Saturday 20 May 2023

উপন্যাস: ফাৰমানা (তৃতীয় খণ্ড)

‘একেটা বাটতে সদায় কিমান চলাবা? তোমাৰ আপত্তি নাই যদি ব’লা আজি এখন নতুন ঠাইলৈ যাওঁ৷’

কেলামৰ কথাত তুলিকাই সন্মতিসূচকভাৱে মিচিকিয়াই হাঁহিলে আৰু তেওঁৰ ক’লা ফৰ্ড ফ’কাছ গাড়ীখনৰ চালকৰ আসনত বহি লৈ ষ্টীয়েৰিং ঘুৰালে৷ কাষৰ আসনত বহি কেলামৰ দুচকু সতৰ্ক হৈ ৰ’ল হঠাৎ ধৰা দিব পৰা যিকোনো পৰিস্থিতিৰ বাবে৷

তুলিকাৰ ড্ৰাইভিং প্ৰশিক্ষক কেলাম৷ মানুহজন পাহোৱাল চেহেৰাৰ যদিও মাতটো বৰ মিহি৷ প্ৰায় এমাহমান আগতে প্ৰথমবাৰ লগ পাওঁতে তাই সুধিছিল, এই কেলাম নামৰ অৰ্থ কি৷ শান্ত মাতটোৰে তেওঁ কৈছিল, ’গেলিক ভাষাত কেলাম মানে কপৌ চৰাই৷’ সঁচাকৈ মানুহজনৰ শান্ত-সমাহিত ব্যক্তিত্বৰ সৈতে যেন তেনেই খাপখোৱা যেন নামটো৷

ফাৰমানা কাউন্টিৰ শনিবাৰৰ দুপৰীয়া৷ ভাৰতৰ বাহিৰত তুলিকাৰ এইয়াই প্ৰথম গাড়ী চলোৱাৰ অভিজ্ঞতা৷ লণ্ডনত যোৱা দুটা বছৰ নিজে গাড়ী চলোৱাৰ প্ৰয়োজনেই নাছিল৷ তাত আণ্ডাৰগ্ৰাউণ্ড টিউবৰ ওপৰতে সকলো নিৰ্ভৰশীল৷ তাতে চেন্ট্ৰেল লণ্ডনৰ ভিতৰত গাড়ী চলোৱা বা ৰখোৱাৰ খৰচ অতিমাত্ৰা৷

উত্তৰ আয়াৰলেণ্ডৰ এই ফাৰমানা কাউন্টিত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ বিশেষ সুবিধা নাই৷ গতিকে নতুন চাকৰিত ইফাল সিফাল কৰিবলৈকে নিজা গাড়ী এখনৰ দৰকাৰ৷ সেয়ে তুলিকাই ইয়াৰ বাট-পথ, ট্ৰেফিক নিয়ম আদিৰ সৈতে পৰিচিত হৈ মুকলি মনেৰে গাড়ী চলাবলৈকে কেলামৰ সৈতে প্ৰশিক্ষণ আৰম্ভ কৰিছে৷

ফাৰমানাৰ বতৰ আজিও অন্য দিনাৰ দৰেই ঘনে ঘনে সলনি হৈছে৷ এই এচমকা উজ্জ্বল ৰ’দ, ক্ষন্তেক পিছতে শুকুলা ডাৱৰৰ সৈতে সুৰুযৰ লুকাভাকু৷ তুলিকাৰ লাইন মেনেজাৰ মাৰ্কৰ মতে, ‘ফাৰমানাত বতৰে কোনোদিনেই দিনটোৰ কাৰণে এটা দৃঢ় সিদ্ধান্ত ল’ব নোৱাৰে৷ ঘনে ঘনে ৰূপ সলাই থাকে৷ সেয়ে বছৰৰ গোটেইবোৰ ঋতু কেতিয়াবা একেটা দিনতে দেখিবলৈ পোৱা যায়৷’ এইষাৰ যে কিমান সঁচা কথা সেয়া যোৱা এমাহতে বুজি উঠিছে তাই৷

দুপৰীয়া যদিও আজি বাট-পথ যথেষ্ট ব্যস্ত৷ উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুয়োখন দেশৰ মাজৰ পূবা-পশ্চিমা সীমাত ফাৰমানা কাউণ্টি। সেই কাউণ্টিৰে মূল নগৰ এই কণমানি এনিছকিলেন ৷ ৰাজনৈতিকভাৱে ব্ৰিটেইনৰ অংশ হ’লেও এই উত্তৰ আয়াৰলেণ্ড সাংস্কৃতিক আৰু ভৌগোলিক ভাৱে পশ্চিমৰ ৰিপাব্লিক অব আয়াৰলেণ্ডৰহে বেছি ঘনিষ্ঠ৷ গতিকে ৰিপাব্লিকৰ ডনীগল, ডাবলিন আদি ঠাইলৈ উত্তৰ আয়াৰলেণ্ডৰ এই নগৰৰ পৰা সঘন আহ-যাহ৷ তাতে ব্ৰেক্সিটৰ অনিশ্চয়তাত পৰি ব্ৰিটেইনৰ পাউণ্ডৰ মূল্য কমি গৈছে৷ গতিকে শনি-দেওবাৰে ৰিপাব্লিকৰ মানুহৰ গাড়ীৰ লানি লাগে এনিছকিলেনৰ বাটে পথে৷ সকলোৰে উদেশ্য ৰিপাব্লিকৰ ইউৰ’ মুদ্ৰাৰ বিনিময়ত সস্তাতে এনিছকিলেনত পাউণ্ডত বজাৰ কৰি নিয়া।

