Sunday 26 November 2023

ফাৰমানা (পঞ্চদশ খণ্ড)

উজ্জল ৰ’দত চিকমিকনি তোলা লখ আৰ্ণৰ ঢৌবোৰলৈ চাই চাই তুলিকাই কায়াকখনৰ বঠা মাৰিছে। দুজনীয়া কায়াকখনৰ সিমূৰত তাইৰ সৈতে মুখামুখিকৈ বহিছে ৰায়ান। কাঠৰ নাৱৰ দৰে এই ফাইবাৰগ্লাছৰ কায়াকখনো জলপৰিবহণৰ বাবেই বিশেষভাৱে তৈয়াৰ কৰা। তুলিকাই এনেয়ে যন্ত্ৰচালিত নাও লৈহে অন্য কাম কৰে যদিও আজি ৰায়ানক চৰাই দেখুৱাব বুলিয়ে তাই কায়াকখন উলিয়ালে। সিহঁতৰ চাৰিওদিশে উজনি লখ আৰ্ণৰ বিশাল জলৰাশি। পানীৰ মাজে মাজে অলেখ অসংখ্য সৰু-বৰ দ্বীপ। এইখিনিত লখ আৰ্ণ হ্ৰদৰ সলনি নদী যেন হৈ পৰিছে। অলেখ-অসংখ্য দ্বীপৰ মাজেৰে সৰ্পিল গতিৰে আগবঢ়া সৰু-বৰ সুঁতিবোৰে ইয়াত যেন এক জালিকাহে গঢ়ি তুলিছে। কিন্তু নামনিৰ লখ আৰ্ণৰ দৰেই উজনিৰ লখো প্ৰকৃতিৰ লীলাভূমি, কাৰলিউ-গঙাচিলনীকে ধৰি ইয়াত অনেক চৰাইৰ বসতি। মূল পাৰ্থক্য মাথোঁ এটাই, উজনিৰ বেছিভাগ অঞ্চলেই খেতিয়কৰ ব্যক্তিগত মালিকীস্বত্বত। সেইবাবেই এই অংশত চৰকাৰৰ পৰিৱেশসাপেক্ষ কৃষি যোজনাৰ গুৰুত্বও বেছি।

‘সৌকেইটা গঙাচিলনী নহয়নে?’ ৰায়ানে সুধিলে। তুলিকাই বঠা মাৰিবলৈ এৰি বাইন’কুলাৰ উলিয়ালে।

‘অঁ, সিহঁতে সৌ পূবৰ স্বোৱানলিবাৰ নামৰ ঠাইত কেইবাটাও বাহ সাজিছে। তাৰপৰাই খাদ্যৰ সন্ধানত উৰা মাৰিছে কিজানি। আমি আজি যাবলৈ ওলোৱা পথাৰবোৰত সাধাৰণতে গঙাচিলনীয়ে বাহ নাসাজে। তাত ৰাছেৰে ভৰ্তি ওখ ওখ ঘাঁহ। গঙাচিলনীয়ে আকৌ চুটি ঘাঁহনিতহে বাহ সাজি ভাল পায়।’

‘হয় নেকি? আমি ক’লৈ গৈ আছোঁ তেনে?’ ৰায়ানৰ প্ৰশ্নৰ সুৰটোত তুলিকাৰ হাঁহি উঠি গ’ল। সি যেন তাইৰে ভৰসাতে ওলাই আহিছে!

‘আজি আমি চেচিয়াহ নামৰ ঠাইখনলৈ যাম। তাতে লিয়াম ক্লিফ’ৰ্ডৰ পথাৰ। সিদিনাৰ মিটিঙতে লগ পাই কৈছিল, তেওঁ চৰকাৰী আঁচনিত সোমাব খোজে। গতিকে তেওঁৰ খেতিপথাৰৰ জৰীপ কৰি মেনেজমেণ্ট প্লেনখন কেনেকৈ কৰিম ঠিক কৰিব লাগিব।’

‘তুমি তেন্তে তেওঁৰ পৰামৰ্শদাতা?’

‘অঁ, তেওঁকে ধৰি লখ আৰ্ণৰ আঠগৰাকী খেতিয়কক চৰকাৰী আঁচনিত যোগ দিওঁৱাৰ দায়িত্ব মোৰ এইবাৰ।’

‘আঠগৰাকী! সেয়াটো বহুত কাম?’ ৰায়ানৰ প্ৰশ্নটোৱে তুলিকাক মাৰ্কলৈ মনত পেলাই দিলে। ‘খুউব বেছি পাঁচগৰাকী খেতিয়কৰ দায়িত্ব ল’বা, তুলিকা। নহ’লে কামৰ খুউব হেঁচা পৰিব।’ মিটিঙৰ আগতে তাইক মাৰ্কে সঁকীয়াইছিল । তাৰপিছত যে মাৰ্কৰ দেখা-শুনাই নাই! মিটিং কেনে গ’ল, কেনেকৈ ইমানবোৰ খেতিয়কে তাইক নিজৰ খেতিৰ দায়িত্ব ল’বলৈ ক’লেহি সেইবোৰ মাৰ্কক বুজাই ক’বলৈ তাই যে সুযোগেই পোৱা নাই।

‘উপায় নাই বুজিছা! মানুহকেইজনৰ অনুৰোধ পেলাব নোৱাৰিলোঁ!’ তাই ৰায়ানক নহয় যেন মাৰ্ককহে যুক্তি দিলে এনে শুনা গ’ল।

‘বাৰু, কোৱাচোন এতিয়া, তুমি কেনেকৈ সুদূৰ ভাৰতৰ পৰা আহি এইখিনি পালাহি!’ ৰায়ানে বাইন’কুলাৰটো একাষে থৈ আকৌ বঠা মাৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ প্ৰশ্নত তুলিকাই অলপ থতমত খালে। এই প্ৰশ্নটোকেইতো তাই এৰাই চলিব খোজে!

