল। এই ভৃগু আজি সন্ধিয়া মাৰাত্মক ৰূপ লৈ তাইক খেদি অহা দানৱ নহয়। এই ভৃগু মৰম আকলুৱা। তাই যেন ক'বকে নোৱাৰে, কেনেকৈ যে খেলিমেলিবোৰ আৰম্ভ হৈ যায়! কেনেকৈ মৰমিয়াল ভৃগুৱে দৈত্যকায় ৰূপ লয়! ভাৱ হয় যেন, কেৱল ভাল বা বেয়াৰেই মানুহক দুটা শ্ৰেণী কৰি ৰাখিব নোৱাৰি। প্ৰত্যেক মানুহৰ ভিতৰতে যেন অনেক ৰূপ সোমাই থাকে। কিন্তু ভৃগুৰ এই বৈপৰীত্যই তাইক খেলিমেলি লগাই দিয়ে। এনে মুহূৰ্তবোৰত ভাৱ হয় যেন দোষটো তাইৰে! মৰমিয়াল ভৃগুৰ সলনি দানৱ ভৃগুক উলিয়াই অনাৰ বাবে। তাই কিয় বাৰে বাৰে ভুল কৰি পেলায়? কিয়? 

প্ৰণামী বদ্ধপৰিকৰ হয়। আজিৰ পৰা তাই ভৃগুৱে বেয়া পোৱা একো কামকে নকৰে। লাগিলে বান্ধৱী জ্যোতিৰ সৈতে আৰু কেতিয়াও দেখাই নহওক, তাইৰ ঘৰলৈ এনেকৈ আৰু নাযায়। কোনো অন্য পুৰুষৰ লগত তাই পৰাপক্ষত আৰু কথা নাপাতে। সম্পৰ্কীয় পুৰুষ হ'লেও যোগাযোগ নাৰাখে। এইবোৰ কথাত যে ভৃগু বৰ সন্দেহী হৈ উঠে। কাৰোবাৰ সৈতে তাইৰ গোপন সম্পৰ্ক আছে বুলি মনতে ধৰি লয়!  সি বিচৰাৰ দৰেই তাই যিমান পাৰি ঘৰতে থাকিব। ভৃগুৱে বিচাৰিলেহে অন্য মানুহৰ লগত হলি-গলি কৰিব।

প্ৰণামীয়ে সঁচাই মন বান্ধিলে। তাইৰ কথা আৰু কামেৰে ভৃগুৰো কথা আৰু কাম সলনি কৰিব বুলি এটা অদ্ভুদ জেদত লাগি পৰিল যেন। তাইৰ জেদত হাত উজান দিলে পৃথিৱীখন ছাটি ধৰা ক'ভিড মহামাৰীয়ে। কাকো আৰু অজুহাত দেখুৱাব লগা নহ'ল- কিয় আজিকালি সমজুৱা নামলৈ প্ৰণামী নহা হৈছে। কিয় মাহীয়েকৰ ল'ৰা অলকেশক তাই আগৰ দৰে হোষ্টেলৰ সিকা ভাতসাঁজৰ সলনি প্ৰতি দেওবাৰে ঘৰতে এসাঁজ খাবলৈ নমতা হ'ল। লক ডাউনে প্ৰণামীৰ পৰিকল্পনা একেবাৰে সহজ কৰি পেলালে যেন! কিন্তু সহজ নকৰিলে তাইৰ জীৱন!

আগৰ দৰে কামলৈ যোৱাৰ সলনি ভৃগু বেছিভাগ সময় ঘৰতে শুই-বহি থকা হ'ল। আগতকৈ বেছি খিংখিঙীয়া হ'ল। প্ৰণামীৰ ভুলবোৰ তাৰ চকুত বেছিকৈ পৰা হ'ল। সিদিনা তাইৰ ভনীয়েকৰ লগত ফোনত কথা পাতি থকাৰ পৰত সি ভেকাহি মাৰি সুধিলেহি,

'কাৰ লগত ইমান সময় ধৰি কথা পাতি আছা?' মোক যে চাহ একাপ লাগে বুলি কেতিয়াবাই কৈছিলোঁ, খৱৰেই নাই!'

প্ৰণামী অলপ হতভম্ব হ'ল। সিফালে নৱমীয়ে সেয়া শুনিলেই নেকি বুলি অসহজ হ'ল। লৰালৰিকৈ ফোন থৈ চাহকাপ যতনাই দিলেগৈ।

গোমোঠা মুখেৰেই ভৃগুৱে ক'লে, 'নৱমী আৰু তোমাৰ মা-দেউতাহঁতৰ লগত যে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতি থাকা, মোৰ মা-দেউতাৰ কি হৈছে খৱৰ কৰিছানে? দিন-কাল বেয়া। মানুহবোৰ কেনেকৈ মাখি মৰাদি মৰিব লাগিছে, এতিয়াতো মোৰ পৰিয়ালৰ অলপ খেয়াল ৰাখিবলৈ চেষ্টা কৰা।'

ভৃগুৱে কি কৈছে এইবোৰ! বিয়াৰ দিন ধৰি চোন তাই ভৃগুৰ পৰিয়ালকে আপোন বুলি সকলো কৰি আহিছে। আজি মাত্ৰ দুবছৰ আগতে সিহঁতে ঘাই ঘৰৰ পৰা আছুতীয়াকৈ এইটো চুবুৰীত ঘৰ কৰিছে। ভৃগুৰ মাক-দেউতাক ইয়াৰ পৰা খোজেৰে মাথোঁ পোন্ধৰ মিনিট দূৰৈত। গতিকে সকলো সময়তে আহ-যাহ চলিয়ে থাকে। লক ডাউনৰ সময়ত যেনিবা সেয়া আগতকৈ কমিছে। কিন্তু তাইৰ ভনীয়েক নৱমী গুৱাহাটীত, মাক-দেউতাক যোৰহাটত। সেইবাবে প্ৰণামীয়ে যাওঁ বুলিলেও যাব নোৱাৰে। তাই এদিনৰ বাবেও ঘৰ এৰি গ'লে যে ভৃগুৰ ইমান অসুবিধা হয়! ঘৰখনত ইটো-সিটো বিচাৰি ঘূৰ্মুটিয়াই ফুৰে। তাৰ খোৱা-শুৱা সকলোবোৰ খেলিমেলি হৈ যায়। সেই বাবেই তাই মাক-দেউতাকক চাই অহাৰ কথা নাভাৱেই। তেনে ক'ৰ পৰা এই ওজৰ-আপত্তিৰ বোজাবোৰ গোট খাইছেহি? কিজানি প্ৰণামীৰ চেষ্টাত সুৰুঙা ৰৈ গৈছে। সেইবাবেই তেনে কথাবোৰে ভৃগুৰ মনত বিষ সিঁচিছে।

লাহে লাহে যেন প্ৰণামীৰ পৃথিৱীখন ঠেক হৈ আহিল। আগতকৈও অবুজ হৈ আহিল। প্ৰতিদিনে পুৱা সাৰ পাই তাই বিব্ৰত হৈ ৰোৱা হ'ল, কণীৰ খোলাৰ ওপৰেদি খোজ দিব লগা হ'ল। আজি বা ভৃগুৰ মন কেনে হৈ থাকিব, কেতিয়া কোন পলকত খঙৰ ভমক উঠিব কোনে জানে! কৰবাত কথা আৰু কামৰ অকণমান হেৰফেৰ হ'লেও সেই কণীৰ খোলাত ফাঁট মেলিব- সিহঁতে তত ধৰিবলৈ পোৱাৰ আগেয়ে খোলাটো ফালি চিৰাচিৰ হ'ব। মাথোঁ তাৰ দাগ ৰৈ যাব তাইৰ দেহত! 