ভিৰৰ মাজেৰে গাড়ীখন লাহে লাহে আগবঢ়া বাবেই কিজানি কেলামে কৈ উঠিল, ‘গিভ হাৰ এ ৱেলী তুলিকা!’

তেওঁৰ কথা শুনি তুলিকাৰ মুখত এটা মিচিকিয়া হাঁহি বিৰিঙি উঠিল৷ এতিয়া বুজিলেও প্ৰথমদিনা প্ৰশিক্ষণৰ সময়ত কেলামৰ এই কথাষাৰতে তাইৰ খেলিমেলি লাগি গৈছিল৷ কেইবাবাৰো কেলামে আকৌ একেষাৰ কথাকে দোহৰা দেখি তাই কৈছিল,

’কেলাম, আপুনি কি কৈছে মই একো বুজা নাই৷’

ক্ষন্তেকৰ বাবে কথাটো টং কৰি কেলামে হো-হোৱাই হাঁহি উঠিছিল সেইদিনা৷

’অহ, তুমি নুবুজিবাইতো! এয়া আমাৰ আইৰিছ কথাৰ ঢং বুজিছা৷ মই ক’ব খুজিছিলোঁ এক্সিলেটৰত জোৰ দিয়া বা খৰকৈ চলোৱা৷ ৱেলী মানে ৱেলিংটন বুট৷ আইৰিছ খেতিয়কে সকলো ধৰণৰ খেতিৰ কাম ৱেলিংটন বুট পিন্ধি কৰে৷ গতিকে কিবা এটাত জোৰ দিয়া বুজাবলৈ আমি এনেকৈ কওঁ৷’ কথাষাৰ বুজি তুলিকায়ো তেওঁৰ হাঁহিত যোগ দিছিল৷ যোৱা এমাহতে তাই সেই আইৰিছ কথাৰ ঢংবোৰৰ লগত লাহে লাহে চিনাকি হ’বলৈ লৈছে৷

কেলামৰ কথামতেই এনিছকিলেন নগৰৰ মূলপথ এৰি তুলিকা এইবাৰ কেকুঁৰি এটাৰে ঘুৰিল৷ গাড়ী চলোৱাৰ মাজে মাজে টোপনিৰ আবেশ এটাই তাইক আমনি কৰি থাকিল৷ যোৱা কেইমাহৰ বহু উজাগৰী নিশাৰ দৰেই যোৱানিশাও হাহাঁকাৰবোৰে তাইক চকুৰ টিপকে পৰিবলৈ নিদিলে৷

কাঢ়াকৈ কফি একাপ খোৱাৰ তীব্ৰ ইচ্ছা এটা জাগিল তাইৰ৷ ধোঁৱাই থকা একাপ কফিৰ আকাংক্ষা, আগনিশাৰ ক্লান্তি আৰু বিষন্নতাৰ ঢৌ সকলো একাষৰীয়া কৰি এতিয়া তাই মন দিয়াৰ চেষ্টা কৰিলে মাথোঁ এইমুহূৰ্তৰ গতিশীলতাত৷ যেন অলেখ-অসংখ্য এনে মুহূৰ্তৰ সমষ্টি জীৱনটো তাই এটা এটা মুহূৰ্তৰ হিচাপতহে জীয়াই থকাৰ কথা ভাৱিব পাৰে৷ দিন, মাহ বা বছৰৰ দীঘলীয়া হিচাপবোৰে কঢ়িয়াই অনা যন্ত্ৰণাৰ বোজা যেন বৰ দুৰ্বিসহ হৈ পৰিছে তাইৰ বাবে৷ এতিয়া অহৰহ তাইৰ পলোৱাৰ চেষ্টা- সেই সময় আৰু যন্ত্ৰণাৰ পৰা৷