‘কামত! কামে য’লৈকে আনিছে তালৈকে আহিছোঁ!’ সদায়ৰ দৰে আজিও তাই সামৰি থ’ব খুজিলে!

‘ভালকৈ কোৱাচোন।’ ৰায়ানো এৰি দিয়া ভকত নহয়।

তুলিকা ক্ষন্তেক তভক মাৰি ৰ’ল। ৰায়ান তাইৰ বন্ধু নহয়। এজন সাংবাদিকৰ আগত কি কথা কেনেকৈ ক’ব পাৰি তাকে যেন থিৰ কৰিবলৈ চেষ্টা কৰিলে তাই। ৰায়ানে তাইৰ ভাৱ বুজিয়ে কিজানি ক’লে,

‘তুমি অকণো সংকোচ নকৰাকৈ ক’ব পাৰা, তুলিকা। প্ৰকাশৰ আগতেই ড্ৰাফট এটা তোমালৈ পঠাম। তুমি সন্মতি নিদিয়া কোনো কথাই কাকতত প্ৰকাশ নকৰোঁ।’

ৰায়ানৰ কথাখিনিয়ে তাইৰ অসহজ ভাৱটো আঁতৰোৱাত সহায় কৰিলে। কায়াকৰ বঠাৰে চলৌপ চলৌপকৈ পানী ঠেলি ঠেলি তাই কৈ গ’ল,

‘বিয়া পাতি লণ্ডনলৈ আহিছিলোঁ। তিনিবছৰৰ আগেয়ে। প্ৰকৃতি সংৰক্ষণত মোৰ আগৰে পৰা আগ্ৰহ। সেয়ে সেই ক্ষেত্ৰতে চাকৰি বিচাৰি আছিলোঁ। ইংলেণ্ডত থাকোঁতে নেচাৰৰ কেইবাটাও প্ৰকল্পত স্বেচ্ছাসেৱী হিচাপে কাম কৰিছিলোঁ। সেই সূত্ৰেই এই চাকৰিটোতো আবেদন কৰিলোঁ। অৱশ্যে ফাৰমানা পামহি বুলি কল্পনাও কৰা নাছিলোঁ তেতিয়া।’

তাই ক্ষন্তেক ৰ’ল। দুটা দ্বীপৰ মাজৰ ঠেক সুঁতিটোৰে আগবঢ়া কায়াকখন চম্ভালাত মন দিলে। দুইপাৰৰ ৰং-বিৰঙী বনৰীয়া ফুলবোৰে কায়াকখন ছাটি ধৰিব খোজাৰ দৰে কৰিলে। সেইখিনিতে ৰায়ানে বঠা এৰি তুলিকাৰ সৈতে কায়াকখনৰ ফটো এখন তুলিলে। তাই ক’ব নোৱাৰাকৈয়ে! তাই অপ্ৰস্তুত হোৱা যেন দেখি সি ক’লে, ‘ছ’ৰী! কৈ প’জ দি তোলাতকৈ কাম কৰি থকাৰ সময়ত তোলা স্বত:স্ফূৰ্ত ফটোবোৰ সদায়ে বেছি ভাল হয়। তুমি বেয়া পাবা নেকি?’

‘নাপাওঁ। মাত্ৰ প্ৰকাশৰ আগেয়ে সেয়াও মোক আগতীয়াকৈ দেখুৱাব পাৰিবানে?’

‘পাৰিম পাৰিম।’ ৰায়ানে মিচিকিয়াই হাঁহিলে। তাৰপিছত ক’লে, ‘প্ৰকৃতি সংৰক্ষণত কেনেকৈ আগ্ৰহ আহিল সেয়াও কোৱাচোন।’

‘মই উত্তৰ-পূব ভাৰতৰ অসমত ডাঙৰ হোৱা। আমাৰ ঠাইখনৰ নাম শিৱসাগৰ। সৰুতে নদীৰ পাৰে পাৰে, পথাৰে-জংঘলে অনাই-বনাই ঘুৰি ফুৰিছিলোঁ। ধাননি পথাৰত জোপ লৈ থকা বৰটোকোলাবোৰ, আকাশত প্ৰদক্ষিণ কৰি থকা শগুণৰ জাকবোৰ ৰ’ লাগি চাইছিলোঁ। প্ৰতি নিশা শিয়ালৰ হোৱা শুনি শুনিয়ে বিছনালৈ গৈছিলোঁ। বাৰিষা গঙাচিলনীৰ মাতে অনা বানপানীৰ আগজাননী শুনি বিতত হৈছিলোঁ। গতিকে মোৰ সৰুকালটো প্ৰকৃতিৰ কোলাতে পাৰ কৰিছিলোঁ বুলি ক’ব পাৰা।’

