Friday 3 November 2023

ফাৰমানা (দ্বাদশ খণ্ড)

তুলিকাৰ এপাৰ্টমেণ্টৰ সন্মুখতে ফিয়নাৰ বগা ট’য়টা ক’ৰ’লা গাড়ীখন ৰৈ আছিল। তাৰ সন্মুখৰ আসনত তাই বহি পৰাৰ লগে লগেই ফিয়নাই উচ্ছলতাৰে ক’লে, ‘আজি বেলম’ৰেল শ্ব’ত ভাল লাগিব, তুলিকা। তুমি আয়াৰলেণ্ডৰ প্ৰাণটো দেখা পাবা।’

তুলিকাই হাঁহিলে মাথোঁ। এই কৃষিভিত্তিক উৎসৱক লৈ যোৱা সপ্তাহৰ পৰাই নেচাৰৰ অফিচত নানা আয়োজন।

‘বেলম’ৰেল শ্ব’ আয়াৰলেণ্ডৰ আটাইতকৈ ডাঙৰ কৃষি উৎসৱ। আয়াৰলেণ্ডৰ খেতি আৰু খেতিয়কক যদি জানিব খোজা ইয়াতকৈ ভাল অনুষ্ঠান নাই।’ মাৰ্কে কৈছিল। গতিকে নেচাৰৰ প্ৰতিনিধি হিচাপেই আজি সিহঁত ওলাইছে। কাৰণ পৰিৱেশৰ বহনক্ষম ৰূপত খেতি কৰাৰ উপায় দেখুৱাবলৈ আৰু আইৰিছ খেতিয়কক নেচাৰৰ কামৰ বিষয়ে জনাবলৈ এয়াই ভাল সুযোগ।

‘অ’ৰমা টাউনৰ পৰা ডেৰেনক লৈ যাম দেই। ডেৰেন নিজেও খেতিয়ক। গতিকে আমাক খেতিয়কৰ প্ৰশ্ন আদি উত্তৰ দিয়াত সহায় কৰিব পাৰিব।’ এনিছকিলেনৰ ঘাইপথত গাড়ীখন এৰি দি ফিয়নাই ক’লে।

‘বঢ়িয়া!’ তুলিকাই কিছু সকাহ পালে। নহ’লে আইৰিছ খেতিৰ বাবে ৰখা মেচিন আদিৰ বিষয়ে একোৱে নাজানে বুলি তাই যেন ভিতৰি কিছু অস্বস্তিত ভুগি আছিল।

‘কাইলৈ মাৰ্ক, লিছা আৰু টমৰ পাল পৰিছে। নহ’লে একেৰাহে নোৱাৰি বুজিছা। মাৰ্কে পিছে আজিও এপাক মৰাৰ কথা- জীয়েক মিনলাক বেলম’ৰেল শ্ব’ দেখুৱাব হেনো। কাইলৈ নেচাৰৰ ডিউটি থাকিলে সময় নাপাব যে!’

তুলিকাই মূৰ দুপিয়ালে। ফিয়নাই আলষ্টাৰ ৰেডিঅ’ত বাজি উঠা গানটোৰ সৈতে সুৰ মিলাই গুণগুণালে। কেনেকৈ যে সকলো সময়তে ইমান ৰঙীয়াল হৈ থাকিব পাৰে এই ফিয়না, তুলিকাই ভাৱিলে। যেন তাইৰ খিলখিল হাঁহিত আজিলৈকে কোনো যন্ত্ৰণাৰ আঁচোৰ পৰা নাই, দুচকুৰ জিলিমিলিয়া ৰ’দজাকত বেদনাৰ কলীয়া ডাৱৰৰ কোনো অৱশিষ্ট নাই। তুলিকাৰ দৰে!

‘ৱিকেণ্ড কেনে গ’ল তোমাৰ?’ ৰেডিঅ’ত গান সলনি হৈছে। ফিয়নাৰ গুণগুণনি থমকি ৰৈছে।

‘ভালেই, মাৰ লগত কথা পাতিলোঁ। দেওবাৰে আবেলি অলপ দৌৰিলোঁ- সিমানেই। তোমাৰ?’ তুলিকাই ইচ্ছা কৰিয়েই প্ৰশ্নটো ফিয়নালৈ ঠেলি দিলে যেন। ইয়াৰ জনজীৱনত ৱিকেণ্ড মানে শনি আৰু দেওবাৰ যেন প্ৰতি সপ্তাহৰ বিশেষ দুটা দিন। সপ্তাহৰ শেষত জিৰণিৰ দিন। ভালপোৱাজনৰ লগত জীৱনটো উদযাপন কৰাৰ দিন। কি কৰিব তুলিকাই? কাৰ লগত কৰিব?

