Saturday 18 November 2023

ফাৰমানা (চতুৰ্দশ খণ্ড)

ফাৰমানা হাউছৰ ৰাজহুৱা প্ৰেক্ষাগৃহ। তাতে আজিৰ কৃষক সভা৷ এই সভাত মাৰ্ক আৰু তুলিকাই একেলগে যোগ দিয়াৰ কথা আছিল যদিও পুৱাতে মাৰ্কৰ ফোন পাই তাই অকলেই আহি পাইছেহি। দৰ্শকৰ সন্মুখৰ শাৰীত বহি লৈ নেচাৰৰ ফালৰ পৰা কি ক’বগৈ লাগিব তাৰে যি পাৰে প্ৰস্তুতি চলাইছে। অনুষ্ঠানৰ গুৰি ধৰিছে উত্তৰ আয়াৰলেণ্ডৰ চৰকাৰী গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় বিভাগৰ এগৰাকী বিষয়াই। মঞ্চত থিয় দি কোট টাই পৰিহিত মানুহজনে নিজৰ চিনাকি দিছে,

‘মোৰ নাম এলেন মেগগিল। আপোনালোক সকলোকে সভালৈ আদৰণি জনাইছোঁ। আজিৰ সভাৰ উদেশ্য হৈছে আপোনালোকক চৰকাৰৰ পৰিৱেশ সাপেক্ষ কৃষি আঁচনিৰ সবিশেষ জনোৱা আৰু এই আঁচনিত যোগ দিবলৈ আগ্ৰহী সকলক সহায় কৰা। মোৰ সৈতে আছে উত্তৰ আয়াৰলেণ্ডৰ কেইবাটাও প্ৰকৃতি সংৰক্ষণ সম্পৰ্কীয় সংগঠনৰ বিষয়ববীয়াসকল।’

তেওঁ কাৰ্য্যসূচীখনৰ পৰা নামবোৰ চাই চাই সকলো বিষয়ববীয়াক চিনাকি কৰি দিছে। তুলিকাই গম পালে, তাইৰ লগতে আৰু চাৰিটা সংগঠনৰ পৰা বিষয়া আহিছে। তাইৰ কাষতে বহা গৰাকীয়ে হাতখন আগবঢ়াই দি ক’লে,

‘তুমি নেচাৰৰ তেন্তে? মই পল। আলষ্টাৰ ৱাইল্ডলাইফৰ পৰা আহিছোঁ।’ পলৰ দেহত পেটাগ’নিয়া ব্ৰেণ্ডৰ এটা পাতল নীলা জেকেট, মুগা বৰণীয়া ফিল্ড ট্ৰাউজাৰৰ সৈতে গাম বুট। দেখাত ভাৱ হয় যেন হাবিয়ে-জংঘলে, পাহাৰে-পথাৰেই তেওঁৰ জীৱন। গালে-মুখে দশকজোৰা অভিজ্ঞতাৰ ৰেখা। ফাৰমানা হাউছৰ এই পৰিৱেশৰ পৰা ওলাই এইমাত্ৰই প্ৰকৃতিৰ কোলাত সোমাই পৰিবলৈ সাজু তেওঁ!

তুলিকাই সৌজন্যসূচকভাৱে হাঁহি এটা মাৰি কৰমৰ্দন কৰিলে, ‘লগ পাই ভাল লাগিল! মই তুলিকা।’

‘তোমাক আগতে দেখা বা নাম শুনা মনত নপৰে।’

‘মই নেচাৰত যোগ দিয়া ছমাহ হৈছেহে।’

‘অঁ সেইকাৰণে। তেন্তে আজিৰ এই কাম তুমি আগেয়ে কেতিয়াও কৰা নাই!’

‘হয়। আজি প্ৰথম। তোমাৰ?’

‘বাৰ বছৰ হৈ গ’ল বুজিছা। অতবছৰে খেতিয়কক পৰামৰ্শ দি দি তেওঁলোকৰ খেতিৰ সকলো কথা মোৰ কাৰণে ভাতৰ লগত পানী খোৱাৰ দৰেই হৈছেগৈ।’

‘আপুনি নিজে খেতি কৰেনে?’

‘নকৰোঁ, কিয় সুধিলা?’

