Thursday 18 May 2023

উপন্যাস: ফাৰমানা (দ্বিতীয় খণ্ড)

গাড়ীৰ দীঘলীয়া লানিটোৰ কাষেৰে গৈ তুলিকাই অপ্ৰস্তুত ভাৱে মূলপথৰ ক্ৰছিঙৰ শুভ্ৰ আঁচকেইডাল পাৰ হ’ল৷ তাইৰ কাষেৰে অগা-পিছাকৈ পাৰ হৈ গ’ল এগৰাকী সত্তৰোৰ্ধৰ মহিলা, কুকুৰ এটাৰ সৈতে এজন আদহীয়া ব্যক্তি আৰু স্কুলৰ ইউনিফৰ্ম পৰিহিত দুটি কিশোৰ৷ সম্পূৰ্ণ অচিনাকি যদিও প্ৰত্যেকেই তাইলৈ চাই সৌজন্যসূচকভাৱে মাত লগালে, ‘গুড মৰ্ণিং!’

এনিছকিলেন টাউনৰ এটা সচৰাচৰ আইৰিছ ৰাতিপুৱা৷ অভিমানত উথলি উঠা এটা শিশুৰ দৰে আকাশৰ আজি ওন্দোলোৱা মুখ৷ এই যেন টপ্ টপ্ কৈ বৰষুণৰ টোপাল হৈ চকুলো সৰিব। কিন্তু মানুহবোৰৰ যেন বতৰলৈ বিশেষ ভ্ৰক্ষেপ নাই৷ স্কুল-চাকৰিৰ ব্যস্ত সময় বাবে মূলপথটোত গাড়ীৰ লানি লাগিছে৷ গাড়ীৰ ভিতৰত কোনোবা ডেকাই এমুখ অস্থিৰতা লৈ অচল হৈ ৰোৱা সন্মুখৰ গাড়ীবোৰলৈ ভূমুকিয়াই চাইছে; কোনোবা দেউতাকে পিছৰ আসনত বহি থকা শিশুটিক ইটো সিটো কথা কৈ ওমলাবলৈ চেষ্টা কৰিছে; কোনোবা এখনত এগৰাকী নাৰীয়ে আলষ্টাৰ ৰেডিঅ’ত ভাঁহি অহা প্ৰিয় গানটোতে সুৰত সুৰ মিলাইছে৷ এটা নতুন দিনক আদৰাৰ বাবেই যেন সকলো ব্যতিব্যস্ত হৈ পৰিছে৷

দহমিনিটমানৰ ভিতৰতে তুলিকা থিয় দিলেগৈ বিশাল গেইট এখনৰ সন্মুখত৷ ‘ৱাটাৰৱেইজ আয়াৰলেণ্ড’- ফাৰমানা কাউণ্টিৰ কণমানি নগৰ এই এনিছকিলেনৰ পৰম্পৰাগত আৰ্হিৰ ঘৰবোৰৰ লগত খাপ নোখোৱা এটা বিশাল আধুনিক অট্টালিকা৷ অট্টালিকাটোৰ বাওঁফালে নিচেই কাষেৰে বৈ গৈছে আৰ্ণ নৈখন৷ নৈৰ পাৰত এফালে শাৰী শাৰী অ’ক গছ আৰু আনফালে ওখ ঝাওবনজাতীয় বননি এখন। এটা মনোৰম চৌহদ৷ গুগুলমেপে তাইক জনালে, এয়াই তাইৰ নতুন কৰ্মস্থলী৷

তাইৰ মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে এটা শিহৰণ বৈ গ’ল! ৰিচেপশ্যনত থিয় দি তাই চুটি ফিৰফিৰীয়া চুলিখিনিত হাত বুলাই শান্ত কৰি ল’লে৷ জানুৱাৰীৰ শীতৰ সৈতে অহৰহ যুঁজি থকা উমাল কোটটো আৰু ঊলৰ স্কাৰ্ফখন খুলি লৈ চাৰ্ট আৰু জিনছটোও এনেয়ে ঠিকঠাক কৰি ল’লে৷ ৰিচেপশ্যন ডেস্কত তাইৰ বয়সৰে যুৱতী এগৰাকী৷ তেওঁৰ পিন্ধনত পাতল হালধীয়া এটা টেংক টপৰ ওপৰত এটা ক’লা কাৰ্ডিগান আৰু মুগাবৰণীয়া পেন্সিল স্কাৰ্ট। তুলিকাক দেখি তেওঁৰ কীবৰ্ডত ব্যস্ত হাত দুখন থমকি ৰ’ল। কম্পিউটাৰ স্ক্ৰীণত আবদ্ধ দুচকু তুলি তেওঁ মিচিকিয়া হাঁহি এটা লৈ আগবাঢ়ি আহিল৷

‘গুড মৰ্ণিং! মই কেথেৰিন৷ কওকচোন, আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?’ তেওঁ ইংৰাজীতে ক’লে। কথাষাৰত আইৰিছ সুৰ স্পষ্ট।

তুলিকায়ো অলপকৈ হাঁহি মাত দিলে,
‘গুড মৰ্ণিং! মোৰ নাম তুলিকা৷ মই নেচাৰ আয়াৰলেণ্ডৰ মাৰ্ক ৰ’বছনক লগ পাব খুঁজিছোঁ৷’

কেথেৰিনে যেন তাইৰ কাৰণেই বাট চাই আছিল তেনে এটা ভাৱেৰে সুধিলে,
‘অঁ আপুনিয়েই নেচাৰৰ নতুন কনজাৰভেশ্যন অফিচাৰ?’

