Thursday 25 May 2023

উপন্যাস: ফাৰমানা (পঞ্চম খণ্ড)

ফাৰমানাৰ এই কণমানি চহৰখনত দেওবাৰবোৰ তুলিকাৰ বাবে একাকী হৈ পৰে৷ প্ৰায়ে বহুপৰলৈকে তাইৰ বিছনা এৰিবৰ সত নাযায়৷ সিদিনাও সাৰ পোৱাৰ পিছত বেছ কিছুপৰ তাই বিছনাতে পৰি ৰ’ল৷ তেনেকৈয়ে চিলমিলকৈ পুনৰ টোপনি যাব খোজোতেই ফোনৰ মিহি সুৰটোৱে তাইক জগাই দিলেহি৷

মাকৰ ফোন৷ সৌ সিদিনা লেপটপৰ স্ক্ৰীণত তাইৰ ভাঙি পৰা মুখখন চাই মাকে আশ্বাস দিছিল-

বিশ্বাস ৰাখ মাজনী৷ জীৱনে নিজেই নিজৰ গতি ঠিক কৰি ল’ব৷ সকলো ঠিক হৈ যাব৷’

তেতিয়াৰ পৰা মাকে প্ৰতি দেওবাৰে খৱৰ লোৱা হৈছে৷ ঘৰৰ ইটো সিটো খৱৰ দিবলৈও লৈছে৷ ঘনাই সোঁৱৰাবলৈ লৈছে, তাই নিজৰ যত্ন লোৱাৰ দৰকাৰ৷ যেন সাত সাগৰ তেৰ নদীৰ দূৰত্ব নেওচি মাকে পুনৰ মমতাৰ আচলেৰে তাইক আৱৰি ধৰিব খুজিছে৷

কফিকাপ হাতত লৈ মাকৰ সৈতে কথা পাতি পাতিয়ে তাই বেলকনিৰ চকীখনত বহিলহি৷

অকণমানকৈ ৰ’দজাক ওলাইছে৷ তাইৰ এপাৰ্টমেন্টৰ সন্মুখতে মূল পথৰ সিপাৰে এখন নাৰ্ছাৰি৷ ইয়াৰ ভাষাত গাৰ্ডেন চেন্টাৰ৷ আজি তাত দেওবৰীয়া ভিৰ৷ অহৰহ ইখনৰ পিছত সিখন গাড়ী ৰৈছেহি৷ ভাগে ভাগে মানুহবোৰ গৈ গাৰ্ডেন চেন্টাৰত সোমাইছে। কিছুসময়ৰ পিছত হৰেক ৰকমৰ ফুলৰ টাব আৰু গাৰ্ডেন চাপ্লাইৰ গধুৰ বেগবোৰ কেকোঁজেকোকৈ আনি গাড়ীত তুলি লৈ ঘৰমুৱা হৈছে৷

মূল পথৰ দুয়োকাষে পদপথতো মানুহৰ ভিৰ৷ হয়তো পুৱাৰ ৰ’দজাক উপভোগ কৰিবলৈকে মানুহবোৰ ওলাই আহিছে৷ চেগাচোৰোকাকৈ দেখা দিয়া ৰ’দজাকেই যেন ইয়ালৈ ক্ষন্তেকতে আনি দিয়ে উৎসৱমুখৰ এক পৰিৱেশ৷ শীততাপ নিয়ন্ত্ৰিত ঘৰৰ পৰা ওলাই আহি ৰাজহুৱা উদ্যানৰ সুকোমল ঘাঁহনিত ঢপলিয়াই শৈশৱৰ সোণ বুটলে শিশুবোৰে। মাক-দেউতাকবোৰে সিহঁতলৈ চকু ৰাখি কুশল বাৰ্তা বিনিময় কৰে পৰস্পৰে পৰস্পৰৰ সৈতে। বিয়লি বেলাত থিয় দিয়া দুগৰাকীমান ওলাই আহে আৰ্ণ নৈৰ পাৰে পাৰে সতেজ বতাহৰ বা ল’বলৈ৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷

