Tuesday 16 May 2023

উপন্যাস: ফাৰমানা (প্ৰথম খণ্ড)

দিনৰ দুইমান বজাত সেই ফোনটো আহিল৷ অন্যদিনাৰ দৰেই তুলিকা সেইসময়ত বহি আছিল এপাৰ্টমেণ্টৰ বিশাল খিৰিকীখনৰ কাষত৷ চতুৰ্থ মহলাৰ সেই খিৰিকীৰে ধৰা দিয়া দুপৰৰ আকাশ, লণ্ডন মহানগৰীৰ ব্যস্ত পথৰুৱা, বাটৰ দুয়োকাষে শাৰী শাৰী অ’ক গছৰ লানি- এই সকলোখিনি তাই স্কেচ্ছত ধৰি ৰখাৰ চেষ্টা কৰি আছিল৷ অ’ক গছৰ ৰঙা-হালধীয়া সৰা পাতৰ বৰষুণে বাটটো ৰঙীন কৰি পেলাইছে। কিন্তু কিমানেইবা মূৰ তুলি এই শৰতৰ আকাশলৈ, ৰং সলোৱা প্ৰকৃতিলৈ চোৱাৰ অৱকাশ পাইছে। সকলোৰে অলক্ষিতে যেন এই যান্ত্ৰিক মহানগৰীত শৰতে মেলানি মাগিছে। স্কেচ্ছৰ বহীত ক’লা পেন্সিলৰ আঁক-বাঁকবোৰ আৰু তাৰ লগে লগে অগা-দেৱা কৰি থকা অনুভৱৰ ঢৌত যতি পেলাই হঠাৎ বাজি উঠা ফোনৰ মিহি সুৰটোত তাই চক খাই উঠিল৷

‘তুলিকা বৰুৱাৰ লগত কথা পাতিব পাৰোঁনে?’ এটা অচিনাকি পুৰুষ কন্ঠ ফোনৰ সিপাৰে৷

‘হয়, মই তুলিকাই কৈছোঁ৷’ তুলিকাই ইংৰাজীতে উত্তৰ দিলে।
‘হাই তুলিকা, মই নেচাৰৰ অফিচৰ পৰা ডেভিডে কৈছোঁ৷’

মুহূৰ্ততে তুলিকাক যেন হাজাৰ উৎকন্ঠাই আৱৰি ধৰিলেহি৷ মাথোঁ যোৱা সপ্তাহত তাই নেচাৰৰ অফিচত চাকৰিৰ বাবে সাক্ষাৎকাৰ দি আহিছে৷ ইমান সোনকালে তাৰ ফল ঘোষণা কৰিব বুলি হয়তো আশাই কৰা নাছিল৷

খুবেই পেছাদাৰী সুৰ এটাৰে ডেভিডে কৈ গ’ল, ‘আপোনাক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে নেচাৰে আপোনাৰ চাকৰিৰ আবেদনখন গ্ৰহণ কৰিছে৷ কিন্তু এটা কথা!’

কৈয়ে ডেভিড এখন্তেক ৰ’ল। লগে লগে তুলিকাৰ উশাহটোও আধালোৱাতে ৰৈ গ’ল যেন৷ জাঁপ দি উঠিব খোজা এখিনি উৎকন্ঠা ভেঁটা দি কৃত্ৰিম শান্ত কন্ঠ এটাৰে তাই ক’লে, ‘কওকচোন!’

‘আপুনি বিচৰাৰ দৰে এইমুহূৰ্তত লণ্ডনৰ অফিচত প’ষ্টিং সম্ভৱ নহয়৷ তাৰ সলনি উত্তৰ আয়াৰলেণ্ডৰ কাৰ্য্যালয়ত পৰিবেশ সংৰক্ষণ অফিচাৰ প’ষ্টটোৰ বাবে আপুনি এগৰাকী উপযুক্ত প্ৰাৰ্থী বুলি আমি ভাৱিছোঁ৷ তাত অলপদিন কাম কৰাৰ পিছত চেষ্টা কৰিলে লণ্ডনলৈ বদলিৰ সম্ভাৱনাও নোহোৱা নহয়৷’

ডেভিডৰ গোটেই কথাখিনি হজম কৰিবলৈ তাইৰ সময় লাগিল৷ এসপ্তাহৰ ভিতৰত তাইৰ সিদ্ধান্ত জনাই উত্তৰ দিবলৈ কৈ ডেভিডে ফোন ৰাখিলে৷

তুলিকা বিছনাতে বহি পৰিল৷ তাইৰ মনত এটা তীব্ৰ আলোড়ন৷ জীৱনৰ প্ৰথম চাকৰিৰ অফাৰ! সেই খৱৰটো আপোনজনৰ স’তে ভগাই ল’বলৈ তুলিকাৰ বৰ ইচ্ছা হ’ল৷ সুদুৰ অসমত পৰিয়ালৰ সকলো হয়তো টোপনিৰ কোলাত ইতিমধ্যে ঢলি পৰিছে৷ পতি বিদ্যুৎ সন্ধিয়া আহি ঘৰ পোৱালৈ বাট চোৱাতো অসম্ভৱ যেন লাগিল তাইৰ৷ কেইবাবাৰো চেষ্টা কৰিলে তালৈ ফোন কৰিবলৈ৷

ফোনৰ ৰিং শেষ হৈ প্ৰতিবাৰেই ভাঁহি আহিল বিদ্যুতৰ ভইচমেইল, ‘হাই, ইউ হেভ ৰিচড্‌ বিদ্যুৎ৷ মই বৰ্তমান ফোন ধৰিব পৰা নাই- অনুগ্ৰহ কৰি আপোনাৰ বাৰ্তা দি ৰাখক৷ সুবিধা অনুসৰি যিমান সোনকালে পাৰোঁ আপোনাৰ ফোনৰ উত্তৰ দিবলৈ চেষ্টা কৰিম৷’

তিনিবাৰ সেই কথাষাৰকে শুনি তুলিকাই ফোনটো আঁতৰাই থ’লে৷ কিছু অভিমানেৰে, কিছু হতাশাৰে।

