Monday 22 May 2023

উপন্যাস: ফাৰমানা (চতুৰ্থ খণ্ড)

সিদিনা আলোচনা কক্ষৰ পৰা তুলিকা নিজৰ টেবুললৈ উভতি আহে মানে দুপৰ হ’ল৷ নেচাৰ আয়াৰলেণ্ডৰ কনজাৰভেশ্যন অফিচাৰ সকলৰ মাজত এইবছৰৰ কামৰ আলোচনা দীঘলীয়াই হ’লগৈ৷ তাতে আজি প্ৰথমবাৰৰ বাবে তুলিকাৰ বাকী অঞ্চলৰ সহকৰ্মীৰ সৈতে চা-চিনাকি হ’ল৷ গতিকে তাই প্ৰায়খিনি সময় পাৰ কৰিলে প্ৰজেক্টৰৰ স্ক্ৰীণত দেখা পোৱা নাম আৰু মুখবোৰ মনত ৰখা আৰু বিভিন্ন অঞ্চলত সহকৰ্মীসকলৰ কাম-কাজৰ লগত পৰিচিত হোৱাৰ চেষ্টাত ৷

আলোচনাৰ শেষত অফিচত বহি প্ৰথমেই তাই ভইচমেইল খুঁচৰি চালে৷ অন্যদিনাৰ দৰেই ফোনৰ সিপাৰে ভিৰ লগালে চিনাকি-অচিনাকি কেইবাটাও কন্ঠই৷ খেতিয়ক ডেনিয়েলে খেতিৰ বাবে আৰ্থিক সাহায্য বিচাৰিছে, কেনেকৈ আগবাঢ়িব ধৰিব পৰা নাই। আয়াৰলেণ্ড চৰকাৰৰ গ্ৰাম্য উন্নয়ন আৰু পৰিৱেশ বিভাগে এটা কৰ্মশালা পাতিব খুজিছে, তুলিকাই অংশ ল’বনে? কেলী নামৰ মহিলাগৰাকীয়ে লখ আৰ্ণ হ্ৰদত এটা ঠেং ভঙা ৰাজহাঁহ দেখা পাইছে, কি কৰিলে ভাল হ’ব জানিব খুজিছে। ভইচমেইল কেইটাৰ উত্তৰ দিবলৈ লৈও এবাৰ ঘড়ীটোলৈ চকু দি তুলিকা থমকি ৰ’ল৷ এক বাজিবলৈ মাথোঁ দহমিনিট বাকী৷ এয়া আয়াৰলেণ্ডত সাৰ্বজনীনভাৱেই মধ্যাহ্ন ভোজনৰ সময়। গতিকে এতিয়া যে কাৰোবাক ফোনৰ কাষত পাব তাৰ সম্ভাৱনা কম৷ এইখিনি সময়তে তুলিকাই তাইৰ দায়িত্বত থকা ছল্লিশজন খেতিয়কৰ বেকগ্ৰাউণ্ড তথ্যখিনিতে চকু ফুৰাবলৈ উলিয়াই ল’লে৷ প্ৰতিজন খেতিয়কৰ বিষয়ে ভালদৰে জনা আৰু এটা ভাল সম্পৰ্ক বজাই ৰখাটো যে তাইৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ৷

তাইৰ কাষৰ টেবুলত লিছা এতিয়াও ব্যস্ত ইটোৰ পিছত সিটোকৈ ফোনকলৰ সঁহাৰি দিয়াত৷ লখ আৰ্ণ ৰিজাৰ্ভ ৱাৰ্ডেন লিছাৰ দায়িত্ব অনেক৷ এই বোলে, খেতিয়কে কাইলে তেওঁৰ গৰুকেইটা আৰ্ণ হ্ৰদ পাৰ কৰাই লাষ্টি নামৰ দ্বীপটোত চৰাবলৈ নিব খুজিছে, পিটাৰে খৱৰ দিছে কোনোবা এটা কেমেৰা ট্ৰেপত ৰ’চক’লিন দ্বীপত শিয়াল এটা ধৰা পৰিছে- সোনকালে আঁতৰাব নোৱাৰিলে এটা শিয়ালেই গোটেই দ্বীপটোৰ চৰাইৰ কণীবোৰ নষ্ট কৰি পেলাব৷ আকৌ ফোন বাজিছে৷ এইবাৰ কোন? বিবিচি ৱানৰ কোনোবা প্ৰডাকশ্যন মেনেজাৰ। লখ আৰ্ণৰ ওপৰত তেওঁলোকে এখন ডকুমেন্টেৰী কৰিব খোজে৷ লিছাই সময় দিব পাৰিব নেকি?

কোঠাৰ এমূৰে মাৰ্কৰ দুচকু আবদ্ধ হৈ আছে কম্পিউটাৰৰ স্ক্ৰীণত৷ মাজে মাজে মাথোঁ কফি মেচিনৰ পৰা নেচাৰৰ ল’গ’ প্ৰিন্ট কৰা মাগটোৰ কফিত এসোহা মাৰিছে৷ আজি অফিচত মাথোঁ মাৰ্ক, লিছা আৰু তাই৷ তাৰ বাহিৰে বাকীবোৰ সহকৰ্মীক অফিচ চৌহদত তুলিকাই মাজে সময়েহে দেখা পায়৷ সকলোৰে বহুখিনি কাম ফিল্ডত৷ গতিকে অফিচলৈ অহাৰ প্ৰয়োজন নহ’লে তেওঁলোকে প্ৰায়ে ফিল্ডলৈকে পোনায়৷ লখ আৰ্ণৰ চল্লিশটা সৰু বৰ দ্বীপ চোৱা-চিতা কৰাৰ গধুৰ দায়িত্ব যে এই সৰু টিমটোৰ ওপৰতে৷

