Sunday 28 May 2023

উপন্যাস: ফাৰমানা (ষষ্ঠ খণ্ড)

কিলম’ৰৰ নিজান বাটটোৰ একাষে তুলিকাৰ মিনিকুপাৰখন হঠাৎ ৰৈ গ’লহি৷ পুৱা পাঁচ বাজি গৈছেহে৷ এপ্ৰিল মাহৰ আৰম্ভণি যদিও শীতৰ প্ৰকোপ যোৱাই নাই৷ কুঁৱলীৰ ডাঠ চাদৰখনৰ মাজেৰে তুলিকাই দেখা পালে ঠেক বাটটো অলপদূৰ গৈয়ে এটা ঘৰৰ সন্মুখত থমকি ৰৈছেগৈ৷ গতিকে তাই অনুমান কৰি ল’লে এইখিনিতে জৰীপৰ ঠাইখন থাকিব লাগে৷ জৰীপৰ মেপখন উলিয়াই তাই ভালদৰে চালে৷ ঠিকেই, সৌৱা বাটৰ সোঁফালে থকা এলুমিনিয়ামৰ দুপতীয়া জপনা খন। সেইফালেদি আগবাঢ়ি গ’লেই জৰীপ কৰিবলগীয়া পথাৰকেইখন পাবগৈ কিজানি৷ 

জৰীপ আৰম্ভ কৰিবৰ বাবে তুলিকা ক্ষিপ্ৰতাৰে সাজু হ’ল ৷ গাড়ীৰ আসনতে বহি লৈ তাই ৱেলিংটন বুটযোৰ পিন্ধিলে৷ তাৰ ওপৰত ৱাটাৰপ্ৰুফ টাউজাৰটো৷ ফাৰমানাৰ বেছিভাগ পথাৰ দ-চানেকীয়া। গতিকে বোকাই-পানীয়ে নামিয়ে জৰীপ কৰাৰ প্ৰস্তুতি থকা দৰকাৰ৷ বাইন’কুলাৰ, জৰীপৰ মেপ, জিপিএছ আদি সকলো উলিয়াই পিঠিৰ বেগটোত ল’লে। শেষত গাড়ীৰ সন্মুখত ‘চাৰ্ভে চলি আছে’ ফলকখন লগাই তাই বাটৰ কাষলৈ নামি গ’ল৷ 

এপ্ৰিল মাহ মানেই নেচাৰৰ অফিচত এক ব্যস্ত সময়৷ বসন্ত ঋতুৰ আৰম্ভণিৰ লগে লগে ফাৰমানাত জাকে জাকে গাল, কাৰলিউ, গঙাচিলনী আদি চৰায়ে যোৰ পাতিবলৈ আৰম্ভ কৰে৷ বিস্তীৰ্ণ পথাৰৰ নিৰাপদ কোণ একোটাত বাহ সাজিবলৈ আৰম্ভ কৰা চৰাইৰ নিৰন্তৰ কাকলিৰে উদ্ভাসিত হৈ পৰে ফাৰমানাৰ আকাশ-বতাহ৷ তাৰ লগে লগে সেই চৰাইবোৰৰ প্ৰতিৰক্ষাৰ বাবে নেচাৰৰ সকলো কৰ্মী তৎপৰ হৈ পৰে ৷ তাৰেই প্ৰথম পদক্ষেপ এই বছৰেকীয়া জৰীপ৷ নেচাৰৰ অধীনত থকা দ্বীপসমূহত লখ আৰ্ণ ৰিজাৰ্ভৰ ৱাৰ্ডেন লিছাৰ দলে জৰীপ চলাইছে ৷ তাৰ বাহিৰে সমগ্ৰ অঞ্চলটোত খেতিয়কৰ পথাৰবোৰৰ জৰীপৰ দায়িত্ব তুলিকাৰ৷ 

এলুমিনিয়ামৰ জপনাখনেৰে সোমাই গৈ তুলিকাই মেপৰ নিৰ্ধাৰিত পথ অনুসৰণ কৰি পথাৰখনৰ মাজেৰে ধীৰ গতিৰে খোজ দিলে৷ ফাৰমানাৰ পথাৰবোৰৰ দৰে এইখনো মূলত: গৰু বা ভেড়াৰ চৰণীয়া পথাৰ৷ সমগ্ৰ উত্তৰ আয়াৰলেণ্ডতে খেতি কৰা পথাৰ কমেই আছে৷ ইয়াৰ মাটি ইমানেই দ’ বা জেকা যে খেতি কৰা সম্ভৱ নহয়৷  প্ৰায়বোৰ মাথোঁ স্থানীয় ঘাঁহ-বন বা খেতিয়কে লগোৱা উন্নত জাতৰ ঘাঁহেৰে পূৰ্ণ পথাৰ৷ চৰাইৰ সন্ধানত থাকিলেও তুলিকাই পথাৰৰ কোনোবা কোণত কেনেবাকৈ বলধ গৰু আছে নেকি তাকো সাৱধানেৰে চাই গ’ল৷ মাৰ্কে কৈছিল, গৰু থকা পথাৰত সাৱধান হোৱাৰ দৰকাৰ৷ গৰুৰ জাকে অকস্মাৎ কাৰোবাক দেখিলে খেদি আহিবও পাৰে৷ বিশেষকৈ বলধ গৰুৰ হেনো কোনো ভৰসা নাই! প্ৰথমবাৰ সেয়া শুনি তাই হাঁহি পেলাইছিল৷ 

‘মই অসমৰ মানুহ হৈ গৰুলৈ ভয় কৰিমনে!’ হাঁহি হাঁহি মাৰ্কক তাই কৈছিল গৰুৰ সৈতে অসমীয়াৰ নিবিড় সম্পৰ্কৰ কথা৷

কাষৰ ডেস্কৰ পৰা মূৰ তুলি চাই ফিয়’নাই মাত দিছিল,

‘ইয়াৰ গৰু বেলেগ দেই! সিদিনা নিশা বাদুলীৰ জৰীপ কৰিবলৈ গৈ গৰুৰ খেদাত মোৰ যি নগুৰ নাকটি হ’ল কি ক’ম তোমাক!’