এলেনে পুনৰ মাইক লোৱাত তেওঁলোকৰ কথা-বাৰ্তাত যতি পৰিল। তেওঁ এটা এটাকৈ চৰকাৰী আঁচনিৰ অনুচ্ছেদবোৰ ব্যাখ্যা কৰিবলৈ আৰম্ভ কৰিবলৈ আৰম্ভ কৰিলে। লগতে কৈ গ’ল লখ আৰ্ণৰ প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা। তাৰ মাজতে এগৰাকী খেতিয়কে হাত দাঙিলে,

‘এলেন, এই আঁচনিত সোমালে আমাৰ কি লাভ হ’ব?’

‘বঢ়িয়া প্ৰশ্ন!’ এই প্ৰশ্নত যেন তেনেই অভ্যস্ত এনে ভাৱত এলেনে কৈ গ’ল, ‘এই আঁচনিয়ে আপোনাৰ খেতিত লোৱা পৰিৱেশৰ বন্ধুত্বসুলভ পদক্ষেপবোৰৰ বাবে ভাগে ভাগে অনুদান আগবঢ়াব । সেইবুলি নিজৰ ইচ্ছামতেই বাচ-বিচাৰ নোহোৱাকৈ সেইবোৰ যোগ দিব নোৱাৰিব পিছে। চৰকাৰী সাহাৰ্য্যতে আপোনালোকে নিজৰ পথাৰখনৰ বাবে মেনেজমেণ্ট প্লেন লিখি উলিয়াবলৈ একোগৰাকী পৰামৰ্শদাতা ল’ব পাৰিব। তেওঁলোকে আপোনাৰ পথাৰখন চাই-চিতি প্ৰকৃতি সংৰক্ষণৰ কাৰণে কি কি পদক্ষেপ ল’ব পাৰি তাৰ পৰামৰ্শ দিব। তাৰবাবে কিমান চৰকাৰী অনুদান পাব তাৰো হিচাপ দিব। অলপ আগতে চিনাকি কৰি দিয়া সকলো বিষয়ববীয়াকে পৰামৰ্শদাতাৰ দায়িত্ব ল’বলৈ চৰকাৰীভাৱে অনুমোদন জনোৱা হৈছে। তেওঁলোকে ক্ষন্তেক পিছতে এইবিষয়ে ভালকৈ বুজাই ক’ব।’

‘এই আঁচনিখন হেনো ইউৰোপীয়ান ইউনিয়নে অনুদান দিয়া টকাৰে কৰা। ব্ৰেক্সিটৰ পিছত উত্তৰ আয়াৰলেণ্ডকে ধৰি যুক্তৰাজ্য ইউনিয়নৰ পৰা ওলাই আহিলে কি হ’ব?’ দৰ্শকৰ একেবাৰে শেষৰ শাৰীৰ পৰা অহা প্ৰশ্নটোৰ বাবে এলেন যেন সাজু নাছিল! তেওঁৰ লগতে প্ৰায় সকলোৱে সেইফালে ঘুৰি চালে।

আৰে, কেমেৰা আৰু নোটবুক লৈ সেয়াচোন ৰায়ান! সেই একেই পনিটেইল, দুচকুত নীলিম সাগৰৰ জিলিঙণি আৰু মিঠা হাঁহিটোৰে সি শেষৰ শাৰীত থিয় দি আছে। ৰিপৰ্টিঙৰ কামতে আহিছে চাগৈ! তুলিকাই মনে মনে ভাৱিলে, আস্‌ তাইক যে ৰায়ানে ইমেইল কৰিছিল তাৰ উত্তৰেই দিয়া হোৱা নাই!

‘সেইবিষয়ে আমি এতিয়াও গুণাগথা কৰি আছোঁ। কিন্তু আপোনালোক নিশ্চিত থাকক। এই আঁচনিৰ বাবে অহা পাঁচ বছৰলৈ অনুদান ইতিমধ্যে আমাৰ হাতত আছে। ব্ৰেক্সিটৰ ফলত আহিব পৰা যিকোনো পৰিৱৰ্তন তাৰ পিছতহে কাৰ্য্যকৰী হ’ব।’

এইবাৰ এলেনৰ অনুৰোধত অন্য সংগঠনৰ বিষয়াসকলে এজন এজনকৈ বক্তব্য ৰাখিলে। প্ৰত্যেকেই চৰকাৰী আঁচনিখনৰ কথা যিমান ক’লে, সিমানেই পৰামৰ্শদাতাৰ বাবে নিজৰ দক্ষতাও প্ৰকাশ কৰিবলৈ তৎপৰ হোৱা যেন লাগিল তুলিকাৰ। তেতিয়াহে তাই উপলব্ধি কৰিলে, আজিৰ সভাতেই তেনে খেতিয়কসকলে নিজৰ বাবে উপযুক্ত পৰামৰ্শদাতাৰ বাচনি কৰিব। ঠিকেই, মাৰ্কে কৈছিল, চৰকাৰী পুঁজিৰ পৰাই খেতিয়কে এই পৰামৰ্শদাতাসকলক নিযুক্তি দিয়ে। কাম যথেষ্ট, কিন্তু সেই হিচাপত কমিছনো ভাল। তাৰমানে এই সভা কেৱল চৰকাৰী আঁচনিৰ ব্যাখ্যাই নহয়, পৰামৰ্শদাতাৰ নিৰ্বাচনী সভাও!