’লান্স?’ লিছাৰ মাত শুনি তুলিকাই মূৰ তুলিলে৷ তাইৰ ফোনটো ইতিমধ্যে নীৰৱ হৈছে৷
’অঁ!’ তুলিকাই যেন সকাহ পালে৷ মাৰ্কো তৎপৰতাৰে উঠি পৰিল৷ এটা যেন বিৰতিৰ প্ৰয়োজন তিনিওকে৷

তিনিও একেলগে আগবাঢ়ি গ’ল ৱাটাৰৱেইজ আয়াৰলেণ্ডৰ বিশাল লাউঞ্জলৈ৷ ইতিমধ্যে এই অট্টালিকাৰে অন্য অফিচবোৰৰ কৰ্মচাৰীৰে লাউঞ্জ ভৰি পৰিছে৷ মাইক্ৰ’ৱেভত পাষ্টাখিনি ভৰাই চুইচ টিপি লৈ লিছাই চাফাইকৰ্মী প’লৰ সৈতে ভাল-বেয়া খৱৰ ল’বলৈ আৰম্ভ কৰিলে৷ মমতাভৰা হাঁহি এটাৰে প’লে বৰ আন্তৰিকতাৰে লিছাক পৰিয়ালৰ ইটো সিটো খৱৰবোৰ দিছে, তাইৰো খৱৰ লৈছে৷ সেই সহমৰ্মিতাৰ পৰশে চুই গ’ল তুলিকাৰ হৃদয়৷ ইতিমধ্যে লিছাৰ সৈতে এটা সৌহাৰ্দ্য গঢ়ি উঠিছে তাইৰ৷ কিন্তু এই মুহূৰ্তটোত লিছাক যেন আগতকৈও ভাল লাগি গ’ল তাইৰ৷

এটা সময়ত নেচাৰৰ কৰ্মীয়ে সদায় বহা টেবুলখনত তিনিও একেলগে বহিলহি৷ ইয়াৰ পৰা স্বচ্ছ কাঁচৰ দেৱালৰ সিপাৰে আৰ্ণ নদীৰ নীলিম পানী আৰু পাৰৰ ঝাওঁ বন জাতীয় ওখ ঘাঁহবোৰ৷ ঘাঁহবোৰৰ ওপৰেৰে কাঠৰ এখন ঠেক দলং গৈ পাৰত লাগিছেগৈ৷ তাতে লংগৰ পেলাই ৰৈ আছে এখন সৰু নাও৷ এক মনোমোহা দৃশ্য!

এই আৰ্ণ নদীখন বহল হৈ গৈয়ে উত্তৰলৈ সৃষ্টি কৰিছে বিশাল লখ আৰ্ণ হৃদ৷ উত্তৰৰ লখ আৰ্ণ হ্ৰদত থকা প্ৰায়বোৰ দ্বীপ নেচাৰে পৰিচালনা কৰে৷ দক্ষিণৰ আৰ্ণ নদীৰ মাজৰ অলেখ অসংখ্য দ্বীপ আৰু নৈপৰীয়া অঞ্চলৰ পৰিচালনাৰ দায়িত্ব এতিয়া তুলিকাৰ৷

সচৰাচৰ হোৱাৰ দৰেই লিছা আৰু মাৰ্কৰ মাজত শেহতীয়াকৈ মুক্তি পোৱা টেলিভিশ্বন শ্ব’ আৰু চিনেমাৰ ৰসাল আলাপ চলিল৷ তুলিকাই মাথোঁ নীৰৱে শুনি গ’ল সেই কথা-বতৰা। গম পালে গেম অব থ্ৰ’নছৰ শ্বুটিং হৈ আছে ফাৰমানাৰে মাৰ্বল আৰ্চ নামৰ গুহাৰ শৃংখলতটোত। অঁ, নেটফ্লিক্সৰ ’কিলিং ইভ’ৰ শেহতীয়া অধ্যায়ত দুয়ো তাৰকাৰ অভিনয় দুৰ্দান্ত হৈছে৷ তাৰ মাজতে লিছাই তুলিকালৈ চাই ক’লে,

’কাইলৈ ওলাবা৷ আমি টিমৰ গোটেইকেইজনে ৰাতিপুৱা ক’ভ কেফেত ব্ৰেকফাষ্ট কৰিমগৈ৷ কাইলৈ পেনকেক ডে নহয়!’
’পেনকেক ডে?’ তুলিকাৰ বাবে নতুন দিন, নতুন উপলক্ষ্য৷
’অঁ, তুমি লণ্ডনত শুনা নাছিলা চাগৈ! কেথ’লিকসকলৰহে উৎসৱ পেনকেক ডে৷’
’কোৱাচোন ভালকৈ, মোৰ আগতে শুনা মনত নপৰেচোন৷’ তাই উৎসুক হৈ উঠিল৷
’এয়া কেথ’লিকসকলৰ লেন্ট মানে একধৰণৰ উপবাসৰ সময়- ইষ্টাৰৰলৈকে৷ এই সময়খিনিত কণী আৰু গাখীৰেৰে কৰা সকলোবোৰ খাদ্য খোৱা নিষেধ৷ গতিকে এই উপবাস আৰম্ভ হোৱাৰ আগিদনা ঘৰৰ গাখীৰ, কণী সকলোবোৰ ব্যৱহাৰ কৰি শেষ কৰাৰ নিয়ম৷ গাখীৰ আৰু কণীৰে পেনকেকতকৈ ভাল আৰু কি ৰান্ধিব পাৰি, নহয় জানো? গতিকে তাৰ পৰাই আৰম্ভ হ’ল, পেনকেক ডে!’