ঠেক সুঁতিটো লাহে লাহে বহল হৈ আহিছে। সেইখিনিতে এহাল ৰাজহাঁহে লখ আৰ্ণৰ ফটফটীয়া পানীত জলকেলি আৰম্ভ কৰিছে। ৰায়ানে তাৰো ফটো এখন তুলিলে। সেইখিনি পাৰ হৈ যোৱাৰ পিছত তুলিকাই ক’লে, ‘তাৰপিছত যিমান বাৰেই সেই ঠাইলৈ উভতি গৈছোঁ, দেখিছোঁ বৰটোকোলাবোৰ নোহোৱা হৈ আহিছে। শিয়ালৰ হোৱা নুশুনা হৈ আহিছোঁ। কেইটামান দশকৰ ভিতৰতে সেই ঠাইবোৰ কংক্ৰিটে আৱৰি চিনিব নোৱাৰা কৰি পেলাইছে। তেনেকৈয়ে কিজানি মনত শিপাইছিল, নিজে পাৰ কৰি অহা সেই শৈশৱৰ ৰূপ, প্ৰকৃতিৰ মায়া ধৰি ৰখাৰ হেঁপাহটো। সেই হেঁপাহতে ইউনিভাৰ্ছিটিত পৰিৱেশ বিজ্ঞান পঢ়িলোঁগৈ।’

ৰায়ানে কিবা এটা সুধিবলৈ লওঁতেই তুলিকাই আঙুলীয়াই দেখুৱালে, ‘সৌকেইটা চোৱা ৰায়ান।’

কিছু দূৰৈতে পানীত বুৰ মাৰি মাৰি খাদ্য বিচাৰি থকা ক্ৰেষ্টেড গ্ৰীব নামৰ হাঁহ কেইটালৈ দেখুৱালে তাই৷ মাকৰ সৈতে দুটা পোৱালি। ৰায়ানে কেমেৰাত জুম কৰি আনিলে। তাৰপিছত সি আগ্ৰহেৰে সুধি গ’ল ব্ৰহ্মপুত্ৰৰ কথা, অসমৰ খেতি আৰু খেতিয়কৰ প্ৰকৃতিৰ সৈতে সম্পৰ্কৰ কথা। যেন সেই অচিন ঠাইখনৰ বিষয়ে সি সকলো জানি পেলাব খুজিছে। যেন তাই ক’ব নোখোজা বহু কাহিনীৰো সূত্ৰ বিচাৰি ফুৰিছে, এনে লাগিল তুলিকাৰ। অসমৰ কথা ক’ব খুজিলেই যে তাই আবেগিক হৈ পৰে! তাই যে কেতিয়াও অসম এৰিব খোজা নাছিল! যাৰ বাবে দিখৌৰ পাৰ এৰি আহিল, সাত সাগৰ তেৰ নদীৰ সিপাৰে শূন্যৰ পৰা এটা নতুন জীৱন ৰচাৰ সাহস কৰিলে সেই বিদ্যুতেই যে হেৰাই গ’ল। অসমৰ কথা ওলালেই সেয়ে তাইৰ নিজকে সূতা ছিঙা চিলাৰ দৰে ভাৱ হয়। সেইবোৰ কথা তাই ৰায়ানক ক’ব নোৱাৰে। কোৱাৰ কথা নহয়।

এইবাৰ ইচ্ছা কৰিয়েই তাই প্ৰসংগ সলাব খুজিলে, ‘তোমাৰ সৰুকালৰ কথাও কোৱাচোন।’

‘মোৰ?’ ৰায়ান যেন অলপ আচৰিত হ’ল। কোনো সাক্ষাৎকাৰতে কিজানি তাক কোনেও ওলোটাই এনে প্ৰশ্ন নোসোধে! ৰায়ানেও কাকো নোকোৱা সাধু এটা বুকুত লৈ ফুৰিছে নেকি তেন্তে! ক্ষণিকৰ বাবে তুলিকাৰ মনত কথাটো খেলাই গ’ল।

‘অঁ, তুমি ডেৰীতে ডাঙৰ হোৱা নহয় জানো?’

‘অঁ।’ এইবাৰ যেন একো নোকোৱাকৈয়ে ৰায়ানে তুলিকাৰ চৰ্তটো বুজি পালে। মানিও ল’লে। তুলিকাৰ দৰেই নিজৰো সেই পুৰণিকলীয়া সাধুটোৰ কিছু অংশ মুকলি কৰি কৰাৰ চেষ্টা কৰিলে।

‘আমাক মানুহে ট্ৰাবলছৰ প্ৰজন্ম বুলি কয়, সিদিনা তোমাক কৈছিলোঁয়ে নহয়! বোমা-বাৰুদৰ শব্দ শুনি, প্ৰতিবাদী সমদলে আকাশ-বতাহ কঁপোৱাৰ সময়ত মই ডাঙৰ হৈছিলোঁ। তেতিয়া সেয়াই আমাৰ কাৰণে স্বাভাৱিক জীৱন আছিল। কিন্তু ডাঙৰ হৈ বুজিলোঁ, সেয়া স্বাভাৱিক নহয়। শৈশৱত সেই অহৰহ হিংসাৰ আঁচোৰ নপৰাকৈও মানুহ ডাঙৰ হয় । আচলতে সেইটোহে বেছি স্বাভাৱিক। তেতিয়াৰে পৰা সেই হিংসাৰ ইতিহাস আৰু তাৰ বৰ্তমানৰ ৰূপ লৈ মোৰ কৌতুহল বাঢ়িল। তেনেকৈয়ে কিজানি সাংবাদিকতাৰ পৃথিৱীখনত সোমাই পৰিলোঁ।’