কথাটোৰ গুৰুত্ব উপলব্ধি কৰি তুলিকা ভীষণ অপ্ৰস্তুত হোৱাদি হ’ল। মাৰ্ক নথকাৰ বাবে বৰ অসহায় যেন ভাৱ হ’ল। ৰাজহুৱাকৈ কথা ক’বলৈ ল’লে এনেয়েও তাইৰ উশাহবোৰ চুটি হৈ আহে। বুকুৰ ঢিপ ঢিপ শব্দটো কাণ তাল মাৰি যোৱাকৈ ডাঙৰ হৈ পৰে। তাতে এতিয়া আকৌ মঞ্চলৈ উঠি গৈ এই কামত নিজৰ দক্ষতা জাহিৰ কৰাৰ কাৰবাৰ! তাইৰ নিজৰ মনলৈকে সেই আত্মবিশ্বাস অহা নাই, আনক কেনেকৈ বিশ্বাস কৰাব? ইতিমধ্যে তাইৰ কাষৰ পৰাই উঠি গৈ পলে গৰ্বেৰে ক’বলৈ আৰম্ভ কৰিছে আজি বাৰ বছৰে তেওঁ কিমান খেতিয়কক সহায় কৰিছে, কিমানবোৰ মেনেজমেণ্ট প্লেন লিখিছে। আইৰিছ খেতিৰ সকলো তথ্য তেওঁৰ নখ-দৰ্পনত! তেওঁৰ কথা শুনি শুনিয়ে তুলিকাই ঠিক কৰিলে, তাই সেইবোৰ একোকে নকয়গৈ। ক’ব নোৱাৰেও। কাৰণ সেইবোৰ হ’ব ভাও দিয়াৰ দৰে কথা- নিজৰ আগতো, খেতিয়কৰ আগতো। থেৰাপিষ্ট মিচেলৰ কথা মনত পেলালে তাই, ‘তুমি নিজক চুই চোৱা। আনে কি ভাৱে নাভাৱে বা তোমাৰ লগ দিব নে নিদিয়ে সেই সকলোবোৰ পাহৰি কেৱল নিজে নিজৰ কাষত থিয় দিবলৈ শিকা!’

এলেনে তাইৰ নাম ঘোষণা কৰাৰ লগে লগে তুলিকাই যিমান পাৰি অপ্ৰস্তুত ভাৱটো লুকুৱাই মঞ্চলৈ উঠি গ’ল। এলেনক ধন্যবাদ জনাই স্পীকাৰটো ল’লে। মঞ্চত থিয় দিয়াৰ লগে লগে তাইৰ চকুত পৰিল কোঠাটোৰ ত্ৰিছ-চল্লিছজনমান খেতিয়কৰ মুখ। তাৰে মাথোঁ কেইগৰাকীমানহে মহিলা। তাৰ মাজত কেইবাখনো চিনাকি মুখ দেখি তাই কিছু সকাহ পালে। লখ আৰ্ণৰ পাৰৰে খেতিয়ক যেতিয়া এওঁলোকৰ প্ৰায় সকলোকে আগতে ব্যক্তিগতভাৱে লগ নাপালেও তাইৰ কিজানি ফোনত কথা হৈছে। দীঘলকৈ এটা উশাহ টানি তাই সভাত উপস্থিত সকলোলৈ চাই পোনেই সুধিলে,

‘আপোনালোকৰ কিমানে কৰ্ণক্ৰেক চৰাইৰ ‘ক্ৰেক ক্ৰেক’ মাত শুনি পথাৰত কাম কৰা মনত আছে বাৰু?’