লিছাৰ কথাত তুলিকাই হাঁহি উঠিল,
’পেনকেক ময়ো খুউব ভাল পাওঁ৷ অৱশ্যে লণ্ডনলৈ আহিহে ভালকৈ পেনকেক কৰিবলৈ শিকিছোঁ৷’

তাইৰ মনত চাৎ কৰে ভাঁহি উঠিল মাকৰ মাত, ’ছোৱালীজনীৰ যে ৰন্ধা-বঢ়াত একেবাৰে মন নাই৷ খাবলৈ জানিলে যিকোনো মানুহে ৰান্ধিবও জানিব লাগে-ল’ৰাই হওক বা ছোৱালীয়ে হওক!’

তেতিয়া তাই হাঁহি উৰুৱাই দিছিল মাকৰ কথা৷ কিন্তু লণ্ডনৰ জীৱনটোত যেতিয়া অসমৰ হেৰুৱা মায়াই তাইক অহৰহ খেদি ফুৰিবলৈ ল’লে, সাত সাগৰ তেৰ নদীৰ সিপাৰে এৰি অহা আপোন ঠাইখনৰ সৈতে সংযোগ বিচাৰি পালে তাই মাছৰ টেঙা আঞ্জাত, বেঙেনা পিটিকাত বা জহা চাউলৰ ভাত সাঁজত৷ সেই বাট তাইক উলিয়াই দিছিল তাইৰ বন্ধু আছমাই৷

মাতৃভূমিৰ সেই এৰাব নোৱাৰা টানৰ বাবেইতো বাৰে বাৰে গৈ তাই আছমাৰ পাকঘৰত থিয় দিছিলগৈ ৷ আছমাইয়ো বহুবছৰ আগেয়ে আপোন খাদ্যৰ জুতিৰে তাইৰ মাতৃভূমি কলকাতাৰ সৈতে সেই হেৰুৱা সংযোগ পুনৰ গঢ়িছিল ৷ সেই সংযোগেৰেই এটাসময়ত দুয়োৰে যাত্ৰা এক হৈ পৰিছিল৷

’পাৰিবা নহয় কাইলৈ?’ লিছাৰ মাতত তুলিকা যেন বাস্তৱলৈ উভতি আহিল৷ নিজকে চম্ভালি তাই কৈ উঠিল,

’অ কিয় নোৱাৰিম! ভাল লাগিব টিমৰ সকলোকে লগ পালে৷ তাতে পেনকেক থাকিব যেতিয়া আৰু না কৰাৰ প্ৰশ্নই নুঠে!’

লিছাই হোহোৱাই হাঁহি পেলালে,
’জানানে, আয়াৰলেণ্ডৰ কিছুমান ঠাইত এই দিনটোত পেনকেক দৌৰো হয়! মানে কি আৰু, পেনকেক লৈ দৌৰ দিয়ে মানুহবোৰে!’
’তুমি দেখিছা এনে দৌৰ?’ মুখত পেনকেক লৈ দৌৰ দিয়া মানুহ এজাকৰ ছৱি এখন ভাঁহি উঠিল তুলিকাৰ মানসপটত৷

’সৰুতে মা-দেউতাই এনে এটা পেনকেক দৌৰলৈ মোক নিয়া মনত আছে, বুজিছা৷ ইয়াত নহয় পিছে, তেতিয়া আমি নিউ কেছলত৷ পেনকেক ডে’ৰ সকলো আয়োজন দেউতাৰে আছিল তেতিয়া৷ কাৰণ মাৰ মতে ভাল পেনকেক কৰিবলৈ মাৰ হাত দুখন বেছি ডাঙৰ৷ প্ৰতিবছৰে পাকঘৰত দেউতাই পেনকেকৰ কাৰণে ময়দা, বাটাৰ, কণী আদি মিহলোৱা, পেনএখনত আলুফুলকৈ ঢালি দি এটা এটাকৈ পেনকেক ফ্ৰাই কৰা -এইবোৰ আমি খুউব মন দি চাই থাকিছিলো৷ এটা পেনকেক ফ্ৰাই কৰি উঠিয়ে দেউতাই অভেনত ভৰাই দিছিল গৰম কৰি ৰাখিবলৈ৷ তাৰ ওপৰত সযতনে ছটিয়াই দিছিল চেনী নাইবা নেমুৰ ৰস৷ এটাৰ ওপৰত ইটোকৈ জাপি গৈ থকা পেনকেক বোৰ চাই চাই আমাৰ লোভৰ পানী পৰে৷ সেইদিনা যিমানেই পেনকেক নকৰক আমি তিনিটা ল’ৰা-ছোৱালীয়ে গোটেইবোৰ শেষ কৰোঁ-পিছদিনালৈ এটাও বাকী নাথাকে৷’

লিছা যেন কিছু নষ্টালজিক হৈ পৰিল৷

’কিন্তু পঢ়িবলৈ ওলাই যোৱাৰ পিছৰ পৰা আৰু সেইবোৰ বাদ দিলো৷ মোৰ পাৰ্টনাৰ ডেনিয়েল আৰু মই ধাৰ্মিক নহয়। অৱশ্যে ডেনিয়েলৰ প্ৰ’টেষ্টান্ট পৰিয়ালত এইবোৰ কৰাৰ কোনো নিয়মো নাই৷ সময় পালে মাথোঁ আমি দুয়ো মা-দেউতাৰ ঘৰলৈ গৈ পেনকেকৰ সৈতে চাহ একাপ খাই আহোগৈ৷’