‘আমি এইটো ৱিকেণ্ড ডাবলিনত কটালোঁ। চ’নৰ কনচাৰ্ট এখন আছিল। সাংঘাতিক ভাল হৈছিল জানা।’ ফিয়নাই বৰ উৎসাহেৰে কৈ গ’ল চ’নৰ গানৰ কথা। গান শেষ হোৱাৰ লগে লগেই কিমানে যে ‘আৰু এটা’, ‘আৰু এটা লাগে’ বুলি চিঞৰিছিল!

‘তোমালোকৰ সকলো ঠিকে চলি আছে তেনে?’ তুলিকাই হাঁহি হাঁহি সুধিলে।

‘অঁ অঁ। আচলতে কি জানা, সেই কনচাৰ্টৰ পিছতে চ’নে মোক সুধিলে – তাৰ লগত একেলগে থাকিব বিচাৰোঁ নেকি?’

‘তুমি কি ক’লা?’

‘য়েছ্‌! মই সঁচাই তাৰ লগত থাকিব বিচাৰোঁ- একেলগে এটা জীৱন গঢ়িব বিচাৰোঁ।’ ফিয়নাৰ মুখখন যেন আগতকৈও উজ্বল হৈ উঠিল। তুলিকায়ো উৎসাহেৰে ক’লে,

‘বৰ ভাল খৱৰ ফিয়না। কংগ্ৰেছুলেশ্যনছ!’

এই দেশত যোৱা তিনিবছৰৰ প্ৰবাসী জীৱনে তাইক শিকাইছে ইয়াত ভালপোৱাৰ মাপকাঠী ভিন্ন, সম্পৰ্কৰ গতিৰ ৰূপো ভিন্ন। একেলগে একেখন ঘৰতে এটা জীৱন গঢ়াৰ এই সিদ্ধান্তৰ বাবে প্ৰায়ে পূৰ্বচৰ্ত হৈ নাথাকে পৰিয়ালৰ অনুমতি বা সমাজৰ স্বীকৃতি। সেয়া যে সেই এহাল মানুহৰ নিতান্তই ব্যক্তিগত সিদ্ধান্ত! তুলিকাৰ মনটো ঘপকৈ কেনিবা উৰা মাৰিব খুজিলে। বিদ্যুতৰ লগত তায়ো বিয়াৰ আগতে এনেকৈ থাকিবলৈ লোৱা হ’লে সিহঁতৰ সম্পৰ্কৰ স্বৰূপ বেলেগ হ’লহেঁতেনে নেকি বাৰু? বিয়াৰ পিছত সিহঁতক মেৰিয়াই ধৰা হাঁহাকাৰবোৰে আগতীয়াকৈ ধৰা দিলেহিহেঁতেন নেকি?

‘আমি ঘৰ বিচাৰি আছোঁ জানা। অহা মাহৰ পৰাই একেলগে ঘৰ এটা ল’ব খুজিছোঁ। ক’ৰবাত ভাড়াঘৰৰ খৱৰ পালে ক’বাচোন।’

‘কিয় তোমালোকৰ এপাৰ্টমেণ্ট দুটা নাই জানো?’ তুলিকাই অলপ আচৰিত হৈ সুধিলে।

‘নাই, আমি ভাৱিছোঁ মই তাৰ বা সি মোৰ এপাৰ্টমেণ্টত থাকিবলৈ লোৱাতকৈ দুয়ো মিলি পচন্দৰ নতুন ঘৰ এটা লওঁ। দুয়োৰে সেই জীৱনৰ আৰম্ভণি একেটা বিন্দুৰ পৰাই হওক। বুজিছা?’

বুজিলে তাই। কাৰণ তাই নিজেই তেনেকৈ বিদ্যুতৰ লণ্ডনৰ এপাৰ্টমেণ্টত সোমাইছিলহি। সময় লাগিছিল। তাইৰো, বিদ্যুতৰো। বিদ্যুতৰ ঘৰখন তাইৰো নিজৰ ঘৰ বুলিবলৈ- মইৰ পৰা আমি হ’বলৈ। সৰু সৰু কথাবোৰেই যেন দুয়োকে আমনি কৰিবলৈ লৈছিল। পুৱা শুই উঠিয়ে তাই এষাৰি বৰগীতেৰে লাহে-ধীৰে দিনটোৰ আৰম্ভণি কৰিবলৈ ভাল পায়। বিদ্যুতক আকৌ দিনটোৰ বাবে সাজু হ’বলৈ দৰকাৰ হৈছিল ফুল ভলিউমৰ ৰক মিউজিক। কোনোটো কোঠাতে সি আঁৰি থোৱা ফটো আঁতৰাই তুলিকাই ওলমাব পৰা নাছিল বন্ধাই লৈ যোৱা ৰংঘৰৰ গোলাপী আবেলিৰ ফটোখন। এবাৰতো তাৰ প্ৰিয় কফি মাগ এটা ধুওঁতে ঘপকৈ পৰি ভঙাত তুলিকাৰ থৰকাছুটি হেৰাইছিল। সি দেখা পালে কি হ’ব বুলি …