উৎস

প্ৰণামীৰ বুকুৰ কঁপনিটো যেন বন্ধ নোহোৱা হ'ল। বাবুৱেও দেউতাকৰ মুড চাইহে ওচৰ চপা হ'ল। আগতে বাবু থাকিলে যিমান পাৰি নিজকে ক্ষান্ত ৰখা ভৃগুৱে আজিকালি একোলৈকে ভ্ৰুক্ষেপ নকৰা হ'ল। ইমান সাৱধানেৰে চলিলেও যেন প্ৰণামীৰ খোজে প্ৰতি ভুল হোৱা হ'ল। সিদিনা নিমখ কম হ'ল বুলিয়ে ভৃগুৱে ভাতৰ কাঁহীখন তাইৰ ফালে দলি মাৰি দিলে। তাৰ লগে লগে তাইৰ কঁকালত এটা প্ৰচণ্ড ভুকু! নিশালৈ আকৌ কোমল মাতেৰে সি ক'লে,

'আচলতে তোমাৰ ফোনটো ইমানকৈ বাজি আছিল, সেইটো খঙতে কিবা কৰি পেলালোঁ। সেইবোৰ ধৰি নাথাকিবাচোন!'

তাই খপ্জ‌প্কৈ‌ বিছনাৰ পৰা উঠি গ'ল।গাধোৱা ঘৰত সোমাই ফোনটো চাই দেখিলে, জ্যোতিৰ তিনিটা মিছড কল। এটা মেচেজ- 'ঠিকে আছনে, প্ৰণামী? সিদিনা অলকেশক লগ পালোঁ। বহুদিন তোৰ খৱৰ পোৱা নাই বুলি ক'লে। সেয়ে চিন্তাই লাগিল। খা-খৱৰ জনাবিচোন!'

আস্‌, লাজ আৰু বেজাৰৰ ভৰত তাই আপোন বান্ধৱীকনো কি ক'ব ভাৱিকে নাপালে। কেনেকৈ ক'ব অলকেশে দেওবাৰে হোষ্টেলৰ ভাতসাঁজ এৰি সিহঁতৰ ঘৰত এসাঁজ খোৱাটোক লৈ ভৃগুৱে তাইক সন্দেহ কৰিবলৈ লৈছে। কেনেকৈ ক'ব সিদিনা যে অলকেশ সিহঁতৰ দুৱাৰমুখত ৰৈ থাকোঁতে ভিতৰত ভৃগুৰ কি তাণ্ডৱ! বাবু ঘৰতে আছিল সেইদিনা। বহাকোঠাৰ খিৰিকীৰে অলকেশক জপনা খুলি সোমাই অহা দেখিয়ে ভৃগুৱে চামৰাৰ বেল্ট এডাল জোকাৰি গুজৰি গুমৰি উঠিল,

'অলকেশৰ লগত তোৰ কিহৰ লেটিপেটি? কিয় সি ইয়ালৈ ইমান ঘনাই আহে? আজি যদি সি এই ঘৰৰ ভিতৰত ভৰি দিয়ে, মই কি কৰিম ঠিক নাই কিন্তু।'

প্ৰণামী থৰ লাগিল। দুদিনৰ আগৰ এছাৰিৰ কোব এতিয়াও তাইৰ পিঠিত সেৰ পাতি আছে। তাই একো ক'ব নোৱাৰে- কৰিব নোৱাৰে। ইফালে দুৱাৰত অলকেশৰ টোকৰ!

'বাবু! ঘৰত কোনো নাই বুলি ক!' ভৃগু গৰজি উঠিল।

বাবুৱে এবাৰ ভৃগুৰ ফালে চালে, এবাৰ চালে ভয়ত কাতৰ প্ৰণামীৰ ফালে। তাৰপিছত দুচকু জোৰেৰে মুদি  কান্দি পেলালে আৰু তাৰ কোঠালৈ দৌৰ মাৰিলে। ৰৈ ৰৈ এটা সময়ত অলকেশ গ'লগৈ।

বহুদিনলৈ প্ৰণামী মূক হৈ ৰ'ল, কিংকৰ্তব্যবিমূঢ় হৈ ৰ'ল। জ্যোতিৰ ফোন কল আহি আহি এটা সময়ত নহা হৈ গ'ল।

সিদিনা আবেলি তাই পিছচোতালত মেলা কাপোৰ চপাই আছিল। এনেতে জেওৰাৰ সিপাৰেদি ৰিনী বাইদেৱে মাত দিলে,

'হেৰা প্ৰণামী, ভালে আছানে?'

তাই চক খাই উঠিল। ব্লাউজৰ হাতখনৰ সীমা পাৰ হৈ জিলিকি থকা এছাৰিৰ চিন দুটা খপজপকৈ চাদৰখনেৰে ঢাকি পেলালে। তাৰপিছত হাহোঁ নাহাহোঁকৈ ক'লে,

'ভালেই। আপোনালোকৰ ভালনে?'

'ভৃগু কেনিবা গ'ল নেকি?' ৰিনী বাইদেউৰ মাতটো ফুচফুচনিৰ দৰে শুনা গ'ল!

'অঁ। শাক-পাচলিৰ বজাৰলৈ ওলাই গৈছে।'

'অঁ তাকে ভাবিলোঁ; ঘৰখন নিতাল মাৰি আছে!' ৰিনী বাইদেৱে কথাষাৰ কৈয়ে যেন দাঁত কামুৰিলে। প্ৰণামীয়ে বুজিও নুবুজাৰ ভাও ধৰাৰ চেষ্টা কৰিলে।

দুয়ো যেন নীৰৱেই বহু কথা পাতিলে। হুমুনিয়াহ এটা কাঢ়ি ৰিনী বাইদেৱে ক'লে,

'কি কৰিবা, মাইকী মানুহৰ ভাগ্যই এনেকুৱা! দুখ আৰু কষ্টত লেটি লোৱা জীৱন! আমাৰ দীপুৰ দেউতাকো এনে আছিল বুজিছা- কিন্তু দীপু আৰু মানু ডাঙৰ হোৱাৰ লগে লগে মানুহটো নিজে নিজেই শান্ত হৈ পৰিল! তোমাক কিবা ঔষধ-পাতি লাগিলে ক'বা।'

প্ৰণামী লাজে-দুখে জয় পৰি গ'ল! বহুদিনৰ পিছত আকৌ এবাৰ ৰঙা তেজ এসোঁতা ভৰিৰ আঙুলীৰ পৰা তাইৰ চকু-মুখলৈ উজাই অহা যেন ভাৱ হ'ল। এইবোৰ মানি লোৱাটো ইমান সহজ নে? ইমান সহজ নে ভাল দিনবোৰৰ আশাত বন্দী হৈ সকলো সহি যোৱাটো? কিন্তু তায়ো জানো ৰিনী বাইদেউৰ দৰেই ভাগ্যক ধিয়াই ৰৈ যোৱা নাই? 