ৰায়ানৰ কথাবোৰে হাজাৰটা প্ৰশ্ন আনি দিলে তুলিকাৰ মনলৈ। কিন্তু ইতিমধ্যে সিহঁত ঘাটৰ ওচৰ পাইছেহি। সেয়ে দুয়ো নীৰৱে কায়াকখন ঘাটলৈ চপোৱাত মন দিলে। তাতে দুয়োৰে গাড়ী দুখনো আগতীয়াকৈ পাৰ্ক কৰি থোৱা আছে। কায়াকখন তাতে বান্ধি থৈ দুয়ো ধৰা-ধৰিকৈ গাড়ীৰ পৰা বয়-বস্তুবোৰ নমালে। সেই সকলোবোৰ জৰীপৰ সা-সামগ্ৰী। দুয়ো সকলোবোৰ লৈ কাষতে লাগি থকা লিয়াম ক্লিফ’ৰ্ডৰ পথাৰত ভৰি দিলেগৈ।

ফাৰমানাৰ আকাশত জাকে জাকে ডাৱৰ তেতিয়া। পথাৰখন যথেষ্ট দ৷ পথাৰৰ সীমাত শাৰী শাৰী ৱিল’ গছ৷ কিছুমানত এছ গছৰ জোপোহা৷ কাষৰ পথাৰত কাঁটা তাৰৰ মাজত শুকুলা ভেড়াবোৰ৷ ভেড়াবোৰ সহজে চিনিবৰ বাবে খেতিয়কে সিহঁতৰ গাত নীলা ৰং বুলাই সংখ্যাবোৰ লিখি ৰাখিছে৷

খোজৰ লগে লগে মূৰ তুলি তুলিকাই এবাৰ আকাশলৈ চালে। তাৰপিছত পিছে পিছে আহি থকা ৰায়ানলৈ চাই ক’লে,

‘এনেয়ে মোৰ সৈতে ডেৰেন বা লিছা আহে সহায় কৰি দিবলৈ। আজি তুমিয়ে মোৰ সহায়ক হ’বলৈ বেয়া নোপোৱা নহয়?’

‘মাই প্লেজাৰ! ভালহে পাম! এনেকৈ হাতে-কামে লাগি যিমান বুজিম, চাৰিবেৰৰ মাজত বহি কৰা সাক্ষাৎকাৰত তাৰ দহ শতাংশও বুজ ল’ব নোৱাৰোঁ।’

তুলিকাই হাঁহিলে। লিয়ামৰ পথাৰৰ জেঁকা মাটিত খোজ দি দি সিহঁতৰ ৱেলিংটন বুটজোতাবোৰ আগবাঢ়িল। তাই কৈ গ’ল,

‘লিয়ামৰ দৰে লখ আৰ্ণৰ প্ৰায় বিছগৰাকী খেতিয়কৰ সৈতে নেচাৰৰ বহুদিনীয়া সম্পৰ্ক। তেওঁলোকৰ পথাৰবোৰত আমি প্ৰতিবছৰে জৰীপ কৰোঁ৷ চৰাইবোৰৰ আলেখ-লেখ তেওঁলোকক জানিবলৈ দিওঁ। পুৱতি নিশাতে উঠি কৰা সেই চৰাইৰ জৰীপ এইবছৰ পিছে মই সামৰিলোঁৱে। কাৰণ চৰাইবোৰে বসন্তত প্ৰজনন কৰাৰ সময়ে তেনে জৰীপৰ কাৰণে আটাইতকৈ ভাল সময়। সেই সময়ত সিহঁতে সংগী বিচাৰি গান গায়। বাহ সাজিবলৈ ঠাই বিচৰা আৰম্ভ কৰে। তেতিয়াই চৰাই চাবলৈ আটাইতকৈ সহজো হয়। এতিয়া চৰাইবোৰে যোৰ পাতি বাহ সাজিছে। দুদিনমানতে পোৱালিও জগাব। গোটেই সময়খিনি আমি পিছে সিহঁতক পৰ্য্যবেক্ষণ কৰি থাকোঁ।’

‘তেন্তে এই পথাৰতো চৰাইৰ জৰীপ হৈ গ’ল? কি পালা জৰীপত?’

‘ঠিকেই ধৰিছা। জৰীপত কি পালোঁ সেয়াও চাবা আহা!’ কৈয়ে তুলিকাই পথাৰৰ সীমাৰ হেজবোৰ এৰি বাওঁহাতে খোজ ল’লে। ৰায়ানে তাইৰ পিছে পিছে বাট বুলিলে। সেইখিনিতে লখ আৰ্ণৰ এটা সৰু সুঁতি বৈ গৈছে। তাৰ পাৰে পাৰে সিঁচৰতি হৈ আছে ৰাছ ঘাঁহৰ ওখ জোপোহা। তাৰে এজোপাৰ কাষত তুলিকা ৰৈ গ’লহি।

ৰায়ানে তাইলৈ চালে। তাৰ চাৱনিত প্ৰশ্ন। তুলিকাই একো নকৈ লাহেকৈ ৰাছৰ ওখ বনবোৰ দুয়ো হাতেৰে দুফালে আঁতৰাই ধৰিলে। সিহঁতৰ চকুৰ আগত ধৰা দিলে এটা আটোমটোকাৰী বাহ! ৰাছৰ জোপোহাৰ মাজত ঘাঁহ আৰু পাখিৰে এনেকৈ কৰা যে ভালকৈ নাচালে বাহটো কোনোপধ্যেই চকুত নপৰে।

ৰায়ানৰ দুচকু উজ্বলি উঠিল। সি উপৰাউপৰিকৈ সুধি পেলালে, ‘এয়া কি চৰাইৰ বাহ? ফটো তুলিব পাৰিমনে?’