এগৰাকী সত্তৰোৰ্ধৰ ব্যক্তিয়ে হাত দাঙিলে। বাকী সকলো নীৰৱে ৰ’ল।

‘কাৰলিউ চৰাইৰ ‘কাৰলিউ কাৰলিউ’ মাত কিমানে শুনিছে?’ তুলিকাৰ পুনৰ প্ৰশ্ন।

কেইবাখনো হাত উঠিল এইবাৰ।

‘ধন্যবাদ! গতিকে আপোনালোকে নিজৰ জীৱনতে দেখিছে এই কৰ্ণক্ৰেক, কাৰলিউৰ দৰে চৰাইবোৰ কেনেকৈ কমি আহিছে। সেই একেটাই কথা খাটে ফাৰমানাত পোৱা দুষ্প্ৰাপ্য পখিলা আৰু মথৰ ক্ষেত্ৰত। আপোনালোকৰ পথাৰত প্ৰতিটো বসন্ততে ফুলা বনৰীয়া ফুল আৰু সেই ফুলৰ জহতে জীয়াই থকা মাখি-পোক-পতংগবোৰৰ ক্ষেত্ৰত!’

তুলিকা ক্ষন্তেক ৰ’ল। দেখিলে, কোঠাটোৰ শেষৰ শাৰীত ৰায়ানে খৰকৈ নোটবহীত লিখিছে৷ সভাঘৰ ইমানেই নিজম যে সেই খচ খচ শব্দ আহি তাইৰ কাণত পৰিছেহি।



‘মই ফাৰমানালৈ অহা মাথোঁ ছমাহ হৈছে। এই ছমাহতে ইয়াত প্ৰকৃতিৰ ৰূপ দেখি অভিভূত হৈ পৰিছোঁ। প্ৰতিদিনে আইৰিছ খেতি আৰু সমাজ-সংস্কৃতিৰ নতুন নতুন কথা শিকিছোঁ। কাৰলিউ দেখাৰ সৌভাগ্য হৈছে কিন্তু মই নিজেও কেতিয়াও কৰ্ণক্ৰেক চৰাই দেখা নাই। আপোনালোকৰ পৰাই শুনিছোঁ কেনেকৈ এটা সময়ত আইৰিছ পথাৰবোৰ এই চৰাইৰে ভৰি আছিল। সিহঁতৰ মাত হৈ পৰিছিল আইৰিছ খেতিৰ গানৰ এটা সুৰ। ভাৱকচোন, এনেকৈ গৈ থাকিলে এটা সময়ত আপোনাৰ নাতি-নাতিনীৰ বাবেই এই সুন্দৰ চৰাইবোৰ, প্ৰকৃতিৰ ৰূপ আৰু ৰংবোৰ এদিন সাধুকথাৰ দৰে হৈ পৰিব। পিছৰ প্ৰজন্মটোৰ কাৰণেই এই সকলোবোৰ সংৰক্ষণ কৰাটো আমাৰ কৰ্তব্য নহয়নে?’

সভাঘৰ এতিয়াও নিজম। তুলিকাৰ মাতলৈ ইতিমধ্যে স্বাভাৱিক সুৰটো ঘুৰি আহিছে। বুকুৰ কঁপনিটো কমি আহিছে। তাই কৈ গ’ল,

‘আপোনালোকৰ পথাৰবোৰ লখ আৰ্ণৰ পানীয়ে প্ৰায়ে বুৰাই ৰাখে। অতিপাত জেঁকা হোৱাৰ কাৰণে অন্য খেতিটো কৰিব নোৱাৰেই, গৰু-ভেড়াৰ কাৰণে ঘঁহ-বন কৰিবলৈকো টান। ফাৰমানাৰ বতৰ আৰু জেঁকা মাটিত আপোনালোকৰ কিমান কষ্ট হয় আমি বুজোঁ৷ গতিকে আমি ভাৱোঁ, চৰকাৰৰ এই সহায় আপোনালোকে লোৱা উচিত৷ আপোনাৰ পথাৰৰ কাঁটা তাৰৰ বেৰ, জপনা, গৰুৰ পানী খোৱা পাম্প পৰ্য্যন্ত চৰকাৰেই যোগান ধৰিব৷ আপোনালোকে মাথোঁ সেইবোৰ কৰোঁতে এই কাৰলিউ, গঙাচিলনীৰ দৰে চৰাইবোৰৰ কথাও ভৱাটো গুৰুত্বপূৰ্ণ । কাৰণে খেতি ভাল নোহোৱা এই জেঁকা পথাৰবোৰেই আয়াৰলেণ্ডৰ বহুখিনি দুস্প্ৰাপ্য চৰাইক বচাই ৰাখিছে। ফাৰমানাৰ প্ৰকৃতি সংৰক্ষণৰ কাৰণে সেইখিনি কৰিবলৈ আপোনালোক আগ্ৰহী নে?’