কথাবোৰ এনে নাছিল- এনে হোৱাৰ কথাও নাছিল! ভাগ্যক ধিয়াই সকলো সহি যোৱাৰ সপোন লৈ তাই বিয়াত বহা নাছিল। সিহঁতৰ বিয়াখনত প্ৰণামীৰ  মাক-দেউতাকৰ মত নাছিল। তাৰবাবে ভৃগুৱে দিনৰ পিছত দিন প্ৰায় ডকা-হকা কৰাৰ দৰে মাক-দেউতাকৰ সৈতে যুঁজিছিল। তাইক বিয়া পাতিব নোৱাৰিলে যেন তাৰ জীৱনেই অথলে যাব। ভৃগুৰ জোৰতে এটা সময়ত মাক-দেউতাক মান্তি হ'বলৈ বাধ্য হৈছিল। তেতিয়া প্ৰণামীৰ ভাৱ হৈছিল, তাই ভাগ্যশালী। তাইক ইমান আকুলতাৰে বিচৰা কাৰোবাক জীৱন-সংগী হিচাপে পাইছে। 

কিন্তু বিয়াৰ এমাহ নহওঁতেই ভৃগুৱে এদিন তালৈ অনা চাহৰ কাপটো হাত পিছলি পৰি যোৱাৰ কাৰণে তাইৰ গালত থাপ থাপ কৈ দুটা চৰ সোধাই দিছিল। সিদিনা তাই থৰ হৈ গৈছিল। অপমানত ক'লা পৰি গৈছিল। সিদিনাই ঘৰ এৰি গুচি যাব যেন ভাব হৈছিল। কিন্তু মাক-দেউতাকৰ ঘৰলৈ উভতি যোৱাৰ বাটো যে বন্ধ হৈ গৈছিল! ভৃগুৰ আঙুলীৰ সাঁচ বহি যোৱা গালখন আইনাত চাই সিদিনা প্ৰণামীয়ে ফেঁকুৰি ফেঁকুৰি কান্ধিছিল। প্ৰথমবাৰৰ বাবে অনুশোচনাৰ জাল এখনে তাইক আৱৰি ধৰিছিল। কিন্তু ভৃগুৰ অনুতপ্ত চকুযুৰি, তাৰ কাবৌ-কোকালিয়ে তাইৰ সান্তনা হৈ থিয় দিলে। তাই পাহৰিবলৈ চেষ্টা কৰিলে। মানুহ মাত্ৰেইতো ভুল হয়। তাই ভৃগুৰ খং তোলা কথা বা কামবোৰ নকৰিলেইতো সকলো ঠিক হৈ যাব!

নহ'ল! তাৰ সলনি দিনে দিনে কথাই প্ৰতি ভৃগুৰ চৰ-ভুকু বাঢ়িহে গ'ল। এটা সময়ত প্ৰণামীৰ মায়াৰ জাল ফাঁটিল। বিয়াৰ এবছৰ পিছতে তাই লাজ-মান কাটি কৰি মাক-দেউতাকৰ ওচৰ পালেগৈ। সকলো শুনি লৈ মাকে ক'লে,

'মতা মানুহবোৰ এনেকুৱাই! খং- দুখ সকলো নিজৰ ঘৈণীৰ ওপৰত উলিয়ায়। সংসাৰ কৰিছ যেতিয়া সেইবোৰো সামৰিবলৈ শিকিব লাগিব। সেইটোও তোৰে দায়িত্ব।'

মাকৰ কথাই প্ৰণামীৰ দেহ-মন বিছাই ডকাদি ডাকিলে। মাকে মুখ ফুটাই নোকোৱা কথাখিনিও তাই ঠিকেই বুজিলে। বিয়া দি উলিয়াই দিয়া জীয়ৰীৰ এই ঘৰত ঠাই নাই। তাইক ৰাখি লৈ মাক-দেউতাকে সমাজৰ লাঞ্ছনা সহিব নোৱাৰে। দেউতাকৰ পেন্সনৰ টকাৰে আৰু এখন মুখ খুৱাব নোৱাৰে। পিছদিনা পুৱাতে ভৃগু গৈ ওলোৱাত মাকে উৎসাহেৰে আদৰিলে। প্ৰণামীয়ে যেন সেইদিনা প্ৰথম উপলব্ধি কৰিলে, তাইৰ ভাগ্যৰ লিখন লিখা হৈ গৈছে। তাইৰ সুখ-দুখৰ বিধান কেতিয়াবাই দিয়া হৈ গৈছে। এইবাৰ ভৃগুৰ কাকুতি-মিনতিৰ দৰকাৰেই নহ'ল। নীৰৱে বেগটো সাজু কৰি লৈ তাই অহা বাটেৰে উভতিল। 

উভতি আহি প্ৰণামীয়ে নিজাকৈ চাকৰি এটা যোগাৰ কৰিবলৈ টঙালি বান্ধিলে। স্কুল এখনত সোমাই ল'ব পাৰিলেও যেন তাই কিছু সাহস পাব- নিজাকৈ উপাৰ্জন এটা থাকিব, নিজৰ এটা ভৰষা থাকিব। কিন্তু কথাবোৰ ভবাৰ দৰে নহ'ল। একলা-দুকলাকৈ তাইৰ গৰ্ভত বাঢ়ি অহা বাবুয়ে তাইৰ হিচাপ-নিকাচবোৰ সলাই পেলালে- চিৰদিনলৈ! বাবুৰ মৰমে যেন ভৃগুকো গলাই পেলালে। প্ৰণামী আৰু ভৃগু দুয়ো বাবুৰ মাজতে আপোন-পাহৰা যেন হ'ল। অৱশেষত উত্তাল ধুমুহাবোৰ ক্ষান্ত হোৱা যেন প্ৰণামীৰ ভাৱ হ'ল। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে জীৱনে এছাটি স্বস্তি আৰু প্ৰশান্তিৰ বা লৈ অহা যেন ভাৱ হ'ল।

কিন্তু খুউব সোনকালে জীৱনে সোঁৱৰাই দিলে এই গঞ্জনাৰ বাট সদায়ে বৃত্তাকাৰ। বৃত্তৰ পৰিধি সলনি হ'ব পাৰে, সময়ৰ দীঘ বাঢ়িব পাৰে কিন্তু সেই পথ কেতিয়াও সলনি নহয়। চিৰন্তন একেই বাটেৰে ঘুৰি ঘুৰি গঞ্জনা আৰু হাঁহাকাৰে যে একেখিনি ঠাইকে সামৰি লয়! বাবু একলা দুকলাকৈ ডাঙৰ হ'ল। কেঁচুৱাৰ যত্ন লোৱাৰ পৰা ঘৰ চম্ভালালৈকে সকলো সামৰি প্ৰণামী ব্যতিব্যস্ত হৈ ৰোৱা হ'ল। আৰু তাৰ লগে লগে ক'ৰৱাত অকণমান ইফাল- সিফাল হ'লেই ভৃগুৱে হাত তুলিবলৈ ল'লে।আকৌ এবাৰ প্ৰণামী কিংকৰ্তব্যবিমুঢ় হ'ল। অসহায় যেন হ'ল! কথাবোৰ সলনি কৰাৰ আগৰ সেই শক্তি আৰু সাহসৰ খুদমানো নোহোৱা যেন ভাৱ হ'ল। অথচ এতিয়া যে কেৱল তাই নহয়, এই কণমাণি ল'ৰাটোৰ জীৱনো সেই মেৰপাকত সোমাই পৰিল! 