‘হয়, অফিচত আজি মোৰ প্ৰথম দিন৷’

কথাষাৰ শুনিয়েই কেথেৰিনে উচ্ছল হাঁহিৰে কৈ উঠিল,

‘আচলতে আজি মোৰো প্ৰথম দিন! কিন্তু আপুনি আহিব বুলি এই অলপ আগতে খৱৰ পাইছোঁ৷ ৰ’ৱ, এতিয়াই নেচাৰৰ অফিচত খৱৰ দিছোঁ।’

নিমিষতে দুয়ো যেন কিবা এটা সংযোগ অনুভৱ কৰিলে৷ চাকৰিত প্ৰথম দিনৰ অনিশ্চয়তা আৰু উত্তেজনাৰে উখল-মাখল হৈ থকা দুখন হৃদয়ৰ আন্তৰিক সংযোগ! মনৰ অস্বস্তিখিনি যথেষ্ট আঁতৰি যোৱা যেন ভাৱ হ’ল তুলিকাৰ৷

কেইমিনিটমানৰ পিছতে ধীৰ খোজেৰে এজন ব্যক্তি সোমাই আহিল ৷ বয়স হয়তো পঞ্চাছৰ ঘৰত। চকুত লগাকৈ ওখ, অবিন্যস্ত কেকুঁৰা চুলি আৰু প্ৰশান্তিভৰা এখন মুখ৷ আগতে কেইবাবাৰো স্কাইপৰ আলোচনাত দেখা পোৱা সেই মুখখন তুলিকাই চিনি পালে৷ মাথোঁ তেওঁ ইমান ওখ-পাখ বুলিহে যেন ধাৰণা কৰা নাছিল৷

‘হেল্ল’! তুমি তুলিকা নহয়নে?’ তুলিকাই হাঁহিভৰা মুখেৰে হয়ভৰ দি আগবাঢ়ি আহিল৷ তেন্তে এৱেঁ মাৰ্ক, তাইৰ লাইন মেনেজাৰ৷

মাৰ্কে তাইক মূল অফিচ কোঠাটোলৈ আগবঢ়াই নি সকলোৰে লগত চিনাকি কৰাই দিলে৷ হাউছপ্লেণ্টৰ সৰু-বৰ টাবেৰে আৱৰি থকা টেবুলখনৰ পৰা মূৰ তুলি সম্ভাষণ জনালে লখ আৰ্ণ ৰিজাৰ্ভৰ ৱাৰ্ডেন লিছাই৷ প্ৰজেক্ট মেনেজাৰ ফিয়না আৰু সহকাৰী ৱাৰ্ডেন ডেৰেনে কফিৰ ফিল্টাৰটো লৈ অফিচ কোঠাত সোমাইছিলহি৷ দুয়ো তাইৰ সৈতে কৰমৰ্দন কৰিলে৷ মাৰ্কে দেখুৱাই দিয়া তাইৰ টেবুলখনত অফিচ বেগটো থৈ তুলিকা বহি পৰিল৷ কোঠাটোত তাইৰ বিপৰীতে থকা টেবুলখনৰ পৰা ফিয়নাই উৎসাহেৰে মাত দিলে,

‘ৱেলকাম ট্যু ফাৰমানা৷ ইয়াত থাকি আৰু কাম কৰি তুমি সঁচাই ভাল পাবা, চাবা!’

তুলিকাই মুৰ দুপিয়াই হাঁহিলে মাথোঁ৷ মনতে ভাৱিলে, সঁচাকৈয়ে এইখন দেশে আপোন কৰি ল’বনে তাইক? বিদেশী বন্ধু বুলি দুয়ো হাত মেলি আকোঁৱালি ল’বনে? তাইকযে এই সাৰথিৰ খুবেই প্ৰয়োজন! শূন্যৰ পৰা আকৌ নতুনকৈ জীৱন-বৃত্ত আৰম্ভ কৰিবলৈ- ছন্দ হেৰাই যোৱা কবিতা এটা নতুনকৈ ৰচিবলৈ!

‘এইখনেই আজিৰ পৰা তোমাৰ কামৰ ঠাই৷’- মাৰ্কৰ মাতত তাইৰ তন্ময়তা ভাঙিল৷ তেওঁৰ দৃষ্টি অনুসৰণ কৰি তাই চাই পঠিয়ালে দেৱালত বন্ধাই থোৱা সুবিশাল লেণ্ডষ্কেপ ফটোখনলৈ৷

এখন সেউজীয়া ঘাঁহনি পথাৰ৷ একাষে কেইটামান গৰুৱে আপোনমনে ঘাঁহ খোৱাত লাগিছে৷ সুদূৰত অকোঁৱা পকোৱাকৈ বাট বুলা এখন নদীৰ চপচপীয়া পানী আৰু দিগন্তত মিলি যোৱা গাঢ় নীলা শাৰী শাৰী পাহাৰবোৰ৷ ঠিক যেন সৰুতে সিহঁতে স্কুলত অঁকা প্ৰাকৃতিক দৃশ্যৰ ছৱিবোৰৰ এখন!

‘কি সুন্দৰ!’ তাই কৈ উঠিল৷

মাৰ্কে হাঁহি মাৰি ক’লে, ‘আজি ওলাবা৷ ফিল্ডৱৰ্কৰ দুখনমান ঠাই তোমাক দেখুৱাম৷’

হেল্থ এণ্ড চেফটিৰ পৰা পেনছনলৈকে বহুখিনি আনুষ্ঠিনকতা সামৰি এটা সময়ত দুয়ো সঁচাই ওলাই আহিল৷ মাৰ্কে তেওঁৰ ক’লা ট’য়টা গাড়ীখন পাৰ্কিং লটৰ পৰা উলিয়াই আনি তাইৰ সন্মুখত ৰ’লহি৷ অপ্ৰস্তুত হাঁহি এটাৰে তেওঁ চালকৰ আসনৰ পৰা নামি আহি কাষৰ আসনৰ পৰা গামবুট এযোৰ আৰু টেলিস্কোপটো পিছৰ আসনত থ’লে৷ দুৱাৰখন তাইলৈ বুলি খুলি দি তেওঁ কৈ উঠিল,

‘ফিল্ডৰ সা-সৰঞ্জাম লৈয়ে ফুৰা হয় যে, সেয়ে গাড়ীৰ ভিতৰৰ অৱস্থা এয়া!’