তুলিকা আচৰিত হৈ গৈছিল সেই কাহিনী শুনি৷ ফিয়’নাই এনিশা কোনোবা পৰিত্যক্ত বাংল’ত বাদুলীৰ চৰকাৰী জৰীপ কৰিবলৈ গৈছিল৷ জৰীপ সামৰি পুৱতি নিশা পথাৰে পথাৰে তাই অকলশৰে উভতি আহি আছিল। অকস্মাৎ পথাৰখনত শুই থকা বলধ এটাই সাৰ পাই হতভম্ভ হৈ তাইলৈ চোঁচা দিলে৷ বিপদ দেখি দিকবিদিক শূন্য হৈ ফিয়’নায়ো দৌৰ দিলে৷ হেডলেম্পৰ পোহৰতে তাইৰ চকুত পৰিল সেই পথাৰখনৰ শেষত কাঁটা তাঁৰৰ বেৰা এখন৷ বেৰাখন কোনোমতে পাৰ হ’লেই বলধটোৰ আক্ৰমণৰ পৰা নিজকে বচাব পাৰিব বুলি তাই সেইফালেই পোনালে৷ পিছে, কাঁটা তাঁৰৰ বেৰাখন পোৱাৰ আগতেই ফিয়না পৰিলগৈ  বেৰাৰ চাৰিওফালে খন্দাই থোৱা নলাটোত৷ ইফালে সেই বলধটোৰ ফোঁচফোঁচনি ক্ৰমাৎ কাষ চাপিবই লাগিছে৷ মোচোকা খোৱা কঁকাল কোনোমতে পোনাই বোকাত লেটি লোৱা ভাগেই তাই ধৰফৰাই গৈ বেৰাখন বগালেগৈ৷ সিপাৰৰ পথাৰখন পাই মানে কাঁটা তাঁৰে তাইৰ জেকেটৰ এবখলা ফালি নিছে, আঙুলী এটাৰ পৰা তেজ বিৰিঙিছে৷ ইতিমধ্যে বেৰাৰ সিপাৰে থমকি ৰোৱা বলধটোৱে প্ৰচণ্ড খঙত গোৰগোৰাব লাগিছে৷

ঘটনাটো মনত পৰাত তুলিকা পুনৰ এবাৰ শিঁয়ৰি উঠিল৷ অৱশ্যে এইখিনি মাটিৰ খেতিয়ক লিয়ামক তাই যোৱা নিশাই ফোন কৰি আজিৰ জৰীপৰ কথা জনাই থৈছিল ৷ সেয়ে হয়তো গৰুৰ জাকটো তেওঁ এতিয়াও মেলাহি নাই৷ তাই কিছু আশ্বস্ত হ’ল৷ এনেতে তাইৰ মূৰৰ ওপৰেদি ’পি ৱিট, পি ৱিট’কৈ মাত দি এহাল গঙাচিলনী উৰি গ’ল৷ তাই লগে লগে জৰীপৰ মেপখনত সিহঁতৰ অৱস্থিতি আৰু উৰি যোৱা দিশটো আঁকি ল’লে৷ এই কিলম’ৰৰ ওচৰে পাজৰে গঙাচিলনীয়ে বাহ সাজি পোৱালি উপজাব পৰা ঠাই তেনেকৈ নাই৷ সিহঁতে মুকলি চাপৰ ঘাঁহনিহে পছন্দ কৰে৷ গতিকে তুলিকাই ধাৰণা কৰি ল’লে, সেই গঙাচিলনীহাল কিজানি ওচৰৰে লাষ্টিৰ পথাৰৰলৈ উৰা মাৰিছে৷

লিয়াম ক্লিফৰ্ডৰ এই বিস্তীৰ্ণ পথাৰখনত ওখ ওখ ৰাছ ঘাঁহৰ জোপোহা৷ তাৰ মাজে মাজে বনৰীয়া ফুল কিছুমানো ফুলিবলৈ আৰম্ভ কৰিছে৷ ফুলবোৰ চাই তুলিকাই কেইবিধমান চিনি পালে। ডেইজী, ডেণ্ডিলায়ন, বাটাৰ কাপ- আইৰিছ পথাৰৰ চিনাকি বন৷ হঠাৎ তাইৰ সন্মুখৰ জোপোহা এটাৰ পৰাই তীব্ৰ গতিৰে এটি চৰাই উৰি গ’ল৷ পলকতে তাই বাইন’কুলাৰেৰে চৰাইটো অনুসৰণ কৰিলে। চৰাইটো দেখাৰ আগতেই তাইৰ কাণত পৰিল আকাশৰ পৰা ভাঁহি অহা এক সুললিত গীত। 

‘ট্ৰি ট্ৰি ট্ৰি কিয় কি, কিয় কি, ট্ৰিইইইই টি……’ 

যেন উশাহ সলাবলৈকো থমকি নৰ’ৱই৷ মুগা বৰণীয়া এটি স্কাইলাৰ্ক চৰাই! বহু কবি-সাহিত্যিকৰ কালজয়ী সৃষ্টিৰ বাবে অনুপ্ৰেৰণা যোগোৱা স্কাইলাৰ্ক চৰাইটি! 