তাইৰ মূৰৰ ওপৰেদি হাজাৰ ধুমুহা যাওক, তাই সহি থাকিব। তাইৰ সকলো শক্তি আৰু চেষ্টাৰে কেৱল বাবুক মানুহ কৰাৰ বাবে যুঁজিব। কেৱল বাবুৰ বাবেই এইবাৰ তাই ভাগ্যৰ এই লিখনকে মানি লোৱাৰ অংগীকাৰ ল'লে। কোনে জানে, ৰিনী বাইদেৱে কোৱাৰ দৰে এদিন হয়তো বাবুৰ মুখলৈ চায়ে ভৃগু সলনি হ'ব! সেই আশা মৰুভূমিৰ মৰীচিকা হ'লেও যেন তাই বুকুত সযতনে পালি থাকিব। নহ'লে যে এই জীৱন দু:সহ, এই সময় বিধস্ত আৰু পৰিশ্ৰান্ত! 

সমগ্ৰ বিশ্ব স্তব্ধ কৰি দিয়া লকডাউন লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে। ভৃগু পুনৰ কামলৈ যাবলৈ আৰম্ভ কৰিছে। বাবুৱেও অংগনবাদীত দিনটোৰ কিছু সময় কটাবলৈ লৈছে। প্ৰণামীৰ পৃথিৱীখনত অকণমান আহৰি ওলাইছে। আকৌ এবাৰ চাকৰি এটা বিচৰাৰ হেঁপাহটোৱে তাইৰ মাজত ভৰ কৰিবলৈ লৈছে। এনেকুৱা এটা দিনতে তাই বাতৰি-কাকতত চাকৰিৰ বিজ্ঞাপন খুঁচৰি আছিল। এনেতে কলিংবেল বজাত তাই উচপ খাই উঠিল। আজিকালি সিহঁতৰ ঘৰলৈ তেনেকৈ কোনো মানুহ নাহেই চোন! আকৌ অলকেশ ওলালহি বুলি তাই অলপ ভয় খালে। তথাপিও কিছু সংকোচেৰে গৈ দুৱাৰখন খুলি দি প্ৰণামী আচৰিত হৈ গ'ল। 

দুৱাৰ মুখত বান্ধৱী জ্যোতি আৰু কণমানি ৰিমলী!

তাই কিবা ক'বলৈ পোৱাৰ আগেয়ে ৰিমলীয়ে আগবাঢ়ি আহি প্ৰণামীৰ কঁকালতে মেৰিয়াই ধৰিলেহি। প্ৰণামীৰ বুকুখন মোচৰ খাই উঠিল। এই কণমানিজনীৰ হেঁপাহখিনি যে তাই ক'ত কেনেকৈ সামৰি থ'ব!

'ইমানদিন তোৰ একো খৱৰ পোৱা নাই। সেয়ে ভাৱিলোঁ এবাৰ চায়ে আহোঁ!!' এমুখ হাঁহিৰে জ্যোতিয়ে ক'লে।

আবেগৰ জোৱাৰজাক নীৰৱে সামৰি প্ৰণামীয়ে দুয়োকে আথে-বেথে ভিতৰলৈ লৈ গ'ল। বাবুয়ে ৰিমলীক তাৰ খেলাঘৰ দেখুৱালেগৈ। প্ৰণামী আৰু জ্যোতি দুয়ো চাহ একোকাপ লৈ বহিল। 

'কেনে আছ প্ৰণামী? আজি এবছৰেই হ'বৰ হ'ল তোৰ খৱৰ নোপোৱা! মোৰ সদায়ে চিন্তা লাগি থাকে বুজিছনে!' জ্যোতিয়ে ক'লে।

প্ৰণামীয়ে একোকে ক'ব নোৱাৰিলে। মাথোঁ এখন হাতেৰে জ্যোতিৰ হাতখন খামুচি ধৰি থাকিল। নোকোৱা-নপতা কথাবোৰে যেন সকলো গৰা খহাই বানপানী আনিব খুজিলে। 

'সঁচাই ক'চোন কি হৈছে? মই জানো, ফোনত ক'ব নোৱাৰ কাৰণেই তই মোৰ ফোন তোলা নাই!'

এইবাৰ প্ৰণামীৰ চকুলোৱে বাধা নামানিলে। জ্যোতিৰ দুয়োহাতত খামুচি ধৰি থাকি তাই হেঁপাহ পলুৱাই কান্দিলে। জ্যোতিয়ে একো নকৈ আলফুলে তাইৰ পিঠিত হাত ফুৰাই থাকিল। তাইৰ পিঠিত সেৰ পাতি থকা দাগবোৰে জ্যোতিক সকলো কৈ গ'ল।

'কিয় এনেকৈ কষ্ট খাই আছ প্ৰণামী? এনেকৈ সংসাৰ কৰাৰ কি অৰ্থ আছে ক'চোন!' 

উচুপনি ৰখাই প্ৰণামীয়ে ক'লে, 'বাবুৰ কাৰণে, জ্যোতি। ভৃগুৱে বাবুৰ খুউব যত্ন লয়, মৰম কৰে- বাবুকো দেউতাকৰ বহুত দৰকাৰ। মই কেৱল নিজৰ কথা ভাৱি বাবুৰ প্ৰতি সেই অন্যায় কৰিব নোৱাৰোঁ!'

কিন্তু বাবুক জানো মাকৰো দৰকাৰ নাই? এটা সুখী পৰিয়ালৰ দৰকাৰ নাই? এনে এটা পৰিৱেশত বাবু ডাঙৰ হোৱাটোও জানো তাৰ প্ৰতি অন্যায় নহয়? ক'ব খুজিও জ্যোতি নীৰৱ হৈ ৰ'ল। কাৰণ তাই জানে, সেইবোৰ প্ৰশ্নই প্ৰণামীৰ যন্ত্ৰণাত মাথোঁ ঘিউ ঢালিব। কেতিয়াবা কিছুমান সত্য ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকিলেও যে সেয়া সত্য বুলি মানি ল'বলৈ বহুত টান!

এনেতে কথাৰ মাজতে হঠাৎ ৰিমলীৰ চিৎকাৰ শুনি জ্যোতি আৰু প্ৰণামী জাঁপ মাৰি উঠিল। কি হৈছে? কি হৈছে??

প্ৰণামীয়ে লগে লগে বাবুৰ কোঠাৰ ফালে ঢাপলি মেলিলে। তাইৰ পিছে পিছে জ্যোতি। বাবুৰ কোঠাৰ সোঁমাজতে মজিয়াত লেগ'ৰ বহুতো টুকুৰা। আধাসজা লেগ'ৰ ঘৰটোৰ কাষতে গম্বুজৰ দৰে ৰৈ আছে বাবু। তাৰ দুচকু ৰঙা, ডিঙিৰ সিৰ টনটনাইছে! জ্যোতিক দেখিয়ে ৰিমলী দৌৰি আহি মাকৰ পিছফালে থিয় দিলেহি। চাদৰৰ আচলত মুখ লুকুৱাই কান্দি কান্দি ক'লে, 

'মা,মোক বাবুৱে চৰ মাৰি দিলে! ইমান জোৰেৰে!!' কৈ তাই সোঁ গালখন দেখুৱালে।

জ্যোতিয়ে দেখিলে সঁচাই তাইৰ সোঁ গাল খনতে মুখৰ সকলো তেজ গোট খাইছেহি! প্ৰণামী থৰ লাগিল! কি হৈছে এইবোৰ? কিয় হৈছে?