মাকৰ সৈতে কথা সামৰি আজি তুলিকাৰো আৰু ঘৰত সোমাই থাকিবৰ ইচ্ছা নহ’ল৷ টিচাৰ্ট আৰু টাইটছৰ লগতে জেকেট এটা গাত সুমুৱাই তাই ওলাই আহিল৷ মূলপথৰ ব্যস্ততা পিছ পেলাই আৰ্ণ নদীৰ পাৰে পাৰে যোৱা ঠেক বাটটোৰে দৌৰ দিলে । তাইৰ ভৰিৰ দুপ্ দুপ্ শব্দত উচপ খাই ঘাঁহনিত চৰি থকা কানাডা গুজ ৰাজহাঁহ তিনিটা উৰি গ’ল ৷ সিহঁতৰ দীঘল ক’লা ডিঙি আৰু ঠোঁটৰ মাজত জিলিকি উঠিল উজ্বল বগা আঁকবোৰ৷ আৰ্ণ নৈৰ ঢৌৰ সৈতে আপোনমনে খেলা কৰি থকা আমৰ’লীয়া হাঁহ কেইটা, কাষে কাষে উৰি ফুৰা নীলৰঙী জীঞাঁজনী, বতাহজাকৰ সৈতে দুলি থকা পাৰৰ ঝাওবন সকলো মিলি যেন এক অপূৰ্ব প্ৰকৃতিৰ মেলা৷ বহুদিনৰ মূৰত এক নিৰিবিলি সুখৰ জোৱাৰে তুলিকাক স্পৰ্শ কৰি গ’ল ৷

দুভৰিৰ ছন্দতে আপোন পাহৰা হৈ আৰ্ণ নৈৰ পাৰে পাৰে বহু দূৰ পালেগৈ তাই৷ এটা সময়ত কোমল ৰ’দজাক গাত লৈ নৈৰ পাৰতে ঘাঁহনিত তুলিকা বহি পৰিল ৷ এটা সময়ত তাই ওপৰমুৱাকৈয়ে ঘাঁহনিত বাগৰ দিলে। দুচকু মুদি বৰ হেঁপাহেৰে ৰ’দ উমকণ উপভোগ কৰিলে। আজি যে কিমান দিনৰ মূৰত দৌৰিলে তাই! কলেজত পঢ়া দিনত লগৰবোৰে ’ফিটনেছ ফ্ৰিক’ নাম দিয়া তুলিকাজনী লণ্ডনলৈ আহি যেন ক’ৰৱাত হেৰাই গৈছিল! যুগ্ম জীৱনৰ সংজ্ঞাৰ মাজত যেন তাইৰ আপোন সত্ত্বাটো ক’ব নোৱাৰাকৈয়ে বিলীন হৈ গৈছিল ৷ আজি বহু দিনৰ মূৰত, বহু বছৰৰ মূৰত তুলিকাই নিজৰে এটি হেৰাই যোৱা অংশ পুনৰ যেন এবাৰ চুই চাবহে খুজিলে!

কিমান সময় তেনেকৈয়ে পৰি ৰ’ল তুলিকাৰ খেয়াল নহ’ল। তাইৰ কাষেৰে পাৰ হৈ যোৱা কোনোবা শিশু এটিৰ খিলখিলনিতহে তাই খক্‌মক্‌কৈ উঠি বহিল। ইফালে সিফালে চালে। হঠাৎ তাইৰ চকুত পৰিল, তাইৰ ঠিক পোনে পোনেই সেয়া নৈৰ সিপাৰে লাইন মেনেজাৰ মাৰ্ক ৰ’বছন নহয়নে? ঠিকেইতো৷ কেকোঁৰা অবিন্যস্ত চুলিৰে ওখ-পাখ সেয়া মাৰ্কেই৷ মাৰ্কৰ কাষতে এগৰাকী লাহী দেহৰ শ্বেতাংগী মহিলা৷ ছাইবৰণীয়া দীঘল কোটটোৰ ওপৰতে ফুলাম স্কাৰ্ফখনেৰে তেওঁক দেখাতেই আকৰ্ষণীয় বুলি ক’ব পাৰি৷ হয়তো সেয়াই মাৰ্কৰ পত্নী আন্যা৷ দুয়োকে যেন কিছু বিব্ৰত দেখা গৈছে৷ তেওঁলোকক উদেশ্যি কাষতে এগৰাকী তৰুণীয়ে কিবা কৈছে৷ অঁ, সেয়া মাৰ্কৰ গাড়ীৰ সন্মুখত ওলমি ৰোৱা ঘনকটোৰে ছোৱালীজনী নহয়নে? মাৰ্কৰ জীয়েক এলছা! তুলিকাৰ চকুত পৰিল, কিশোৰীগৰাকীৰ দুচকুত আবেগৰ জোৱাৰ। কথাই কথাই নাকৰ পাহি ফুলি উঠিছে৷ তাৰ লগে লগে মাৰ্কৰ চিৰাচৰিত শান্ত-সমাহিত মুখখনো যেন কিছু বিচলিত হৈ উঠিছে৷