‘সৌৱা ডেৰেন ৰৈয়ে আছে।’ ফিয়নাৰ মাতে তুলিকাক উচপ খুৱাই দিলে যেন। নিজকে তাই সোঁৱৰালে এইবাৰ। এই কথাই কথাই অতীতলৈ হাঁকুটি মেলা স্বভাৱটো আঁতৰাব লাগিব। মিচেলে কৈছিল, ‘বৰ্তমানত জীয়াই থাকিবলৈ শিকা, তুলিকা। অতীত সলনি কৰিব নোৱাৰি। ভৱিষ্যতত কি হ’ব সেয়া জনাৰ উপায় নাই। তোমাৰ নিয়ন্ত্ৰণত কেৱল বৰ্তমানৰ মুহূৰ্তটো।’ দীঘলকৈ এটা উশাহ টানি তাই নিজকে বাস্তৱলৈ ঘুৰাই অনাৰ চেষ্টা কৰিলে যেন। অ’ৰমা টাউন পালেহিয়ে তাৰমানে!

‘হাই ফিয়না, হাই তুলিকা। হুৱাটছ্‌ দ্য ক্ৰেইক?’

প্ৰায়ে শুনিলেও সেই কথাষাৰে আজিও তুলিকাক আমোদ দিলে। ‘হুৱাটছ্‌ দ্য ক্ৰেইক’- আইৰিছ ঢঙত, কি খৱৰ? হাঁহি হাঁহি তাই উত্তৰ দিলে, ‘ভাল ভাল ডেৰেন! তোমাৰ কেনে?’

‘মোৰ ভালেই দিয়া। কালি মোৰ যিহে অৱস্থা হ’ল বুজিছা?’ গাড়ীৰ পিছৰ ছিটটোত খপজপকৈ বহি লৈ বেল্টডাল লগাই থাকি ডেৰেনে ক’লে।

‘কি হ’ল? কালিতো তুমি ডেভেনিছ দ্বীপত কাৰলিউ চাবলৈ কেম্প কৰি আছিলা?’ ফিয়নাই ক’লে। তাইৰ কথা শুনিহে তুলিকাৰ মনত পৰিল, ঠিকেই! ডেৰেন নেচাৰৰ কাৰলিউ অফিচাৰ। কাৰলিউ চৰাইৰ গুৰুত্ব আৰু ক্ৰমাৎ হ্ৰাস পাই অহা সংখ্যালৈ চায়ে ডেৰেনক কেৱল এই চৰাইটোৰ ওপৰতে মনোনিবেশ কৰিবলৈ দিয়া হৈছে।

‘আছিলোঁ। কিন্তু পুৱাৰ ছাৰ্ভে কৰি মটৰব’টখন লৈ উলটি আহোঁতে মোৰ পকেটৰ পৰা চাবিকোঁচা কেনেবাকৈ পানীত সৰি পৰিল! পানীত নামি বিচৰাৰ সাধ্য নহ’ল বুজিছা। লখ আৰ্ণে মোৰ ছাৱিকোঁচা ল’লে বুলিয়ে এৰি দিলোঁ। কালি ৰাতি অ’ৰমাত মোৰ বন্ধু এজনৰ ঘৰত থাকিব লগা হ’ল সেয়ে।’

ফিয়নাই হোহোৱাই হাঁহি উঠিল। ক’লে, ‘লখ আৰ্ণক আৰু কি কি দান দিবা ডেৰেন? যোৱাবছৰ তোমাৰ ফোনটো দিয়া নাছিলা জানো?’

তুলিকাৰ বেয়া লাগিল ডেৰেনলৈ। তাইৰ চকুত পৰিল ডেৰেনৰ দাড়িৰে ভোবোকাৰ মুখখনত অনিদ্ৰাৰ চিন। পিন্ধা কাপোৰসাঁজ সোঁতমোচ খোৱা। তাই নকৈ নোৱাৰিলে,

‘আজি কিয় ছুটি নল’লা ডেৰেন? টোপনিকে পূৰাই ল’ব পাৰিলাহেঁতেন!’

‘আস, ভাৱিছিলোঁ বুজিছা। কিন্তু, বেলম’ৰেল শ্ব’ এৰিবলৈ মন নগ’ল। মোৰ নিজৰ কাৰণেও আইৰিছ মইল গৰু এটা কিনাৰ কথা ভাৱি আছিলোঁ। সেয়ে ভাৱিলোঁ, আজি যেনেতেনে মিলাওঁ। কাইলৈৰ পৰা দুদিন ছুটি ল’ম। ছাবিও বনোৱাব লাগিব।’

গাড়ীৰ গতি লাহে লাহে কমিল। সেইখিনি বেলফাষ্ট মহানগৰীৰ উপকণ্ঠ অঞ্চল। দূৰৈৰ পৰাই সিহঁতে দেখিলে বেলম’ৰেল শ্ব’ৰ বিশাল প্ৰৱেশদ্বাৰ।