তুলিকাই চাই থাকোতেই চৰাইটিয়ে গীতৰ লহৰ তুলি তুলি আকাশতে একেখিনি ঠাইতে কেইবাপাকো ঘুৰিল৷ কেইমিনিট মানৰ পিছত ক্ৰমাৎ সৰ্পিল গতিৰে চৰাইটি আঁতৰৰ জোপোহা এটিলৈ নামি আহিল৷ তাতে পৰি লৈ দূৰৈৰ পৰা সাৱধানেৰে তাইৰ আলেখলেখ চাই থাকিল৷

এক অপূৰ্ব আমেজে তাইৰ হৃদয় আছন্ন কৰি পেলালে৷ এই গীত আৰু আকাশী নাচোনেৰে মতা স্কাইলাৰ্ক চৰাইটোৰ চেষ্টা মাইকী চৰাইক আকৰ্ষণ কৰাৰ৷ চাৰিওদিশে চাই চাই তুলিকাই ভাৱিলে, আছেনে ওচৰে পাজৰে কোনোবা মাইকী চৰাই? তাইৰ বাহিৰে কোনোবাই দেখিলেনে এই মনোমোহা গীত আৰু নাচ? চৰাইটোক আমনি নকৰিবলৈকে এইবাৰ তাই লাহে লাহে তাৰ পৰা বিপৰীত দিশত আগবাঢ়িল৷

কিছুদূৰ গৈয়ে তাই এখন কাঁটা তাৰৰ বেৰৰ মুখামুখি হ’ল৷ জৰীপৰ মেপখন উলিয়াই চাই বুজিলে, ইয়াৰ পৰা আৰম্ভ হৈছে অন্য এজন খেতিয়কৰ মাটি৷ জন মেকভিটিৰ মাটি এয়া৷ কালি কেইবাবাৰো ফোন কৰিও তেওঁৰ লগত তাই কথা হ’ব নোৱাৰিলে৷ অৱশ্যে আজিৰ জৰীপৰ কথা ভইচমেইলতে জনাই থৈছে৷ 

কাঁটা তাৰৰ বেৰখন তুলিকাই সাৱধানেৰে বগাই পাৰ হ’ল। সিপাৰে ভৰি থৈয়ে তাই ক’ৰবাত বলদ গৰু বা পোৱালি থকা গৰু আছে নেকি ভালদৰে চাই ল’লে৷ অহ, সঁচাকৈয়ে সৌৱা কিছু দূৰৈত এপাল গৰুৱে একান্তমনে ঘাঁহ খাই আছে! গৰুবোৰ অসমীয়া গৰুৰ তুলনাত প্ৰায় দুগুণ ডাঙৰ৷ প্ৰায়বোৰৰে ৰঙা চানেকীয়া গা৷ মাথোঁ পিঠি আৰু পেটৰ অংশ শুকুলা৷ দেখিয়েই তুলিকাই চিনি পালে এইবোৰ স্থানীয় আইৰিছ মইলড গৰু৷ এইজাতৰ বলদ গৰুৰো শিং নাথাকে৷ গতিকে দূৰৈৰ পৰা কোৱা টান৷ সেয়ে তাই সিহঁতৰ পৰা দুৰত্ব ৰাখি যথেষ্ট সাৱধানেৰে খোজ দিলে৷ ঘাঁহ খোৱাৰ পৰা ক্ষন্তেক ৰৈ এবাৰ সিহঁতে তাইলৈ মুৰ তুলি চালে৷ হয়তো তাই বিপদজনক নেকি তাকে অনুধাবন কৰাৰ চেষ্টা কৰিলে৷ তাইক শান্তভাৱে দুৰত্ব ৰাখি খোজ দিয়া দেখি সিহঁত পুনৰ আপোনমনে আকৌ ঘাঁহ খোৱাত মগ্ন হ’ল৷ সিহঁতৰ পৰা নিৰাপদ দুৰত্ব পাইহে তাই স্বস্তি অনুভৱ কৰিলে৷

এনেতে কিছু দূৰৈৰ পৰা ’কাৰলিউ কাৰলিউ’ বুলি মাতটো শুনি তুলিকা উত্তেজিত হৈ উঠিল৷ ক’ৰপৰানো মাতটো আহিছে বুলি আগ্ৰহেৰে ইফালে সিফালে চাবলৈ লাগিল৷ সেয়া সিহঁতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ চৰাই। সমগ্ৰ আয়াৰলেণ্ডতে সংকটৰ গৰাহত পৰা কাৰলিউ চৰাইৰ মাত সেয়া৷ এসময়ত আয়াৰলেণ্ডৰ গ্ৰাম্য পৰিৱেশত তেনেই চিনাকি এই চৰাইবিধ এতিয়া মাথোঁ কেইখনমান ঠাইতহে দেখা পোৱা যায়৷ তাৰে এখন হৈছে এই ফাৰমানা৷ গতিকে নেচাৰৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব এই চৰাইবিধৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰা, চৰাইবিধৰ সংৰক্ষণৰ বাবে সকলো ব্যৱস্থা লোৱা৷ 

তাই যিমানেই মাতটোৰ ওচৰ চাপি গ’ল, সিমানেই কাৰলিউৰ মাতৰ তীব্ৰতা বাঢ়ি গ’ল৷ এটা সময়ত সেই কোমল মাত তীক্ষ্ণ ’তিতিতিতিত’ সতৰ্ক মাতলৈ পৰিণত হ’ল৷ তুলিকা ভীষণ উৎসুক হৈ পৰিল৷ কাৰণ তাই বুজি পালে, কাৰলিউ চৰাইটোৱে এনে এলাৰ্ম কল এনেয়ে নিদিয়ে। হয়তো ওচৰে পাজৰে সিহঁতৰ বাহ আছে আৰু তুলিকাক দেখা পাই ইটোৱে সিটোক সতৰ্ক কৰি দিছে৷ মাৰ্কে কৈছিল, কাৰলিউ চৰাইৰ নিজৰ বাহটোৰ সৈতে আজন্ম সম্পৰ্ক৷ সিহঁতে বছৰি বছৰি একেডোখৰ ঠাইতে বাহ সাজি পোৱালি জগায়৷ গতিকে  এইখন পথাৰতে কাৰলিউৰ বাহৰ কোনো চিন মোকাম পালে নেচাৰৰ বাবে সেয়া বৰ গুৰুত্বপূৰ্ণ আৰু ভাল খৱৰ হৈ পৰিব!