‘কাৰলিউ চৰাইৰ বাহ। এনেয়ে বিচাৰি পোৱা সহজ নহয় কিন্তু সিহঁতে বছৰে বছৰে একেঠাইতে বাহ সাজেহি। গতিকে এই বাহটো আমি কেইবাবছৰ ধৰি পৰ্য্যবেক্ষণ কৰি আছোঁ। ফটো ল’ব পাৰিবা কিন্ত যিমান পাৰি সোনকালে আমি ইয়াৰ পৰা আঁতৰি যোৱাৰ দৰকাৰ। কাৰলিউহাল বাহত নাথাকিলেও দূৰৈৰ পৰাই চাই থাকিব পাৰে। গতিকে যথাসম্ভৱ সিহঁতক আমনি নকৰাকৈ কাম সামৰিব লাগিব।’



ৰায়ানে মূৰ দুপিয়াই খৰধৰকৈ সেই বাহৰ, বাহৰ সৈতে পথাৰৰ কেইবাখনো ফটো তুলিলে। সেইকণ সময়তে তুলিকাই নিজৰ বেকপেকৰ পৰা এবিধ যন্ত্ৰ উলিয়ালে। ডাঙৰ থাৰ্ম’মিটাৰৰ দৰে যন্ত্ৰবিধ বাহটোৰ একাষে চৰায়ে ধৰিব নোৱাৰাকৈ পুতি দিলে। আচলতে এই যন্ত্ৰৰ কামো তেনেধৰণৰে। তাই ৰায়ানক ক’লে,

‘এইটো ডাটা লগাৰ। এতিয়াৰ পৰা আমি অফিচত বহিয়ে এই বাহৰ উষ্ণতা আৰু আৰ্দ্ৰতা কেনেকৈ সলনি হয় গম পাই থাকিম। উজনি আৰু নামনি লখ আৰ্ণৰ বহু বাহত আমি এনেকৈ ডাটা লগাৰ লগাই ৰাখিছোঁ।’

ৰায়ানে মূৰ দুপিয়াই ক’লে, ‘অঁ, ডেৰেনৰ লগত নামনি লখ আৰ্ণত ঘুৰোঁতে এনে ডাটা লগাৰ দেখিছোঁ।’

‘ডেৰেন আমাৰ কাৰলিউ অফিচাৰ, জানাই নহয়? এই ডাটা লগাৰবোৰে অহৰহ বাঁহবোৰৰ উষ্ণতা ৰেকৰ্ড কৰি থাকিব আৰু তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে ডেৰেনে উলিয়াব কাৰলিউ চৰায়ে কেতিয়া কণী পাৰিছে, কেতিয়া কণী ফুটি পোৱালি জগিছে, কেতিয়া মাক-বাপেকহালে পোৱালী লৈ বাহ এৰি গুচি গৈছে- সকলোবোৰ৷’

‘বঢ়িয়া!’ ৰায়ানে উৎসাহেৰে ক’লে আৰু পকেট নোটবহীখন উলিয়াই কথাখিনি খৰধৰকৈ লিখি ল’লে। এটা গৌৰৱৰ ভাৱে চুই গ’ল তুলিকাক। শৈশৱতে উমলি জামলি গঢ় লোৱা প্ৰকৃতি সংৰক্ষণৰ সেই সপোনৰ পিছে পিছেই এতিয়াও গৈ থাকিবলৈ পোৱাৰ বাবে কৃতজ্ঞ হ’ল যেন তাই। ইতিমধ্যে সিহঁত সেই বাহৰ পৰা আঁতৰি আহিছে। তুলিকাই এইবাৰ ৰায়ানক লিয়ামৰ পথাৰখনৰ চাৰিসীমাৰে আগবঢ়াই নিলে। তাৰ লগে লগে তাই উৎসাহেৰে কৈ গ’ল,

‘কাৰলিউৰ পৰ্য্যবেক্ষণৰ প্ৰায়বোৰ কামেই এতিয়া ডেৰেনৰ। মোৰ বাবে আৰম্ভ হৈছে চৰকাৰী কৃষি আঁচনিৰ বতৰ। আগ্ৰহী খেতিয়কৰ এই পথাৰবোৰ জৰীপ কৰি মেনেজমেণ্ট প্লেন লিখাৰ কাম!’

‘আকৌ জৰীপ?’

‘ঠিকেই! এইবাৰ ঘাঁহ-বনৰ। এই সময়তে প্ৰায়বোৰ বনৰীয়া ফুল ফুলে। গতিকে ঘাঁহ-বনৰ জৰীপ কৰিবলৈও ভাল সময়।’

‘সেয়া কেনেকৈ কৰা?’

