Wednesday 28 November 2018

অপূৰ্ব আয়াৰলেণ্ড (চতুৰ্থ খণ্ড)


আইৰিছ লিনেনৰ সুবাস

বেডফৰ্ড ষ্ট্ৰীট, বেলফাষ্ট৷ আমাৰ ৱাকিং ট্যুৰৰ দলটো লৈ গাইড মেথিউ ৰ’লগৈ এটা ডাঙৰ শ্ব’ ৰুমৰ সন্মুখত৷ ক’লে,

’এইখিনি  ঠাইক সকলোৱে বেলফাষ্টৰ লিনেন কোৱাৰ্টাৰ বা ইণ্ডাষ্ট্ৰীয়েল কোৱাৰ্টাৰ বুলি কয়৷ বিশ্ববিখ্যাত আইৰিছ লিনেন ইয়াৰে লিনেন মিলবোৰত উৎপাদন হৈছিল৷ লিনেন কিহৰ পৰা হয় জানেনে?’

’ফ্লেক্স?'-  লণ্ডনৰ ল’ৰাজনে মাত দিলে৷


আইৰিছ লিনেন (উৎস: billionairebespoke.com)
'ঠিকেই, ফ্লেক্স বনৰ কাণ্ডৰ পৰা সূতা উলিয়াই আইৰিছ লিনেন তৈয়াৰ কৰে৷ বেলফাষ্টৰ মাটি আৰু ঠাণ্ডা  জলবায়ু ফ্লেক্সৰ বাবে খুউব উপযোগী৷ আজিৰ পৰা এশ বছৰমানৰ আগলৈকে বহুতো থলুৱা আইৰিছ লোকৰ ফ্লেক্স বননিৰ খেতি আছিল৷ লিনেন মিলবোৰত বহুতো মহিলাই কাম কৰিছিল৷ সেই সময়ত মানুহে আনকি বেলফাষ্টক লিনেন’পলাছ বুলিও আখ্যা দিবলৈ লৈছিল৷

লিনেনৰ মসৃণ ৰূপটো পাবলৈ খুউব যত্নেৰে সূতা উলিয়াই ব’ব লগা হয়৷ সেয়ে সময়ো লাগে আৰু খাটনিও বেছি৷ গতিকে  চীনত বোৱা-কঁটাৰ মেচিন উদ্ভাৱনৰ লগে লগে কম সময়তে মেচিনত ব’ব পৰা কাপোৰৰ উৎপাদন আৰম্ভ হৈ পৰিল৷ তেনে কাপোৰৰ পয়োভৰে দামী আইৰিছ লিনেনৰ তাগিদা কমাই পেলালে আৰু এটা সময়ৰ সেই গৌৰৱোজ্জল ইতিহাস চকুৰ পচাৰতে হেৰাই গ’ল!’

আশে পাশে থকা বিশাল অট্টালিকাবোৰ দেখুৱাই মেথিউয়ে কৈ গ’ল,

’চাওক, তেতিয়াৰ এই লেনিন মিলবোৰ বেলফাষ্টত গঢ় লৈ উঠা পৰ্য্যটনৰ দাবীত প্ৰকাণ্ড হোটেললৈ ৰূপান্তৰিত কৰি পেলালে৷ মাত্ৰ ৰৈ গ’ল এতিয়া  আমাৰ সন্মুখত থকা এই শ্ব’ ৰুমটো! ইয়াৰ নামো আইৰিছ লিনেন উদ্যোগৰ গৌৰৱময় ইতিহাস সোঁৱৰি ৰখা হৈছে  লিনেন’পলিছ!’