তুলিকাই একো নকৈ মাথোঁ লাহেকৈ হাঁহি মাৰ্কৰ কাষৰ আসনত বহি পৰিল৷ বহিয়েই তাইৰ চকুত পৰিল মাৰ্কৰ গাড়ীত ওলমি ৰোৱা সৰু ঘনকটোত৷ বিভিন্ন ৰূপত এটি শিশুৰ ছৱি ঘনকৰ প্ৰতিখন পৃষ্ঠতে৷ কণমান কেঁচুৱাৰ পৰা সেউজ ঘাঁহনিত থৰক বৰক খোজ পেলোৱা নীলিম দুচকু আৰু নিৰ্মল হাঁহিৰে এজনী কণমানি ছোৱালী৷ হয়তো মাৰ্কৰ সন্তান, তাই ভাৱিলে৷

ফাৰমানা টাউনৰ ঘৰ-দোকান-পোহাৰ এৰি গাড়ী আগবাঢ়িল সেউজ পথাৰৰ মাজৰ মসৃণ বাটেৰে৷

‘তোমাৰ এইবাৰেই আয়াৰলেণ্ডত প্ৰথম নেকি?’ ইটো সিটো কথাৰ মাজতে মাৰ্কে সুধিলে৷

‘আচলতে আগতে এবাৰ আহিছিলো, এনেয়ে ফুৰিবলৈ৷ অৱশ্যে ফাৰমানাৰ ফালে অহা নহ’ল৷ বেলফাষ্ট আৰু অ’ণ্ট্ৰিম ক’ষ্টৰ কেইখনমান ঠাই চায়ে উভতি গ’লোগৈ৷’

পলকতে তুলিকাৰ চকুত ভাঁহি উঠিল মাথোঁ দুবছৰৰ আগৰ সেই উচ্ছল মুহূৰ্ত্তবোৰ৷ কিমান সুখী আৰু ভাগ্যৱতী বুলি ভাৱিছিল তাই নিজকে! সাগৰৰ উত্তাল ঢৌৱে খুন্দিয়াই থকা জায়েণ্ট ক’জৱেৰ সেই আশ্চৰ্য্যকৰ শিলৰ খট্ খটীবোৰত পাখিলাহী পখিলাৰ দৰে তাই দেও দি ফুৰিছিল। তাইৰ সেই উচ্ছলতা কেমেৰাত বন্দী কৰিবলৈ তাইৰ লগে লগে এমোকোৰা হাঁহিৰে ঢ়পলিয়াই ফুৰিছিল বিদ্যুৎ! কিমান সহজে যেন জীৱনৰ ৰূপ সলনি হয়৷ খেলিমেলি হৈ পৰে পোৱা-নোপোৱাৰ হিচাপবোৰ!

‘অঁ বুজিছোঁ৷ সেইটো তোমাৰ আইৰিছ ট্যুৰিষ্ট ট্ৰেইলৰ এটা অংশ৷’– মাৰ্কৰ মাতত তাই বাস্তৱলৈ উভতি আহিল৷

‘বেছিভাগ মানুহেই সেইবোৰ ঠাই চায়ে উভতি যায়গৈ৷ কিন্তু উত্তৰ আয়াৰলেণ্ডৰ সেই পূবৰ ঠাইবোৰতকৈ পশ্চিমৰ এই ফাৰমানা বহুত বেলেগ৷ ইয়াত কিছুদিন কটোৱাৰ পিছত তুমি নিজেই গম পাবা৷’

মূলপথ এৰি এইবাৰ গাড়ীয়ে বাওঁহাতে উপপথ এটা ল’লে ৷ বাটৰ একাষে এখন চাইনবৰ্ড- ‘চোৱানলিনবাৰ পথ’৷ তাই লক্ষ্য কৰিলে অন্যৰ দৰে মাৰ্কে মেপ চাই গাড়ী চলোৱা নাই৷ ফাৰমানাৰ বাট-পথ সকলো যেন তেওঁৰ নখ-দৰ্পনত! কৌতূহলী হৈ তাই মাৰ্কক সুধি পেলালে,
‘আপুনি কিমান দিনৰ পৰা ইয়াত আছে?’

‘যোৱা বাইছ বছৰ ধৰি। আচলতে প্ৰথমে ইয়াত কেইবছৰ মান কাম কৰিম বুলিহে আহিছিলো৷ কিন্তু ফাৰমানাৰ মোহত পৰি কোনোদিন ওলাই যোৱা নহ’ল আৰু!’

বাইছ বছৰ! এই একেখন ঠাইতে! মাৰ্কৰ শান্ত-সৌম্য মুখখনলৈ চাই তাই অনুমান কৰিবলৈ চেষ্টা কৰিলে তেওঁৰ হৃদয়েৰে কিমান ঢৌ বাগৰি গৈছে সেই বছৰবোৰত? এই কণমানি নগৰখনত এনে কি মায়া সনা আছে যি ধৰি ৰাখিব পাৰে মাৰ্কৰ দৰে এজন ব্যক্তিক চিৰদিনলৈ?

‘আপুনি তেন্তে ফাৰমানাৰ দুটা দশকৰ সকলো পৰিৱৰ্ত্তন নিজ চকুৰে দেখিছে, কি এক অভিজ্ঞতা সেয়া!’ তাই নিজকে সম্বৰণ কৰিব নোৱাৰি কৈ পেলালে৷

মাৰ্কে হোহোৱাই হাঁহি উঠিল৷
‘হয় চাগৈ! মই নিজে তেনেকৈ ভাৱিয়ে চোৱা নাই আচলতে৷ কিন্তু এটা কথা সঁচা, ট্ৰাব’লছৰ আগৰ আৰু পিছৰ ফাৰমানাৰ ৰূপ বহুত বেলেগ!’