'বাবু, কিয় এনে কৰিছা? ৰিমলীক কিয় মাৰিছা?' তাই বাবুৰ গাত হাত দিয়া মাত্ৰকে সি হাত উফৰাই পেলালে। লেগ'ৰ ঘৰটো ভৰিৰে গুৰিয়াই দি সি চিঞৰি চিঞৰি ক'বলৈ ধৰিলে,

'মোৰ লেগ'ৰ ঘৰটো তাই কি কৰিলে চোৱা।নালাগে ৰিমলীয়ে মোৰ সৈতে খেলিব। লেগ'ও নালাগে মোক। এইবোৰ চব ভাঙি পেলাম!'

সেয়া কৈয়ে সি সিঁচৰতি হৈ পৰা টুকুৰাবোৰ উন্মাদৰ দৰে ভৰিৰে মোহাৰি ভাঙিবলৈ চেষ্টা কৰিলে। সেয়া দেখি ৰিমলীয়ে হাও হাওকৈ কান্দিবলৈ আৰম্ভ কৰিলে। জ্যোতিয়ে তাইক কোলাত লৈ কোঠাটোৰ পৰা উলিয়াই নিলে। 

বাবুৰ সেই ৰূপ দেখি যেন প্ৰণামী থৰ হৈ গ'ল। লাহে লাহে তাইৰ দুচকু বহল হৈ আহিল। প্ৰথমবাৰৰ কাৰণে তাইৰ বিশ্বাস হ'ল, মাৰাত্মক ভুল কৰি পেলাইছে তাই। যাৰ ভৱিষ্যতৰ দোহাই দি তাই অতদিনে সকলো সহি-সামৰি অছিল, আচলতে তাৰ বিপৰীতহে হৈ আছিল। নোৱাৰে, তাইৰ ল'ৰাক অন্য এক ভৃগু হ'বলৈ এৰি দিব নোৱাৰে। তাই কোঠাৰ সোঁমাজতে আঁঠু কাঢ়ি বহি হাও হাওকৈ কান্ধি পেলালে। 

তাইৰ কান্দোন শুনি বাবু ৰৈ গ'ল। একেবাৰে শান্ত হৈ আহি সি মাকৰ গাতে গা লগাই মজিয়াতে বহিলহি। যেন সিয়ো বিধস্ত, কিংকৰ্তব্যবিমূঢ়! ৰিমলীক বহা কোঠাতে এৰি জ্যোতিও পুনৰ সোমাই আহিল। প্ৰণামীক এহাতেৰে মেৰিয়াই ধৰি তাই এসোঁতা কান্দিলে। তাৰপিছত লাহেকৈ ক'লে,

'মই আৰু ৰিমলী যাওঁগৈ দে, প্ৰণামী!'

প্ৰণামীৰ কান্দোন ৰৈ গ'ল। চাদৰৰ আচলেৰে তাই চকু-মুখ মচি ল'লে। তাৰপিছত বাবুক এহাতেৰে সাৱটি লৈ তাই আকূতি ভৰা মাতেৰে ক'লে,

'অলপ সময় ৰৈ দে, জ্যোতি। আমিও ওলাই যাওঁ। দুদিনমান তহঁতৰ ঘৰতে ৰাখিব পাৰিবিনে?' 

বি:দ্ৰ: প্ৰণামীৰ কাহিনীৰ সৈতে যদি আপুনি ক'ৰবাত মিল বিচাৰি পায় বা এনে কোনো প্ৰণামীক আপুনি জানে তেন্তে অনতি পলমে নিজকে বা প্ৰণামীক সহায় কৰক। আপোনাৰ এষাৰ মাতে বা সহায়ৰ হাতে কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰে! অধিক তথ্য আৰু সহায়ৰ বাবে এই লিংকত চাওক।

Friday, 31 January 2025

ৱিকিসংযোগ: মাতৃভাষাৰ হকে এদল নতুন যুঁজাৰু


কানাডাৰ এলবাৰ্টা প্ৰদেশৰ পশ্চিমীয়া চহৰ এডমন্টন। শৰতৰ ৰ’দঘাই ৰাতিপুৱা এটাত মই কফিৰ কাপ লৈ বহিছোঁ। মোৰ সন্মুখত ঘৰৰ চৌহদ পাৰ হৈ চুবুৰীৰ মূল পথটো। পথৰ দুয়োকাষে সুউচ্চ চেষ্টনাট গছৰ শাৰী। গছৰ পাতবোৰে লাহে লাহে সোণ-হালধীয়া বৰণ ল'বলৈ আৰম্ভ কৰিছে। কানাডাৰ এই প্ৰদেশত এতিয়া ৰূপান্তৰৰ অপূৰ্ব ঋতু আৰম্ভ হৈছে। বহাকোঠাৰ প্ৰকাণ্ড খিৰিকীৰে প্ৰকৃতিৰ সেই ৰূপ উপভোগ কৰি কৰি মই ফোনত চকু দিলোঁ। অন্যদিনাৰ দৰে প্ৰথমেই অসমীয়া ৱিকিমিডিয়া সমাজৰ হুৱাট্ছ‌চএপ গোটলৈকে চকু গ'ল। যোৱা কেইবছৰমান ধৰি এই গোটটোৱে অসমীয়া ৱিকি সমাজৰ সকলো ধৰণৰ সংযোগ ৰক্ষাৰ বাবে এক কেন্দ্ৰীয় মাধ্যমৰ ভূমিকা লৈছে। এই গোটতে সদস্যসকলে অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰে আৰু ৱিকিৰ বিভিন্ন কামত ইজনে সিজনৰ সৈতে সহযোগিতা কৰে। অসমৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰে মোৰ বাবেও অসমীয়া ৱিকি সমাজৰ সক্ৰিয় সদস্যা হৈ ৰোৱাৰ বাবে গোটটো এক অপৰিহাৰ্য মাধ্যমত পৰিণত হৈছে।

সেই ৰাতিপুৱা দেখা পালোঁ, গোটত অসমীয়া ৱিকিৰ সীমিত সক্ৰিয় সদস্যৰ বিষয়ে এটা আলোচনা চলি আছে। যোৱা কেইবছৰত অসমীয়া ৱিকি সমাজত সক্ৰিয়তা যথেষ্ট বাঢ়িছে- সেইমতে বিভিন্ন প্ৰকল্প আৰু আঁচনিও হাতত লোৱা হৈছে। ৱিকিৰ এই বিভিন্ন প্ৰকল্পসমূহ যেনে ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিমিডিয়া কমন্স, আৰু ৱিকিডাটা - ত সমল বঢ়োৱাৰ বাবে আমি অহৰহ চেষ্টা চলাই আহিছোঁ। তাৰোপৰি প্ৰতিমাহে মাহটোৰ অগ্ৰগতিৰ খতিয়ানেৰে ৱিকিপত্ৰিকা নামেৰে এখন মাহেকীয়া পত্ৰিকা প্ৰকাশ কৰা হৈছে আৰু প্ৰতিমাহৰ প্ৰথম দেওবাৰটোত  অনলাইন মাহিলী সভা নিয়মীয়াকৈ অনুষ্ঠিত হৈ আহিছে। ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন অনলাইন আৰু অফলাইন অনুষ্ঠান আৰু কৰ্মশালাৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানসমূহে নতুন সদস্যক ৱিকিৰ প্ৰতি আগ্ৰহী কৰাত সহায় কৰিছে যদিও উদ্যমেৰে অৱদান আগবঢ়োৱা সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধি হ'বলৈ এতিয়াও বহু বাকী। 