ফাৰমানালৈ অহাৰ দিন ধৰি তাই মাথোঁ চেষ্টা চলাইছে মৰুভূমি হৈ পৰা হৃদয়ৰ হাহাঁকাৰবোৰ নতুন ঠাইৰ নতুন কামৰ ব্যস্ততাৰে আওকাণ কৰিবলৈ৷ সেয়ে পুৱাৰ পৰা সন্ধিয়ালৈ তাই নিজকে বন্দী কৰি পেলাইছে সাংঘাতিক এক অভিনয়ৰ ছন্দত ৷ শূন্যতাৰ গহ্বৰত দিকবিদিক হেৰুৱা জীৱনৰ বাস্তৱিকতাক লুকুৱাই নতুন আৰম্ভণিৰ উচ্ছলতাৰ এক নিখুঁত অভিনয়৷

হঠাৎ সিহঁতৰ গাড়ীখন পিছ পিলাই তীব্ৰ গতিৰে এখন গাড়ী পাৰ হৈ গ’ল৷ কেলাম আৰু তুলিকা দুয়ো চক খাই উঠিল৷ ইয়াত প্ৰায়বোৰ ড্ৰাইভাৰেই তীব্ৰগতিত গাড়ী চলায়৷ তাতে ইয়াত গাড়ীৰ আইনগত গতিসীমাও ইটোৰ পৰা সিটো বাটলৈ সঘনাই সলনি হয়৷ গতিকে অন্যৰ তুলনাত লাহেকৈ গাড়ী চলোৱাটোহ কেতিয়াবা বিপদজনক হৈ পৰে৷ পিছে এনে ধুমকেতুৰ গতিওতো যথেষ্ট বিপদজনক!

তুলিকাৰ সন্ত্ৰস্ত মুখখন চাই কেলামে হো-হোৱাই হাঁহি উঠিল৷
‘ইউ ৱিল বি ফাইন, ড’ন্ট ৱৰি!’

কেলামৰ সেই এষাৰ কথা যেন বাৰে বাৰে প্ৰতিধ্বনিত্ব হ’ল তুলিকাৰ হৃদয়ৰ গভীৰলৈকে৷ থাকিবনে? সঁচাই ঠিকে থাকিবনে তাই? এইষাৰ কথাকে যে তাই নিজৰ হৃদয়ৰ পৰা শুনা পাবলৈ আকুল হৈ বাট চাইছে৷ বিদ্যুতৰ সৈতে এখন সুখৰ সংসাৰ, এটা প্ৰশান্তিময় জীৱনৰ সপোন আৰু আশা সকলো শেষ যোৱাৰ পিছত তাই কেনেকৈ নিজকে কয়,

’ইউ ৱিল বি ফাইন। তুমি ঠিকে থাকিবা৷’

সেই মৰুভূমি হৈ পৰা হৃদয়ৰ আকাশত কেনেকৈ আকৌ শুকুলা ডাৱৰে খেলা কৰিব? বৰষুণৰ ৰিমঝিম শব্দই কেনেকৈ সেউজ কৰিব মৰুভূমিৰ ৰুক্ষ বুকু? আদবাটতে শেষ হৈ যোৱা এই জীৱনৰ কেঁকুৰিটো ঘুৰিলেই কেনেকৈ দেখা দিব এটা নতুন বাটে?

‘তুলিকা, এইবাৰ বাওঁফালে ঘুৰিবা দেই!’ কেলামৰ কোমল মাতটোৱে তাইৰ সম্বিত ঘুৰাই আনিলে৷

নিজকে আকৌ এবাৰ সোঁৱৰালে তাই৷ এই মুহূৰ্ত- মাথোঁ এই মুহূৰ্তটোত মনোযোগ দিয়াৰ চেষ্টা আকৌ৷ খুউব মনোযোগেৰে এইবাৰ তাই বাটৰ দুয়োকাষৰ ভিন্নৰঙী সংকেতবোৰ, ইংৰাজী আৰু গেলিক ভাষাৰ আখৰবোৰ চাই গ’ল৷

‘অহ তোমাক ক’বলৈকে থাকি গৈছে, গাড়ী এখনৰ খৱৰ পাইছোঁ৷’ কেলামে যেন তাইৰ অন্যমনস্ক ভাৱটো লক্ষ্য কৰিয়ে বাস্তৱলৈ ঘুৰাই আনিবলৈ কথা উলিয়ালে৷

‘অঁ হয় নেকি? কি গাড়ী? সময় মিলিলে সোনকালেই এখন ল’ব বিচাৰো বুজিছে৷’ খৱৰটো পাই তুলিকাৰ কৌতুহল আৰু উৎসাহ জাগিল৷

কেলামে হয়ভৰ দিলে৷ তেওঁ দায়িত্ব লৈছে তুলিকাৰ বাবে এখন গাড়ী বিচাৰি-খুঁচৰি উলিওৱাৰ৷ তাইক নিজাকৈ গাড়ী এখনৰ খুউব প্ৰয়োজন৷ সহকৰ্মীসকলৰ উপদেশমতে অনলাইন গামট্ৰীৰ পৰা আৰম্ভ কৰি ফাৰমানাৰ ওচৰে পাজৰে থকা ডিলাৰ বোৰতো গাড়ীৰ খৱৰ কৰিবলৈ তাই বাকী ৰখা নাই৷ কিন্তু দামে-দৰে মনৰ পছন্দৰ গাড়ী এখন পোৱা নাই এতিয়ালৈকে৷