এইটো খৱৰ তাই ভইচমেইলত নিদিয়ে৷ তাতোকৈ সন্ধিয়া সি ঘৰলৈ উভতালৈকে বাট চাব৷ কিন্তু তাইৰ আশংকা হ’ল, ইমানবোৰ মিছড্ কল পাই সি পিছত বিৰক্তিৰে হয়তো কৈ উঠিব,
‘ইমানকৈ ফোন কৰিবলৈ কি হ’ল বাৰু! জানাই দেখোন মই অফিচত বৰ ব্যস্ত হৈ থাকোঁ৷’

নাই, তাই হয়তো মিছাকৈয়ে চিন্তা কৰিছে৷ সি প্ৰায়ে কোৱাৰ দৰে প্ৰয়োজনতকৈ বেছিকৈ ভাৱিছে অনৰ্থক কথাবোৰ৷ ইমানদিন ধৰি বিচাৰি থকাৰ পিছত চাকৰি পোৱাৰ খৱৰটোৱে তাক সুখী কৰি নুতুলিবনে!

অস্থিৰতাখিনি সামৰি তুলিকাই পুনৰ স্কেচ্ছৰ মাজত ডুব দিবলৈ চেষ্টা কৰিলে৷ পিছে তাত আৰু মন বহুৱাব নোৱাৰিলে৷ এখন্তেক ভাৱি তাই কাপোৰসাঁজ সলালে। দীঘল ট্ৰেন্সকোটটো সুমুৱাই লৈ এপাৰ্টমেন্টৰ পৰা ওলাই আহিল৷

‘গুড আফটাৰনুন!’

তাইৰ মাত শুনি মূল দুৱাৰৰ একাষে কাউণ্টাৰত কনচিয়েৰজজনে পঢ়ি থকা বাতৰি কাকতখনৰ পৰা মূৰ দাঙি চালে৷ মূৰটো দুপিয়াই মিচিকিয়া হাঁহি এটাৰে তেওঁও প্ৰতিসম্ভাষণ জনালে৷

আজি দুটা বছৰে ইয়াত এই এজন মানুহৰ সৈতেই তাইৰ সম্ভাষণ বিনিময় হৈছে৷ বিছ মহলাৰ এই বিশাল অট্টালিকাত অলেখ অসংখ্য এপাৰ্টমেণ্ট। সেইবোৰত কত মানুহে প্ৰতিদিনে অহা-যোৱা কৰিছে, হাঁহিছে-কান্দিছে আৰু প্ৰতিনিশা ঢলি পৰিছে টোপনিত নাইবা অন্তহীন টোপনিহীনতাত৷ অথচ কোনেও কাকো নাজানে৷ কংক্ৰিটৰ দেৱালে পৃথক কৰি ৰখা প্ৰত্যেকৰে সমান্তৰাল জীৱন। ইমানেই পৃথক যে সমূহীয়া লিফট্ বা দীঘল ক’ৰিডৰবোৰত কেতিয়াবা ইজনে সিজনৰ মুখামুখি হৈ গ’লেও মানুহবোৰে সেই নেদেখা দেৱালৰ অস্তিত্বকে মানি চলে৷

মূল দুৱাৰখন খোলাৰ লগে লগে নৱেম্বৰৰ চেঁচা বতাহজাকে তাইক চাৎকৈ কোবাই গ’ল । দীঘল কোটটো আৰু অলপ টানকৈ মেৰিয়াই লৈ তাই উদেশ্যবিহীনভাৱে খোজ দিবলৈ আৰম্ভ কৰিলে৷ খোজৰ লগে লগে তাইৰ চিন্তাইয়ো যেন গতি ল’লে৷ একমুহূৰ্ত ৰ বাবে ভাৱিলে, যাব নেকি বিদ্যুতৰ অফিচৰ ফালে? লণ্ডন মহানগৰীৰ প্ৰায় মাজমজিয়াতে এই গ্ৰেনিচ্চ মিলেনিয়াম ভিলেজ৷ ইয়াৰ পৰা কেনেৰি উৱাৰ্ফ মাথোঁ বিছ মিনিটৰ বাট৷ বিদ্যুতৰ দৰে অলেখ-অসংখ্য ইনভেষ্টমেণ্ট বেংকাৰৰ দিন-ৰাতিবোৰ হিচাপবিহীন হয় সেই কেনেৰি উৱাৰ্ফত৷

নাই, কামৰ মাজত সময় উলিয়াবলৈ তাৰ অসুবিধা হ’ব কিজানি!

মন সলনি কৰি তুলিকাই এইবাৰ পাৰ্কছাইড পথটোৰে খোজ দিলে৷ তাৰ পৰা টিউব ষ্টেচনলৈ মাত্ৰ দহ মিনিটৰ বাট৷ বিশাল পথটোৰ বাওঁফালে নতুন অট্টালিকা নিৰ্মাণৰ কাম চলি আছে৷ সোঁফালে অ’ক আৰু চিকামূৰ গছৰ মাজত নিমজ ঘাঁহনি এখনেৰে চাউথাৰ্ন পাৰ্ক৷ সেই পাৰ্কৰ কাষেৰেই থেমছ্ নৈখন বৈ গৈছে৷ যোৱা দুটা বছৰে সেইবাটেদিয়ে গৈ বহুবাৰ তাই থিয় দিছেগৈ থেমছ্ নৈৰ পাৰত, বহু সন্ধিয়া সেই নৈয়ে নিৰলে বুকুপাতি শুনিছে তাইৰ হৃদয়ৰ পোৱা-নোপোৱাৰ প্ৰতিধ্বনি!