‘পাই গ’লোঁহি দেই!’ ফিয়নাই ক’লে। এমূৰত অস্থায়ীকৈ সাজি উলিওৱা পাৰ্কিং লটত গাড়ীখন ৰ’লগৈ। নেচাৰৰ বুকলেটৰ পৰা আৰম্ভ কৰি প্ৰদৰ্শনীৰ সকলো বয়-বস্তু নমাই তিনিও প্ৰৱেশদ্বাৰেদি সোমাই গ’ল।

চকুৰে মনালৈকে শাৰী শাৰী শুকুলা টম্বু। খেতিৰ বিভিন্ন সা-সামগ্ৰী, যন্ত্ৰ-পাতি আৰু জীৱ-জন্তুৰ যেন এক বিশাল মেলা। এইবাৰ প্ৰথম যেন তুলিকাই এই অজান্তি মুলুকত ইমান মানুহ দেখা পালে! জনসমুদ্ৰৰ মাজেৰে সিহঁতে নেচাৰৰ বাবে ৰখা টম্বুটোলৈ আগবাঢ়িল। শুকুলা টম্বুটোৰ সন্মুখতে বুকলেটবোৰ সজালে। লগতে ৰাখিলে শিশুহঁতৰ বাবে বিভিন্ন খেলাৰ সামগ্ৰী। টম্বুৰ কাষতে এখন অতিকায় ট্ৰেক্টৰ। ইতিমধ্যে তাৰ সন্মুখত মানুহৰ ভিৰ লাগিছেই। ফিয়নাই আগবাঢ়ি গৈ মানুহবোৰক মাত লগালেগৈ।

সেই যে আৰম্ভ হ’ল, দিনটোলৈ মানুহৰ সোঁত তেনেকৈয়ে বৈ থাকিল। কত মানুহ- কত প্ৰশ্ন! ফিয়নাই শিশুবোৰক লৈ বিভিন্ন খেল খেলালে৷ প্ৰকৃতিৰ খেলা।

‘কোৱাচোন এই পুতলা চৰাইটোৰ নাম কি?’ ফিয়নাই পুতলা ৰবিন চৰাইটোৰ কোমল পেটত হেঁচুকি দিয়াৰ লগে লগেই চৰাইটোৱে গান গাই উঠিল। সিহঁতৰ মুখবোৰ লগে লগেই উজ্বলি উঠিল। কোনো কোনোৱে আকৌ পাজলৰ টুকুৰাবোৰ সজাই সজাই এজনী ৰঙা চিলনী সজাৰ চেষ্টা কৰিলে। একাষে থিয় দি থকা দুটি দহ-বাৰ বছৰীয়া শিশুক তুলিকাই দুখন ছৱি থকা চাৰ্ট উপহাৰ দি ক’লে,

‘এইটো খেলৰ নাম বাগ হাণ্ট- এই নাম আৰু ছৱি চাই চাই তোমালোকে চাৰ্টত থকা পোককেইটা বিচাৰি উলিয়াব পাৰিবানে?’

‘ক’ত পাম এই পোকবোৰ?’ সিহঁতৰ এজনে কিছু সন্দেহ, কিছু উত্তেজনাৰে সুধিলে। এইটোৱে জানো হাবিয়ে-বননিয়ে পোক-পৰুৱা চাই ফুৰাৰ বয়স নহয়, তুলিকাই ভাৱিলে! এই বয়সতে গাঁৱৰ সমনীয়াৰ লগত সোণ পৰুৱা বিচাৰি বনে-জংঘলে তাই টলৌ টলৌকে ঘুৰি ফুৰিছিল, বাঁৰীৰ বনেৰে পুতলাঘৰত শাক-ভাত ৰান্ধিছিল, আকাশৰ বগলীজাকলৈ চাই ‘বগলী এ বগা ফোঁট দি যা, দি যা’ বুলি মাতিছিল। এই বিদেশী শিশুহঁতে সেইবোৰ খেল খেলেনে? সিহঁতৰ শৈশৱবোৰো প্ৰকৃতিৰ কোলাত পাৰ কৰেনে?

‘তোমালোকৰ ঘৰৰ চোতালত, স্কুলৰ আশে-পাশে নাইবা খেতি-পথাৰত পাবা। যি প্ৰথমে চাৰ্টৰ গোটেইবোৰ পোক বিচাৰি পাব, সিয়ে জিকিব!’

এইবাৰ দ্বিতীয়টো শিশুৱে উৎসাহেৰে মাত দিলে, ‘আৰু দুখন চাৰ্ট ল’ব পাৰোঁনে? আমাৰ দলত মুঠতে চাৰিজন বন্ধু আছে!’