আৰ্ণ নদীৰ দুয়ো পাৰ বিশেষ দূৰৈত নহয় বাবেই তুলিকাই সকলো স্পষ্টকৈ দেখা পালে যদিও বিশেষ একো নুশুনিলে৷ কিন্তু তেনেকৈ চাই থকাটো বা সেই পৰিস্থিতিত মাৰ্কে তাইক দেখা পোৱাটো অশুভনীয় হ’ব বুলিয়ে তাই লৰালৰিকৈ উঠিল৷ উভতনিৰ দৌৰত তাইৰ মনত দোলা দি থাকিল মাৰ্কৰ পৰিয়ালৰ সেই ছৱিখন৷ মনত পৰিল, এমিয়ে কৈছিল মাৰ্কৰ জাৰ্মান পত্নী আন্যাৰ হেঁপাহ ইংলেণ্ড বা জাৰ্মেনিলৈ ঘুৰি যোৱাৰ৷ তেনে সেয়াই নেকি আৰ্ণৰ পাৰৰ এই আপাত: সংঘাতৰ গুৰি৷ নাই, তাইতো একোৱে নাজানে মাৰ্কৰ ব্যক্তিগত জীৱনৰ বিষয়ে৷ গতিকে মিছাতে ধাৰণা কৰি লোৱাটো ভুল৷ হয়তো কৈশোৰৰ সহজাত প্ৰক্ৰিয়াৰে অংশ এয়া৷ মাৰ্কে তাইক দেখা নোপোৱাকৈ যে আঁতৰি আহিব পাৰিলে তাতে তুলিকাই স্বস্তিৰ নিশ্বাস পেলালে৷

এপাৰ্টমেন্টৰ দুৱাৰত ছাবি পকাওতেই তুলিকাৰ ফোন বাজি উঠিল৷ কেলামৰ মেচেজ৷

হাই তুলিকা! গাড়ী এখন পাইছোঁ৷ তোমাৰ সময় থাকিলে আজিয়ে এনিছকিলেনলৈ আনি দেখুৱাব পাৰিব বুলি কৈছে৷ মোক জনাবা৷’

সিদিনাই সন্ধিয়া ড্যুন ষ্ট’ৰৰ বিশাল পাৰ্কিং লটত তুলিকাৰ সন্মুখত ৰ’লহি এখন মিনি কুপাৰ৷ বগা ৰুফেৰে সৈতে এখন টিকটিকিয়া ৰঙা মিনি কুপাৰ! সেইখন দেখাৰ লগে লগেই যেন তুলিকাৰ উশাহটো ৰৈ গ’ল!

এয়া যেন এক দৈব সংযোগ! কেনেকৈ? কেনেকৈ?

উৎস


হাঁহিমুখেৰে গাড়ীৰ দুৱাৰ খুলি ওলাই অহা কেলামক দেখি তাই নিজকে সংযত কৰিলে৷ কেলামৰ লগতে চালকৰ আসন এৰি ওলাই আহিল গাড়ীৰ মালিক। এজন বিছ-বাইছ বছৰীয়া যুৱক৷ নাম থ’মাছ৷ বিব্ৰত হাঁহি এটাৰে তাইক ল’ৰাজনে সম্ভাষণ জনালে৷ কিছু থোঁতামোজাকৈ তেওঁ ক’লে,

গাড়ীখন চাই চিতি লওক৷ ট্ৰায়েল ৰান কৰিব খুজিলেও কৰিব পাৰিব৷ মই বন্ধু এজনক লৈ আহিছোঁ৷ সৌ ক’লা ফৰ্ডগাড়ীখনত বহি আছে সি৷ ভাৱিলো, আপুনি যদি গাড়ীখন আজিয়ে নিব খোজে, মই উভতি যাবলৈকে গাড়ী এখন লাগিব৷’

আজিয়ে! তেওঁৰ কথা শুনি তুলিকা অলপ আচৰিত হ’ল। আঁৰ চকুৰে তাই কেলামলৈ চালে৷ এই অচিন দেশৰ ব্যৱসায়ৰ ধৰণ আৰু গাড়ীৰ তলা-নলাৰ বিষয়েও তেওঁতকৈ ভালকৈ কোনে জানিব৷ তুলিকাৰ 
আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ’ ধৰণৰ চাৱনিটো কেলামে ঠিকেই বুজিলে৷