প্ৰায় নিশব্দে আৰু ধীৰ গতিৰে তুলিকাই কাৰলিউ চৰাইটোৰ মাত অনুসৰণ কৰি আগবাঢ়ি গ’ল৷ পথাৰখন বৰ জেকা৷ কোনো কোনো ঠাইত বননিয়ে ঘেৰি ধৰিলেও তলৰ মাটি একেবাৰে সোপোকা। নজনাকৈ ভৰি দিলে এআঁঠু বোকাত সোমাই পৰাৰ সম্ভাৱনা৷ সেয়ে তাই খুপি খুপি সাৱধানেৰে খোজ দিলে৷ হঠাতে পথাৰৰ ডাঠ সেউজীয়া ৰাছ ঘাঁহৰ জোপোহা এটাৰ পৰা কাৰলিউ চৰাই এটিয়ে উৰা মাৰিলে৷ তাই চক খাই উঠিল। তথাপিও ভালকৈয়ে চকুত পৰিল সেই কাৰলিউৰ দীঘল ঠোঁটটোৰে মূগা বৰণীয়া দেহ৷ আমাৰ কাম চৰাইটোতকৈ অলপহে ডাঙৰ হ’ব কিজানি৷ তাই বৰ উৎসুকতাৰে সেই জোপোহাটোৰ ওচৰ পালেগৈ৷ তাত বাহ সজাৰ একো চিন দেখা নাপালে৷ কিন্তু মনত পৰিল তাই অফিচৰ আলোচনাতে শুনিছিল, এই কাৰলিউ চৰাইবোৰ হেনো বৰ বুদ্ধিমান৷ চিকাৰীৰ চকুক ভুৱা দিবলৈ সিহঁতে হেনো ঠিক বাহটোৰ পৰা উৰা নামাৰি কিছু আঁতৰলৈ গৈহে উৰা মাৰে।

এইবাৰ তাই চাৰিওফালে সিঁচৰতি হৈ থকা ৰাছ ঘাঁহৰ জোপোহাবোৰ এট এটাকৈ সাৱধানেৰে পৰীক্ষা কৰিবলৈ ল’লে৷ আস! চৰাইটোৱে উৰা মৰা ঠাইৰ পৰা চল্লিশ ফুটমান দূৰৈত তাই সঁচাকৈয়ে দেখা পালে এটা বাহ! এজোপা ৰাছৰ মাজত মিহি ঘাহ কিছুমানেৰে আটোম টোকাৰীকৈ সাজি থোৱা এটা আটোমটোকাৰী বাহ। তাইৰ দুচকু উজ্বলি উঠিল৷! কিমান হেঁপাহৰ অন্তত এই প্ৰথম তাই কাৰলিউ চৰাইৰ বাহ নিজ চকুৰে দেখা পালে!কাৰলিউহালে এই বাহত পোৱালি জগালে যে এইটো অন্যতম সাাফল্য হ’ব সিহঁতৰ টিমৰ৷ তাই জানে, কাৰলিউৰ সংখ্যা আৰু প্ৰজননৰ হাৰ এনেকুৱাকৈ কমি গৈছে যে এটা এটা বাহৰ সফলতাৰ ওপৰতে এই প্ৰজাতিটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে৷ 

পৰম সন্তোষেৰে তুলিকাৰ মন-প্ৰাণ ভৰি পৰিল৷ এনে একোটা মুহূৰ্তই যেন সিহঁতৰ বাবে অনুপ্ৰেৰণা৷ পৃথিৱীৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ যাব খোজা প্ৰকৃতিৰ এই বিনন্দীয়া চৰাই চিৰিকটিবোৰক অলপ হ’লেই প্ৰতিৰক্ষা দিব পৰাটো যে সিহঁতৰ বাবে কিমান সৌভাগ্যৰ কথা! এনে মুহূৰ্তবোৰৰ বাবেইতো তাই পুৱতি নিশাতে বিছনা এৰি আহে। শীত-বৰষুণকো নেওচি দ পথাৰৰ বোকাত খোজ দিবলৈ কেৰেপ নকৰে। লখ আৰ্ণৰ অকলশৰীয়া দ্বীপত টেন্ট একোটাত ডেৰেনে নিশাৰ পিছত নিশা চিকাৰী শিয়ালৰ পৰা কাৰলিউৰ বাহৰ পহৰা দিয়ে। ক’ৰবাত এনে এবিধ চৰাই দেখাৰ খৱৰ পালেই সকলো এৰি ঢপলিয়াই যায় মাৰ্ক! আয়াৰলেণ্ডৰ প্ৰকৃতি সংৰক্ষণৰ হকে নিষ্ঠাৰে লাগি থকা মানুহৰ দল এই নেচাৰ সংগঠন।