ডেনিয়েল প্ৰটেষ্টান্ট বুলি জানি তুলিকা অলপ আচৰিত হ’ল৷ আয়াৰলেণ্ডত আগৰদৰে কেথ’লিক আৰু প্ৰটেষ্টান্টৰ তীব্ৰ বিভাজন নাথাকিলেও এতিয়াও এটা অলিখিত ব্যৱধান আছে বুলি তাই জানে৷ তাৰেই প্ৰতীকস্বৰূপে বেলফাষ্টত এতিয়াও থিয় দি আছে শান্তিৰ দেৱালখন৷ সেই কংক্ৰীটৰ দেৱালে এতিয়াও পৃথক কৰি ৰাখিছে কেথ’লিক আৰু প্ৰ’টেষ্টান্টৰ ঘৰ আৰু জীৱন!

তাইৰ ভাৱ বুজিয়ে কিজানি লিছাই ক’লে,
’ইতিহাসৰ ফালৰ পৰা, মই আৰু ডেনিয়েল ঘোৰ শত্ৰু হ’ব লাগিছিল৷ বহুদিনলৈ কেথ’লিক আৰু প্ৰ’টেষ্টান্ট মানুহখিনিৰ মাজত একো সম্পৰ্কই নাছিল৷ এতিয়া পিছে কথাবোৰ বহুখিনি সহজ হৈছে৷ মই ডেনিয়লক সৰুতেই পোৱা৷ বাৰ-তেৰ বছৰ বয়সৰ পৰা আমি খেলৰ লগৰীয়া৷ গতিকে ধৰ্মৰ বিভাজনে মনত খোপনি পোতাৰ আগতেই ভালপোৱাই পোখা মেলিলে বুজিছা৷’

মাৰ্কে হাঁহিলে৷ তুলিকাইও৷ তাইৰ মনটো উজ্বলি উঠিল৷ ইয়ালৈ অহাৰ দিন ধৰি প্ৰতিক্ষেত্ৰতে তাই শুনি আহিছে, অনুভৱ কৰিছে কেথ’লিক প্ৰটেষ্টান্টৰ ধাৰ্মিক আৰু ৰাজনৈতিক বিভাজনৰ বিষয়ে৷ তাৰ মাজতো এনেকুৱা মিলনৰ সঁচা কাহিনী আছে৷ ঐতিহাসিক বিভাজন দেও দি ভালপোৱাৰ সেঁতু গঢ়াৰ নিদৰ্শন আছে৷ এনেকৈয়েতো নিৰাশাৰ অন্ধকাৰৰ মাজতো টলমল কৈ জ্বিলিকি উঠে আশাৰ এটা উজ্বল বিন্দু!

সিদিনা পুৱা ন বজাতে তুলিকা ওলাই আহিল৷ কাউন্টি ফাৰমানাৰ মূল চহৰ যদিও এনিছকিলেন সৰু চহৰ৷ বিশাল উজনি আৰু নামনিৰ লখ আৰ্ণ য’ত লগ হৈছে সেই ঠেক মাটিখিনিতে এনিছকিলেন চহৰখন৷ টাউন চেন্টাৰৰ সকলোবোৰ ঠাইলৈকে খোজেৰেই অহা-যোৱা কৰিবলৈ সুবিধা৷ গতিকে আজি খোজেৰেই আৰ্ণ নৈৰ ওপৰৰ দলং পাৰ হৈ আহি তুলিকা ৱেলিংটন পথৰ আগবাঢ়িল৷

ৱেলিংটন পথৰ সোঁকাষে ক’ভ কেফে৷ পুৱা ন বজাতে আজি সেই কেফেত মানুহৰ দীঘলীয়া লানি৷ সোমাই গৈয়ে তুলিকাৰ চকুত পৰিল পেনকেক ডে’ৰ বিশাল আয়োজন৷ কাউন্টাৰত ষ্ট্ৰ’বেৰী, ৰেস্পবেৰী, ব্লুবেৰী, কল আদিৰে কৰা বিধে বিধে পেনকেকৰ পাহাৰ৷

এচুকৰ দীঘলীয়া টেবুলখনৰ পৰা লিছাই তাইলৈ চাই হাতবাউলি দিলে৷ তুলিকা আগবাঢ়ি যোৱাত কেইবাখনো মুখে যেন একেলগে ঘুৰি চালে৷ সকলোৱে হাঁহিমুখেৰে তাইক সম্ভাষণ জনালে৷

’গুড মৰ্ণিং!’

তাই সঁহাৰি দি ওচৰ চাপি গ’ল৷ সহকৰ্মী টমে থিয় দি আথেবেথে তাই বহিবলৈ চকী এখন টানি ধৰিলে৷ তেওঁৰ বয়স ছল্লিশৰ ওচৰে পাজৰে হ’ব। মূগা চকুৰ মণিত কৌতুকৰ তিৰবিৰণি আৰু গাঢ় আইৰিছ সুৰেৰে কথাই কথাই হোহোৱাই হাঁহি উঠা টমক বৰ স্ফুৰ্তিবাজ মানুহ যেন লাগিল তাইৰ৷ টমে তাইৰ চা-চিনাকি ল’লে, সুধিলে আয়াৰলেণ্ডৰ এই অজান্তি মুলুকত কাম কৰি কেনে পাইছে৷ তুলিকায়ো সুধি পেলালে,

’আপুনি কিমান দিন ধৰি নেচাৰত আছে?’
‘মোৰ আচলতে পাঁচবছৰমানহে হৈছে৷’ টমে কফিৰ কাপত চেনীখিনি ঢালি চাহচামুখনেৰে মিহলাই থকাৰ মাজতে উত্তৰ দিলে৷
’তাৰ আগতে কি কৰিছিল?’
’আই ইউজড ট্যু মিল্ক আ লট অফ কাউজ!’ গৰুৰ গাখীৰ খিৰাইছিলো!