গাড়ীখন এপাক চলাই চাওঁ ব’লা৷’ তাইক উদেশ্যিয়ে তেওঁ কৈ উঠিল৷

কথামতেই কাম। দুয়ো গাড়ীখন ঘুৰি পকি চালে। তাৰপিছত তুলিকাই গাড়ীৰ দুৱাৰ খুলি চালকৰ আসনত বহিল৷ কাষৰ আসনত কেলাম৷ থ’মাছক তাতে এৰি তাই গাড়ীখন উলিয়াই আনিলে ডাবলিন পথলৈ৷ হাইৱেত কেইবাবাৰো গিয়েৰ সলাই সলাই তাই চলাই চালে৷ এটা সময়ত এঠাইত বাটৰ কাষতে গাড়ী ৰখাই কেলামক ক’লে,

চলাই ভালেই পাইছোঁ কেলাম৷ আপোনাৰ মত কি?’

কেলামে ইতিমধ্যে মাইলেজ, ইলেক্ট্ৰ’নিকছ আদি পৰীক্ষা কৰিছে৷ ক্ষন্তেক ভাৱি তেওঁ ক’লে,

ময়ো ঠিকেই দেখিছোঁ, বাকী টায়াৰ, ইঞ্জিন আৰু গাড়ীৰ বাহিৰৰ খিনি দিনতহে ভালকৈ চাবলৈ ভাল হ’ব, নহয় জানো?’

ঠিকেই, ইন্সুৰেন্সৰ খৰচ আদিৰ হিচাপ এটাও আগেয়ে উলিয়াব লাগিব৷’ গাড়ী এখন কিনাৰ আগতে কৰিবলগীয়া কামবোৰৰ তালিকা এখন তুলিকাই মনতে আওৰালে ৷

গাড়ীখন ভাল৷ গতিকে দুই এদিনতে গোটেইবোৰ চাই লৈ ঠিক সিদ্ধান্ত এটা কৰিলে ভাল হ’ব বুজিছা৷ দাম-দৰ ময়ে কৰি দিম বাৰু।’ কেলামে ক’লে।

থ’মাছক দুদিন পিছত লগ কৰি সিদ্ধান্ত জনোৱাৰ প্ৰতিশ্ৰুতিৰে পঠিয়াই দি তুলিকা সন্ধিয়া লগাৰ পিছতহে ঘৰ পালেহি৷ নিজাকৈ গাড়ী এখন কিনাৰ উত্তেজনা আৰু উদ্বিগ্নতাৰ মাজতো তাইৰ মনত দোলা দি থাকিল অন্য এটা প্ৰশ্ন, কি ক’লেহেঁতেন বিদ্যুতে মিনি কুপাৰ খন দেখি? তাইৰ দৰেই বিস্মিত হ’লহেঁতেননে এই আচৰিত সংযোগত? যেন সিহঁতৰ সম্পৰ্কৰ আৰম্ভণি আৰু শেষ একেডাল সূতাৰেই বান্ধি থোৱা আছিল! প্ৰায় ছটা বছৰৰ আগৰ সোঁৱৰণিয়ে পুনৰ তাইৰ বৰ্তমানৰ বাট ভেঁটা দি ধৰিলেহি।

‘চলাই চাবা নেকি?’ চালকৰ আসনত বিদ্যুত৷ কাষত তুলিকা৷ তাৰ ক’লা-বগা মিনি কুপাৰখন দুৰন্ত গতিৰে চলিব ধৰিছিল মূল পথটোত৷

তাৰ কথাত তুলিকা কিছু অপ্ৰস্তুত হৈ পৰিছে৷ স্কাইপৰ পৰ্দাৰ পৰা ওলাই আহি আজি প্ৰথম দুয়ো মুখামুখি হৈছে৷ বাৰে বাৰে আঁৰ চকুৰে তাই তাৰ মুখখন চাইছে৷ চিনাকি যদিও অচিনাকি মুখখন৷ কৌতুকময় দুচকু, হাহোঁ হাহোঁকৈ থকা ওঁঠযুৰি, দীৰ্ঘদেহী এই পুৰুষৰ সৈতে তাইৰ জীৱন জুঁটি পেলোৱাৰ আয়োজন চলিব ধৰিছে। দুয়োটা পৰিয়ালে মাথোঁ বাট চাই ৰৈছে সিহঁতৰ এটা সেউজ ইংগিতলৈ৷ অথচ এয়া মাথোঁ কেইটামান মুহূৰ্তৰ আগেয়ে হৈ গৈছে সিহঁতৰ প্ৰথম পৰিচয়! এনেকৈ জানো গঢ় ল’ব পাৰে হৃদয়ৰ বান্ধোন, মুকলি হ’ব পাৰে এটা যুগ্ম জীৱনৰ বাট?