ষাঠিৰ দশকত সমগ্ৰ উত্তৰ আয়াৰলেণ্ডক অস্থিৰতাৰ মাজত ডুবাই ৰখা ত্ৰিছ বছৰীয়া সংঘাতৰ সময় সেই ট্ৰাবলছ৷ সমগ্ৰ দেশখনকে বহুধা বিভক্ত কৰি পেলোৱা সেই সময়খিনিৰ প্ৰসংগই মাৰ্কক অস্বস্তিত পেলাব পাৰে বুলি তাইৰ আশংকা হ’ল৷ 

লুকে কৈছিল তাইক, ‘আয়াৰলেণ্ডত পৰাপক্ষত ৰাজনীতি আৰু ধৰ্মৰ প্ৰসংগ এৰাই চলিবা। দুয়োটাই বৰ স্পৰ্শকাতৰ বিষয়!’


কিন্তু কিছুপৰ নিজৰ চিন্তাৰ সোঁততে মগ্ন হৈ থাকি মাৰ্কে পুনৰ কৈ উঠিল,
‘আয়াৰলেণ্ডৰ অৱস্থাটোৰ কথা তুমি গম পোৱাই চাগৈ৷ বহুত ভয়ানক দিন পাৰ হৈ গৈছে। এতিয়াও ঠিক ভাললৈ আহিছে বুলি ক’ব নোৱাৰি৷ কিন্তু ট্ৰাব’লছৰ ভয়াবহ অতীতৰ লগত একোৰে তুলনা কৰিব নোৱাৰি৷’

তুলিকাই মূৰ দুপিয়ালে, ‘মই আচলতে ইয়াৰ আগৰবাৰ আয়াৰলেণ্ডলৈ আহোঁতেহে এই কথাবোৰ গম পাইছিলো৷ কেথ’লিক আৰু প্ৰটেষ্টাণ্টৰ মাজৰ সংঘাত আৰু ট্ৰাব’লছৰ সময়ৰ ভয়াবহতাই কেনে ৰূপ লৈছিল এইবোৰ কাহিনী ট্যুৰ গাইডে কৈছিল৷’

‘তাকেই৷ ৰাজনীতি আৰু ধৰ্ম কেনেকৈ সনাপোটোকা হৈ পৰে আৰু মানুহৰ জীৱনবোৰ কেনেকৈ তছনছ কৰি পেলাই তাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু ক’ত পাবা! একেবাৰে চমূকৈ ক’বলৈ গ’লে, ইয়াৰ বেছিভাগ প্ৰটেষ্টাণ্ট ইংৰাজ মূলৰ আৰু তেওঁলোকে উত্তৰ আয়াৰলেণ্ড ইংলেণ্ডৰ সৈতে থকাটো বিচাৰে৷ কেথ’লিক সকলে বিচাৰে ইংৰাজৰ শোষণৰ পৰা মুক্ত হৈ উত্তৰ আয়াৰলেণ্ড ৰিপাব্লিক অব আয়াৰলেণ্ডৰ সৈতে অতীতৰ দৰেই একেখন দেশ হওক৷ ত্ৰিছবছৰীয়া ট্ৰাব’লছৰ আন্দোলনৰ গুৰি এইটোৱে৷ অৱশ্যে আৰু বহুতো কাৰণ আছে৷’

‘আপুনি তেনে ট্ৰাব’লছৰ সময়তে ইংলেণ্ডৰ পৰা ইয়ালৈ আহিছিল?’

‘তাকে, সেই সময়ত ইংৰাজ এজনৰ এনেকুৱা এখন সৰু ঠাইত কেনে অৱস্থা হ’ব পাৰে অনুমান কৰিব পাৰিছাই চাগৈ! মোৰ পিছে তেতিয়া ভয়-ভীত তেনেকৈ নাছিল৷ সমস্যা নোহোৱা নহয়- হৈছিল৷ এতিয়াও ধৰ্মীয় সেই দিশটো আৰু মোৰ ইংৰাজ পৰিচয়টোৰ কথা মনত ৰাখি মই কিছু ভাৱি চিন্তিহে ৰাজহুৱাকৈ মতামত দিওঁ বা কামবোৰ কৰিবলৈ চেষ্টা কৰোঁ৷ কিন্তু সেইটো কথাই ফাৰমানাৰ প্ৰতি মোৰ আন্তৰিকতাত অকণো প্ৰভাৱ নেপেলায়৷’

কিয় জানো তুলিকাৰ ভাৱ হ’ল, এইজন মনুহজনৰ ভিতৰত ঠাকে ঠাকে বহু কাহিনী সোমাই আছে, সোমাই আছে বহু নোকোৱা-নুশুনা গীতৰ সুৰ৷ তাইৰ ইচ্ছা হ’ল সেইবোৰৰ সাঁথৰ ভঙাৰ, মাৰ্কৰ দুচকুৰে ফাৰমানাৰ সেই ৰূপ দৰ্শন কৰাৰ৷ কিন্তু একো নক’লে তাই- কোৱাৰ কথা নহয়৷ চাকৰিৰ প্ৰথম দিনা প্ৰথমবাৰ লগ পায়ে লাইন মেনেজাৰক এইবোৰ সোধাৰ কথা নহয়!