এইবাৰ একেলগে বহুকেইখন হাত উঠিল। চৰকাৰৰ আঁচনি আৰু মেনেজমেণ্ট প্লেনৰ বহুজনে বহু প্ৰশ্ন সুধিলে। এলেন উঠি গৈ তুলিকাৰ লগতে সেই প্ৰশ্নবোৰৰ উত্তৰ দিলেগৈ। জাউৰিয়ে জাউৰিয়ে পৰা হাত চাপৰিৰ মাজেৰে তুলিকা মঞ্চৰ পৰা নামি আহিল।

সিদিনা সভা ভংগ হোৱাৰ পিছত কেইবাগৰাকী খেতিয়কে আহি তাইৰ পৰা বনৰীয়া ফুলৰ কাৰ্ডবোৰ নিলেহি। ‘ৱেলকাম ট্যু ফাৰমানা!’ কেইবাখনো নতুন মুখে ক’লেহি।

একেবাৰে শেষত থিয় দিলেহি ৰায়ান!

‘হাই তুলিকা, হুৱাটছ্‌ দ্য ক্ৰেইক? কি খৱৰ?’

‘ভাল ভাল, তোমাৰ কেনে? তুমি ইয়ালৈ আহিবা বুলি জনা নাছিলো!’ তুলিকাই ক’লে।

‘কি কৰিবা! য’তেই বাতৰি ত’তেই সাংবাদিক। চৰকাৰী আঁচনিখনৰ বিষয়ে জানিবলৈকে আহিলোঁ। পিছে তুমি দিয়া কথাটো কেতিয়ালৈ ৰাখিবা?’ ৰায়ানে হাঁহি হাঁহি সুধিলে।

সি কোনটো কথা সোঁৱৰাব খুজিলে তাই বুজিলে। তথাপি এটা দুৰ্বল প্ৰতিবাদ কৰাদি কৰিলে তাই, ‘কিন্তু…. কিন্তু মইতো এতিয়াও একেবাৰেই নতুন!’

ৰায়ানে হোহোৱাই হাঁহি পেলালে। হাঁহিলে তাৰ চকুদুটা মুদ খাই পৰে। ওপৰৰ পাৰিৰ ৰ্বেঁকা দাঁত এটা ওলাই পৰে। বৰ ধুনীয়া দেখায়- সুখী মানুহ যেন দেখায় ৰায়ানক, তুলিকাই ভাৱিলে। হাঁহি হাঁহিয়ে সি ক’লে,

‘সেইটোৱেতো আকৰ্ষণীয়! এই অলপ আগতে নেদেখিলানে তোমাৰ কাৰ্ড ল’বলৈকে কিমানগৰাকী খেতিয়কে শাৰী পাতিলেহি। সুদুৰ ভাৰতৰ পৰা আহি তুমি কেনেকৈ ইয়াত কাম কৰিছাহি, আয়াৰলেণ্ডৰ প্ৰকৃতি সংৰক্ষণত লাগিছাহি সেয়া জানি মানুহে খুউব ভাল পাব। আৰু তুমি কোৱাৰ দৰেই সাক্ষাৎকাৰৰ সলনি যেনেকৈ বিচাৰা তেনেকৈয়ে কাম দেখুৱাব পাৰা। প্লিজ না নকৰিবা।’

উপায়ন্তৰ হৈ তুলিকাই মানি ল’লে, ‘ঠিক আছে। মোৰ লগত এদিন ওলাবা কাম চাবলৈ। যি জানিব খোজা তেতিয়াই সুধিব পাৰিবা।’

‘কেতিয়া?’

তুলিকাই বুজিলে, ৰায়ান সহজে এৰা বিধৰ মানুহ নহয়। তাই আকৌ পিছুৱাব পাৰে বুলি জানিয়ে সি দিন-বাৰ পৰ্য্যন্ত ঠিক কৰি পেলাব খুজিছে।

‘অহা সোমবাৰে। সেইদিনা মোৰ এটা জৰীপ আছে। তেতিয়া তোমাকো লগতে লৈ যাব পাৰিম।’

‘বঢ়িয়া। সোমবাৰেই লগ পাম তেন্তে। কেণ্ট ৱেইট!’

বিদায় দি ৰায়ান গুচি যোৱাৰ পিছতো বেছ কিছুপৰলৈ তুলিকাই সেইফাললৈকে চাই ৰ’ল।


No comments:

Post a Comment