একো নক’লা যে?’ কৌতুকেৰে তাইলৈ চাই আকৌ ক’লে সি৷

নাই, মোৰ বেছিকৈ গাড়ী চলোৱাৰ অভ্যাস নাই যে, তাতে শিৱসাগৰ টাউনৰ ভিৰৰ মাজত খেলিমেলি লাগি যাব পাৰে৷’ অলপ থতমত খাই তুলিকাই কৈ উঠিল৷

হোহোৱাই হাঁহি উঠিল বিদ্যুত৷ হাঁহি হাঁহিয়ে ক’লে সি,

একো নাই দিয়া৷ উভতাৰ সময়ত হাইৱেৰ ফালে চলাবা তেন্তে৷ মোৰো প্ৰথম এবছৰমান গাড়ী চলোৱাৰ সময়ত অসহজ লাগি থাকিছিল৷ কিন্তু গাড়ী চলোৱাৰ দুৰন্ত হেঁপাহটোৰ জোৰতে সেয়া কেতিয়া আঁতৰিল গমকে নাপালো৷’

ৰংঘৰৰ বাকৰিত বহিছিলগৈ সিহঁত৷ তাই সহজ হৈ আহিছিল লাহে লাহে৷ কিমান কথা যে পাতিছিল সিহঁতে! বিদ্যুতে লণ্ডনৰ জীৱনৰ কথা কৈছিল৷ কৈছিল কেনে অকলশৰীয়া সেই মহানগৰীৰ প্ৰাচুৰ্য্যময় জীৱন৷ প্ৰত্যেকেই কেৱল ব্যস্ত নিজৰ লগত, নিজৰ জীৱনত৷ সেই জীৱনত অসমৰ মফচলীয় চহৰৰ আপোনত্ব নাই, হেঁপাহৰ জোৱাৰ নাই।

বহুদিনৰ চিনাকিৰ দৰে সি মুকলিকৈ কৈছিল,

জানা, লণ্ডনতে যোৱা দহবছৰ কটাইছোঁ যদিও মই অসমক পাহৰা নাই৷ মোৰ কাৰণে এই শিৱসাগৰ টাউনখনহে আপোন ঠাই৷’

তুলিকাই সুধি পেলাইছিল,

ঘুৰি অহাৰ কথা ভাৱিছানে আকৌ?’

ভাৱোঁ মাজে মাজে৷ কিন্তু কামে য’তে দাবী কৰে তাতেই থাকিবলৈ মনটো এতিয়া একপ্ৰকাৰ প্ৰস্তুত হৈ পৰিছে৷’

তাই নীৰৱে ৰৈছিল৷

তোমাৰ কোৱা৷ কি প্লেন?’- বিদ্যুতে সুধিছিল৷

মোৰ? মাষ্টাৰ্চ শেষ কৰি এতিয়া বেচৰকাৰী সংস্থা এটাত কাম কৰি আছোঁ। প্ৰজেক্ট মেনেজাৰ হিচাপে৷ প্ৰজেক্টবোৰ চোৱা চিতা কৰোঁ৷ অলপ এডমিন কাম, অলপ ৰিচাৰ্ছ ৷ কৰি ভালেই পাওঁ৷’

আগলৈ কি ভাৱিছা?’

মানে?’

তাতে আজীৱন কাম কৰাৰ কথা ভাৱিছা নে অন্য কিবা প্লেন কৰিছা?’

নাজানো! সময়েহে ক’ব সেয়া৷’

আমাৰ যদি কথাবোৰ আগবাঢ়ে তুমি মোৰ স’তে লণ্ডনলৈ আহিবানে?’