তুলিকাৰ সন্তোষৰ ভাৱটো পিছে বেছিপৰ নিটিকিল৷ কাম সামৰি গৈ পুনৰ সেই এলুমিনিয়ামৰ জপনাখন খুলিব লওঁতেই ঘেচ্ কৈ তাৰ সন্মুখতে ৰ’লহি এখন সেউজীয়া ফাৰ্ম বাগী৷ দেখাত গলফ্‌ কৰ্টৰ সৰু গাড়ীবোৰৰ দৰে। এই বাগীবোৰ ফাৰমানাত খুবেই জনপ্ৰিয়৷ চালকৰ আসনত এজন থুলন্তৰ মানুহ। চিনি নাপালেও তেওঁলৈ চাই তুলিকাই হাত জোকাৰিলে৷ মানুহজনৰ বয়স হয়তো পঞ্চাছৰ ঘৰত৷ তপা মূৰটো আৰু গাতত সোমোৱা চকুহালৰ বাবে মানুহজনক বেছি বয়সস্থ যেন দেখাইছে যেন৷ তেওঁ ইয়াৰে এজন খেতিয়ক বুলি তাই ধাৰণা কৰি ল’লে৷

মানুহজনে তাইক কোনো প্ৰত্যুত্তৰ নিদিয়াকৈ বাগীৰ ইঞ্জিন বন্ধ কৰিলে৷ বাগীৰ পৰা জাপ মাৰি নামিল। কাষ চাপি আহি তেওঁ কিছু ৰুক্ষ মাতেৰে কোনো সম্বোধন নকৰাকৈ কিন্তু তাইকে লক্ষ্য কৰি ক’লে,

মোৰ মাটিত কোনো বাহিৰা মানুহে ভৰি দিয়াটো মই নিবিচাৰোঁ। 

তেওঁৰ খঙাল মাতষাৰ শুনি তুলিকাই থতমত খাই গ’ল৷ সাধাৰণতে প্ৰায়বোৰ আইৰিছ খেতিয়কৰ আন্তৰিক ব্যৱহাৰৰ সৈতেহে তাই অভ্যস্ত হৈ আহিছে৷ এইজনৰ ৰূপেই বেলেগ চোন!  

‘অহ, কি কথাত বেয়া পাইছে অলপ শান্ত হৈ বুজাই কওকচোন। মই বুজিবলৈ চেষ্টা কৰিম।- যথাসম্ভৱ নিজকে চম্ভালি তাই যিমান পাৰি নম্ৰতাৰে ইংৰাজীতে ক’লে।

বুজাই ক’বলৈ কিটো আছে৷ এইখন মোৰ পথাৰ আৰু ইয়াত মই নেচাৰৰ কাকো জৰীপ কৰিবলৈ দিব নোৱাৰোঁ৷ যোৱাবাৰ মোৰ পথাৰত তোমালোকৰ কোনোবাই জৰীপ কৰিছিল৷ খেতিৰ একো নজনা কোনোবা এগৰাকী৷ মোৰ এটা গৰুক ভয় খুৱাই খালত সোমাৱালেগৈ৷’ বৰ লম্ফ জম্ফ কৰি তেওঁ কথা কেইষাৰ ক’লে৷

তুলিকাই খৰকৈ চিন্তা কৰি চালে৷ এনেয়ে কোনোবাই এনে আপত্তি দেখুৱালে তেওঁৰ পথাৰত জৰীপ নকৰিবলৈকে মাৰ্কে উপদেশ দিছিল৷ কিন্তু এইখন পথাৰতে যে তাই এইমাত্ৰ কাৰলিউ চৰাইৰ বাহ এটা আৱিষ্কাৰ কৰি আহিছে! গতিকে এইজন খেতিয়কৰ সৈতে মোকামিলা কৰি পথাৰখন চোৱাচিতা কৰি থকাটো অত্যন্ত জৰুৰী৷

‘মই জনা নাছিলো, বেয়া নাপাব৷ মই ইয়াত নতুন, এইবছৰহে জইন কৰিছোঁ৷ আপুনি ঠিকেই কৈছে, আপোনালোকৰ দৰে এই খেতি-পথাৰৰ জ্ঞান নাই আমাৰ৷ আমি চৰাই-চিৰিকটিৰ পিছত লাগি ফুৰা মানুহহে!’ পৰিৱেশতো পাতল কৰিবলৈ তাই অলপকৈ হাঁহিলে৷

‘তাকেইতো! নাজানিলে ক’ব লাগে মোক, নহয় জানো? তেনেকৈ পৰি মোৰ গৰুটো মৰা হ’লে বা দুখ পোৱা হ’লে মোৰ কিমান লোকচান হ’লহেঁতেন জানানে?’- জন মেক ভিটিৰ মাতটো কিছু কোমল হোৱা যেন পাই তুলিকাই সকাহ পালে৷ 

সেই সুযোগতে তাই ক’লে,

‘একেবাৰে সঁচা কথা৷ আপুনি নিবিচাৰিলে আমি কোনো কাৰণতে ইয়াত আহি জৰীপ নকৰোঁহি৷ কিন্তু মই নিজেই এইমাত্ৰ চাই আহিছোঁ- আপোনাৰ পথাৰখনে ইয়াৰ চৰাই-চিৰিকটিৰ বৰ উপকাৰ কৰিছে৷ সেয়ে আপত্তি নাথাকিলে আপোনাৰ পৰা মই আয়াৰলেণ্ডৰ খেতি-পথাৰৰ কথা জানি বুজি ল’ব খোজো। সেয়া বুজাটো আপুনি কোৱাৰ দৰেই আমাৰ কামৰ কাৰণে বৰ দৰকাৰী।’

কেই মুহূৰ্তমান জন মেকভিটি তাপ মাৰি ৰ’ল৷ তুলিকাই দাত ওঁঠ কামুৰি ৰ’ল উৎকন্ঠাত৷

তাৰ পিছত তেওঁ কৈ উঠিল,

‘ঠিক আছে! সময় আছে যদি ব’লা খেতি দেখুৱাম তোমাক৷’

‘এতিয়া?’ ঘটনাৰ পাকচক্ৰত তুলিকা অলপ আচৰিতেই হ’ল৷

‘অঁ, এতিয়া যাবলৈ তোমাৰ অসুবিধা হ’ব নেকি?’