‘খা-খৱৰ কৰি জনাম তোমাক৷ অহা সপ্তাহতে গাড়ীখনৰ মালিকৰ লগত কথা পতাৰ চেষ্টা কৰিম বাৰু৷ কাইলৈ দেওবাৰ যেতিয়া সময় নিমিলিব৷ জানাই নহয়, মোৰ মানুহজনীয়ে দেওবাৰে মই কাম কৰাটো পছন্দ নকৰে৷’

জানে তাই৷ লগ পোৱা নাই যদিও কেলামৰ মুখত বহুবাৰ শুনিছে তেওঁৰ পত্নী অ’ৰলাৰ নাম৷

অ’ৰলাই দেওবাৰৰ দিনটো কেলাম ঘৰত থকাটো বিচাৰে৷ কেলামৰ কামৰ পৰা উভতা পলম হ’লে অ’ৰলাই খং কৰে৷ নাতি-নাতিনীহঁতৰ সৈতে নৈৰ পাৰত বৰশী টোপাই থাকি ৰাতিৰ সাঁজ খোৱাৰ কথা পাহৰিলে অ’ৰলাৰ ঠেহ লাগে৷

কেলামৰ কথাৰ পৰা তাই ধাৰণা কৰি লৈছে, কেলামে অ’ৰলাক যিমান ভাল পায়, সিমান সমীহো কৰি চলে৷ বৰ পৰিয়ালকেন্দ্ৰিক মানুহ এই কেলাম৷ অ’ৰলা আৰু পো-বোৱাৰী, নাতি-নাতিনীৰ সৈতে এখন ভৰা সংসাৰ৷

সিহঁত যিমানেই আইৰিছ কান্ট্ৰিছাইডৰ মাজলৈ সোমাই গ’ল সিমানেই বাটটো ঠেক হৈ গৈ থাকিল৷ তুলিকাৰ চকুত পৰিল বাটৰ কাষতে এখন সৰু চাইনবৰ্ড, টেম্প’ ৰ’ড৷ কেৱল সৰু গাড়ী এখন কোনোমতে যাব পৰা বাট। গতিকে সিমূৰৰ পৰা অহা গাড়ীক বাট এৰি দিব পৰাকৈ ঠায়ে ঠায়ে অকণমান বহল ঠাইবোৰ৷ হেলনীয়া বাটটোত ওপৰলৈ উঠি যাওঁতে সিমূৰৰ পৰা কিবা গাড়ী আহিছে নেকি ভালদৰে নেদেখি বাবে কেলামে সন্মুখলৈ তীক্ষ্ণ দৃষ্টি দি গ’ল৷ কোনেও পৰাপক্ষত ইয়াত হৰ্ণ নবজায়৷ হৰ্ণ বজোৱাতো শিষ্টাচাৰৰ বাহিৰত বুলি সকলোৱে গণ্য কৰে। গতিকে নিজেই সাৱধান হৈ নচলালে ঘপকৈ অন্য গাড়ীৰ সন্মুখতে ওলোৱাৰ সম্ভাৱনা৷

সিমূৰৰ পৰা সঁচাকৈয়ে ঘপকৈ এখন গাড়ী ওলালহি৷ ইটো সিটো কথা কৈ যোৱাৰ মাজতে অভ্যাসবশত: কেলামৰ ভৰি দুখনে তাইতকৈ আগতেই ব্ৰেক ডবাবলৈ সষ্টম হৈ উঠিল যেন। তাকে মন কৰি তুলিকাই হাঁহি পেলালে। কিন্তু তাই ঠিক সময়তে গাড়ীখনৰ গতি লেহেম কৰি সাৱধানে বিপৰীত দিশৰ গাড়ীখনক বাট এৰি দিলে৷ শুভ্ৰ গাড়ীখনৰ আগৰ পৰা পিছলৈকে এক উজ্জ্বল হালধীয়া ডাঠ সৰলৰেখা৷ গাড়ীৰ সন্মুখ আৰু কাষ দুটাতো জিলিকি উঠিল বৰ বৰ হৰফেৰে লিখা ’GARDA’ শব্দটো৷

‘অস্, পুলিচৰ গাড়ীচোন!’ তুলিকাই অলপ থতমত খাই কৈ উঠিল৷

এই এমাহতে তাই গম পাইছে ফাৰমানাত ট্ৰেফিক নীতি-নিয়ম কঠোৰ। যিকোনো নীতি অমান্য কৰিলেই পুলিছৰ পৰা বৃহৎ জৰিমণাৰ টিকেট পোৱাৰ সম্ভাৱনা৷