বিদ্যুতৰ পোনপটীয়া প্ৰশ্নটোত তাই কিছু অপ্ৰস্তুত হৈ পৰিছিল৷ সেয়া লক্ষ্য কৰি সি কৈছিল,

চোৱা, মা-দেউতাহঁতে কি কয় সেইটো পিছৰ কথা, প্ৰথমে তুমি নিজে কি বিচাৰা সেয়া জনাটো মোৰ কাৰণে বেছি দৰকাৰী৷ সেয়ে সুধিছোঁ৷’

খন্তেক ভাৱি তাই কৈ উঠিছিল,

‘লণ্ডনত মোৰ ফিল্ডৰ কিবা কাম পালে এইটো চাকৰি এৰি যোৱাৰ কথা ভাৱিব পাৰোঁ৷ সেইটো নোহোৱাকৈ ইয়াৰ জীৱন, ঘৰ-চাকৰি সকলো এৰি থৈ শূন্যৰ পৰা লণ্ডনত সকলোবোৰ আৰম্ভ কৰাটো মোৰ কাৰণে বৰ টান হ’ব৷’

‘বুজিছোঁ৷’ বিদ্যুত ক্ষন্তেকৰ বাবে গম্ভীৰ হৈ পৰিল৷ কিন্তু ক্ষন্তেক নীৰৱতাৰ পিছতে কিছু ধেমেলীয়া সুৰেৰে সি কৈছিল,

‘তেনে সোনকালে লণ্ডনত চাকৰি বিচাৰিবলৈ আৰম্ভ কৰা৷’

তুলিকাৰ গাল দুখন ক্ষন্তেকতে ৰঙচুৱা হৈ পৰিল৷ একোকে ক’ব নোৱাৰিলে তাই৷ মাথোঁ ভাৱিলে, পাৰিবনে তাই এইজন মানুহৰ সৈতে জীৱনৰ সুখ-দুখবোৰ ভগাই ল’বলৈ? পাৰিবনে আশা আৰু সপোনবোৰ একেলগে ৰচিবলৈ?

ৰংঘৰৰ বাকৰি এৰি উভতনি বাটত হাইৱেৰ ফালে বিদ্যুতৰ মিনি কুপাৰখন আগবাঢ়িল৷ পশ্চিমৰ আকাশত ৰামধেনুৰ ৰং ছটিয়াই দূৰণিৰ ধাননি পথাৰৰ সিপাৰে ৰান্ধনি বেলিটো ডুব গ’ল৷ পথৰ দুয়োপাৰে জলমলাই উঠিল কৃত্ৰিম পোহৰৰ খেলা৷ কিছুপৰ নীৰৱে গৈ ঘাইপথৰ একাষে এঠাইত বিদ্যুতে গাড়ীখন ৰখালে৷ মিচিকিয়া হাঁহি এটাৰে সি ক’লে,

‘চলাই চাবানে এবাৰ?’

‘কি? এতিয়া?’

‘ওঁ এতিয়াই নহ’লে কেতিয়া চলাবা?’

কিছু উদ্বিগ্নতাৰে তুলিকাই তালৈ চালে৷ বিদ্যুতে কোমল হাঁহি এটাৰে লাহেকৈ তাৰ বাওঁ হাতখন তুলিকাৰ হাতত থ’লে। এটা ক্ষণিক স্পৰ্শ৷ সেই স্পৰ্শতে যেন এটা তীব্ৰ শিহৰণ বৈ গ’ল তাইৰ মূৰৰ পৰা ভৰিলৈ৷ আঁতৰাই আনিব খুজিও স্তব্ধ হৈ ৰ’ল তাই৷ তাৰ সলনি প্ৰথমবাৰৰ বাবে তাই নিসংকোচেৰে তাৰ দুচকুত চকু থ’লে ৷ কি এক আকৰ্ষণ সেই উজ্বল দুচকুত৷ কি এক অপূৰ্ব অনুভৱ সেই সান্নিধ্যৰ!

