’সেই গানটোও আয়াৰলেণ্ডৰ সেই ট্ৰাবলছৰ সময়খিনি সুঁৱৰি ৰচা৷ সেইসময়ত আইৰিছ বিপ্লৱীসকলে বেলফাষ্টৰ আশে পাশে বহুতো বাটৰ নামবোৰ অঁতৰাই পেলাইছিল৷ উদেশ্য আছিল স্বাধীনতা সংগ্ৰাম দমন কৰিবলৈ পঠোৱা ব্ৰিটিছ সেনাসকলক অপৰিচিত ঠাইত বিবুদ্ধিত পেলোৱা৷ এই স্মৃতিকে সজীৱ কৰি ৰাখিবলৈ এই বাটটোত সকলোবোৰ ষ্ট্ৰীটৰ নাম ৰখা হৈছে৷'
বেলফাষ্টৰ আটাইতকৈ পুৰণি পাবখন
গতিকে কমাৰ্চিয়েল কৰ্টত মোৰ পৰিচয় ঘটিল অন্য এটা কালজয়ী গীতেৰে
I want to run, I want to hide I want to tear down the walls that hold me inside I wanna reach out and touch the flame Where the streets have no name
I want to feel sunlight on my face I see that dust cloud disappear without a trace I wanna take shelter from the poison rain Where the streets have no name, oh oh
Where the streets have no name Where the streets have no name We're still building then burning down love Burning down love And when I go there, I go there with you It's all I can do
ডাৰ্ক হৰ্ছ পাবৰ আটকধুনীয়া বাটচ’ৰা
বাটটোৰ দুয়োকাষে লগালগিকৈ কেইবাখনো পাব৷ নামবোৰ আমোদজনক- ’ডিউক অব য়ৰ্ক’, ’ডাৰ্ক হৰ্ছ’, ’ডাৰ্টি অনিয়ন’, ’থাৰ্ষ্টি গ’ট’, ’হাৰ্প বাৰ’ ইত্যাদি ৷ মেথিউয়ে ক’লে, ইয়াত বিখ্যাত আইৰিছ বিয়েৰ আৰু অ’টছ চাইডাৰ পোৱা যায়৷ সেই কেঁকুৰিটোতে ৰং বিৰঙী ছাতি ওলোমাই বৰ সুন্দৰকৈ সজাই থোৱা এটা বাটচ’ৰা দেখা পালো৷ বাটচ’ৰাটোৰ দুয়োকাষে থকা বেৰত ৰঙীণ ছৱি৷ সোমাইগৈ পালোগৈ এখন আকৰ্ষণীয় চোতাল! চাৰিওফালে ৰঙীণ ছৱি আৰু কাহিনীতে সাংঘাতিক ধুনীয়াকৈ সজাই ৰাখিছে৷
সিদিনাই লেড জেপেলিনৰ সোঁৱৰণত ময়ো প্ৰথমবাৰৰ বাবে শুনিলো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ ভিতৰত অন্যতম সেই গীতটি-
"There's a lady who's sure
All that glitters is gold
And she's buying a stairway to heaven
When she gets there she knows
If the stores are all closed
With a word she can get what she came for
Oh oh oh oh and she's buying a stairway to heaven...."
বেলফাষ্টৰ হেলনীয়া স্তম্ভ
কুইনছ স্কোৱাৰত দেখা পালো বেলফাষ্টৰ অন্য এটা আকৰ্ষণ, এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক৷ গ’থিক আৰ্হিৰ স্তম্ভটোত প্ৰিন্স এলবাৰ্টৰ প্ৰতিমূৰ্ত্তি আৰু একেবাৰে ওপৰত এটা বিশাল ঘড়ী৷ মেথিউয়ে সুধিলে,
’স্তম্ভটোত এটা খুঁত আছে৷ কি বাৰু?’
দুজনমানে ঘপকৈ উত্তৰ দিলে, ’সময়!’
এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক
নাই, সময় সম্পূৰ্ণ সঠিক৷ তেনে কি! আমি ওপৰৰ পৰা তললৈ খুউব চালো৷ কোনেও একো উলিয়াব নোৱাৰিলে৷ কিছু সময় পিছত হঠাৎ এজনৰ মুখখন উজ্জল হৈ উঠিল৷
’ইটছ লিনিং এ বিট!’
কি কয় এওঁ! এইবাৰ আমি বাকীবোৰে তেওঁ ৰৈ থকা ঠাইলৈ গৈ আকৌ এবাৰ মন দি চালোগৈ৷ মেথিউয়ে হাঁহি মাৰি ক’লে,
বেলফাষ্টত দ্বিতীয় দিন৷ পুৱাতে খোঁজেৰে চিটি চেন্টাৰলৈ ওলাই গ’লো৷ ৱাকিং ট্যুৰৰ ইমেইলত কৈছিল, ’Look for a yellow umbrella in front of the city hall' ৷ বতৰ ডাৱৰীয়া যদিও বৰষুণ নাই৷ গতিকে চিটি হলৰ আশে পাশে মেলি থোৱা একমাত্ৰ হালধীয়া ছাতিটো বিচাৰি উলিয়াবলৈ অসুবিধা নহ’ল৷
আয়াৰলেণ্ডখন নিজ চকুৰে চোৱাৰ হেঁপাহ এটা বহুদিনৰে পৰা পুঁহি ৰাখিছিলো৷ এইবাৰ আজৰি সময় ওলোৱাত ঠিক কৰিলো, গৈয়ে আহোঁ৷ ৰাজধানী ডাবলিনৰ কথাই প্ৰথমে মনলৈ আহিল৷ অলপ খুঁচৰি চাইহে উপলব্ধি কৰিলো, আয়াৰলেণ্ডলৈ মোৰ ব্ৰিটিছ ভিজাই যোৱাৰ অনুমতি নিদিয়ে৷ ভাৰতীয় পৰ্য্যটকৰ বাবে একেখন ভিজাৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ড দুয়োখন দেশলৈকে ফুৰিবলৈ যাব পাৰি যদিও যিকোনো এখন দেশত দিঘলীয়াকৈ থকা লোকৰ ক্ষেত্ৰত এই বিশেষ সুবিধা নাখাটে! এনেকুৱা নিয়ম কৰাৰ যুক্তিযুক্ততা কি বুজিব নোৱাৰি আইৰিছ এম্বেছিলৈ ইমেইল এটাকে কৰিলো৷ মনতে ক্ষীণ আশা- কেনেবাকৈ নতুনকৈ ভিজা নকৰাকৈয়ে যাব পৰা যায়ে বা! উত্তৰ আহিল- ’As a resident of the UK, the Short Stay Visa Waiver Programme does not apply and the permission to remain you have in the UK will not allow you entry into Ireland without the appropriate Irish visa.’