‘একো নহয়, চিন্তা নকৰিবা৷ নতুন বা অসাৱধান ড্ৰাইভাৰ বুলি সন্দেহ হ’লে পুলিচে কেতিয়াবা গাড়ী ৰখায়৷ কিন্তু তুমি ভয় কৰিবলগা একো নাই৷ আমাক ৰখাই কিবা সুধিলে ময়ে কৈ দিম, আই এম হেল্পিং দিছ উই গাৰ্ল ট্যু গেট ইউজড ট্যু দ্য আইৰিছ ৰ’ডছ! মই এই সৰু ছোৱালীজনীক আইৰিছ বাট-পথৰ চিনাকি হ’বলৈ সহায় কৰি দিছোঁ।‘

তাই হাঁহি পেলালে৷ কথাই কথাই ইয়াৰ মানুহে উই (wee) শব্দটো ব্যৱহাৰ কৰে৷ অৰ্থাৎ সৰু৷ কিন্তু তাইকো সৰু ছোৱালী হেন বুজাব খোজা দেখি তাই ৰস পালে৷ ইতিমধ্যে পুলিচৰ গাড়ীখন অদৃশ্য হৈ গৈছিল৷ সিহঁতো এটা সৰু টিলাৰ শিখৰ যেন লগা ঠাইখন পালেগৈ৷ সেইখিনিতে কেলামে ক’লে,

‘ইয়াতে অলপ ৰওঁ ব’লা৷’

কথামতেই কাম৷ বাটৰ কাষৰ মুকলি ঠাইখনতে গাড়ীখন ৰখাই দুয়ো নামি আহিল৷ কেলামৰ পিছে পিছে খোজ দি আহি তুলিকাই থিয় দিলেহি টিলাটোৰ শিখৰ যেন লগা এখন ঠাইত৷ কেলামে ক’লে,

‘এই টিলাটোৰ নাম টপ্‌ড মাউন্টেইন৷ মাউন্টেইন নামত যদিও আচলতে সৰু টিলাহে৷ কিন্তু মুকলি বতৰত দূৰৈৰ উজনি আৰু নামনি লখ আৰ্ণৰ লগতে গোটেই ফাৰমানা খনেই দেখিবলৈ পোৱা যায় ইয়াৰ পৰা৷’



তুলিকাই ৰ’ লাগি চালে চাৰিওদিশে৷ তেতিয়ালৈ দুপৰৰ সুৰুয শুকুলা ডাৱৰৰ মাজৰ পৰা ওলাই পৰিছে৷ তাইৰ দুচকুত ধৰা দিলেহি পশ্চিমে ৰ’দত জিলিকি উঠা ফাৰমানাৰ সৰু সৰু টাউনবোৰৰ ঘৰ আৰু সেউজ পথাৰবোৰ৷ পূবদিশে বিশাল লখ আৰ্ণ হ্ৰদৰ নীলিম জলমল পানী। তাৰ মাজে মাজে অলেখ অসংখ্য সৰু-বৰ দ্বীপবোৰ৷ কি অপূৰ্ব!

সেই শিখৰৰ একাষে লাগি থকা বিশাল ফাৰ্মহাউছটো দেখুৱাই কেলামে ক’লে,

‘এই যে ঘৰটো দেখিছা, এইটো মোৰেই ঘৰ আছিল এটা সময়ত!’

‘আপোনাৰ ঘৰ?’ তুলিকা আচৰিত হৈ পৰিল৷

সেই বিশাল ফাৰ্মহাউছৰ চাৰিওফালে এক মুকলি ঘাঁহনি। মাজে মাজে ওখ ৰাছজাতীয় বনৰ জোপোহা৷ বৰ্তমান সকলো অযত্নপালিত। কিন্তু দেখিলেই অনুমান কৰিব পাৰি সেই ঘৰৰ স্বাছন্দ্যৰে ভৰা অতীতৰ ৰূপ!

‘ওঁ, এইটুকুৰা দেউতাৰ মাটি আছিল ৷ মই ডাঙৰ হৈছিলোঁ এইঘৰতে৷ দেউতা ঢুকুৱাৰ পিছত ময়ে ঘৰটো সাঁচতীয়া ধনেৰে মেৰামতি কৰি লৈছিলোঁ ৷ ইয়াত বাৰ বছৰ থাকিলোঁ বুজিছা ৷ ল’ৰা ছোৱালীও ইয়াতে ডাঙৰ কৰিলো৷’

তাইৰ আশ্চৰ্য্য বাঢ়িল৷ সেয়া প্ৰায় আওকাণ কৰিয়ে কেলামে ক’লে,

‘ব’লা বাহিৰৰ পৰাই এনেয়ে চাবা৷ এতিয়া ঘৰটো প্ৰায় পৰিত্যক্ত৷ শুনিছোঁ বৰ্তমানৰ মালিকজন গৰমৰ দিনতহে দুদিনমান কটাবলৈ বেলফাষ্টৰ পৰা আহে৷’