সেই মায়াময় সন্ধিয়া বাটৰ দুয়োকাষৰ বিশাল গছবোৰ, দূৰণিৰ পথাৰ, ধিমিক ধামাক পোহৰেৰে জিলিকি উঠা গাওঁবোৰ পিছলৈ ঠেলি বেছ কিছুপৰ তুলিকাই মিনি কুপাৰখন চলালে৷ ইটো সিটো কথা আৰু হাঁহিৰ মাজতে তাই দেখা পালে বিদ্যুতৰ বিমুগ্ধ দৃষ্টি৷ অনুৰাগৰ প্ৰথম চমকনি৷

বিদ্যুৎ উভতি যোৱাৰ বহুদিন পিছলৈকে সেই সন্ধিয়াটোৰ মাদকতাত ডুব গৈ থাকিল তুলিকা৷ আজিও, বিয়াৰ পিছৰ বহু যন্ত্ৰণাক্লিষ্ট মুহূৰ্তইও সেই মাদকতাত অকণো আঁচোৰ পেলাব নোৱাৰিলে যেন৷

এপাৰ্টমেন্টৰ সৰু পাকঘৰটোত বহুদিনৰ মূৰত আজি তুলিকাই যতনেৰে ভাৰ এসাঁজ ৰান্ধিলে- নিজৰ বাবে৷ আলুৰ পিটিকা কৰি কৰি তাই মনতে ঠিক কৰিলে, আজিৰ দিনটোত অন্তত: তাই সেই অতীতত ডুব গৈ নাথাকে৷ পোৱা-নোপোৱাাৰ হাহাঁকাৰত নিজকে উটুৱাই নিদিয়ে৷তাৰ সলনি তাই এইমুহূৰ্তৰ প্ৰাপ্তিখিনিকে আদৰি ল’ব৷ যিমান বিচাৰিলেও অতীত বা ভৱিষ্যতক জানো নিয়ন্ত্ৰণ কৰিব পাৰি? নিজৰ মতে সজাই ল’ব পাৰি মাথোঁ বৰ্তমানটো৷ তাই চেষ্টা কৰিব এই বৰ্তমানৰ মুহূৰ্তবোৰত জীয়াই উঠিবলৈ৷ মাকে কোৱাৰ দৰেই তাই চেষ্টা কৰিব জীৱনক স্বত:স্ফূৰ্ত্তভাৱেই গতি ল’বলৈ এৰি দিয়াৰ৷

যেন আজি নতুনকৈ এটা আশা আহিল, তাইৰ হৃদয়ত এটা হেঁপাহ জাগিল৷

তৃপ্তিৰে নিশাৰ সাঁজ কৰি আৰামকৈ চোফাত বহি লৈ তুলিকাই টিভিটো অন কৰি দিলেহি৷ অন্যদিনাৰ দৰে ইটোৰ পিছত সিটো চেনেল সলাই সলাই এটা সময়ত তাই ৰৈ গ’ল চেনেল ফৰত৷ তাত জোৰদাৰ চলিছে 
ফাদাৰ টেড’৷ এমিয়ে তাইক কৈছিল, প্ৰায় প্ৰত্যেক আইৰিছৰ প্ৰিয় শ্ব’ এই ফাডাৰ টেড৷ আয়াৰলেণ্ডৰ এক বিছিন্ন দ্বীপত তিনিগৰাকী খ্ৰীষ্টান ধৰ্মযাজকৰ হাঁহিৰ থুনপাক৷ এমিৰ মতে এই সৰল খুহুঁতীয়া চিৰিজত হেনো যিকোনো ডকুমেন্টেৰীতকৈ অধিক সততাৰে আইৰিছ জীৱনৰ প্ৰতিফলন ঘটিছে৷

সেয়া ফাদৰ টেড ক্ৰিলী আৰু ডুগল মেকগুয়াৰে চিনেমা হ’লৰ সন্মুখত প্ৰতিবাদী ফলক লৈ থিয় দিছে৷ কোনোবা এখন পণ্যধৰ্মী চিনেমাৰ বিৰুদ্ধে ফাদৰ টেডে প্ৰতিবাদী শ্লোগান টানিছে,

‘ডাউন উইথ দিছ্‌ চৰ্ট অব থিং! এনে কাম নচলিব!’

‘কেয়াৰফুল নাউ! সতৰ্ক হওক!’ ডুগলে লগে লগে দোহাৰিছে।

নিজৰ অজানিতেই তুলিকাই সশব্দে হাঁহি উঠিল৷ বহুদিনৰ মূৰত৷ প্ৰাণখুলি৷

ইন্সুৰেন্সকে ধৰি সকলোবোৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ ভৱাতকৈ অধিক সময় লাগিল৷ কিন্তু এসপ্তাহ পিছতে তুলিকাই গেৰেজত সোমোৱালেহি তাইৰ প্ৰথমখন গাড়ী! এখন ৰঙা-বগা মিনিকুপাৰ!

No comments:

Post a Comment