আইৰিছ লিনেনৰ মহানগৰী লিনেন’পলিছ
এই ইতিহাসে মোৰ মনলৈ আনি দিলে ভাৰতৰ কপাহী সূতাৰ কাহিনী৷ হৰপ্পা সভ্যতাতে ভাৰতৰ বোৱাঁ কপাহী কাপোৰৰ বেহাই ইজিপ্টৰ নীল নদীৰ উপত্যকা স্পৰ্শ কৰিছিলগৈ৷  কিন্তু এই হস্ততাঁত উদ্যোগ ব্ৰিটেইনৰ উদ্যোগিক বিপ্লৱে উফৰাই পেলাইছিল একেবোৰ কাৰণতে৷ অৱশ্যে তাৰ লগতে ব্ৰিটিছৰ আক্ৰোশী নীতিও সমানেই জগৰীয়া৷

ষ্টেয়াৰৱে টু হেভেন

দুখোঁজমান আগবাঢ়িয়ে একেটা ষ্ট্ৰীটত দেখা পালোগৈ আলষ্টাৰ হ’ল৷ হ’লটোৰ সন্মুখত ৰৈ মেথিউয়ে আমাক প্ৰশ্ন কৰিলে,


’আপোনালোকৰ কোনোবাই লেড জেপেলিনৰ নাম শুনিছেনে?’

দুজনমানে মূৰ দুপিয়ালে৷ মোৰ বাবে সম্পূৰ্ণ অচিনাকি নাম! সেয়ে নিমাতে ৰ’লো৷ মেথিউয়ে কৈ গ’ল,
ঐতিহাসিক আলষ্টাৰ হ’ল

’লেড জেপেলিন এটা ইংৰাজ ৰক বেণ্ড৷ এই বেণ্ডটো সত্তৰৰ দশকৰ আটাইতকৈ জনপ্ৰিয় ৰক বেণ্ড বুলি বহুতে কয়৷ আমোদজনক কথাটো হ’ল তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে ১৯৭১ চনত এইটো হ’লতে ’Stairway to Heaven’ গানটো গাইছিল৷ এতিয়া এই গানটো সকলো সৰ্বকালৰ সৰ্বোৎকৃষ্ট ৰক গানবোৰৰ এটা বুলি ধৰা হয়৷ কিন্তু এইটো হ’লত প্ৰথম মুকলি কৰাৰ দিনা দৰ্শকসকলৰ কোনেও কিন্তু সেই গান উপভোগ নকৰিলে৷ গান চলি থকাৰ মাজতে তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখি বেণ্ডটোৱে আধৰুৱাকৈয়ে অনুষ্ঠান সামৰিবলৈ বাধ্য হ’ল!’

আচৰিত হ’লো! এনেকুৱাও হয় নে!  অসাধাৰণ প্ৰতিভায়ো বহু সময়ত হয়তো যোগ্য স্বীকৃতি পাবলৈ অপেক্ষা কৰিব লগা হয় সঠিক সময়ত সঠিক মূল্যায়নলৈ! মেথিউৰ মাতত মোৰ সম্বিত ঘুৰিল,


’কিন্তু জানেনে, এতিয়া বেলফাষ্টৰ প্ৰায়বোৰ পাবতে সকলো বেণ্ডে লেড জেপেলিনৰ গানেৰে সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ কৰে৷ হয়তো সেই প্ৰথম অনুষ্ঠানত তেওঁলোকৰ কালজয়ী গানটো আদৰি নোলোৱাৰ বাবে এনেদৰেই বেলফাষ্টে ক্ষতিপূৰণ দি আহিছে, লেড জেপেলিনক সন্মান জনাই আহিছে !’

সিদিনাই লেড জেপেলিনৰ সোঁৱৰণত ময়ো প্ৰথমবাৰৰ বাবে শুনিলো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ ভিতৰত অন্যতম সেই গীতটি-


"There's a lady who's sure

All that glitters is gold

And she's buying a stairway to heaven

When she gets there she knows

If the stores are all closed
With a word she can get what she came for
Oh oh oh oh and she's buying a stairway to heaven...."





বেলফাষ্টৰ হেলনীয়া স্তম্ভ


কুইনছ স্কোৱাৰত দেখা পালো বেলফাষ্টৰ অন্য এটা আকৰ্ষণ, এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক৷ গ’থিক আৰ্হিৰ স্তম্ভটোত প্ৰিন্স এলবাৰ্টৰ প্ৰতিমূৰ্ত্তি আৰু একেবাৰে ওপৰত এটা বিশাল ঘড়ী৷ মেথিউয়ে সুধিলে,


’স্তম্ভটোত এটা খুঁত আছে৷ কি বাৰু?’