ফাৰমানাৰ প্ৰায়বোৰ ঘৰৰ দৰেই এই ঘৰৰো সীমাত বেঁৰাৰ সলনি হেজৰ লানি। গতিকে সেয়া পাৰ হৈ গৈ ঘৰটোৰ চোতাল পাবলৈ দুয়োৰে বিশেষ একো অসুবিধা নহ’ল৷ কেলামে এফালৰ পৰা তাইক দেখুৱাই গ’ল, দেউতাকে ৰুৱা চোতালৰ বাৰ্চ্চ আৰু হেজেল গছ কেইজোপা, একোণৰ অপতৃণই ছাটি ধৰা কণমানি পুখুৰীটো, ককায়েকহঁতৰ সৈতে মিলি নিজহাতে গঢ়া ঘৰৰ সন্মুখৰ কাঠৰ খটখটিখিনি৷ কেলামৰ চকুত যেন সজীৱ হৈ উঠিল সেই অতীতৰ প্ৰতিখন ৰঙীন ছৱি৷

‘এই যে পুখুৰীটো দেখিছা- তাৰ পাৰতে কাৰলিউ চৰাই এহালে প্ৰতিবছৰে বাহ সাজিছিল৷ আমি প্ৰতিবাৰেই চকু দিছিলোঁ যাতে শিয়ালে পোৱালীবোৰৰ অনিষ্ট কৰিব নোৱাৰে৷’

‘ঘৰৰ কাষৰ সেই পথাৰখনৰ পৰা কনক্ৰেক চৰায়ে পুৱতি নিশা মাতি মাতি আমাক শোৱাৰ পৰা জগাইছিল৷’

‘এই হেজেল গছজোপাৰ তলতে মোৰ ডাঙৰ ছোৱালীজনীৰ বিয়াখন হৈছিল বুজিছা৷ গোটেইবোৰ আলহীৰ কাৰণে জোৱায়ে সেইদিনা গিনিছ বীয়েৰৰ যোগান ধৰিছিল৷’

তুলিকাই নীৰৱে মাথোঁ শুনি গ’ল। আন্তৰিকতাৰে চেষ্টা কৰিলে এসময়ত কেলামৰ পৰিয়ালৰ হাঁহি-কান্দোন সামৰি লোৱা এই ঘৰৰ অতীত প্ৰতিচ্ছৱিখন হৃদয়ত আঁকি লোৱাৰ। এটা সময়ত কেলাম কাঠৰ খটখটীটোতে বহি পৰিল ৷ তেওঁ যেন বৰ অৱশ হৈ পৰিল সেই সোঁৱৰণিৰ ভৰত।

তেওঁৰ কাষতে তুলিকাও কিছুপৰ নীৰৱে বহি ৰ’ল। এটা সময়ত তাই সহানুভূতিৰে সুধিলে,

‘কেতিয়া এৰি গ’ল এই ঘৰ-বাঁৰী?’

কেলামৰ অজানিতেই যেন মুখেৰে এটা হুমুনিয়াহ ওলাল৷

‘ছবছৰেই হ’ল এই ঘৰ এৰা৷ মোৰ পত্নীৰ সৈতে সংসাৰখন নিটিকিল৷ তেওঁ অন্য এজনৰ সৈতে সুখী এতিয়া৷ ময়ো চাকৰিৰ পৰা অৱসৰ ল’লোঁ৷ টকাৰে নটনা হ’ল৷ গতিকে ঘৰ-মাটি বিক্ৰী কৰি দিলো জৰ্ডি পৰিয়াল এটাক৷’

ইংলেণ্ডৰ নিউ কেছলৰ পৰা আহি ইয়াত থিতাপি লোৱা পৰিয়াল হয়তো৷ তাৰ মানুহক ইয়াত সকলোৱে জৰ্ডি বুলি কয়৷

‘তেওঁলোক বেলফাষ্টত থাকে৷ গৰমৰ দিনতহে এইফালে আহে। মাছ ধৰিবলৈ৷ গতিকে বছৰৰ বেছিভাগ দিন ঘৰটো অনাদৰতে পৰি ৰয় বুজিছা৷’

কিবা এক বিষন্নতাই তুলিকাক স্পৰ্শ কৰি গ’ল৷ সোধোঁ নোসোধোঁকৈ তাই কেলামক সুধি পেলালে,

‘তেন্তে এতিয়া?’

‘অঁ, টেম্প’ টাউনত মই অ’ৰলাৰ ঘৰত এতিয়া৷ মোৰ দ্বিতীয় সংসাৰ৷ জানাই নহয়, তাইৰ নাতি-নাতিনীৰে এখন ভৰপুৰ সংসাৰ!’