আজি পিছে থেমছ্ ৰ বুকুত মনৰ উৎকণ্ঠাখিনি গুঁজি দিয়াৰ ইচ্ছা নহ’ল তুলিকাৰ৷ প্ৰায় আত্মমগ্ন হৈ তাই আগবাঢ়ি গৈ থাকিল৷ বাওঁফালে কেকুঁৰিটো ঘুৰাৰ লগে লগেই চকুত পৰিল অও টু ড’মটো৷ বিশাল গোলাকাৰ ড’মটোৰ পৰা আকাশলৈ বুলি টোঁৱাই থকা হালধীয়া আকৃতিবোৰ দূৰৈৰ পৰা দেখিলে কেতিয়াবা বহিৰ্বিশ্বৰ ইউএফঅ’ৰ দৰেহে লাগে৷ এতিয়াও এইটো কথাকে মনলৈ অহাত তাইৰ নিজৰ অজানিতেই হাঁহি উঠিল৷ ড’মটোৰ সন্মুখত এজাক মানুহৰ ভিৰ৷ হয়তো সিদিনা নিশাও অও টুত কিবা কনচাৰ্ট হোৱাৰ কথা৷ সেইখিনি পাৰ হৈ গৈ আণ্ডাৰগ্ৰাউণ্ড টিউবৰ বাবে ৰৈ থকা যাত্ৰীৰ এটা লানিত তাই থিয় দিলেগৈ ৷



তাইৰ জীৱনৰ প্ৰথম চাকৰি! সেই খৱৰে সঁচাই সুখী কৰি তুলিবনে বিদ্যুতক? কেইটামান মুহূৰ্তৰ বাবে হ’লেও সৰি নপৰিবনে তাৰ অভেদ্য দেৱাল? এসাগৰ উৎকণ্ঠা সামৰি জুবিলী লাইনৰ এজাক আত্মমগন যাত্ৰীৰ মাজত তুলিকা সোমাই পৰিলগৈ ৷ অলেখ অসংখ্য যাত্ৰী অথচ টিউবৰ ভিতৰখন তেনেই নীৰৱ। ইমানেই নীৰৱ যে টিউবত বতাহৰ ঘৰ্ষণৰ ঘৰ্ ঘৰ্ শব্দটোও কাণত পৰিল৷ প্ৰায়বোৰ যাত্ৰীৰে কাণত হেডফোন। চকুৰ দৃষ্টি ফোন বা আইপেডত নিবদ্ধ৷ দুই এজনে মেলি লৈছে কিতাপ একোখন৷ এজনে পৰম আগ্ৰহেৰে পঢ়ি গৈছে টিউবৰ আসনত ৰৈ যোৱা ডেইলী মেইল৷ কাৰোৰে যেন সময় বা আগ্ৰহ নাই এবাৰ সেই তলমূৰ ওপৰ কৰি বাস্তৱৰ জীয়া পৃথিৱীখন অনুভৱ কৰাৰ৷ এই টিউবত কাৰো সৈতে দৃষ্টি বিনিময় নকৰাতো যেন এটা অখণ্ডনীয় নিয়ম।

ভিৰৰ মাজত থিয় দি থাকিয়ে তুলিকায়ো নিজৰ ফোনটো উলিয়ালে। কিছু ইতস্ততভাৱেৰে হ’লেও তাই কীপেডত হাত ফুৰালে,

‘হাই লুক! মই আছমাৰ তালৈ গৈ আছোঁ৷ সময় পালে এপাক আহিবাচোন৷ কথা এটা আছে!’

প্ৰায় লগে লগেই লুকৰ উত্তৰ,

‘এঘণ্টাৰ পিছতহে আজৰি হ’ম৷ মোৰ আজি টিমৰ সৈতে লান্স৷ তাৰ পিছতে ওলামগৈ দেই!’

তুলিকাৰ মনলৈ এইবাৰ যথেষ্ট সজীৱতা আহি পৰিল৷ গ্ৰীণ পাৰ্ক ষ্টেচনত নামি তাই পিকাডিলীৰ ব্যস্ত পথেৰে চ’হ’লৈ খোজ দিলে৷ আটকধুনীয়া পাব, ৰেষ্টোৰাঁ, দোকান-পোহাৰেৰে আকৰ্ষণীয় ঠাই এই চ’হ’। পথৰ দুয়োকাষে ইটো সিটো চাই থৰ হৈ ৰোৱা, লণ্ডনৰ মেপ এখন চাই চাই বাট বিচৰা, লণ্ডনৰ হৰেক-ৰকমৰ স্মৃতিচিহ্নৰে ঠাহ খাই থকা দোকানৰ সন্মুখত অলেখ অসংখ্য পৰ্য্যটকৰ ভিৰ। সেইবোৰৰ মাজেৰে পাৰ হৈ গৈ অৱশেষত তাই থিয় দিলেগৈ এখন আকাশ নীলা দুৱাৰৰ সন্মুখত৷

দুৱাৰখনৰ দুকাষে বিশাল ঘুৰণীয়া টাবত দুজোপা শুৱনি পামজাতীয় গছ৷ দুৱাৰমুখত এডাল আমডালিৰ ওপৰত ধুনীয়াকৈ খোদিত কৰা আছে দুটা শব্দ, ‘আছমাছ কিচ্ছেন’ -আছমাৰ পাকঘৰ! দুৱাৰৰ কাঁচৰ অংশটো আৰু কাষৰ আহল-বহল কাঁচৰ খিৰিকীবোৰেৰে ভাঁহি আহিছে কোমল হালধীয়া পোহৰ আৰু সংগীতৰ ক্ষীণ মুৰ্ছনা৷ এটা সৌহাদ্যপূৰ্ণ পৰিৱেশত হেঁপাহৰ এসাঁজ খোৱাৰ বাবে যেন অহৰহ আমন্ত্ৰণ!