তাই যেন হাঁহিব খুজিও ৰৈ গ’ল৷ নাই, টমে কৌতুক কৰা নাই৷ তেওঁ সঁচাকৈয়ে অন্য খেতিয়কৰ বাবে গৰুৰ গাখীৰ খীৰোৱা কাম কৰিছিল৷ টমে তাইৰ প্ৰতিক্ৰিয়া যেন লক্ষ্যই নকৰিলে৷ আপোন মনেৰে তেওঁ কৈ গ’ল,
’মই নিজেও খেতিয়কেই বুজিছা৷ বিয়াৰ পিছত পত্নীৰ ফালৰ পৰাও মাটি অলপ পালো৷ গতিকে এতিয়া সেইবোৰ চম্ভালো আৰু নেচাৰৰ ফালৰ পৰা অন্য খেতিয়কৰ খেতি চম্ভালাতো সহায় কৰোঁ ৷’

এনেতে ৱেইটাৰ গৰাকীয়ে সিহঁতৰ টেবুলখনত ভাগে ভাগে পেনকেকৰ প্লেটবোৰ থ’লেহি৷ তুলিকাই বিচৰাৰ দৰে তাইৰ সন্মুখত দিলেহি পৰম্পৰাগত আইৰিছ পেনকেকৰ এখন প্লেট৷ অন্য পেনকেকতকৈ আকাৰত সৰু কিন্তু যথেষ্ট ডাঠ এই আইৰিছ পেনকেক৷

লিছাই কৈছিল, কণী নিদিয়াকৈ কেৱল বেকিং ছ’ডা আৰু বাটাৰমিল্কেৰে কৰা হয় পৰম্পৰাগত আইৰিছ পেনকেক৷ পেনকেকৰ সৈতে লৈ খাবলৈ টেবুলৰ সোঁমাজতে মৌ, মাৰ্মেলেড, জাম, ক্ৰীম, মেপ’ল চিৰাপ আৰু কেইবাবিধো সতেজ বেৰী৷ পেনকেকৰ যেন এক আড়ম্বৰপূৰ্ণ ভোজ এয়া!
’ভাল পছন্দেই কৰিছা তুলিকা৷ আমি এইবিধক স্কট্ছ পেনকেক বুলি কওঁ৷’
তুলিকাই মূৰ তুলি চালে৷ তাইৰ সন্মুখৰ চকীত সেয়া ফিনবাৰ৷ নেচাৰৰ সহকাৰী ৱাৰ্ডেন৷

’মোক লিছাই কৈছিল, এইবিধেই উত্তৰ আয়াৰলেণ্ডত সকলোতকৈ জনপ্ৰিয় পেনকেক বুলি৷ সেয়ে ভাৱিলো, আজি খাই চাওঁ৷’ তাই অলপকৈ হাঁহি ক’লে৷

ফিনবাৰ মানুহজন গহীন৷ এমুখ ৰঙচুৱা দাঢ়িৰে প্ৰায় ষাঠিৰ বয়সৰ মানুহজনৰ মুখত আবেগৰ ৰেখা বুজা কঠিন!

’তুমি ভাৰতৰ নহয় জানো?’ তেওঁ নিজৰ প্লেটৰ ব্লুবেৰী পেনকেকৰ এটুকুৰা মেপ’ল চিৰাপত ডুবাই লৈ মুখত ভৰাই সুধিলে৷ এইবাৰ পিছে তেওঁৰ দৃষ্টিত তৃপ্তিৰ ৰেঙণি তাই ঠিকেই দেখিলে৷
’হয়, একেবাৰে উত্তৰ-পূবত থকা অসমৰ৷’
’অঁ বুজিছোঁ, মোৰ ডাঙৰ ল’ৰাই সৰুতেই খ্ৰীষ্টান মিছনেৰী স্কুলৰ ট্যুৰ এটাত হায়দৰাবাদত এমাহ কটাই আহিছিল বুজিছা৷ পিছে অসমৰ কথা তাৰ চাহৰ পৰাহে জানো৷’

তুলিকা উৎসাহিত হ’ল৷ য’লৈকে নাযাওক চাহৰ কথা ক’লেই প্ৰায়বোৰ ব্ৰিটিছ লোকে অসমক চিনি পায়৷ তায়ো সুখী হৈ উঠে- আপোন ঠাইখনৰ চিনাকি সুৰটো বিচাৰি পাই, গৌৰৱেৰে পৃথিৱীৰ মানচিত্ৰত অসম নামৰ কোণটো জিলিকি উঠা দেখা পাই৷

কথাৰ মাজতে ফিনবাৰে তাইক চিনাকি কৰি দিলে সহকৰ্মী পিটাৰৰ সৈতে৷ পিটাৰৰ কাষতে বহি লৈ কফিত শোহা মাৰি থকা ডেৰেনক তাই চাকৰিত প্ৰথম দিনাই লগ পাইছে৷ তাই গম পালে, ফিনবাৰ যোৱা ওঠৰ বছৰ ধৰি নেচাৰৰ হৈ ফাৰমানাত কৰ্মৰত৷ তেনেদৰে পিটাৰ আৰু ডেৰেন এই একেটা দলতে আছে যোৱা বাৰ বছৰ ধৰি৷

‘ইমান দিন!’