অসমীয়া ৱিকিমিডিয়া সমাজৰ হোৱাট্ছ‌এপ গোটত হোৱা আলোচনাই মোৰ মনত এটা ধাৰণা জগাই তুলিলে। আমি জানোঁ যে অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্প আৰু অসমীয়া ভাষাৰ বাবে এই প্ৰকল্পসমূহৰ গুৰুত্বৰ বিষয়ে বহুতে এতিয়াও ভালদৰে গম নাপায়। অসমীয়া ৱিকিৰ বিষয়ে জানিলেও বা এই প্ৰকল্পবোৰত কাম কৰিবলৈ আগ্ৰহী হ'লেও কেনেকৈ আগবাঢ়িব সেইবিষয়ে বহুতে নাজানে। লগতে দৈনন্দিন ব্যস্ততাত এইক্ষেত্ৰত নিজা উদ্যোগ লৈ কিবা এটা কৰিবলৈ হয়তো বহুতৰে সময়-সুবিধা নহয়গৈ। এইক্ষেত্ৰত নতুন সদস্যসকলক প্ৰয়োজন অনুসাৰে পথ প্ৰদৰ্শন কৰিবলৈ আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ এক সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ দৰকাৰ।  এদিনীয়া কৰ্মশালা বা অনুষ্ঠান সমূহ ৱিকিৰ সৈতে পৰিচিত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ কিন্তু নতুন আৰু আগ্ৰহী সদস্যসকলে  নিসংকোচে ৱিকি সম্পৰ্কীয় প্ৰশ্ন বা অসুবিধাবোৰ সুধি-বুজি ল'বলৈ কিছু দীঘলীয়া সময় আৰু অধিক সহায়-সহযোগিতাৰ প্ৰয়োজন।

শেহতীয়াকৈ  কেইবাগৰাকী অভিজ্ঞ সদস্যই ব্যক্তিগত উদ্যোগত নতুন সদস্যক শিকাই-বুজাই ৱিকিৰ বিভিন্ন প্ৰকল্পত সক্ৰিয় কৰি তোলা দেখি মোৰ বাবে এই ধাৰণাটো অধিক দৃঢ় হৈ পৰিল। এই প্ৰক্ৰিয়াটোকে কিছু পৰিকল্পনাৰে এটা প্ৰণালীবদ্ধ আৰু দলীয় ৰূপ দিব নোৱাৰিনে? কেৱল ৱিকিৰ প্ৰকল্পৰ সৈতে চিনাকি কৰাতেই সীমাবদ্ধ নাথাকি  অভিজ্ঞ সদস্যই নতুন সদস্যৰ বাবে ৱিকিত পথ-প্ৰদৰ্শকৰ ভূমিকা ল'ব পাৰে। এই প্ৰক্ৰিয়াই নতুন আৰু অভিজ্ঞ সদস্যৰ মাজত এক সহযোগিতাৰ বাতাবৰণ সৃষ্টি কৰাতো বৰঙণি যোগাব। 

সেই উৎসাহতে অসমীয়া ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাত অসমীয়া ৱিকিৰ মেণ্টৰশ্বিপ প্ৰকল্প ৱিকিসংযোগৰ প্ৰস্তাৱ দিলোঁ।এই পদক্ষেপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজৰ অভিজ্ঞ আৰু সক্ৰিয় সদস্যসকলে নতুন সদস্যক দিহা-পৰামৰ্শ আৰু প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ দি ৱিকিত সক্ৰিয় কৰি তোলাৰ চেষ্টা কৰিব।  ইয়াৰ দ্বাৰা নতুন আৰু অভিজ্ঞ সদস্যৰ পাৰস্পৰিক সহায়-সহযোগিতাকে ভেঁটি কৰি অসমীয়া ৱিকিৰ প্ৰকল্পসমূহত সক্ৰিয়তা বৃদ্ধি কৰা আৰু অসমীয়া ৱিকি সমাজক অধিক শক্তিশালী কৰি তোলাৰ চেষ্টা কৰা হ'ব।

অসমীয়া ৱিকিমিডিয়া সমাজে অতি উৎসাহেৰে এই প্ৰস্তাৱক আঁকোৱালি ল'লে। কেইবাগৰাকী অভিজ্ঞ ৱিকিমিডিয়ান মেণ্টৰৰ ভূমিকা পালন কৰিবলৈ আগবাঢ়ি আহিল আৰু পৰৱৰ্ত্তী দিনবোৰত এই তালিকাত অধিক নাম যোগ হ'বলৈ ধৰিলে। মই এই প্ৰকল্পৰ পৰিচালক হিচাপে নেতৃত্ব ল'লোঁ আৰু দুগৰাকী সক্ৰিয় ৱিকিমিডিয়ান দিব্য দত্ত আৰু ঈশান জ্যোতি বৰাই সমন্বয়কৰ গুৰু দায়িত্ব ল'বলৈ আগবাঢ়ি আহিল। ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈকে মেণ্টৰশ্বিপৰ সময়সীমা বান্ধি দিয়া হ'ল, যাতে সময়ে সময়ে এই প্ৰকল্পৰ কাৰ্যকাৰিতা নিৰ্ধাৰণ কৰিব পৰা যায়। ছেপ্টেম্বৰ মাহত বিভিন্ন মাধ্যমৰ জৰিয়তে এই প্ৰকল্পৰ প্ৰচাৰ কৰি অসমীয়া ৱিকিত কাম কৰিবলৈ আগ্ৰহী যিকোনো অসমীয়াক মেণ্টিৰূপে অংশ ল'বলৈ আহ্বান জনোৱা হ'ল। এই প্ৰকল্পত অংশগ্ৰহণৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নাই বা কোনোধৰণৰ শিক্ষাগত অৰ্হতা, বয়স, ঠাই বা সময়ৰো বাধ্যবাধকতা নাই। পৃথিৱীৰ যিকোনো ঠাইৰ পৰা যিকোনো অসমীয়াই এই প্ৰকল্পত অংশ লৈ নিজৰ সময়-সুবিধা অনুযায়ী ৱিকিৰ কাম শিকিব পাৰে।মাথোঁ প্ৰয়োজন অসমীয়া ভাষাৰ বাবে স্বেচ্ছাসেৱী হিচাপে কাম কৰাৰ আগ্ৰহ। যিহেতু মেণ্টৰ আৰু মেণ্টিৰ সম্পৰ্কই এই প্ৰকল্পৰ সফলতা নিৰ্ণয় কৰিব, সেয়ে সকলো মেণ্টৰক মেণ্টি নিৰ্বাচন কৰাৰ আগেয়ে ব্যক্তিগতভাৱে চা-চিনাকি হৈ কথা-বতৰা পাতিবলৈ অনুৰোধ কৰিলোঁ। সম্ভাব্য মেণ্টিগৰাকী ৱিকিৰ কামত কিয় আগ্ৰহী, কোন প্ৰকল্পত আগ্ৰহী, কিমান সময় দিব পাৰিব বা কেনে সহায়ৰ দৰকাৰ সকলোখিনি জানি ল'লে মেণ্টৰে সেইমতে সহায়-দিহা-পৰামৰ্শ আগবঢ়াবলৈ সক্ষম হ'ব।