অভ্যস্ত গতিৰে দুৱাৰখন ঠেলি আমডালিটোৰ তলেৰে তুলিকা সোমাই গ’ল৷ মূল কাউণ্টাৰত আজি সুনন্দা৷ ফোনত ব্যস্ত হৈ থকাৰ পৰাই তাই তুলিকালৈ চাই হাত জোকাৰিলে৷ কোনো শব্দ নোহোৱাকৈ মুখেৰে ভংগী কৰি ক’লে ‘হেল্ল’! আৰু লগে লগেই ফোনৰ সিপাৰৰ গ্ৰাহকৰ কিবা প্ৰশ্নৰ উত্তৰ দিবলৈ লাগি গ’ল৷

হাঁহি মুখেৰে মুৰ দুপিয়াই তুলিকা পোনেই সোমাই গ’ল ৰান্ধনিশালালৈ৷ আবেলি সময় বাবে নিশাৰ আহাৰৰ প্ৰস্তুতিহে চলি আছে৷ গ্ৰাহকৰ ভিৰ আৰম্ভ হোৱাই নাই৷ ৰান্ধনিশালত আজি কল্পনা, চানু আৰু মমতা৷ পাঁচবছৰৰ আগতে এই আছমাৰ পাকঘৰ আৰম্ভ হৈছিল। তেতিয়াই এই ৰেষ্টোৰাঁৰ সকলো কৰ্ম্মী মহিলাহে ল’ব বুলি ঠিক কৰি আছমাই এই তিনিগৰাকী অন্য আছমা বিচাৰি উলিয়াইছিল৷ সিহঁতক কিবা নিৰ্দেশনা দি থকাৰ পৰা তেওঁ ঘূৰি চালে৷ চুটি কেকুঁৰা চুলিখিনিৰে সৰ্বসাধাৰণ মাপকাঠিৰে কিছু চাপৰ আছমাক পিছফালৰ পৰা ত্ৰিছবছৰীয়া যেনেই দেখায়৷ কিন্তু তেওঁৰ মুখখন দেখিলেই পৰিস্ফুট হৈ পৰে পঞ্চাছ বছৰৰ অভিজ্ঞতা আৰু পৰিপক্বতাৰ মাধুৰ্য্য৷ আজিও পৰিপাটিকৈ পিন্ধা নীলা জয়পুৰী কুৰ্তাটো আৰু ক’লা জিনছেৰে তেওঁৰ আকৰ্ষণীয় চেহেৰাটো তুলি ধৰিছে৷

তুলিকাক দেখিয়ে তেওঁৰ দুচকু উজ্জ্বলি উঠিল। বাংলাতে কৈ উঠিল তেওঁ,
‘আহা আহা, ঠিক সময়তে ওলাইছাহি৷ আজি নিশা আমাৰ মেন্যুত নতুন খাদ্য- বাদামী বেঙেনা৷ খাই চোৱাহিচোন কেনে হৈছে৷’

বেঙেনাৰ সোৱাদ লৈ উঠি দুয়োজনী ৰেষ্টোৰাঁৰ একোণত বহিলহি৷ ক্ষন্তেক পিছতে মমতাই দুকাপ কফি আৰু ফুলৰি ভজাৰ প্লেট এখন টেবুলখনত থৈ গ’লহি৷ তুলিকাই বিশেষ ভুমিকা নেমেলাকৈয়ে কৈ পেলালে, ‘এটা খৱৰ আছে!’

আছমাই ফুলৰিৰ প্লেটৰ পৰা চকু তুলি চালে, ‘কোৱাচোন কোৱা৷ চাকৰিটো হ’ল নেকি?’

তুলিকাই হাঁহি পেলালে৷ লগে লগে আছমাৰ দুচকু ডাঙৰ হৈ পৰিল৷ প্ৰায় জাঁপ মাৰি অহাৰ দৰে আহি একাষৰ পৰা তুলিকাক সাৱটি ধৰিলেহি তেওঁ৷

‘তোমাক লৈ মোৰ কিমান গৌৰৱ হৈছে তুলিকা! ইমান চেষ্টাৰ মূৰত মনে বিচৰা চাকৰিটো পাইছা!’

তুলিকাই আছমাৰ উৎসাহত চামিল হ’বলৈ চেষ্টা কৰিলে। কিন্তু তথাপিও যেন তাইৰ বুকুত ৰুৰুৱাই বাজি থকা খুদুৱনিৰ সুৰটো নাতৰিল৷

‘কি হ’ল? তোমাৰ ভাল লগা নাই?’ তুলিকাৰ মুখখন দেখিয়েই যেন আছমাই বুজি পালে৷

‘মোৰ বহুত ভাল লাগিছে- বহুদিনৰ মূৰত মনটো মুকলি লাগিছে খৱৰটো পোৱাৰ পিছৰে পৰা৷ কিন্তু……’

‘কিন্তু কি?’ আছমাৰ প্ৰায় অধৈৰ্য্য মাত৷

‘কিন্তু চাকৰিৰ প’ষ্টিং ইয়াত নহয়, উত্তৰ আয়াৰলেণ্ডতহে৷ অৱশ্যে পিছত ট্ৰেন্সফাৰ ল’ব পৰা হ’ব বুলি কৈছে৷’

‘এনে এটা কামৰ কাৰণে, পৰিৱেশ সংৰক্ষণৰ কাৰণে লণ্ডনতনো কি আছেগৈ! হয়তো উত্তৰ আয়াৰলেণ্ডতে কাম কৰি ভাল পাবা৷’ আছমাই যেন একেবাৰে সহজভাৱে ক’লে। এখন্তেক ৰৈ তেওঁ কিবা বুজি পোৱাৰ দৰে পুনৰ কৈ উঠিল,

‘বিদ্যুতে বিচৰা নাই তুমি যোৱাতো?’

নিজে ক’ব নোৱাৰাকৈয়ে তুলিকাৰ এটা হুমুনিয়াহ ওলাল৷

‘নাই, সি গমেই নাপায় এতিয়াও! আজিহে খৱৰটো পাইছোঁ৷ ভাৱিছোঁ, সি ৰাতি ঘৰ পোৱাৰ পিছত ভালকৈ পাতিম৷’

‘আ:, মই ডাঠি ক’ব পাৰোঁ সি তোমাক জইন কৰিবলৈকে ক’ব তুলিকা৷ লুকক জনালা নেকি? সিও শুনি খুউব ভাল পাব৷’

‘তোমাকেই প্ৰথম কৈছোঁহি আছমা! লুক ইয়ালৈকে অহাৰ কথা অলপতে৷’

‘বঢ়িয়া! সি আহক তেনে৷ তুমি ইয়াতে অলপ বহা৷ মই পাকঘৰৰ ফালে চকু দি আহোঁগৈ৷ আজি আমি চেলিব্ৰেট কৰাৰ দৰকাৰ!’