তাইৰ আশ্চৰ্য্য দেখি পিটাৰে কৈ উঠিল,
’আজিৰ পৰা বাৰবছৰৰ আগতে প্ৰথম ইয়াত জইন কৰাৰ সময়ত মই কল্পনাই কৰা নাছিলো, ইমান বছৰৰ পিছতো ইয়াতে ৰৈ যাম বুলি! ফাৰমানাৰ মায়াই এনে যে তুমি সহজে এই ঠাই এৰিব নোৱাৰা৷ কোনে জানে তুমিও হয়তো ৰৈ যাবা ইয়াতে!’

’ঠিকেই, কোনে জানে!’ তুলিকাই ভাৱিলে৷

যোৱা তিনিমাহৰ আগতে তাইচোন এই ঠাইৰ অস্তিত্বৰ কথাই জনা নাছিল৷ এতিয়া এই এনিছকিলেনতে অহৰহ তাই চেষ্টা কৰিছে এটা নতুন আৰম্ভণি কৰিবলৈ, আউল লাগি পৰা জীৱনটো পুনৰ নিয়াৰিকৈ গাঁথিবলৈ৷ আনি দিবনে এই ফাৰমানাই সেই আৰম্ভণি, সেই সাহস আৰু আন্তৰিক যোগসূত্ৰ? নাজানে তাই, নাজানে কোনেও!

পেনকেকৰ সোৱাদ লৈ থাকিও সকলোৰে মাজত অৱধাৰিতভাৱেই যেন ব্ৰেক্সিটৰ প্ৰসংগই মূৰ দাঙি উঠিল৷ যোৱা সপ্তাহত ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহ আৰু ব্ৰিটেইনৰ মাজত মুকলি আহ-জাহ বন্ধ হৈ গৈছে৷ লগে লগে অস্থিৰতা বাঢ়ি আহিছে এই উত্তৰ আয়াৰলেণ্ডত৷ ইংলেণ্ড বা স্কটলেণ্ডতকৈ ইয়াত যে ব্ৰেক্সিটৰ প্ৰভাৱ বহুত গুৰুতৰ৷ ৰাজনৈতিকভাৱে দুখন দেশ হ’লেও আইৰিছসকলে এক বুলিয়ে গণ্য কৰি অহা আয়াৰলেণ্ডৰে উত্তৰ আৰু দক্ষিণ দুটা অংশ যে পৃথক হৈ পৰিব ব্ৰেক্সিটৰ লগে লগে৷

সেই অস্থিৰতাৰে সুৰ তুলিকাই শুনা পালে ডেৰেনৰ কন্ঠত,
’ভাৱিছোঁ, ব্ৰেক্সিটৰ আগতেই মোৰ আইৰিছ পাছপৰ্টখন উলিয়াই ল’ব লাগিব৷ অতদিনে ব্ৰিটিছ পাছপৰ্টেৰেই চলি গ’ল৷ কিন্তু ব্ৰেক্সিটৰ পিছত সেইখনেৰে ৰিপাব্লিকত সোমাবলৈ নিদিব চাগৈ৷!’

‘কৰিব খুজিছা যদি যিমান পাৰি সোনকালে কৰা ডেৰেন! বাতৰিত দিছে বহুতো আইৰিছ প্ৰটেষ্টান্টে এইমাহত আইৰিছ পাছপৰ্টৰ কাৰণে আবেদন জনাইছে হেনো!’ ফিনবাৰে মাত দিলে৷

তুলিকাৰ প্ৰশ্নবোধক মুখখন দেখিয়ে কিজানি মাৰ্কে তাইক বুজাই ক’লে,
’উত্তৰ আয়াৰলেণ্ডৰ মানুহে আচলতে নিজৰ পছন্দ মতে ব্ৰিটিছ বা আইৰিছ দুয়োখন পাছপৰ্টেই ৰাখিব পাৰে৷ ইয়াত সাধাৰণতে ইউনিয়’নিষ্ট বা ব্ৰিটেইনৰ পক্ষে থকা প্ৰটেষ্টান্ট সকলে ব্ৰিটিছ পাছপৰ্ট ৰাখে৷ কিন্তু তাৰ বিপৰীতে ৰিপাব্লিকান কেথ’লিক সকলে আইৰিছ পাছপৰ্টেৰে কাম চলায়৷ কাৰণ তেওঁলোকে ব্ৰিটিছত কৈ নিজৰ আইৰিছ পৰিচয়ক বেছি গুৰুত্ব দিয়ে৷ অতদিনে তাৰে যিকোনো এখন পাছপৰ্টেৰে প্ৰটেষ্টান্ট বা ৰিপাব্লিকান কাৰো ৰিপাব্লিক অব আয়াৰলেণ্ডলৈ যোৱাত একো বাধা নাছিল৷ কিন্তু ব্ৰেক্সিটে সকলোবোৰ ওলট পালট কৰিব পেলাব পাৰে৷’