গাড়ীখন এইবাৰ এটা ঠেক বাটেৰে আগবাঢ়ি গ’ল৷ বাটৰ দুয়োকাষে তাই অফিচৰ দেৱালৰ ফটোত দেখাৰ দৰে সেউজীয়া পথাৰ৷ মাৰ্কে গাড়ীৰ গতি লেহেমীয়া কৰি তাইক দেখুৱালে,

‘সৌৱা যে দেখিছা দূৰৈত জিলিকি থকা মিহি সেউজ ঘাঁহনিবোৰ, সেইবোৰ আমি উন্নত পথাৰ বুলি কওঁ৷ তাত সাৰ দি, বিলাতী ঘাঁহ লগাই খেতিয়কে গৰু আৰু ভেড়া ৰাখিছে৷ এনেকুৱা ঘাঁহনিত তুমি কাউৰী আদিৰ বাহিৰে বিশেষ চৰাই-চিৰিকটি নেদেখা৷ লাভৰ কথা ভাৱি ঘাঁহনিবোৰ এনেকৈ উন্নত কৰাৰ কাৰণেই আয়াৰলেণ্ডত বহুতো চৰাই কমি গৈছে৷ বিশেষকৈ কাৰলিউ চৰাই৷ তুমি জানাই চাগৈ?’

‘হয়, অলপ অচৰপ জানো৷ যোৱা দহ-বিছ বছৰৰ ভিতৰতে কাৰলিউ চৰাইৰ সংখ্যা কমি গৈ প্ৰায় কেইশমানহে আছেগৈ; নহয় জানো?’

‘অঁ, লগতে ঘাঁহনিত বাহ সজা স্নাইপ, ৰেড চেংক, গঙাচিলনী আদি চৰাইৰো সংখ্যা বহুত কমিল৷’

‘আগতেনো আইৰিছ পথাৰবোৰ কেনে আছিল?’

‘আজি তাকে দেখুৱাবলৈকে আনিছোঁ তোমাক৷’ মাৰ্কে হাঁহি মাৰি ক’লে আৰু গাড়ীৰ ষ্টীয়েৰিং পকালে।

‘নেচাৰ আয়াৰলেণ্ডে নিজৰ ৰিজাৰ্ভবোৰ অতীতৰ দৰেই গৰু-ভেড়া চৰিব পৰা আৰু চৰাই-চিৰিকটিও থাকিব পৰাকৈ পৰিচালনা কৰি আহিছে৷ কিন্তু ৰিজাৰ্ভৰ বাহিৰৰ খেতিপথাৰবোৰত স্থানীয় খেতিয়কৰ সৈতে মিলি প্ৰকৃতি সংৰক্ষণৰ কাম আজি কেইবছৰমানৰ আগৰপৰাহে আমি আৰম্ভ কৰিছোঁ৷ কনজাৰভেশ্যন অফিচাৰ হিচাপে তোমাৰো মূল দায়িত্ব এইটোৱে৷ আইৰিছ খেতিয়কসকলক খেতি-পথাৰবোৰ কেনেকৈ পৰিচালনা কৰিলে খেতি ভাল হ’ব আৰু জৈৱবৈচিত্ৰ্য্যও সংৰক্ষণ কৰিব পৰা হ’ব সেয়া তুমিয়ে পৰামৰ্শ দিবা৷’

এইখিনি ধাৰণা ইতিমধ্যে তুলিকাই কৰিব পাৰিছেই৷ মাথোঁ তাইৰ চিন্তা, সম্পূৰ্ণ নতুন এই দেশত সকলোবোৰ জানি বুজি লৈ খেতিয়কক এইবিষয়ে পৰামৰ্শ দিব পৰা পৰ্য্যায় এটা তাই পাবগৈনে!

তাইৰ মনৰ আশংকা বুজিয়ে যেন মাৰ্কে কৈ উঠিল,
‘শুনাত বহুত ডাঙৰ দায়িত্ব যেন লাগিব পাৰে৷ কিন্তু চিন্তা নকৰিবা৷ আমাৰ টিমৰ প্ৰত্যেকেই তোমাক কথাবোৰ বুজি লোৱাত সহায় কৰিব৷ সোনকালেই কামবোৰ শিকি ল’ব পাৰিবা৷’

কেইমিনিটমানৰ ভিতৰতে গাড়ীখন ৰ’লগৈ এখন পথাৰৰ সীমাত৷ পথাৰখনৰ সিপাৰে সুবিশাল এক জলাশয়৷ দিগন্তত তাই অফিচৰ দেৱালত দেখা সাইলাখ সেই গাঢ় নীলা পাহাৰ৷

‘এই ঠাইখনৰ নাম লাষ্টি৷ কাৰলিউ আৰু অন্য কেইবাবিধো চৰায়ে প্ৰতিবছৰে এই পথাৰবোৰত বাঁহ সাজি পোৱালি জগায়৷ গতিকে লাষ্টি আমাৰ সকলোতকৈ বঢ়িয়া ঠাইবোৰৰ এখন!’ মাৰ্কে ক’লে৷

‘আৰু সিপাৰে সেয়া?’

‘অ, সেয়া উজনি লখ আৰ্ণ৷ কেলটিক ভাষাত লখ মানে হ্ৰদ৷ আৰ্ণ নৈখনেই ফাৰমানাৰ উত্তৰে বিশাল নামনি লখ আৰ্ণ হ্ৰদ আৰু দক্ষিণত অকোৱা পকোৱাকৈ বৈ গৈ এইপাৰে এই সৰু সৰু দ্বীপ সৃষ্টি কৰিছে৷ আমাৰ ৰিজাৰ্ভ নামনিতহে৷ লখ আৰ্ণৰ উজনিত এইবোৰ গাৱঁত আইৰিছ খেতিয়কৰ সৰু-বৰ খেতি পথাৰ৷ আৰ্ণৰ উজনি আৰু নামনি দুয়োভাগেই প্ৰকৃতি সংৰক্ষণৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ৷ সেয়ে এইপাৰেও খেতিয়কৰ সৈতে মিলি আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ৷’

বতৰ ডাৱৰীয়াই হৈয়ে আছিল৷ হয়তো যিকোনো মুহূৰ্ত্ততে এজাক বৰষুণ আহিব৷ দুয়ো আঁঠুলৈকে ঢাক খোৱা ৱেলিংটন বুটজোতা পিন্ধি ল’লে৷ লগতে পানী নসৰকা ৱাটাৰপ্ৰুফ ট্ৰাউজাৰ৷ মাৰ্কে ক’লে,