তুলিকাৰ ভাল লাগি যায়। উৎসাহেৰে সিহঁতক আৰু দুখন চাৰ্ট দি তাই সকলো বুজাই দিলে। এনেতে এজন খেতিয়কে আহি তুলিকাক সুধিলেহি,

‘এই ট্ৰেক্টৰখন হেনো একেবাৰে জেকা মাটিতো নামি যাব পাৰে। কথাটো সঁচানে?’

‘হয়!’

‘কেনেকৈ কাম কৰে বুজাই কোৱাচোন।’

এইবাৰ তাই ইফালে সিফালে চাই ডেৰেনক বিচাৰিলে। ডেৰেনে অন্য এজন খেতিয়কৰ লগত কথা পাতি থকাৰ পৰাই ভাগ্যক্ৰমে দেখা পালে। তাইৰ চকুৰ ইংগিততে যেন তেওঁ বুজি পালে। আগবাঢ়ি আহি মাত লগালেহি,

‘এইখন ট্ৰেক্টৰ সাধাৰণতে মইহে চলাওঁ। যি জানিব খোজে মোকে সুধিব পাৰে।’

মানুহজনে বৰ সন্তুষ্টিৰে ডেৰেনৰ সৈতে ঘুৰি-পকি সেইখন চালে। এটা সময়ত তুলিকাৰ পৰা ‘এনভাইৰনমেণ্টেল ফাৰ্মিং স্কীম’ৰ বুকলেটখন লৈ জনসমুদ্ৰত মিলি পৰিল। তেওঁ যোৱাৰ পিছতে ডেৰেনে আহি তুলিকাক হাতৰ মুঠিৰে এটা ফিষ্ট বাম্প দি ক’লে,

‘উই গট দিছ্‌! আমি পাৰিম তুলিকা। কোনোবাই ট্ৰেক্টৰখন বা খেতিৰ যন্ত্ৰ-পাতিৰ কথা জানিব খুজিলে মোক আকৌ মাতি দিবাহি।’

তুলিকাৰ অসহজ ভাৱটো নোহোৱা হৈ আহে। আত্মবিশ্বাসৰ বাবে কৰি থকা অহৰহ যুঁজখন কিছুপৰলৈ যেন থাম কাটে। তাই জানে, এই আইৰিছ খেতিয়কসকলে পূৰ্বপুৰুষৰ দিন ধৰি ইয়াৰ জেকা মাটিত খেতি কৰি আহিছে। খেতিৰ বিষয়ে তেওঁলোকৰ দৰে জ্ঞান তাইৰ কেতিয়াও নহয়গৈ। তাইৰ মাথোঁ কৰ্তব্য হ’ল প্ৰকৃতিৰ লগত খেতিৰ সম্পৰ্কটো পুনৰ এবাৰ সোঁৱৰাই দিয়া। পৰিৱৰ্তনৰ লগত খাপ খুৱাই কেনেকৈ সেই সম্পৰ্ক এতিয়াও অটুট ৰাখিব পাৰি তাকে দেখুৱাই যোৱা।

কথাবোৰ ভাৱি ভাৱি তাই টেবুলৰ বয়-বস্তুবোৰ চিজিল কৰি থাকোঁতেই শুনিলে, ‘তুলিকা, তোমাৰ লগত মোৰ এটা কথা আছে!’ এটা চিনাকি কিন্তু ৰুক্ষ মাত। মূৰ তুলি দেখে তাইৰ সন্মুখত থিয় দিছেহি জন মেকভিটি। সেই একেই থুলন্তৰ দেহ, তপা মূৰ, গাতত সোমোৱা চকুহালেৰে থৰঙা মানুহজন! আজিও কোনো সৌজন্যমূলক ‘হাই, হেল্ল’’ নাই। পোনেই তেওঁ কিবা এটা আপত্তি লৈ আহিছে। পিছে আজি তেওঁৰ লগত এগৰাকী কিশোৰী। জনৰ খং আৰু আচৰণে যেন তাইক কিছু বিবুদ্ধিত পেলাই দিছে!

‘হাই জন! কি খৱৰ? এয়া কোন?’ তেওঁৰ খং একপ্ৰকাৰ আওকাণ কৰাদি কৰিয়ে তুলিকাই মাত লগালে।

‘হাই, মই মেগান। জনৰ ছোৱালী।’কিশোৰীজনীয়ে দুখোজ আগবাঢ়ি আহি সঁহাৰি দিলে। তাইৰ পিন্ধনত এটা ক’লা টেংকটপ, মুগা ট্ৰাউজাৰ আৰু ক’লা বুট জোতা৷ শুকুলা চুলিটাৰি পনিটেইল কৰি থৈছে৷ মুগাবৰণীয়া চকু দুটা আৰু ফ্ৰেক’লেৰে ভৰা শেঁতা মুখ। বয়স পোন্ধৰ-ষোল্লৰ ভিতৰতে হ’ব বুলি তুলিকাই ধৰি ল’লে। তাই মেগানলৈ হাতখন আগবঢ়াই দিলে কৰমৰ্দনৰ বাবে৷ তাই যেন অলপ কোঁচ খাই গ’ল৷ তুলিকাৰ হাতখন মাথোঁ নিয়মমাফিক স্পৰ্শ কৰি তাই কৈফিয়ৎ দিয়াৰ দৰে ক’লে,