ৱিকিসংযোগ প্ৰকল্পই অসমীয়া ৰাইজৰ পৰাও বিপুল সঁহাৰি পালে।  ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ শেষলৈ মুঠ ১৮ গৰাকী মেণ্টৰ আৰু ৫৮ গৰাকী নতুন মেণ্টিয়ে এই প্ৰকল্পত যোগ দিলে। অসমৰ বিভিন্ন প্ৰান্তৰ, ভাৰত আৰু বিদেশ (কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ)ৰ পৰাও কেইবাগৰাকী মেণ্টৰ আৰু মেণ্টিয়ে অংশগ্ৰহণ কৰিলে। ইয়াৰে কেইবাগৰাকী মেণ্টৰে অন্য অভিজ্ঞ মেণ্টৰৰ মেণ্টি হিচাপেও নিজৰ নাম যোগ দিলে। সেয়া দেখি আকৌ এবাৰ মোৰ উপলব্ধি হ'ল, ৱিকিত সঁচায়ে শিকাৰ শেষ নাই, পাৰস্পৰিক সহায়-সহযোগিতাৰো সীমা নাই!

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত এখন অনলাইন উদ্বোধনী সভাৰে ৱিকিসংযোগ প্ৰকল্পৰ শুভাৰম্ভণি হ'ল। সেই সভাত নতুন সদস্য সকলৰ নিভাঁজ বক্তব্যই আমাৰ মন চুই গ'ল।  ডিজিটেল পৃথিৱীত মাতৃভাষাটো প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ আগ্ৰহ আৰু আন্তৰিকতাই সকলোকে নতুনকৈ প্ৰেৰণা যোগালে।  

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত ৱিকিসংযোগৰ উদ্বোধনী সভাত অংশগ্ৰহণকাৰীসকলৰ একাংশ
চিত্ৰ: ঈশান জ্যোতি বৰা

তাৰ পিছৰ তিনিমাহত নতুন সদস্যসকলে যেন অসমীয়া ৱিকিমিডিয়া সমাজলৈ এক অপূৰ্ব জোৱাৰ আনি দিলে! এডমন্টনত মোৰ বাবে বেছিভাগ ৰাতিপুৱা আৰম্ভ হ'ল মেণ্টৰ আৰু মেণ্টিৰ ৱিকিৰ কাম-কাজ সম্পৰ্কীয় বিভিন্ন বাৰ্তাৰে। প্ৰতিগৰাকী মেণ্টৰে নিজা পদ্ধতিৰে মেণ্টিসকলক ৱিকিৰ আদি পাঠ দিলে। কিছু মেণ্টৰে অনলাইন পাঠ কৰি হাতে-কামে বিভিন্ন প্ৰকল্পৰ কাম দেখুৱাই দিলে, অন্য কিছুৱে মেণ্টিৰ প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়ালে। আৰম্ভ হ'ল মেণ্টৰ-মেণ্টিৰ বিভিন্ন প্ৰশিক্ষণ গোট-  যেনে ‘লগে ভাগে ৱিকি’ আৰু ‘ৱিকি আড্ডা’ ইত্যাদি। লগতে আমি ৱিকিসংযোগৰ বাবে পৃথককৈ এটা হোৱাট্ছ‌এপ গঠন কৰিলোঁ যাতে সকলোৱে তাত গুৰুত্বপূৰ্ণ তথ্য ভাগ-বতৰা কৰিব পাৰে আৰু নিয়মীয়াকৈ মুকলি অনলাইন পাঠ অনুষ্ঠিত কৰিব পাৰে।

ৱিকিসংযোগ প্ৰকল্পৰ সময়ছোৱাত অসমীয়া ৱিকিমিডিয়া সমাজৰ উদ্যোগত বিভিন্ন সম্পাদনা মেলাও অনুষ্ঠিত হ'ল, যেনে- ৱিকিপিডিয়াত এছিয়া সম্পৰ্কীয় প্ৰবন্ধ আৰু তথ্য বৃদ্ধি কৰিবলৈ এছিয়ান মাহ ২০২৪ এডিটাথন, ৱিকিপিডিয়াৰ চমূ প্ৰবন্ধসমূহ উন্নত কৰিবলৈ পোখালি বিস্তাৰ মেলা আৰু মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎসত কপিৰাইটমুক্ত গ্ৰন্থৰ বৈধকৰণৰ বাবে  প্ৰুফৰিডাথন আদি। এই সকলোবোৰ প্ৰতিযোগিতাত মেণ্টিসকলে উদ্যমেৰে যোগদান কৰিলে আৰু বিভিন্ন প্ৰকল্পত সক্ৰিয় অৱদান আগবঢ়ালে। তাৰোপৰি ৱিকিসংযোগৰ প্ৰথম মাহতে এগৰাকী মেণ্টিয়ে এহেজাৰৰ অধিক সম্পাদনাৰে এক নতুন অভিলেখ গঢ়িলে। 

প্ৰকল্পৰ সামৰণিত  মুঠ ৫৮ গৰাকী নতুন সদস্যৰ ভিতৰত ছগৰাকী মেণ্টিয়ে ১০০০+, আঠগৰাকীয়ে ১০০+, ১৩ গৰাকীয়ে ১০+ আৰু বাকী ১১ গৰাকীয়ে ১+ টা সম্পাদনা কৰি ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ালে। প্ৰকল্পৰ শেষ দিনটোলৈকে সকলো মেণ্টিৰ সৰ্বমুঠ সম্পাদনা হ'লগৈ ১৯,৭৬৭ টা। ইয়াৰ ভিতৰত সৰ্বোচ্চ সম্পাদনাৰে প্ৰথম তিনিটা স্থান পোৱা মেণ্টিসকল হৈছে কুমুদ ঘোষ (৪,৯৭৬ টা সম্পাদনা; মেণ্টৰ: প্ৰণামিকা অধিকাৰী), পাপৰি বৰা (৩,৯৫২ টা; মেণ্টৰ: জলি ৰুমী) আৰু নৰুনা বৰুৱা (২,৭৮৩ টা; মেণ্টৰ: ৰুমী বৰা)। তাৰোপৰি এই প্ৰকল্পৰ অধীনত অসমীয়া ৱিকিপিডিয়াত কুমুদ ঘোষে সৰ্বমুঠ ৯১ টা, নৰুনা বৰুৱাই ৭০ টা আৰু দীপাংকৰ দাস (মেণ্টৰ: বাবুল বৈশ্য)-এ ৪৬ টা নতুন প্ৰবন্ধ সৃষ্টি কৰে। তেনেদৰে ৱিকিউৎসত সৰ্বোচ্চ সম্পাদনা কৰা প্ৰথম তিনিগৰাকী মেণ্টি হৈছে হিমাশ্ৰী বৰা (৭৯৪ টা; মেণ্টৰ: দিব্য দত্ত), সুস্মিতা লেখাৰু (৬৪৬ টা; মেণ্টৰ: ৰুমী বৰা) আৰু অঞ্জুমণি শইকীয়া (৩৭০ টা; মেণ্টৰ: জলি ৰুমী)। এই পৰিসংখ্যাই আমাক আকৌ এবাৰ সোঁৱৰাই গ'ল- ৰাইজে নখ জোকাৰিলে সঁচায়ে নৈ বয়!