‘লখৰ পাৰৰ পথাৰবোৰত বছৰৰ বেছিভাগ সময়তে দ বোকা থাকে৷ তাতে ওখ ঘাঁহ থাকিলে কঁকাললৈকে তিতিবাই৷’

দুয়োৰে বুটজোতাই অনায়াসে সেই বোকা-পানী গৰকি আগুৱাই গ’ল৷ মাজে মাজে উৰি যোৱা দুই এটা চৰাই বাইনকুলাৰ লৈ দুয়ো চকু দিলে৷ জলাশয়টোৰ পাৰে পাৰে খোজ দি দুয়ো আগবাঢ়িল৷

‘ফাৰমানাৰ পথাৰবোৰ প্ৰায়ে লখৰ পানীয়ে বুৰাই পেলায়৷ তাতে ইয়াত বৰষুণো খুউব হয়৷ গৰু-ভেড়া চৰাই খেতিয়কৰ বিশেষ লাভ নহয়ে বুলি ক’ব পাৰি৷ ইয়াত অকল খেতিৰ ওপৰতে ভৰসা কৰি জীৱনতো চলাই নিয়াটো প্ৰায় অসম্ভৱ কথা ৷’

তুলিকাই মন দি মাৰ্কৰ কথাবোৰ শুনি গ’ল৷ আইৰিছ ইতিহাস, খেতি, সমাজ, চৰাই-চিৰিকটি- সকলোবোৰ জানিবলৈ তাইৰ অপাৰ আগ্ৰহ৷ সকলোবোৰ ইমান নতুন, ইমান ভিন্ন সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ভাৰতৰ পৰা!

‘এই পথাৰখন বাটত দেখি অহা পথাৰবোৰতকৈ কিমান বেলেগ মন কৰিছানে? সেইবোৰৰ দৰে ইয়াত অকল এবিধ ঘাঁহেই নাই- গোটেই পথাৰখনৰ অ’ত ত’ত এই ওখ জোপোহা ঘাঁহবিধো আছে৷ এইবোৰক কোৱা হয় ‘ৰাছ’৷’

মাৰ্কে আঙুলিয়াই দিয়া জোপোহাবিধৰ ঘাহঁবোৰ তাই চুই চালে৷ ওখ কিন্তু নিমজ লাহী ঘাঁহ৷

‘নিয়ন্ত্ৰণত নাৰাখিলে এইবোৰে গোটেই পথাৰখন ছাটি ধৰিব পাৰে৷ কিন্তু গৰুৱে খাই কমাই ৰাখিলে এই ঘাঁহবিধেই বহুতো চৰাইক বাঁহ সাজিবলৈ বা পোৱালি জগাবলৈ আশ্ৰয় দিয়ে৷’

‘সেইকাৰণেই কোন সময়ত কিমান গৰু বা ভেড়া চৰাব সেইটো ভাৱি চিন্তি ঠিক কৰি দিয়াটো দৰকাৰী, নহয় জনাো?’

‘ঠিকেই ধৰিছা৷ শুনিলে আচৰিত লাগিব পাৰে, কিন্তু চোৱা এই লেণ্ডস্কেপত চৰাই সংৰক্ষণৰ কাৰণে খেতি কিমান দৰকাৰী!’



ইতিমধ্যে কিনকিনিয়া বৰষুণ এজাক আৰম্ভ হ’ল৷ জলাশয়ৰ পাৰে পাৰে গৈ গোটেই পথাৰখনত এপাক মাৰি উভতি আহে মানে দুয়ো প্ৰায় জুৰুলি-জুপুৰি হ’ল৷ মাৰ্কৰ পিছে তালৈ যেন ভ্ৰূক্ষেপেই নাই৷ হয়তো সঘনাই হোৱা বৰষুণৰ লগত সহজ এক আত্মীয়তা গঢ়ি উঠিছে অতবছৰে৷ 

বৰষুণৰ মাজেৰেই গাড়ীৰ কাষলৈ উভতি অহাৰ পৰত দুয়োৰে চকুত পৰিল, মাৰ্কৰ ট’য়টাখনৰ কাষতে ৰৈছেহি অন্য এখন ৰঙা গাড়ী৷ বৰষুণৰ টোপালবোৰ মোহাৰি নিয়া ৱাইপাৰ ব্লেডৰ অগা-দেৱাৰ মাজেৰে তুলিকাই দেখা পালে এখন আটিল মুখ৷ মাৰ্কে ক’লে,

‘অহ, সেয়া গেৰি চোন! গেৰি জনষ্ট’ন এই পথাৰৰ মালিক৷ আমি ইয়ালৈ আহিম বুলি তেওঁক কালিয়ে জনাই থৈছিলো৷ সেয়ে আহি ওলাইছেহি চাগৈ৷ এওঁ চৰকাৰৰ পৰা জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে সহায় পোৱা খেতিয়কবোৰৰ এজন- গতিকে তুমি এওঁৰ লগতো কাম কৰিবা। ব’লা আজি চা-চিনাকি হৈ ল’বা৷’

তুলিকাৰ মনত অলপ উত্তেজনা, অলপ অপ্ৰস্তুত ভাৱ৷ প্ৰথমদিনাই খেতিয়কৰ সৈতে মুখামুখি! তাই জানে, ফাৰমানাৰ বহুতো খেতিয়কৰ সৈতে ওত:প্ৰোতভাৱে তাই কাম কৰিব লাগিব। কিন্তু তাইৰ যে একো ধাৰণাই নাই তেওঁলোকে তাইক কেনেকৈ ল’ব!