তুলিকা আচৰিত হ’ল৷ ধৰ্ম আৰু ৰাজনীতিৰ পাকচক্ৰই মানুহৰ দৈনন্দিন জীৱনৰ পৰিধিও কেনেকৈ যে সলাই পেলাব পাৰে তাৰ উপলব্ধিয়ে দুখী কৰি পেলালে তাইক৷ দলৰ বাকীবোৰৰ কথাবোৰ শুনি শুনি তাইৰ ভাৱ হ’ল এজাক যেন পৰিৱৰ্ত্তনৰ ধুমুহা আহিব লাগিছে উত্তৰ আয়াৰলেণ্ডলৈ৷ তাৰ জোৱাৰে এই পশ্চিমৰ ফাৰমানা কাউন্টিকো জোকাৰি যাব বুলি সকলো আশংকাত ডুবিব ধৰিছে৷ সময় যেন বৰ খৰকৈ সলনি হ’বলৈ লৈছে তুলিকাৰ বাহিৰে-ভিতৰে দুয়োখন পৃথিৱীতে৷

পেনকেকৰ ভোজ আৰু আড্ডা সামৰি নেচাৰৰ দলটো উঠে মানে সিদিনা দুপৰেই হ’ল৷ একেলগে কেফেখনৰ দুৱাৰমুখেৰে ওলাই আহোঁতে ফিয়’নাই তুলিকাক সুধিলে,
’আজিতো বন্ধৰ দিন! কিবা বিশেষ প্লেন?’

এটা মুহূৰ্তৰ বাবে যেন তুলিকা উচপ খাই উঠিল৷

কিবা বিশেষ প্লেন-

কিবা বিশেষ প্লেন!

সেই এষাৰ কথাই তাইক ধুমকেতুৰ গতিৰে যেন উৰুৱাই লৈ গ’ল শত সহস্ৰ যোজন৷ হঠাৎ যেন টানি লৈ গ’ল ঠাই আৰু সময়ৰ দুয়োটা অক্ষতে তাই যাব নিবিচৰা এটা কোণলৈ৷ নতুন দেশৰ নতুন সংযোগবোৰত ডুবি থাকোঁতে তাইৰ যেন খেয়ালেই নহ’ল আজিৰ দিনটো যে তাইৰ বাবে এটা বিশেষ দিন! এটা স্মৃতিকাতৰ দিন!

’তুলিকা?’ ফিয়’না তেতিয়াও ৰৈ আছিল এটা উত্তৰৰ অপেক্ষাত!
নিজকে চম্ভালি লৈ তুলিকাই ক’লে,

’হা- অঁ! আবেলি ঘৰলৈ স্কাইপ কৰাৰ কথা ভাৱিছোঁ৷ নহ’লে ভাৰতৰ সৈতে সময় নিমিলে যে৷’
তাই নাজানে ফিয়’নাই কি ভাৱিলে৷ বিদায় লোৱাৰ পৰত ফিয়নাই মাথোঁ সহজভাৱেই ক’লে,
‘হ’প ইউ হেভ এ গুড ডে’- তোমাৰ আজিৰ দিনটো ভালেৰে যাওক!’

তুলিকাই যেন কথাষাৰ ভালকৈ শুনাই নাপালে! সকলোৱে বিদায় লোৱাৰ পিছতো তাই কিছুপৰ ৰৈ গ’ল ক’ভ কেফেৰ সন্মুখত৷

আজিৰ এই দিনটোত এপাৰ্টমেন্টৰ একাকী বতাহখিনিৰ সন্মুখীন হ’বলৈকে যেন ভয় হল তাইৰ৷ সেয়ে লাহে লাহে ৱেলিংটন পথেৰে আগবাঢ়ি গৈ তাই বহি পৰিলগৈ আৰ্ণ নৈৰ পাৰত৷

তাই বহি ৰোৱা ঘাঁহনি ডৰাৰ বাওঁকাষে আৰ্ণ দূৰ্গৰ শিলাময় বেঁৰা৷ সন্মুখত নীলা স্বচ্ছ পানীৰে সেই সুবিশাল নৈ! পাৰে পাৰে বহু নাও৷ কেইবাঠাইত বৰশী টোপাই গোঁজ মাৰি বহি আছে আইৰিছ মাছুৱৈ।



তুলিকা আশস্ত হ’ল। যেন বহুদিন ধৰি তাই এনে এখন নৈৰেই প্ৰয়োজন অনুভৱ কৰি আছিল! নৈৰ পাৰৰ মানুহৰ যে আজন্ম প্ৰেম নৈৰ সৈতে, সৰু-বৰ ঢৌৰ সৈতে, ঢৌত কঁপি গৈ থকা নাওবোৰৰ সৈতে৷ নৈৰ বুকুত যে যেতিয়াই মন যায় উজাৰি দিব পাৰি হৃদয়ৰ সকলো বোজা!

আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ নতুনৰ মাজত নিজকে উটুৱাই দিব খোজা তুলিকাৰ হৃদয়ৰ গভীৰতম প্ৰদেশৰ পৰা উজাই আহিল সেই প্ৰাচীন হাঁহাকাৰ আৰু যন্ত্ৰণা ৷

আজিৰ দিনটোতে, পাঁচবছৰৰ আগতে আজিৰ দিনটোতে এইবাটত খোজ দিছিল তাই৷

বিদ্যুতৰ সৈতে একেলগে৷

তাই নিজে এই বাট সৃষ্টি কৰি লোৱা নাছিল৷ মধ্যবিত্ত অসমীয়া ঘৰখনত সেই অধিকাৰ তাই পোৱা নাছিল ৷ কাৰণ, যিকোনো মধ্যবিত্ত পৰিয়ালৰ দৰেই সিহঁতৰ ঘৰতো যেন তাইৰ সুখৰ সংজ্ঞা ঠিক কৰি দিছিল সমাজখনে, সমাজে থিৰ কৰি দিয়া মূল্যবোধে৷ সেই অভিধা মতেই বিদ্যুতৰ সৈতে তাইৰ বিয়াখন ঠিক হৈছিল৷ এন আৰ আই জোঁৱাই পাই তুলিকাৰ মাক দেউতাকে কপাল ফুলা যেন অনুভৱ কৰিছিল৷ সম্পৰ্কীয় মানুহবোৰে কিছু ঈৰ্ষা, কিছু বিস্ময়েৰে কৈ উঠিছিল, কি সৌভাগ্য তুলিকাৰ! বিয়াৰ পিছত লণ্ডনৰ দৰে এখন মহানগৰীত জীৱন আৰম্ভ কৰিব৷