‘আজি সেয়া দেখিবাও, মোৰ লগতে কৰিবাও তুমি!’ কৈ তুলিকাই হাঁহিলে। ৰায়ানেও। তাৰ হাঁহিৰ লগে লগে মুদ খাই যোৱা চকুযোৰলৈ তাই আকৌ এবাৰ চালে। মাথোঁ এটা মুহূৰ্তৰ বাবে। তাৰপিছতে সম্বিত ঘুৰাই পোৱা যেন কৰি তাই পুনৰ বেকপেক খুলিলে। দীঘে দীঘে জাপি থোৱা প্লাষ্টিকৰ মাৰিবোৰ উলিয়াই পথাৰতে পাতিলে। লগে লগে সেই চাৰিডাল এটা বৰ্গৰ চাৰিটা বাহু হৈ পৰিল। তাইৰ লগতে পথৰুৱা বোকাতে ৰায়ানো আঁঠুকাঢ়ি পৰিল।

‘এইটো আমাৰ নমুনাৰ বৰ্গ। ইয়াৰ ভিতৰত যিমানবোৰ ঘাঁহ-বন দেখিছা, সকলোখিনি পৰীক্ষা কৰিম। এইখিনি পথাৰখনৰ গোটেইবোৰ ঘাঁহ-বনৰ এটা নমুনা বুলি ধৰি ল’ম আৰু তেনেকৈয়ে আমি গোটেই পথাৰখনৰ ঘাঁহ-বনৰ বৈচিত্ৰ্যৰ এটা মাত্ৰা উলিয়াব পাৰিম। যিমানেই বৈচিত্ৰ্যময় হ’ব সিমানেই চৰকাৰী আঁচনিত এই পথাৰৰ গুৰুত্ব বাঢ়ি যাব। সেই অনুপাতে বাঢ়িব অনুদানো।’ তুলিকাই এইবাৰ তাতে লেপেটা কাঢ়ি বহি লৈ এফালৰ পৰা সেই বৰ্গৰ ভিতৰৰ বনবোৰ চিনাক্ত কৰি গ’ল। ৰায়ানে বাধ্য ছাত্ৰৰ দৰে তাই কোৱা নাম আৰু সংখ্যাবোৰ ফিল্ডৰ বহীত লিখি গ’ল।

তেনেকৈয়ে সিহঁতে গৈ লিয়ামৰ পথাৰৰ বিভিন্ন ঠাইত সেই বৰ্গৰ নমুনা ল’লেগৈ। তাৰ লগে লগে লিয়ামৰ পথাৰখনৰ ক’ত কি আছে সকলোবোৰ তুলিকাই নোট কৰি ল’লে। সেই পথাৰৰ কোনবোৰ ক্ষেত্ৰত চৰকাৰী আঁচনিৰ পৰা সাহাৰ্য্য পাব পাৰে সেয়াও তাই ৰায়ানক দেখুৱাই গ’ল। সকলো কাম সামৰোঁতে কেতিয়ানো বেলি দুপৰ হ’ল তুলিকাই যেন গমেই নাপালে!

‘তোমাৰ ভোক লগা নাই?’ তাইলৈ বুলি এনাৰ্জী বাৰ এটা আগবঢ়াই নিজেও এটা লৈ ৰায়ানে ক’লে।

তুলিকাৰ অলপ দোষী অনুভৱ হ’ল। কামত লাগিলে তাই প্ৰায়ে ভোক-পিয়াহ পাহৰি থাকে। সেইবুলি ৰায়ানক এনেকৈ ৰখাটো জানো সমীচিন হৈছে! সিতো নিজৰ আগ্ৰহতে এনেকৈ ওলাই আহিছে, তাইৰ সৈতে হাতে-কামে লাগিছেহি!

‘বেয়া নাপাবা, ৰায়ান। এবাৰ লিয়ামক লগ কৰিয়ে আমি লান্স কৰিব পাৰিম।’

‘একো নাই। মোৰো খোৱাৰ তেনেকৈ সময়-অসময় নাই। সাংবাদিকৰ জীৱন- জানাই নহয়!’

তুলিকা কিছু আশ্বস্ত হ’ল। দুয়ো গৈ পথাৰৰ লগতে লাগি থকা লিয়ামৰ ঘৰত সোমালগৈ। লিয়াম সেইসময়ত ব্যস্ত আছিল পিছফালৰ বিশাল গোহালিটোত। হালধীয়া ৱেলিংটন বুট আৰু ডাঠ নীলা জেকেটটোৰে থুলন্তৰ মানুহজন ওলাই আহিল। তুলিকালৈ চাই হাঁহি মাৰি ক’লে,

‘তুলিকা, হুৱাটছ্‌ দ্য ক্ৰেইক? আহা আহা। তুমি আহিবা বুলি বাট চায়ে আছিলোঁ।’

তুলিকাই লিয়ামৰ সৈতে ৰায়ানক চিনাকি কৰাই দিলে। তেওঁ দুয়োকে আগবঢ়াই নি পোনেই পাকঘৰতে বহুৱালেগৈ। পাকঘৰৰ সোঁমাজতে ঘুৰণীয়া খোৱা টেবুলখন। এফালে ৰন্ধাৰ ব্যৱস্থা, বিপৰীত দিশত প্ৰকাণ্ড ফ্ৰীজটোৰ কাষতে কোটৰ ৰেকটো। তাতে বোকা লগা জেকেট আৰু ফিল্ড ট্ৰাউজাৰ খুলি ওলোমাই থৈ সিহঁত বহিল।