‘নাই নাই, ব’লক৷ ভালহে হ’ব, আপোনাৰ পথাৰখন ভালকৈ চাব পাৰিম৷’ তাই তৎক্ষণাৎ মান্তি হৈ গ’ল৷ এই সুযোগ হেৰুওৱাৰ প্ৰশ্নই নুঠে!

এইবাৰ দুয়ো একেলগে এলুমিনিয়ামৰ জপনাখনেৰে সোমাল৷ 

‘মোৰ নাম তুলিকা৷ আপুনি জন মেকভিটি, নহয় জানো?’ তুলিকাই এইবাৰহে চিনাকি ল’বলৈ সুযোগ পালে যেন!

‘অঁ অঁ ময়েই জন৷’ এইবাৰ জন ক্ষন্তেক আগৰ ব্যৱহাৰৰ বাবে অলপ অপ্ৰস্তুত হ’ল যেন৷ তপা মূৰটোতে হাত ফুৰাই বেঙাৰ দৰে হাঁহি এটা মাৰিলে তেওঁ৷

জন তাইৰ আগে আগে খোজ দি আগবাঢ়িল৷ দ পথাৰখনৰ বোকাই পানীয়ে অভ্যস্ত তেওঁৰ বুটজোতাযোৰে যেন একোলৈকে কেৰেপ নকৰে এনে ভাৱ হ’ল তুলিকাৰ৷ তেওঁৰ গৰু-ভেড়াৰ পৰিচালনা, পথাৰত ৰাছ ঘাঁহ বাঢ়ি হোৱা অসুবিধা, যোৱাবছৰৰ বানপানীৰ ক্ষয়-ক্ষতি ইত্যাদিৰ কথা বাটে বাটে ক’বলৈ লাগিল৷ তুলিকাই মন দি শুনি গ’ল মাথোঁ৷

অলপ আগতে সাৱধানেৰে এৰাই যোৱা আইৰিছ মইলড গৰুৰ জাকটোৰ পৰা কিছু দূৰৈত তেওঁ ৰৈ গ’লহি৷ তেওঁক দেখি তুলিকাও থমকি ৰ’ল৷

কাম বঅঅঅছ! আহা আহা।’ তুলিকাক প্ৰায় চক্ খোৱাই গৰুজাকক উদেশ্যি দীঘলীয়াকৈ তেওঁ উকি এটা মাৰিলে৷

চিনাকি মাতৰ উকিটো শুনিয়েই গোটেইজাক গৰু তেওঁৰ কাষ চাপি আহিল৷ দুটামানে আহি তেওঁ গাতে গা ঘঁহাই দিলেহি৷ 

গৰুজাকৰ সৈতে জন মেকভিটিৰ যেন সম্পূৰ্ণ ভিন্ন ৰূপ! বৰ আন্তৰিকতাৰে তেওঁ সিহঁতৰ পিঠিত হাত ফুৰাই দিলে৷ আপোন মানুহৰ দৰে দুই-এষাৰ পাতিলে৷ গৰুবোৰেও উত্তৰত হেম্বেলিয়াই উঠিল৷ 

‘এইহাল নতুনকৈ আনিছোঁ বুজিছা৷ ডেক্সটাৰ জাতৰ৷ বৰ বন্ধুসুলভ৷’ তুলিকালৈ চাই তেওঁ আপোনমনে কৈ গ’ল৷

তাইৰ তেতিয়াহে চকুত পৰিল ৰঙচুৱা কিছু সৰু আকাৰৰ গৰু হাল৷ সোধো নোসোধোকৈ তাই সুধিলে৷

‘ময়ো হাত বুলাই চাব পাৰোঁনে?’ 

‘চোৱা চোৱা৷ ইহঁতহালে অকণো আমনি নাপায়!’

এইবাৰ তুলিকায়ো কাষ চাপি আহি পিঠিত লাহেকৈ হাত বুলাই দিলে৷ গৰুটোৱে নিৰ্জু দুচকুৰে তাইলৈ কিছুপৰ চাই থাকি তাইৰ হাততে চেলেকি দিলে৷ তাই খিলখিলাই হাঁহি পেলালে৷ জনেও হাঁহিলে৷

‘অঁ তোমাক বন্ধু কৰি ল’লেই চোৱা!’

তুলিকাই যেন এইবাৰহে উপলব্ধি কৰিব পাৰিলে এই গৰুজাক জনৰ বাবে কিমান গুৰুত্বপূৰ্ণ৷ ইহঁত তেওঁৰ কেৱল ৰোজগাৰ নহয়, সুখ-দুখৰ লগৰীয়াও৷ তাইৰ ভাৱ হ’ল যেন পৃথিৱীৰ সকলো দেশতে মাটি আৰু খেতিয়কৰ সেই একেই চিৰন্তন আত্মীয়তা৷ 

উভতনিৰ বাটত জনৰ সৈতে তাইৰ কথা-বতৰা যথেষ্ট সহজ হৈ আহিল৷ জনে উৎসাহেৰে কৈ গ’ল কেনেকৈ এটা সময়ত কৰ্ণকেক চৰাইৰ ক্ৰেক ক্ৰেক’ মাতত নিশা তেওঁ নিশা টোপনি যাব নোৱাৰিছিল৷ একেলগে কেইবাটাও চৰায়ে ইটোৱে সিটোক মাতি থাকিছিল সন্ধিয়াৰ পৰা কেতিয়াবা মাজনিশালৈকে৷  আৰু এতিয়া ক’তো এটাও দেখা পাবলৈ নাই৷ 

তুলিকাই কৌতুহলেৰে প্ৰশ্ন কৰিলে, 

‘কৰ্ণকেক বোৰ কিয় নোহোৱা হৈ গ’ল বাৰু আপোনাৰ মতে?’