‘আজি গৰুৰ প্ৰদৰ্শনী আছিল। তাত আমাৰ গৰুজনীক দেও দি ফিনবাৰৰ গৰুৱে শ্ৰেষ্ঠ গৰুৰ বঁটা পালে। দেউতাৰ মতে ফিনবাৰৰ গৰুজনী কোনোপধ্যে শ্ৰেষ্ঠ নহয়। সেইটোতে দুয়োজনৰ ভালকৈয়ে খকা-খুন্দা লাগিল। কাজিয়াৰ মাজতে ফিনবাৰে দেউতাক শুনাই দিলে যে, নেচাৰৰ পৰা শ্ৰেষ্ঠ খেতিয়কৰ বঁটাও তেৱেঁ পাইছে। সেইটোতে দেউতাৰ খং!’

তাইৰ কথা শেষ নহ’লেই জনে জাঙুৰ খাই উঠি ক’লে,

‘কিয় খং নুঠিব? শ্ৰেষ্ঠ খেতিয়কৰ বঁটা পাবলৈ কি কৰিছে ফিনবাৰে? ফিনবাৰতকৈ মোৰ মাটি বেছি, গৰু বেছি। মোৰ পথাৰলৈ চৰায়ো বেছিকৈ আহে। হয়নে নহয় কোৱা তুলিকা? তুমিতো তাত জৰীপ কৰিছা?’

তুলিকা অলপ হতভম্ব হ’ল। জনৰ শিশুসুলভ ঈৰ্ষা দেখি তাইৰ পেটে পেটে অলপ হাঁহিও উঠিল। সকলো কথাতে কিয় ইমান খং মানুহজনৰ? কিন্তু এনেকৈ ৰাজহুৱা ঠাইত জনৰ খঙৰ মাত্ৰা নবঢ়াবলৈকে তাই ক’লে,

‘ঠিকেই কৈছা জন। এইবাৰ তোমাৰ পথাৰলৈ বহুত চৰাই আহিছে। তোমাৰ খেতিও ভাল হৈছে। কোনে জানে, এনেকৈ গৈ থাকিলে অহাবছৰ কিজানি তুমিয়ে সেই বঁটা পাবা।’



এইবাৰ যেন আপত্তি দৰ্শোৱাৰ একো বাট নাপায়ে জনে ক’লে, ‘অঁ অঁ, এতিয়া মেগানেও এইবোৰ কাম শিকিবলৈ আৰম্ভ কৰিছে বুজিছা।’

‘বঢ়িয়া! চোৱা এইবছৰ এই ট্ৰেক্টৰখনো তোমাৰ খেতিত কামত লগাব পাৰিবা।’ তুলিকাই সিহঁতৰ টম্বুৰ কাষতে ৰখা বন্যজীৱৰ উপকাৰী ট্ৰেক্টৰখনলৈ আঙুলীয়াই দেখুৱালে। জনে যেন অতপৰে খঙৰ ভমকত সেইখন দেখাই নাছিল! দেখা পায়ে কান্দি থকা শিশু এটিক ৰং-বিৰঙী পুতলা এটা দেখুৱালে যেনে কৰে তেনে আগ্ৰহেৰে তেওঁ সকলো পাহৰি ট্ৰেক্টৰখনৰ ওচৰ চাপি গ’ল।

‘ডেৰেন!’ কিছুদূৰৈত থিয় দি থকা ডেৰেনে তুলিকাই মাত শুনিলে কিন্তু চকুৰে ইংগিত দিলে তেওঁক নামাতিবলৈ। তুলিকাৰ হাঁহি উঠি গ’ল। তাই বুজিলে নেচাৰৰ কোনেও জন মেকভিটিৰ ৰোষৰ বলি হ’ব নোখোজে। আকৌ মাতিলে তাই, ‘ডেৰেন, এইফালে আহাচোন!’

‘ডেৰেন, জনক ট্ৰেক্টৰখন ভালকৈ দেখুওৱাচোন।’ ডেৰেনে যেন উপায়ন্তৰ হৈহে জনক আগবঢ়াই নিলেহি।

এই সুযোগতে তুলিকাই মেগানক এখন বুকলেট দি ক’লে,
‘মেগান, এই বুকলেটত পৰিৱেশৰ বহনক্ষম খেতি কেনেকৈ কৰিব পাৰি আৰু তাৰবাবে চৰকাৰী সাহাৰ্য্য কেনেকৈ পাব পাৰি সকলো কথা লিখা আছে। পঢ়ি চাবাচোন!’