ৰেইনকোটেৰে তপা মূৰটো ঢাকি লৈ গেৰি জনষ্ট’ন গাড়ীৰ পৰা ওলাই আহিল৷ তুলিকাই ভৱাৰ দৰে বয়সস্থ নহয় এওঁ- প্ৰায় চল্লিশ বছৰীয়ামানহে হ’ব৷ তেজে ফুটো ফুটো কৰা মুখেৰে এজন মদগজ চেহেৰাৰ মানুহ৷

‘হাই মাৰ্ক, হুৱাটছ্ দ্য ক্ৰেইক?’- মাৰ্কৰ সৈতে কৰমৰ্দন কৰি গাঢ় আইৰিছ সুৰেৰে গেৰি জনষ্টনে কৈ উঠিল৷ গেৰিয়ে কিনো বুজালে তুলিকাই ঠিক ধৰিব নোৱাৰিলে৷ আয়াৰলেণ্ডৰ ইংৰাজী কোৱাৰ ধৰণটোৰ সৈতে তাই এতিয়াও সহজ হোৱা নাই। কেতিয়াবা গাঢ় আইৰিছ সুৰটো আৰু কেতিয়াবা আইৰিছ উপভাষাৰ বাবে তাই কথাবোৰ বুজাত খেলিমেলি লাগি যায়। গেৰিয়ে কোৱা কথাষাৰো পিছত মাৰ্কক সুধিব লাগিব বুলি তাই মনত ৰখাৰ চেষ্টা কৰিলে।

গেৰিয়ে তাইলৈ এবাৰ চাই আকৌ মাৰ্কলৈ দৃষ্টি ঘূৰাই নিলে। মুখত এটা প্ৰশ্ন৷ মাৰ্কে চিনাকি কৰি দিলে,
‘গেৰি, এয়া তুলিকা। এওঁ তোমালোকৰ নতুন কনজাৰভেশ্যন অফিচাৰ৷’

গেৰিয়ে অলপ আশ্চৰ্যৰে তাইলৈ চাই ক’লে, ‘হয় নেকি! সোধাৰ কাৰণে বেয়া নাপাব, আপুনি আচলতে ক’ৰ?’

‘মই ভাৰতীয়৷’

‘ইমান দূৰৰ দেশ এখনৰ পৰা আহি আপুনি ফাৰমানাৰ দৰে এখন ঠাই কেনেকৈ পালেহি?’ বিস্ময়ত গেৰিৰ চকুহাল বহল হৈ গ’ল৷

তুলিকাই হাঁহি পেলালে৷ আইৰিছ খেতিয়ক এজনৰ পৰা প্ৰথম দেখাতে এনে প্ৰতিক্ৰিয়া হয়তো তাই আশা কৰা নাছিল৷ 

ঠিকেই, ক’ৰপৰা কেনেকৈ যে আহি এই ফাৰমানা পালেহি তাই! আজি দুমাহৰ আগতে নাম নুশুনা-নজনা এই অজান্তি মুলুকত! জীৱনৰ কি এক পৰিক্ৰমাই তাইক ইয়াত পোৱালেহি সেয়া তাই নিজেও যেন বুজা নাই এতিয়াও৷ তাই মাথোঁ চমুকৈ সামৰি থ’লে,

‘কামৰ কাৰণে! কাম ইয়াত পালো, সেয়ে ইয়ালৈকে আহিলো!’

‘ঠিকেই ঠিকেই! কামেই আমাক অ’লৈ ত’লৈ নি থাকে, নহয় জানো?’ গেৰিৰ বিস্ময় সম্পূৰ্ণকৈ মাৰ নগ’লেও সৌজন্যৰ খাতিৰতে পতিয়ন যোৱাৰ দৰে মূৰ দুপিয়ালে৷

‘ফাৰমানাত কেনে পাইছে? বতৰে খুউব আমনি দিছে নহয়?’

‘যোৱা সপ্তাহত আহিছোঁহে! বতৰ এইকেইদিন বেয়া লগা নাই- ব্ৰিটেইনৰ অন্য ঠাইৰ দৰেই লাগিছে৷’

‘নাই নাই, ব্ৰিটেইনৰ পৰা আয়াৰলেণ্ডৰ বতৰ সম্পূৰ্ণ বেলেগ দেই! দুদিনমান থাকিলে গম পাব, ইয়াত একেটা দিনতে বছৰৰ গোটেইবোৰ ঋতু দেখা পায় বুলি এনেয়ে নকয়৷ কেতিয়া ৰ’দ দিব, কেতিয়া ঠিকেই কৰিব নোৱাৰে বতৰে!’ নিজৰ কথাত ৰস পাই গেৰিয়ে ঘেটঘেটাই হাঁহি পেলালে৷

এইবাৰ গেৰিয়ে মাৰ্কলৈ চাই ক’লে,
‘আজি পথাৰখন কেনে দেখিলে?’

‘সকলোবোৰ ঠিকেই দেখিলোঁ, আপুনি খুউব ভালকৈ পথাৰখন চোৱা-চিতা কৰি আহিছে৷ সেইকাৰণেইতো এই পথাৰখনত প্ৰতিবছৰে ইমানবোৰ কাৰলিউয়ে বাহ সাজেহি।’

গেৰিয়ে সন্তুষ্টিৰ হাঁহি এটা মাৰিলে৷ তুলিকাই নীৰৱে মাথোঁ বুজাৰ চেষ্টা কৰিলে এই দেশৰ খেতি-পথাৰ, চৰাই-চিৰিকটি, মানুহৰ দৈনন্দিন জীৱনৰ ৰং- ৰূপু৷ সোনকালেই এই দায়িত্ববোৰ তাইৰ কান্ধত পৰিবহি। তেতিয়ালৈ এই মাটি আৰু ইয়াৰ মানুহৰ সৈতে তাই ভালকৈ চিনাকি হোৱাৰ দৰকাৰ।

সিদিনা অফিচলৈ উভতি আহি মাৰ্কৰ উপদেশমতে তাই উজনি লখ আৰ্ণৰ সকলো খেতিয়কক উদেশ্যি এখন চিঠি লিখিলে,