তাই একো ক’ব নোৱাৰিলে৷ মাথোঁ ভাৱিলে, পাৰিনে এনেকৈ এটা জীৱনৰ পৰা অন্য এটা জীৱনলৈ হাঁকুটি বাই পাৰ হৈ যাব? সঁচাই পাৰি নে ইমান সহজে আপোনত্বৰ ৰং ৰূপ সলাই পেলাবলৈ? সেই অতীতে বাৰে বাৰে হেঁচুকি নধৰিবনে বৰ্তমানক? নিবিচাৰোঁনে আমি কোনোবা আপোন পাৰত নাও চপাই চিৰদিনৰ বাবে এটা ঠিকনা আদৰি ল’বলৈ? য’ৰ পৰা প্ৰতিদিনে উপভোগ কৰিব পাৰোঁ জীৱন নৈৰ উখল-মাখল ঢ়ৌবোৰৰ উঠা নমা, সূৰ্যোদয় আৰু সূৰ্য্যাস্তৰ ৰঙীণ আৱেশ? আশ্চৰ্য্য চকিত হৈ তাই উপলব্ধি কৰিলে, জীৱনৰ গতি বহুসময়ত অৱধাৰিত। সেয়ে কেতিয়াবা এয়াও কিজানি হৈ পৰে জীৱনৰ এক অনিৰ্বায্য কেকুঁৰি৷

এটা সময়ত দুয়ো উভতি আহি গাড়ীত বহিলহি৷ গাড়ীৰ প্ৰশিক্ষণৰ নিৰ্ধাৰিত এটা ঘণ্টা কেতিয়াবাই পাৰ হৈছে। তথাপিও তুলিকা চালকৰ আসনতে বহিলহি৷ গাড়ী চলিবলৈ লোৱাৰ পৰত কেলামে স্বগতোক্তি কৰি ক’লে,

‘ঘৰ সলনি হয়, মানুহ আৰু মানুহৰ সম্পৰ্ক সলনি হয়৷ সেইবুলি জীৱনটো জানো ৰৈ যায় তুলিকা? জীৱন নৈৰ দৰে অবিৰত বৈ গৈ থাকে৷ নহয় জানো?’ কেলামৰ শান্ত মুখখনত এমোকোৰা হাঁহি বিৰিঙিল৷

তুলিকাই একো নকৈ মাথোঁ মিচিকিয়াই হাঁহিলে৷ তাইৰ যেন ক্ষীণ এক ঈৰ্ষা উপজিল এই কেলামলৈ৷ ষাঠি বছৰ বয়সত সকলো এৰি গৈ তেওঁ এটা নতুন জীৱন আৰম্ভ কৰিলে৷ হয়তো এনেকৈয়ে জীৱনে মানুহক নিজেই বাট দেখুৱাই লৈ যায়৷ মাথোঁ সেই বাটটো চিনি পাবলৈ আৰু আদৰি ল’বলৈ আমাক এটা মুক্ত মন লাগে। লাগে বাস্তৱ সত্যক গ্ৰহণ কৰিব পৰাকৈ কিছু সৎ সাহস৷ সেইখিনি অকপট বিচাৰ আৰু নতুনক আদৰি লোৱাৰ সৎসাহস থকালৈকে হয়তো কাকোৱেই জীৱনে নিঠৰুৱা নকৰে ৷

কেলামৰ জীৱন-গাথাঁই যেন তাইৰ জীৱনৰো এটা বিন্দু স্পৰ্শ কৰি গ’ল৷ যিটো কথা কেলামে সহজভাৱে মানি লৈছে বা মানি লোৱাৰ অকৃত্ৰিম চেষ্টা কৰিছে, তায়োতো যোৱা দুমাহে সেই যুঁজকে যুঁজি আহিছে৷

জীৱনৰ সোঁতত নিজকে এৰি দিয়াতো তাইৰ বাবে কিয় ইমান কঠিন হৈ পৰিছে? যি ৰূপেৰে, যি বাটেৰে জীৱনে বাস্তৱত ধৰা দিছেহি সেয়া তাই কিয় গ্ৰহণ কৰিব খোজা নাই? কিয় বাৰে বাৰে তাইৰ সেই প্ৰচেষ্টা মুহূৰ্ততে উটুৱাই নিব খোজে তীব্ৰ হাঁহাকাৰে- জীৱনৰ প্ৰতি এটা প্ৰচণ্ড ক্ষোভে? বাৰে বাৰে তাই জানিবলৈ অকুল হৈ উঠে, এইবোৰে কাহানিবা আমনি কৰিলেনে বিদ্যুতক? ইমান সহজে যে সি আদৰি ল’লে এটা নতুন জীৱন আৰু নতুন সম্পৰ্ক৷