তুলিকাই কি বিচাৰে, কি নিবিচাৰে সেয়া লৈ কোনো ব্যতিব্যস্ত হোৱা নাছিল৷ হয়তো তুলিকা নিজেও৷

পাঁচবছৰৰ আগৰ আজিৰ দিনটোতে তাইৰ জীৱনৰ গতিপথ সলনি হৈ গৈছিল চিৰদিনৰ বাবে৷ পৰিয়ালৰ সকলোৰে দৰে তায়ো সপোন দেখিছিল, বিদেশৰ মাটিত এখন সুখী সংসাৰৰ, এটা প্ৰশান্তিময় জীৱনৰ৷ কিন্তু কোনেও জনা নাছিল, কি সাঁচি থৈছে অনাগত সময়ে৷ কিমান কেঁকুৰি, কিমান উজুটি গঢ়ি থৈছে সেই সপোনে৷

জনাৰ উপায় নাছিল৷

এজাক কিনকিনিয়া বৰষুণ আৰম্ভ হ’ল৷ বৰষুণৰ টোপালবোৰে আৰ্ণ নৈৰ ঢৌৰ সৈতে খেলা কৰিবলৈ আৰম্ভ কৰিলে৷ অনিচ্ছা স্বত্বেও তুলিকাই ঘৰমুৱা খোজ দিলে৷

বৰ অকলশৰীয়া, বৰ অসহায় যেন অনুভৱ হ’ল তাইৰ৷ লণ্ডন এৰি অহাৰে পৰা কেৱল আছমাৰ সৈতেই তাই কথা পাতিছে৷ ব্যস্ততাৰ অজুহাত দেখুৱাই যিমান পাৰি আঁতৰি ফুৰিছে সুদুৰ অসমৰ পৰিয়ালৰ মানুহবোৰৰ পৰা, মাক-দেউতাক আৰু ভায়েকৰ পৰা, সকলোৰে অনাহুত প্ৰশ্নবোৰৰ পৰা৷

কাক ক’ব তাই? কোনে বুজিব? বাহিৰৰ কঠিন খোলাটোৰ ভিতৰত কুঁচিমুঁচি হৈ যন্ত্ৰণাত হাঁহাকাৰ কৰা তাইৰ হৃদয়খন কেনেকৈ সামৰি ল’ব! তাই যেন অবিৰাম যুঁজিছে নতুন পৃথিৱীত এক নতুন আৰম্ভণিৰ বাবে। কিন্তু হৃদয়ত নিৰলে নিগৰি নিগৰি তেজ বিৰিঙিছে- সপোন হেৰুওৱাৰ বেদনাত, নিজকে পাহৰাৰ আশংকাত!

এপাৰ্টমেন্টৰ দুৱাৰ খোলেগৈ মানে তুলিকাৰ দুচকু ভৰি আহিল৷ উজাই আহিল তাইৰ হৃদয়ৰ চুকে-কোণে গোট মাৰি ৰোৱা অপাৰ শোকৰ জোৱাৰ৷ এটা সময়ত সেই শোকৰ নৈত জিলমিলকৈ ভাঁহি উঠিল এখন চিৰ চেনেহী মুখ৷ যি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰাও নিমাতে নিজানে প্ৰশান্তিৰ নিজৰা বোৱাব পাৰে৷ তাইৰ শোকাকূল আকাশখন মমতাৰ আচলেৰে আৱৰি পেলাব পাৰে।

সিদিনা বহুদিনৰ মূৰত স্কাইপৰ পৰ্দাত তুলিকাই চাই ৰ’ল সেই আজন্ম চিনাকি মুখখনলৈ৷ আপোন মাকজনীৰ বিষাদগধুৰ দুচকু দেখি বিগলিত হৈ পৰিল তাইৰ হৃদয়৷ একো নক’লেও যেন মাকে সকলো বুজিছে। দুখী হৈ পৰিছে তাইৰ দুখত। সদায়ৰ দৰে আগবঢ়াই দিছে তেওঁৰ কৰুণাময় কোলা, এসাগৰ নিস্বাৰ্থ ভালপোৱা৷

সেই মৰম আৰু আদৰৰ সন্মুখত তুলিকা গলি গলি যেন মাটি হৈ গ’ল৷ ইপাৰ সিপাৰ একাকাৰ কৰি নামি আহিল চকুপানীৰ ঢল৷

অতদিনে সকলো ধুমুহা আঁৰ কৰি অহৰহ মাকক কৈ অহা ’সকলো ঠিকে আছে’ বোলা কথাষাৰ যেন উটি ভাহি গ’ল সেই ধলত৷

আজি অভিনয়ৰ থল নাথাকিল, শক্তি নাথাকিল তুলিকাৰ মাজত৷ মাকে একো নোসোধাকৈয়ে আজি পাঁচবছৰৰ অন্তত বাহিৰ হ’ল তুলিকাৰ প্ৰথমটো নিভাঁজ স্বীকাৰোক্তি,

’মই ঠিকে নাই মা, মই ঠিকে নাই!’



No comments:

Post a Comment