দুজনমানে ঘপকৈ উত্তৰ দিলে, ’সময়!’


এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক
নাই, সময় সম্পূৰ্ণ সঠিক৷ তেনে কি! আমি ওপৰৰ পৰা তললৈ খুউব চালো৷ কোনেও একো উলিয়াব নোৱাৰিলে৷ কিছু সময় পিছত হঠাৎ এজনৰ মুখখন উজ্জল হৈ উঠিল৷ 

’ইটছ লিনিং এ বিট!’

কি কয় এওঁ! এইবাৰ আমি বাকীবোৰে তেওঁ ৰৈ থকা ঠাইলৈ গৈ আকৌ এবাৰ মন দি চালোগৈ৷ মেথিউয়ে হাঁহি মাৰি ক’লে,

’ঠিক ধৰিছে! আজিৰ পৰা ডেৰশ বছৰৰ আগতেই এই ক্ল'ক টাৱাৰটো সাজি উলিয়াইছিল৷ কিন্তু ইয়াৰ তলেদিয়ে এটা সময়ত ফাৰছেট নৈখন বৈ গৈছিল৷ সেয়ে ভেঁটিৰ মাটি নদীৰ বালিচাপৰি আছিল৷ বালিবোৰ বহি যোৱাত অলপদিনৰ ভিতৰতে স্তম্ভটো হেলনীয়া হ’বলৈ আৰম্ভ কৰিলে৷  


সাগৰৰ ডকৰ পৰা বেছি দূৰ নোহোৱাৰ কাৰণে এটা সময়ত এই ঠাইখিনিত জাহাজৰ নাবিকসকলে অহা যোৱা কৰিছিল৷ তেওঁলোকৰ লগে লগে ভিৰ কৰিছিলহি বহুতো বাৰবনিতা৷ সেয়ে স্থানীয় মানুহে ক’বলৈ লৈছিল, বাৰবনিতাবোৰে ভেঁজা দি দি থকাৰ ফলতে এই স্তম্ভটো হেলনীয়া হৈ পৰিল!

কিছুবছৰৰ আগতে আইৰিছ চৰকাৰে হেলনীয়া স্তম্ভটো মেৰামতি কৰিবলৈ কোটি টকীয়া প্ৰজেক্ট এটা আৰম্ভ কৰিলে৷ বহুদিনজোৰা কামৰ শেষত অভিযন্তাসকলে বালিবোৰ আঁতৰাই কংক্ৰিটৰ ভেঁটি বান্ধি দিলেহি৷ কাম শেষ হোৱাৰ পিছত মানুহে দেখিলে, একোতো সলনি নহ’ল! তেওঁলোকৰ সন্মুখত সেই একেই হেলনীয়া স্তম্ভ! চৰকাৰী ভাষ্য আহিল- স্তম্ভটো পোনাবলৈ গ’লে গোটেইটোৱে ভাঙি পৰাৰ সম্ভাৱনা আছিল৷ সেয়ে অভিযন্তাসকলে তেনেকৈয়ে ৰাখি ভেঁটিটোহে মেৰামতি কৰি দিলে যাতে আগলৈ আৰু বেঁকা নহয়৷ বেলফাষ্টৰ বহুতে কিন্তু এতিয়াও সন্দেহ কৰে, কামৰ মাজত ভুলতহে অভিযন্তাই স্তম্ভটো পোনাবলৈ পাহৰি গ’ল কিজানি!’