ৱিকিসংযোগ প্ৰকল্পৰ খতিয়ান

তিনিমাহৰ এই প্ৰেৰণাময় যাত্ৰাৰ শেষত ২০২৫ চনৰ ৫ জানুৱাৰীত অসমৰ গুৱাহাটীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্টত অনুষ্ঠিত হোৱা প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনত ৱিকিসংযোগ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিল। অসমীয়া ৱিকিমিডিয়া সমাজ আৰু CIS-A2Kৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰিলে সক্ৰিয় ৱিকিমিডিয়ান আৰু মেণ্টৰ ঈশান জ্যোতি বৰা আৰু নয়ন জ্যোতি নাথে। এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মেণ্টৰ আৰু মেণ্টি সকলে মুখামুখিকৈ লগ হ'ল আৰু ৱিকিসংযোগৰ অভিজ্ঞতাৰ ভাগ-বতৰা কৰাৰ সুযোগ পালে। এই সন্মিলনতে অসমীয়া ৱিকিউৎস আৰু অসমীয়া ৱিকিউদ্ধৃতিৰ বৰ্ষপূৰ্তিও উদযাপন কৰা হ'ল৷ 

প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনত মেণ্টৰ আৰু মেণ্টিৰ হাতে-কামে ৱিকি
চিত্ৰ: নয়ন জ্যোতি নাথ

প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলন বিপুল উৎসাহ-উদ্যম আৰু সফলতাৰে সম্পন্ন হৈ গ'ল। মেণ্টৰ আৰু মেণ্টিসকলে অসমীয়া ৱিকিত তেওঁলোকৰ কাম আৰু অভিজ্ঞতাৰ কথা পাতিলে, হাতে-কামে ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ালে। তাৰোপৰি ৱিকিসংযোগৰ বিভিন্ন প্ৰকল্পত অৱদানৰ ভিত্তিত মেণ্টিসকলক পদক প্ৰদান কৰা হ'ল। এই অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল প্ৰথমবাৰৰ বাবে আগবঢ়োৱা 'বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা'। ২০২৪ বৰ্ষত অসমীয়া ৱিকিলৈ আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ অৱদানৰ বাবে এই বঁটা লাভ কৰে সক্ৰিয় ৱিকিমিডিয়ান জ্যোতি চিৰিঙে। 

২০২৫ বৰ্ষত ৫ জানুৱাৰীত গুৱাহাটিত অনুষ্ঠিত হোৱা প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনৰ অংশগ্ৰহণকাৰী সকল
চিত্ৰ: গীতাৰ্থ বৰদলৈ

ৱিকিসংযোগ প্ৰকল্পৰ যোগেদি যোৱা তিনিটা মাহত ৱিকিৰ প্ৰতি আগ্ৰহী ভালেসংখ্যক অসমীয়াৰ সৈতে আমি কথা পাতিলোঁ, লগে-ভাগে বহু কাম কৰিলোঁ আৰু মাতৃভাষাৰ হকে হাতে-কামে লাগিবলৈ সাজু এদল নতুন যুঁজাৰুক অসমীয়া ৱিকি পৰিয়াললৈ আদৰি আনিলোঁ। দৈনন্দিন ব্যস্ততাৰ মাজতো মেণ্টৰসকলে প্ৰতিটো খোজতে মেণ্টিসকলক সহায় কৰিবলৈ যেনেদৰে নিজৰ সময় আৰু প্ৰচেষ্টা আগবঢ়ালে আৰু মেণ্টিসকলে যি নিষ্ঠা আৰু উদ্যমেৰে ৱিকিৰ বিভিন্ন কাম শিকিলে- সেয়া সঁচাই প্ৰেৰণাদায়ক আছিল। মেণ্টি আৰু মেণ্টৰৰ যোগাযোগৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আমি 'ৱিকি মুকলি পাঠ' নামেৰে প্ৰতিমাহে এক নিয়মীয়া অনলাইন প্ৰশিক্ষণৰো আয়োজন কৰিছোঁ।

ব্যক্তিগতভাৱে, এই প্ৰকল্পই মোক পুনৰ এবাৰ সোঁৱৰাই গ'ল বয়স, ঠাই, কৰ্মক্ষেত্ৰ সকলো দেও দি কেনেকৈ অসমীয়া ৱিকিয়ে আমাক সকলোকে এডাল একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এই ডোলদাল হ'ল মাতৃভাষাটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ হেঁপাহটো। ৱিকিসংযোগৰ সময়ছোৱাত সেই হেঁপাহৰ বহুতো সৰু-বৰ চানেকিয়ে মোক অনুপ্ৰাণিত কৰি গ'ল। মোৰ মেণ্টি পাপৰি বৰাই এদিন অনলাইন পাঠত যোগ দিলে ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱা এক ভিতৰুৱা গাঁৱৰ পৰা; মেণ্টি কুমুদ ঘোষে চিকিৎসালয়ৰ পৰা ৱিকিৰ মাহেকীয়া সভাৰ আলোচনাত ভাগ ল'লে; মেণ্টি সুস্মিতা লেখাৰু আৰু তেওঁৰ মেণ্টৰ ৰুমী বৰা (আৰু লগতে মোৰ মা!) মাজনিশালৈকে ৱিকিৰ কাম-কাজ শিকি থকাৰ কথা শুনিলোঁ- এই সকলোবোৰ কোনো ব্যক্তিগত লাভালাভ আশা নকৰাকৈ কেৱল নিজৰ মাতৃভাষাটোৰ বাবে হাতে-কামে লাগিব বিচৰা প্ৰকৃত অসমীয়াৰ আবেগৰ চিন!

ৱিকিসংযোগ প্ৰকল্পৰ এই যাত্ৰাই মোক অসমীয়া ৱিকিমিডিয়া সমাজৰ সদস্য আৰু অসমীয়া ৱিকিমিডিয়ান হিচাপে আকৌ এবাৰ গৌৰৱান্বিত কৰি গ'ল। এই ছেগতে প্ৰকল্পটোত জড়িত থকা সকলো মেণ্টৰ আৰু মেণ্টিলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া এডমণ্টনক বৰফৰ শুধ বগা চাদৰ এখনে আৱৰি পেলাইছে। প্ৰতিটো ৰাতিপুৱা মই একেদৰেই কফি কাপ লৈ  অসমীয়া ৱিকি গোটৰ আলোচনা চাইছোঁ আৰু আগতকৈও আশাবাদী হৈ উঠিছোঁ। মোৰ আশা, অসমীয়া ৱিকিমিডিয়া সমাজ চিৰসেউজ হৈ ৰ'ৱ—  নতুন আৰু অভিজ্ঞ ৱিকিমিডিয়ান সকলোৱে ভৱিষ্যতেও লগে-ভাগে আৰু একেই উদ্যম আৰু আন্তৰিকতাৰে মাতৃভাষাৰ হকে অৱদান আগবঢ়াই যাব।

To read the article in English, click here.