কৈয়ে আছমাই ৰান্ধনিশাললৈ খোজ দিলে৷ ৰেষ্টোৰাঁৰ মিঠা গানৰ সুৰটোত ডুবি বেছ কিছুপৰ ভাবুক হৈ ৰ’ল তুলিকা৷ মাজতে এবাৰ ঘড়ীটোলৈ চালে৷ ঘৰ পাবলৈ পলম নহয়তো! কিন্তু তাই জানে, নিশা আঠবজাৰ আগতে বিদ্যুৎ ঘৰ নোসোমায়হি৷

কাৰোৱাৰ মাত শুনি ৰেষ্টোৰাঁৰ সিমূৰে তাই চাই পঠিয়ালে ৷ এটা তিনিজনীয়া পৰিয়ালক আদৰি আনি সুনন্দাই মাজৰ ঘূৰণীয়া টেবুলখনত বহুৱাইছেহি৷ এহাল দম্পতীৰ সৈতে দহ-বাৰবছৰীয়া শিশু এটি৷ সেই টেবুলখনতে প্ৰথমবাৰ লুকক লগ পোৱা নাছিলনে তাই? ঠিকেই৷ প্ৰায় অহাৰ দৰেই আছমাৰ পাকঘৰত সিদিনাও আহি বহিছিলহি তুলিকা৷ প্ৰথমতে আদা-নহৰুৰ সুবাসে আনি দিয়া স্বদেশৰ যোগসূত্ৰৰ হেঁপাহত, পিছলৈ আছমাৰ সান্নিধ্যৰ আকৰ্ষণত৷

তুলিকা বহি থকা সেইখন টেবুলৰে চকী এখনত লুকক বহুৱাই আছমাই কৈছিল,

‘তোমাক যে কৈ আছিলো এয়াই সেই লুক, তুলিকা৷ লুক তোমাৰ ফিল্ডৰে, প্ৰকৃতিবিদ৷’

‘লগ পাই ভাল লাগিল তুলিকা৷’ চুটিকৈ কটা শুভ্ৰ চুলিখিনিত এনেয়ে হাত বুলাই মিচিকিয়া হাঁহি এটাৰে লুকে কৈছিল আৰু তাইৰ কাষতে বহি পৰিছিল৷

সেই সময়ত তাই ব্যতিব্যস্ত হৈ আছিল এই বিদেশৰ মাটিত নতুনকৈ এটা জীৱন সজাই লোৱাৰ উখল- মাখলত৷ নতুন পৰিচয় আৰু নতুন ঠিকনাৰ বাবে এটা চাকৰিয়ে বাট মুকলি কৰি দিব, এই ভাৱেৰে যৎপৰোনাস্তি চেষ্টা কৰি আছিল কামৰ সন্ধান উলিওৱাত৷ সেয়েই কিজানি তাই লুকৰ সৈতে চিনাকি হৈ উৎসাহী হৈ পৰিছিল আৰু মনে মনে আছমা খানৰ প্ৰতি কৃতজ্ঞ হৈ পৰিছিল৷

সেই প্ৰথম চিনকিতে সিহঁতে বহু কথাই পাতিছিল৷ লুকে সুধিছিল তাইৰ পঢ়া শুনা আৰু কামৰ অভিজ্ঞতাৰ কথা৷ তাইৰ কামৰ কথা পৰম আগ্ৰহেৰে শুনি সি শেষত কৈছিল,

‘তুমি স্বেচ্ছামূলক কামবোৰত ভাগ নোলোৱা কিয়? লণ্ডনৰ আশে পাশেই যথেষ্ট কাম হৈ থাকে৷ দুদিনমান ইয়াতে অলপ অভিজ্ঞতা গোট খালে তোমাৰ ইউ কেত চাকৰি পাবলৈ বহুত সহজ হৈ পৰিব৷ লগতে ইয়াত কেনেধৰণৰ কাম হয় আৰু চাকৰি কেনেকুৱা নিজেই গম ল’ব পাৰিবা৷’

‘নতুন কাম আৰু নতুন অভিজ্ঞতাৰ কাৰণে মই সদায়ে সাজু৷ কিন্তু এনে সযোগ-সুবিধা ক’ত কেনেকৈ পাম?’

লুকে ক্ষন্তেক চিন্তা কৰি কৈছিল,

‘মই নেচাৰত কাম কৰোঁ, গম পাইছাই নহয়৷ নেচাৰৰ স্বেচ্ছাসেৱকৰ সমন্বয়ক জেছিকা৷ তেওঁৰ স’তে মোৰ ভাল চিনা-পৰিচয় আছে৷ তেওঁলোকে সময়ে সময়ে স্বেচচ্ছাসেৱক বিচাৰিয়ে থাকে৷ তোমাৰ কথা মই ক’ম বাৰু৷ এইটো ইমেইল আই ডি লোৱা – তেওঁক সুধিবা কিবা নতুন কাম ওলাইছে নেকি!’