লিয়ামে বতৰ আৰু খেতিৰ কথা কৈ কৈ পানী গৰম কৰা ইলেক্ট্ৰিক কেটলটো অন কৰি দিলে। চেল্ফৰ জাৰ এটা খুলি কুকি কেইটামান প্লেটত উলিয়াই সিহঁতলৈ আগবঢ়াই দি ক’লে,

‘অ’টমিল কুকি। ফেলিচিটিয়ে আজি পুৱাতে কৰা। খোৱাচোন।’ আজিহে প্ৰথম আহিছে যদিও মানুহজনৰ ঘৰুৱা ব্যৱহাৰে তুলিকাৰ মন জুৰাই পেলালে।

ধোঁৱাই থকা চাহেৰে সেই কুকি খাই যেন তুলিকা আৰু ৰায়ান দুয়ো যথেষ্ট সকাহ পালে। সেইখিনি সময়তে লিয়ামে ভিতৰলৈ গৈ ডাঙৰ ফাইল এটা লৈ আনিলেগৈ। সিহঁতৰ সন্মুখৰ চকীখন টানি লৈ ক’লে,

‘তেন্তে পথাৰখন কেনে দেখিলা?’

‘ভাল, ভাল।’ তুলিকাই শলাগিলে। ‘আপোনাৰ পথাৰলৈ এইবছৰ চৰায়ো যথেষ্ট আহিছে, আপুনি জানেই।’

‘অঁ যোৱা দুদিনমান কাৰলিউৰ মাত খুউব শুনি আছোঁ। পিছে ওখ ওখ ৰাছবোৰ বৰষুণ পাই বৰকৈ বাঢ়িছে, বুজিছা। গৰু আৰু ভেড়াই খাই কমোৱাৰ আশা নাই৷ কাটি পেলাম বুলি ভাৱিছোঁ৷ তুমি কি কোৱা?’

‘কাটিব। পিছে অলপদিন ৰৈ দিয়ক৷ পথাৰত চৰায়ে বাহ সজাৰ সময় আৰম্ভ হৈছে৷ গতিকে আঁচনিত সোমাবলৈ হ’লে সেই চৰাইৰ বাহবোৰ আমনি নকৰাকৈ ৰাখিব লাগিব। দুমাহৰ পিছত নেচাৰৰ ট্ৰেক্টৰেৰে আমিয়ে সেই ৰাছবোৰ বিনামূলীয়াকৈ কটোৱাব পাৰিম।’

‘বৰ কষ্ট বুজিছা৷ ইয়াত ইমান বৰষুণ যে গৰু-ভেড়াৰ কাৰণে পথাৰতে কাটি শুকুৱাই সেইবোৰ ঘাঁহ ঠাণ্ডা দিনকেইটালৈ সাঁচিবলৈ উপায় নাই৷ সেয়ে সকলোৱে কৰাৰ দৰে এতিয়া ময়ো বেইল সাজি ৰাখিবলৈ লৈছোঁ৷ কাৰণ তেতিয়া ঘাঁহ শুকাবলৈ ৰৈ থাকিব নালাগে৷ কাটি লৈ চিধাই বেইল কৰিব পাৰি৷’

তুলিকাৰ মনত পৰিল এইবিষয়ে তাই মাৰ্কৰ মুখতে শুনিছে। কাৰলিউৰ সংখ্যা কমি যোৱাৰ এইটোও হেনো এটা মূখ্য কাৰণ৷ কাৰণ আগতে খেতিয়কৰ কামৰ সময়ৰ লগত সময় মিলাই কাৰলিউয়ে বাহ সাজি পোৱালি জগাইছিল ৷ সেই ওখ ৰাছবোৰে পোৱালীবোৰ সুৰক্ষিত কৰি ৰাখিছিল। এতিয়া খেতিয়কে সময়তকৈ বহু আগেয়ে বেইল সাজিবলৈ ঘাঁহবোৰ কাটি পেলায়। চিকাৰীৰ পৰা কণী আৰু পোৱালী বচাবলৈ কাৰলিউৰ একো উপায় নাথাকে৷

‘লিয়াম, কওকচোন আপোনাৰ পথাৰখনত কি কি সা-সুবিধাৰ প্ৰয়োজন হৈছে। আগতীয়া বেইল নকৰাকৈয়ো কেনেকৈ পথাৰখন পৰিচালনা কৰিব পাৰি তাৰ বাবে আপোনাক চৰকাৰে সুবিধা কৰি দিব।’

এইবাৰ লিয়ামে প্ৰকাণ্ড ফাইলটো খুলিলে। তাতে ৰখা নিজৰ পথাৰৰ মেপখন তুলিকাক দেখুৱালে। সেই ফাইলতে সকলো চৰকাৰী কাগজ-পত্ৰ ভাগে ভাগে ৰাখিছে। লিয়ামে ইমান নিয়াৰিকৈ সকলো ৰখা দেখি তুলিকা সঁচাই অভিভূত হৈ পৰিল।