‘নেচাৰ আয়াৰলেণ্ডৰ তৰফৰ পৰা বহনক্ষম উপায়েৰে খেতি কৰাত আপোনালোকক সহায় কৰিবলৈ পাই মই অত্যন্ত সুখী৷ আশা কৰোঁ, আপোনালোকে সদায় কৰি অহাৰ দৰেই আগলৈও নেচাৰৰ লগত একেলগে পৰিৱেশ সংৰক্ষণৰ প্ৰচেষ্টাবোৰ আগবঢ়াই নিয়াত সহযোগ কৰিব৷ যিকোনো সহায়ৰ বাবে মোক যোগাযোগ কৰিবলৈ কুণ্ঠাবোধ নকৰে যেন৷’

সন্ধিয়া তুলিকা উভতি আহিল মাথোঁ এসপ্তাহ আগতে লোৱা এজনীয়া এপাৰ্টমেণ্টটোলৈ৷ অফিচৰ বেগটো বহাকোঠাৰ মজিয়াতে একাষে থ’লে। মুহূৰ্ততে যেন অৱশ ভাৱ এটাই দেহ-মন আৱৰি পেলালে। কাপোৰ নসলোৱাকৈয়ে ফ্ৰিজৰ পৰা আগনিশা আনি থোৱা পাষ্টা এখিনি অভেনত ভৰাই দিলেহি৷ প্লেট এখনত ধোঁৱাই থকা পাষ্টাখিনি লৈ তাই চিধাই টিভিটোৰ সন্মুখত বহিলহি৷

কেইবাটাও চেনেলত অহৰহ আহি থাকিল ব্ৰেক্সিটৰ বাতৰি৷ সমগ্ৰ দেশখনেই যেন ব্ৰেক্সিটৰ অনিশ্চয়তাত প্ৰমাদ গণিছে৷ জটিলৰ পৰা জটিলতৰ হৈছে পৰিস্থিতি, গভীৰতৰ হৈ গৈ আছে দেশৰ বিভিন্ন খণ্ডৰ মাজৰ বিভাজন৷ খৱৰবোৰ চাই চাই তুলিকা অন্যমনস্ক হৈ পৰিল৷ ব্ৰিটেইনৰ কি এক সন্ধিক্ষণৰ সময়ত তাইৰ জীৱনটোও ওলমি ৰৈছে সূতা ছিঙা চিলা এখনৰ দৰে? পাৰিবনে আজিৰ এই নতুন আৰম্ভণিয়ে আউল লাগি পৰা জীৱনটোৰ আঁত উলিয়াব! পাৰিবনে তাই এই এপাৰ্টমেণ্টত এখন নতুন ঘৰ সাজিবলৈ?

সেই কালনিশাৰ পিছদিনাই কাপোৰ-কানি যি পাৰে ছ্যুটকেছত ভৰাই তাই ওলাই গৈছিল। এয়াৰ বিএনবিত এটা ঘৰ বিচাৰি তাতে সোমাইছিলগৈ৷ এয়াৰ বিনএনবিৰ গৃহস্থই বুজা নাছিল, কিয় এইগৰাকী আলহী গোটেই সময়ছোৱা কোঠাৰ বাহিৰকে ওলোৱা নাছিল৷ কাৰো সৈতে এষাৰো কথা নপতাকৈ তাই সময়তকৈ আগতেই আয়াৰলেণ্ডলৈ গুচি আহিল৷ কিবা এক প্ৰচণ্ড ক্ষোভত, এক জেদত। যদি জীৱনে এই কেঁকুৰিটোত এইটো বাটকে দেখাইছে তেনে সেই বাটকে তাই আকোঁৱালি ল’ব বুলি। অতীতত অতীত কৰি শূন্যৰ পৰাই এটা নতুন জীৱন আৰম্ভ কৰিব বুলি৷

কিমান সময় টিভিৰ স্ক্ৰীণত চকু থৈও ভাৱত বিভোৰ হৈ আছিল তাই ক’ব নোৱাৰিলে৷ হঠাৎ কোমল সুৰ এটাৰ শব্দত তাই বাস্তৱলৈ উভতি আহিল৷

কোঠাটো ইতিমধ্যে অন্ধকাৰত ডুব গৈছে৷ টিভিৰ নীলা পোহৰছাটিয়ে এটা চুক পোহৰাই ৰাখিছে মাথোঁ৷ তাই শব্দটোৰ উৎস বিচাৰি গম পালে, ফোনটো এতিয়াও অফিচৰ বেগতে সোমাই আছে৷ আধাখোৱা পাষ্টাৰ প্লেটখন কাষৰ টেবুলখনতে থৈ তাই খপজপকৈ বেগটোৰ কাষ পালেগৈ৷

ফোনৰ স্ক্ৰীণত জিলিকি উঠিল আছমাৰ হাঁহিভৰা মুখ! আগতে তুলিকাৰ হৃদয় উদ্বেলিত কৰি তোলা ছৱিখনে আজি তাইৰ মনলৈ বোৱাই আনিলে আশংকা, শোক আৰু ক্ষোভৰ এখন পাৰভঙা নৈ৷ ইয়াৰ আগতেও এই সপ্তাহটোত কেইবাৰমান আছমাৰ ফোন আহিছে। প্ৰতিবাৰে তুলিকা একেদৰেই স্থবিৰ হৈ পৰিছে৷ জানেনে আছমাই উলুপী আৰু বিদ্যুতৰ কথা? জানক বা নাজানক, তাই কেনেকৈ মুখামুখি হ’ব সেই আছমাৰ সৈতে? উলুপীৰ মাক আৰু তুলিকাৰ বন্ধু- দুয়োটা পৰিচয় সম্পৰ্কৰ তুলাচালনীত কেনেকৈ জুখিব তাই? কেনেকৈ? কিংকৰ্তব্যবিমূঢ হৈ তাতে থিয় দি ৰ’ল তুলিকা৷

No comments:

Post a Comment