সিদিনা তুলিকাৰ উৎসাহৰ সীমা নাছিল৷ সেই যোগসূত্ৰৰ পৰাই লণ্ডনত তাইৰ এই কেৰিয়াৰৰ দুৱাৰ মুকলি হৈছিল৷ নেচাৰৰ স্বেচ্ছাসেৱকৰ দলত যোগ দি তাই লণ্ডনৰ আশে পাশে চলি থকা কেইবাটাও প্ৰকল্পত জড়িত হৈ পৰিল৷ আৰু সেই আৰম্ভণিয়েই এখোজ দুখোজকৈ আগবঢ়াই আনি আজি ডেৰ বছৰৰ মূৰত নেচাৰতে তাইৰ প্ৰথম চাকৰিৰ সুযোগ আনি দিলেহি৷

‘তুলিকা! কি খৱৰ তোমাৰ? আছমাই ক’লে কিবা ভাল খৱৰ আছে হেনো!’ লুকৰ মাতত প্ৰায় উচপ খাই উঠিল তুলিকা৷

দিনটোৰ অফিচৰ কামৰ শেষত তাৰ চকুযুৰি ভাগৰুৱা হৈ আছে কিন্তু আনদিনাৰ দৰেই সপ্ৰতিভ মুখ, উচ্ছল হাঁহি৷ খৱৰটো শুনি তাৰ সেই হাঁহিৰ উজ্জ্বলতাও যেন দুগুণে বাঢ়িল৷ আছমাইও ৰান্ধনিশালৰ পৰা ওলাই আহি প্ৰায় হৈ চৈ লগাই দিলে৷ লুক তেওঁৰ বহু পুৰণি বন্ধু৷ দুই বন্ধু লগ হ’লে বহু দীঘলীয়া আড্ডা চলে, হাঁহি-ধেমালি আৰু বীয়েৰৰ ৰাগী উঠে৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ তুলিকাৰ চাকৰিৰ খৱৰে তাত যেন অধিক ৰহণহে সানিলে৷

সন্ধিয়া এটা সময়ত আছমা আৰু লুকক ৰেষ্টোৰাঁতে এৰি মুকলি মন এটাৰে তুলিকা ঘৰলৈ উভতি আহিল৷ উভতনিৰ বাটতে পোৱা টেস্ক’ ছুপাৰষ্ট’ৰত সোমাই তাই কিনি আনিলে মাছৰ টেঙা আঞ্জা এখনৰ বাবে সকলোবোৰ উপাদান৷ বিদ্যুতৰ প্ৰিয় খাদ্য! ঘৰ পাই পোনেই তাই পাকঘৰত সকলোবোৰ যতনাই ল’লে৷ সমান জোখৰ টুকুৰা কৰি পেকেটত সজাই থোৱা বৰফময় বাছা মাছ- হয়তো ভাৰতৰ পৰাই আমদানি কৰা৷ সেইখিনি উলিয়াই থৈ ৰন্ধাৰ বাবে সাজু হ’বলৈ দি তুলিকা গৈ চাৱাৰৰ তলত থিয় দিলেগৈ৷

অন্য দিনা নিৰৱচ্ছিন্ন পানীৰ ধাৰাবোৰ সমগ্ৰ শৰীৰত বৈ যাবলৈ এৰি দি চাৱাৰৰ তলত বেছ কিছুপৰলৈ আত্মমগ্ন হৈ ৰয় তাই৷ আজি পিছে তাই ততাতৈয়াকৈ ওলাই কোমল টাৱেলখন মেৰিয়াই লৈ শোৱাকোঠাৰ ৱাৰড্ৰৱ খুলিলেহি৷ ইটোৰ পিছত সিটো সাঁজৰ ওপৰেদি হাত বুলাই গৈ এসাঁজ কাপোৰত তাই থমকি ৰ’ল৷ সৰিয়হ বুলীয়া এযোৰ চুৰিদাৰ৷ বিদ্যুতৰ সৈতে প্ৰথমবাৰৰ বাবে এই বিদেশী মাটিত ভৰি দিওঁতে তাই এইযোৰ পিন্ধি আহিছিল৷ নতুন পৃথিৱী এখন আদৰাৰ উত্তেজনা, এৰি অহা আপোন পৃথিৱীখনৰ মায়া আৰু ভৱিষ্যতৰ বহু সপোনে ভিৰ লগোৱা কি যে এক অপূৰ্ব সময় আছিল সেয়া! তাইক আশ্বস্ত কৰিবলৈ অহৰহ চেষ্টা কৰি থকাৰ মাজতে বিদ্যুতে বিমুগ্ধ দৃষ্টি এটাৰে কৈছিল,

‘এই চুৰিদাৰযোৰে ইমান ধুনীয়া দেখাইছে তোমাক!’

ৰামধেনুৰ সাতোৰং যেন থুপ খাইছিলহি তাইৰ মুখখনত!

তাৰ পিছত এই চুৰিদাৰযোৰ কিয় জানো জাপি থোৱাতে থাকিল! কোনোদিনে তাইৰ হাতৰ পৰশ নপৰিল- বিদ্যুতৰ বিমুগ্ধ দৃষ্টিও নপৰিল! আজি তাই সেইযোৰকে উলিয়াই ল’লে৷ কান্ধত পৰা তাইৰ ফিৰফিৰীয়া ক’লা চুলিটাৰি স্কান্সিডাল খুলি দি মুকলি কৰি দিলে৷ বহুদিনৰ মূৰত দীপালী বৰঠাকুৰৰ গান শুনি শুনি তাই ৰন্ধাত লাগিল৷

নিশা চাৰে আঠমানত দুৱাৰ খুলি বিদ্যুত সোমাই আহিল৷ এখন যুঁজৰ অন্তত বিধস্ত হৈ পৰা ৰণুৱাৰ দৰে তাৰ মুখ৷ দিনটোৰ ব্যস্ততাই অবিন্যস্ত কৰি দিয়া নীলা চ্যুটযোৰেও যেন ক্ষন্তেক জিৰণিৰ বাবে হাহাঁকাৰ কৰি উঠিছে৷ অন্যদিনাৰ দৰেই তুলিকাই কিতাপ এখন লৈ বহাকোঠাৰ চোফাখনতে পৰি তালৈ বাট চাই আছিল। তুলিকালৈ চাই সি মাথোঁ লাহেকৈ মূৰ দুপিয়ালে আৰু অফিচৰ বেগটো একাষে থৈয়ে বাথৰুমলৈ যাবলৈ উদ্যত হ’ল৷

‘আহিলা!’ তুলিকাৰ মাত শুনি সি এখন্তেক ৰ’ল৷ প্ৰথমে তাইলৈ চালে, তাৰপিছত তাৰ দুচকু গ’ল বহাকোঠাৰ মাজতে থকা কফি টেবুলৰ সুগন্ধি মমবাতিডাললৈ৷

‘হু: অঁ! তুমি খোৱা-বোৱা কৰিলানে?’ সৌজন্যৰ খাতিৰতে যেন সুধিলে সি!