টাইটানিকৰ দেশত


বেলফাষ্টতে বিশ্ববিখ্যাত টাইটানিক জাহাজৰ নিৰ্মাণ হৈছিল বুলি জানিছিলো৷ ৱাকিং ট্যুৰৰ দলটোৰ লগতে চালোগৈ টাইটানিক মেম’ৰিয়েল গাৰ্ডেন ৷ এই বাগিচাখনে ১৯১২ চনত টাইটানিকৰ সৈতে সাগৰৰ গৰ্ভত হেৰাই যোৱা ১৫১২ টা জীৱনৰ সোঁৱৰণত গঢ়ি তুলিছিল৷ বাগিচাতে দীঘলীয়া মাৰ্বলৰ ভেটিটোত সকলো মৃতকৰ নামবোৰ অক্ষৰিক ক্ৰমত খোদিত কৰা হৈছে৷ 
টাইটানিক মেম’ৰিয়েল গাৰ্ডেনত অকালতে হেৰাই যোৱাসকলৰ সোঁৱৰণি
মেথিউয়ে দেখুৱালে তাৰ মাজতে থকা দুটামান নাম৷ থমাছ এণ্ড্ৰু- টাইটানিকৰ মেনেজিং ডিৰেক্টৰ৷ বাকীবোৰৰ নামৰ মাজত কিছু বেছিকৈ জিলিকি থকা এটা নাম কেপ্টেইন এডৱাৰ্ড স্মিথ৷ এমূৰে আছিল এটা প্ৰতিমূৰ্ত্তি৷ নাম ৱিলিয়াম পিৰি৷ টাইটানিক নিৰ্মাণত পুঁজিৰ যোগান ধৰা এজন মূল দাতা৷ মেনেজিং ডিৰেক্টৰ থ’মাছ এণ্ড্ৰুছ আকৌ তেওঁৰ জোৱায়েক আছিল৷ টাইটানিকৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত থ’মাছ এণ্ড্ৰুছে এদিন গৌৰৱেৰে গৈ শহুৰেকক ক’লেগৈ,



ৱিলিয়াম পিৰিৰ প্ৰতিমূৰ্ত্তি
’প্ৰথমবাৰ যেতিয়া একেলগেই টাইটানিকখনত উঠি চাওঁগৈ বলক!


দুয়ো টাইটানিকৰ একেবাৰে ওপৰৰ ফাৰ্ষ্ট ক্লাছৰ ডেকেৰে খোঁজ দিলে৷ এঠাইত ৰৈ ৱিলিয়াম পিৰিয়ে তললৈ চাই পঠিয়ালে৷ কিন্তু চায়ে তেওঁ চিৎকাৰ কৰি উঠিল,

’থ’মাছ, মইচোন ইয়াৰ পৰা তলৰ সাগৰখনকে দেখা নাপাওঁ!’


কাৰণটো হ’ল, দুয়োফালে শাৰী শাৰীকৈ লাইফ বোট বান্ধি থোৱা আছিল৷ তেওঁ জোৱায়েকক নিৰ্দেশ দিলে যাতে দুয়োফালে থকা দহখনকৈ লাইফ ব'ট আঁতৰাই পেলোৱা হয়৷ তেওঁৰ কথা হ’ল, ইমান টকা খৰচ কৰি জাহাজলৈ অহা প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলৰ সাগৰ দৰ্শনত কোনোধৰণৰ বাধা পৰিব নালাগে!

বিছখন লাইফব'টে পোন্ধৰশজন যাত্ৰীৰ জীৱন ৰক্ষা কৰিব নোৱাৰে, সঁচা কথা৷ কিন্তু সেইকেইখন আঁতৰাই নেপেলোৱা হ’লে কেইটামান জীৱনে হ’লেও সেই দূৰ্ভাগ্য নিশ্চয় এৰাই যাব পাৰিলেহেঁতেন! কিন্তু ঘটনাক্ৰম এনেকুৱাই যে তেওঁ নিজে কেতিয়াও সেই অনুশোচনাত দগ্ধ হোৱাৰ সুযোগ নিমিলিল৷ টাইটানিকৰ যাত্ৰা আৰম্ভ হোৱাৰ আগতেই তেওঁ শয্যাশায়ী হৈ জীৱন নাট সামৰিলে !



ইমানদিনে দেখি-শুনি-চাই অহা টাইটানিকৰ বহুতো কাহিনীৰ লগতে মেথিউয়ে আৰু এটা নতুন কাহিনী যোগ দিলে! কোনে জানে, হয়তো এনে কত ঘটনা-অঘটনা চিৰদিনলৈ হেৰাই গৈছে কোনেও কেতিয়াও নজনাকৈ, নেদেখাকৈ!

পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-৪

No comments:

Post a Comment