মেপখন চাই চাই দুয়ো পাতি গ’ল- কোনখিনিত এখন বেঁৰা দিলে ভাল হয়, ক’ত দৰকাৰ এখন জপনাৰ বা গৰুৱে পানী খোৱা পিয়লাৰ। তুলিকাই সোঁৱৰালে চৰকাৰী আঁচনিত সোমালে পথাৰত ৰাসায়নিক সাৰ দিব নোৱাৰিব। তেনেকৈ গৰু-ভেড়াই সুঁতিটোৰ পানী প্ৰদূষিত কৰিব নোৱাৰাকৈ ৰাখিব লাগিব। কিন্তু ঘাঁহ কটোৱাৰ পৰা আৰম্ভ কৰি বেঁৰা-জপনাৰ সকলো খৰচ চৰকাৰে দিব। দুয়ো মিলি সেইমতে মেনেজমেণ্ট প্লেনত কি কি যোগ দিব তাৰ বিশদ আলোচনা কৰিলে। গোটেই সময়খিনি ৰায়ানে সেই আলোচনা নীৰৱে শুনি গ’ল। মাজে মাজে নোটবহীত লিখি গ’ল।

প্লেনখন সাজু কৰি পুনৰ আলোচনাৰ বাবে লিয়ামৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতি দি তুলিকা উঠিব খুজিলে। কিন্তু এইবাৰ লিয়ামে ক’লে,

‘আজি লান্সত ষ্টিউ অলপ ৰান্ধিছিলোঁ। খাই যোৱা।’

তেওঁৰ অনুৰোধ পেলাবলৈ টান পাই তাই ৰায়ানলৈ চালে। ৰায়ানে লগে লগেই হাঁহি মাৰি ক’লে,

‘নিশ্চয়। মোৰ আজিৰ দিনটোৰ ডিউটি তুলিকাৰ লগতে। কামৰ মাজতে ষ্টিউ পালে নাখামনে?’ তিনিও হোহোৱাই হাঁহি উঠিল।

অগ্যতা তুলিকাও বহিল। খাই বৈ উঠে মানে পশ্চিমৰ আকাশত বেলি লহিয়াবৰ হ’ল। তাৰেপৰাই তাই আৰু ৰায়ানে ভাগে ভাগে নিজৰ গাড়ী লৈ উভতি যোৱাৰ কথা। লিয়ামৰ ঘৰৰ পৰা ওলাওঁতেই ৰায়ানে ক’লে,

‘আজিৰ দিনটোৰ বাবে বহুত ধন্যবাদ তুলিকা। এটা দিনতে বহুত কথা শিকিলোঁ- হাতে-কামে। তোমাৰ নিজৰ বিষয়ে জনোৱাৰ বাবেও ধন্যবাদ! এনে কামৰ আঁৰত সদায়ে একোটা ব্যক্তিগত টান সোমাই থাকে। সেইটো জনাটোও আমাৰ কাৰণে দৰকাৰী।’

‘তোমাকো ধন্যবাদ, ৰায়ান। মোৰ কথাতেই কামত লগ দিলাহি যে!’

সি হাঁহিলে। গাড়ীৰ দুৱাৰ খুলিবলৈ লৈ হঠাৎ মনত পৰাৰ দৰে ক’লে,

‘আজি সন্ধিয়া অন্য প্লেন নাই যদি ডনিলীৰ পাবলৈ আহিবা নেকি? আমাৰ কাকতৰ বাৰ্ষিকীৰ পাৰ্টি তাত। গতিকে সকলোকে লগ পাবা। নেচাৰৰ পৰাও ডেৰেন আৰু লিছা অহাৰ কথা।’

তুলিকাৰ মনত পৰিল, সেই নিমন্ত্ৰণী তাই ইমেইলত ঠিকেই পাইছিল । একো উত্তৰ নজনাই সামৰি থৈছিল। এতিয়া ৰায়ানে সোধাত পেলাব নোৱাৰি ক’লে, ‘আজৰি থাকিলে যাব পাৰোঁ। ৰ’ৱা মোৰ গুগল কেলেণ্ডাৰত কিবা বুকিং আছে নেকি চাই লওঁ।’

বেকপেকৰ পৰা উলিয়াই তাই ফোনটো চালে। কেলেণ্ডাৰ খোলাৰ আগতেই জিলিকি উঠিল পাঁচটা মিছড্‌ কল।

বিদ্যুতৰ!

বিদ্যুতৰ কল!

তুলিকা যেন স্তব্ধ হৈ পৰিল। কিয়? কিয় ফোন কৰিছে বিদ্যুতে? কি বিচাৰিছে সি? কিয় সাৰ পোৱাই দিব খুজিছে হৃদয়ৰ সুপ্ত ঘাঁবোৰ?

‘তুলিকা?’ ৰায়ানৰ মাতত তাইৰ সম্বিত ঘুৰি আহিল।

‘হু… আঁ..। মোৰ দৰকাৰী এপইণ্টমেণ্ট এটা আছে। মই আজি নোৱাৰিম ৰায়ান।’

ৰায়ানে কি ক’লে তাই যেন শুনাই নাপালে। যন্ত্ৰবৎ খোজেৰে তুলিকাই নিজৰ মিনি কুপাৰখনলৈ বুলি আগবাঢ়ি গ’ল। চালকৰ আসনত বহি দুৱাৰখন বন্ধ কৰি তাই বুকুখন হেঁচা মাৰি ধৰিলে। ৰায়ান গুচি যোৱাৰ পিছতো বেছ কিছুপৰলৈ সেই পাৰ্কিং লটত তুলিকাৰ মিনিকুপাৰখন স্থানুৰ দৰে ৰ’ল।


No comments:

Post a Comment