মেগানে হাত পাতি ল’লে। তাৰপিছত সোধো নুসোধো কৈ সুধিলে, ‘দেউতাৰ সলনি মই নিজেই আবেদন কৰিব পাৰিমনে?’

‘তুমিও পাৰিবা। দেউতায়ো পাৰিব। আইৰিছ চৰকাৰৰ এটা স্কীম আছে৷ তোমাৰ দৰেই উঠি অহা ল’ৰা ছোৱালীবোৰৰ বাবে৷ য়ং ফাৰ্মাৰ পেমেন্ট স্কীম৷ তুমি সোমাব খোজা যদি মোক ক’বা। মই গোটেইবোৰ ভালকৈ বুজাই দিম৷’

কৈ তুলিকাই তাইলৈ কাৰ্ডখনো আগবঢ়াই দিলে। সেইখন লৈ মেগানে লিৰিকি-বিদাৰি চালে। লাহেকৈ নামটো উচ্চাৰিলে, ‘তুলিকা!’ তাৰপিছত ক’লে, ‘বনৰীয়া ফুলৰ কাৰ্ড! ইমান ধুনীয়া!’

তাইৰ কথাষাৰ শুনি চাৎ কৰে তুলিকাৰ মনত ৰায়ানৰ মুখখন ভাঁহি উঠিল। প্ৰথম লগ পোৱাৰ দিনা সিওযে এনেকৈয়ে চকু-মুখ উজ্বলাই তাইৰ কাৰ্ডখন লৈছিল! এই শ্ব’লৈ ৰিপৰ্টিঙৰ বাবে সিও আহিছে নেকি বাৰু?

‘থেংক ইউ!’ মেগানত মাতে তুলিকাক বাস্তৱলৈ ঘুৰাই আনিলে। ‘তোমালৈ ফোন কৰিম তুলিকা।’

ইতিমধ্যে সন্তুষ্টিভৰা মুখ এখন লৈ জন ঘুৰি আহিছে। দুয়োকে বিদায় দিয়াৰ পিছতে ডেৰেনে আহি তুলিকাক জোকোৱাৰ সুৰত ক’লে,

‘ভাল ফঁচালা দেই তুলিকা। এইজন মানুহৰ পৰা মই সাতগঁজ আঁতৰত থাকোঁ সদায়!’

তুলিকাই হাঁহি হাঁহি ক’লে, ‘অঁ মাৰ্কে কৈছিল, নেচাৰৰ সকলোৱে বৰ ভয় কৰে হেনো এওঁক।’

‘মাৰ্কৰ কথা কওঁতেই সেয়া ওলাইছেহি চোৱা!’ ডেৰেনৰ দৃষ্টি অনুসৰণ কৰি তুলিকাই দেখিলে, হয়, সৌৱা মাৰ্ক আগবাঢ়ি আহিছে। সপৰিয়ালে।

‘হুৱাটছ্‌ দ্য ক্ৰেইক?’ নেচাৰৰ টম্বুৰ সন্মুখত থিয় দি তেওঁ সকলোকে মাত লগালে। ‘তুলিকা, তুমি লগ পোৱা নাই নহয়- এয়া আন্যা, মোৰ পত্নী আৰু এয়া মিনলা। আন্যা, মিনলা- তোমালোকক কৈছিলোঁ যে আমাৰ নতুন টিম মেম্বাৰ- এয়াই সেই তুলিকা।’

এয়াই সেই আন্যা! সেই মিনলা! তুলিকাই এমোকোৰা হাঁহিৰে দুয়োকে মাত লগালে। যোৱাবাৰ আৰ্ণ নৈৰ সিপাৰৰ পৰা দেখা পোৱা আন্যাৰ লাৱনী মুখখন যেন আগতকৈও উজ্বল হৈ ধৰা দিলে। ক’লা বুটকাট জিনছৰ ওপৰত বগাত ক’লা ফুল থকা এটা টপ, তাৰ ওপৰত এটা মুগা পাতলীয়া জেকেট। তাৰ সৈতে যেন মিলি পৰিছে তেওঁৰ ঢৌ খেলোৱা মুগা চুলিখিনি আৰু মুগা চকুৰ মণি। মিনলা যেন মাক-দেউতাকৰ মিলনৰ প্ৰতীক। দেউতাকৰ দৰেই ওখ-পাখ,ৰ্কেঁকুৰা চুলি, মাকৰ দৰে লাহী দেহ আৰু মুগা চকুৰ মণি।

‘তোমাৰ কথা মাৰ্কৰ মুখত কেইবাবাৰো শুনিছোঁ। কেনে লাগিছে ফাৰমানা?’ আন্যাই সুধিলে।

‘ভাল! এতিয়াও বিশ্বাস নহয় ইয়ালৈ অহা ছমাহ হৈ গ’ল বুলি! প্ৰতিদিনেইচোন ফাৰমানাত কিবা এটা নতুন কথা দেখোঁ, নতুন কথা শিকোঁ!’ তুলিকাই ক’লে।

‘প্ৰথম ইয়ালৈ আহি মোৰো তেনেকুৱাই লাগিছিল বুজিছা। জাৰ্মানীৰ মিউনিখ আৰু আয়াৰলেণ্ডৰ ফাৰমানাৰ আকাশ-পাতাল পাৰ্থক্য! তাতে ট্ৰাবলছৰ ঠিক পিছৰ সময় আছিল সেয়া। সময়ত কথাবোৰ সহজ হৈ আহিব।’

‘তুমি জাৰ্মানীৰ পৰা আহিছিলা নেকি?’