নাজানে তুলিকাই- জনাৰ সকলো বাট তাই বন্ধ কৰি আহিল৷ সেই ধুমুহাজাকৰ পিছত বিদ্যুৎ বা দুয়োখন ঘৰৰ সৈতে বিছিন্ন হৈ ৰৈছে তাই৷ যেন এই অসহনীয় সত্যক অস্বীকাৰ কৰিলেই সকলো কেৱল দুস্বপ্ন হৈ ৰ’ৱ। সকলো একাষে থৈ যন্ত্ৰবৎ গতিৰে জীৱনটো চলাই নিব পাৰিব তাই৷

সেইনিশা পুনৰ বহু পৰলৈকে তুলিকাৰ চকুৰ পতা জাপ নাখালে৷ কিন্তু অন্যদিনাৰ দৰে সেই নিশা তাই কেৱল শূন্যতাৰ গহ্বৰত ডুবি নপৰিল। তাৰ সলনি সেইনিশা তাই কাণপাতি শুনাৰ চেষ্টা কৰিলে অতদিনে আওকাণ কৰি অহা হৃদয়ৰ ভাষা৷ বহুপৰলৈকে সেই একেই আস্ফালনত ক্ষতবিক্ষত হৈ পৰি ৰ’ল তাই।

‘মই আৰু একো লুকুৱাব নোখোজো৷ তুমি কি বিচাৰা নিজেই ঠিক কৰিবা৷’

ৰৈ ৰৈ যন্ত্ৰণাৰ উকি মাৰি ভাঁহি থাকিল সেই প্ৰতিধ্বনি,

‘তুমি কি বিচাৰা নিজেই ঠিক কৰিবা৷’

‘তুমি কি বিচাৰা নিজেই ঠিক কৰিবা৷’

পুৱতি নিশালৈ চিলমিল টোপনিৰ মাজতে বহু দূৰৈৰ পৰা ৰিৰিয়াই অহাদি ভাঁহি আহিল এটা হেঁপাহ। তুলিকাৰ হৃদয়ৰ নিভৃত কোণত উচুপি উঠিল জীয়াই উঠাৰ এক অদম্য হেঁপাহ! পলোৱাৰ সলনি জীৱনৰ সৈতে, নিজৰ সৈতে মুখামুখি হোৱাৰ এক তুমুল সাহস৷

যোৱা দুমাহে আছমাৰ ফোনকলে ৰিঙিয়াই ৰিঙিয়াই নীৰৱ হৈ যোৱাৰ পিছত পিছদিনা তুলিকাই নিজেই সেই দুৱাৰত টুকুৰিয়ালেগৈ৷ ফোনৰ দুয়োপাৰে যন্ত্ৰণাদগ্ধ দুয়োগৰাকী নাৰীৰ চকুপানীয়ে সকলো আবেগ ধুই নিলে। সকলো কালিমা আঁতৰাই যেন প্ৰতিভাত কৰি তুলিলে বন্ধুত্বৰ এনাজৰী৷

কঁপা কঁপা কন্ঠেৰে আছমাই ক’লে,

‘মই সকলো গম পাইছোঁ তুলিকা! সকলো! বিশ্বাস কৰা এইবোৰৰ একো ভূ-ভাই পোৱা নাছিলোঁ অতদিনে৷’

প্ৰথমবাৰৰ বাবে তুলিকা যেন সেই নিষ্ঠুৰ সত্যৰ মুখামুখি হ’ল৷ মুখামুখি হ’ল সেই হেৰুৱা সপোনৰ ৷ তাইৰ সৰ্বশৰীৰ জ্বলি জ্বলি গলি নিশেষ হোৱা মম এডাল হ’ব খুজিলে৷ হৃদয়ে সেই কৰাঘাতৰ তীব্ৰতাত শিল হৈ পৰিব খুজিলে৷ কিন্তু সকলো সহি-সামৰিও তাই ফোনৰ এইপাৰে স্থিৰ হৈ ৰ’ল৷ কাৰণ তাই উপলব্ধি কৰিলে, এই সত্যৰ মুখামুখি হৈহে তাইৰ প্ৰকৃত সংগ্ৰাম আৰম্ভ হ’ব৷ বাস্তৱৰ পৰা পলাই ফুৰালৈকে তাই মাথোঁ হৈ ৰ’ৱ অদৃষ্টৰ হাতৰ এক ৰছী টনা পুতলা৷ কষ্টকৰ- বহুত কষ্টকৰ হ’লেও, সকলো শেষ হৈ যোৱা যেন লাগিলেও পুনৰ এই বিন্দুৰ পৰাই তাই জীৱন আৰম্ভ কৰিব লাগিব৷ আৰু সেই জীৱনত আছমাৰ বন্ধুত্বৰ প্ৰয়োজন বহু বেছি; সেই সহমৰ্মিতাৰ গভীৰতা বহু বেছি!

No comments:

Post a Comment