‘আয়াৰলেণ্ডত খেতি কৰাৰ ধৰণ সলনি হোৱাৰ কাৰণেই৷ জানাই নহয়, ইয়াত ইমান বৰষুণ হয় যে খেতি পথাৰৰ ঘাঁহ কেতিয়াও শুকাবলৈকে নাপায়৷ আগতে খেতিয়কে একেবাৰে গৰমৰ দিনকেইটাত মানে ধৰা জুলাই-অগষ্ট মাহত ঘাঁহ কাটি শুকাবলৈ দিছিল। সেইবোৰ শীতৰ দিনকেইটা গৰু-ভেড়াবোৰক খুৱাবলৈ সাঁচি থৈছিল৷ এতিয়া নতুন বেইলড চাইলেজ পদ্ধতি ওলাল৷ ঘাঁহ শুকুৱালৈ ৰোৱাৰ দৰকাৰেই নপৰে৷ সেয়ে খেতিয়কে মাৰ্চ-এপ্ৰিলতে সেমেকা ঘাঁহকে চীল কৰি সাঁচি ৰাখিব পৰা হ’ল৷’ 

‘গতিকে খেতিয়কৰ ঘাঁহ কটাৰ সময় সলনি হোৱাৰ লগে লগে চৰাইবোৰে এপ্ৰিল-মে’ মাহত বাহ সাজিবলৈ পথাৰবোৰত ঘাঁহ নোহোৱা হৈ পৰিল, নহয় জানো?’

জনে হয়ভৰ দিলে৷ লগতে কৈ উঠিল,

‘মই পিছে এইখন পথাৰত চাইলেজ কৰা নাই দেই৷ এই পথাৰখন ইমানেই জেকা যে চাইলেজ কৰিও বিশেষ লাভ নহ’ব৷ সেয়া দেখিছাই নহয় ৰাছ ঘাঁহবোৰে কেনেকৈ ছাটি ধৰিছে৷’

‘হয়, কিন্তু চাইলেজ নকৰি বৰ ভাল কৰিছে আপুনি! ইয়াতে কাৰলিউ এহালে বাহ সাজিবলৈ আৰম্ভ কৰিছে৷ গতিকে আপোনাৰ পথাৰখন চৰাইবোৰৰ বাবে বৰ গুৰুত্বপূৰ্ণ৷ আপুনি চৰকাৰী স্কীমত নাই নেকি? স্কীমত থকা খেতিয়কে ৰাছবোৰ কাটিবলৈ চৰকাৰৰ পৰা সহায় পায় নহয়!’

জন উৎসুক হৈ পৰিল,

হয় নেকি? যোৱাবছৰ মোৰ চুবুৰীয়া ফ্ৰেংকে ফৰ্ম জমা দিয়াৰ কথা শুনিছিলো৷ কিন্তু গোটেইবোৰ অনলাইন কৰিব লাগে হেনো৷ মই আজিলৈকে কম্পিউটাৰত একো কৰিবলৈকে শিকিব নোৱাৰিলো বুজিছা৷ আমাৰ দৰে গৰু-গাই লৈ ব্যস্ত থকা মানুহৰ সেইবোৰ শিকিবলৈ সময় ক’ত! তাতে চকুৰেও জুপি থকিবলৈ টান পাওঁ৷’

‘সেইটো একো সমস্যাই নহয়৷ স্কীমৰ কামত খেতিয়কক সহায় কৰিবলৈ স্থানীয় অফিচত সহায়কাৰী থাকে নহয়৷ এইবছৰ ময়ো সহায় কৰিম৷ আপোনাৰ দৰে পৰিৱেশ আৰু খেতি দুয়োটাই বৰ্তাই ৰাখিব খোজা খেতিয়কৰ বাবেই এই এনভাইৰনমেন্টেল পেমেন্ট স্কীম! আপুনি চাইলেজ নকৰি পৰম্পৰাগত ভাৱেই পথাৰখন ৰাখিছে। ৰাসায়নিক সাৰো দিয়া নাই৷ স্কীমত সোমালে এই সকলোবোৰৰ কাৰণে চৰকাৰে আপোনাক  উপযুক্ত ক্ষতিপূৰণ দিব৷ সেইখিনি টকা আপোনাৰ প্ৰাপ্য৷’ সুযোগ পাই তুলিকাই স্কীমখনৰ গোটেই কথাখিনি বুজাই ক’লে৷

জন এইবাৰ দস্তুৰমত সুখী হ’ল, ‘বৰ ভাল পালো দেই জানি৷ এইবছৰ কেতিয়ালৈ আবেদন কৰিব পাৰিম বাৰু?’

‘আপুনি একো চিন্তা নকৰিব৷ সাধাৰণতে জুন মাহত আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ আপোনাক মই ফোন কৰি জনাম আৰু আবেদন কৰিবলৈও যি পাৰোঁ লাগি দিম বাৰু৷’

‘বঢ়িয়া৷ জনাবা তেনে৷’

ইতিমধ্যে দুয়ো আহি বাগীখনৰ কাষ পাইছিলহি৷ তুলিকাৰ মিনি কুপাৰখন কিছু আঁতৰত ৰখাই থোৱা আছিল৷ জনক বিদায় দি গাড়ীৰ ফালে খোজ লোৱাৰ পূৰ্বে তাই সুধিলে,

‘অহা মাহত আকৌ এবাৰ আপোনাৰ পথাৰখনত জৰীপ চলাবলৈ পালে বৰ সুখী হ’ম৷ আপোনাক আগেয়ে ফোন কৰি জনাম যাতে আগৰ দৰে একো ঘটনা নঘটে, হ’বনে?’