‘নাইখোৱা, আজি তুমি ভাল পোৱা মাছৰ টেঙা আঞ্জা ৰান্ধিছিলোঁ৷ সেয়ে একেলগে খাম বুলি ৰৈ দিলো৷’ তুলিকাই শান্ত মাতেৰে কৈ তাৰ ওচৰ চাপি আহিল৷ একেবাৰে কাষলৈ আহি তাই বিদ্যুতৰ টাইডাল ঢিলাই দিলেহি৷

বিদ্যুৎ যেন অলপ অসহজ হ’ল৷ তাইৰ পৰা লৈ টাইডাল খুলি খুলিয়ে এইবাৰ সি শোৱাকোঠালৈ সোমাই গ’ল৷ তাৰপিছত বাথৰুমলৈ৷ দুৱাৰখন বন্ধ কৰাৰ আগে আগে মাথোঁ ক’লে,

‘মই ঘপকৈ গা ধুই লওঁ ৰ’বা৷ ডিনাৰ বাহিৰতে কৰিলো; কিন্তু তোমাৰ লগতে মাছৰ আঞ্জাখন খাই চাম৷’

কওঁ কওঁ বুলিও তুলিকাই খোৱাৰ পৰত বিদ্যুতক খৱৰটো দিব নোৱাৰিলে৷ দুয়োৰে মাজত ওলোমা বাদুলি দি থাকিল এসাগৰ নীৰৱতাই- চিৰাচৰিতভাৱে৷ মাথোঁ আঞ্জাখন মুখত দি বিদ্যুতে ক’লে,

‘বৰ সোৱাদ হৈছে৷ থেংক ইউ!’

‘ৱেলকাম!’

সিমানেই, মাথোঁ সিমানেই৷ অভিমানে বেৰি ধৰি তুলিকাক যেন মূক কৰি পেলালে৷

তাইৰ এইসাঁজ কাপোৰ, এই আয়োজন- একোৱে দেখা নাইনে বিদ্যুতে! নে দেখিও নেদেখাৰ অভিনয় কৰিছে সি? কিয় অসহজ হৈ পৰিছে, কিয় ইমান অচিনাকি হৈ পৰিছে এই বিদ্যুৎ?

আনদিনা খাই উঠি বিদ্যুৎ পোনেই বিছনালৈ যায়৷ দিনটোৰ ভাগৰে পিষ্ট কৰা দেহ আৰু মনে হয়তো অলপ জিৰণিৰ বাহিৰে অন্য একো ভাৱিবলৈ বা কৰিবলৈ আহৰি নাপায়৷ আজি পিছে সি বহাকোঠালৈ আহিল৷ আৰামী চোফাখনত বহি লৈ টিভিটো অন কৰি দিলে৷ তাক দেখি তুলিকাও তাৰ কাষতে বহিলহি৷ বাতৰিত অহৰহ আহি থাকিল ব্ৰেক্সিটৰ খৱৰ- টেৰেচা মে’ৰ চৰকাৰ অস্তিত্ব সংকটত, জনসাধাৰণৰ ক্ষোভ, ইউৰোপিয়ান ইউনিয়নৰ বাৰম্বাৰ সকীয়নী!

অলপ পিছতে ঘপকৈ সি ৰিম’টৰ বাটন টিপিলে৷ ধাপকৈ ৰুদ্ধ হৈ গ’ল সেই বাতৰি পঢ়োতাৰ কণ্ঠ৷

দুটা নীৰৱ মুহুৰ্ত্ত।

তাৰপিছত একো অৱতাৰণা নকৰাকৈ বিদ্যুতে তলমূৰকৈ ক’লে,

‘তোমাক কিছুমান কথা ক’ব খুজিও ৰৈ গৈছে তুলিকা৷ কিন্তু আজি ক’ম বুলি ভাৱিছোঁ৷’

বিদ্যুতৰ মাতটোৱে তুলিকাৰ হৃদয়ত অদ্ভুত এটা কঁপনি তুলি দিলে৷ কিবা যেন বহু দূৰৈৰ পৰা ৰিৰিয়াই ভাঁহি অহা এটা মাত। যেন বুকু হেঁচা মাৰি ধৰা এচটা গধুৰ শিলৰ বোজা কঢ়িয়াই অনা এটা মাত!

‘তোমাকো এটা খৱৰ দিবলৈ আছিল আজি! সেয়ে দিনত ফোনো কৰিছিলোঁ …’

‘প্লিজ, মোক ক’বলৈ দিয়া!’ তুলিকাৰ কথা শেষ কৰিবলৈ নিদি অধৈৰ্য্যভাৱে বিদ্যুতে কৈ উঠিল৷ যেন তাৰ ভয়, এটাও মুহূৰ্ত্ত অবাবত গ’লে তাৰ সেই মাত ৰুদ্ধ হৈ যাব-পুনৰ অসহজ নীৰৱতাই বুকু জুৰি আখল পাতি ল’ব!

‘কোৱা!’ কিবা এক অজান আশংকাত তুলিকা স্তব্ধ হৈ পৰিব খুজিলে!

‘মই আৰু একো লুকুৱাব নোখোজোঁ৷ তুমি কি বিচাৰা নিজেই ঠিক কৰিবা তুলিকা৷’ বিদ্যুৎ এখন্তেক ৰ’ল৷ যেন জীভাৰ সন্মুখত ৰৈ থকা শব্দকেইটা উচ্চাৰণৰ বাবে তাৰ শেষ শক্তিখিনি নোহোৱা হৈ পৰিছে৷

এটা সময়ত ভগ্ন কণ্ঠেৰে সি কৈ উঠিল,

‘মোৰ জীৱনত অন্য কোনোবা আছে!’