‘অঁ, মাৰ্ক আৰু মই মিউনিখত একেলগে পঢ়োঁতেই চিনাকি হোৱা। তাৰপিছত মাৰ্ক ইংলেণ্ডলৈ ঘুৰি আহিল। দুদিনমান পিছতে চাকৰি পাই ইংলেণ্ড এৰি ফাৰমানালৈ আহিল। এবছৰ পিছতে ময়ো মাৰ্কৰ পিছে পিছেই ওলালোঁহি বুলি ক’ব পাৰা।’ কৈয়ে আন্যাই খুকখুকাই হাঁহিলে।

‘বাৰ বছৰৰ আগৰ কাহিনী উলিয়াইছা নেকি!’ আন্যাৰ হাঁহি দেখি ওচৰ চাপি আহি মাৰ্কে ক’লে। আন্যাই তেওঁৰ এখন হাতত আদৰেৰে খামুচি ধৰি ক’লে, ‘অঁ, তুলিকাক কৈছোঁ কেনেকৈ বাৰ বছৰ ধৰি ফাৰমানাই তোমাক আৰু তুমি মোক একেডাল ডোলেৰে বান্ধি ৰাখিছা!’

‘ফাৰমানাৰ মায়াই এনে!’ মাৰ্কে স্বগতোক্তি কৰাৰ দৰে কৰিলে। কাষতে থিয় দি থকা মিনলাই মুখখন বেঁকা কৰি ধেমেলীয়া সুৰেৰে ক’লে,

‘মই কিন্তু এতিয়াই কৈ দিছোঁ, ওঠৰ বছৰ হ’লেই মই নিউয়ৰ্কলৈ যামগৈ।’

মাৰ্ক আৰু আন্যা দুয়ো হাঁহি উঠিল। মাৰ্কে ক’লে,

‘ঠিকেই, আমাৰ ছোৱালীজনীৰ আকৌ মহানগৰীৰ জীৱনৰ প্ৰতি মোহ। তাই নিউয়ৰ্কত থাকিব খোজে।’

‘আজি পিছে সেইজনী ছোৱালীয়েই বেলম’ৰেল শ্ব’ৰ এনিমেল ফাৰ্ম চাবলৈ ঢপলিয়াই আহিছে।’ আন্যাই মমতাভৰা দৃষ্টিৰে মিনলালৈ চাই চাই ক’লে। তেতিয়ালৈ মিনলাই ফিয়নাৰ সৈতে মিলি গান গোৱা চৰাইৰ খেলটো খেলিবলৈ আৰম্ভ কৰিছে। প্ৰতিটো চৰাইৰ মাত শুনিয়ে তাই তপৰাই কৈ গৈছে চৰাইবোৰৰ নাম।

সিদিনা শ্ব’ সামৰি ঘৰলৈ উভতাৰ বাটতো তুলিকাই মাৰ্ক আৰু আন্যাৰ কথাকে ভাৱি থাকিল। ইমান সহজাত নিবিড়তা, ইমান উমাল ভালপোৱা! কেনেকৈ কি হৈ যাব পাৰে তাৰ মাজত! তেন্তে তাই শুনা কথাবোৰ সঁচা নহয়! সকলো ঠিকে আছে। সকলো ঠিকে থাকিব।

পিছদিনা অফিচ পায়ে তাই ৰায়ানৰ এমাহ পুৰণি ইমেইলটোৰ উত্তৰ লিখিলে, ‘তুমি বিচৰাৰ দৰে ফাৰমানাত মোৰ কামৰ বিষয়ে জনাম। কিন্তু সাক্ষাৎকাৰ হিচাপে নহয়, মোৰ নিজা ধৰণেৰে।’

ফাৰমানা (প্ৰথম খণ্ড)

ফাৰমানা (দ্বিতীয় খণ্ড)

ফাৰমানা (তৃতীয় খণ্ড)

ফাৰমানা (চতুৰ্থ খণ্ড)

ফাৰমানা (পঞ্চম খণ্ড)

ফাৰমানা (ষষ্ঠ খণ্ড)

ফাৰমানা (সপ্তম খণ্ড)

ফাৰমানা (অষ্টম খণ্ড)

ফাৰমানা (নৱম খণ্ড)


No comments:

Post a Comment