‘ঠিক আছে, তুমি আহিবা বুলি আগতীয়াকৈ জানিলে মই বলধবোৰ আঁতৰাই থ’ম বাৰু৷ আচল ভয়টো সিহঁতবোৰৰ পৰাহে৷ ঘপকৈ অচিনাকি মানুহ দেখা পালে সিহঁতে চিধাই আক্ৰমণ কৰিব খোজে বুজিছা৷’ জনে একেবাৰে শান্তভাৱে ক’লে৷ 

তুলিকা সুখী হৈ পৰিল৷ গাড়ীখন সেই ঠেক বাটটোত এৰি দিয়ে তাই ৰেডিঅ’টো লগাই দিলে৷ গুণগুণকৈ ৰেডিঅ’ৰ গানৰ লগে লগে সুৰ মিলাই মুকলি মন এটাৰে অফিচলৈ উভতিল৷ 

ইতিমধ্যে তাইৰ পেটে কলমলাইছিল৷ ইমান পুৱাতে ওলাই গৈ পিছত জনৰ লগত কথা-বতৰা পাতি থাকি একো এটা খাবলৈকে নহ’ল৷ অফিচত লান্স টাইম হোৱাত ভালেই পালে তাই৷ লাউঞ্জতে মাৰ্ক, লিছা আৰু ফিয়’নাক লগ পালে৷ কফিত শোহা দি লৈ তাই বৰ উৎসাহেৰে সকলোকে পুৱাৰ কাহিনী ক’লে৷ 

‘তুমি জন মেক ভিটিক মান্তি কৰালা! কি কোৱাহে৷ আজি দুবছৰে আমি চেষ্টা কৰি আছোঁ। তেওঁক আমাৰ স্কীমলৈ আনিবলৈ৷’ মাৰ্কৰ দুচকুত বিস্ময়৷

‘ফাৰমানাৰ মানুহৰ মুখে মুখে তেওঁৰ খঙৰ কাহিনী বুজিছা!’ লিছাই হাঁহি ক’লে৷

‘যোৱাবছৰৰ ঘটনাটো কি কওকচোন৷’ তুলিকাৰ কৌতুহল হ’ল৷

‘আচলতে আল্ষ্টাৰ ৱাইল্ডলাইফ নামৰ সংগঠনটোৰ কোনোবা নতুন স্বেচ্ছাসেৱী এজনে জৰীপ কৰোঁতে সেই ঘটনাটো ঘটিছিল৷ জৰীপ কৰি থাকোঁতে ঘপকৈ সন্মুখত গৰুটো দেখি ভয় খাই দৌৰ দিলে৷ গৰুটোৱেও চক খাই উভতি দৌৰ দিওঁতে গৈ খালত পৰিলগৈ৷ জন মেক ভিটিয়ে তেওঁৰ ওপৰত কেছ দিয়াৰ পৰ্য্যায় পাইছিলগৈ৷ তাৰ পিছৰ পৰা মানুহজনে ৱাইল্ডলাইফৰ মানুহৰ নামকে শুনিব নোখোজে, তুমি যে মান্তি কৰাব পাৰিলা সেয়া বৰ ডাঙৰ কথাই৷’ ক্ষন্তেক ৰৈ মাৰ্কে পুনৰ ক’লে, ‘এয়া সঁচাই তোমাৰ কৃতিত্ব,তুলিকা।’ 

মাৰ্কৰ প্ৰশংসাই তুলিকাক আপ্লুত কৰিলে৷ তাই যেন পুনৰ এবাৰ উপলব্ধি কৰিলে, পৃথিৱীৰ যি কোণতেই নহওক সকলো মানুহৰ হৃদয়ৰ ৰং ৰূপ একেই। সকলো মানুহৰ আবেগ-অনুভূতিৰ চাকনৈয়া একেই৷ এই প্ৰথমবাৰৰ বাবে তাইৰ হৃদয়ত এটি বিশ্বাসৰ সুঁতি জাগিল, আয়াৰলেণ্ডৰ এই অজান্তি মুলুকত তাইৰ এটি ঠিকনা হৈছে বুলি। এই সমাজৰ বাবে, ইয়াৰ প্ৰকৃতিৰ বাবে কিবা এটা কৰাৰ সামৰ্থ্য তাইৰ মাজত আছে বুলি৷

লান্স কৰিয়ে অফিচৰ সকলো ঘৰাঘৰি যাবলৈ ওলাল৷ জৰীপ চলি থকাৰ সময়খিনিত দুইমান বজাৰ ভিতৰতে অফিচৰ পৰা সকলো ওলায়৷ পুৱা চাৰি-পাঁচ বজাতে কাম আৰম্ভ হয় বাবে তেতিয়ালৈ অফিচৰ নিৰ্ধাৰিত সময়খিনি পূৰ হৈয়ে৷ তুলিকাও ওলাল৷ ঘৰ পায়ে তাই দেখা পালে মাকৰ মেচেজ৷

‘তই অকলেই সেই ঠাইবোৰত গাড়ী চলাই ঘুৰি ফুৰিছ নে?’

মেচেজটো পঢ়ি তাই হাঁহি পেলালে৷ মনতে ক’লে, 

‘এয়াতো মাথোঁ আৰম্ভণি মা! আৰু বহুত বাকী এতিয়াও৷ বহুত! মোৰ যে ইমান হেঁপাহ, মা!’

No comments:

Post a Comment