তুলিকা থৰ হৈ ৰ’ল বহুপৰ। শব্দবোৰে যেন ডিঙিত আহি সোপা মাৰি ধৰিলেহি৷ কি ক’ব তাই, কি ক’ব! সুধিবনে তাই বিদ্যুতক? কৈফিয়ৎ বিচাৰিবনে? একো কথা পতাৰ, একো কৰাৰ অৱকাশ নোহোৱা হৈ পৰিল যেন৷ বহুপৰলৈ স্তব্ধ হৈ ৰ’ল যেন তাইৰ সকলো ইন্দ্ৰিয়! এটা সময়ত তাই অনুভৱ কৰিলে, তাইৰ যেন স্থিতি নাই, স্থান নাই, সময় নাই-সকলো মাথোঁ এটা শূন্য!

এটা সময়ত একেই ভগ্ন কণ্ঠেৰে বিদ্যুতে কৈ উঠিল,

‘কিবা এটা কোৱা, তুলিকা৷ তোমাক দুখ দিব খোজা নাছিলো মই! বিশ্বাস কৰা৷’

এইবাৰ তুলিকাৰ হৃদয়ত দপকৈ একুৰা জুই জ্বলি উঠিল- বিশ্বাস! এই সময়ত বিদ্যুতৰ মুখত এই শব্দ! তাইৰ উশাহ বন্ধ হ’ব খুজিলে যেন! তাইৰ ভাৱ হ’ল, যিমান পাৰি সোনকালে এই বন্ধ কোঠাৰ মৃত বতাহখিনি এৰি বাহিৰলৈ ওলাই যাব খোজে তাই৷ যিমান দীঘলীয়াকৈ ইয়াত থাকিব সিমানেই খৰকৈ যেন তাইৰ জীৱনীশক্তি টুটি গৈ থাকিব৷

তাই চাৎকৈ উঠি আহিল শোৱাকোঠাৰ বেলকনিলৈ৷ বিদ্যুতো তাইৰ পিছে পিছে উঠি আহিল৷

এটা চেপা উচুপনিৰে সি তাইক ক’লেহি,

‘কিমান অশান্তি লৈ আছোঁ, কিমান চেষ্টা কৰিছোঁ তোমাক ক’বলৈ তুমি নাজানা!’

কি ক’ব খুজিছে সি! তাই বুজিব নোৱাৰে- একোকে ভাৱিব নোৱাৰে৷ মাথোঁ উপলব্ধি কৰিলে, এইখন হৃদয় তাই চিনি নাপায়৷ এইখন হৃদয়লৈ বাট কেনি তাই নাজানে৷

এটা সময়ত তাই বিগলিত কণ্ঠেৰে সুধিলে, ‘কোন?’

লগে লগে বিদ্যুতে উচুপিবলৈ আৰম্ভ কৰিলে৷ উচুপি উচুপি সি কোনোমতে উচ্চাৰিলে, ‘উলুপী!’

এইবাৰ তুলিকাৰ আত্মনিয়ন্ত্ৰণৰ সকলো চেষ্টা যেন বিফল হৈ পৰিল৷ উলুপী! আছমা খানৰ একমাত্ৰ ছোৱালী উলুপী! তুলিকাৰ বিস্ফোৰিত দৃষ্টিৰ সন্মুখত বিদ্যুতৰ শিৰ নত হৈ পৰিল৷

‘কিমান দিন হ’ল?’

‘ছমাহ!’

‘এতিয়া কিয়? এতিয়া কিয় ক’লা মোক?’

‘কাৰণ…কাৰণ… উলুপী প্ৰেগনেণ্ট!’

সিদিনা ওৰে নিশা দুৱাৰ মাৰি তুলিকা বহি থাকিল আলহী কোঠাৰ মজিয়াত৷ চকুপানী শুকাই যোৱালৈকে, দুচকু উখহি উঠালৈকে তাই কান্দিলে৷ এটা বেয়া সপোনৰ দৰে সেই নিশাৰ কথাখিনি মোহাৰি পেলোৱাৰ অহৰহ চেষ্টা কৰি কৰি তাই ভাগৰি পৰিল৷ সকলো যেন নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে। অকোঁৱা পকোঁৱা পৰ্বতীয়া বাটেৰে গৈ থকা গাড়ী এখনৰ চালকে কেঁকুৰি এটা নমনাৰ ফলত হঠাৎ বিচ্যুত হৈ পৰাৰ দৰে৷ এটা মুহূৰ্তৰ সেই বিচ্যুতি- সেই বিস্ফোৰক মুহূৰ্তৰ পিছতে সকলোবোৰ ধুঁৱলী কুঁৱলী! বাটৰ একাষৰ তলিহীন খাৱৈৰ দিশে ক্ৰমাৎ সৰি পৰিছে গাড়ীখন। তাৰ ভিতৰত প্ৰাণটোৰ বাবে হেৰাই গৈছে স্থান-কাল-পাত্ৰৰ ধাৰণা, পোৱা-নোপোৱাৰ সকলো হিচাপ৷

পুৱতি নিশা সেই অৱস্থাৰেই তুলিকাই লেপটপটো ওচৰলৈ আনি লৈ লাহেকৈ অন কৰিলে৷ নেচাৰৰ অফিচৰ পৰা অহা ইমেইলটো খুলি তাই দিনতে অহা অফাৰ লেটাৰখন এবাৰ পঢ়িলে৷ এটা এটা শব্দ মন দি পুনৰ পঢ়িলে৷ শেষত তাই চালে, হাইলাইট কৰি ব’ল্ড আখৰেৰে লিখা প’ষ্টিঙৰ ঠাইখনৰ নাম৷

‘ফাৰমানা, উত্তৰ আয়াৰলেণ্ড’

ফাৰমানা- ফাৰমানা- তাইৰ হৃদয়ত অহৰহ বাজি ৰ’ল সেই এটা শব্দ! এটা নজহা নপমা প্ৰাৰ্থনা হৈ!

No comments:

Post a Comment